Apr 9, 2020

ক'ৰোনাৰ দৰে বাৰ্ড ফ্লুৱেও কৰিব পাৰে মহামাৰী

ৰাজীৱ ফুকন
চীনৰ ৱেট মাৰ্কেটবোৰ বন্ধ কৰিবলৈ যে সকলোৱে দাবী কৰি আছে৷ ৱেট মাৰ্কেট মানে কি জানানে? আমাৰ ইয়াৰ মাছ, মাংসৰ দোকানবোৰ যে দেখিছে, সেইবোৰেই ৱেট মাৰ্কেট৷ য'ত গ্ৰাহকৰ চকুৰ আগতে মাংস কাটি বিক্ৰী কৰা হয়৷

গতিকে চীন দেশক উপদেশ দিয়াৰ লগতে আমি নিজেও সাৱধন হ'ব লাগিব যাতে পিছৰটো মহামাৰীৰ কেন্দ্ৰ বিন্দু ভাৰতবৰ্ষ নহয়গৈ৷ বিজ্ঞানী সকলেতো কৈয়ে আছিলে নেক্সট মহামাৰি হ'লে ইনফ্লুয়েঞ্জা ভাইৰাছৰ পৰা হোৱাৰ সম্ভাৱনা আছে বুলি, বিশেষকৈ বাৰ্ড ফ্লুৰ কাৰণে৷
বিভিন্ন ইফ্লুয়েঞ্জা ভাইৰাছৰ কাৰণে বাৰ্ড ফ্লু হ'ব পাৰে৷ কিন্তু সঁচাৰচৰ দেখা পোৱা H5N1 ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ ম'ৰ্টেলিটি ৰেট ৬০%৷ য'ত ক'ভিড নাইন্টিনৰ মাত্ৰ ৩%৷

এতিয়ালৈকে H5N1 ভাইৰাছে চৰাই চিৰিকটীৰ লগত ডাইৰেক্ট সংস্পৰ্শত থকা মানুহকহে আক্ৰমণ কৰি আছে৷ কিন্তু এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হ'ব পৰাকৈ ভাইৰাছটোৱে নিজকে উন্নীত কৰিব পৰা নাই৷ হয়তো কৰিব৷ যিহেতু ভাইৰাছৰ কামেই সেইটো, পৰিস্থিতি সাপেক্ষে নিজৰ ৰূপ সলনি কৰা৷ যেনে, বৰ্তমান সময়ত মহামাৰীৰ সৃষ্টি কৰা SARS CoV-2 ভাইৰছটোৱে এইকেইদিনতে আঠটা উপ-প্ৰজাতিলৈ নিজকে সলনি কৰিছে, আৰু তাৰ তিনিটা আছে ভাৰতত৷

H5N1 ভাইৰাছটো 2011 চনত বৈজ্ঞানীকৰ দুটা দলে ফেৰেট নামৰ জন্তু এটাৰ গাত প্ৰয়োগ কৰি চাইছিল, আৰু ভাইৰাছটোৱে ইটো ফেৰটৰ পৰা সিটো ফেৰটলৈ সংক্ৰমণ কৰিব পৰাকৈ নিজকে উন্নীত কৰি তুলিছিল৷

গতিকে বাৰ্ড ফ্লুৱে যদি কেতিয়াবা মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পাৰে, তেতিয়া আৰু নিস্তাৰ নাই৷ কাৰণ ম'ৰ্টেলিটী ৰেটৰ উপৰিও ইনফ্লুয়েঞ্জা ভাইৰাছৰ সংক্ৰমণ স্পীড ক'ৰোনা ভাইৰাছতকৈ বহু গুণে বেছি৷

ভাৰত হ'ল পৃথিৱীৰ তৃতীয়খন সাৰ্বাধিক কণী উৎপন্ন কৰা দেশ আৰু চতুৰ্থখন কুকুৰাৰ মাংস উৎপন্ন কৰা দেশ৷ গতিকে আমাৰ দেশত বাৰ্ড ফ্লুৰ আউটব্ৰেক হোৱাৰ সম্ভাৱনাই আটাইতকৈ বেছি৷ সেয়ে আমি শীঘ্ৰেই ৱেট মাৰ্কেটবোৰ বন্ধ কৰা বা সঠিক ভাৱে ৰেগুলেট কৰাৰ ব্যৱস্থা কৰিব লাগে৷ কুকুৰা বা অন্য পোল্ট্ৰী ফাৰ্মত কাম কৰা বা মাংস কটা মানুহবোৰক সঠিক গাইড দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ যিহেতু কুকুৰাৰ ফাৰ্মবোৰ কিছুমান কোম্পেনীৰ অধীনত চলে, চৰকাৰে সেই কোম্পানীবোৰক হেঁচা প্ৰয়োগ কৰিব পাৰে যাতে কোম্পানী বোৰে ফাৰ্মত কাম কৰা মানুহক প্ৰয়জোনীয় পোচাক, মাস্ক, হাত মৌজা আদিৰ যোগান ধৰে৷ তাৰোপৰি নিয়ম ভংগ কৰিলে ফাৰ্ম বোৰৰ লাইচেন্স কৰ্টন কৰাৰ ব্যৱস্থাও কৰিব লাগে৷

কোনে জানে, ইনফ্লুৱেঞ্জা, ক'ৰোনা আদি ভাইৰাছৰ উপৰিও ক'ত ধৰণৰ নাম নুশুনা ভাইৰাছ চৰাই-চিৰিকটী, জীৱ জন্তুৰ মাজত ব্যপি আছে৷ ন'ৱেল বটা বিজয়ী জীৱবিজ্ঞানী যোছোৱা লেডাৰবাৰ্গে কৈছিল, "The single biggest threat to man’s continued dominance on the planet is the virus."

সেয়ে ক'ৰোনাক আমি প্ৰকৃতিৰ সতৰ্কৱাণী বুলি মানি লোৱা উচিত৷ আমি বুজা উচিত, যিহেতু পৃথিৱীখনত ৰাজত্ব কৰাৰ ক্ষমতা একমাত্ৰ আমাৰেই আছে, মানুহৰ৷ গতিকে আমি সু-শাসকৰ দায়িত্বও পালন কৰিব পাৰিব লাগিব৷ পাৰিছোনে পিছে আমি, প্ৰকৃত শাসকৰ দায়িত্ব পালন কৰিবলৈ? ন্যায় দিব পাৰিছো নে জীৱকূলক? ওপৰৰ ফটোখনকে চাওঁকচোন, কুকুৰাৰ ঠেঙত বান্ধি ওলোমাই ডিঙি চোচোৰাই যে লৈ গৈছে, তাত জীৱশ্ৰেষ্ঠতাৰ কিবা লক্ষণ দেখা গৈছেনে? সেয়া নৃশংস দানৱীয় কাম নহয়নে? সেই অসহায় প্ৰাণীবোৰৰ দৃষ্টিত আমাতকৈ নিষ্ঠুৰ দানৱ হয়তো আৰু একো নাই৷ প্ৰকৃততে আমি হ'ব লাগিছিল সিহঁতৰ দৃষ্টিত ভগৱান স্বৰূপ৷ আপোনাৰ পোহনীয়া কুকুৰটো বা মেকুৰীটোৰ যেনেকুৱা এখন অন্তৰ আছে, গাহৰিটো, ছাগলীজনী, গৰুটো, কুকুৰাজনী বা হাঁহজনীৰো আছে৷ সিহঁতেও আপোনাক কুকুৰটো বা মেকুৰীটোৰ দৰেই মৰম আৰু সন্মান দিব, যদিহে আমিও সিহঁতৰ লগত সঠিক ধৰণে আচৰণ কৰো৷

মোৰো হয়তো এইবিলাক কথা কোৱাৰ অধীকাৰ নাই, কাৰণ আপোনালোকৰ বহুতৰ দৰে ময়ো কনফিউজড, ৰান্ধি বাঢ়ি আগত সজাই দিলে মাংসৰ লোভ সামৰিব নোৱাৰো, আনহাতে সিহঁতৰ কৰুণ চকুহাল দেখিলে অসহায় হৈ পৰো৷

কিন্তু এই কেইদিন ইন্টাৰনেটত বিচাৰ খোচাৰৰ কৰোতে, ইম্প'ছিবল ফুড আৰু বিয়'ণ্ড মিট নামৰ দুটা কোম্পানীৰ বিষয়ে জানিব পাৰিলো৷ যিয়ে বুট, মুগ, বিট, নাৰিকল তেল আদিৰেই হুবহু মাংস বনাই উলিয়াইছে৷ যি দেখিবলৈও মাংসৰ নিচিনা, গোন্ধও মাংসৰ নিচিনা, আৰু সোৱাদো মাংসৰ নিচিনা বুলি শুনিছো৷ তাৰোপৰি কোম্পানী কেইটাই জনোৱামতে, গৰু, বা ছাগলী এটা ডাঙৰ কৰোতে যিমান পানী, ঘাঁহ, সময় আদিৰ খৰচ হয়, তাৰ তুলনাত বহু কম খৰচতেই প্লেন্ট বেছড মিট বনাব পাৰি৷ ইম্পছিবল ফুডে ২০১৯ চনত ৰাষ্ট্ৰ সংঘৰ গ্লোবেল ক্লাইমেট এক্সন এৱাৰ্ড লাভ কৰে আৰু ২০১৮ত ৰাষ্ট্ৰ সংঘই এই দুয়োটা কোম্পানীকে চেম্পিয়ন অৱ দি আৰ্থ বটা প্ৰদান কৰিছিল বিজ্ঞানলৈ কোম্পানী দুটাৰ যুগান্তকাৰী অৱদানৰ বাবে৷ তাৰোপৰি এনেদৰে বনোৱা মাংসত কলেষ্টৰেল একাবাৰে নাথাকে৷ যি কলেষ্টৰেল হৃদ ৰোগ, ষ্ট্ৰ'ক আদিৰ মূল কাৰক৷

একেধৰণৰ এটা কোম্পানী ভাৰততো আছে৷ নাম Good Dot, এই কোম্পানীটোৱে ছাগলী আৰু কুকুৰাৰ মাংস বনায়৷ ৰিভিউ চাওঁতে ভালেই দেখিছো, কিন্তু নাজনো কিমান সঁচা মিছা, বা বৰ্তমান ই কেনেকুুৱা পৰ্যায়ত আছে৷ কিন্তু সময়ৰ লগে লগে ই আৰু বেছি পাৰফেক্ট আৰু সহজলভ্য হৈ পৰিব বুলি আশা ৰাখিলো৷ যিহেতু ছয়াবিনৰ পৰা গাখীৰ আৰু সেই গাখীৰৰ পৰা পনীৰ (টফু) বনাই আহিছে ইমান বছৰ ধৰি, সেইফালৰ পৰা চালে মাংস বনোৱা কথাটো অসম্ভৱ নহ'য় যেন লাগে অন্ততঃ আজিৰ যুগত৷ যি নহওঁক এই প্লেন্ট বেছড মিটে হয়তো আমিষৰ পৰা নিৰামিষলৈ লাহে লাহে টেষ্টটো সলনি কৰাত আমাক সহায় কৰিব আৰু ভুগি থকা অপৰাধবোধৰ পৰা উদ্ধাৰ কৰিব৷ সেয়ে আমি এইবোৰ বিষয়তো অধ্যয়ন কৰা উচিত৷ কিজানি ভবিষ্যতে কেতিয়াবা প্লেন্ট বেছড মিট উৎপন্ন কৰা দেশৰ তালিকাত আমিয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হওঁ৷ যিহেতু বুট, মুগ, নাৰিকল আদি আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণে উৎপন্ন হয়৷

তলত এই বিষয়ে কিছুমান লিংক আগবাঢ়ালো৷

ভাৰতীয় কোম্পানীটোৰ প্ৰডাক্টৰ পাব্লিক ৰিয়েক্সন, বহুতে ধৰিবই পৰা নাছিল আছল নে মিছা মাংস৷

https://youtu.be/yB8Lz3wDKbQ

ইম্প'চিবল ফুড আৰু বিয়ণ্ড মিটৰ বিষয়ে কিছু কথা জানিব পাৰিব, এই ভিডিঅ'টোত বিল গেটছেও টেষ্ট কৰি চায়৷

https://youtu.be/-k-V3ESHcfA

এই ইউটিউবাৰজনে ডেৰ বছৰ মান ধৰি ঘৰতে প্লেন্ট বেছড মিট বনোৱাৰ চেষ্টা কৰি আছে, নাজানো সফল হ'ব পাৰিছে নে নাই, কোনোবাই যদি ঘৰতে বনাই চাব খোজে তেওঁৰ পৰা শিকিব পাৰিব৷

https://youtu.be/99JG7OlpNvM

H5N1 ৰ সবিশেষ (WHO): https://www.who.int/influenza/human_animal_interface/avian_influenza/h5n1_research/faqs/en/