May 19, 2014

ঋণ - সপ্তম অধ্যায়

ৰাজীৱ ফুকন
Rin assamese thriller detective novel
মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
***
সপ্তম অধ্যায়

"নমস্কাৰ"

মিঠুৱে লাহে লাহে মূৰ তুলিলে৷ বেঙ্ক তেতিয়া খালি৷ আবেলি তিনিটা বাজি গৈছে৷ টেবুলৰ আনটো মূৰত শৱৰ ৰৈ আছে৷

এটা দীৰ্ঘনিশ্বাস পেলাই মিঠুৱে ক'লে, "বহক৷"

শৱৰ বহিল৷

"কেনে আছে?"

মিঠুৱে মৃদুকৈ হাঁহিবলৈ চেষ্টা কৰি ক'লে, "আছো৷"

"আজি ঠিক জেৰা কৰিবলৈ অহা নাই৷"

"তেনেহ'লে কি এৰেষ্ট কৰিবলৈ?"

"এতিয়াই নহয়৷ মই আৰ্লি এৰেষ্টত বিশ্বাস নকৰো৷ বৰঞ্চ চাচপেক্টক ঘূৰা ফিৰা কৰিবলৈ এৰি দি নজৰত ৰাখিলে বেছি কামত আহে৷"

"বুজিছো৷ কওঁক৷ কি কৰিব পাৰো আপোনাৰ কাৰণে?"

"মোৰ কাৰণে নহয়৷ দেশ আৰু দহৰ কাৰণে৷ মোক এটা ইনফৰ্মেছন লাগিছিল৷"

"কিহৰ ইনফৰ্মেছন?"

"ৰিগাৰ্ডিং বৰুণ ঘোষ৷"

"বহুত কথাইতো পাতিছো৷"

শৱৰে মূৰ জোকাৰি ক'লে, "হ'লেও বহুত জানিবলৈ বাকী আছে৷"

"কি জানিব খোজে?"

"যোৱা দুই তিনি বছৰ ধৰি তেওঁৰ বেংক একাউন্টৰ পৰা উইথড্ৰয়েলৰ পৰিমাণ হঠাৎ অস্বাভাবিক ভাবে বাঢ়ি গৈছিল নেকি?"

"তেওঁৰ একাউন্ট চেক নকৰাকৈ ক'ব পৰা নাযাব৷"

"চেক কৰক৷"

"কৰিছো৷ আৰু কিবা?"

"তেওঁ কেনেকুৱা মানুহ আছিল?"

"সেই কথাতো কৈছোৱেই৷"

"লোনলি, উইডোৱাৰ, মিডিল এজেড?"

"হয়৷"

শৱৰে অকণমান হাঁহিলে৷ তাৰপিছত ক'লে, "যিমান দূৰ জানো, মিতালীদেৱীৰ দুবছৰ বয়সত বৰুণবাবুৰ পত্নী ঢুকাই৷"

"হয়৷"

"তেতিয়া তেওঁৰ আকৌ বিয়া কৰাব পৰা বয়স আছিল৷"

"হয়৷'

"তেওঁ ঢুকাই চৌৱান্ন বছৰ বয়সত৷"

"হয়৷"

"বয়সতো বৰ বেছি নহয়৷ কি কয়?"

"আপুনি কিবা ইংগিত কৰিব খুজিছে নেকি?"

"হয়৷ ধৰিব পাৰিছে নেকি?"

"নহয়৷ অনুমান কৰিছো৷"

"তেনেহ'লে খোলাকৈয়ে কওঁ৷ ৱাজ দিয়াৰ এ ওমেন চামহোৱেৰ৷"

"মই ঠিক নাজানো৷"

"অলপ ভাৱক৷ আপোনাৰ সৈতে তেওঁৰ যোগাযোগ আছিল৷ আপুনি তেওঁৰ একাউন্ট হেণ্ডেল কৰিছিল৷"

মিঠুৱে ভ্ৰু কোঁচাই অলপ মনে মনে ৰ'ল৷

শৱৰে ক'লে, "কোৱাত অসুবিধা আছে নেকি?"

"তেনেকুৱা নহয়৷"

"তেনেহ'লে৷"

"ইমানখিনি ক'ব পাৰো যে সম্ভাৱনাটো উৰাই দিব নোৱাৰি৷"

"বাৰু৷ তেওঁ কি সদায় নিজে টকা নিবলৈ আহিছিল?"

"নাই৷ মাজে মাজে তেওঁৰ ৰান্ধনী হৰেন বা ড্ৰাইভাৰো আহিছিল৷"

"আৰু কোনোবা?"

"নাই৷"

"চাওঁক, কেছটোত চিৰিয়াছ টাৰ্ণ এটা আছে৷ এনেকুৱা সময়ত দ্বিধা কৰিলে আমি অসুবিধত পৰিম৷ ভালকৈ ভাবি চাওঁক৷"

"চাওঁক, বিয়েৰাৰ চেকতো যিকোনো মানুহকে দিয়া হয়৷ তেওঁ বহুতকে চাগে চেকেৰে পেমেন্ট কৰে৷ সকলো মনত ৰখা জানো সম্ভৱ?"

"নাই৷ হ'লেও কিবা অস্বাভাবিক লাগিলে মনত থাকিব পাৰে৷"

"একো মনত পৰা নাই৷"

"বাৰু, তেওঁ কি বহুতকে চেকেৰে পেমেন্ট কৰিছিল?"

"যিমান দূৰ মনত পৰে, নাই৷"

"তেওঁৰ আৰু তিনিটা বেনামী একাউন্ট আছে৷"

"সেয়াতো আপুনি জানেই৷"

"এই তিনিটা একাউন্টৰ পৰা তেওঁ টকা উলিয়াই নে?"

"খুব কম৷"

"ভাবি চাওঁকচোন, কেতিয়াবা এই তিনিটাৰ কোনোবা এটাৰ পৰা এনেকুৱা কোনেবাই টকা উলিয়াবলৈ আহিছিল নেকি, যি ছোৱালী মানুহ, বয়স বত্ৰিশ-তেত্ৰিশ, ক্ষীণ-মীণ, চুটি-চাপৰ, আন ইমপ্ৰেচিভ চেহেৰা৷"

মিঠুৱে অকণমান হাঁহিলে৷

"হাঁহিলে যে?"

"এই বিবৰণটো আপুনি আন এগৰাকীকো দিছে৷"

"হয়৷ জয়ীতাদেৱীক৷"

"মনত পৰা নাই৷"

"শুনক মিঠুবাবু, মানুহৰ ব্ৰেইন এটা অনন্ত ষ্ট'ৰহাউছ৷ তাত সকলো জমা থাকে৷ ব্ৰেইনটো অলপ টুকুৰিয়াই চাওঁক৷ চকু মুদি মেডিটেচন কৰক৷"

মিঠুৱে অসহায় ভাৱে ক'লে, "তাতকৈ কম্পিউটাৰৰ শৰনাপন্ন হোৱাই ভাল হ'ব৷"

"গুড আইডিয়া৷ কম্পিউটাৰে অৱশ্যে কোনো চেহেৰা নেদেখুৱাব৷ হ'লেও ই হয়তো মনত পেলোৱাত সহায় কৰিব৷"

টেবুলৰ এফালে থকা মনিটোৰটো অন কৰি কিছু সময় নিবিষ্ট মনে চাই থাকিল মিঠুৱে৷ তাৰপিছত ক'লে, "পিনাকী শৰ্মাৰ একাউন্টৰ পৰা দৈনিক উইড্ৰ হৈছিল৷"

"এমাউন্ট?"

"প্ৰতি মাহে তিনি হাজাৰ৷"

"চেল্ফ চেক?"

"হয়৷ তেওঁ আমেৰিকালৈ যোৱাৰ আগতে এটা ডাঙৰ উইথড্ৰৱেল দেখুৱাইছে৷"

"কিমান?"

"ছয়ত্ৰিশ হাজাৰ৷"

"কেনেকৈ?"

"ধৰিব পৰা নাই৷"

"টকাতো তেওঁ কাক দিছিল?"

"আপুনি যি চাজেষ্ট কৰিছে সেয়া মানি ল'ব পাৰিলে ভাল আছিল৷ কিন্তু..."

"মনত পৰিছে নেকি কিবা?"

"নাই৷"
"তেনেহ'লে মই অলপ সজাই দিওঁ৷ বিং এ উইডোয়াৰ তেওঁ এটা নীৰস জীৱন কটাইছিল৷ ছোৱালীজনীক মানুহ কৰিব বুলি আৰু মাহী মাকৰ ভয়ত বিয়াও নকৰালে৷ কিন্তু লাইফ হেজ ইটছ ডিমাণ্ড৷ গতিকে অলপ বেছি বয়সত, ধৰক লেট ফোৰ্টিজত তেওঁ কোনোবা এগৰাকীক পিক আপ কৰিলে৷ তাইক কেতিয়াও নিজৰ ঘৰত স্থান নিদিলে৷ কিন্তু ৰেগুলাৰ তাইক ভিজিট কৰে৷ মাহে মাহে তাইক হাতখৰচ দিবলগীয়া হয়৷ পিনীকী শৰ্মা নামটোৱে চাগে ছোৱালীজনীকে বুজাইছে৷ ছোৱালীজনীয়েও এঠাইত নিজকে জুলেখা শৰ্মা বুলি পৰিচয় দিছিল৷"

"সেইটো একো অস্বাভাবিক নহয়৷"

"একেবাৰে সাধাৰণ কথা বুলি ক'ব বিচাৰিছে?"

"সেইটো কোৱা নাই৷ হ'লেও চাৰকমষ্ট্যান্সেছ মে কমপেল এ মেন..."

"হয় হয়৷ ঠিকেই কৈছে৷ চেকবিলাক কি আটাইবোৰেই চেল্ফ চেক?"

"চাব লাগিব৷"

"চাওঁক৷ দৌৰাদৌৰি নাই৷ ছোৱালীজনীক বিচাৰি উলিওৱাটোৱেই এতিয়া প্ৰথম কাম৷"



**


"হৰেনবাবু, আপোনাক কেইটামান কথা সুধিবলগীয়া আছে৷"

"কওঁক ছাৰ৷"

"আপুনি কিমান দিন বৰুণবাবুৰ ঘৰত কাম কৰিছে?"

"পোন্ধৰ ষোল্ল বছৰ হ'ব৷"

"যেতিয়া আপুনি কামত সোমাই তেতিয়াতো বৰুণবাবৰ পত্নী নাছিল৷"

"নাই৷ তাৰ বহু বছৰ আগতেই মাৰা গৈছে৷"

"এটা কথাৰ উত্তৰ ভাবি-চিন্তি দিব৷ বৰুণবাবুৰ চৰিত্ৰ কেনেকুৱা আছিল৷"

"ভলেই৷ মহান মানুহ আছিল৷"

"কিন্তু আমি জানো যোৱা কেইবছৰ মানৰ পৰা বৰুণবাবুৰ এজনী ছোৱালীৰ সৈতে ঘনিষ্ঠতা আছিল৷ ছোৱালীজনীক আপোনালোকে কেতিয়াবা দেখিছে?"

"নাই৷"

"আৰু স্পষ্ট কৰি কওঁ, ছোৱালীজনী বৰুণবাবুৰ এইখন ঘৰলৈ কেতিয়ও নাহিছিল৷ আহিছিল যদিও হয়তো নিজৰ আচল পৰিচয়টো দিয়া নাছিল৷ কিন্তু তেওঁ ছোৱালীজনীৰ ওচৰলৈ গৈছিল৷ আপোনালোকৰ মনত পৰে নেকি, যোৱা কেইবাছৰ মানৰ পৰা বৰুণবাবুৱে ৰাতি বাহিৰত কটাইছিল নে নাই?"

"কটাইছিল৷"

"কিমান বছৰ ধৰি?"

"হিচাপ কৰা নাই৷ সাত আঠ বছৰ ধৰি হ'ব৷"

"এইবাৰ ভালকৈ ভাবি চিন্তি উত্তৰ দিব৷ ছোৱালীজনী চুটি-চাপৰ চেহেৰাৰ, মিঠা বৰণৰ, খীণ-মীণ৷  ছোৱালীজনীয়ে কেতিয়াবা ৰীতা দাস, কেতিয়াবা জুলেখা শৰ্মা বুলি চিনাকি দিয়ে৷"

"নাম নাজানো, কিন্তু আপুনি যেনেকুৱা ক'লে, তেনেকুৱা ছোৱালী এজনী এবাৰ মালিকৰ সৈতে দেখা কৰিবলৈ আহিছিল৷"

"কেতিয়া?"

"মালিক আমেৰিকালৈ যোৱাৰ কেইদিনমান আগতে৷ বাইদেউ যোৱাৰ পিছত ইয়ালৈ ছোৱালী মানুহ তেনেকৈ নাহিছিল৷ সেয়ে এই ছোৱালীজনী অহা কথাতো চকুত পৰিছিল৷"

"কিয় আহিছিল?"

"সেয়া নাজানো৷ মালিকক বিচৰাত মই তেওঁক বহিবলৈ দি মালিকক মাতি দিওঁ৷"

"তেওঁলোকে কি কথা পাতিছিল শুনিছিল?"

"নাই৷ কিন্তু মালিকৰ যে ছোৱালীজনীক দেখি খং উঠিছিল, সেয়া দূৰৈৰ পৰাই চিঞৰ বাখৰ শুনি গম পাইছিলো৷ ক'বলৈ পাহৰিছিলো, ছোৱালীজনীৰ সৈতে এটা সৰু ল'ৰাও আছিল৷"

"ল'ৰা! কিমান ডাঙৰ ল'ৰা?"

"চাৰি-পাঁচ বছৰ হ'ব৷"

"বৰুণ বাবুৱে চিঞৰ-বাখৰ কৰি কি কৈছিল তাইক?"

"এটা দুটা কথা শুনিছো৷ এবাৰ কৈছিল, ইয়ালৈ অহাৰ দৰকাৰ নাছিল৷ আৰু এবাৰ কৈছিল, টকা কি গছত লাগে৷"

"আৰু একো শুনা নাই?"

"নাই৷"

"ছোৱালীজনীক আৰু কৰ'বাত দেখিছা?"

"হয়৷"

"ক'ত আৰু কেতিয়া?"

"গেটৰ বাহিৰত৷"

"কি কৰিছিল?"

"চাই আছিল৷ মই বজাৰলৈ যাবলৈ ওলাৱতে মুখ মুখি হওঁ৷ কাক বিচাৰিছে সুধোতে কৈছিল, কাম বিচাৰিছো৷ আগতে এবাৰ দেখিছিলো৷ সেয়ে চিনা চিনা লাগিছিল৷"

"লগত ল'ৰাটো আছিল?"

"নাই৷"

"কেনেকুৱা কাম বিচাৰিছে কৈছিল?"

"সেই কথা তাইক মই সুধিছিলো৷ ক'লে গভৰ্নেছ বা আয়া৷ মই ক'লো ইয়াত নহ'ব৷ তেতিয়া গুছি গ'ল৷ গুছি যোৱাৰ পিছত ক'ত দেখিছো ক'ত দেখিছো ভাবি থাকোতেই মনত পৰিল যে এবাৰ মালিকৰ ওচৰলৈ আহিছিল৷"

"ঘৰত তাই সোমোৱা নাছিল? চিঅ'ৰ নে?"

"নাই৷"

"মিতালীদেৱীক লগ কৰিবলৈ চেষ্টা কৰা নাছিল?"

"মোৰ চকুত পৰা নাই৷ কিন্তু মইতো ৰন্ধা বঢ়া বজাৰ সমাৰক লৈ ব্যস্ত থাকিবলগীয়া হয়৷ নয়নৰ মাকে গম পাব চাগে৷"

"কোন তেওঁ?"

"কাম কৰা বাই৷ মাতি দিছো৷"

নয়নৰ মাক খীণ, কলা, মধ্যবয়স্কা৷ খুব তামোল খায়৷ চব শুনি ক'লে, "আহিছিল৷" 

"কেতিয়া?"

"সেই ঘটনাটো ঘটিবৰ আগ দিনা, দুপৰীয়া৷ বাইদেউৱে তাইক খেদি পঠিয়াই৷"

"কিবা কাজিয়া পেচাল লাগিছিল নেকি?"

"নাই, ছোৱালীজনী তলৰ ৰুমত বহিছিল৷ বাইদেউৱে নামি আহি দেখা কৰিলে৷ দুই চাৰিটা কথাৰ পিছত ওপৰৰ পৰা শুনা পালো, বাইদেউৱে চিঞৰি চিঞৰি কৈছে, ওলাই যাওঁক, ওলাই যাওঁক৷" 

"আপুনি চিঞৰ বাখৰ শুনি নামি নাহিল?"

"নাই৷ ঝাৰু দি আছিলো৷ ভাবিলো সাহায্য চাহায্য বিচাৰি আহিছে৷ কিমান মানুহ আহে৷"

"বাইদেউৱে কিবা কৈছিল আপোনাক?"

"নাই৷ মুখ ওণ্ডোলাই বহি আছিল কিছু সময়৷ তাৰপিছত আকৌ চব ঠিক হৈ গ'ল৷"

"আৰু কিবা মনত আছে?"

"নাই৷"

"ছোৱালীজনীয়ে ধমকি খাই ওলোটাই কিবা কৈছিল?"

"নাই৷ মই ওপৰৰ পৰা দেখিলো গপগপাই ওলাই গ'ল৷"

"কাপোৰ কি পিন্ধিছিল মনত আছে?"

"বগা চুৰিদাৰ৷"


***


"আই এম ডিষ্টাৰ্বিং ইউ৷ কিন্তু কেছটো চিৰিয়াছ৷ গতিকে..."

"ইট্ছ অ'কে অফিচাৰ৷ হাও কেন উই হেল্প ইউ?"

"আমি এটা ল'ৰা বিচাৰি আছো৷ এতিয়া তাৰ বয়স ছয়-সাত বছৰ হ'ব৷ নাম নাজানো৷ কিন্তু উপাধীটো শৰ্মাও হ'ব পাৰে৷ দেউতাকৰ নামো নাজানো৷ হ'লেও দিয়াৰ ইজ এ পচিবিলিটি যে, দেউতাকৰ নাম পিনাকী শৰ্মা৷ আপোনালোকে ৰেকৰ্ডটো কনচাল্ট কৰিব?"
"ন' প্ৰব্লেম৷ আপুনি বহক, মই আহিছো৷"

হেড মিষ্ট্ৰেছ উঠি গ'ল৷ শৱৰ বহি ৰ'ল৷ অন্ধকাৰত কাঁড় এৰা হৈছে৷ কিন্তু লাগিও যায় কেতিয়াবা৷ মেৰিজ স্কুল নামটো যিহেতু জুলেখাৰ মুখেৰে ওলাইছে গতিকে হ'বও পাৰে, ল'ৰাটো এইখন স্কুলতে পঢ়ে৷

হেড মিষ্ট্ৰেছ পোন্ধৰ মিনিট মানৰ ভিতৰতে উভতি আহিল৷ মুখত অকণমান উদ্বেগ৷

"হয় ছাৰ৷ ক্লাছ টুত দুজন শৰ্মা আছে৷ টুইন ব্ৰাডাৰ্ছ৷ কিন্তু সিহঁতৰ দেউতাক সুজিত শৰ্মা, এ মাৰচেন্ট৷ মিস্তাৰ শৰ্মা পেৰেন্টছ মিতিঙলৈ আহে, মই তেওঁক জানো৷"

শৱৰে মূৰ জোকাৰি ক'লে, "নহয়৷ ইহঁত নহয়৷"

"দেন উই আৰ ছৰী৷"

শৱৰে উঠিব খুজিছিল৷ তেনেতে মূৰত বিজুলীৰ দৰে কিবা এটা চমকি গ'ল তাৰ৷ কি বুৰ্বক সি!

"মেডাম৷"

"ইয়েছ অফিছাৰ৷"

"আই এম মেকিং এ মেছ অফ ঠিংছ৷ কিন্তু দয়া কৰি মোক আৰু এটা ইনফোৰ্মেছন দিয়ক৷"

"কওঁক৷"

"ল'ৰাটোৰ উপাধী হয়তো ঘোষ৷ দেউতাক বৰুণ ঘোষ৷"

"নিশ্চয়৷ বহক৷ মই চেক কৰি আহো৷"

পোন্ধৰ মিনিট যেন পোন্ধৰ ঘন্টাৰ দৰে লাগিল৷ হেডমিষ্ট্ৰেছ উভতি আহিল৷

"ইয়েছ অফিছাৰ৷ হি ইজ ইন ক্লাছ টু৷ প্ৰীতীশ ঘোষ৷ পিতা বৰুণ ঘোষ, মা দোয়েল ঘোষ৷ ঠিকনা টুৱেন্টি এ বাই চিক্স হৰিশ চেটাৰ্জী বাই লেন৷"

শবৰে নটটো জেপত ভৰাই ক'লে, "ঠেংক ইউ মেডাম৷"

ইউ আৰ অলৱেজ ৱেলকাম৷


***

দৰজা খুলিলে সেই ছোৱালীজনীয়ে৷ তেওঁক দেখি অকণো বিচলিত নহ'ল৷ চকুত চকু থৈ অলপ পৰ চাই ৰ'ল৷ তাৰপিছত দৰজাৰ পৰা আঁতৰি দি ক'লে, "আহক৷"

"চিনি পাইছে?"

"পাইছো৷ জানিছিলো আপুনি আহিব৷"

গলিৰ মাজৰ এটা পূৰণা ঘৰৰ প্ৰথম মহলাৰ এটা সৰু এপাৰ্টমেন্ট৷ ভিতৰখন অপৰিচন্ন নহয়৷ বৰং বেছ জাক জমকীয়া৷ এখন ডিভান আছে, দুখন বেতৰ চকী, কাচৰ চৌকেছৰ ওপৰত এটা ৰঙীণ টিভিও৷ ওচৰতে ভি চি আৰ৷ এইটো বহা কোঠা৷ ভিতৰত এটা শুৱনি কোঠাও আছে৷ শৱৰে বেটৰ চকী এখনত বহিল৷ 

জুলেখাই পৰ্দা ঠেলি ভিতৰলৈ সোমাই গ'ল৷ দুমিনিটৰ ভিতৰতে ওলাই আহিল৷

"বহক৷ কথা আছে৷"

জুলেখা ওৰফে ৰীতা ওৰফে দোয়েল ডিভানখনত বহিল৷ অলপ নিস্তেজ৷

"আপোনাৰ আচল নামটো কি?"

"দোয়েল৷"

"বৰুণ ঘোষৰ সৈতে চিনাকি কেতিয়া হৈছিল?"

"ন বছৰ মান হ'ব৷ তেওঁ নাৰ্চিং হোমত ভৰ্তি হৈছিল এটা চেক আপৰ বাবে৷ ব্ৰঙ্কিয়াল কাৰচিনোমা চাচপেক্টেড৷ খুব অসুস্থ আছিল৷ মই তেতিয়া তাত আয়া আছিলো৷"

"তেতিয়াই ঘনিষ্ঠতা বাঢ়ে?"

"হয়৷ তেওঁ মোক খুব ভাল পাইছিল৷ ময়ো তেওঁক৷"

"এণ্ড ডেটছ ডেট৷"

"তেতিয়া মোৰ বয়স চৌবিছ পঁচিছ৷ তেওঁৰ মিড ফৰ্টিজ৷ উইডোয়াৰ৷ উই ফেল্ট ফৰ ইচ্ছ আডাৰ৷"

"তাৰপিছত?"

"তেওঁ ভাল পালে৷ কেন্সাৰ হোৱা নাছিল৷"

"তেতিয়া তেওঁৰ জীয়েকৰ বিয়া হৈছে?"

"অসুখৰ পিছতেই জীয়েকৰ বিয়া হয়৷ ডিভোৰ্ছ হয়৷ ছোৱালী গুচি গ'ল আমেৰিকালৈ৷ তেতিয়া একেবাৰে লোনলি৷ মোক তেওঁৰ খুব প্ৰয়োজন হৈছিল৷"

"বন্দোবস্তটো কেনেকুৱা আছিল?"

"তেওঁ এই ঘৰটো মোৰ কাৰণে লিজত লৈছিল৷ দহ বছৰৰ লিজ৷ মাহে মাহে দুহাজাৰ টকাৰ হাত খৰচ৷"

"ইয়াতেই আপোনালোকে লগ কৰে?"

"হয়৷"

"ইয়াৰ আগতে আপুনি ক'ত আছিল?"

"মাৰ লগত৷ মমিনপুৰত৷"

"আপোনাৰ মা এতিয়াও তাত আছে?"

"নাই৷ ঢুকাইছে৷"

"সেই ঘৰটো?"

"সেইটো ভাৰা ঘৰ৷ মোৰ দাদা থাকে৷ তাৰ লগত মোৰ সম্পৰ্ক নাই৷"

"আপুনি ইংৰাজী ক'বলৈ ক'ত শিকিলে?"

"স্কুলত৷ দেউতা যেতিয়া আছিল, আমাৰ অৱস্থা ভাল আছিল৷ দেউতাই চাকৰি কৰিছিল মাল্টি নেছনেল কোম্পানীত৷ তেওঁ ঢুকুৱাৰ পিছত আমাৰ অৱস্থা বহুত বেয়া হয়৷ পঢ়া শুনা এৰিব লগীয়া হয়, চাকৰি কৰিবলগীয়া হয়৷ তাকো আয়াৰ চাকৰি৷ কেজুৱেল৷ দাদাই ঘৰৰ পৰা ওলাব পাৰিলে বাচে৷ তাৰো অৱস্থা বহুত বেয়া৷"

"বৰুণবাবুক আপুনি বিয়াৰ প্ৰস্তাৱ দিছিলে?"

"বহুত বাৰ৷"

"বিয়া নহ'ল কিয়?"

"তেওঁ সমাজৰ বদনামক ভয় কৰে৷ এবাৰ ৰাজি হৈছিল, আকৌ নানা অজুহাত লৈ পিছুৱাই যায়৷"

"বিয়া নকৰোৱাকৈয়ে সন্তান হ'ল?"

"হয়৷ তেওঁ এবৰচ'ন কৰাব খুজিছিল৷ মই মান্তি নহ'লো৷ ভাবিছিলো বাচ্ছা হ'লে বিয়াত মনাব পাৰিম৷"

"তেওঁ ৰাজি নহল?"

"নাই৷ তাকেইতো ক'লো, খুব কাকুতি মিনতি কৰিছিলো৷ মই তেওঁৰ সন্তানৰ মাক, মই বৰ ইনচিকিউৰিতি ফিল কৰিছিলো৷"

"তেওঁ টকা পইছা দি কম্পেনচেট কৰিব পাৰিলেহেঁতেন চাগে!"

"টকা পইছাৰ ক্ষেত্ৰত তেওঁ খুব উদাৰ নাছিল৷ তেওঁ যি দিয়ে তাৰে নচলে৷ ল'ৰা জন্মাৰ পিছত খৰচ বাঢ়িছিল৷ বিয়াৰ বাবে হেঁচা দিছিলো কাৰণে তেওঁ লাহে লাহে মোৰ প্ৰতি বিৰক্ত হৈ পৰিছিল৷"

"মই আপোনাৰ অৱস্থাটো বুজি পাইছো৷ তেওঁ ল'ৰাটোক মৰম কৰিছিল নে?"

"বাপেকে পুতেকক যেনেকৈ মৰম কৰে, তেনেকুৱা নহয়৷ হ'লেও চাগে মায়া এটা আছিল৷ মৰম আদৰ কৰিছিল৷"

"তাৰপিছত কি হ'ল?"

"তেওঁ জীয়েকৰ ওচৰলৈ আমেৰিকালৈ গ'ল৷ এবছৰৰ বাবে৷ মোক মাত্ৰ বিশ হাজাৰ টকা দি গৈছিল৷ ল'ৰাটোৰ স্কুলৰ ফিজেই মাহে ডেৰশ টকা৷ আৰু খৰচ আছে৷ মই পুনৰ আয়াৰ চাকৰি আৰম্ভ কৰিছিলো৷ কিন্তু বজাৰ বেয়া৷ ইনকাম নাম মাত্ৰ৷"

"আপুনি কি তেওঁক ব্লেকমেইল কৰিছিলে?"

"ব্লেকমেইল! নাই৷ কথাটো তেতিয়া মনলৈকে অহা নাছিল৷৷

"তেওঁ এখন ডায়েৰীত ব্লেকমেইল কৰাৰ কথা লিখি গৈছে৷ অৱশ্যে তাত আপোনাৰ নাম নাই৷"

"ব্লেকমেইল নহয়৷ কিন্তু তেওঁ আমেৰিকালৈ যোৱাৰ বহুদিন আগৰে পৰাই মোৰ ওচৰলৈ অহা বন্ধ কৰি দিছিল৷ মোৰ ভয় হৈছিল তেওঁ চাগে মোৰ সৈতে আৰু সম্পৰ্ক নাৰাখিব৷ বাধ্যত পৰি মই তেওঁৰ ওচৰলৈ যাওঁ৷ তেওঁৰ ঘৰলৈ যোৱা মানা আছিল মোৰ৷ বাধ্যত নপৰা হ'লে নগ'লোহেঁতেন৷ মোৰ নিজৰ কাৰণেতো নহয়৷ ল'ৰাটোতো চাব লাগিব৷ মোক দেখাৰ লগে লগে তেওঁ খঙত জ্বলি-পকি উঠে৷ মই টকা পইছাৰ কথা কওঁতে তেওঁ কয়, তুমি মোক ব্লেকমেইল কৰিবলৈ আহিছা? এয়া কি ব্লেকমেইল? আপুনিয়েই কওঁকচোন!"

"নাই৷ তাৰ পিছত?"

"অৱশেষত তেওঁ বিশ হাজাৰ টকা দিছিল৷"

"তাৰপিছত?"

"তেওঁ আমেৰিকালৈ যোৱাৰ পিছত আৰু যোগাযোগ নাছিল৷ তেওঁ মোক কোনোদিনে চিঠি দিয়া নাছিল৷ মোকতো দিবলৈ মানাই কৰিছিল৷ এবছৰ পিছত তেওঁ উভতি অহাৰ পিছত মোক লগ কৰে৷ দেখিলো বৰ ক্লান্ত হৈ পৰিছে৷ মোৰ প্ৰতি যেন অলপ দূৰ্বলো হৈছে৷ সেই দূৰ্বলতাৰ সুযোগতে মই আকৌ বিয়াৰ কথা ক'লো৷ তেওঁ অলপ ৰাজি হৈছিল৷ কিন্তু চিন্তা হৈছিল সা-সম্পত্তি লৈ৷ বিয়া কৰালে প্ৰীতীশ তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব৷ সেইটো তেওঁ বৰ এটা পচন্দ কৰা নাছিল৷ হ'লেও শেষলৈ তেওঁ ৰাজি হৈছিল৷ আনকি তেওঁৰ কথা মতে মই এজন মেৰিয়েজ ৰেজিষ্টাৰৰ সৈতেও যোগাযোগ কৰি নিয়ম কানুন জানি আহো৷ কিন্তু তেওঁ হঠাৎ ঢুকাই থকাত সকলো পণ্ড হ'ল৷"

"মিতালীদেৱীক আপুনি যোগাযোগ কৰিছিল নেকি এইবোৰ কথা ক'বলৈ?"
"হয়৷ আৰু এবছৰ পিছত এই ঘৰটোৰ লিজ শেষ হ'ব৷ মোৰ মাহিলী খৰচ বন্ধ৷ চাকৰিৰ পৰা টকা পইছা নাহে৷ মই কি কৰিব পাৰো কওঁক! মোৰ ল'ৰাটো অবৈধ সন্তান, জানো৷ কিন্তু তেওঁৰেই সন্তান৷ সি কিয় অন্যায়ভাৱে বঞ্চিত হ'ব? সেয়ে মই প্ৰথমতে ফোনতে তেওঁক সকলো খুলি ক'বলৈ চেষ্টা কৰিছিলো৷ তেওঁ ভীষণ উত্তেজিত হৈ পৰে৷ মোক ওলোতাই গালি গালাজ কৰে৷"

"আপুনি কল গাৰ্লৰ জীৱিকা কেতিয়াৰ পৰা আৰম্ভ কৰে?"

তলমূৰ কৰি অলপ পৰ মনে মনে থাকি দোয়েলে মূৰ তুলি ক'লে, "তেওঁ আমেৰিকালৈ যোৱাৰ প্ৰায় সাত আঠ মাহ পিছত৷ কলগাৰ্ল নহয়৷ মই নাৰ্চিংহোমৰ পৰাই এজন মধ্যবয়স্ক পেচেন্টৰ সৈতে তেওঁৰ ঘৰলৈ যাওঁ৷ তাতেই আৰম্ভ৷ ইচ্ছা নাছিল৷ বাধ্যত পৰি.."

"সমীৰণ আৰু পান্টুৰ কেছ বোৰ কি?"

"পান্টুৰ লগত এৰাতি আছিলো৷ ফৰ একচেছ টু দেট হাউছ৷"

"কি বিচাৰিছিল?"

"শেষবাৰ চেষ্টা কৰিছিলো মিতালীৰ পৰা অলপ সহায় পাবলৈ৷ তাই মোক অপমান কৰি ঘৰৰ পৰা উলিয়াই দিয়ে৷ তেতিয়া ঠিক কৰিছিলো, চুৰি কৰিম৷"

"চুৰিৰ বাবে কি পাৰ্টিৰ দিনটোৱে সুবিধাৰ আছিল?"

"হয়৷ মানুহৰ ভিৰত সোমাবলৈ সুবিধা হ'ব যেন লাগিছিল৷"

"পান্টু যে মিতালীৰ প্ৰাক্তন প্ৰেমিক জানিছিল?"

"জানিছিলো৷ বৰুণ বাবুৰ পৰা চব শুনিছিলো৷"

"সমীৰণৰ লগত কেনেকৈ আৰু কিয় লগ লাগিছিল?"

"ক্ষণিকা- মানে তাৰ গাৰ্লফ্ৰেণ্ডক মই বহুত আগৰে পৰাই জানো৷ কেইদিনমান তাইৰ জীয়েকৰ বেবি চিটিঙো কৰিছো৷ সেই সময়ত মই সিহঁতৰ ঘৰত তাইৰ জীয়েকক চাইছিলো৷ ক্ষণিকাই সমীৰণৰ ওপৰত খং কৰি গুছি অহাত মই ঠিক কৰিছিলো সমীৰণৰ সৈতে থাকিম৷ তাত অলপ ইনফৰ্মড থকা হ'ব৷"

"এতিয়া আচল কথালৈ আহক দোয়েলদেৱী৷"

দোয়েলে এই প্ৰথমবাৰৰ বাবে অলপ হাঁহিলে৷ হাঁহিলে মুখখন বৰ ধুনীয়া দেখি, লক্ষ কৰিলে শৱৰে৷

"পাৰ্টিৰ ৰাতি মই দ্বিতীয়মহলাত উঠো৷"

"কেনেকৈ?"

"পিছফালৰ বাগানেৰে৷ বৰ সহজ৷"

"কওঁক৷"

"দ্বিতীয় মহলাত সোমাই বিচাৰ খোচৰ কৰোতে হেণ্ডবেগটো পাই যাওঁ৷"

"ৰাতি তেতিয়া কিমান?"

"চাৰে নটাৰ পৰা দহটাৰ ভিতৰত৷"

"বহুত ৰিস্ক আছিল নহয়?"

"আছিল৷"

"তাৰ পিছত?"

"দহ হাজাৰ ডলাৰ আছিল৷ টকাটো আৰু দুটা গহনা লৈ লওঁ৷"

"কিন্তু.."

"গম পাইছো আপুনি কি শুনিব খুজিছে৷ কিন্তু আপুনি হতাশ হ'ব৷ ৰাতি দহটাৰ পিছত মই আৰু তাত নাছিলো৷ হত্যা মই কৰা নাই মিস্তাৰ দাশগুপ্ত৷"

শৱৰে স্থিৰ দৃষ্টিৰে চাই থাকিল দোয়েলৰ পিনে৷

দোয়েলে চকু নাতঁৰালে, চকুৱে চকুৱে চাই থাকি ক'লে, "মই মোৰ ল'ৰাটোৰ কাৰণে এই অপৰাধটো কৰিছো৷ চুৰি যিহেতু চুৰিয়েই৷ আইন মোৰ সৈতে নাই৷ কিন্তু ধৰ্মৰ খাতিৰত মই আৰু মোৰ ল'ৰাই কিবা পাব লাগে৷ দহ হাজাৰ ডলাৰ বহুত বেছিও নহয়৷ বৰুণবাবুৰ ঘৈনী হ'ব পৰা হ'লে মোৰ পাওনা বহুত বেছি হ'লহেঁতেন৷ আপুনি কি মোক এৰেষ্ট কৰিব?"

"আপোনাৰ এলিবাই আছে? হত্যাৰ সময়ত ৰাতি এটাৰ পৰা দুটাৰ ভিতৰত?"

"দুটা বজাত? সেই সময়ত সকলোৱে শুৱে৷ কোনে সাক্ষী দিব কওঁক৷"

"আপুনি ক'ত আছিল?"

দোয়েলে এটা শ্বাস পেলাই ক'লে, "আপুনি আকৌ হতাশ হ'ব লাগিব৷ কাৰণ মোৰ ফুল প্ৰুফ এলিবাই আছে৷"

"কেনেকুৱা?"

"সেইদিনা দহহাজাৰ ডলাৰ পাই মোৰ বৰ ফুৰ্টি লাগিছিল৷ উভতি আহি মই কাষৰ ফ্লেটৰ বৌৰ লগত বহুত সময় আদ্দা মাৰো৷ তেওঁ মাজে মাজে মোৰ ফ্লেটলৈ ভিছিআৰত চিনেমা চাবলৈ আহে৷ সেই ৰাতি তেওঁলোকৰ গোটেই পৰিয়াল আৰু মই এই কোঠাটোতে বহি ৰাতি এঘাৰটাৰ পৰা ৰাতিপুৱা চাৰিটালৈ দুখন বাংলা আৰু এখন হিন্দী চিনেমা চাইছো৷ আপুনি সোধ পোচ কৰিলেই গম পাব৷ আৰু কৈ থওঁ, ওচৰৰে আৰু দুজনী ছোৱালীয়েও সেই ৰাতি মোৰ ইয়াত বহি চিনেমা চাইছে৷ কোৱাইট এ ক্ৰাউদ৷"

শৱৰে মূৰ জোকাৰি ক'লে, "বুজিছো৷"

"চুৰিৰ কাৰণে আপুনি মোক এৰেষ্ট কৰিব পাৰে৷ কিন্তু হত্যাৰ কাৰণে নহয়৷ হত্যাকাৰীক আপোনালোকে আৰু অলপ বিচাৰিব লাগিব৷"

"মই আপোনাক এৰেষ্ট নকৰো৷"

"তেনেহ'লে?"

"মই আপোনাৰ সৈতে এটা চুক্তিত আহিব খোজো৷ চিম্পল বাৰ্টাৰ৷"

"কি কওঁক?"

"লিভ এ ক্লিন লাইফ৷ যি কৰিছে কৰিছে, আৰু নহয়৷"

দোয়েলৰ চকু সেমেকি উঠিল, "কোনেনো জঘন্য জীৱন এটা যাপন কৰি খোজে কওঁক! যি কৰিছো ল'ৰাৰ স্বাৰ্থত, মাক হৈ৷ ল'ৰাৰ কাৰণে মাকে সকলো পাৰে৷ পাৰে নে নোৱাৰে কওঁক! কিন্তু আৰু নহয়, কথা দিছো৷"

"এইবাৰ আৰু এটা কথা আছে৷ হয়তো আপুনিয়েই পাৰিব সাঁথৰটো ভাঙিবলৈ৷"



***