May 23, 2014

কেদাৰনাথ কাণ্ড - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
প্ৰথম অধ্যায়

"কি ভাবি আছে, ফেলুবাবু?"

প্ৰশ্নটো কৰিছিল ৰহস্য-উপন্যাসিক লালমোহন গাঙ্গুলি ওৰফে জটায়ুই৷ আমি তিনিওজনে ৰবিবাৰে ৰাতিপুৱা আমাৰ বালিগঞ্জৰ দ্ৰয়িংৰুমত বহি আছিলো, লালমোহনবাবুৱে নিয়মমাফিক তেওঁৰ গড়পাৰৰ ঘৰৰ পৰা আহিছিল আদ্দা মাৰিবলৈ৷ অলপ আগতে এজাক বৰষুণ দি উঠিছে, কিন্তু এতিয়া ঘেন ঘেনীয়া ৰ'দ৷ ৰবিবাৰে ল'ডশ্বেদিং নাই কাৰণে আমাৰ ফেনখন হুৰ হুৰাই ঘুৰিছে৷ 

ফেলুদায় ক'লে, "ভাবিছো, আপোনাৰ সদ্য প্ৰকাশিত উপন্যাসখনৰ কথা৷"

পহিলা বহাগত জতায়ুৰ 'আটলান্টিক আতঙ্ক" ওলাইছিল, আৰু আজি পাঁচ  বহাগ নপোৰোতেই বোলে চাৰে চাৰি হাজাৰ কপি বিক্ৰী হৈ শেষ৷ 

লালমোহনবাবুৱে ক'লে, "সেইখন কিতাপত যে আপোনাৰ নিচিনা মানুহৰো ভাবনাৰ খোৰাক থাকিব পাৰে, সেইটো তো ভবাই নাছিলো ডাঙৰীয়া৷"

"ঠিক তেনেকুৱা ভাবনা নহয়৷"

"তেনেহ'লে?"

"ভাবিছিলো আপোনাৰ গল্প যিমানেই গাজামৰা নহওঁক কিয়, কেৱল মচালা আৰু পাকৰ জোৰত কেৱল যে চলি যায় তেনেকুৱা নহয়, তৃপ্তিদায়কো হয়৷"

লালমোহনবাবুৱে বুকু ফুলাই কিবা কোৱাৰ আগতেই ফেলুদায় ক'লে, "সেয়ে ভাবিছিলো আপোনাৰ পূৰ্বপুৰুষ সকলৰ মাজৰ কেনোবাই গল্প চল্প লিখিছিল নে নাই?"

সঁচকথা ক'বলৈ গ'লে, আমি লালমোহনবাবুৰ পূৰ্বপুৰুষ সকলৰ বিষয়ে একোকে নাজানো৷ তেওঁ বিয়া কৰোৱা নাই আৰু তেওঁৰ মাক দেউতাক আগতেই ঢুকাইছিল, সেইটো জানো, কিন্তু তাতকৈ বেছি তেৱো কোৱা নাই, আৰু আমিও একো সোধা নাই৷

লালমোহনবাবুৱে ক'লে, "পাঁচ-সাত পুৰুষ আগৰ কথা তো নাজানো, তেওঁলোকৰ মাজত কোনেবা পাঠক চাঠক থাকিব পাৰে৷ হ'লেও যোৱা দুই তিনিটা জেনেৰেচনত নাছিল৷ সেইটো ক'ব পাৰো৷"

"আপোনাৰ দেউতাৰ ভাই নাছিল?"

"থ্ৰি ব্ৰাডাৰ্ছ, তেওঁ আছিল মিডল৷ বৰদেউতা মোহিনীমোহন হোমিওপেথিক ডাক্তৰ আছিল৷ সৰুতে আৰনিকা ৰাচটকচ বেলাডোনা পালসেতিলা কিমান খাইছো তাৰ পাত্তা নাই৷ আজোককা ললিতমোহন আছিল পেপাৰ মাৰ্চেন্ট৷ এল. এম গাঙ্গুলী আৰু চনছৰ দোকান সৌ সিদিনালৈকে আছিল৷ ভাল বেপাৰ আছিল৷ গড়পাৰৰ ঘৰটো তেওঁই বনাইছিল৷ কঁকাদেউতা আৰু দেউতা দুয়োজনেই ব্যৱসায়ত যোগ দিয়ে৷ দেউতা যিমান দিন বাচি আছিল সিমান দিনে বিজনেছ চলিছল৷ বাৱন বছৰতে গুছি গ'ল৷ তাৰ পিছত যি হ'ব লগা আছিল তাকেই হ'ল৷ এল. এম. গাঙ্গুলী আৰু চন্সৰ নামটো ব্যৱহাৰ হৈ আছিল কিছু দিনলৈ, কিন্তু মালিক সলনি হৈ গৈছিল৷"

"আপোনাৰ খুৰা? তেওঁ ব্যৱসায়ত যোগ নিদিলে?"

"নাই ছাৰ, খুৰাদেউ দুৰ্গামোহনক দেখিছিলো মোৰ জন্মৰ বহুদিন পিছত৷ মোৰ জন্ম থাৰ্টি চিক্সত৷ দুৰ্গামোহনে টুৱেন্টি নাইনত বিদ্ৰোহীৰ দলত যোগ দি খুলনাৰ এচিষ্টেন্ট কমিচনাৰ টাৰ্নবুল চাহাবক গুলি মাৰি তাৰ ঠুতুৰি উৰাই দিয়ে৷"

"তাৰ পিছত?"

"তাৰ পিছত হাৱা৷ নাপাত্তা৷ পুলিচে ধৰিব নোৱাৰিলে খুৰাদেউক৷ মোৰ ধাৰণা মোৰ এডভান্সাৰ প্ৰীতিটো সৰু খুৰাৰ পৰাই পোৱা৷"

"তেওঁ আৰু নাহিল?"
"আহিছিল৷ এবাৰ৷ স্বাধীনতাৰ পিছত ফ'ৰ্টি নাইনত৷ তাতিয়া মই ক্লাছ থ্ৰিত পঢ়ো৷ সেয়াই প্ৰথম আৰু শেষ দেখা খুৰাদেউৰ সৈতে৷ হ'লেও যাক দেখিলো, তেওঁ সেই অগ্নিযুগৰ সৰুখুৰা দুৰ্গামোহন গাঙ্গুলী নহয়৷ কমপ্লিট চেঞ্জড৷ ক'ত বিদ্ৰোহ, ক'ত পিস্তল৷ একেবাৰে নিৰীহ, সাধু পুৰুষ৷ এমাহ মান আছিল৷ তাৰ পিছত আকৌ গুচি গ'ল৷"

"ক'ত?"

"যিমান খিনি মনত পৰে কোনো হাবিত কাঠৰ ব্যৱসায় কৰিবলৈ গৈছিল৷"

"বিয়া নকৰালে?"

"নাই৷"

"কিন্তু আপোনাৰ নিজৰ বা বৰদেউতাৰ ফালৰ ভাই-ভনী আছে নিশ্চয়?"

"বাইদেউ এজনী আছে নিজৰ৷ গিৰীয়েক ৰেলৱেত চাকৰি কৰে, ধানবাদদ থাকে৷ বৰদেউতাৰ ল'ৰা নাই, তিনিজনী ছোৱালী, তিনিজনীৰে গিৰীয়েক ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সিচঁৰিত হৈ আছে৷ বিজয়া দশমীত এখনকৈ পোষ্টকাৰ্ড... বছ৷ আছলতে তেজৰ সম্পৰ্কটো একোৱে নহয়, ফেলুবাবু৷ এই যে আপোনাৰ আৰু তপেশৰ সৈতে মোৰ এই সম্পৰ্কটো, তাৰ লগত কি ব্লাডৰ ৰিলেছন কিবা------"

লালমোহন ডাঙৰীয়াই কথা বন্ধ কৰিবলগীয় হ'ল৷ কাৰণ দুৱাৰত টোকাৰ পৰিল৷ এইটোকে কোৱা হয় প্ৰত্যাশিত, কাৰণ টেলিফোনত এপইন্টমেন্ট কৰা আছিল চাৰে নটাৰ বাবে, এতিয়া বাজিছে নটা তেত্ৰিছ৷

ভদ্ৰলোকজনৰ নামটো জানিছিলো টেলিফোনত --- উমাশঙ্কৰ পুৰী --- এতিয়া চেহেৰাটো দেখিলো৷ মধ্যমীয়া হাইট, আটিল গঢ়ৰ, পিন্ধনত ঘিউ ৰঙৰ হেন্ডলুমৰ চ্যুট৷ মূৰত কেচা পকা চুলিৰ সংমিশ্ৰণ, সোঁফালে সেওঁতা৷ এই শেষৰ কাৰবাৰটো দেখিলে কিয় জানো মোৰ অস্বস্তি লাগে, ভাব হয় মুখখন যেন আয়নাত দেখি আছো৷ পুৰুষৰ ভিতৰত শতকৰা এজনৰ বেছিয়ে সোঁফালে সেওঁতা ফালে নে নাই সন্দেহ, যদিও কাৰণটো সুধিলে ক'ব পৰা নাযাব৷

"আপুনি বৰ দৌৰা-দৌৰি কৈ আহিবলগীয়া হৈছে যেন পাওঁ৷" মানুহজন চকীত বহাৰ পিছতেই ফেলুদাই মন্তব্য কৰিলে৷

"উম, তাকেই৷" উমাশঙ্কৰৰ ভুৰু কপালত উঠিল, "কিন্তু আপুনি জানিলে কেনেকৈ?"

"আপোনাৰ বাওঁ হাতৰ আটাইবোৰ নখ ক্লিপেৰে কটা, তাৰে এটা নখ এতিয়াও কোটৰ পকেটৰ কাষত লাগি আছে, অথচ সোঁ হাতৰ দুটা নখৰ বাদে আৰু বাকী বিলাক..."

"আৰু নক'ব৷" ক'লে মি. পুৰী, "ঠিক সেই সময়তে এটা ট্ৰাঙ্ক কল আহি গ'ল; কথা শেষ কৰি দেখো, আপোনাৰ সৈতে এপয়ন্টমেন্টৰ সময় হৈ গৈছে৷"

"বাৰু, এইবাৰ কওঁক, আপোনাক কি দৰে সহায় কৰিব পাৰো৷"

মি. পুৰীয়ে গম্ভীৰ হৈ নিজকে সংযত কৰি ল'লে৷ তাৰ পিছত ক'লে, "মিঃ মিতাৰ, মই থাকো ভাৰতবৰ্ষৰ আন এক প্ৰান্তত৷ আপোনাৰ নাম মই শুনিছো ভগৱানগড়়ৰ ৰজাৰ ওচৰত৷ কেৱল নাম নহয়, প্ৰশংসা৷ সেয়ে মই আপোনাৰ ওচৰলৈ আহিছো৷"

"জানি সুখী হ'লো৷"
"এতিয়া কথাটো হ'ল কি-" মিঃ পুৰী ৰ'ল৷ তেওঁৰ মাজত এটা ইতস্ততঃ ভাৱ দেখিছিলো৷ তেওঁ আকৌ ক'লে, "কথাটো হৈছে কি, এটা দূৰ্ঘটনা ঘটিব পাৰে; সেইটো যাতে নঘটে, সেয়ে আপোনাৰ সাহায় বিচাৰিছিলো৷ পোৱা যাব নে?"

ফেলুদাই ক'লে, "আপুনি কি ঘটনা বা দূৰ্ঘটনাৰ কথা কৈছে সেইটো নজনাকৈ মই মতামত দিব নোৱাৰিম৷"

শ্ৰীনাথে সেই সময়ত চাহ বিস্কুট দি থৈ যোৱাত কথাত অলপ বিৰতি পৰিল৷ তাৰ পিছত মিঃ পুৰীয়ে এখন বিস্কুট লৈ ক'লে, "আপুনি ৰূপনাৰায়ণগড় ষ্টেটৰ নাম শুনিছে?"

"নামটো শুনা শুনা লাগিছে", ক'লে ফেলুদাই, "উত্তৰ প্ৰদেশত নকি?"

"ঠিকেই কৈছে," মিঃ পুৰীয় ক'লে৷ "আলিগড়ৰ পৰা নব্বৈ কিল'মিটাৰ পশ্চিমে৷ মই যেতিয়াৰ কথা ক'বলৈ ওলাইছো৷ সেয়া আজিৰ পৰা ত্ৰিছ বছৰ আগৰ৷ তেতিয়া ৰজা আছিল চন্দ্ৰদত্ত সিং৷ মই আছিলো এষ্টেটৰ মেনেজাৰ৷ ভাৰত স্বাধীন হৈ গ'লেও তেতিয়াও এইবোৰ নেটিভ ষ্টেটৰ ওপৰত হেঁচা পৰা নাই; ৰজা সকল ৰজাই আছিল৷ চন্দ্ৰদত্তৰো চৌৱান্ন বছৰ বয়স, কিন্তু তেতিয়াও সিংহৰ দৰে চেহেৰা৷ চিকাৰ কৰে, টেনিছ খেলে, পোলো খেলে, প্ৰৌঢ়তাৰ কোনো লক্ষণ নাই৷ এটা ৰোগে তেওঁক মাজে মাজে বিব্ৰত কৰে, কিন্তু সেইটোৱে যে হঠাৎ এনেকুৱা ৰূপ ল'ব, কোনেও সেইটো সপোনতো ভবা নাছিল৷ হাপানি৷ সেয়া যে কেনেকুৱা হাপানি, মই আপোনাক কৈ বুজাব নোৱাৰিম৷ এটা তজবজীয়া ডেকা মানুহক ছমাহৰ ভিতৰতে কঙ্কাললৈ পৰিণত হোৱা এই প্ৰথম দেখিছিলো৷ কোনো ঔষধে কাম নিদিলে৷ হয়তো দুদিন দিয়ে, আকৌ যি আছিল সেই৷

তেনেতে খবৰ আহিল, হৰিদ্বাৰত হেনো এজন ভদ্ৰলোক থাকে, নাম ভৱানী উপাধ্যায়, তেওঁ বোলে হাপানিৰ অব্যৰ্থ ঔষধ জানে৷ বহু ৰোগী তেওঁৰ ঔষধত আৰোগ্য লাভ কৰিছে৷

মই নিজেই গ'লো হৰিদ্বাৰলৈ৷ ঠিকনা নাজানিছিলো তেখেতৰ, কিন্তু বিচাৰি উলিয়াওতে অসুবিধা নহ'ল, কাৰণ তেওঁক বহুতেই জানে৷ সহজ-সৰল মানুহ, অকণমানি ঘৰ এটাত থাকে, মোক যথেষ্ট আদৰ সাদৰ কৰি খাটত বহুৱালে৷ তাৰ পিছত সকলো শুনি ক'লে, মই যাম আপোনাৰ লগত, ৰজাক ঔষধ দিম; ভাল পাবলগীয়া হ'লে দহ দিনৰ ভিতৰতে ভাল পাব, নহ'লে নাই৷ সেই দহদিন মই তাতে থাকিম৷ ঔষধে কাম নিদিলে মই পইছা নলওঁ৷ 

ক'লে বিশ্বাস নকৰিব, মিঃ  মিতাৰ, দহদিন নহয়, সাত দিন নহয়, তিনি দিনৰ ভিতৰতে ৰজাৰ হাপানি উধাও৷ এনেকুৱা যে ঘটিব পাৰে, সেয়ে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি৷ উপাধ্যায়ে ক'লে, তেওঁৰ ঔষধৰ দাম পঞ্চাছ টকা৷ ৰজাক কওঁতে তেওঁতো কথাটোত গুৰুত্বই নিদিলে৷ ক'লে, মই মৰিবলৈ ওলাইছিলো, তেওঁ আহি মোক নতুন জীৱন দান কৰিলে, আৰু তাৰ দাম হ'ল পঞ্চাছ টকা?"

"এতিয়াই কৈ থওঁ যে ৰজা চন্দ্ৰদত্ত মানুহটো অলপ খাম খেয়ালী আছিল৷ তাৰোপৰি তেওঁৰ শোক, তেওঁৰ আনন্দ, তেওঁৰ ক্ৰোধ, তেওঁৰ দয়া-দাক্ষিণ্য... সকলোবোৰেই সাধাৰণা মানুহৰ তুলনাত মাত্ৰাত অলপ বেছি আছিল৷ পঞ্চাছ টকাৰ সলনি তেওঁ উপাধ্যায়ক যিটো দিলে, সেইটো এটা মণি মুক্তাখচিত সোণৰ বালগোপাল৷ বস্তুটো আচলতে এটা পেনডেন্ট বা লকেট, দীঘলে তিনি ইঞ্চি৷ তেতিয়াৰ দিনত সেইটোৰ দাম পাঁচ সাতলাখ টকা৷"

অকণমান মুকলি পাই ফেলুদাই সুধিলে, "উপাধ্যায়ে ল'লে নে লকেটটো?"

"তাকেইতো ক'ব লৈছো৷", ক'লে উমাশঙ্কৰ পুৰী, "উপাধ্যায়ে ক'লে, আমি চাধা-চিধা মানুহ, মোক ইমান বিপাঙত পেলাইছে কিয়? ইমান দামী বস্তু এটা মোৰ সৈতে থাকিব, সেইটো বেলেগে মেৰ বুলি বিশ্বাস কৰিবই বা কিয়? সকলোৱে ভাবিব মই চুৰি কৰিছো৷"

"ৰজাই ক'লে, কোনেওতো জনাৰ কথা নাহে৷ মইতো আৰু খবৰটো ঢাক-ঢোল বজাই জনাবলৈ যোৱা নাই৷ আৰু যদি কোনোবাই জানেও, তাৰবাবে মই মোৰ নিজৰ ছিল মোহৰ মাৰি লিখি দিছো যে, এইতো মই তোমাক উপহাৰ স্বৰুপে দিছো৷ ইয়াৰ পিছততো আৰু কোনেও একো ক'ব নোৱাৰে৷"

উপাধ্যায়ে ক'লে, "সেয়ে যদি হয়, মই মূৰ পাতি ল'ম আপোনাৰ এই উপহাৰ৷"

ফেলুদাই ক'লে, "আপুনি, ৰজা আৰু উপাধ্যায়, এই তিনিওজনৰ বাদে আৰু কোনোবাই কথাটো জানিছিল নেকি?"
"মই সঁচা কথা কওঁ৷' ক'লে উমাশঙ্কৰ পুৰীয়ে, "ৰজাই নিজে যদি কথাৰলচত কাৰোবাক কৈছে তেন্তে সেইটো মই নাজানো; কথাটো জানিছিল ৰজা, ৰাণী আৰু দুই ৰাজকুমাৰ, সুৰুজ আৰু পৱনে৷ ডাঙৰ কোঁৱৰ সুৰজ, অতি অমায়িক ল'ৰা, ৰাজ পৰিয়ালত তেনেকুৱা দেখা নাযায়৷ তেওঁৰ বয়স তেতিয়া বাইছ-তেইছ৷ সৰু কোঁৱৰৰ বয়স পোন্ধৰ৷ তাৰ উপৰি জানিছিলো মই, মোৰ পত্নী আৰু আমাৰ ল'ৰা দেৱীশঙ্কৰে, তাৰ বয়স তেতিয়া পাঁচ কি ছয়৷ বছ, আৰু কোনো নাই৷ আৰু এইটোও আপুনি লক্ষ কৰক মিঃ মিতাৰ, এই খবৰ কিন্তু যোৱা ত্ৰিছ বছৰত কোনো কাগজতো ওলোৱা নাই৷ আপুনিতো সাংবাদিক সকলক জানে; সিহঁতে ইয়াৰ গোন্ধ পালে জানো এৰি দিলেহেঁতেন?"

"সেইটো কথা ঠিক৷" ফেলুদাই ক'লে, "কথাটোৰ গোপোনীয়তা ৰক্ষা হৈছে, তাত কোনো সন্দেহ নাই৷"

"যি হওঁক, এতিয়া আহো বৰ্তমানলৈকে৷ ৰজা চন্দ্ৰদত্ত সিং জীয়াই আছিল আৰু বাৰ বছৰ৷ তাৰ পিছত সুৰুজদেৱ ৰজা হ'ল৷ ৰজা মানে, তেতিয়াতো আৰু ৰজা শব্দটোৰ ব্যৱহাৰ নাই; ক'ব পাৰি, তেৱেই হ'ল মালিক৷"

"আপুনি তেতিয়াও মেনেজাৰ?"

"হয়, আৰু মই প্ৰাণপণে চেষ্টা কৰিছিলো যাতে ব্যৱসায় আদিৰ জৰিয়তে ৰূপনাৰায়ণগড়ৰ ভৱিষ্যতটো আৰু মজবুত কৰা যাওক৷ কিন্তু অসুবিধা হ'ল কি, সুৰুজদেৱৰ এইবিলাক কথাত কোনো আগ্ৰহ নাই৷ তাৰ নিছা হ'ল কিতাপ৷ সি দিনটোৰ ষোল্ল ঘন্টা তাৰ লাইব্ৰেৰীতে পঢ়ি থাকে৷  তেনেক্ষেত্ৰত মই অকলে কি কৰিব পাৰো? ফলত আৰ্থিক দিশৰ পৰা ষ্টেটৰ অৱস্থা ক্ৰমে পৰি আহিবলৈ ধৰে৷"

"আপোনাৰ নিজৰ ল'ৰাওতো তেতিয়ালৈ ডাঙৰ হৈছিল৷"

"অ, দেৱীক অৱশ্যে মই তাৰ আগতেই আলিগড় স্কুললৈ পঠাই দিওঁ৷ সি আৰু ৰূপনাৰায়ণগড়লৈ অহা নাই৷ দিল্লীলৈ গৈ নিজে ব্যৱসায়ী আৰম্ভ কৰিছে৷"

"আপোনাৰ কি সেই এটাই ল'ৰা?"

"হয়৷ যি হওঁক, মোৰ নিজৰ কেবাবাৰো মন গৈছিল মেনেজাৰী এৰি দি নিজৰ দেশ মোৰদাবাদলৈ গৈ কিবা কৰো, কিন্তু মায়া এৰিব পৰা নাছিলো৷"

মিঃ পুৰীয়ে এইবাৰ পকেটৰ পৰা এটা চুৰট উলিয়াই জ্বলাই লৈ ক'লে, "এইবাৰ মই আচল ঘটনালৈ আহো, আপোনালোক অধৰ্য্য হৈছে যদি মোক ক্ষমা কৰিব৷

সাত দিন আগতে, অৰ্থাৎ উনত্ৰিশ এপ্ৰিল, শনিাবাৰে ৰূপনাৰায়ণগড়ৰ সৰুকোঁৱৰ পৱনদেৱ সিং হঠাৎ মোৰ ওচৰলৈ আহে৷ আহিয় ক'লে, "আমাৰ দেউতাৰ হাপানি যিয়ে ভাল কৰিছিল, তেওঁৰ নাম আৰু তেওঁৰ হৰিদ্বাৰৰ ঠিকনাটো মোক লাগে৷

স্বাভাৱিকতেই মই প্ৰথমে সুধিলো, কাৰোবাৰ কিবা অসুখ বিসুখ হৈছে নেকি৷ পৱনে ক'লে, নাই নহয়; সি এখন টেলিভিছনৰ ছবি বনাইছে, তাৰ বাবে তেওঁক সেই ভদ্ৰলোকৰ দৰকাৰ৷

পৱেনে যে কেমেৰা লৈ কিবাকিবি কৰি থাকে সেইটো মই জানো৷ কিন্তু সি যে  টেলিভিশ্যনৰ কাম কৰি আছে, সেইটো জনা নাছিলো৷ মই ক'লো, তুমি কি তোমাৰ ছবিত সেই ভদ্ৰলোকক দেখুৱাব খুজিছা? সি ক'লে, 'অ', কেৱল তেওঁকে নহয়, দেউতাই তেওঁক যে লকেটটো দিছিল সেইটোও দেখুৱাম৷ এটা অসুখ ভাল কৰি এনেকুৱা ধৰণৰ উপহাৰ কোনোবাই কেতিয়াবা পাইছে বুলি মোৰ মনে নধৰে৷'

তেতিয়া মই পৱনক ক'বলগীয়া হ'ল যে, উপাধ্যায় তেওঁৰ এই পাৰিশ্ৰমিকৰ কথাতো একেবাৰে প্ৰচাৰ কৰিব নোখোজে৷ পৱনে ক'লে, 'ত্ৰিশ বছৰ আগতে এজন মানুহে যি কথা কৈছিল, আজিও যে তাকেই ক'ব, তেনেকুৱা কোনো কথা নাই৷ সমস্ত পৃথিৱীৰ আগত নানান ধৰণৰ তথ্য পৰিবেশন কৰা টেলিভিছনৰ এটা প্ৰধান কাম৷ আপুনি মোক নাম ঠিকনা দিয়ক৷ তেওঁক মনোৱাৰ ভাৰ মোৰ৷' 

কি আৰু কৰিম, বাধ্য হৈ উপাধ্যায়ৰ নাম ঠিকনা দি দিলো, সি ধন্যবাদ জনাই গুচি গ'ল৷"

"উপাধ্যায়ৰ বয়স এতিয়া কিমান মান হ'ব?" ফেলুদাই সুধিলে৷

"সত্তৰ বাসত্তৰটো হ'বই৷ ৰূপনাৰায়ণগড়লৈ যেতিয়া আহিছিল৷ তেতিয়াই তেওঁৰ যৌৱন পাৰ হৈ গৈছে৷"

ফেলুদাই উমাশঙ্কৰৰ পিনে কিছুপৰ তীক্ষ্ণ দৃষ্টিৰে চাই থাকি ক'লে, "আপুনি কি এই ঘটনাটোৰ গোপোনীয়তা ওলাই পৰিব বুলিয়ে চিন্তিত হৈছে?"

মিঃ পুৰীয়ে মূৰ জোকাৰিলে৷

"নাই, মিঃ মিতাৰ৷ আপুনি ঠিকেই অনুমান কৰিছে৷ কেৱল সেইটো হোৱা হ'লে মই আপোনাৰ ওচৰলৈ নাহিলোহেঁতেন৷ মোৰ ভয় হৈছে সেই মানুহজনক লৈ৷ পৱনৰ নতুন ছখ হৈছে টেলিভিশ্যনৰ ছবি তোলাৰ৷ আপুনি নিশ্চয় জানে কামটো খৰচী৷ পৱনৰ নিজৰ কোনো আয়ৰ ৰাস্তা আছে নে নাই নাজানো, কিন্তু এইটো জানো যে সেই এটা লকেটে তাৰ সমস্ত অৰ্থিক সমস্যা দূৰ কৰি পেলাব পাৰে৷"
"কিন্তু এই লকেটটো হাত কৰিবলৈ হ'লেতো তেওঁ অসৎ উপায় অৱলম্বন কৰিবলগীয়া হ'ব পাৰে৷"

"সেইটোতো হয়েই৷"

"পৱনদেৱ মানুহটো কেনেকুৱা?"

"সি দেউতাকৰ দোষ গুণ দুয়োটাই কিছু পাইছে৷ পৱনৰ মাজতো এটা বেপৰুৱা দিশ আছে৷ ভাল খেলুৱৈ৷ ছবি ভাল তোলে৷ আকৌ জুৱাৰ নিছাও আছে৷ অথচ তাৰ বহল মনৰ পৰিচয়ো পাই থৈছো৷ তাক চিনাতো বৰ কঠিন৷ যেনেকুৱা আছিল তাৰ দেউতাক৷"

"তেনেহ'লে আপুনি মোৰ পৰা কি বিচাৰে?"

"মই বিচাৰো, আপুনি চাওঁক যাতে এই অসৎ উপায়টো অৱলম্বন কৰা নহয়৷"

"পৱনদেৱ কি হৰিদ্বাৰলৈ যাৱ?"

"অ', কিন্তু তাৰ যাওঁতে অলপ দেৰি হ'ব৷ অন্ততঃ পাঁচ-সাত দিন, কাৰণ এতিয়া সি প্ৰসাদৰ ছবি তোলাত ব্যস্ত৷"

"আমাৰো যাব লগিলে সময় লাগিব, কাৰণ তাৰ আগতেতো ট্ৰেইনত বুকিং পোৱা নাযাব৷"

"সেইটো হয়৷"

"কিন্তু ধৰক যদি মই কেছটো লওঁ, মই আপোনালোকৰ সৰু কোঁৱৰক চিনি পাম কেনেকৈ?"

"সেই ব্যৱস্থাও মই কৰি আনিছো৷ দিল্লীৰ এখন সাপ্তাহিক কাকতত কোঁৱৰৰ এই ৰঙীন ছবিখন ওলাইছিল, যোৱা মাহত৷ এটা বিলিয়াৰ্ড চেম্পিয়নস্বিপ জিকিছিল৷ এইটো আপুনি ৰাখক৷ আৰু এই, আপোনাক এডভান্স কিবা......?"

"মই এহাজাৰ টকা এডভান্স লওঁ", ফেলুদাই ক'লে৷ "কেছ সফল নহ'লেও সেইটো উভোতাই নিদিওঁ, কাৰণ সফল নহোৱাতো বহু সময়ত ডিটেক্টিভৰ অক্ষমতাৰ ওপৰত নিৰ্ভৰ নকৰে৷ সফল হ'লে মই আৰু এহাজাৰ টকা লওঁ৷"

"বেছ৷ আপুনি এতিয়াই একো ক'ব নালাগে৷ মই পাৰ্ক হোটেলত আছো৷ আপুনি কি ঠিক কৰে, আবেলি চাৰিটা বজাত ফোন কৰি জনাই দিব৷ হা হ'লে মই নিজে আহি আপোনাক বাইনা দি যাম৷"

***

সূচীপত্ৰলৈ                                                 পৰবৰ্তী অধ্যায়লৈ