ট্ৰাম্পে ক'ৰোনা ভাইৰাছক চাইনীজ ভাইৰাছ বুলি কোৱাক লৈ চীনৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰীক ফোন কৰি জনাই যে কিছুমান ঠেক মনোবৃত্তিৰ মানুহে ক'ৰোনা ভাইৰাছক চাইনীজ ভাইৰাছ বুলি কৈ আছে, ভাৰতে যেন সেয়া নকৰে, তাৰ পৰিবৰ্তে WHOয়ে নিৰ্ধাৰণ কৰা নামটো ব্যৱহাৰ কৰিবলৈ তেওঁ অনুৰোধ কৰে৷ তেওঁ কৈছিল ইয়াৰ পৰা চাইনীজ মানুহৰ বিপক্ষে ৰেচিজিম বৃদ্ধি পাব৷
কিন্তু ৰেচিজিম চাইনীজ মানুহৰ বিপক্ষেই নহয়, যিকোনো মোংগলীয় মানুহৰ বিপক্ষেই বৃদ্ধি পোৱা দেখা গৈছে, ভাৰততো তেনেকুৱা কেবাটাও ঘটনা ঘটিছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ক্ষেত্ৰত৷ অলপতে দিল্লীত পুলিচে এজন ব্যক্তিক এৰেষ্ট কৰিছে মণিপুৰি ছোৱালী এজনীৰ গাত পিকোৱাৰ বাবে৷ মানুহজনে তাইক ক'ৰোনা বুলি গালি পাৰি গৈছিল৷