মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অষ্টম অধ্যায়
সি পলাব নোৱাৰে, জানে৷ অথচ দৌৰিছিল, প্ৰাণটাকি দৌৰিছিল ইটো গলিৰ পৰা সিটো গলিলৈ৷ এই আলি-গলিবোৰ তাৰ মুখস্থ, নখদৰ্পনত৷ কোনফালে সোমাব লাগে কোনফালে ওলাব লাগে, সি জানে৷ পিছে পিছে এযোৰ, মাত্ৰ এযোৰ ভৰিয়েই খেদি আহিছে৷ শৱৰ দাশগুপ্ত৷ লালবজাৰৰ চিকাৰী৷ তেওঁৰ লগত পিস্তল আছে৷ ইচ্ছা কৰিলেই চাৰ্জ কৰিব পাৰে৷ কৰা নাই৷ পিস্তল তাৰ লগতো আছে৷ ইচ্ছা কৰিলে সিও চাৰ্জ কৰিব পাৰে৷ কৰা নাই৷ কৰি লাভ নাই৷
অথচ সি দৌৰিছে কিয়? পলাইছে? নাই, সি পলাব খুজিলে পাৰিব৷ কিন্তু সেয়া নহয়৷ সি দৌৰিছে নিজৰ হাতৰ পৰা নিজকে মুক্ত কৰিবলৈ৷ নাই, ঠিক বুজাব পৰা নাই৷ কোনেও নুবুজিব৷ এই অবাধ্য জীৱনত সি কত কি কৰা নাই৷ তাৰ কিমান কি গুছি গৈছে বোৱতি সময়ৰ পানীত৷
সন্মুখত সোঁফালে এটা বন্ধ গলি৷ সি সোঁফালেই ঘূৰিল৷ দৌৰিবলৈ ধৰিলে৷ তাৰ পিছত চিধা গৈ খুন্দিয়ালে দেৱালত৷ ৰ'ল৷ লাহে লাহে ঘূৰি থিয় হ'ল৷ দেৱালত আউজি অপেক্ষা কৰাত লাগিল৷ নিৰ্জন গলি৷ আঁতৰত গলিৰ মুখ৷ তাত শৱৰ দাশগুপ্ত আহি ৰ'ল৷ নাই, পিস্তলত হাত দিয়া নাই৷ দূৰৈৰ পৰাই তালৈ চালে৷ তাৰ পিছত ধীৰ খোজেৰে খোজ কাঢ়ি আহিবলৈ ধৰিলে তাৰ পিনে৷ দুপৰীয়াৰ ৰ'দ চোকা হৈ উঠিছে৷ শৱৰক চুটি-চাপৰ যেন লাগিছে, ভৰিৰ তলত চুটি ছাঁ৷
তেওঁৱো পিস্তলত হাত নিদিলে৷ অনৰ্থক৷ এতিয়া আৰু এইবোৰ কৰি লাভ কি!
শৱৰে সন্মুখত আহি ৰ'ল, "পলাইছিলি কিয়?"
"পলালে কি ধৰিব পাৰিলেহেঁতেন?"
"মিছা মিছি ইমান দৌৰাই কি লাভ হ'ল৷"
'"হৈছে৷ ইমান সহজতে ধৰিব৷ অকণো গাৰ ঘাম নোলাব, কেনেকুৱা কথা!"
শৱৰে অকণমান হাঁহিলে, "সহজে ধৰিছো, কোনে কয়, কিমান চক্কৰ মাৰিবলগীয়া হৈছে৷"
"পৰিশ্ৰমতো সাৰ্থক হ'ল৷"
"তুমিতো ভাল কথা ক'ব জানা৷"
"পিস্তলটো নালাগে?"
"নাই, তুমি মোক গুলি নকৰা, জানো৷"
"কিয় নকৰো?"
"তুমি বুদ্ধিমান কাৰণে৷ মোক মাৰিব পাৰিবা, কিন্তু চিষ্টেমটোক জানো মাৰিব পাৰিবা? অতীতক মাৰিব পাৰিবা? যি হৈ গ'ল তাক মাৰিব পাৰিবা?"
"নাই৷"
"সেয়ে বিচৰা নাই৷ মই হীৰো নহয়, ল'জিকেল৷"
"আপুনিও ভাল কথা ক'ব জানে৷"
শৱৰে অকণমান হাঁহিলে৷ মৃদু স্বৰেৰে ক'লে, "ছোৱালীজনীক মাৰিলা কিয়?"
"ছোৱালীজনী মৰাটো দেখিলে, মই মৰাটো নেদেখিলে?"
শৱৰে এটা ম্লান হাঁহি মাৰিলে, "সেইটোও দেখিছো৷"
"মই কেতিয়া মৰিছিলো জানে? দহ বছৰ আগতে৷"
শৱৰে এটা দীৰ্ঘশ্বাস পেলালে৷
"আপুনি কি, ভাবে নেকি ছাৰ? মই পলাইছিলো বুলি?"
"নাই৷ পলাব খুজিলে তুমি এই বন্ধ গলিত নোসোমোৱা৷ কিন্তু তুমি পলোৱা হ'লে মই সুখী হ'লোহেঁতেন৷"
সি কিছুপৰ শৱৰলৈ চাই থাকি ফেঁকুৰি উঠিল৷ দুয়ো হাতেৰে মুখখন ঢাকি ধৰিলে৷ কিছু সময় লাগিল চম্ভালি ল'বলৈ৷ তাৰ পিছত মুখৰ পৰা হাত গুছাই তীক্ষ্ণ চাওঁনিৰে শৱৰৰ চকুলৈ চাই ক'লে,"মানুহে জানে মই তাইক পলুৱাই আনিছিলো, মানুহে জানে, মই তাইক অপৱিত্ৰ কৰিছো৷ পুলিচে মোক ইমান মাৰিলে যে এটা কিডনী নষ্ট হৈ গ'ল৷ অপটিক নাৰ্ভ জখম হৈ বাওঁ চকুটো ঘূণীয়া হৈ গ'ল, ভবিষ্যতে অন্ধ হোৱাৰ ভয় থাকি গ'ল৷ মোৰ চেক্সুৱেল আৰ্জ নহোৱা হ'ল৷ তাতকৈও বহুত বেছি ক্ষতি হ'ল মোৰ পঢ়া শুনাৰ৷ মোৰ কেৰিয়াৰৰ৷ মাৰ লগত মোৰ মাৰ্কশ্বিট আছে ছাৰ৷ চাই ল'ব৷"
"চাবলগীয়া নাই৷ বৰ্ডত গৈ তোমাৰ মাৰ্কশ্বিটৰ ৰেকৰ্ড মই চেক কৰিছো৷"
স্তিমিত চকুৰে চাই সি ক'লে, "কি হৈ গ'ল ছাৰ, বস্তিত থাকো, গৰিবৰ ল'ৰা, ব্ৰিলিয়েন্ট ৰিজাল্ট কৰিছিলো, মোৰ আগত ব্ৰাইট ফিউছাৰ খুলি গৈছিল৷ কিন্তু কি লাভ হ'ল ছাৰ? কি লাভ হ'ল কওঁক! এই মাৰ্কশ্বিট ধুই কি পানী খাম?"
"তুমি তেতিয়া দাদাগিৰি কৰিছিলা?"
"দাদাগিৰি কৰা কি বেয়া নেকি ছাৰ, যদি তাৰ লগত ম'ৰেলিটি থাকে! ব্যায়াম কৰিছিলো, খেলাধুলাত ভাল আছিলো, গাত জোৰ আছিল, বুকুত সাহস আছিল, সেয়ে চুবুৰিত শাসন কৰি ফুৰিছিলো৷ লোকেল থানাত খবৰ কৰিব ছাৰ, মোৰ তেতিয়া থানাত একো বেয়া ৰেকৰ্ড নাই৷ কোনো চুৰি, ঠগবাজী, দুই নম্বৰি কৰা নাই৷ কিন্তু বস্তিৰ ল'ৰাতো, বুকু ফুলাই ঘূৰি ফুৰো কাৰণে ভদ্ৰ মানুহবোৰে ভয় কৰে৷ কয়, গুণ্ডা৷"
"ছোৱালীজনীৰ বিষয়ে কোৱা৷"
"মিতালীৰ কথাতো আপুনিও জানে ছাৰ৷ ধনী ঘৰৰ ছোৱালী, মূৰত ধৰিছিল৷ মোক লাইন দিবলৈ আৰম্ভ কৰিছিল কেতিয়াবাৰে পৰাই, তেতিয়া ফ্ৰক পিন্ধে৷ চিঠি দিয়া দি চলিছিল, ইচাৰা কৰা কৰি৷ তাৰ পিছত চিনেমা তিনেমালৈ লৈ গৈছো৷ গৰম ছোৱালী ছাৰ৷ ক'বলৈ ধৰিলে মোক লৈ পলোৱা৷ তেতিয়া মই চাইন্স লৈ কলেজত পঢ়ি আছো৷ ভাল ৰিজাল্ট কৰিবলৈ যত্ন কৰিছো, ইফালে মিতালীয়ে মোৰ মূৰ খাইছে৷ সেই বয়স তেতিয়া মোৰ, ফাৰ্ষ্ট লাভ৷ ধুনীয়া ছোৱালী৷ দেউতাক ডাঙৰ মানুহ৷ সকলো জানি বুজিও বয়সৰ দোষত হাৰ মানিলো৷ চুবুৰি গ'ল, কেৰিয়াৰ গ'ল৷ মানুহে কয়, মই তাইক ধ্বংস কৰিলো৷ মানুহে নেদেখিলে তাই মোক কিমান ধ্বংস কৰিলে৷ ডাঙৰ মানুহৰতো ভুল নহয়৷ মিতালী গুছি গ'ল, বাপেকৰ ওচৰলৈ, মাফ হৈ গ'ল, পঢ়া শুনা কৰিবলৈ ধৰিলে, বিয়া হ'ল, আমেৰিকালৈ গ'ল৷ আনকি মিঠু মিত্ৰৰ নিচিনা ভাল পাত্ৰক ডিভোৰ্ছ কৰাৰ নিচিনা অস্পৰ্ধাও দেখুৱালে৷ মিতালীৰ জানো কিবা লোকচান হ'ল ছাৰ? একো নাই৷ কেৰিয়াৰৰ বিল্ড আপটো চাওঁক ছাৰ৷ আৰু আন ফালে মোক চাওঁক৷ জীৱনটো আৰম্ভ কৰিছিলো কি দূৰ্দান্ত! দুখীয়া ঘৰৰ ল'ৰা, টিউচন মাষ্টৰ দূৰৈৰ কথা, বহী কিতাপে জোগাৰ নহয়৷ পুষ্টিকৰ খাদ্য নাই৷ পঢ়া শুনা কৰিবলৈ ঠাই নাই৷ অথচ তেনেকুৱা ৰিজাল্ট৷ কিমান কি কৰিব পাৰিলোহেঁতেন ছাৰ৷ মা-দেউতাই কিমান সপোন দেখিছিল মোক লৈ৷ চব পানী পাত হ'ল৷ মিতালীৰ দোষ কোনেও নেদেখিলে, দেখিলেও চকু ঘূৰাই নিলে৷ আৰু মোক? প্ৰথমে অপমান আৰু তাচ্চিল্য কৰি গ'ল মিতালীয়ে৷ তাৰ পিছত পুলিচে উঠাই নিলে৷ তাৰ পিছত আপুনি চব জানে.."
"জানো৷"
"আজি মই পলাম কিয় ছাৰ? পলাই ক'লৈ যাম? মোৰ হেৰুৱাবলৈ একো নাই৷ সুধিছিল ছোৱালীজনীক মাৰিলো কিয়? আপুনি বুদ্ধিমান, কিয় মাৰিলো সেইটো জানো বুজা নাই? হস্পতালত পূৰা দুমাহ থাকিব লগীয়া হৈছিল৷ হাজোতত চাৰি মাহ৷ পুলিচ কেছ দিলে আৰু কেইদিন থাকিব লাগিলহেঁতেন কোনে জানে? বৰুণ ঘোষে বেছি প্ৰেচাৰ দিয়া নাছিল পাবলিচিটিৰ ভয়ত৷ সেয়ে এৰি দিছিল৷ ওলাই আহি কি হ'ল ছাৰ? চুবুৰিৰ সকলোৱে লেই-লেই চেই-চেই কৰিবলৈ ধৰিলে৷ পঢ়া শুনাৰ আৰ্জ নষ্ট হৈ গৈছিল আগতেই৷ তাৰ উপৰি দেহা৷ বাহিৰৰ পৰা ভিতৰৰ ভগ্নাস্তুপ নেদেখিব ছাৰ৷ কৈছো নহয়, মিতালী মৰিল সিদিনা, মই মৰিছো দহ বছৰ আগতে৷ কিন্তু এটা হিচাপটো মিলাব লাগিব৷ ডিভোৰ্ছৰ পিছত এদিন মিঠু মিত্ৰই মোক মাৰিছিল, আগতেই কৈছো ছাৰ৷ কোৱা নাই?"
"কৈছা৷"
"কিন্তু মিঠু মিত্ৰই ধৰিব পাৰিছিল সি এটা মৰা মানুহক মাৰিছে৷ সেয়ে মোৰ সৈতে মিঠু মিত্ৰই বন্ধুত্ব গঢ়ি তোলে৷ কেৱল সেয়াই নহয়, মোৰ সকলো কথা শুনি দয়া কৰি নিজৰ ৰিক্সত টেক্সিৰ লোন বাহিৰ কৰি দিয়ে৷ নিজৰ জেপৰ পৰা টকাও দিছিল মাজে মাজে৷ আমি দোস্ত হৈ পৰিছিলো৷ মিঠু মিত্ৰক কি কৰিছিল ছাৰ আপোনালোকৰ ভাল ঘৰৰ সুন্দৰী ছোৱালী মিতালীয়ে? মিঠু মিত্ৰৰ দোষ কি আছিল ক'ব পাৰিব? তাৰ জীৱনটোও বৰবাদ কৰি যোৱা নাই তাই? বাদ দিয়ক ছাৰ, আজি আৰু বেয়া কথা নকওঁ৷"
স্থিৰ অপলক কৰুণ এহাল চকুৰে চাই ৰ'ল শৱৰে৷ একো নক'লে৷
"হিচাপটো মীমাংসা কৰিবলগীয়া আছিল ছাৰ৷ মোৰ জীৱনটো যে মিতালীয়ে কাঢ়ি লৈ গৈছিল ঘূৰাই দিব পৰা সাধ্য আছিল তাইৰ? নাছিল ছাৰ৷ মই বহু বছৰ ধৰি তাই উভতি অহালৈ চটফটাই বাট চাই ৰৈছিলো৷"
"তুমিও হয়তো নাজানা৷ মিতালীও বৰ সুখত নাছিল৷"
"মিতালী সুখত আছিল নে নাই সেয়া জানি মোৰ কি লাভ হ'ব ছাৰ? মোৰ এটা কিডনি নাই৷ আপুনি জানেনে যে মোৰ ছেক্স আৰ্জ নহোৱা হৈছে৷ পুৰুষৰ কাৰণে কিমান যন্ত্ৰনাৰ কথা ভাৱক, বিচনাত ছোৱালী মানুহ, অথচ একো কৰিব নোৱাৰো৷ পাগলৰ নিচিনা হৈ পৰিছো পুৰুষত্ব হীনতাত৷ এই জীৱন লৈ মিতালীক কি সুখত দেখিবলৈ বাছি আছো ছাৰ? মইতো মহাপুৰুষ নহয়৷ আপোনাক ৰীতা দাসৰ কথা কৈছো৷ যদি কেতিয়াবা তাইক লগ পায় সুধিব৷ তাই আপোনাক ক'ব কেনেকৈ চেক্সুৱেল আৰ্জৰ অভাৱত মই কপালক ধিয়াইছো আৰু কান্দিছো৷
"তাই কৈছে৷"
"কৈছে, ৰক্ষা তেন্তে৷ আপুনি তেনেহ'লে মোৰ যন্ত্ৰনাটো অলপ বুজিব৷ পাৰ্টিৰ দিনা সিহঁতে যেতিয়া ফুৰ্টি কৰিছিল তেতিয়া মই মৰুভূমি বুকুত লৈ দূৰৈৰ পৰা সিহঁতৰ ঘৰৰ পোহৰৰ শেভা চাইছো৷ মাতালৰ চিঞৰ বাখৰ শুনিছো৷ আপোনাক মিছা কৈছিলো ছাৰ৷ সেই ৰাতি মই মদ খোৱা নাছিলো৷"
"জানো৷ কৈ যোৱা৷"
"ৰাতি চাৰে বাৰটাত মই ওপৰৰ তলাত উঠো৷ পিছ ফালেৰে যাওঁ৷ ৰুমত সোমাওঁ৷ মিতালী তেতিয়া মাতাল৷ কাপোৰ সলাই আছিল৷ দুবাৰ হানিছিলো৷ এবাৰ মোৰ হৈ আৰু এবাৰ মিঠু মিত্ৰৰ হৈ৷'
শৱৰে হঠাৎ সোঁহাতখন আগবঢ়াই ক'লে, "এইবাৰ পিস্তলটো মোক দিয়া পান্টু৷"
পান্টুৱে অকণমান হাঁহিলে, "চুইচাইদ কৰিম বুলি ভয় খাইছে ছাৰ? নাই৷ এতিয়া চুইচাইদ কৰি লাভ কি কওঁক৷ আপোনাৰো বদনাম হ'ব৷ মানুহে ক'ব শৱৰ দাশগুপ্তই নিজেই পন্টুক মাৰি চুইচাইদ কেছ বনাইছে৷ মৰিলে কি হ'ব? মৰা মানুহে কি দুবাৰ মৰে ছাৰ? হ'লেও জজ চাহাবক ক'ম, সেইবিলাক যাবজ্জীৱন তাবজ্জীৱন মোৰ ভাল নালাগে৷ মিছা মিছি চৈধ্য বছৰ শুই বহি কটোৱা৷ তাতকৈ ফটাফট কেছটো মীমাংসা কৰি ফাঁচিত ওলোমাই দিয়ে যেন৷ ক'ম ছাৰ?"
শৱৰে অকণমান হাঁহিলে৷
"এৰেষ্ট নকৰে ছাৰ?"
শৱৰে এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "পলাব পাৰিলাহেঁতেন৷ কিয় যে নপলালা!"
"ক'লোৱে নহয় ছাৰ, ক'ত পলাম? কাৰ ওচৰৰ পৰা পলাম? মোৰ ফিলচফিটো আপুনি বুজি পাইছেনে ছাৰ?"
"পাৰিছো৷ পান্টু অধিকাৰী, ইউ আৰ আণ্ডাৰ এৰেষ্ট৷"
****
"এইটোৱে নেকি সেই দীঘলীয়া চুম্বনটো?'
"নহয়৷ এইটো বেলেগ৷ অন্য ধৰণৰ৷ বহুত বেছি বিষণ্ণ, বহুত বেছি গভীৰ৷"
"জানো৷ আজিতো তুমি আৰু সেই তুমি হৈ থকা নাই৷ আজি তুমি বহুত বেছি বিষণ্ণ, বহুত গহীন৷"
"আজি মই বহুত গভীৰো৷ নহয় জানো?"
"আমি বহুত সুখী হম ন'? কোৱানা?"
"কোনে জানে! কোনেও সেইটো ক'ব নেৱাৰে৷"
"আমি কোনোদিনে সিমান সুখী হ'ব নোৱাৰিম বোধহয়৷ শুনানা, এটা কথা ক'লে খং কৰিবা?"
"খং? ফুল শয্যাৰ নিশা? তেনেকুৱা হয় জানো?"
"শুনা, আমি নহ'লে চব সিহঁতক দি দিওঁ দিয়া৷"
মিঠুৱে নিবিড় ভাৱে জয়ীতাইৰ মুখলৈ চাই ৰ'ল৷ মুখত মিছিক মাছাক হাঁহি৷ মৃদু স্বৰেৰে ক'লে, "কাক দিবা? কি দিবা?"
"দোয়েলতো আচলতে বৰদেউতাৰ ঘৈনীয়েই ন'? প্ৰীতীশতো তেওঁৰে ল'ৰা৷ কোৱানা, সিহঁতক চব দি দিওঁ নেকি?"
"জানিছিলো৷"
"কি জানিছিলা?"
"তুমি যে এই কথাটো ক'বা৷"
"তুমি দেখিছো অন্তৰ্যামী!"
"অঁ, ভালপোৱা থাকিলে মনৰ কথা বুজা যায়, নাজানা?"
"ময়ো তোমাৰ মনৰ কথা বুজি পাওঁ৷"
"কি কথা?"
"তুমিও বিচাৰা৷ নহয় জানো? তুমিও বিচৰা যে সিহঁতে চব লৈ লওঁক৷"
"বিচাৰো৷ কিন্তু লাহে লাহে৷ একেলগে ইমান সম্পত্তি হাতত পৰিলে সিহঁত দিশহাৰা হৈ পৰিব৷ মানুহে সিহঁতক এক্সপ্লইট কৰিব৷ ল'ৰাটো মৰমত নষ্ট হ'ব৷ গতিকে লাহে লাহে৷"
"মই বুৰ্বক নহয়তো?"
"নহয়৷ তুমি খুব ভাল৷"
"তুমিও৷ আমি সুখী হ'ম ন'? কোৱানা৷"
"সুখ বিচৰা? সুখে মানুহক এলেহুৱা কৰে, ভোঁতা কৰে, সুখৰ পৰা চৰ্বি বাঢ়ে৷ আমি সুখ কিয় বিচাৰিম?"
"তেনেহ'লে?"
"অকণমান সুখৰ লগত অকণমান দুখো মিহলি হৈ থাকিব লাগে৷ ককটেল৷ বেলেন্স৷"
"মই জানো পান্টুৰ কাৰণে তুমি মন বেয়া কৰি আছা৷ মিতালীবাৰ কাৰণেও তোমাৰ মন বেয়া৷ দোয়েলৰ বাবেও তোমাৰ মন বেয়া৷ মই কিদৰে তোমাৰ মন ভাল লগাওঁ কোৱাচোন, পাৰমিনে মই?"
"নাই জয়ীতা, ভাল লগোৱাৰ দৰকাৰ নাই৷ এই বিলাকেই আমাৰ মনক সজাগ কৰি ৰাখিব৷ আমাক নিজৰ ফালে চাবলৈ শিকাব৷ দুখক কি তুমি ভয় কৰা?"
"তুমি ওচৰত থাকিলে একোকে ভয় নকৰো৷"
ওঁঠযুৰি আগ বঢ়াই দিলে জয়ীতাই৷
মিঠুৱে হাঁহি সুধিলে "দীঘলীয়া চুমা?"
"ওহো৷ পৃথিৱীৰ দীৰ্ঘতম চুম্বন৷"
** সমাপ্ত **