May 27, 2020

ছবিধ মানৱ সৃষ্ট ফল-মূল আৰু পাচলি - ৰাজীৱ ফুকন

ৰাজীৱ ফুকন
in assamese, by Rajiv Phukan
আপোনালোকে জানেনে যে কমলা এবিধ হাইব্ৰিড ফল? আৰু গাজৰৰ ৰং কমলা হোৱাৰ আঁৰতো আছে এক ৰাজনীতি৷ মানুহে সৃষ্টি কৰা এনেকুৱ ছবিধ হাইব্ৰিড ফল আৰু পাচলিৰ বিষয়ে জানো আহক৷

ব্লগৰ কথাখিনিৰ ভিডিঅ'ৰূপ

কমলাঃ ৰৱাব টেঙা আৰু মেণ্ডেৰিণ নামৰ ফলৰ মাজত সংকৰণ ঘটাই কমলাৰ সৃষ্টি কৰা হৈছিল৷ এই দুবিধ ফল পোৱা যায় হিমালয়ৰ পাদদেশত, গতিকে অনুমান কৰা হয় চীন, অথবা উত্তৰ-পূৱ ভাৰতত ইয়াৰ প্ৰথম খেতি কৰা হৈছিল৷ অ'ৰেঞ্জ নামটোও সংস্কৃত নাৰঙ্গ শব্দৰ পৰা অহা বুলি অনুমান কৰা হয়৷ পাৰ্ছিয়ান বনিজসকলেই শ্বিলঙৰ পৰা কমলা নি বহিঃবিশ্বৰ সৈতে প্ৰথম পৰিচয় কৰাই দিছিল৷ তেওঁলোকৰ মুখত নাৰঙ্গ নুফুটি ফুটিছিল নাৰেঞ্জ, আৰু সেয়াই ফৰছীৰ মুখত হ'লগৈ অ'ৰেঞ্জ৷ পোন্ধৰশ শতিকালৈ কমলা ৰঙক আকৌ অ'ৰেঞ্জ বুলি কোৱা হোৱা নাছিল৷ কৈছিল হালধীয়া ৰঙা৷ পিছত নেডাৰলেণ্ডৰ ৰাজ বংশই এই ৰঙক ফলটোৰ নামেৰে নামাকৰণ কৰিলে৷ তেওঁলোকে কমলা ৰঙক ইমানেই ভাল পাইছিল যে গোটেই ৰাজধানী খনকে এই ৰঙেৰে সজাই পেলাইছিল৷ আৰু সেই কাৰণেই সেই ৰাজবংশক জনা যায় অ'ৰেঞ্জ ডাইনেষ্টি বুলি৷ তেওঁলোকৰ কাৰেঙ হ'ল হাউছ অৱ অ'ৰেঞ্জ৷ য'ত নেডাৰলেণ্ডৰ ৰাজ পৰিয়ালে এতিয়াও বাস কৰে৷ 

গাজৰঃ ভাবিছিলে চাগে কমলাৰ কথা ক'বলৈ গৈ হাউছ অৱ অ'ৰেঞ্জৰ কথা কিয় ক'লো৷ নকোৱা হ'লে গাজৰৰ কাহিনীটো বুজাত অসুবিধা হ'লহেঁতেন৷ গাজৰৰ ৰং আদিতে আছিল বগা৷ শ শ বছৰৰ সংকৰণৰ অন্তত মানুহে হালধীয়া আৰু বেগুনীয়া ৰঙৰ গাজৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু যেতিয়াই অ'ৰেঞ্জ ৰাজবংশই স্পেইনৰ শাসন ওফোৰাই ডাট্ছ সকলক স্বাধীন কৰিলে, তেতিয়া ডাট্স খেতিয়ক সকলে ৰাজ বংশৰ সন্মানাৰ্থে হালধীয়া আৰু বেঙুনীয়া গাজৰৰ মাজত সংকৰণ ঘটাই কমলা ৰঙাৰ গাজৰৰ সৃষ্টি কৰিলে৷ ৰজায়ো ভাল পালে, আৰু গাজৰকো দিলে ৰাজকীয় পাচলিৰ মৰ্য্যদা৷
কলঃ বৰ্তমান সময়ত দেখিবলৈ পোৱা প্ৰায় সকলোবোৰ কলেই Musa acuminata আৰু Musa balbisiana নামৰ বনৰীয়া কল দুবিধৰ সংকৰণ৷ Musa acuminata ৰ সোৱাদ নাই আৰু Musa balbisiana, মানে ভীম কল (কলৰ বাপেক), গুটিৰ উৎপাতত খাব নোৱাৰি৷ বহু হাজাৰ বছৰ আগৰে পৰাই ইয়াৰ সংকৰণ কৰি থকা হৈছিল এছিয়াত৷ পিছত পৰ্টুগীজ সকলে লৈ যায় পশ্চিমলৈ৷ আৰু বিশাল পৰিসৰত ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰে৷ মানুহৰ মাজত প্ৰছাৰ কৰিলে, এয়া দেৱলোকৰ ফল৷ যাৰ কাৰণে আজিও ই পৃথিৱীৰ ভিতৰত সাৰ্বাধিক বিক্ৰী হোৱা ফলৰ প্ৰথম স্থানত আছে৷ আৰু আটাইতকৈ সুস্বাদু কল আছিল হেনো Gros Michel, তাক লৈয়ে কলৰ এটা বিশাল উদ্যোগ গঢ়ি উঠিছিল৷ কিন্তু দূৰ্ভাগ্যৰ কথা পঞ্চাছৰ দশকত পেনামা ৰোগ লাগি গোটেই প্ৰজাতিটোৱে বিলুপ্ত হৈ যায়৷ ইয়াৰ কাৰণটো হ'ল, কল শিপাৰ পৰা হয় আৰু ইয়াক গুটিৰ পৰা গজাব নোৱাৰি, যাৰ কাৰণে খেতি কৰি থকালৈকে প্ৰজাতিটো বাচি থাকিব, আৰু এবাৰ চেইনডাল চিঙি গ'লেই চব শেষ৷ তাৰপিছত আৰু সেই প্ৰজাতিটো কেতিয়াও উদ্ধাৰ কৰা সম্ভৱ নহয়৷ Gros Michelৰ বিলুপ্তিৰ লগে লগে কলৰ ব্যৱসায়ো শেষ বুলি ধৰি লোৱা হৈছিল, কিন্তু উদ্যোগটো বচাই দিলে তাতকৈ অলপ কম সোৱাদৰ জাহাজী কলে৷

ষ্ট্ৰবেৰিঃ পাতাল লোকৰ ফল৷ Heart of the Devil, কোৰাণত ঝকুম নামৰ এবিধ গছৰ কথা উল্লেখ আছে৷ ঝকুম হ'ল নৰকৰ গছ৷ আনহাতে উৰ্দুত ষ্ট্ৰবেৰীক কোৱা হয় ঝকুম৷ তাকে লৈ যতমানে কনফিউজনৰ সৃষ্টি৷ কিন্তু আমি পাতি আছো ষ্ট্ৰবেৰীৰ সৃষ্টিৰ আঁৰৰ কথা, সততে দেখিবলৈ পোৱা ষ্ট্ৰবেৰীৰ সৃষ্টি কৰা হৈছিল ওঠোৰশ শতিকাৰ ফ্ৰান্সত৷ উত্তৰ আমেৰিকাৰ পৰা অনা Fragaria Virginiana আৰু চিলিৰ পৰা ফৰাছী স্পাই এজনে অনা Fragaria Chiloensis ৰ মাজত সংকৰণ ঘটাই এই ষ্ট্ৰবেৰীৰ সৃষ্টি কৰা হৈছিল৷ আৰু এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়৷
ব্ৰ'ক'লিঃ বনৰীয়া বন্ধাকবি আৰু ফুলকবিৰ মাজত বছৰৰ পিছত বছৰ ব্ৰিডিং কৰাৰ ফলত ব্ৰ'ক'লিৰ সৃষ্টি হয়৷ কেবা শতিকা আগৰে পৰাই ইয়াৰ খতি কৰি থকা হৈছিল ইটালীত৷ পিছত ১৯২০ চন মানৰ পৰা ইটালীৰ দুই ভাতৃদ্বয়ে ইয়াক বিদেশলৈ এক্সপোৰ্ট কৰিবলৈ আৰম্ভ কৰে৷ ১৯৩০ ৰ ওচৰে পাজৰে জাপানীজ সকলে ইয়াৰ খেতি কৰিবলৈ লয় আৰু এতিয়া পৃথিৱীৰ সকলো দেশতে ইয়াৰ খেতি কৰা হয়৷

বাদামঃ Arachis Ipaensis আৰু Arachis Duranensis নামৰ দুবিধ বনৰীয়া প্ৰজাতিৰ বাদামৰ মাজত সংকৰণ ঘটাই বৰ্তমান আমি দেখিবলৈ পোৱা বাদাম বনোৱা হৈছিল৷ আমোদজনক কথা যে বাদামে মহাকাশ ভ্ৰমণো কৰিছে, মহাকাশচাৰী এলেন ছেফাৰ্ডে 1971 চনত বাদাম এটা লৈ গৈছিল চন্দ্ৰলৈ৷ তেওঁ সেইটো নিছিল তেখেতৰ বন্ধু, ৰেষ্টোৰা এখনৰ মালিক এজনৰ অনুৰোধ ক্ৰমে৷ পিছলৈ তেওঁৰ বন্ধু জনে বাদামটো প্ৰায়ে জেপত লৈ ফুৰা কৰিছিল, বা ডেস্কত সজাই ৰাখিছিল৷ তেনেকৈয়ে এদিন অভিনেতা ষ্টিভ মেক্কুইনে পাই হেনো সেইটো মুখত ভৰাইছিল খাবলৈ৷ পিচত মাৰপিত কৰি উলিয়াব লগীয়া হয়৷ সেয়া এক অন্য কাহিনী৷ পিছত কেতিয়াবা পাতিম৷

মূল কথা হ'ল, মানুহে যেতিয়াই অঘৰী জীৱন এৰি কৃষিকৰ্মক আকোঁৱালি ল'লে, তেওঁলোকে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে খেতিৰ উপযুক্ত গছ গছনিবোৰৰ সঁচ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিলে, যাৰ কাৰণে আমি আজি দেখিবলৈ পোৱা অধিকাংশ শস্য, ফল-মূল, শাক-পাচলিয়ে তাৰ মূল বন্য ৰূপৰ পৰা বহুখিনি আঁতৰি আহিছে৷ যাৰ ফলত এতিয়া আমি বিভিন্ন প্ৰজাতিৰ ধান, দাইল, বাৰমাহে লগা ফল-মূল, শাক-পাচলি আদি দেখিবলৈ পাওঁ৷ যিবোৰ গভীৰ অৰণ্যৰ মাজত আপুনি কেতিয়াও নেদেখিব৷