May 26, 2014

কেদাৰনাথ কাণ্ড - চতুৰ্থ অধ্যায়

ৰাজীৱ ফুকন
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
চতুৰ্থ অধ্যায়

আমি ঠিক চাৰে পাঁচটা বজাত আমাৰ টেক্সিখনৰ ওচৰত গৈ হাজিৰ হ'লো৷ যোগীন্দৰৰাম তাৰ আগতেই ৰেডি৷ আমাৰ গাড়ীৰ কাষতেই পৱনদেৱৰ আমেৰিকান গাড়ীত মাল উঠাই আছে৷ তেওঁৰ গাড়ী আধা ঘন্টাৰ আগত উলিয়াব পাৰিব বুলি মনে নধৰে৷ হ'লেও এইটোও ঠিক যে, মাজ বাটতে তেওঁ আমাক কটাই যাব৷

টেক্সিত উঠিবলৈ লওতেই সৰুকোঁৱৰ হঠাৎ আমাৰ পিনে আগুৱাই আহিল৷ বুজাই যায়, কিবা ক'বলগীয়া আছে৷

ভদ্ৰলোকে ফেলুদাক উদ্দেশ্যি ক'লে, "কালি ৰাতি মিঃ গিৰিধৰে মদৰ নিচাত আপোনাৰ আচল পৰিচয়টো মোক জনাই দিছে৷ মই আপোনাক এটা চিধা কথা সুধিব খোজো৷"

"কওঁক৷"

"উমাশঙ্কৰ খুৰাই কি মোৰ ওপৰত চকু ৰাখিবলৈ আপোনাক এই কামত নিয়গ কৰিছে নেকি?"

"তেওঁ তেনেকুৱা কৰা হেঁতেনো.." ক'লে ফেলুদাই, "সেইটো মই নিশ্চয় আপোনাৰ ওচৰত প্ৰকাশ নকৰিলোহেঁতেন, কাৰণ সেইটো নীতি বিৰুদ্ধ আৰু বুৰ্বকামি হ'ব৷ হ'লেও মই আপোনাক কৈয়ে দিওঁ, আচলতে মই মিঃ পুৰীৰ হৈ একো কৰা নাই৷ আমাৰ ইয়ালৈ অহাৰ প্ৰধান উদ্দেশ্য ভ্ৰমণ৷ হ'লেও কিবা যদি গণ্ডগোল দেখো, তেনেহ'লে ডিটেক্টিভ হিচাপে মই নিজকে সংযত ৰখাটো বৰ মস্কিল হ'ব৷ ভৱানী উপাধ্যায় সম্পৰ্কে মোৰ নিজৰো এটা প্ৰৱল কৌতূহল জাগি উঠিছে৷ তাৰ এটা বিশেষ কাৰণ আছে, যদিও এতিয়াই সেইটো প্ৰকাশ কৰিব নোৱাৰিম৷"

"আই চি৷"

"এইবাৰ মই আপোনাক এটা প্ৰশ্ন কৰিব পাৰো?"

"কৰক৷"

"আপুনি কি আপোনাৰ ফিল্মত সেই বিখ্যাত লকেটটো দেখুৱাব খুজিছে?"

"নিশ্চয়৷ অবশ্যে যদিহে সেইটো এতিয়াও উপাধ্যায়ৰ লগতেই আছে৷"

"কিন্তু উপাধ্যায়ৰ লগত যে তেনেকুৱা এটা বস্তু আছে, সেইটো জনাজনি হৈ গ'লেতো তেওঁৰ জীৱন বিপন্ন হৈ পৰিব৷ ইমান দিনে যিটো কথা গোপন আছিল, আপুনি সেইটো প্ৰচাৰ কৰি দিব?"

"মিঃ মিত্তিৰ, তেওঁ যদি সঁচাকৈয়ে সন্ন্যসী হ'ব খোজে, তেনেহ'লে সেই বস্তুটো তেওঁৰ কোনো কামত নাহে৷ মই তেওঁক ক'ম, কোনো ডাঙৰ মিউজিয়িমত সেইটো দান দি দিবলৈ৷ বস্তুটো চাৰিশ বছৰ আগতে ত্ৰিবাঙ্কুৰৰ ৰজাৰ আছিল৷ কাৰুকাৰ্য্যৰ দিশৰ পৰা অতুলনীয়৷ তেওঁ সেইটো ড'নেট কৰিলে চিৰকাল তেওঁৰ নাম সেই লকেটটোৰ সৈতে জড়িত হৈ থাকিব৷ মুঠৰ ওপৰত, লকেটটো মই ছবিত দেখুৱাম, গতিকে আশা কৰো এই ক্ষেত্ৰত আপুনি মোক বাধা দিয়াৰ চেষ্টা নকৰিব৷"

শেষৰ বাক্যটো বেছ দাম্ভিকতাৰে কৈ সৰুকোঁৱৰে তেওঁৰ গাড়ীখনলৈ উভতি গ'ল৷ এইবাৰ তেওঁৰ ঠাইত সাংবাদিক ভাৰ্গৱে আহি ক'লে, "আপোনালোক তিনিও যাব বুলি আগতে জনা হ'লে আপোনালোকৰ লগতেই যাব পাৰিলোহেঁতেন৷ উপাধ্যায় সম্পৰ্কে মই যিবোৰ তথ্য আৱিষ্কাৰ কৰিছো, সেইবিলাক আপোনাক ক'ব পাৰিলোহেঁতেন৷"

"আপোনাৰ সেই তথ্যৰ চোৰ্চ কি?" ফেলুদাই সুধিলে৷

"কিছু দিছে ৰূপনাৰায়ণগড়ৰ বৰ্তমানৰ ৰজা সুৰুজদেৱে, কিন্তু আচল তথ্য দিছে ৰাজপ্ৰসাদৰ এজন আশী বছৰীয়া বুঢ়া বেয়াৰাই৷ আপুনি জানেনে যে ৰূপনাৰায়ণগড়ৰ পূৰ্বৰ ৰজা চন্দ্ৰদেৱ সিঙৰ হাপানি উপাধ্যায়ে নিৰাময় কৰিছিল?"

"হয় নেকি?"

"আৰু তাৰ বাবেই ৰজাই তেওঁক পুৰস্কাৰ দিছিল ৱান ওৱ হিজ মোষ্ট প্ৰেছাছ অৰ্নামেন্ট৷ এই কথাটো ইমান দিনে তেওঁৰ পৰিয়ালৰ বাদে কোনেও জনা নাছিল৷ আপুনি অনুমান কৰিব পাৰিছে নিশ্চয়, বাতৰি কাকাতৰ ওচৰত এই খবৰটোৰ মুল্য কিমান?"

"আপুনিতো তেনেহ'লে ৰজা হৈ যাব মিঃ ভাৰ্গৱ৷"

"মই আপোনাক কৈ থলো মিঃ মিত্তৰ,  এই লকেটটো উপাধ্যায়ৰ লগত বেছি দিন নাথাকে৷ আপুনি সঁচাকৈ সৰু কোঁৱৰৰ কথা বিশ্বাস কৰে নেকি, যে তেওঁ কেৱল ছবি তুলিবলৈ ইয়ালৈ আহিছে? মই কৈ থ'লো আপোনাক, আপুনি শীঘ্ৰেই আপোনাৰ পেছাৰ আশ্ৰয় ল'ব লগীয়া হ'ব৷"
"তাৰ বাবে মই সদা প্ৰস্তুত৷" ক'লে ফেলুদাই৷

মিঃ ভাৰ্গৱ গুছি গ'ল৷

"মানুহজন দেখিছো খতৰনাক আছে, মহাশয়৷" ক'লে লালমোহনবাবুৱে৷

"সাংবাদিক মাত্ৰেই খতৰনাক", ক'লে ফেলুদাই৷ "ডিটেক্টিভগিৰী তেওঁলোকেও কম নকৰে৷ ৰাজপ্ৰসাদৰ পুৰণা বেয়েৰাক জেৰা কৰি তেওঁ চোকা বুদ্ধিৰ পৰিচয় দিছে৷ পৰিচাৰক সকলে বহু সময়ত এনেকুৱা খবৰ ৰাখে যিবোৰ মালিকসকলে গমেই নাপায়৷ কিন্তু হ'লেও..."

"হ'লেও কি?" মই সুধিলো৷ মই বুজিছিলো, ফেলুদাৰ মনটো খুচখুচাই আছিল৷

"হ'লেও যে মানুহজনক দেখি কিয় অস্বস্তি লাগিছে, ধৰিব পৰা নাই৷'

আমাৰ গাড়ী ৰুদ্ৰপ্ৰয়াগৰ পৰা ৰাওঁনা হৈ অলকানন্দাৰ পাৰে পাৰে কিছু দুৰ গৈ হঠাৎ এটা টানেলত সোমাই পৰিল৷ সেই টানেলেৰে ওলাই যেতিয়া আকৌ পোহৰ দেখিলো, তেতিয়া নদী ওলোতা ফালে, নাম লৈছে মন্দাকিনী৷ এইখনেই এতিয়া যাব আমাৰ সৈতে কেদাৰ পৰ্যন্ত৷ কেদাৰৰ পৰাই বোলে মন্দাকিনীৰ উৎপত্তি৷

ফেলুদাৰ ভ্ৰকুটি দেখিয়েই বুজিছিলো, কিবা এটা কথা লৈ তেওঁ বিৰক্ত হৈ আছে৷ এইবাৰ তেওঁৰ কথাৰ পৰা সেইটো স্পষ্ট হ'ল, "মোৰ খং উঠি আছে সেই গিৰিধৰৰ ওপৰত৷ তেওঁ যে ইমান ইৰেস্প'নচিবল ভাবিব পৰা নাই৷ সৰুকোঁৱৰে এতিয়া যিবোৰ কথা ক'লে সেইবোৰ তেওঁৰ পক্ষে স্বাভাবিক৷ হ'লেও জানি আচৰিত লাগিছে যে মিঃ পুৰীৰ সৈতে তেওঁৰ আৰু দ্বিতীয়বাৰ কোনো কথা হোৱা নাই৷ সেইক্ষেত্ৰত মিঃ পুৰীৰ চিঠি, টেলিগ্ৰাম দুয়োটাই ৰহস্যজনক হৈ পৰিছে৷ অৱশ্যে সকলো নিৰ্ভৰ কৰিছে কোনে সঁচা কৈছে কোনে মিছা কৈছে তাৰ ওপৰত৷ মূল কথা, কেছ ড্ৰপ কৰিলেও ইয়ালৈ অহাৰ সিদ্ধান্ত যে ড্ৰপ কৰা নাই, সেয়া বৰ ভাগ্যৰ কথা৷"

গৌৰীকুণ্ড ৰুদ্ৰপ্ৰয়াগৰ পৰা আশী কিলোমিটাৰ হ'লেও ইমান উঠা-নমা আৰু বেকা-বেকি ৰাস্তা, যাওঁতে বহুত সময় লাগি যায়৷ বাটত তিনিখন চহৰ পৰে৷ ত্ৰিশ কিলোমিটাৰৰ মূৰত অগস্ত্যমুনি, হাইট আন্দাজ নশ মিটাৰ, তাৰ পৰা ন কিলোমিটাৰ দূৰৈত গুপ্তকাশী৷ গুপ্তকাশীৰ পৰা সোণপ্ৰয়াগ, য'ত সোণগঙ্গা মন্দাকিনীৰ সৈতে মিলিছে৷ এই সোণপ্ৰয়াগৰ পৰা আঠ কিলোমিটাৰ গ'লে গৌৰীকুণ্ড৷ সেইখিনি পাওঁতে হাইট হয় গৈ ২২৫০ মিটাৰ৷

প্ৰয়োজন হ'লে যাতে গৰম চোলা সহজতেই উলিয়াই ল'ব পৰা যায়, তাৰ ব্যৱস্থা আমি কৰি লৈ গৈছিলো৷ ডাঙৰ ছুটকেছ জাতীয় বস্তু লগত যি আছিল, সেইবোৰ গাৰোৱালী নিগম ৰেস্ত হাউছৰ ল'কাৰত থৈ আহিছো, যাওঁতে লৈ যাম৷ লালমোহন বাবুৰ মূৰত চুলি নাই কাৰণে টুপি পিন্ধি লৈছে৷ যদিও আমাৰ লগত মাংকি কেপ নাই, ৰাজস্থানৰ পৰা অনা কাণ-ঢকা পশমৰ লাইনিং দিয়া চামৰাৰ টুপি আছে৷

অগস্ত্যমুনি পাৰ হৈ গাড়ী ৰখাই আমি যেতিয়া গৰম কাপোৰ পিন্ধিছো, তেতিয়া আমাৰ কাষেৰেই পাৰ হৈ গ'ল পৱনদেৱৰ আমেৰিকান ট্যুৰাৰ৷ সৰু কোঁৱৰে খিৰিকীৰে হাত উলিয়াই ৱেভ কৰাত ফেলুদাৰো হাত জোকাৰিবলগীয়া হ'ল৷

আমি শীতৰ সৈতে যুঁজিবৰ বাবে প্ৰস্তুত হৈ লৈ আকৌ ৰাওনা হ'লো৷ বাঁও ফালে মন্দাকিনী একোবাৰ আমাৰ ওচৰ চাপি আহিছে, আকৌ পিছ মুহুৰ্ততেই নামি গৈছে খাদৰ একেবাৰে তললৈ৷ নদীৰ শব্দক তল পেলাই শুনা গৈছে লালমোহনবাবুৱে সুৰ লগাই গাইছে, "ওৰে তোৰা কি জানিস কেউ, জলে কেন এত ওঠে ঢেউ৷" মোৰ দৃঢ় বিশ্বাস তেওঁ গোটেই কবিতাটোৰ অকল এই দুটা লাইনেই জানে৷

শেষত ফেলুদাই আৰু ৰ'ব নোৱাৰি লাইন যোগ কৰাত লাগি গ'ল, "ওৰে তোৰা কি জানিছ কেউ, কেন বাঘ এলে দাক ফেউ.... ওৰে তোৰা কি শুনিছ কেউ, কুকুৰেৰ ঘেউ ঘেউ, খোকা কান্দে ভেউ ভেউ.."

গুপ্তকাশী যেতিয়া পালো, তেতিয়া বাজিছে দহটা৷ ইয়াতে এখন চাহৰ দোকান দেখি ৰ'বলগীয়া হ'ল৷ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাছিলো, সেয়ে ভোক ভালকৈয়ে লাগিছিল৷ গৰম জিলাপী, কচৌৰি আৰু চাহেৰে সুন্দৰ ব্ৰেকফাষ্ট হৈ গ'ল৷
যোগীন্দৰৰ এজন ভায়েক ওচৰতে থাকে, সি ক'লে পাঁচ মিনিটতে তাক ল'গ কৰি আহিব৷ এই সুযোগতে লালমোহনবাবুৱে চন্দ্ৰশেখৰ মহাদেৱ আৰু অৰ্ধনাৰীশ্বৰৰ মন্দিৰবোৰ চাবলৈ গ'ল৷

গুপ্তকাশীৰ পৰা দেখা যায় দূৰৈৰ পাহাৰৰ ওপৰত থকা উখীমঠ৷ নৱেম্বৰৰ পৰা এপ্ৰিললৈকে যেতিয়া কেদাৰলৈ যোৱা ৰাস্তা বৰফৰ বাবে বন্ধ হৈ থাকে তেতিয়া কেদাৰেশ্বৰৰ পুজা এই উখীমঠতেই কৰা হয়৷

লালমোহনবাবুৱে মন্দিৰ চাই উভতি আহিল, কিন্তু যোগীন্দৰৰ অহাৰ নাম-গোন্ধই নাই৷ ফেলুদা আৰু মই ব্যস্তভাৱে এইফালে সিফালে চাইছো৷ তেনেতে দেখিলো, সৰু কোঁৱৰৰ গাড়ী আহিছে৷ তেওঁলোক আমাক কটাই গৈছিল, আকৌ পিছ পৰিল কেনেকৈ?

আমাক দেখি গাড়ী ৰখাই কোঁৱৰ নামি আহিল৷ ক'লে, গুপ্তকাশীৰ পৰা বোলে কেদাৰ আৰু বদ্ৰী দুয়োটা চূৰাৰেই ভিউ পোৱা যায়, সেয়ে তেওঁ তাত কিছু সময় দিলে৷ হ'লেও আৰু দেৰি কৰিব নোৱাৰি, নহ'লে যাত্ৰী সকলৰ ৰাওনা হোৱাৰ দৃশ্য তুলিবলৈ পোহৰে নাথাকিব৷ 

কিন্তু তেতিয়াও যোগীন্দৰৰ দেখা দেখি নাই৷ তাৰ সলনি দেখা দিলে সাংবাদিক মিঃ ভাৰ্গৱক৷ তেওঁৰ গাড়ীখন আগতে দেখিছিলো, আৰু ভাবিছিলো তেওঁ ইমানপৰে ইয়াত কি কৰি আছে৷ ভদ্ৰলোকে ক'লে, কেদাৰনাথৰ সেৱকৰ বোলে এজন ইয়াতে আছে৷ এওঁলোক ৰাৱাল পৰিয়ালৰ মানুহ, এই বিশেষ ৰাৱাল জনৰ সৈতে হেনো এটা ইন্টাৰভিউ ল'বলৈ গৈছিল মিঃ ভাৰ্গৱ৷ এতিয়া আকৌ তেওঁ দৌৰিব লাগিব সোণ প্ৰায়াগ হৈ গৌৰীকুণ্ডলৈ৷ 

মিঃ ভাৰ্গৱ গুছি যোৱাৰ লগে লগেই এটা পোন্ধৰ ষোল্ল বছৰীয়া ল'ৰা আহি হঠাৎ, "ফোৰ-থাৰ্টি-ফোৰ টেক্সী কি কোই পেচেঞ্জাৰ হে য়াহা?" বুলি চিঞৰোতেই ফেলুদাই ব্যস্তভাৱে তাৰ পিনে আগুৱাই গ'ল৷

"ফোৰ-থ্ৰি-জিৰো-ফোৰ কি প্ৰচেঞ্জাৰ?"

"অ'৷ কিয়, কি হৈছে?"

কথা বেলেগ একো নহয়, আমাৰ গাড়ীৰ ড্ৰাইভাৰ আঘতপ্ৰাপ্ত হৈ পৰি আছে কিছু দূৰৈত৷ ল'ৰাটোৱে তাক চিনি পায় কাৰণে খবৰ দিবলৈ আহিছে৷

লালমেহনবাবুক আমাৰ বস্তু বাহানিবোৰ চাবলৈ কৈ আমি দুজনে ল'ৰাটোক অনুসৰণ কৰিলো৷ 

পাঁচ-ছয়টা ঘৰ থকা এটা নিৰিবিলি চুবুৰিত এজোপা কলগছৰ গুৰিত যোগীন্দৰ মাটিত উবুৰি খাই পৰি আছিল৷ তাৰ পিছ মূৰত ঘন চুলিৰ মাজত তেজৰ কৰাল৷ শৰীৰৰ উঠা নমাৰ পৰা বুজা গ'ল সি মৰা নাই, হ'লেও কিন্তু ফেলুদাই দৌৰি গৈ তাৰ নাৰী পৰীক্ষা কৰিলে৷ 

কোনে এই কাম কৰিলে, সেইবোৰ চিন্তা কৰাৰ সময় নাই; এতিয়া দৰকাৰ তাৰ চিকিৎসাৰ৷ ল'ৰাটোৱে ক'লে ইয়াত হস্পিটেল আৰু ফাৰ্মাচী দুয়োটাই আছে৷ সি গাড়ীও চলাব জানে৷ গতিকে সি নিজেই টেক্সী চলাই যোগীন্দৰক হস্পিতাললৈ লৈ গ'ল৷

তেনেকৈয়ে এক-ডেৰ ঘন্টা পাৰ হৈ গ'ল৷ যোগীন্দৰৰ মূৰত বেণ্ডেজ, বিষো আছে; তাক কোৱা হ'ল সি যে ইয়াতে থাকি অন্য টেক্সীৰ ব্যৱস্থা কৰি দিলেও আমি যাব পাৰিম৷ সি কিন্তু ৰাজী নহ'ল৷ সি নিজেই যাব আমাক লৈ৷

"কোনে মাৰিছিল, কিবা ধৰিব পাৰিছিলা?" ফেলুদাই সুধিলে৷

"নেহি," ক'লে যোগীন্দৰে, "পিছে চে আ কৰ মাৰা৷"

"ইয়াত তোমাৰ কোনোবা শত্ৰু আছে?"
"কোনো নাই৷"

ফেলুদাই কি ভাবিছে, সেইটো মই জানো৷ শত্ৰু যদি আছে সেয়া আমাৰ শত্ৰু৷ আমাৰ দেৰি কৰিবলৈ কামটো কৰা হৈছে৷ শত্ৰু কোন আমি ধৰিব নোৱাৰিলেও, শত্ৰু যে আছে তাত সন্দেহ নাই৷ 

আমি ৰাওনা হ'বৰ পৰত মই ফেলুদাক সুধিলো, "আচ্চা, মিঃ পুৰী যে তোমাৰ ওচৰলৈ আহিছিল, সেইটো গম পাই সৰু কোঁৱৰে তেওঁৰ দাৰাই টেলিগ্ৰাম কৰাই চিঠি লিখোৱা নাইতো? যাতে তেওঁৰ কামত ফেলু মিত্তিৰে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে৷"

"এইটো তই বৰ ভাল কথা ভাবিছ তোপছে৷ কথাটো মোৰ মনলৈও আহিছিল৷ অৱশ্যে ইয়াৰ অৰ্থ এইটোও যে মিঃ পুৰীৰ ওপৰত ইমানখিনি কতৃত্ব কৰাৰ ক্ষমতা সৰু কোঁৱৰৰ আছে৷"

"নাথাকিবনো কিয়?" ক'লে লালমোহনবাবুৱে, "সৰু কোঁৱৰ ইজ এ প্ৰিন্স, এণ্ড পুৰী ইজ অনলি এ কৰ্মচাৰী৷"

"ঠিক কৈছে আপুনি", ক'লে ফেলুদাই, "ইয়াতে বয়সৰ ব্যবধানে একো মেটাৰ নকৰে৷ হ'লেও, এইটোও ঠিক যে টেলিগ্ৰাম আৰু চিঠি পোৱাৰ পিছতো যে আমি ইয়ালৈ আহিম, সেইটো বোধহয় সৰু কোঁৱৰে ভবাই নাছিল৷"

"তাৰ মানে যোগীন্দৰক মাৰ পিট তেওঁ কৰিছে?"

"যোগীন্দৰে যেতিয়া কৈছেই ইয়াত তাৰ কোনে শত্ৰু নাই, তেনে ক্ষেত্ৰত আৰু কি হ'ব পাৰে?"

"এক্সকিউজ মি ছাৰ", ক'লে লালমোহনবাবুৱে, "মোৰ কিন্তু সেই সাংবাদিকজনকো বৰ সুবিধাৰ যেন লগা নাই৷"

"কিয় কওঁকচোন? মোৰ নিজৰো যে ভদ্ৰলোকক আদৰ্শ চৰিত্ৰৰ যেন ভাব হৈছে তেনেকুৱা নহয়৷ কিন্তু আপোনাৰ ভাল নলগাৰ কাৰণটো জনিবলৈ মন গৈছে৷"

"সাংবাদিক হ'লে পকেটত কলম নাথাকিব?" ক'লে লালমোহনবাবুৱে, "বাহিৰৰ পকেটততো নায়েই, কালি যেতিয়া ক'ট পিন্ধিছিল, তেতিয়া দেখিলো ভিতৰৰ পকেটতো নাই, ছাৰ্টৰ পকেটতো নাই৷"

"মোৰ নিচিনা যদি এটা মাইক্ৰ' কেছেট ৰেক'ৰ্ডাৰ আছে?"

লালমোহনবাবুৱে যেন কথাটো শুনি একেবাৰে দমি গ'ল৷ ক'ল, "তেনেকুৱা যদি হয়, তেতিয়া অৱশ্যে বেলেগ কথা৷ আচলতে মোৰ চাব-দাড়ি দেখিলেই কিয় জানো সন্দেহ হ'বলৈ ধৰে৷"

"হ'ব বাৰু, এতিয়া অকণমান কামৰ কথালৈ অহা যাওঁক৷"

"কি?"

"আপুনি কোনটো প্ৰেফাৰ কৰিব, ঘোঁৰা নে ডাণ্ডি?"

"নেচ্যাৰেলি আপোনালোকে যিটো প্ৰিফাৰ কৰিব, সেইটোৱেই৷ একেটা যাত্ৰাততো আৰু পৃথক ফল হ'ব নোৱাৰে৷"
"কেদাৰৰ পথ সম্বন্ধে আপোনাৰ সামান্য ধাৰণা আছে নিশ্চয়, আশা কৰো৷"

"হাঃ হাঃ হাঃ৷"

"হাঁহিছে কিয়?"

"মোৰ ধাৰণাটো বোধহয় আপোনাতকৈও ভিভিড, কাৰণ কেদাৰ যাত্ৰা সম্বন্ধে এথিনিয়ামৰ বাংলা শিক্ষক বৈকুন্ঠ মল্লিকে যি লিখি গৈছে, তাৰ তুলনা লিটাৰেচাৰ বেছি নাপাব৷ তপছে, জাননে পয়েমটো?"

"কি বা!"

"শুনক ফেলুবাবু৷"

"ৰ'ব, সন্মুখত দুটা ইউটাৰ্ন আছে, সেইবিলাক পাৰ হৈ লওঁ৷ চিধা ৰাস্তা নাপালে আবৃত্তি কৰিব নোৱাৰি, শুনাও নাযায়৷"

দহ মিনিট মান পিছত এটা চিধা ৰাস্তা পাই লালমোহনবাবুৱে তেওঁৰ আবৃত্তি আৰম্ভ কৰিলে৷

"চহৰৰ য'ত ক্লেদ, য'ত কোলাহ'ল
এৰি পিছত সহস্ৰ যোজন
চোৱা গৈছে ক'ত ভক্তজন
হিমগিৰি বেষ্টিত এই তীৰ্থপথেৰে
কেৱল আজি নহয়, সেই পুৰণি কালৰ পৰা
লগত যায় মন্দাকিনী
অটল গাম্ভীৰ্য্যৰ লগতে ক্ষিপ্ৰ প্ৰবাহিনী"

এইবাৰ হ'ল আচল কথাটো৷ শুনক যাত্ৰী সকলক কেনেদৰে ৱাৰ্নিং দিছে ভদ্ৰলোকে,

"তেনেহ'লে শুনা এই অভিজ্ঞৰ বাণী
দেৱদৰ্শন হয় জানা বহু কষ্ট মানি
গিৰিগাত্ৰে শীৰ্ণপথে যাত্ৰী অগণন
প্ৰাণ যায় যদি হয় পদস্খলন,
হ'লেও যায় অশ্বাৰোহী, যায় ডাণ্ডিবাহী,
লাঠিধাৰী বৃদ্ধলৈ চোৱা, তেওঁৰো ক্লান্তি নাই
আছে কেৱল অটল বিশ্বাস
সকলো ক্লান্তি হ'ব দূৰ, পূৰ্ণ হ'ব আশা
যাত্ৰাৰ শেষত বিৰাজমান কেদাৰেশ্বৰ
সৰ্বগুণ সৰ্বশক্তিধৰ
মহাতীৰ্থত মহাপূণ্য হ'ব নিশ্চয়
উচ্চকণ্ঠে কোৱা সৱে, কেদাৰৰ জয়!"

"হুঁ," ক'লে ফেলুদাই, "গমেই পায়, মল্লিক মহাশয়ে এই কবিতাটো লিখিছিল বাছ টেক্সীৰ যুগৰ বহুত আগতে৷"

"চাৰ্টেনলি," ক'লে লালমোহনবাবুৱে, "তেওঁ তীৰ্থযাত্ৰীৰ সকলো কষ্ট ভোগ কৰিবলগীয়া হৈছিল৷"

"কিন্তু মোৰ প্ৰশ্নটো হ'ল, আপুনি কি অশ্বাৰোহী হ'ব খোজে নে দোলাত বহি যাব খোজে, নে খোজ কাঢ়ি যাব খোজে?"

"সেইবিলাক ডিপেণ্ড কৰিব আপোনালোকৰ ওপৰত৷ দলচ্যুত হোৱাৰ প্ৰশ্নটো আৰু উঠিব নোৱাৰে৷"

"মই আৰু তোপছেতো খোজকাঢ়ি যাবলৈয়ে ঠিক কৰিছো৷ আপোনাৰ বাবে দোলাখন আটাইতকৈ নিৰাপদ, কাৰণ ঘোঁৰা বিলাকৰ এটা টেণ্ডেন্সি আছে, ৰাস্তাৰ যিফালেই খাদ সেইফালেৰে যোৱা৷ সেইবোৰ টেনচন আপোনাৰ সহ্য নহ'ব৷"

লালমোহন বাবুৱে ভয়ঙ্কৰ ভাৱে গম্ভীৰ হৈ ক'লে, "শুনক ফেলুবাবু, আপুনি কিন্তু মোৰ ক্ষমতাক ক্ৰমান্বয়ে আণ্ডাৰ এষ্টিমেট কৰিবলৈ আৰম্ভ কৰিছে৷ মই গ'লে খোজ কাঢ়ি যাম, নহ'লে নাযাওঁ৷ এইটো মোৰ চিধা কথা৷"

"হ'ব তেনেহ'লে, এইটোৱে ঠিক হ'ল৷" ক'লে ফেলুদাই৷

"এটা কথা মই সুধিব পাৰো নেকি?" ক'লে লালমোহনবাবুৱে, "অৱশ্যে এইটো জাৰ্নি সম্পৰ্কীয় নহয়৷"
"নিশ্চয় পাৰে৷"

"এওঁলোকেতো মহাশায় আমাক ধৰা পেলালেই, এতিয়া কেদাৰলৈ গৈ আমাৰ কৰণীয় কি হ'ব?"

"সেইবিলাক চব নিৰ্ভৰ কৰিব, কোনে আগতে উপাধ্যায়ৰ সন্ধান পায় তাৰ ওপৰত৷"

"ধৰক যদি আমিয়েই পাওঁ৷"

"তেনেহ'লে তেওঁক সবিস্তাৰে কথাবোৰ ক'ব লাগিব৷ সন্যাসী হৈ তেওঁৰ মনোভাৱ যদি সলনি হৈছে, তেনেহ'লে হয়তো লকেটটো তেওঁ আৰু নিজৰ লগত ৰাখিব নুখুজিব৷ আমাৰ কাম হ'ব, তেওঁ সেইটো কাক দি যাব খোজে তাৰ অনুসন্ধান কৰা, যদি তেনেকুৱা মানুহ কোনোবা আছে৷ ইয়াৰ আগতেই যদি সৰু কোঁৱৰে উপাধ্যায়ৰ সন্ধান পাই যায়, তেনেহ'লে তেওঁ হয়তো লকেটটোৰ ছবি ল'ব বিচাৰিব৷ চন্দ্ৰদেৱৰ ল'ৰা বুলি উপাধ্যায়ে হয়তো স্নেহবশতঃ ৰাজিও হৈ যাব পাৰে৷ কিন্তু উপাধ্যায়ৰ অমতত পৱনদেৱক কোনোপধ্যেই লকেটটো হস্তগত কৰিব দিব নোৱাৰি৷ অৱশ্যে তেওঁ যে সেইটো হাত কৰিব খুজিছে, তেনেকৈ ভৱাৰ যুক্তি এতিয়ালৈকে একো দেখা নাই৷ আমি কেৱল অনুমান কৰিছো যে তেওঁ ধমকি দি মিঃ পুৰীক চিঠি আৰু টেলিগ্ৰাম পঠাবলৈ বাধ্য কৰিছিল৷ কিন্তু তাৰো একো প্ৰমাণ নাই৷ টেলিভিশ্যনৰ ছবি লোৱাৰ বাদে তেওঁৰ আৰু অইন কোনো উদ্দেশ্য নাথকিবও পাৰে৷"

মই ক'লো, "কিন্তু সাংবাদিক মিঃ ভাৰ্গৱেও যে উপাধ্যায়ক বিচাৰি ফুৰিছে৷"

ফেলুদাই ক'লে, "মোৰ বিশ্বাস, ভাৰ্গৱে যিহেতু আচল কথাটো জানেই, গতিকে দুখন ফটো পালেই তাৰ কাম হৈ যাব- এখন উপাধ্যায়ৰ ফটো, এখন লকেটৰ৷ কাৰণ এই কাহিনীটো এবাৰ বাতৰি কাকতত ওলাই গ'লে ভাৰ্গৱৰ অন্ততঃ আৰু কিছু দিনলৈ অন্নচিন্তা নাথাকিব৷"

ইতিমধ্যে আমাৰ গাড়ীখন অত্যন্ত থিয় ৰাস্তাৰে উঠি দহ হাজাৰ ফুট বা চাৰে তিনি হাজাৰ মিটাৰৰ ওপৰ পাইছিল গৈ৷ অন্ততঃ যোগীন্দৰে তেনেকৈয়ে ক'লে, তাৰ লগতে বাহিৰৰ গা শিৰশিৰাই যোৱা ঠাণ্ডায়ো তাকে প্ৰমাণ কৰিলে৷ এতিয়া মাজে মাজে বৰফে ঢকা পাহাৰৰ চূৰা দেখা গৈছে, কিন্তু কোনটো কি শৃংগ সেয়া ধৰিব পৰা নাই৷ পন্ধোৰ মিনিট মানৰ ভিতৰতে গৌৰীকুণ্ড পাব লাগে৷ ঘড়ীয়ে কৈছে পাঁচটা পোন্ধৰ৷ দূৰৈৰ পাহাৰৰ চূৰাত উজ্বল ৰ'দ থাকিলেও ওচৰ পাজৰৰ পাইন আৰু ৰডোডেনড্ৰনৰ অৰণ্যত অন্ধকাৰ ঘন হৈ আহিছে৷

এটা কেঁকুৰি ঘূৰি সন্মুখত ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা ইত্যাদি দেখি বুজিলো আমি গৌৰীকুণ্ড পাই গৈছো৷ এইটোও বুজিলো যে আজি ৰাতিটো ইয়াতেই থাকিব লাগিব৷ আমাৰ কেদাৰ যাত্ৰা আৰম্ভ হ'ব কালি ৰাতিপুৱা৷ আৰু ৰাতিপুৱা ৰাওনা হ'লেও চৈধ্য কিলোমিটাৰ পৰ্বতীয়া ৰাস্তা খোজ কাঢ়ি কেদাৰ পাওঁতে সাঁজ লাগি যাব৷ অৰ্থাত আচল ঘটনা যি ঘটিব, সেয়া পৰহিৰ আগত নহয়৷

বাছ টাৰমিনাছ হোৱাৰ ফলত সৰু ঠাই যদিও গৌৰীকুণ্ডৰ ব্যস্ততাৰ অন্ত নাই৷ ঘোঁৰা, ডাণ্ডি, কাণ্ডি, কুলি- ইহঁতৰ সৈতে দৰ দাম চলিছে৷ কাণ্ডি বস্তুটো পাঁচিৰ নিচিনা৷ ইয়াত উঠিও মানুহ যায়, যদিও দেখিলে মুঠেই ভৰসা নহয়৷ 
ইয়াতে ৰাতি থাকিব লাগিব বুলি জানিও আগতীয়াকৈ কোনো ব্যৱস্থা কৰা নহ'ল৷ কাৰণ, জানিছিলো কোনো ধৰমশালাত পাটি এখন অন্ততঃ পোৱা যাব৷ সঁচাকৈয়ে দেখা গ'ল থকা ঠাইৰ কোনে অভাৱ নাই৷ ইয়াতে পাণ্ডাসকলে ঘৰ ভাৰালৈ দিয়ে৷ বিছনা, গাৰু, লেপ, কম্বল সকলো দিয়ে৷ পাণ্ডাসকল বাঙালী নহয় যদিও বাঙালী যাত্ৰী ইমানেই আহে যে ইহঁতে তেনেকৈয়ে বাঙালী শিকি পেলাইছে৷ ইহঁতৰ থকা ৰুমবোৰ দ্বিতীয় মহলাত৷ চাপৰ চাপৰ ৰুম, চিলিং ফেলুদাৰ মূৰত লাগি যায়৷ এই ৰুমবোৰৰ তলত তেনেকুৱাই চাপৰ চাপৰ দোকান ঘৰ৷ সস্তীয়া ব্যৱস্থা যদিও, মূল কথা হ'ল ৰাতিৰ টোপনিত যাতে ব্যাঘাত নজন্মে৷ 

আমি ইয়ালৈ আহিয়েই সৰু কোঁৱৰৰ হালধীয়া আমেৰিকান গাড়ীখন দেখিছিলো৷ তেওঁ আমাতকৈ চাৰি ঘন্টামান আগতেই পাইছে নিশ্চয়৷ অৰ্থাত দুপৰীয়া ঘোঁৰা লৈ গৈছে যদি ৰাতিলৈ পাই যাব৷ তাৰ মানে কেদাৰত এটা সম্পূৰ্ণ দিনতকৈও বেছি সময় পাইছে সৰু কোঁৱৰে৷ মোৰ ধাৰণা মিঃ ভাৰ্গৱো আজি ৰাতিৰ ভিতৰতে পাই যাব৷

আচৰিত এয়ে যে সকলোৰে লক্ষ একেটাই, উপাধ্যায় মহশয়ৰ সন্ধান কৰা৷

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ