মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
তৃতীয় অধ্যায়
বাটত শ্ৰীনগৰত ৰৈ চাহ-পানী খাই ৰুদ্ৰপ্ৰয়াগ পাওঁতে পাওঁতে প্ৰায় পাঁচটা বাজি গ'ল৷ স্কুল, কলেজ, হস্পিটেল, পোষ্টঅফিছ, থানা চব মিলাই ৰুদ্ৰপ্ৰয়াগ বেছ ডাঙৰ চহৰ৷ কৰবেটে য'ত লিঅপাৰ্ড মাৰিছিল, তাত হেনো বহুদিনলৈ এখন চাইব'ৰ্ড আছিল৷ কিন্তু যোগীন্দৰে ক'লে কেইবছৰমান আগতে সেইখন ভাঙি গৈছে৷
আমি চিধা গুচি গ'লো গাৰোৱাল নিগম ৰেষ্ট হাউচলৈ৷ চহৰৰ পৰা অলপ আঁতৰত সুন্দৰ নিৰিবিলি ঠাইত বনোৱা ৰেস্ত হাউছটোত ভৰি দিয়েই প্ৰথম যিটো খবৰ শুনিলো, সেইটো হ'ল, কেদাৰনাথলৈ যোৱা বাটৰ এঠাইত হোৱা ভুমিস্খলনৰ ফলত বোলে বাছ চলাচল বহুদিন ধৰি বন্ধ হৈ আছিল, আজিৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰিছে৷ ইয়াৰ ফলত আমাৰ এটা ডাঙৰ সুবিধা হৈছিল, সেইটো পিছত উপলব্ধি কৰিছিলো৷
মেনেজাৰ মিঃ গিৰিধৰে ফেলুদাক নিচিনিলেও আমাক বৰ আদৰ-সাদৰ কৰিলে৷ তেওঁ হেনো হিন্দী অনুবাদত বহুতো বাঙালী উপন্যাস পঢ়ি বাঙালী ভক্ত হৈ পৰিছে৷ তেওঁৰ প্ৰিয় লেখক হৈছে বিমল মিত্ৰ আৰু শংকৰ৷
মিঃ গিৰিধৰৰ উপৰিও আৰু এজন ভদ্ৰলোক আছিল ৰেস্ত হাউছত, তেওঁ কেদাৰলৈ যোৱা পথ বন্ধ কাৰণেই ফঁচি গৈছিল৷ এওঁ কিন্তু ফেলুদাক দেখি চিনি পালে৷ ক'লে, "মই এজন সাংবাদিক, মই আপোনাৰ বহুত কেছৰ কথা জানো, চেভেন্টি নাইনত এলহাবাদৰ সুখতঙ্কৰ মাৰ্ডাৰ কেছত আপোনাৰ ছবি ওলাইছিল নৰ্দান ইণ্ডিয়া পত্ৰিকাত৷ তাৰ পৰাই মই আপোনাক চিনি পাইছো৷ মোৰ নাম কৃষ্ণকান্ত ভাৰ্গৱ৷ আই এম ভেৰি প্ৰাউড টু মিট ইউ, ছাৰ৷"
ভদ্ৰলোকৰ বয়স চল্লিশৰ ওচৰে পাজৰে, চাব-দাৰি, মধ্যমীয়া গঢ়ৰ৷ মিঃ গিৰিধৰে ফেলুদাৰ পৰিচয় পাই ভীষণ উত্তেজিত হৈ পৰিল, "দিয়াৰ ইজ ন' ট্ৰাবল হিয়াৰ আই হোপ?"
"ট্ৰাবল সকলোতেই হ'ব পাৰে, মিঃ গিৰিধৰ৷ হ'লেও আমি আহিছো অন্য এটা কামত৷ আপোনালোকৰ ইয়াতে ভৱানী উপাধ্যায় নামেৰে এজন ভদ্ৰলোক..."
"উপাধ্যায়তো ইয়াত নাই," ক'লে সাংবাদিক মিঃ ভাৰ্গৱে৷ "মইতো তেওঁকলৈয়ে এটা ষ্ট'ৰি কৰিম বুলি ইয়ালৈ আহিছো৷ হৰিদ্বাৰলৈ গৈ শুনিলো, তেওঁ ৰুদ্ৰপ্ৰয়াগলৈ গৈছে; ইয়ালৈ আহি শুনিলো তেওঁ খুব সম্ভৱ কেদাৰনাথলৈ গৈছে৷ মই সেয়ে কালি ৰাতিপুৱা কেদাৰলৈ যাম তেওঁক বিচাৰি৷ হি ইজ এ মোষ্ট ইন্টাৰেষ্টিং কেৰেক্টাৰ মিঃ মিটাৰ৷"
"মই অৱশ্যে তেওঁৰ অসুখ নিৰমায় কৰিব পৰাৰ কথা শুনিছো," ক'লে ফেলুদাই৷ তাৰপিছত লালমোহন বাবুৰ পিনে দেখুৱাই চেপা মাতেৰে ক'লে, "মোৰ এই বন্ধুজনৰ মাজে মাজে মস্তিষ্কৰ বেমাৰৰ নিচিনা হয়৷ ভুল বকে, অলপ ভায়'লেন্স হৈ পৰে৷ সেয়ে এবাৰ তেওঁক দেখুৱাম বুলি ভাবিছিলো৷ কলিকতাৰ এলোপেঠী, হোমিওপেঠীত একো কাম দিয়া নাই৷"
লালমোহন বাবুৱে প্ৰথমতে থতমত খালে, তাৰপিছত ফেলুদাৰ কথা সত্য প্ৰমাণ কৰিবৰ বাবে মুখত এটা হিংস্ৰ ভাৱ অনাৰ চেষ্টা কৰিলে, আমাৰ ঘৰত এখন নেপালী মুখা আছে, দেখিবলৈ তেনেকুৱা লাগিল৷
"তেনেহ'লে আপোনালোকৰ কেদাৰ-বদ্ৰী যোৱাৰ বাদে বেলেগ ৰাস্তা নাই," ক'লে মিঃ ভাৰ্গৱে৷ "মই বদ্ৰীলৈ গৈ তেওঁক নাপালো৷ অৱশ্যে তেওঁ বোলে সন্যাসী হৈছে, সেয়ে নামো হয়তো সলাই লৈছে৷"
তেনেতে ৰেস্ত হাউছৰ বাহিৰত এখন আমেৰিকান গাড়ী আহি ৰ'ল, আৰু তাৰ পৰা তিনিজন ভদ্ৰলোক নামি আমাৰ পিনে আগুৱাই আহিল৷ এওঁলোকৰ যিজন দলপতি, তেওঁক চিনি পাবলৈ আমাৰ অকণো অসুবিধা নহ'ল, কাৰণ তেওঁৰেই ৰঙীণ ছবি আছে ফেলুদাৰ লগত৷ এওঁ হ'ল ৰূপনাৰায়ণগড়ৰ সৰু কোঁৱৰ বিলিয়াৰ্ড চেম্পিয়ন পৱনদেৱ সিং৷ আন দুজন নিৰ্ঘাত তেওঁৰ চামচা৷
আমি পাঁচজনে তেতিয়া বাংলাৰ সন্মুখৰ বাৰান্দাত বহি চাহ খাইছিলো৷ এতিয়া আকৌ তিনিজন মানুহ বাঢ়িল৷ পৱনদেৱে এখন বেটৰ চকী দখল কৰি ক'লে, "আমি বদ্ৰীনাথৰ পৰা আহিছো৷ ন' লাক৷ উপাধ্যায় তাত নাই৷"
মিঃ গিৰিধাৰে ক'লে, "আচৰিত কথা এই যে, আমাৰ ইয়ালৈ যিমানজন অতিথি আহিছে, সকলোৱে উপাধ্যায়কে বিচাৰি আহিছে, অথচ প্ৰত্যেকজনে বেলেগ বেলেগ কাৰণত৷ আপুনি তেওঁৰ ছবি তুলিব, মিঃ ভাৰ্গবে তেওঁৰ ইন্টাৰভিউ ল'ব, আৰু মিঃ মিটাৰে তেওঁৰ বন্ধুৰ চিকিৎসা কৰাব৷"
পৱনদেৱৰ দলৰ সৈতে টেলিভিশ্যনৰ যন্ত্ৰ পাতি আছে৷ কেমেৰাটো পৱনদেৱৰ নিজৰ হাতত, আৰু তাত লগোৱা আছে এখন পেল্লায় লেন্স৷
"সেইখনতো আপোনাৰ টেলিলেন্স দেখিছো," ফেলুদাই মন্তব্য কৰিলে৷
পৱনদেৱ কেমেৰাটো টেবুলৰ ওপৰত থৈ ক'লে, "ওঁ, ৰাতিপুৱাৰ ৰ'দত বদ্ৰীনাথৰ চূৰাৰ পৰা বৰফ গলি গলি পৰা দেখা যায়৷ এক্সুৱেলি আমাৰ গোটেইখিনি সৰঞ্জাম এজনেই হেণ্ডেল কৰিব পাৰে৷ কেমেৰা, চাউণ্ড, সকলো৷ আমাৰ এই দুই বন্ধু থাকিব গৌৰীকুণ্ডলৈকে৷ বাকীখিনি মই অকলেই তুলিম৷"
"তাৰ মানে আপুনিও কেদাৰনাথলৈ যাব?"
"ও', কালি ৰাতিপুৱাই ওলাই দিম৷"
"আপুনি ভৱানী উপাধ্যায়ক লৈ ফিল্ম বনাইছে?"
"অ', অষ্ট্ৰেলিয়ান টেলিভিছনৰ বাবে৷ উপাধ্যায় মানে, তেওঁৰ লগত হৰিদ্বাৰ, হৃষীকেশ, কেদাৰ, বদ্ৰীও কিছু থাকিব৷ হ'লেও চেন্ট্ৰেল কেৰেক্টাৰ হ'ব ভৱানী উপাধ্যায়৷ আচৰিত চৰিত্ৰ৷ তেওঁ মোৰ দেউতাৰ হাপানি যি ভাৱে নিৰাময় কৰিছিল, সেইটো এটা মিৰাকল৷"
মই আঁৰচকুৰে পৱনদেৱক লক্ষ কৰি গৈছিলো৷ উমাশঙ্কৰ পুৰীয়ে যি চৰিত্ৰ বৰ্ণনা কৰিছিল, তাৰ সৈতে কোনো মিল পোৱা নাছিলো৷ ফেলুদাই দেখিলো উমাশঙ্কৰ পুৰীৰ কোনো কথা নুলিয়ালে৷
ৰুদ্ৰপ্ৰয়াগ পোৱাৰ সময়ত এখন হোটেল চাই থৈছিলো, তাতেই আমি তিনিজনে গৈ দিনাৰ কৰিলো৷ ৱেইটাৰে যেতিয়া অৰ্দাৰ নিবলৈ আহিল, তেতিয়াই লালমোহন বাবুৱে হঠাৎ ভীষণ জোৰেৰে টেবুলত এটা ভুকু মাৰি মছলাদানি এটা ওলোটাই দি ক'লে, তেওঁ আৰ্মাডিলোৰ কণীৰ ডালনা খাব৷ তেতিয়া ফেলুদায় তেওঁক বুজাই ক'লে যে যাৰ আগত তেওঁৰ অসুখৰ কথা কোৱা হৈছে, কেৱল তেওঁলোকৰ আগতহে এই ধৰণৰ আচৰণ প্ৰদৰ্শন কৰা উচিত, সকলো সময়তে নহয়৷ বিশেষকৈ ভায়োলেন্সটো যাৰে তাৰে আগত দেখুৱাবলৈ গ'লে লালমোহনবাবুৱে মাৰ খাবলগীয়া হ'ব পাৰে৷
"সেইটো হয়৷" ক'লে লালমোহন বাবুৱে৷ "হ'লেও সুযোগ পালে কিন্তু নেৰো৷"
পিছদিনা ৰাতিপুৱাই উঠিব লাগিব বুলি আমি খেৱা পৰ্ব শেষ কৰিয়েই ৰেষ্ট হাউছলৈ গুছি আহিলো৷ কোনেও একো ধমকি ভৰা চিঠি দি যোৱা নাইতো এই সুযোগতে? আমাৰ আকৌ এই বস্তুটোৰ এটা ট্ৰেডিশ্যন আছে৷ কিন্তু নাই, ইফালে সিফেলে চায়ো তেনেকুৱা একো নাপালো৷
আমাৰ দুটা কোঠা পিছতেই যে পৱনদেৱে, তেওঁৰ দুই বন্ধু আৰু গিৰিধৰক লগত লৈ পানীয়ৰ সদ্ব্যৱহাৰ কৰিছে, সেইটো গিলাছৰ টুং টাং আৰু খেক খেক হাঁহিৰ পৰাই বুজিব পাৰিছিলো৷
লালমোহনবাবুৱে তেওঁৰ গাৰুত মূৰ থৈ ক'লে, "এটা কথা কিন্তু ক'বই লাগিব ফেলুবাবু, সেইদিনা আপোনাৰ ঘৰত বহি পুৰী চাহাবে সৰুকোঁৱৰৰ বিষয়ে যিয়ে নকওঁক কিয়, মোৰ কিন্তু ভদ্ৰোলোকক বেছ মাই ডিয়াৰ যেনেই লাগিছে৷"
ফেলুদাই ক'লে, "প্ৰকৃতিয়ে কিন্তু বহুত হিংস্ৰ প্ৰাণীকে সুন্দৰ কৰি সৃষ্টি কৰিছে৷ বাংলাৰ বাঘত কৈ আৰু সুন্দৰ প্ৰাণী কিবা আছে জানো? ময়ুৰৰ খোটত কি বিষ থাকে, সেয়াতো আপুনি জানে৷ নে নাজানে?"
লালমোহনবাবুৱে তেওঁৰ এলাৰ্ম ক্ল'কৰ চাবিত এটা পাক দি, চকুলৈ হিংস্ৰ ভাৱ এটা আনি, অদ্ভুত কিবা এটা কৈ শুই পৰিল৷