Jun 5, 2020

ৰুম নম্বৰ দুই - ডিটেক্টিভ গল্প (ব্যোমকেশ বক্সী চিৰিজ)

ৰাজীৱ ফুকন
Room no two Assamese detective short story
মূল: শৰদিন্দু বন্দ্যোপাধ্যায়
অনুবাদ: ৰাজীৱ ফুকন

《এক》

নিৰুপমা হোটেলৰ মেনেজাৰ হৰিশ্চন্দ্ৰই সাৰ পায়ে ঘড়ী চালে- চাৰে ছটা৷ তেওঁ হুৰমূৰকৈ উঠি বহিল৷ ইছ, আজি বহুত দেৰি হৈ গৈছে৷ তেওঁ চিঞৰিলে, "গুণধৰ৷"

ইউনিফৰ্ম পিন্ধা মূল ভৃত্য গুণধৰ আহি হাজিৰ হ'ল৷ ক্ষীণ মিন অত্যন্ত কৰ্মকুশল ফিট ফাট লোক, হোটেলৰ প্ৰত্যেকটো খুটি নাটিৰ ওপৰত নজৰ ৰাখে৷ হৰিশ্চন্দ্ৰই তাক সুধিলে, "বেদ-টি দিয়া হৈছে?"

গুণধৰে ক'লে, "হয়, তৃতীয় মহলাৰ চবকে দিয়া হৈছে৷ কেৱল দ্বিতীয় মহলাৰ দুই নম্বৰ ৰুমৰ দুৱাৰত টুকুৰিয়াই একো সঁহাৰি পোৱা নাই৷"
হৰিশ্চন্দ্ৰই ক'লে, "দ্বিতীয় মহলাৰ দুই নম্বৰ-- ৰাজকুমাৰবাবু! পোন্ধৰ মিনিট পিছত পুনৰ মাতিবি৷ বজাৰলৈ কোন গৈছে৷"

"জেনেৰেলক লৈ চৰকাৰ ডাঙৰীয়া গৈছে৷"

"ঠিক আছে৷ মোৰ চাহ লৈ আহ৷" হৰিশ্চন্দ্ৰই উঠি সংলগ্ন বাথৰুমত সোমাল৷

ৰাসবিহাৰী এভেন্যু আৰু গৰীয়াহাটৰ চুকৰ পৰা অনতি দূৰত নিৰুপমা হোটেল৷ দেশী হোটেল যদিও ভাৱভংগী অলপ বিলাতী ধৰণৰ৷  কৰ্মচাৰীবোৰে খানচামাৰ দৰে একে ৰঙৰ উৰ্দি পিন্ধে, সদৰ দৰজাৰ সন্মুখত ৰাতিপুৱা আবেলি জেনেৰেলৰ দৰে সাজ-পাৰ পিন্ধা দাৰোৱান ৰৈ থাকে আৰু যোগ্য ব্যক্তিক চালাম কৰে৷ তিনিমহলীয়া ঘৰটোৰ প্ৰত্যেক মহলাতে আঠোটাকৈ কোঠা৷ তলৰ মহলাত মেনেজাৰৰ দুটা ৰুম, শয্যাগৃহ আৰু অফিচ; টেবুল চেয়াৰেৰে সজোৱা ডাইনিং ৰুম, ৰান্ধনী ঘৰ, বাবুৰ্চিখানা, কৰ্মচাৰীৰ কোঠা, ষ্ট'ৰ-ৰুম ইত্যাদি৷ হোটেলত দেশী আৰু বিদেশী দুই ধৰণৰ খাদ্যই পোৱা যায়, যাৰ যিমান ইচ্ছা খাব পাৰে৷ হোটেলত থকাৰ মাচুল বিলাতী হোটেলতকৈ কম, কিন্তু সাধাৰণ দেশী হোটেলতকৈ বেছি৷ সৰু হোটেল, সেয়ে অধিকাংশ সময় পূৰ্ণ হৈ থাকে, উচ্চ মধ্যবিত্ত শ্ৰেণীৰ অতিথি সকল ইয়ালৈ আহে৷

আধাঘন্টা পিছত হৰিশ্চন্দ্ৰই বিলাতী পোছাক পিন্ধি বাথৰুমৰ পৰা ওলাল৷ শকত-আৱত মানুহ, সেয়ে চ্যুট-টাই পিন্ধিলে শুৱাই; বয়স আন্দাজ পঞ্চল্লিশ, চকুৰ দৃষ্টিত অভিজ্ঞতা আৰু সংসাৰবুদ্ধি পৰিস্ফুত৷

টেবুলৰ ওপৰত চাহ আৰু নাস্তা সজাই গুণধৰ ৰৈ আছিল, হৰিশ্চন্দ্ৰ খাবলৈ বহিল৷ চা, টোষ্ট, মাখন আৰু দুটি আধা সিজোৱা কণী৷ আহাৰৰ সময়ত হৰিশ্চন্দ্ৰই কথা নকয়, পাঁচ মিনিটৰ ভিতৰত নাস্তা শেষ কৰি মুখ মচি মচি ক'লে, "ৰাজকুমাৰবাবুৰ আকৌ খবৰ লৈছিলি?"

গুণধৰে ক'লে, "লৈছিলো, এইবাৰো একা উত্তৰ নাপালো৷"

হৰিশ্চন্দ্ৰৰ চেলাউৰি কোঁচ খালে৷ তাৰ পিছত উঠি অফিচ কোঠালৈ গ'ল, দ্ৰয়াৰৰ পৰা চাবিৰ গোচাটো লৈ জেপত ভৰালে, "ব'ল, চাওঁ৷"

ফাগুন মাহ হ'লেও সাতটা বজাতে ৰ'দ ওলাইছে; কলকতাৰ ৰান্ধনী ঘৰ, ডাইনিং ৰুমত চাকৰ বাকৰৰ কৰ্মতৎপৰতা৷ আঠটা বজাত অতিথিসকলক ব্ৰেকফাষ্ট দিব লাগিব৷

চিৰিৰে উঠি যাওঁতে হৰিশ্চন্দ্ৰই পিচে পিচে আহি থকা গুণধৰক সুধিলে, "কালি ৰাতি ৰাজকুমাৰবাবু ৰুমত আছিল নহয়?"

গুণধৰে ক'লে, "হয়, আছিল৷ ৰাতি আঠটা পঞ্চল্লিশত মই নিজে তেওঁক ডিনাৰ দি গৈছো৷"

"ৰাতি মেইন দৰজা কেতিয়া বন্ধ কৰিছিলি?"

"আপুনি উভতিলে এঘাৰটা বজাত, তাৰপিচত মই মেইন দৰজা বন্ধ কৰিছো৷"

দ্বিতীয় মহলাত একে শাৰীতে আঠটা কোঠা৷ সন্মুখত দীঘল বাৰান্দা৷ চিৰিৰ মুখৰ পৰাই কোঠাৰ নম্বৰ আৰম্ভ হৈছে৷ সকলো দৰজা জোপোৱা৷ হৰিশ্চন্দ্ৰই দুই নম্বৰ কোঠাৰ সন্মুখত ৰৈ অলপ জোৰকৈ টুকুৰিয়ালে৷

কোনেও সঁহাৰি নিদিলে৷ হৰিশ্চন্দ্ৰই তেতিয়া মাতিলে, "ৰাজকুমাৰবাবু!"

এইবাৰো উত্তৰ নাহিল৷ হৰিশ্চন্দ্ৰই আৰু ডাঙৰকৈ মাতিলে,"ৰাজকুমাৰবাবু!" তেতিয়াও উত্তৰ নাই৷ হৰিশ্চন্দ্ৰই তেতিয়া দুৱাৰৰ হেণ্ডেল ঘুৰালে, কিন্তু হেণ্ডেল নুঘুৰিল৷ দুৱাৰত ইয়েল লক লগোৱা আছে, চাবি নোসোমালে বাহিৰৰ পৰা দুৱাৰ নুখুলিব৷

হৰিশ্চন্দ্ৰই পকেটৰ পৰা চাবিৰ গোচা বাহিৰ কৰিলে৷ সেই সময়ত দুই নম্বৰ কোঠাটোৰ দুয়ো ফালৰ পৰা দুৱাৰ খুলি দুটা মুৰ উকি মাৰিলে৷ এক নম্বৰৰ পৰা যিয়ে ভূমুকি মাৰিলে তেও এগৰাকী বয়সীয়া মহিলা৷ সুধিলে, "কি হৈছে?"  তিনি নম্বৰ কোঠাৰ পৰা মূৰ উলিয়াইছিল এজন মধ্যবয়স্ক পুৰুষে, ক'লে," মেনেজাৰবাবু মোৰ জ্বৰ উঠিছে, শীঘ্ৰে এজন ডাক্তৰ পঠাওক৷"
মহিলা গৰাকীয়ে ওলাই আহি ক'লে, "মই ডাক্তৰ৷" তেওঁ হৰিশ্চন্দ্ৰৰ কাষেৰে তিনি নম্বৰ কোঠালৈ গ'ল৷ তিনি নম্বৰৰ অধিবাসী শচীতোষ সান্যালে আৰক্ত চকু বিস্ফোৰিত কৰি ডাক্তৰৰ পিনে এবাৰ চালে, তাৰ পিছত দৰজাৰ পৰা আঁতৰি দি ক'লে, "আহক৷"

হৰিশ্চন্দ্ৰই গোচাৰ পৰা চাবি বাচি নি তলাত ভৰালে, দৰজাখন অকণমান ফাঁক কৰি ভিতৰলৈ চালে; কিছুক্ষণ স্থিৰ হৈ ৰৈ থাকিল, তাৰপিছত দৰজা টানি আকৌ বন্ধ কৰি দিলে৷

বাৰান্দাত কোনো নাই৷ হৰিশ্চন্দ্ৰই ইফালে সিফালে চাই অনুচ্চ কন্ঠেৰে গুণধৰক ক'লে, " গুণধৰ, তুমি ইয়াতে থাকা, ক'তো নাযাবা৷ মই এতিয়াই আহিছোঁ৷" তেওঁৰ কণ্ঠস্বৰ চেপা উত্তেজনাত চিৎকাৰৰ দৰে শুনা গ'ল৷

তেওঁ চুপচাপ তললৈ নামি গ'ল৷ তিনি নম্বৰ কোঠাত মহিলা ডাক্তৰ শোভানা ৰায়ে ৰোগী শচীতোষ সান্যালক বিচনাত শুৱাই তেওঁৰ শৰীৰ টেম্পাৰাচাৰ ল'লে, নাড়ী চালে, জিভা পৰীক্ষা কৰিলে৷ তাৰ পিছত ক'লে, "একো নাই, সামান্য ঠাণ্ডা লাগিছে৷ দুটা এস্পিৰিণৰ টেবলেট খাই শুই থাকক"

শচীতোষে সুধিলে, "জ্বৰ কিমান?"

"নাইন্টি নাইন৷"

"গাত যে বৰ বিষ!"

"সেইটো একো নহয়৷ জ্বৰ এৰাৰ সময়ত সামান্য ঠাণ্ডা লাগিব৷ মই এস্পিৰিণৰ টেবলেট পঠাই দিছোঁ৷"

"আপোনাৰ ফিজ কিমান?"

"ফিজ দিব নালাগে৷"

তিনি নম্বৰৰ পৰা ওলায় শোভানা ৰয়ে দেখিলে, গুণধৰে দুই নম্বৰৰ সন্মুখত ৰৈ আছে৷ তেওঁ সুধিলে, "এইটো ৰুমত কি হৈছে?"

গুণধৰে কেৱল মুৰ জোকাৰিলে৷ শোভানা ৰয়ে অৰু একো প্ৰশ্ন নকৰি নিজৰ কোঠালৈ সোমাই গ'ল৷

হৰিশ্চন্দ্ৰই তেতিয়া নিজৰ অফিচ কোঠাত সোমায় পুলিচক ফোন কৰিছে, “শীঘ্ৰে আহক, মাৰ্ডাৰ হৈছে৷"

আগদিনা ৰাতি ইন্সপেক্টৰ ৰাখল সৰকাৰৰ ঘৰত সত্যান্বেসী ব্যোমকেশৰ নিমন্ত্ৰণ আছিল৷ সৰকাৰ মহাশয় দক্ষিণ কলিকতাৰ এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া৷ ব্যোমকেশে যেতিয়া কেয়তলাত মাটি কিনি ঘৰ বান্ধিবলৈ আৰম্ভ কৰিছিল৷ তেতিয়াই তেওঁৰ সৈতে চিনাকি হৈছিল, চিনাকি পিছলৈ বন্ধুত্বত পৰিণত হ'ল৷ সৰকাৰ মহাশয় পুলিচ হ'লেও অত্যন্ত বন্ধুপ্ৰিয় আৰু সহৃদয় ব্যক্তি; বয়সত ব্যোমকেশতকৈ কিছু সৰু, সেয়ে বন্ধুত্বৰ সৈতে কিছু সম্ভ্ৰমো মিহলি হৈ আছিল৷

ব্যোমকেশৰ সৈতে অজিতো আহিছিল নিমন্ত্ৰণ খাবলৈ৷ গল্পগুজব চলিল বহু ৰাতিলৈকে৷ ৰাতি বাঢ়িল কিন্তু আড্ডা শেষ নহ'ল৷ খোৱা বোৱা হ'লত অজিতে উঠো উঠো কৰা দেখি ৰাখলবাবুৱে ক'লে, "ব্যোমকেশদা, আজি ৰাতি নহ'লে ইয়াতে থাকি দিয়ক৷ পুৱা একেবাৰে ঘৰৰ কাম চাই যাব৷"

ব্যোমকেশে ক'লে, "বেয়া নহয়৷ অজিত, তুমি ঘৰলৈ যোৱা, মই কালি কাম চাই একেলগে যাম৷"

অজিত গুছি গ'ল৷ কলকাতা চহৰৰ ইপাৰ পৰা সিপাৰলৈ যোৱা বিদেশ যাত্ৰাৰ দৰে৷

পিছদিনাখন ৰাতিপুৱা আঠ বজাত ব্যোমকেশে চা জলপান খাই যাব ওলাইছে৷ এনেতে ফোনটো বাজি উঠিল৷ ৰাখলবাবুৱে ফোন ধৰি কিছু সময় নিবিষ্ট মনে শুনিলে; দুই এটা কথা ক'লে, তাৰ পিছত ফোন ৰাখি দি ব্যোমকেশক ক'লে, " থানাৰ পৰা কৰিছিল, আমাৰ ইয়াৰে হোটেল এখনত মাৰ্ডাৰ হৈছে৷ বেছ ৰহস্যময় ঘটনা৷ আপুনি যাব নেকি লগত?"

ব্যোমকেশে ক'লে, "ৰহস্যময় হত্যা! নিশ্চয় যাম৷"
ইন্সপেক্টৰ ৰাখল চৰকাৰে ব্যোমকেশক লৈ  যেতিয়া নিৰুপমা হোটেল পালে তেতিয়া তাত দুজন চাব ইন্সপেক্টৰে সংগীবৃণ্ডৰ সৈতে হোটেল দখল কৰিছে৷ মূল দুৱাৰত এজন কনষ্টেবল ৰৈ আছে৷ হোটেলৰ মানুহক হোটেলত ৰখা হৈছে, বাহিৰৰ মানুহ বাহিৰত৷

ৰাখলবাবুৱে হৰিশ্চন্দ্ৰৰ অফিচত সোমাই দেখিলে, পুলিচৰ ডাক্তৰে কলা বেগ এটা লৈ ৰৈ আছে৷ ৰাখল বাবুৱে ক'লে, "ওঁহ! ডাক্তৰ আহি গৈছে দেখোন- আপুনি হোটেলৰ মেনেজাৰ?"

"হয়৷"

"আপুনিয়ে ডেড বডি আবিষ্কাৰ কৰিছে?"

"হয়৷"

ইন্সপেক্টৰ চৰকাৰ আৰু ব্যোমকেশ বক্সী ওচৰা ওচৰিকৈ চকীত বহিল, ৰাখল বাবুৱে ক'লে, "আপুনি কি জানে সংক্ষেপে কওঁক?"

ৰাতিপুৱাৰ পৰা যি যি ঘটিছিল হৰিশ্চন্দ্ৰই ক'লে৷ শুনি ৰাখলবাবুৱে ব্যোমকেশৰ পিনে চালে, ব্যোমকেশে মূৰ দুপিয়ালে৷ ৰাখলবাবুৱে তেতিয়া থিয় হৈ ক'লে, "আপুনি ঠিক কামেই কৰিছে৷ ব'লক ডাক্তৰ, এইবাৰ মৃতদেহ পৰীক্ষা কৰা যাওক৷"

হৰিশ্চন্দ্ৰই আগে আগে চিৰিৰে দ্বিতীয় মহলালৈ উঠি গ'ল, পিছে পিছে ৰাখল বাবু, ব্যোমকেশ আৰু ডাক্তৰ৷

দ্বিতীয় মহলাৰ দুই নম্বৰৰ ৰুমৰ সন্মুখত গুণধৰৰ সলনি এজন চিপাহী ৰৈ আছে৷ হৰিশ্চন্দ্ৰই চাবিৰে দৰজা খুলি দিলে৷ তেতিয়া কোঠাৰ ভিতৰখন দেখা গ'ল৷ 

ঠিক দুৱাৰমুখতে মজিয়াৰ ওপৰত এজন পুৰুষৰ মৃতদেহ সোঁফালে কাটি হৈ পৰি আছে৷ পিন্ধনত লুঙী আৰু গেঞ্জী৷ মুখখন দেখিলে চমকি উঠিব লগা, কোনোবাই যেন চোকা চুৰিৰে মুখখন চিৰিলা-চিৰিলকৈ কাটিছে, তাৰপিছত অত্যন্ত অযত্নেৰে পুনৰ জোৰা দিছে৷ কটা দাগ বিলাক নতুন নহয়, বহুদিনৰ পুৰণি, শুকুৱা ঘাঁহৰ দাগে মুখখন কদাকাৰ কৰি তুলিছে৷

মৃত্যুৰ কাৰণ কিন্তু বেলেগ৷ বুকুৰ ওপৰত গেঞ্জীৰ তেজ শুকাই আছে৷

দুৱাৰৰ কাষৰ পৰা কিছু সময় মৃতদেহ পৰিদৰ্শন কৰি ৰাখলবাবুৱে ক'লে, "ডাক্তৰ, আপুনি মৃতদেহ পৰীক্ষা কৰক, আপোনাৰ কাম হ'লে আমি ৰুমত সোমাম৷"

ডাক্তৰ কোঠাত প্ৰবেশ কৰিলে, বাকী তিনিজনে মৃতদেহৰ পিনে চাই থিয় হৈ থাকিল৷ ব্যোমকেশে এবাৰ আঁৰ চকুৰে হৰিশ্চন্দ্ৰৰ মুখৰ পিনে চালে, কিন্তু তাত ভয়ৰ বাদে একো নেদেখিলে৷

"কি হৈছে কওঁকচোন, মই এতিয়াই যাব লাগিব, কিন্তু পুলিচে যাব দিয়া নাই৷ ইয়াৰ কাৰণ কি?" নাৰী-কণ্ঠৰ উষ্ণ স্বৰ শুনি তিনিও পিছলৈ ঘুৰি চালে৷ এগৰাকী মহিলাই ক্ৰুদ্ধ ভংগীত থিয় হৈ থকা দেখি ৰাখলবাবুৱে সুধিলে৷ "আপুনি কোন?"

হৰিশ্চন্দ্ৰই পৰিচয় কৰাই দিলে, "এওঁ এক নম্বৰ ৰুমত থাকে, ডাক্তৰ মিছেচ শোভানা ৰয়৷"

ৰাখলবাবুৱে মিনতিৰ সুৰত ক'লে, " চাওঁক, এই ৰুমটোত যোৱাকালি এজন ব্যক্তিক কোনোবাই হত্যা কৰিছে৷ এই হোটেলত থকা সকলোকে আমি সোধ-পোছ কৰিব লাগিব৷ সোধ-পোছ নকৰাকৈ কাকো বাহিৰলৈ যাব দিব নোৱাৰি৷ কিন্তু আপুনি নিশ্চিন্ত থাকক, সকলোৰে আগতে আপোনাকেই জেৰা কৰি আজৰাই দিম৷"

মহিলাগৰাকীৰ মুখৰ ভাব সলনি হৈ গ'ল, তেওঁ শংকিত চাওঁনিৰে ক'লে, "মাৰ্ডাৰ হৈছে! মোৰ কাষৰ ৰুমত মাৰ্ডাৰ হৈছে! কেতিয়া? কোনে কৰিছে?"

ইন্সপেক্টৰে মুৰ জোকাৰি ক'লে, "সেইটো এতিয়ালৈকে গম পোৱা নাই৷ আপুনি নিজৰ ৰুমত গৈ বহক৷ আমি অলপ পিছত গৈ আছোঁ৷"

মহিলাগৰাকীয়ে অকণমান ইতস্ততঃ কৰিলে, এবাৰ দুই নম্বৰ কোঠাৰ পিনে উকি মাৰিলে, তাৰ পিছত নিজৰ কোঠালৈ গৈ দুৱাৰ জপাই দিলে৷

ইতিমধ্যে চাব ইন্সপেক্টৰ দুজন উপস্থিত হৈছিল, ৰাখল বাবুৱে তেওঁলোকক ক'লে, "তোমালোকৰ এজনে তৃতীয় মহলাৰ আৰু এজনে দ্বিতীয় মহলাৰ যিমান অতিথি আছে সকলোৰে নাম ঠিকনা লিখি লোৱা, কালি ৰাতি কোন ক'ত আছিল খবৰ কৰা৷ কেৱল এক নম্বৰ আৰু তিনি নম্বৰ ৰুমলৈ যোৱাৰ প্ৰয়োজন নাই, তেওঁলোকক আমি নিজে জেৰা কৰিম৷"

চাব-ইন্সপেক্টৰ দুজন গুচি গ'ল৷

পাঁচ মিনিট পিছত ডাক্তৰ ৰুমৰ পৰা ওলাই আহিল৷ ক'লে, " এতিয়া মৃতদেহ পঠাব পাৰিব৷"

ৰাখলবাবুৱে ক'লে, "কি দেখিলে?"

ডাক্তৰে উত্তৰ দিলে, "চুৰিৰ আঘাতত মৃত্যু হৈছে, চুৰি বা তেনেকুৱা কিবা সৰু চোকা অস্ত্ৰ৷ কামি হাড়ৰ ফাঁকেৰে একেবাৰে হৃদযন্ত্ৰত প্ৰবেশ কৰিছে৷ এয়া প্ৰফেশ্যনেল কিলাৰৰ কাম: এটাই আঘাতৰ চিন, এবাৰতে জেগাত পেলাইছে৷"

"হুঁ৷ মৃত্যুৰ সময়?"

"অট'প্সি নকৰাকৈ কোৱা টান, অনুমান কালি ৰাতি নটাৰ পৰা বাৰটাৰ ভিতৰত৷"

ব্যোমকেশে ক'লে, "মুখৰ দাগবোৰ কিমান দিনৰ পুৰণা৷"

"দহ-বাৰ বছৰৰ কম নহয়৷"

"বয়স কিমান হ'ব? মুখ দেখিতো ধৰিব নোৱাৰি৷"

"চল্লিশৰ আশে-পাশে৷ আচ্ছা মই এতিয়া যাওঁ, সোনকালে মৃতদেহ পঠিয়াই দিব৷ আজিয়ে কাটিম৷ কালি ৰিপ’ৰ্ট পাব৷" ডাক্তৰ গুচি গ'ল৷

ৰাখলবাবুৱে হৰিশ্চন্দ্ৰক ক'লে, "আপুনি নিজৰ কামত যাওঁক৷ অফিচতে থাকিব৷ ৰুমটোৰ চাবি দি যাওঁক৷"

আধাঘন্টা পিছত মৃতদেহ চালান দি ৰাখলবাবুৱে ব্যোমকেশৰ পিনে চালে৷ অৰ্থাত, "এতিয়া কি?"

ব্যোমকেশে এক নম্বৰ ৰুমটোৰ পিনে আঙুলিয়াই দেখুৱালে, " মহিলাগৰাকীৰ সোধ-পোচ আগতে কৰি ল'ও৷ মহিলা আৰু ডাক্তৰৰ অধিকাৰ আগত৷"

"ঠিক ঠিক৷ আগতে তেওঁক আজৰি কৰি দি এই ৰুমটো চাম৷" ৰাখলবাবুৱে দুই নম্বৰ ৰুমত তলা লগাই ক'লে, "আহক৷"

《দুই》


এক নম্বৰ দুৱাৰত টুকুৰিওৱাৰ লগে লগেই দুৱাৰ খুলি গ'ল৷ মহিলাগৰাকীৰ মুখ অপ্ৰসন্ন৷ তেওঁৰ চুটি-চাপৰ শৰীৰটো আটুক-নাটুক পোছাকৰ মাজেৰে যেন ফাটি পৰিবৰ উপক্ৰম হৈছে৷ তেওঁ ক'লে, "যিমান সোনকালে পাৰে মোক আজৰি কৰি দিয়ক৷ মোৰ কামৰ লোকচান হৈ আছে৷"

"দুই চাৰিটা প্ৰশ্ন কৰিয়ে আপোনাক এৰি দিম৷" ৰাখলবাবুৱে বহী-পেঞ্চিল বাহিৰ কৰি প্ৰশ্ন আৰম্ভ কৰিলে, "আপোনাৰ পুৰা নাম?"

"মিছেচ শোভানা ৰয়?"

"বয়স?"

"ঊনপঞ্চাশ৷"

"স্বামীৰ নাম?"

"স্বৰ্গীয় ৰামৰতন ৰয়৷"

"আপুনি ডাক্তৰ৷ ক'ত ডাক্তৰি ক'ৰে?"

"বহৰমপুৰত৷"

"কলকতালৈ আহিছিল কিয়?"

"মই গাইন'ক'লজিষ্ট, প্ৰধানতঃ স্ত্ৰী-ৰোগৰ চিকিৎসা কৰো৷ সেৱা-সদনৰ সৈতে মোৰ যোগাযোগ আছে, মাজে সময়ে আহো৷"

"কলকাতাত আপোনাৰ আত্মীয় স্বজন কোনো নাই?"

"মোৰ ক'তো কোনো নাই৷"

'ল'ৰা-ছোৱালী?"

"নাই৷ এজনী ছোৱালী আছিল৷ বহুদিন হ'ল, ঢুকাইছে৷"

মিছেচ ৰয়ৰ মুখ ক্ষণিকৰ বাবে কঠোৰ হৈ উঠিল, তাৰপিছত পুনৰ স্বাভাৱিক হ'ল৷ মহিলাগৰাকীৰ মুখখন ধুনীয়া নহয়, কঠিন হ'লে আৰু কুৎসিত দেখি৷

"কলকতালৈ যেতিয়া আহে ইয়াতে থাকে?"

"ও৷ ইয়াত থাকিলে সুবিধা হয়৷"

"এইবাৰ কেতিয়া আহিছিল?"

"পৰহি৷"

"কালি ৰাতি কাষৰ ৰুমত ৰাজকুমাৰ বসু নামৰ ব্যক্তি এজনৰ মাৰ্ডাৰ হৈছে৷ তেওঁক আপুনি চিনে?"

"নাই, কেতিয়াও নাম শুনা নাই৷"

"আগতে কেতিয়াও দেখা নাই? ওচৰা ওচৰি ৰুমত আছিলে সেয়ে সুধিছোঁ৷"

"নাই৷ তেনেকুৱা মুখ দেখিলে মনত থাকিলহেঁতেন৷"

"কালি ৰাতি আঠটাৰ পিছত আপুনি ক'ত আছিল?"

"আঠটা বজাত মই সেৱা সদনৰ পৰা উভতি আহিছো৷ ৰুমত আহি হাত মুখ ধুই কাপোৰ-কানি সলাই তলৰ ডাইনিং ৰুমত খাবলৈ যাওঁ৷ নটাৰ আগতে ঘূৰি আহো৷ তাৰ পিছত আৰু ৰুমৰ পৰা ওলোৱা নাই৷"

"ৰাতি কিবা গম পাইছিল?"


"মই নটা পোন্ধৰত শুই গৈছিলো৷ কিন্তু বাৰে বাৰে টোপনি বিঘ্নিত হৈছিল৷ কাষৰ ৰুমৰ পৰা অহা শব্দত টোপনি ভাঙি গৈছিল৷"

"কাষৰ ৰুমত শব্দ হৈছিল?"

"ৰুমত শব্দ হৈছিল নে কি শুনা নাই৷ কিন্তু ৰুমৰ দৰজা বাৰে বাৰে খুলিছিল আৰু বন্ধ কৰিছিল৷"

"ৰাতি তেতিয়া কিমান?"

"ঘড়ী চোৱা নাই৷ আন্দাজ ৰাতি চাৰে নটাৰ পৰা দহটাৰ ভিতৰত৷"

"আপুনি কিবা কৰিলে?"

"কি কৰিব? হোটেললৈ অনেক অবিবেচক মানুহ আহে, সিহঁতে বেলেগৰ সুবিধা অসুবিধা নুবুজে৷"

"আজি ৰাতিপুৱা কেতিয়া গম পালে?"

"মাৰ্ডাৰ হোৱা বুলি আপোনাৰ মুখতে গম পালো৷ ৰাতিপুৱাই বেড-টি দি গৈছিল৷ তাৰ পিছত মই ৰেডি হৈ যাব ওলালো, তলৰ ডাইনিং ৰুমত ব্ৰেকফাষ্ট কৰি কামলৈ যাম, এনেতে কাষৰ ৰুমত দুৱাৰ ঠেলা-ঠেলি, হৈ-চৈ শুনিবলৈ পালো৷ ওলাই গৈ দেখিলো মেনেজাৰ; সুধিলো কি হৈছে, তেওঁ একো নকলে৷ তাৰ পিছত তিনি নম্বৰ ৰুমলে গ'লো...."

"তিনি নম্বৰ ৰুমলে গ'ল কিয়?"

"তিনি নম্বৰ ৰুমৰ মানুহজনৰ গা অসুখ হৈছিল, ডাক্তৰ বিচাৰিছিল৷ সেয়ে তেওঁক চাবলৈ গৈছিলো৷"

"তেওঁক আগৰে পৰা জানে নেকি?"

"দেখিছিলো৷ কিন্তু চিনা পৰিচয় নাছিল৷ নামটোও নাজানো৷"

"অঁহ, কি হৈছে তেওঁৰ?"

"ঠাণ্ডা লাগি অলপ জৰ উঠিছে৷"

ৰাখলবাবুৱে ব্যোমকেশৰ পিনে চালে, ব্যোমকেশে মুৰ জোকাৰি জনালে আৰু একো সুধিবলগীয়া নাই৷ ৰাখলবাবুৱে শোভানা ৰায়ক ক'লে, "সদ্যহতে আৰু একে সুধিবলগীয়া নাই, আপুনি কামলৈ যাব পাৰে, কিন্তু আমাক নজনোৱাকৈ কলকাতা নেৰিব৷"

শোভানা ৰয়ৰ মুখখন বিৰক্ত হৈ উঠিল৷ তেওঁ উত্তৰ নিদি বেগখন তুলি ল'লে৷

দুই নম্বৰ ৰুমৰ দুৱাৰ খুলি খুলি ৰাখলবাবুৱে ক'লে, "মহিলাগৰাকীৰ খঙটো অলপ বেছি৷ ভয় খোৱা নাই; বোধহয় পুলিচৰ কাৰ্য কলাপৰ লগত পৰিচিত৷ ডাক্তৰতো.... বাৰু, আহক, দেখা যাওক ৰুমৰ ভিতৰত আততায়ী কিবা চিন এৰি গৈছে নে নাই... কনষ্টেবল হাজৰা, তুমি নামি গৈ হেড-অফিচলৈ ফোন কৰা, ফিংগাৰ-প্ৰিণ্ট এক্সপাৰ্ট পঠিয়াই দিয়ে যেন৷"

কনষ্টেবলে চেলুত কৰি গুচি গ'ল৷ ৰাখলবাবুৱে ব্যোমকেশৰ সৈতে ৰুমত সোমাই দুৱাৰ জপাই দিলে৷

ৰুমটো আয়তনত দহ ফুট বাই বাৰো ফুট৷ এখন এজনীয়া লোৰ বিছনা, সৰু টেবুল এখন আৰু চকী; দেৱালত আয়না লগোৱা৷ তাৰ কাষতে কাপোৰ থোৱা আলনা; মূৰৰ ওপৰত ফেন৷ দুয়োজনে কোঠাৰ মাজত থিয় হৈ চাৰিওপিনে দৃষ্টি পেলালে৷

ৰাখলবাবুৱে ক'লে, "বিছনাখন দেখিছে?"

"দেখিছো৷ বিছনা আৰু আলনা- দুয়োটাই চাবলগীয়া৷"

বিছনা দেখি ভাব হয় কালি ৰাতি ৰাজকুমাৰ বসু বিছনাত শুইছিল; চাদৰ অকণমান কোঁচ খাই আছে, গাৰুৰ ওপৰত মূৰৰ চাপ৷ আলনাত এখন সোত-মোছ খোৱা ধুতি আৰু এটা পাঞ্জাৱী ওলোমাই থোৱা আছে৷

ৰাখলবাবুৱে ক'লে, "হুঁ৷ কি ভাব হৈছে?"
"ভাব হৈছে কালি ৰাতি ৰাজকুমাৰ বসুৱে কাপোৰ কানি খুলি গেঞ্জী আৰু লুঙী পিন্ধি শুইছিল৷ তাৰ পিছত এটা সময়ত দুৱাৰত টোকৰ পৰিল৷ ৰাজকুমাৰে বিচনাৰ পৰা উঠি গৈ দুৱাৰ খুলিলে আততায়ী তেতিয়াই বাহিৰৰ পৰা তেওঁৰ বুকুত চুৰি মাৰিলে৷ ৰাজকুমাৰ পৰি গ'ল৷ আৰু নুঠিল৷ আততায়ী দৰজা টানি বন্ধ কৰি গুছি গ'ল৷ মোৰ বিশ্বাস আততায়ী ৰুমত সোমোৱা নাই, ফিংগাৰ-প্ৰিণ্ট এক্সপাৰ্টে ৰাজকুমাৰৰ বাদে আৰু আন কাৰোৰে আঙুলিৰ চাপ ৰুমত নাপাব৷ দুৱাৰৰ হেণ্ডেলত আততায়ীৰ আঙুলিৰ চাপ হয়তো আছিল, কিন্তু এতিয়া আৰু নাপাব৷ তাৰ ওপৰত আৰু বহুতৰ আঙুলিৰ চাপ পৰিছে৷"

ৰাখলবাবুৱে ক'লে, "সেইটো হয়৷ কিন্তু চোৱাত বাধা নাই৷ আহক ৰুমটো তালাচ কৰি চোৱা যাওক৷"

ব্যোমকেশে ক'লে, "আপুনি তালাচ কৰক৷ মই একো বস্তুতে হাত নিদিও, আঙুলিৰ চাপ পৰি যাব৷"

"আচ্ছা৷ আপুনি তেনেহ'লে তাৰপৰাই তদাৰক কৰক৷"

ৰাখলবাবুৱে বিধিসন্মতভাৱে তালাচী আৰম্ভ কৰিলে৷ টেবুলৰ দেৰাজ, পাঞ্জাবীৰ পকেট, বিচনাৰ তুলিৰ তল, সকলোতে অনুসন্ধান কৰিলে কিন্তু একো নাপালে৷ অৱশেষত বিচনাৰ তলাৰ পৰা তেওঁ এটা চুটকেচ টানি বাহিৰ কৰিলে৷ মৃতকৰ এই এটাই মাত্ৰ বস্তু ৰুমত আছে৷ আৰু একো নাই৷

চুটকেচৰ গাত চাবি লগোৱা আছিল৷ ৰাখলবাবুৱে ঢাকনি দাঙিলে৷ দেখা গ'ল দুসাজ কাপোৰ আছে৷ কাপোৰৰ তলত এক বাণ্ডিল দহটকীয়া নোট, আৰু এখন ডায়েৰীৰ আকাৰৰ সৰু খাটা৷

খাটাখন আঁতৰাই থৈ ৰাখলবাবুৱে প্ৰথমে দহটকাৰ নোটখিনি গণিলে; এশ বিশখন নোট, মানে বাৰশ টকা৷ তেওঁ নোটখিনি জেপত ভৰাই ভৰাই ক'লে, "দেখা গৈছে, যি হত্যা কৰিছে তাৰ টকাৰ লোভ নাই৷" তেওঁ খাটাখন তুলি ল'লে৷

খটাৰ নাম পৃষ্ঠাত নাম লিখা আছে- সুকান্ত সোম৷ ৰাখলবাবুৱে ব্যোমকেশৰ পিনে চালে৷ ব্যোমকেশে ক'লে, "ৰাজকুমাৰ নামটো তেনেহ'লে মিছা৷ কিন্তু- সুকান্ত সোম৷ যেন ক'ৰবাত শুনিছো৷ মূৰৰ মাজত এটা ঘন্টি বাজিছে৷ আপুনি শুনা নাই?"

"মনত পৰা নাই৷" ৰাখলবাবুৱে বহীৰ পাত লুটিয়োৱাত লাগিল৷ প্ৰত্যেক পাতৰ আৰম্ভণিতে একোখন চহৰৰ নাম, যেনে - কাশী, কলকাতা, কটক৷ চহৰৰ তলত কেবাটাও নাম আৰু ঠিকনা, সম্ভৱ হ'লে টেলিফোন নাম্বাৰ৷ কলকাতাৰ পাতত চাৰিটা নাম লিখা আছে, প্ৰায় প্ৰতিটো নামৰ কাষত এটা টকাৰ সংখ্যা৷ যেনে:

মোহনলাল কুণ্ডু 
১১৭ ডি, পানাপুকুৰ লেন

শ্যামকান্ত লাহিড়ী  ৫০০
৩০/১, লেক কলোনী

জগবন্ধু পাত্ৰ    ৪০০
৫৬, ৰাম ভাদুৰী লেন৷

লতিকা চৌধুৰী    ৩০০
১৭, গান্ধী পাৰ্ক

খাটাখন ব্যোমকেশৰ হাতত দি ক'লে, "চাওঁকচোন যদি কিবা সূত্ৰ পায়৷"

ব্যোমকেশে খাটাখন মনোযোগেৰে পৰীক্ষা কৰি ক'লে, "মোৰ সন্দেহ মানুহজনৰ পেছা আছিল ব্লেকমেইল কৰা৷"

"বেলেগ পেছা কি সম্ভৱ নহয়? যেনে ধৰক বীমাৰ এজেন্ট৷"

"অসম্ভৱ বুলি নকওঁ৷ কিন্তু বীমাৰ এজেন্টক কোনেও হত্যা নকৰে৷ সিহঁতে ছদ্মনামেৰে ঘুৰি নুফুৰে৷"

"তাৰমানে আপুনি ভাৱে, ৰাজকুমাৰ বসুৱে যাক ব্লেকমেইল কৰিছিল সিহঁতৰ মাজৰে কোনোবাই তেওঁক হত্যা কৰিছে?"

"কলকাতাৰ পাতত যাৰ যাৰ নাম আছে সিহঁতক সোধ-পোছ কৰিলেই কিছু অনুমান কৰিব পৰা যাব... ব'লক, এইবাৰ তিনি নম্বৰ মক্কেলৰ সৈতে দেখা কৰা যাওঁক৷"

"ব'লক৷"
তিনি নম্বৰ ৰুমত শচীতোষ সান্যাল বিচনাত চিৎ হৈ শুই আছিল, খোজৰ শব্দ শুনি মূৰ তুলি চালে৷ ক'লে, "কোন?"

ৰাখলবাবুৱে সংক্ষেপে ক'লে, "পুলিচ৷"

শচীতোষ বাবু উঠি বহিল, চকু গোল কৰি ক'লে, "পুলিচ! কি লাগে?"

ৰাখলবাবুৱে ক'লে, "আপোনাক দুই চাৰিটা প্ৰশ্ন কৰিব খোজো৷ শুনিছে বোধহয় কাষৰ দুই নম্বৰ ৰুমত মাৰ্ডাৰ হৈছে৷"

শচীতোষবাবু মুহূৰ্তৰ বাবে নিৰ্বাক হৈ থাকি শিয়ঁৰি উঠিল, "মাৰ্ডাৰ হৈছে৷ কাৰ মাৰ্ডাৰ হৈছে?"

তিনি নম্বৰ ৰুমটো আয়তন আৰু আসবাব-পত্ৰত অন্য দুটা ৰুমৰ অনুৰূপ৷ ৰাখলবাবু বিছনাৰ কিনাৰত বহিল৷  ব্যোমকেশ চকীত বহিল৷ ৰাখলবাবুৱে ক'লে, "দুই নম্বৰত যিজন ব্যক্তি আছিল, কালি ৰাতি তেওঁৰ মাৰ্ডাৰ হৈছে, তেওঁৰ নাম ৰাজকুমাৰ বসু৷ আপুনি তেওঁক চিনে নেকি?"

"ৰাজকুমাৰ বোস- নাই, নিচিনো৷ কোনে মাৰিছে?"

"সেইটো এতিয়ালৈকে গম পোৱা নাই৷ আপোনাৰ নাম কি?"

"শচীতোষ সান্যাল৷"

"ঘৰ?"

"ভাগলপুৰ-মোৰ গা অসুখ৷ ডাক্তৰে মোক শুব কৈছে৷"

"কোন ডাক্তৰ?"

"মহিলা ডাক্তৰ৷ ঠাণ্ডা লাগিছিল, এস্পিৰিণ টেবলেট খাই শুই থাকিবলৈ কৈছে৷ আচ্ছা, মহিলা ডাক্তৰে ভালকৈ চাব জানেনে?"

"নজনাৰ কাৰণ নাই৷ ঠাণ্ডা লাগিল কেনেদৰে?"

"কালি সন্ধিয়া ওলাই গৈছিলো৷ উৰা কাপোৰ নিয়া নাছিলো, ঠাণ্ডা সোমাই গৈছে৷"

"ৰাতি ৰুমৰ পৰা ওলোৱা নাই?"

"নাই৷ নটা মানত ডাইনিং ৰুমত খাই আহি ৰুমত সোমাইছিলো, আৰু ওলোৱা নাই৷"

"বাৰু৷ আপুনি কেতিয়া কলকাতালৈ আহিছিল?"

"তিনিদিন হ'ল৷ আজি ঘূৰি যোৱাৰ কথা৷ কিন্তু… "

"আপুনি কলকাতালৈ আহিছে কিয়?"

"মোৰ ঘিউৰ ব্যৱসায় আছে৷ গাংগুৰামক ঘিউৰ যোগান ধৰো৷ সেয়ে মাজে মাজে আহিবলগীয়া হয়৷ আচ্ছা, ঠাণ্ডা লাগি থাকিলেতো নিউমনিয়া হ'ব পাৰে?"

"হয়, পাৰে, কিন্তু আপোনাৰ নহ'ব লাগে৷ আপুনি বেছ তজবজীয়া মানুহ৷ -বয়স কিমান?"

"বিয়াল্লিশ৷ দেখাতহে তজবজীয়া৷ কিন্তু মোৰ দেহাটো বৰ লেহুকা৷ অলপতে বেমাৰে পায়৷ বৰ ভোক লাগিছে৷ কিবা খালে বেমাৰ বাঢ়ি নাযায় ন'?"

"গৰম গাখীৰ আৰু পাউৰুটী খাওক৷ ৰাজকুমাৰ বসুক তেন্তে আপুনি চিনি নাপায়৷"

"নাই৷ কেতিয়াও নাম শুনা নাই৷"

ব্যোমকেশে ক'লে, "সুকান্ত নামটো কেতিয়াবা শুনিছে৷"

শচীতোষে ক'লে, "সুকান্ত? নাই৷ মোৰ খুলশালীৰ নাম আছিল কান্তুকুমাৰ লাহিৰী, ঢুকাইছে৷"

ৰাখলবাবুৱে সুধিলে, "কালি ৰাতি আপুনি কাষৰ ৰুমত কিবা শব্দ শুনিছিল?"

"শব্দ? নাই, খাই আহিয়েই শুইছো, শুৱাৰ লগে লগে টোপনি আহিছে৷ আমাৰ এওঁ কয়, মই এবাৰ শুলে ডকাইত আহিলেও টোপনি নাভাঙে৷ কাষৰ ৰুমৰ মানুহজনক কিহেৰে মাৰিছে? বন্দুকেৰে?"

"নাই, চুৰিৰে৷" ৰাখলবাবু উঠিল, "আপুনি পুলিচক খবৰ নিদিয়াকৈ কলকাতা এৰি নাযাব৷ ব'লক ব্যোমকেশদা৷"

তলৰ অফিচ ৰুমত হৰিশ্চন্দ্ৰই অন্যমনস্কভাৱে বহি আছিল, ব্যোমকেশক দেখি উঠি থিয় হ'ল৷ ইতস্ততঃ কৰি সুধিলে, "কি হ'ল?"

ৰাখলবাবুৱে প্ৰশ্নৰ উত্তৰ নিদি ক'লে, "এতিয়া আপোনালোকৰ, মানে হোটেলৰ ষ্টাফৰ মানুহখিনিৰ জবান-বন্দী ল’ম৷ আপোনাৰ পৰাই আৰম্ভ কৰো৷ বহক৷"

তিনিও বহিল৷ ৰাখলবাবুৱে সোধ-পোছ আৰম্ভ কৰিলে, "আপোনাৰ পুৰা নাম?"

"হৰিশ্চন্দ্ৰ হোড়৷"

"আপুনি হোটেলৰ মেনেজাৰ৷ ইয়াতেই থাকে?"

"হয়৷"

"কেতিয়াৰ পৰা আছে?"

"আঠ বছৰ হ'ল৷"

"মৃত ৰাজকুমাৰ বোস সম্বন্ধে কি জানে কওঁক৷"

হৰিশ্চন্দ্ৰই ডাঙৰ বহী এখন উলিয়াই ল'লে, " ৰাজকুমাৰ বসু, ঠিকনা আদমপুৰ, পাটনা৷ যোৱা পাঁচ বছৰ ধৰি তেওঁ বছৰত দুবাৰকৈ ইয়ালৈ আহিছে, দুই তিনিদিন থাকে৷ হোটেলৰ পৰা নোলায়, এই অফিচলৈ আহি তিনি-চাৰিজন বন্ধুক ফোন কৰে৷ সিহঁতে আহি সন্ধিয়া পৰত তেওঁক লগ কৰে৷ ইয়াতকৈ বেছি মই একো নাজানো৷"

"এইবাৰ তেওঁ কেতিয়া আহিছিল?"

"পৰহি৷"

"ফোন কৰিছিল?"

"পৰহি ৰাতি আহিল৷ সেই ৰাতি ফোন কৰা নাই৷ কালি পুৱা কৰিছিল৷"

"ৰাজকুমাৰবাবু যেতিয়া আহে সেই দুই নম্বৰ ৰুমতে থাকে?"

"নাই৷ যেতিয়া যিটো ৰুম খালি পায় তাতে থাকে৷"

"ৰাজকুমাৰবাবুৱে কি কাম কৰে জানে?"

"নাই, নাজানো৷"

"আপুনি কালি ৰাতি নিশ্চয় হোটেলতে আছিল?"

"উম.." হৰিশ্চন্দ্ৰই অকণমান ইতস্ততঃ কৰি ক'লে, "দুঘন্টামানৰ বাবে এবাৰ ওলাই গৈছিলো৷ মই হোটেলত থাকো হয়, কিন্তু মোৰ পৰিয়াল বাহিৰত ভাৰাঘৰত থাকে, মাজে মাজে সিঁহতক দেখা কৰিবলৈ যাওঁ৷ কালি ৰাতি অতিথিসকল খাবলৈ বহাৰ পিছত মই ওলাই গৈছিলো, তাৰ পিছত এঘাৰটা মানত উভতি আহোঁ৷"

"আপোনাৰ অবৰ্তমানত হোটেলৰ ইনচাৰ্জ কোন?"

"চৰ্দাৰ খানচামা গুণধৰ ৰয়৷"

"গুণধৰক এবাৰ মাতি দিয়ক৷"

গুণধৰক মাতি দিলে, সি আহি হাজিৰ হ'ল৷ পুনৰ প্ৰশ্নোত্তৰ আৰম্ভ হ'ল৷

"ৰাজকুমাৰ বোস, যাৰ মাৰ্ডাৰ হৈছে, তেওঁৰ বিষয়ে তুমি কি জানা?"

"বিশেষ একো নাজানো৷ তেওঁ মাজে মাজে আহে৷ দুই তিনিদিন থাকি গুচি যায়৷"

"তোমাৰ লগত তেওঁৰ কোনো কথা-বাৰ্তা হোৱা নাছিল?"

"হৈছিল, খুব কম৷ কিবা লাগিলে কয়৷ তাৰ বেছি নহয়৷"

"তেওঁৰ চোৱা-চিতা কোনে কৰে?"
"ময়ে কৰো৷ ৰাতিপুৱা বেড-টি লৈ যাওঁ৷ তাৰ পিছত ব্ৰেকফাষ্ট, লান্স, ডিনাৰ চব ময়ে দি আহো৷ দ্বিতীয় মহলাত যি সকল থাকে ময়ে তেওঁলোকৰ চোৱা-চিতা কৰো৷ তৃতীয় মহলাত চোৱা-চিতা কৰে......."

"অ'হ, তেনেহ'লে ৰাজকুমাৰবাবুৱে ডাইনিং ৰুমলৈ খাব নানামে?"

"নাই৷"

"কালি তুমি তেওঁক শেষবাৰ কেতিয়া দেখিছা?"

"ৰাতি আঠটা পঞ্চল্লিশত তেওঁক ডিনাৰ দিবলৈ গৈছিলো, তাৰ পিছত নটা মানত বাচন-বৰ্তনখিনি আনিবলৈ গৈছিলো৷ তেতিয়া তেওঁ জীয়াই আছিল৷"

"বুজিলো৷ কিন্তু তেওঁ ডাইনিং ৰুমলৈ নাযায় কিয় কিবা জানা?"

"সেইটো- নাজানো হুজুৰ৷ তথাপিও... বোধহয়.... তেওঁৰ মুখখন কটাকটি হৈ বিৰাট হেৰি হৈ গৈছিল... সেয়ে তেওঁ তেনেকে মানুহৰ সন্মুখত নোলায়৷"

"সেইটো হ'ব পাৰে৷ কিন্তু তেওঁৰ ওচৰলৈ মানুহ আহে?"

"আহে হুজুৰ৷"

"কালি কোন কোন আহিছিল তুমি জানা?"

"মই নাজানো, জেনেৰেল সিঙে ক'ব পাৰিব৷"

"জেনেৰেল সিং?"

"হয়, আমাৰ দাৰোৱান৷ তাৰ নাম ৰামপিৰিত সিং, সকলোৱে তাক জেনেৰেল সিং বুলি মাতে৷"

"মাতা জেনেৰেল সিঙক৷"

ভোজপুৰী জোৱান ৰামপিৰিত সিং আহি দুৱাৰডলিত ৰৈ চেলুত কৰিলে৷ বিশাল চেহেৰা, জবৰদস্ত পোছাক, বিৰাট গোঁফ৷ ৰাখলবাবুৱে তাৰ আপাদ মস্তক নিৰীক্ষণ কৰি ক'লে, "হুম, জেনেৰলেইতো! তুমি হোটেলৰ মূল দুৱাৰত পহৰা দিয়া?"

ৰামপিৰিতে ক'লে, "হয়৷ ৰাতিপুৱা নটাৰ পৰা বাৰটা, আবেলি পাঁচটাৰ পৰা দহটালৈ মোৰ ডিউটি৷"

"হোটেলত যিয়ে অতিথি সকলৰ সৈতে দেখা কৰিবলৈ আহে তেওঁলোকৰ নাম চাম লিখি ৰাখা?"

"নাই, তেনেকুৱা হুকুম নাই৷ যিয়ে ভাল সাজ-পাৰ পিন্ধি আহে তেওঁলোকক চেলুত কৰো, যিয়ে অতিথিৰ ৰুম নাম্বাৰ জানিব খোজে তেওঁলোকক ৰুম নাম্বাৰ জনাও৷"

"কাকো নাৰাখা?"

"ভাল কাপোৰ-কানি পিন্ধি আহিলে নাৰাখো৷"

"আৰু যদি ফটা-চিটা কাপোৰ পিন্ধি আহে?"

"তেতিয়া কটমট কৰি চাওঁ৷"

"চাব্বাছ! এতিয়া কোৱাচোন, কালি সন্ধিয়া দ্বিতীয় মহলাৰ দুই নম্বৰ ৰুমৰ মানুহ জনৰ সৈতে কোনোবাই দেখা কৰিবলৈ আহিছিল?"

"হয়, আহিছিল৷ দুজন মতা মানুহ আৰু এগৰাকী মহিলা৷ ৰাতি নটা পোন্ধৰ মানত আহিছিল মহিলাগৰাকী, তেওঁ ৰুম নম্বৰ সুধি দুই-তলালৈ উঠি গ'ল; পাঁচ মিনিট পিছত তেওঁ উভতি আহিল৷"

"তেওঁৰ বয়স কিমান?"

"বিছ-পঁচিছ হ'ব হুজুৰ৷ বগা, ক্ষীণ ওখ চেহেৰা, চকুত চশমা আছিল৷"

"হুঁ, তাৰপিছত?"

"তাৰপিছত চাৰে নটা বজাত আহিল এজন মতা মানুহ৷ তেওঁ ৰুম নম্বৰ সুধি ওপৰলৈ গ'ল, পাঁচ মিনিট পিছত উভতি আহিল৷ এওঁৰ চেহেৰা ক্ষীণ মিন, দাৰি গোঁফ আছে অলপ অলপ৷"

"তাৰপিছত?"

"নটা পঞ্চল্লিশ মানত আৰু এজন মতা মানুহ আহিল৷ শকত-আৱত চেহেৰা, খাটি বাঙালী বাবু৷ তেওঁও ওপৰলৈ গৈ পাঁচ মিনিট আছিলে৷ তাৰপিছত মোৰ ডিউটিৰ মাজত কোনো অহা নাই হুজুৰ৷" 

জেনেৰেল ৰামপিৰিতৰ চেহেৰা যিমানেই স্থুল নহওঁক, স্মৃতি শক্তি যে তীক্ষ্ণ তাত সন্দেহ নাই৷ ৰাখলবাবুৱে সুখী হৈ ক'লে, "অতি সুন্দৰ৷ তুমি এতিয়া আৰাম কৰাগৈ যোৱা৷"

জেনেৰেলে ভৰি জোৰাই চেলুত কৰি গুচি গ'ল৷

ৰাখলবাবুৱে ১২০০ টকাৰ নোট উলিয়াই হৰিশ্চন্দ্ৰৰ হাতত দিলে, ক'লে, "সদ্যহতে এই টকা খিনি আপোনাৰ লগতে ৰাখক৷ মৃতকৰ চুটকেচত পোৱা গৈছে৷ টকাৰ বাবে এখন ৰচিদ দিব৷"

ৰুমত এটা লোহাৰ বাকচ আছিল, হৰিশ্চন্দ্ৰই টকা খিনি বাকচত ভৰাই ৰচিদ লিখি দিলে৷ ব্যোমকেশে ভ্ৰূকুটি কোঁচাই বহি থাকিল৷

ইতিমধ্যে চাব ইন্সপেক্টৰ দুজন নামি আহি ৰৈ আছিল, ৰাখলবাবুৱে তেওঁলোকক সুধিলে, "কিবা পালা?"

এজন চাব-ইন্সপেক্টৰে ক'লে, "মই তিনি নম্বৰ তলালৈ গৈছিলো৷ সকলোৰে নাম চাম লিখি লৈছো৷ সকলোৱে ক'লে, ন'টাৰ পিছত ডিনাৰ কৰি সিঁহতে ৰুমলৈ ঘূৰি গৈছিল, আৰু ৰুমৰ পৰা ওলোৱা নাই৷"

"সঁচা নে মিছা কৈছে প্ৰমাণ লৈছা?"

"কেনেকৈ প্ৰমাণ লওঁ? প্ৰত্যেকৰে বেলেগ বেলেগ ৰুম৷ তথাপিও এটা প্ৰমাণ আছে, ৰাতি খোৱা-বোৱা হোৱাৰ পিছত হোটেলৰ ল'ৰা এটা তিনি নম্বৰ তলাৰ চিৰিৰ মুখত শুৱে; তাক পাৰ হৈ চিৰিৰে নমা সম্ভৱ নহয়৷ মই ল'ৰাটোক সুধিছো, সি ক'লে, ৰাতি চাৰে দহটা বজাত সি শুই গৈছিল, তাৰপিছত আৰু কোনেও চিৰিৰে তলত নমা নাই৷"

"আৰু তুমি?"

দ্বিতীয় চাব-ইন্সপেক্টৰে ক'লে, "দুই নম্বৰ তলাতো একেই অৱস্থা৷ সকলোৰে নাম ঠিকনা লিখি লৈছো৷ দুই নম্বৰ তলাৰ চিৰিৰ মুখত যিটো ল'ৰা শুৱে, সি ক'লে, দহটা পঞ্চল্লিশত সি শুবলৈ গৈছিল, তাৰপিছত আৰু কোনেও ৰুমৰ পৰা ওলোৱা নাই৷"

ৰাখলবাবুৱে মেনেজাৰক সুধিলে, "ৰাতি চিৰিৰ মুখত ল'ৰা কিয় শুৱে?"

মেনেজাৰে ক'লে, "ৰাতি যদি কোনোবা অতিথিৰ কিবা দৰকাৰ হয়, সেয়ে এই ব্যৱস্থা৷"

"বুজিলো৷" - ৰাখলবাবুৱে ঘড়ী চালে, বাৰটা বাজি গৈছে৷ তেওঁ ব্যোমকেশক ক'লে, "ইয়াত আজি ইমানতে এৰো৷ ব'লক এইবাৰ ওলাই যাওঁ, ৰাস্তাৰ কোৰবাত খাই ল'ম৷ ভাগ্যক্ৰমে চাৰিওজন মক্কেলৰ ঘৰ ওচৰা ওচৰি, বেছি ঘুৰি ফুৰিব নালাগিব৷ আপোনাৰ ঘৰ পাওঁতে দেৰি হৈ গ'লে..."

ব্যোমকেশে ক'লে, "একো অসুবিধা নহয়, মই অজিতক ফোন কৰি দিছোঁ৷"

তেওঁ টেলিফোন তুলি ল'লে৷ হৰিশ্চন্দ্ৰই ক'লে, "আপোনালোকৰ একো অসুবিধা নহয় যদি ইয়াতেই আপোনালোকৰ আহাৰৰ ব্যৱস্থা কৰিছিলো৷"

ৰাখলবাবুৱে হাঁহি ক'লে, "খুব ভাল কথা৷"

《তিনি》


নিৰুপমা হোটেলৰ খানা ভাল৷

মধ্যাহ্ন ভোজন দেশী আৰু বিলাতী ধৰণে সম্পন্ন কৰি পুলিচৰ দল ডাইনিং ৰুমৰ পৰা ওলাই গ'ল, লগতে ব্যোমকেশ৷ ৰাখলবাবুৱে দ্বিতীয় চাব-ইন্সপেক্টৰক ক'লে, "দত্ত, তুমি ইয়াতে থাকা৷ এয়া লোৱা, ৰুম নম্বৰ দুইৰ চাবি৷ ফিংগাৰ-প্ৰিণ্টৰ দল আহিব অলপ পিছত, সিহঁতক দুৱাৰ খুলি দিবা৷ মই ঘোষক লৈ যাওঁ৷ আহক ব্যোমকেশদা৷"

তিনিওজনে ফুটপাথত গৈ ৰ'ল৷ ৰাখলবাবুৱে পকেটৰ পৰা খাটাখন বাহিৰ কৰি ক'লে, "এইটো সময়ত কাৰোবাক যে ঘৰত পাম সন্দেহ আছে৷ যি কি নহওক, ব'লক আগতে জগবন্ধু পাত্ৰকে দেখা কৰা যাওঁক৷"

ব্যোমকেশে ক'লে, "ব'লক৷"

এখন টেক্সি ৰখাই তিনিওজন উঠি বহিল, জগবন্ধু পাত্ৰৰ ঠিকনা লক্ষ কৰি টেক্সি এৰিলে৷ ৰাখলবাবুৱে ক'লে, "ব্যোমকেশদা, আজি আপুনি ইমান চুপচাপ কিয়? একো মতা নাই যে?"

ব্যোমকেশে ক'লে, "এতিয়া কেৱল শুনি গৈছো, কোৱা-মেলাৰ সময় এতিয়াও অহা নাই৷ --- সময় যেদিন আসিবে আপনি যাইব তোমার কুঞ্জে৷"

জগবন্ধু থাকে এটা তিনিমহলীয়া ঘৰৰ তলৰ ফ্লেটত৷ ৰাখলবাবুৱে দুৱাৰত টুকুৰিয়ালে, এজন মানুহে দুৱাৰ খুলি দিলে৷ ট্ৰিম কৰা দাৰি, আইকুঁজা ধৰণৰ চেহেৰা, বয়স আন্দাজ চল্লিশ৷ ৰাখলবাবুৱে ক'লে, "আপোনাৰ নাম জগবন্ধু পাত্ৰ?"

"হয়৷" জগবন্ধুৱে পুলিচৰ পোছাক দেখি অলপ সচকিত হৈ ক'লে, "কিবা কথা আছিল?"

"নিৰুপমা হোটেলত ৰাজকুমাৰ বসু নামৰ এজন ব্যক্তিৰ মাৰ্ডাৰ হৈছে..."

জগবন্ধু পাত্ৰৰ মুখত অকৃত্ৰিম বিস্ময় ফুটি উঠিল, তেওঁ ক'লে, "ৰাজকুমাৰৰ মাৰ্ডাৰ হৈছে?"

"হয়৷ আপোনাক দুই এটা প্ৰশ্ন কৰিব খোজো৷"

"আহক৷" জগবন্ধু পাত্ৰই এটা ৰুমলৈ নি তেওঁলোকক বহুৱালে, "বহক, মই এতিয়াই আহিছোঁ৷"

তেওঁ কাষৰ ৰুমলৈ গুচি গ'ল৷

বহা কোঠাটো সৰু আৰু নিৰাভৰণ; এখন টেবুল আৰু তিনিখন চকী আছে; টেবুলৰ ওপৰত টেলিফোন৷ ব্যোমকেশে চিগাৰেট জলাই ৰুমৰ ইপিনে সিপিনে চোৱাত লাগিল, কিন্তু ক'তো গৃহস্থৰ চৰিত্ৰৰ একো পৰিচয় নাপালে৷"

পাঁচ মিনিট গ'ল, দহ মিনিট গ'ল, জগবন্ধু পাত্ৰৰ দেখা দেখি নাই৷ ৰাখলবাবুৱে তেতিয়া ডাঙৰকৈ মাতিলে, "জগবন্ধুবাবু!" কিন্তু উত্তৰ নাহিল৷

ব্যোমকেশে মুখ টিপি হাঁহিল, ক'লে, "বোধহয় জগবন্ধু পাত্ৰই গৃহত্যাগ কৰিছে৷"

ৰাখলবাবুৱে উত্তেজিত হৈ ক'লে, "পলাইছে৷ আহা ঘোষ, ভিতৰলৈ সোমাই যাওঁ৷ ব্যোমকেশদা আহক৷"

ব্যোমকেশ কিন্তু নগ'ল; ঘোষক লৈ ৰাখলবাবু ভিতৰলৈ গ'ল৷ দেখিলে, কোনো নাই, পিছফালৰ দুৱাৰ খোলা৷"

ৰাখলবাবুৱে উভতি আহি ক'লে, "পখী উৰি গ'ল৷"

ব্যোমকেশে ইতিমধ্যে টেবুলৰ দ্ৰয়াৰ খুলি এখন বন্ধোৱা খাটা বাহিৰ কৰিছিল, তাৰ পাত লুটিয়াই লুটিয়াই ক'লে, "মানুহজন বোধহয় ঘোঁৰাদৌৰৰ টাউট আছিল৷"

"হয় নেকি? কিন্তু পলাল কিয়?"

"নিশ্চয় কিবা গণ্ডগোল আছে, কেৱল ঘোঁৰাদৌৰ হ'লে নপলালেহেঁতেন৷"

ৰাখালবাবুৱে থানালৈ ফোন কৰিলে৷ পলাতকৰ বৰ্ণনা দিলে, আৰু মানুহ মাতি পঠিয়ালে৷ তাৰ পিছত ফোন থৈ ক'লে, "ঘোষ, তুমি ইয়াতে থাকে, আমি বেলেগ কামলৈ যাওঁ৷ এতিয়াই থানাৰ পৰা মানুহ আহিব৷ ঘৰটো তন্ন-তন্নকৈ তালাচ কৰিবা৷ আঙুলিৰ চাপ নিশ্চয় পাবা; তৎক্ষণাৎ হেড অফিচলৈ পঠিয়াই দিবা৷ মানুহটো বোধহয় দাগী আচামী৷"

জগবন্ধু পাত্ৰৰ ঘৰৰ পৰা ওলাই ৰাখলবাবুৱে ব্যোমকেশক সুধিলে, "কি কয়? জগবন্ধু পাত্ৰ আমাৰ আচামী?"

ব্যোমকেশে অকণমান মনে মনে থাকি ক'লে, "ক'ব নোৱাৰি৷ মানুহজনে ৰাজকুমাৰৰ মৃত্যুৰ খবৰ পাই চমকি উঠিছিল৷ অৱশ্যে অভিনয়ো হ'ব পাৰে৷"

তাৰপিচত মোহনলাল কুণ্ডুৰ ঘৰলৈ গৈ জনা গ'ল, কুণ্ডু ডাঙৰীয়া ঘৰত নাই৷ সপত্নীক কাশীলৈ গৈছে৷ কেতিয়া ওভতে ঠিক নাই৷

তাৰপৰা তেওঁলোকে শ্যামকান্ত লাহিড়ীৰ ঘৰলৈ গ'ল৷ তাতো নিৰাশ হ'ব লগীয়া হ'ল৷ শ্যামকান্ত লাহিড়ী ঘৰত নাই, অফিচলৈ গৈছে৷ শ্যমকান্তই পোৰ্ট কমিচনাৰৰ অফিচত ডাঙৰ চাকৰি কৰে এইখিনিকে কেৱল জনা গ'ল৷ সন্ধ্যাৰ আগতে তেওঁক পোৱা নাযাব৷

ৰাখলবাবুৱে নিশ্বাস পেলায় ক'লে, "বাকী থাকিল কেৱল লতিকা চৌধুৰী৷ এওঁ যিহেতু মহিলা গতিকে আশা কৰিব পাৰি দুপৰীয়া এওঁক ঘৰতে পোৱা যাব৷"

শ্ৰীমতী চৌধুৰী নিজৰ ঘৰত থাকে, ফ্লেট নহয়৷ সৰু আকাৰৰ ঘৰ, বেছ পৰিচ্ছন্ন, সন্মুখত এখন ফুলৰ বাগান৷ ঘন্টা বজাওঁতেই এগৰাকী চছমা পিন্ধা মহিলাই দুৱাৰ খুলি ক'লে, "কাক বিচাৰিছিলে? গৃহস্থ ঘৰত নাই৷" তাৰপিছত তেওঁৰ চকিত দৃষ্টি পৰিল ৰাখলবাবুৰ ইউনিফৰ্মৰ ওপৰত৷

জেনেৰেল ৰামপিৰিতে যি বৰ্ণনা দিছিল, মহিলাগৰাকীৰ সৈতে তাৰ মিল আছে৷ হ'লেও বয়স বিছ-পঁচিছ নহয়, আৰু বেছি৷ ত্ৰিছ-বত্ৰিশ বছৰ বয়সতো কিন্তু ফিটফাত চেহেৰা আৰু সুশ্ৰী মুখমণ্ডলৰ পৰা যৌৱনৰ ৰেশ সম্পূৰ্ণ মচা যোৱা নাই৷

ৰাখলবাবুৱে ক'লে, "আপোনাৰ নাম শ্ৰীমতী লতিকা চৌধুৰী?"

শ্ৰীমতী চৌধুৰীৰ ওঁঠ হঠাতে মেল খাই গ'ল, তেওঁ স্খলিত স্বৰেৰে ক'লে, "হয়, কিয়?"

ৰাখলবাবুৱে ক'লে, "আপোনাক দুই চাৰিটা কথা সুধিব খোজো৷ আমি পুলিচৰ মানুহ৷"

শঙ্কা-শীৰ্ণ মুখেৰে মিছেছ চৌধুৰীয়ে ক'লে, "আহক৷"

বহা কোঠাটো পৰিপাটি ভাৱে সজোৱা; চাপৰ চকী, চোফা, চেন্টাৰ পিচ৷ দেৱালত এজন মধ্যবয়স্ক পুৰুষৰ ফটো ওলোমোৱা আছে; মুখখন কঠোৰ, চকুৰ নিৰ্মম দৃষ্টিয়ে চাওঁতাক সৰ্বত্ৰ অনুসৰণ কৰি ফুৰিছে; এইটো ৰুমত থাকিলে সেই সন্ধানী দৃষ্টি এৰি যোৱাৰ উপায় নাই৷"
ব্যোমকেশ আৰু ৰাখলবাবু ওচৰা ওচৰি চোফাত বহিলে; শ্ৰীমতী চৌধুৰীয়ে এখন চকীৰ কিনাৰত বহি ভয়াৰ্ত্ত চকুৰে তেওঁলোকলৈ চালে৷

"আপোনাৰ স্বামীৰ নাম কি?"

"তাৰাকুমাৰ চৌধুৰী৷"

"কি কাম কৰে?"

"ইঞ্জিনীয়াৰ৷ ৰেলৰ ইঞ্জিনীয়াৰ৷"

"ল'ৰা ছোৱালী?"

"নাই৷ আমি নিঃসন্তান৷"

"কালি ৰাতি নটা পোন্ধৰত আপুনি নিৰুপমা হোটেললৈ গৈছিল?"

শ্ৰীমতী চৌধুৰীৰ চকুজুৰি চছমাৰ ভিতৰত বিস্ফোৰিত হ'ল, "মই? নাই নাই, মইতো চিনেমা চাবলৈ গৈছিলো৷"

"হোটেলৰ দাৰোৱানে কালি আপোনাক দেখিছে, সি আপোনাক চিনাক্ত কৰিব পাৰিব৷"

শ্ৰীমতী চৌধুৰীৰ মুখ শুকাই গ'ল, তেওঁ ওঁঠ চেলেকি ক'লে, "কিন্তু মই চিনেমা চাবলৈ গৈছিলো, আলেয়া চিনেমাত৷ টিকত দেখাব পাৰিম৷"

"আপুনি চিনেমাৰ টিকট কাটিছিলে হয়, কিন্তু চিনেমা শেষ হোৱাৰ আগতেই  নিৰুপমা হোটেললৈ গৈছিল, ৰাজকুমাৰ বোসক ল'গ কৰিবলৈ৷"

ৰাজকুমাৰৰ নাম শুনি শ্ৰীমতী চৌধুৰীৰ মুখ মৰাৰ নিচিনা হৈ গ'ল৷  তেওঁৰ ওঁঠজুৰি অস্ফুট ভাবে কঁপিব ধৰিলে, "ৰাজকুমাৰ বসু- তেওঁকতো মই নাজানো৷"

ব্যোমকেশে বন্দুকৰ গুলিৰ দৰে প্ৰশ্ন কৰিলে, "সুকান্ত সোমক চিনে?"

শ্ৰীমতী চৌধুৰীয়ে জালত আবদ্ধ হৰিণীৰ দৰে ব্যোমকেশৰ পিনে চালে, তাৰপিছত দুহাতেৰে মুখ ঢাকি কান্দি উঠিল৷

ব্যোমকেশে নৰম সুৰত ক'লে, "আমি জানো, ৰাজকুমাৰ বসু আৰু সুকান্ত সোম এজনেই ব্যক্তি৷ সি আপোনাক ব্লেকমেইল কৰি আছিল৷ কালি ৰাতি নটা পোন্ধৰ মানত চিনেমা চাই আহি আপুনি তাক টকা দিবলৈ গৈছিল৷ এতিয়া চব কথা খুলি কওক, আপোনাৰ একো ভয় নাই৷"

শ্ৰীমতী চৌধুৰী কিছুপৰ উচুপিলে, তাৰপিছত চকুপানী মচি মূৰ তুলিলে, ভঙা ভঙা মাতেৰে ক'লে, "কৈছো৷ কিয় জানিব খুজিছে আপোনালোকেই জানে, কিন্তু আপোনালোকক কাবৌ কৰিছো, মোৰ স্বামীয়ে যাতে একো গম নাপায়৷"

ব্যোমকেশে দেৱালৰ ছবিৰ পিনে আঙুলিয়াই ক'লে, "এওঁ আপোনাৰ স্বামী?"

"ওঁ৷"

"কাঢ়া মানুহ যেন লাগিছে৷ কিন্তু আপুনি নিশ্চিন্ত থাকক, নিতান্তই প্ৰয়োজন নহ'লে আমি কাকো একো নকওঁ৷"

তাৰপিছত মিছেচ চৌধুৰীয়ে লজ্জানত চকুৰে দ্বিধাজড়িত মাতেৰে যি কাহিনী ক'লে তাৰ সাৰাংশ এনেকুৱা-

বাৰ-তেৰ বছৰ আগতে শ্ৰীমতী চৌধুৰী যেতিয়া কুমাৰী আছিল তেতিয়া তেওঁৰ স্বভাৱ আছিল অন্য ৰকমৰ, তেওঁ নিজকে সংস্কাৰমুক্ত অতি আধুনিক বুলি মানিছিল৷ দেউতাকৰ ঘৰত টকা আছিল বেছি, শাসন আছিল কম৷ লতিকা চক্ৰবৰ্ত্তীয়ে বন্ধু বান্ধৱীৰ সৈতে ফুৰ্টি ধেমালি কৰি, চিনেমা-থিয়েটাৰ চাই সময় কটায়৷

সেই সময়ত চিনেমা জগতত সুকান্ত সোম নামৰ এজন হীৰো আছিল, যেনেকুৱা তাৰ চেহেৰা তেনেকুৱাই অভিনয়৷ লতিকা চৌধুৰী তাৰ প্ৰেমত পৰি গ'ল, সাধাৰণ প্ৰেম নহয়, একেবাৰে এৰিব নোৱাৰা প্ৰেম৷ তাই সুকান্ত সোমক প্ৰবল অনুৰাগপূৰ্ণ চিঠি লিখিবলৈ আৰম্ভ কৰিলে৷ তাৰপিছত লুকাই লুকাই লগ কৰিবলৈ ধৰিলে৷

লতিকাই সুকান্তক বিয়া কৰাবলৈ উঠিপৰি লাগিছিল, কিন্তু এদিন গম পালে, সুকান্তৰ ঘৰত এগৰাকী পত্নী আছে৷ তাইৰ প্ৰেমত বাধা পৰিল৷ তাইৰ দেউতাকেও বোধহয় কিবা সন্দেহ কৰিছিল, তেওঁ খৰধৰকৈ জীয়েকক বিয়া দি দিলে৷

তাৰপিছত দুবছৰ গ'ল৷ লতিকা দেৱীৰ গিৰীয়েক মানুহজন অতি ভাল৷ কিন্তু যৌন শিথিলতা সম্বন্ধে তেওঁৰ দৃষ্টিভঙ্গী অত্যন্ত কাঢ়া৷ বিয়াৰ পিছত লতিকা চৌধুৰীৰ ৰোমাঞ্চৰ নিচা ফাটি গৈছিল, স্বামীক তেওঁ মৰম আৰু শ্ৰদ্ধাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছিল৷ ল'ৰা-ছোৱালী নহ'লেও তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হৈ উঠিছিল৷

এদিন কাকতত ভয়ংকৰ বাতৰি এটা ওলাল, সুকান্তই তাৰ পত্নীক হত্যা কৰিছে৷ কেছ আদালতত উঠিল৷ আচামী অৱশ্যে ৰেহাই পাই গ'ল, কাৰণ সি আত্মৰক্ষাৰ বাবে হত্যা কৰিছিল; ঘৈণীয়েকে চুৰিৰে তাক আক্ৰমণ কৰিছিল, তাৰ মুখ আৰু সৰ্বাংগতে কাটি চিৰা-চিৰি কৰি দিছিল, সি নিজৰ প্ৰাণ বচাবৰ বাবে ঘৈনীয়েকক ডিঙী চেপি মাৰে৷ যিমান দিন আদালতত মোকৰ্দমা চলিছিল সিমান দিন লতিকা দেৱী ভয়ত কাতৰ হৈ আছিল, কিজানি কোনো সূত্ৰে তাইৰ নামটো ওলাই পৰে৷ কিন্তু সাক্ষী বা আচামী কোনেও তাইৰ নাম নকলে; তেতিয়া তাই নিশ্চিন্ত হ'ল৷

তাৰপিছত দুই তিনি বছৰ নিৰুপদ্ৰৱে পাৰ হ'ল৷

সুকান্তৰ চিনেমাৰ কাম শেষ হৈছিল; তেনেকুৱা এখন মুখ লৈ চিনেমাৰ হীৰো হ'ব নোৱাৰি৷ সি ক'ৰবাত নিৰুদ্দেশ হৈ গৈছিল৷  হঠাৎ এদিন সুকান্তই তাৰ বিভৎস মুখ লৈ লতিকাদেৱীক দেখা কৰিলে, ক'লে, "মোক টকাৰ দৰকাৰ, তুমি দিব লাগিব৷ বেছি নহয়, ছমাহৰ মূৰত তিনিশ টকা; তোমাৰ বাবে নগণ্য৷ যদি নিদিয়া, তুমি মোলৈ যিবোৰ চিঠি লিখিছিলা সকলোবোৰ তোমাৰ হাজবেণ্ডক দেখুৱাম৷"

সেই তেতিয়াৰ পৰাই শ্ৰীমতী চৌধুৰীয়ে ছমাহৰ মূৰে মূৰে তিনিশ টকাকৈ গণিছে৷ ছমাহে তিনিশ টকা তাইৰ গাত নালাগে, কিন্তু সদায় ভয়, যদি গিৰিয়েকে গম পায়৷"

কালি ৰাতি তাই টকা দিবলৈ নিৰুপমা হোটেললৈ গৈছিল, দুই নম্বৰ ৰুমৰ দুৱাৰৰ বাহিৰৰ পৰাই সুকান্ত সোমক টকা দি গুচি আহে৷ আৰু একো নাজানে৷
শ্ৰীমতীৰ কাহিনী শেষ হ'লত শ্ৰোতা দুজন কিছুক্ষণ নীৰৱে বহি ৰ'ল৷ তাৰপিছত ব্যোমকেশে নিশ্বাস পেলাই থিয় হ'ল৷ ক'লে, "আচ্ছা, আজি আমি যাওঁ৷ এটা ভাল খবৰ দি যাওঁ, কালি ৰাতি নটা পোন্ধৰৰ পৰা এঘাৰটাৰ ভিতৰত সুকান্ত সোম ওৰফে ৰাজকুমাৰ বসুৰ মাৰ্ডাৰ হৈছে৷"

ঘৰৰ পৰা ওলাই দুয়োজনে ফুটপাথত আহি ৰ'ল৷ ৰাখলবাবুৱে ক'লে, "শ্ৰীমতীৰ আত্মকথা বাৰু শুনিলো৷ কিন্তু হত্যাৰ কোনো সূত্ৰ পোৱা নগ'ল৷"

ব্যোমকেশে ক'লে, "একেবাৰে একোৱে নাই পোৱা বুলি ক'ব নোৱাৰি৷ আজি যিমানখিনি মানুহৰ জবানবন্দী শুনিলো তাৰে মাজৰ এজনে এটা নকবলগীয়া কথা কৈছে৷ কিন্তু কোনে কৈছে মনত পেলাব পৰা নাই৷'

"কি নকবলগীয়া কথা?"

"সেইটোৱে মনত পৰা নাই৷ হাজাৰটা কথাৰ মাজত সেই কথাটো মনৰ মাজত বুৰ মাৰিলে৷"

ৰাখলবাবুৱে ঘড়ী চালে, প্ৰায় তিনিটা বাজে৷ ক'লে, "মই এতিয়া থানালৈ যাম৷ আপুনি?"

"মই এবাৰ নতুন ঘৰটোৰ কাম চাই ঘৰলৈ যাম৷ কালি ৰাতিপুৱা আকৌ লগ পাম৷ ইতিমধ্যে যদি নতুন খবৰ কিবা পায়, দয়া কৰি ফোন কৰিব৷"


《চাৰি》


পাঁচটা মানত ঘৰ পাই ব্যোমকেশে একাপ চাহ খালে, তাৰপিছত চিগাৰেট এটা জ্বলাই বিচনাত দীঘল দিলে৷ অজিত ঘৰত নাই, চাৰে চাৰিটা বজাত দোকানলৈ গৈছে৷ ব্যোমকেশে অকলে অকলে চকু মুদি চিগাৰেট টনাত লাগিল৷

চাৰে ছটা বজাত সি ধৰমৰকৈ উঠি বহিল৷ সত্যৱতী কি জানো এটা কামত ৰুমত সোমাইছিল, চমকি উঠি ক'লে, "কি হ'ল?"

ব্যোমকেশে উদ্ভাসিত মুখেৰে ক'লে, "মনত পৰিছে!"

"কি মনত পৰিছে?"

"ওচৰলৈ আহা, কাণে কাণে কওঁ৷"

কাণে কাণে কথা শুনি সত্যৱতীয়ে হাঁহিমুখে ব্যোমকেশৰ বাহুত এটা মৃদু থাপৰ মাৰিলে৷ ব্যোমকেশে উঠি ক'লে, "মই এপাক ওলাই যাব লাগিব৷"

"আৰু যাবা? ক'লৈ?"

"'কালকেতু' বাতৰি কাকতৰ অফিচলৈ৷ দহ বছৰ পুৰণি কাকতৰ ফাইল খুচৰিব লাগিব৷"

"আহোতে নিশ্চয় ৰাতি হ'ব! কিবা এটা খাই যোৱা৷"

"দৰকাৰ নাই৷ পেটত নিৰুপমা হোটেলৰ পীড়া আছে৷"

পিছদিনা ৰাতিপুৱা ব্যোমকেশে ৰাখলবাবুক ফোন কৰিলে, "গৰম খবৰ কিবা আছে নেকি?"

ৰাখলবাবুৱে ক'লে, "গৰম খবৰ একো নাই৷ মৃতদেহ পৰীক্ষা কৰি অপ্ৰত্যাশিত একো  পোৱা নাই; মৃত্যুৰ সময় ডিনাৰৰ আন্দাজ ডেৰ-ঘন্টা পিছত৷ দুই নম্বৰ কোঠাত ৰাজকুমাৰ আৰু গুণধৰৰ আঙুলিৰ চাপ পোৱা গৈছে৷ শ্যামকান্ত লাহিড়ীৰ ঘৰলৈ আকৌ গৈছিলো; তেখেতে স্পষ্ট ভাৱে অস্বীকাৰ কৰিলে, ক'লে, নিৰুপমা হোটেললৈ যোৱাই নাই৷ জেনেৰেল ৰামপিৰিতে কিন্তু তেওঁক চিনাক্ত কৰিছে৷ শ্যামকান্তক এৰেষ্ট কৰা নাই, কিন্তু তেওঁৰ পিছত মানুহ লগাইছো৷"

"তাৰপিছত?"

"জগবন্ধু পাত্ৰৰ আচল নাম জনা গৈছে-- ভগৱান মহান্তি৷ দাগী আচামী; মেদিনীপুৰত এগৰাকী মহিলাক হত্যা কৰি চৈধ্য বছৰৰ কাৰণে জেললৈ গৈছিল, তাৰপিছত জেল ভাঙি পলায়৷ কলকাতালৈ আহি ছদ্ম নামত ঘোঁৰাদৌৰৰ দালালি কৰিছিল৷

"লতিকা চৌধুৰীৰ স্বামী তাৰাকুমাৰ চৌধুৰী সম্বন্ধে খোজ খবৰ কৰি গম পালো তেওঁ সেই ৰাতি এঘাৰটাৰ পিছত ঘৰ সোমাইছে৷ কিন্তু ইমান সময় ক'ত আছিল জনা যোৱা নাই৷"
"জনাৰ প্ৰয়োজন নাই৷ হোটেলৰ খবৰ কি?"

"হোটেলৰ অতিথিসকল বৰ অস্থিৰ হৈ পৰিছে৷ ভাবিছো আজি আবেলি তেওঁলোকক এৰি দিম, আপুনি কিবা পালে?"

"পাইছো৷ মই এতিয়া নিৰুপমা হোটেললৈ গৈ আছো৷ আপুনিও আহক৷"

এক নম্বৰ ৰুমৰ বন্ধ দুৱাৰৰ সন্মুখত ৰৈ ৰাখলবাবু আৰু ব্যোমকেশৰ মাজত দৃষ্টি বিনিময় হ'ল৷ ৰাখলবাবুৱে দুৱাৰত টুকুৰিয়ালে৷

দুৱাৰ মেল খালে৷ মিছেছ শোভানা ৰয়ে ৰাখলবাবুক দেখি জ্বলি উঠিল, "আপুনি আৰু কিমান দিন মোক আবদ্ধ কৰি ৰাখিব৷ মোৰ নিচিনা এজন ডাক্তৰক এনেকৈ বন্দী কৰি ৰখাটো আইন বিৰুদ্ধ জানেনে?"

ৰাখলবাবুৱে ক'লে, "মোৰ বিৰুদ্ধে যদি আপোনাৰ কিবা গোচৰ দিবলগীয়া আছে, আদালতত যাব পাৰিব৷ সদ্যহতে আপোনাক আমি দুই চাৰিটা কথা ক'ব খোজো৷"

দুয়োজনে কোঠাত প্ৰবেশ কৰিলে, ব্যোমকেশে চকীত বহি ক'লে, "আপোনাক এটা গল্প শুনাব খোজো মিছেছ ৰায়৷"

মিছেছ ৰায় পুনৰ জ্বলি উঠিল, ৰুক্ষস্বৰে ক'লে, "আপুনি আকৌ কোন? ঠাট্টা কৰিছে নেকি?"

ৰাখলবাবুৱে ক'লে, "এওঁ ব্যোমকেশ বক্সী৷ নাম শুনিছে চাগে৷"

ব্যোমকেশে ক'লে, "ঠাট্টা নাই কৰা, অকণো ঠাট্টা কৰা নাই৷ আপুনি বহক৷"

ব্যোমকেশৰ নাম শুনি মিছেছ ৰয় থতমত খাই গৈছিল, বিচনাৰ কিনাৰত বহিল৷ ৰুক্ষস্বৰ যথাসম্ভৱ কোমল কৰি ক'লে," কি কয় কওঁক৷ মই কিন্তু আজিয়ে বহৰমপুৰলৈ ঘুৰি যাম৷"

ব্যোমকেশে ক'লে, "সেইটো ভবিষ্যতৰ কথা, গল্পটো বাতৰি কাকতত পঢ়িলো, সংক্ষেপতে কৈছো, সুকান্ত সোম এজন চিনেমাৰ অভিনেতা আছিল..."

মিছেছ ৰয়ৰ শৰীৰ কঠিন হৈ উঠিল, তেওঁ অপলক নেত্ৰে ব্যোমকেশৰ পিনে চাই ৰ'ল৷ ব্যোমকেশে শুষ্ক কন্ঠেৰে ক'লে,"চিনি পায় দেখিছো৷ চিনি পোৱাৰে কথা, তেওঁ আপোনাৰ জোৱাই যিহেতু, সুকান্ত সোমে চিনেমা কৰি বহুত নাম কৰিছিল৷ আপুনি তেতিয়া বৰ্ধমানত প্ৰেক্টিছ কৰে৷ বিধৱা মানুহ, সংসাৰত এজনী মাত্ৰ ছোৱালী৷ বৰ্ধমানলৈ সুকান্তৰ অহা যোৱা আছিল৷ সি এদিন আপোনাৰ ছোৱালীক ফুচুলাই নি পলাই গ'ল৷ সুকান্তই আপোনাৰ ছোৱালীক লোভ দেখুৱাইছিল তাইক চিনেমাৰ হীৰোইন বনাব৷ আপুনি সুকান্তক ভাল নাপাইছিল, সেয়ে পলায়ন৷

একেলগে কেইদিনমান থকাৰ পিছত দুয়োৰে আচল চৰিত্ৰ ওলাই পৰিল; দুয়োৰে মিলিটাৰী মেজাজ৷ কাজিয়া আৰম্ভ হ'ল৷ কাজিয়াৰ মূল কাৰণ, সুকান্তই আপোনাৰ ছোৱালীক হীৰোইন বনাব পৰা নাই৷ এদিন কাজিয়াই চৰম পৰ্যায় পালে, আপোনাৰ ছোৱালীয়ে চুৰিৰে সুকান্তৰ মুখ কাটি চিৰা-চিৰি কৰি পেলালে৷ সুকান্তই নিজৰ প্ৰাণ বচাবলৈ আপোনাৰ ছোৱালীক ডিঙি চেপি হত্যা কৰে৷

হত্যাৰ আচামী সুকান্ত তিনিমাহ পুলিচৰ হস্পিটালত থাকিল৷ তাৰ পৰা আনি তাক যেতিয়া বিচাৰৰ বাবে আদালতত হাজিৰ কৰা হ'ল তেতিয়া তাৰ বিভৎস মুখ দেখি জজ চাহাব পৰ্যন্ত চমকি উঠিল৷ জেলৰ হস্পিটালত প্লাষ্টিক চাৰ্জাৰীৰ ব্যৱস্থা নাই; সুকান্তৰ মুখৰ ঘাঁহ শুকাইছে হয়, কিন্তু চিনেমাৰ হীৰোৰ পাৰ্ট কৰিব পৰা মুখ আৰু নাই৷

বিচাৰ হ'ল৷ আপুনি সুকান্তৰ বিৰুদ্ধে সাক্ষী আছিল, মিছেছ ৰায়৷ কিন্তু তাক ফাঁচী কাঠত ওলোমাব নোৱাৰিলে৷ তাৰ হাতত অস্ত্ৰ নাছিল, আপোনাৰ ছোৱালীৰ হাতত অস্ত্ৰ আছিল; আত্মৰক্ষাৰ অজুহাতত সুকান্তই ৰেহাই পাই গ'ল৷"

মিছেছ শোভানা ৰয় অগ্নিদীপ্ত চকুৰে ক'লে, "মিছা কথা৷ সি আগতে মোৰ ছোৱালীক ডিঙি চেপি হত্যা কৰিছিল, তাৰ পিছত নিজে নিজৰ মুখ চুৰিৰে ৰেপিছে৷"

ব্যোমকেশে মূৰ জোকাৰি ক'লে, "কথাটো বিশ্বাসযোগ্য নহয়৷ সুকান্ত সোম চিনেমাৰ আৰ্টিষ্ট, সি কেতিয়াও নিজৰ মুখত চুৰি মাৰি নিজৰ কেৰিয়াৰ নষ্ট নকৰে; নিজৰ গাত চুৰি মাৰিলেহেঁতেন৷ যি হওঁক, সুকান্ত হত্যাৰ দোষৰ পৰা ৰেহাই পালে, কিন্তু তাৰ ছবি-জীৱন শেষ হৈ গ'ল৷ সৎপথত থাকি অন্য কোনো উপায়েৰে জীৱিকা অৰ্জন কৰাৰ ৰাস্তা সি নাজানিছিল, সি কলকাতাৰ পৰা পলায় গৈ পাটনাত বাহ পাতিলে আৰু ব্লেকমেইলৰ ব্যৱসায় আৰম্ভ কৰিলে৷ যোৱা দহবছৰত কলকাতা, কটক, কাশী, দিল্লীত তাৰ বহুত ক্লায়েন্ট গোট খাইছে৷ কাৰো ওপৰত সি অযথা উৎপীৰণ নকৰে, ছমাহৰ মূৰত আহি নিৰ্ধাৰিত ধন আদায় কৰে৷ এয়াই তাৰ জীৱিকা৷

সুকান্তই যেতিয়া ধন আদায় কৰিবলৈ কলকাতালৈ আহে তেতিয়া এই নিৰুপমা হোটেলতে থাকে৷ আপুনি ইতিমধ্যে বৰ্ধমানৰ ঘৰ এৰি দি বহৰমপুৰত গৈ প্ৰেক্টিছ আৰম্ভ কৰিছে, আপুনিও মাজে মধ্যমে আহি এই হোটেলত থাকে৷ কিন্তু ঠিক একেটা সময়তে দুয়োৰে অহা হোৱা নাই, আপুনি সুকান্তক ইয়াত দেখা নাই৷

দৈৱক্ৰমে এইবাৰ আপুনি তাক দেখা পালে, সি কাষৰ ৰুমতে আছে৷ সি বোধহয় আপোনাক দেখা নাছিল৷ দেখিলে সাৱধান হ'লহেঁতেন৷ আপুনি তাক পালে মাৰ্ডাৰ কৰিব এই ধৰণৰ এটা ইচ্ছা আপোনাৰ মনত আগৰে পৰা আছিল, কিন্তু দহ বছৰে সেই জুই ছাইৰ তলত পোত গৈছিল, এতিয়া সুকান্তক হাতৰ কাষতে পাই ছাইৰ তলৰ জুই দাউ দাউকৈ জ্বলি উঠিল৷ আপোনাৰ ছোৱালীক যি মাৰিছে তাক আপুনি বাছি থাকিব নিদিয়ে৷ আপোনাৰ ছোৱালীয়েও বোধহয় আপোনাৰ পৰাই তাইৰ উগ্ৰ হিংস্ৰ প্ৰকৃতি লাভ কৰিছিল৷
সেই ৰাতি ডিনাৰ কৰি আহি আপুনি নিজৰ ৰুমত অপেক্ষা কৰিলে৷ কেনেদৰে তাক হত্যা কৰিব তাৰ প্লেন ঠিক কৰা আছিল; এতিয়া কেৱল শুভ-মুহূ্ৰ্তৰ অপেক্ষা৷

নটা পোন্ধৰৰ পৰা সুকান্তৰ ৰুমলৈ মানুহ আহিবলৈ আৰম্ভ কৰিলে৷ আপুনি নিজৰ ৰুমত উচপিচাই আছে৷ দহটা বজাত মানুহ অহা বন্ধ হ'ল৷ আপুনি অস্ত্ৰ হাতত লৈ বাহিৰ ওলাল৷ দ্বিতীয় মহলাৰ অন্যান্য অতিথি সকল দুৱাৰ বন্ধ কৰি শুই পৰিছে; যিটো ল'ৰা চিৰিৰ মুখত শুৱে সি এতিয়াও অহা নাই৷ এয়াই সুযোগ৷

আপুনি দুই নম্বৰ দৰজাত টুকুৰিয়ালে৷ সুকান্ত তেতিয়া শুই আছিল, সি উঠি আহি দুৱাৰ খুলিলে; আপুনি লগে লগে তাৰ বুকত অস্ত্ৰ বহাই দিলে৷ তাৰপিছত দুৱাৰ টানি বন্ধ কৰি নিজৰ ৰুমলৈ ঘুৰি আহিল৷ আপোনাৰ সৈতে যে ৰাজকুমাৰ বোসৰ সম্বন্ধ আছে সেইটো কোনেও নাজানে, আপোনাক কোনে সন্দেহ কৰিব পাৰে! বৰং ৰাতি যি সকলে ৰাজকুমাৰৰ সৈতে দেখা কৰিবলৈ আহিছিল সন্দেহ যাব সিহঁতৰ ওপৰত৷

আপুনি এটা সৰু ভুল কৰিছিল৷ ইন্সপেক্টৰে যেতিয়া আপোনাক জেৰা কৰিছিল তেতিয়া আপুনি কৈছিল, ৰাজকুমাৰক আগতে আপুনি কেতিয়াও দেখা নাই; তাৰপিছতে ক'লে, সেইখন মুখ দেখিলে মনত থাকিলহেঁতেন৷ ৰাজকুমাৰৰ মুখখন যে মনত থকা বিধৰ সেয়া আপুনি জানিলে কিদৰে? ৰুমৰ পিনে এবাৰ উকি মাৰিছিলে হয়, কিন্তু তেতিয়া আমি তিনিজন দুৱাৰৰ মুখত ৰৈ আছিলো, ৰাজকুমাৰৰ মুখখন আপুনি দেখা নাছিল৷ এই নক'বলগীয়া কথাটো যদি আপুনি নক'লেহেঁতেন তেন্তে দহ বছৰ পুৰণি বাতৰি কাকতৰ ফাইল খোচৰাৰ কথা মোৰ মনলৈ নাহিলহেঁতেন৷

ইমানলৈ কৈ ব্যোমকেশ ৰ'ল৷ মিছেছ ৰায়ে কমাৰৰ চৌকাৰ দগমগীয়া জুইৰ দৰে জ্বলিবলৈ ধৰিলে৷ তাৰপিছত দাঁতে দাঁতে চেপি ক'লে, "চব মিছা কথা৷ সুকান্তই মোৰ ছোৱালীক মাৰিছিল, কিন্তু মই তাক মৰা নাই৷ কিহেৰে মাৰিম? মই কি লগত চুৰি-তুৰি লৈ ফুৰো?"

ব্যোমকেশে তেওঁৰ ডাক্তৰি বেগৰ পিনে আঙুলিয়াই দেখুৱালে, "ফুৰে৷ সেই বেগটোতে আছে৷" 

মিছেছ ৰায়ৰ চকু দুটা ঢেলা পৰি গ'ল৷

"নাই৷ এয়া চাওঁক-" বেগ খুলি ক্ষিপ্ৰ হাতেৰে তাৰ ভিতৰৰ পৰা তেওঁ এখন কেঁচি বাহিৰ কৰিলে৷ দীঘল লিক-লিকিয়া ছাৰ্জিকেল কেঁচি, তাৰে দুয়োটা ফাল বেলেগ কৰিব পাৰি৷ মিছেছ ৰয়ে কেঁচিৰ এটা ফাল খুলি নিজৰ বুকুত বহাবলৈ উদ্যত হ’ল৷ কিন্তু ৰাখলবাবু সাজু আছিল, তেওঁ বিদ্যুত বেগে গৈ মিছেছ ৰয়ৰ মণিবন্ধকত খামুচি ধৰিলে৷ মিছেছ ৰয়ে উন্মত্ত কণ্ঠৰে চিৎকাৰ কৰি উঠিল, " এৰি দে.. এৰি দে.."

ব্যোমকেশে স্বস্তিৰ নিশ্বাস পেলাই ক'লে, "যাহওঁক, অস্ত্ৰটো পোৱা গ'ল৷ সেইটো নাপালে মস্কিলে আছিল৷"

*****

সমাপ্ত


~যদি লেখাটো পঢ়ি ভাল পালে, অনুগ্ৰহ কৰি ব্লগটো চাবস্ক্ৰাইব কৰে যেন~
  1. I am particularly interested in your blogger template. Have u developed it urself? Can I get one?

    ReplyDelete
    Replies
    1. ফ্ৰী টেমপ্লেট, অলপ নিজৰ মতে সজাই লৈছো. এই ৱেবচাইটটোত পাব: https://gooyaabitemplates.com/

      Delete
  2. খুবেই ভাল লাগিল। ব্যোমকেশ আগৰেপৰাই মোৰ এটি অতি প্ৰিয় চৰিত্ৰ

    ReplyDelete
    Replies
    1. অশেষ ধন্যবাদ। মোৰো প্ৰিয় চৰিত্ৰ। শৱৰ দাসগুপ্ত চিৰিজৰ উপন্য়াস এখন আৰম্ভ কৰিছো, ইসাতে পঢ়িব পাৰিবঃ http://www.rajivphukan.com/2021/03/pohoror-sat-assamese-detective-novel.html

      Delete