মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ
ৰাজীৱ ফুকন
প্ৰদোষ চন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা, সত্যজিৎ ৰায়ে সৃষ্টি কৰা এটা জনপ্ৰিয় কাল্পনিক ডিটেক্টিভ চৰিত্ৰ৷ চৰিত্ৰটোত কিছু পৰিমাণে শাৰ্লোক হোমছৰ প্ৰভাৱ দেখা যায়।
লেখক সত্যজিৎ ৰায়ৰ জন্ম হৈছিল ২ মে', ১৯২১ চনত, কলকাতা চহৰত৷ তেখেত একেৰাহে এজন চলচিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, শিল্প নিৰ্দেশক, সঙ্গীত পৰিচালক তথা ঔপন্যাসিক৷ তেওঁক বিংশ শতিকাৰ শ্ৰেষ্ঠ চলচিত্ৰ নিৰ্মাতা সকলৰ এজন বুলি গণ্য কৰা হয়৷ তেখেতে মুঠ ৩৭খন পূৰ্ণদৈৰ্ঘ ছবি, তথ্যচিত্ৰ, আৰু চুটি ছবি নিৰ্মাণ কৰে৷ বৰ্ণময় কৰ্মজীৱনত তেখেতে বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰ ভিতৰত অস্কাৰ, ভাৰত ৰত্ন আদি অন্যতম৷
চলচিত্ৰৰ উপৰিও তেওঁ কেবাখনো ছাইন্স ফিক্সন আৰু ৰহস্যধৰ্মী উপন্যাস ৰচনা কৰিছে৷ তাৰ ভিতৰত ফেলুদা আৰু প্ৰফেছাৰ শংকু চিৰিজ অন্যতম৷ ষ্টিভিন স্পিলবাৰ্গৰ জনপ্ৰিয় চলচিত্ৰ E.T. the Extra-Terrestrial সত্যজিৎ ৰায়ৰ The Alien স্ক্ৰীপ্টৰ আধাৰত বনোৱা বুলি কোৱা হয়৷ ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ কাকতত ফেলুদা চিৰিজৰ প্ৰথম গল্প 'ফেলুদাৰ গোয়েন্দাগিৰি' প্ৰকাশ পাইছিল৷ ফেলুদাক লৈ লিখা "সোণাৰ কেল্লা" আৰু "জয় বাবা ফেলুদা" উপন্যাস দুখনক তেখেতে পিছত চলচিত্ৰ ৰূপ দিয়ে৷ পিছত তেওঁৰ পুত্ৰ সন্দীপ ৰায়ে ফেলুদাৰ ওপৰত লিখা কেবাখনো উপন্যাসক চলচিত্ৰ ৰূপ দিয়ে৷ কেদৰানাথ কাণ্ড, ১৯৮৪ চনত প্ৰকাশিত ফেলুদা চিৰিজৰ ২৪ নম্বৰ উপন্যাস৷
২১, মে', ২০২0 ৰাজীৱ ফুকন, পাঠশালা