*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
হাবিৰ মাজৰ এটা লুঙলুঙীয়া বাট৷ দুয়োফালৰে পৰা গছ-লতাই হেঁচি ধৰিছে, হাতেৰে গুচাই গুচাই আগুৱাব লাগে৷ সন্ধিয়া হৈ আহিছে৷ হ'লেও অলপ অলপ পোহৰ আছে আকাশত৷ আকাশৰ এটা মূৰ ৰঙা আৰু আনটো মূৰ ধূসৰ৷ হাবিৰ মাজত যেন ছাঁ পোহৰে জালি কাটিছে৷
কত ধৰণৰ চৰাইৰ মাত শুনা যায় ইয়াত৷ সকলো
চৰাই বাহলৈ উভতিছে৷ মূৰৰ ওপৰেৰে উৰি গৈছে এজাক বগলী৷
বনমালী নামৰ মানুহজন আৰু সন্তু গৈছে
আগে আগে৷ বনমালীৰ ক্ষীণ ওখ চেহেৰা,
ধুতিৰ
ওপৰত কুৰ্তা পিন্ধা৷ মূৰত জঁপৰা চুলি, দাড়ি-গোঁফ নাই৷ চকু দুটা সৰু সৰু৷ সি
বাৰে বাৰে ইপিনে-সিপিনে চাইছে৷ সন্তুৱে পিন্ধি আছে পেন্ট-চাৰ্ট আৰু এটা নীলা ৰঙৰ
চুৱেটাৰ৷ বতাহত ঠাণ্ডাৰ ভাৱ এটা আছে৷ কুৰ্তা পিন্ধা বনমালীৰ ঠাণ্ডা নাই চাগে!
খুৰাদেউৱে পিন্ধি আছে পেন্টৰ ওপৰত এটা
দীঘল কোট৷ দুই হাতত পেং লৈ জংঘলৰ মাজে মাজে খোজ কঢ়াত তেওঁৰ অসুবিধা হৈছে৷ গছ লতাত
মাজে মাজে পেং লাগি ধৰিছে৷
এঠাইত সন্তু থমকি ৰৈ এজোপা গছৰ পিনে
চাই সুধিলে, "এই থোপাথোপে ফুলি থকা ৰঙা ফুলবোৰ কি ফুল?"
বনামালীয়ে সেইপিনে চাই ক'লে, "কি জানো!"
সি ফুলৰ নাম নাজানে, জনাৰ আগ্ৰহো নাই৷
পিছপিনৰ পৰা খুৰাদেউৱে ক'লে, "অশোক ফুল৷"
তাৰ পিছতে খুৰাদেউৱে ডাঙৰকৈ চিঞৰি উঠিল,
"সন্তু, চাপৰি দে, বহি দে বহি দে৷"
সন্তুৱে ইপিনে সিপিনে চাই একো
নেদেখিলে৷ খুৰাদেউৱে কিয় তেনেকুৱা কৰিছে, তাকো ধৰিব নোৱাৰিলে৷
খুৰাদেউৱে তেওঁৰ পেং এপাত দাঙি গছৰ সৰু
ঠানি এটাত জোৰেৰে কোবাই দিলে৷
তেতিয়াহে বুজা গ'ল, সেইটো গছৰ ঠানি নাছিল, গছৰ ঠানিৰ নিচিনা ঠৰঙা লাগি আছিল৷
এতিয়া মাটিত পৰি কিল বিলাবলৈ ধৰিছে৷
সন্তুৱে ভয়তে একে জাপে আঁতৰি গৈ ক'লে, "আৰে বাপৰে, সাপ৷ মোৰ মূৰৰ ওপৰতে ওলমি আছিল!"
বনমালীয়ে চকু দুটা ডাঙৰ কৰি কৰি ক'লে, "লাউডগা সাপ৷ খোঁটা হ'লে ৰক্ষা নাছিল৷ নিৰ্ঘাত মৃত্যু৷"
খুৰাদেউৱে কিন্তু সাপডালক আৰু
নামাৰিলে৷ পেংপাতেৰে ঠেলি ঠলি আঁতৰাই দিলে৷ নিজকে কোৱা দি ক'লে, "ঠাণ্ডা যোৱাই নাই৷ সাপ ওলালেই৷ ভোকৰ
জ্বালাত আৰু থাকিব নোৱাৰা হৈছে৷"
তাৰ পিছত বনমালীলৈ চাই ক'লে, "লাউডাগা সাপৰ বিষ নাই৷ খুঁটিলে কিয়
মৰিব? অৱশ্যে বহুতে ভয়তে মৰে৷"
সন্তুৱে সুধিলে, "সাঁপে খুঁটিলে মানুহ নমৰে?"
খুৰাদেউৱে ক'লে, "চব সাপৰে বিষ থাকে নেকি? বেছি ভাগৰে বিষ নাথাকে৷ কিন্তু ভয় খাব
নালাগে৷ ভয় নাখালে বিষাক্ত সাপে খুঁটিলেও চিকিৎসা কৰি বচাব পৰা যায়৷ কিহে বনমালী,
আৰু
কিমান দূৰ?"
বনমালীয়ে ক'লে, "এই, আৰু অকণমান৷"
খুৰাদেউৱে ক'লে, "অথনিৰে পৰাতো অকণমান অকণমান বুলিয়ে কৈ
আছা৷ ভাল মাল পাম তো? "
বনমালীয়ে ডাঠি ক'লে, "বহুত ভাল ভাল মাল আছে ছাৰ৷ মই কি আৰু
এনেই আপোনালোকক ইমান দূৰলৈ লৈ আনিছো নে? দাম কিন্তু বেছি হ'ব৷"
খুৰাদেউৱে ক'লে, "দাম যিমানেই নহওঁক, কথা নাই৷ কিন্তু মাল পচন্দ হ'ব লাগিব৷ পচন্দ নহ'লে তুমি পইছা নপোৱা৷"
সিহঁতে আকৌ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে৷
এইবাৰ খোজে প্ৰতি অন্ধকাৰ নামি আহিল৷ চৰাইৰ মাত কমি গৈছে৷
খুৰাদেউৱে জেপৰ পৰা টৰ্চ এটা উলিয়াই সন্তুৰ
হাতত দিলে৷ সাপডাল দেখাৰ পিছত সন্তুৰ বুকু যি কঁপি উঠিছিল, এতিয়াও কমা নাই৷ সি টৰ্চৰ পোহৰ পেলাই
চাৰিওফালে ভালদৰে চাই চাই গৈ থাকিল৷
অলপ পিছতে পাতল হৈ আহিল হাবিখন৷ অলপ
দূৰত দেখা গ'ল এটা পোহৰ জিলিকি আছে ধিমিক-ধামাককৈ৷ আৰু অকণমান ওচৰ চাপি যোৱাত
দেখা গ'ল, মুকলি ঠাইখনৰ মাজত আছে এটা এমহলীয়া সৰু ঘৰ৷
বনমালীয়ে ক'লে, "এয়া, পালো৷"
সন্তুৱে ক'লে, "এনেকুৱা জংঘলৰ মাজত ঘৰ! মোৰ এনেকুৱা
ঘৰত থাকিবলৈ বিৰাট মন যায়৷"
খুৰাদেউৱে ক'লে, "বেছি দিন ভাল নালাগিব৷ বৰ বেছি সাত
দিন৷ তাৰ পিছতে আমনি লাগিবলৈ আৰম্ভ কৰিব৷ ঘৰৰ মানুহলৈ মনত পৰিব৷"
ঘৰটোৰ বাহিৰত দুৱাৰৰ কাষত জ্বলি আছে
এটা হাৰিকেণ আৰু ভিতৰৰ কোঠা এটাত জ্বলি আছে আন এটা উজ্জল পোহৰ৷ অস্পষ্টভাৱে দেখা গ'ল, ঘৰটো আচলতে এটা মন্দিৰৰ আঁৰত৷
মন্দিৰটোৰ চূড়া প্ৰায় ভাঙি গৈছে৷
বনমালীয়ে চিঞৰি মাতিলে, "ভবেনদা, অঁ ভবেনদা!"
এটা কুকুৰ ভিতৰৰ পৰা ভৌ ভৌ কৈ ভুকি
উঠিল৷ দুৱাৰখন খোলা৷ তাত আহি ৰ'ল প্ৰকাণ্ড কুকুৰটো৷ মাত শুনিলেই হিংস্ৰ যেন
লাগে৷
বনমালীয়ে ভয় খাই পিছুৱাই আহি আকৌ
চিঞৰিলে, "অঁ ভবেনদা কুকুৰটো চম্ভালা৷"
এইবাৰ ভিতৰৰ পৰা কোনোবা এজনে মাত দিলে,
"কোন?"
বনমালীয়ে ক'লে, "ভবেনদা, মই বনমালী৷ ৰায়পুৰৰ বনমালী লস্কৰ৷
তোমাৰ লগত কাম এটা আছিল৷"
ভিতৰৰ পৰা কোনোবা এজনে "ভোলা,
ভোলা"
বুলি দুবাৰ মাতোতেই কুকুৰটো শান্ত হ'ল৷ তাৰ পিছত ওলাই আহিল এজন ওখ মানুহ, পিন্ধনত গেৰুৱা ৰঙৰ লুঙী আৰু গাত এখন
চাদৰ, হাতত এটা চিগাৰেট৷
সি প্ৰথমে সন্তু আৰু খুৰাদেউক দেখা
নাছিল৷ বনমালীৰ পিনে চাই ক'লে, "কি অ' হঠাৎ এই সময়ত আহিলি যে? মইতো আজি ইয়াত থকাৰ কথা নাছিল, কিবা ভাল মালৰ খবৰ পাইছ নেকি?"
বনমালীয়ে সেমেনা-সেমেনি কৰি ক'লে, "এই চাহাব এজনক আনিছো৷"
ভবেনে চমকি উঠি ক'লে, "কি? কাক আনিছ?"
খুৰাদেউৱে অকণমান আগুৱাই গৈ ক'লে, "নমস্কাৰ, মই চাহাব-তাহাব নহয়৷ মই এজন বঙালী৷ মোৰ
নাম ৰাজা ৰায়চৌধুৰী৷ আৰু এইটো মোৰ ভতিজা সন্তু৷ মোৰ শিলৰ মূৰ্তি সংগ্ৰহ কৰাৰ চখ
আছে৷ বিভিন্ন ঠাই ঘূৰি ঘূৰি মূৰ্তি জোগাৰ কৰো৷ শুনিছো, আপোনাৰ ওচৰতো মূৰ্তি আছে৷"
ভবেনে ভ্ৰূ কোঁচাই ক'লে, "মোৰ ওচৰত? মই মূৰ্তি ক'ত পাম? কি অ' বনমালী, তই কি কৈ লৈ আহিছ?"
বনমালীয়ে ক'লে, "এওঁলোকে ভাল দাম দিব বুলিছে৷"
কুকুৰটোৱে খুৰাদেউৰ কাষলৈ আহি ঘূৰি
ঘূৰি গো-গোৱাই গৰ্জন কৰিব ধৰিছে৷ খুৰাদেউৰ লগত পেং থাকে কাৰণে কুকুৰে তেওঁক পচন্দ
কৰে৷
খুৰাদেউৱে ক'লে, "ভবেনবাবু, আপোনাৰ কুকুৰটো আগতে বান্ধক, নহ'লে ভালকৈ কথা পাতিব পৰা নাযাব৷ ইমান
দূৰৰ পৰা আহিছো, ঘৰৰ ভিতৰত বহিবলৈ নকয়?"
ভবেনে ক'লে, "আৰুনো কি কথা পাতিবলৈ আছে? আপোনালোক কিয় আহিছে নাজানো৷ মোৰ লগত
মূৰ্তি-চূৰ্তি নাই৷"
সন্তুৱে ক'লে, "মোৰ বৰ পিয়াহ লাগিছে, এগিলাচ পানী পাম নেকি?"
ভবেনে ক'লে, "ঠিক আছে৷ ভিতৰলৈ আহক৷ মই ভোলাক আঁতৰাও৷
অই ভোলা, আহ আহ আহ৷"
ঘৰৰ ভিতৰখন চিকচিকিয়া পৰিষ্কাৰ৷ এখন
বিচনা পৰা আছে৷ বহিবৰ কাৰণে আছে কেবাটাও মুঢ়া৷ দেৱালত ওলমি আছে এখন বাঘৰ ছাল৷
ভবেনে গেৰুৱা বসন পিন্ধি থাকিলেও তাৰ ভাব-ভংগি মুঠেও সাধুৰ নিচিনা নহয়৷
কুকুৰটো বেলেগ এঠাইত বান্ধি থৈ আহি সি
সন্তুক এগিলাচ পানী আনি দিলে৷
সন্তুৱে খাই খাই ক'লে, "সেই সাপডাল দেখাৰ পৰাই মোৰ ডিঙি শুকাই
গৈছে৷"
খুৰাদেউৱে ক'লে, "আপুনিতো বেছ নিৰিবিলি ঠাইত থাকে,
ভবেনবাবু৷ হাবিৰ মাজেৰে বহুখিনি আহিবলগীয়া হয়৷ খোজ কঢ়াৰ বাদে ইয়ালৈ অহাৰ আৰু বেলেগ
উপায় নাই চাগে, নহয় নে?"
ভবেনে শুকান মাতেৰে ক'লে, "আগতে কামৰ কথালৈ আহক৷ চাওঁক ডাঙৰীয়া,
মই
মূৰ্তি বিক্ৰী কৰো হয়৷ আটাইতকৈ কম দামৰটোৱে দহ হাজাৰ৷ আৰু দামী আছে, পঞ্চাছ হাজাৰ, দুই লাখ, পাঁচ লাখ৷ যদি কম দামী বস্তু বিচাৰি
আহিছে, তেনেহ'লে মোৰ সময় নষ্ট কৰি লাভ নাই৷"
খুৰাদেউৱে ক'লে, "আৰে, বস্তু নেদেখাওতেই দামৰ কথা? আমাক কি সস্তীয়া বস্তু বিচাৰি অহা যেন
লাগে নেকি? মোৰ এটা তেলৰ কল আছে, ভগৱানৰ আশীৰ্বাদত টকা পইছাৰ অভাৱ নাই৷ ভাল
মূৰ্তি পালে যিমান দাম লাগে দিম৷"
ভবেনে ক'লে, "কেচ টকা আনিছে? মই চেক-তেক নল'ও৷"
খুৰাদেউৱে কোটৰ এখন পকেটতত থাপৰ মাৰি ক'লে, "আছে, টকাও লগতে আছে, ময়ো নগদ লেনদেনতে বিশ্বাস কৰো৷"
সন্তুৱে আবদাৰৰ সুৰত ক'লে, "মোক এটা সৰস্বতীৰ মূৰ্তি লাগিব৷ আৰু
এটা গণেশৰ৷"
ভবেনে কোঠাৰ পৰা এটা হেজেক লেম্প তুলি
লৈ ক'লে, "আহক মোৰ লগত৷"
ঘৰৰ পিছপিনে এখন চোতাল৷ তাৰ সিপাৰে ভঙা
মন্দিৰটো৷ তেওঁলোক সেই মন্দিৰটোৰ ভিতৰলৈ আহিল৷ চাদখন একেবাৰে ভাঙি গৈছে, তাত গজিছে বট গছৰ পুলি৷ শিৱলিঙ্গটো
কিন্তু অক্ষত আছে৷ কিছু শুকান ফুল আৰু বেলপাত চতিওৱা আছে৷ বোধ হয়, মাজে মাজে এতিয়াও পূজা-পাতল চলে৷
ভবেনে শিৱলিঙ্গৰ সন্মুখত আঁঠু কাঢ়ি
সেৱা কৰিলে৷ তাৰ পিছত শিৱলিঙ্গটোত ধৰি জোৰেৰে ঠেলি দিওঁতেই সেইটো সামান্য আঁতৰি গ'ল৷ তাত দেখা গ'ল এটা অন্ধকাৰ গাঁত৷
সেই গাঁতত হাত ভৰাই ভবেনে এটা মূৰ্তি
উলিয়াই আনিলে৷ খুৰাদেউৱে সেইটো হাতত লৈ ঘুৰাই-পকাই চোৱাত লাগিল৷ প্ৰায় এহাত দীঘল
এটা বিষ্ণু মূৰ্তি, কলা শিলেৰে বনোৱা৷
ভবেনে ক'লে, "এইটোৰ বয়স চাৰে পাচশ বছৰ৷ দাম পৰিব ওঠৰ
হাজাৰ৷"
খুৰাদেউৱে ক'লে, "বাঃ বাঃ বৰ ধুনীয়া৷ অতুলনীয়৷ চাওঁ আৰু
কি আছে৷"
ভবেনে আৰু এটা মূৰ্তি উলিয়ালে, এইটো এটা গণেশ, পাথৰৰ নহয়, বোধহয় পিতলৰ৷
ভবেনে ক'লে, "এইটো পঞ্চ ধাতুৰে বনোৱা, বিষ্ণুপুৰৰ গণেশ, তিনিশ বছৰ পুৰণা৷ এইটোৰ দাম হ'ব বাৰ হাজাৰ৷"
সন্তুৱে ক'লে, "সেইটো মই ল'ম, সেইটো মোক লাগিব৷"
"ল'বি ল'বি, আগতে দাম দৰ ঠিক হওঁক৷ আৰু কি আছে
চাঁও৷"
ভবেনে ইয়াৰ পিছত আৰু সাতটা মূৰ্তি
উলিয়াই দেখুৱালে, বেছিভাগেই নাৰায়ণৰ, এটা ৰাধা-কৃষ্ণৰ, এটা দূৰ্গাৰ৷
খুৰাদেউৱে আটাইকেইটা খুঁটিয়াই খুঁটিয়াই
চালে, লগতে "বাঃ বাঃ, কি সুন্দৰ, কি সুন্দৰ৷" বুলি কৈ থাকিল৷
আটাইকেইটা চাই উঠি তেওঁ ক'লে, "আৰু নাই? মদনমোহনৰ মূৰ্তি নাই?"
ভবেনে এটা নাৰায়ণৰ মূৰ্তি দেখুৱাই ক'লে, "এইটোৱেইতো মদনমোহন৷"
খুৰাদেউৱে ক'লে, "এইটোতো বিষ্ণুপুৰৰ৷ কোঁচবিহাৰৰ মদনমোহন
নাই?"
ভবেনে ক'লে, "মোৰ লগত আৰু বেলেগ মূৰ্তি নাই৷"
খুৰাদেউৱে ক'লে, "বাৰু, নাই যদি আৰু কি ক'ম? ইয়াৰ যে এটাও মোৰ পচন্দ নহ'ল৷"
ভবেনে ক'লে, "ইমান কেইটা দেখুৱালো, এটাও পচন্দ নহ'ল?"
খুৰাদেউৱে মূৰ জোকাৰি ক'লে, "নাই, এটাও নহ'ল, কেনেকৈ পচন্দ হ'ব? গনেশৰ মূৰ্তিটো পঞ্চ ধাতুৰ বুলি কৈছিল,
সেইটো
আচলতে পিতলৰ৷ পুৰণাও নহয়৷ নকল৷ পাথৰৰ মূৰ্তি কেইটা বৰ বেছি পঞ্চাছ-ষাঠি বছৰ পুৰণা
আৰু এই যে বিষ্ণুৰ মূৰ্তিটো, এইটো আচল আৰু পুৰণা, এইটো বিষ্ণুপুৰৰ মন্দিৰৰ পৰা চুৰি কৰা
মাল৷ সেইটোও মোক নালাগে৷ কোঁচবিহাৰৰ মদনমোহনৰ মূৰ্তিটো পালে যি দাম লাগে তাকে
দিবলৈ ৰাজী৷ সেইটো মূৰ্তি ক'ত?"
ভবেনে এইবাৰ চকু দুটা সৰু কৰি খুৰাদেউৰ
পিনে অলপ পৰ চাই থাকিল৷ তাৰ পিছত খঙেৰে ক'লে, "তুমি মোৰ লগত ঠগবাজি কৰিবলৈ আহিছা?
তুমি
পুলিচৰ মানুহ?"
খুৰাদেউৱে নিৰীহ ভাৱে ক'লে, "নাই নাই মই পুলিচৰ মানুহ নহয়৷ মদনমোহনৰ
মূৰ্তিটো উলিয়াওক৷ তাৰ বাবে যিমান টকা লাগে দিম৷"
বনমালী ইমান পৰ মনে মনে আছিল৷৷ এইবাৰ
উচ্চস্বৰে কৈ উঠিল, "ভবেনদা, মই ইয়ালৈ আহিব খোজা নাছিলো! এই
মানুহজনে মোক ভয় দেখুৱাই জোৰ কৰি আনিছে৷ বিশ্বাস কৰক, মই ইচ্ছা কৰি অনা নাই৷"
ভবেনে ক'লে, "তই এই ল'ৰাটোক ধৰ৷ মই এই বুঢ়াক ধৰো৷ মোৰ সৈতে
চালাকি কৰিবলৈ আহিছে৷"
বনমালীয়ে সন্তুক দুই হাতেৰে জপটিয়াই
হেঁচি ধৰিলে৷ কিন্তু সি সন্তুক নাজানে৷ সন্তুৱে লগে লগে কাৰাটেৰ কৌশলেৰে তাক ওলোটাই
দি ধৰমকৈ মাটিত পেলাই দিলে৷ তাৰ মূৰটো লাগি গ'ল দেৱাল এখনত জোৰেৰে৷ সন্তুৱে দুহাতৰ
ধূলি জোকাৰি জকোৰি ক'লে, "বলে নাই গাত৷"
ভবেনে তাৰ পিছফালৰ দেৱালত ওলমি থকা
ডাঙৰ যাঠি এপাত তুলি লৈ ক'লে, "খতম কৰি দিম৷"
খুৰাদেউৱে ক'লে, "বাঃ, যাঠিপাতচোন বেছ পুৰণা যেন লাগিছে৷ চাওঁ
চাওঁ, দিয়াচোন৷ চাওঁ, সেইডালৰ দাম কিমান হ'ব?"
ভবেনে ক'লে, "মোৰ লগত চালাকি কৰিবলৈ নাহিবি৷ একে
কোবত মূৰ চিঙি ক'ৰবাত পেলাই দিম৷ লগত টকা পইছা কি আছে বাহিৰ কৰ বুঢ়া৷"
খুৰাদেউৱে ক'লে, "মোক বুঢ়া বুঢ়া কৰি নাথাকিবা৷ মই খোৰা
হ'ব পাৰো, কিন্তু বুঢ়া নহয়৷ তোমাতকৈ মোৰ গাত জোৰ বেছি আছে৷ খালি হাতে যুঁজাৰ
শক্তি আছে তোমাৰ?"
ভবেনে এইবাৰ যাঠিপাতেৰে খুৰাদেউৰ মূৰত
কোব মাৰিবলৈ ওলাওতেই খুৰাদেউৱে জেপৰ পৰা ৰিভালভাৰটো বাহিৰ কৰিলে৷ ধমকিৰ সুৰত ক'লে, "তুমি ইমান বুৰ্বক কিয়, ভবেন? মোক মাৰিব খুজিছিলা? নাজানা, মানুহ মাৰিলে যে ফাঁচী হয়? মোৰ হাতত এইটো কি দেখিছা? যাঠিৰে আৰু পিষ্টলৰ লগত যুঁজিব পাৰি নে?
যাঠিপাত
নমোৱা আৰু মোৰ কথা মন দি শুনা৷"
ভবেনে এইবাৰ ভয় খাই সেপ ঢুকি ক'লে, "পুলিচ?"
খুৰাদেউৱে ক'লে, "নাই, মই পুলিচ নহয়৷ খোৰা পুলিচ দেখিছা
কেতিয়াবা? পুলিচে জানো ভতিজাকক লগত লৈ আহে? মদনমোহনৰ মূৰ্তিটো ক'ত? কোঁচবিহাৰৰ মন্দিৰৰ পৰা চুৰি কৰা
হৈছিল৷ বৰ জাগ্ৰত দেৱতা৷ সেইটো সেই মন্দিৰত আকৌ ওভোতাই দিব লাগিব৷"
ভবেনে ক'লে, "সেইটো মূৰ্তি মোৰ লগত নাই৷ সেইটোৰ কথা
মই একো নাজানো৷"
খুৰাদেউৱে ক'লে, "ভাল চোৰাং মূৰ্তিৰ ব্যৱসায় খুলি বহি
আছা, হাঁ? ভঙা মন্দিৰত সাধু হৈ থাকা৷ পুলিচতো ইমান জংঘলৰ ভিতৰলৈকে নাহেই৷
আহিলেও শিৱলিংগ গুচাই নাচায়৷ শিৱলিংগৰ গাত হাতেই নলগাব৷ পুলিচেওতো ভগৱানক ভয় কৰে৷
শুনা, তোমাৰ হাতত এতিয়া দুটা পথেই আছে৷ হয়, তোমাক মই এতিয়াই পুলিচৰ হাতত নি গতাই
দিম৷ তুমি চোৰাং মাল ৰাখা, আৰু মোক হত্যা কৰিব খুজিছিলা৷ দুয়োটাই ডাঙৰ
অপৰাধ৷ কিন্তু তুমি যদি কোঁচবিহাৰৰ মদনমোহনৰ মূৰ্ত্তিটো মোক ঘূৰাই দিয়া, তেনেহ'লে তোমাক মই সদ্যহতে এৰি দিব
পাৰো৷"
ভবেনে আড়ষ্ট ভাৱে ক'লে, “সেই মূৰ্তিটো মোৰ লগ'ত নাই৷"
খুৰাদেউৱে ক'লে, "আকৌ মিছা কথা৷"
ভবেনে ক'লে, "আপোনাৰ ভৰিত ধৰি ক'ব পাৰো, ছাৰ, মিছা কোৱা নাই৷ মোৰ লগত নাই৷"
খুৰাদেউৱে ক'লে, "কাৰ লগ'ত আছে?"
ভবেনে ক'লে, "মই নাজানো৷"
খুৰাদেউৱে এটা দীৰ্ঘ নিশ্বাস পেলায় ক'লে, "তেনেহ'লে ব'লা থানালৈ৷ দহ বছৰ জেলত কটাবা৷ আৰু
বনমালী, তোমাকো নেৰিম৷ তুমিও জেললৈ যাবা৷"
বনমালীয়ে কান্দো কান্দো হৈ ক'লে, "মই একো কৰা নাই ছাৰ৷ মই আপোনালোকক বাট
দেখুৱাই আনিছিলো৷"
খুৰাদেউৱে ক'লে, "তুমি সন্তুক জপটিয়াই ধৰিছিলা৷ মোৰ পৰা
টকা পইছা কাঢ়ি নিয়াৰ মতলব কৰিছিলা৷ এতিয়া বোলা৷"
হঠাৎ পিছলৈ ঘুৰি খুৰাদেউৱে ভবেনৰ গালত
ইমান জোৰে এটা চৰ মাৰিলে যে সি লুটি খাই পৰি গ'ল৷
খুৰাদেউৱে ক'লে, "মোলৈ যিয়ে অস্ত্ৰ তোলে তাক মই নিজ
হাতেৰে এসেকা নিদিয়াকৈ নেৰো৷ মোক বুঢ়া বুলিছিলা নহয়, এতিয়া দেখিলানে বুঢ়াৰ হাতৰ জোৰ৷"
ভবেনে অমৰা গুটিয়া চকুৰে অলপ পৰ চাই ৰ'ল খুৰাদেউৰ পিনে৷ সি ইমানেই অবাক হৈ
পৰিছে যে কথাই ক'ব পৰা নাই৷ অলপ পিছত ফুচফুচাই ক'লে, "ছাৰ, যদি মই আপোনালোকক ভগলুৰ আদ্দা চিনাই দিওঁ, মোক এৰি দিব নে?"
বনমালীয়ে ভয়তে কৈ উঠিল, "আৰে সৰ্বনাশ!"
খুৰাদেউৱে ক'লে, "এই ভগলুৱে তাৰমানে মদনমোহনৰ মূৰ্তি
চুৰি কৰিছে?"
ভবেনে ক'লে, "সি চুৰি কৰা নাই৷ ভাল ভাল মূৰ্তিবোৰ
ভগলুৰ ওচৰত জমা হয়৷ সেইবোৰ সি চোৰাং পথেৰে
বিলাতলৈ পঠায়৷ বহুত দাম পায়৷ ভগলু ভয়ংকৰ খতৰনাক
মানুহ, সি যদি গম পায় আমি তাৰ নাম কৈছো, তেনেহ'লে সি আমাক সুধাই নেৰিব৷ তাৰ হাতত বহুত
গুণ্ডা আছে! আমি দূৰৰ পৰা ঘৰটো দেখুৱাই দিব পাৰিম৷ তাৰ পিছত আৰু আমি তাত
নাথাকো৷"
খুৰাদেউৱে হাঁহি ক'লে, "তোমাক আমি কেনেকৈ বিশ্বাস কৰো? তুমি দূৰৰ পৰা আৰ-তাৰ ঘৰ এটা দেখুৱাই
দি গুচি যাবা আৰু আমি তাকে মানি ল'ম! তোমোলোকৰ নিচিনা মানুহৰতো মুখ মেলিলেই মিছা কথা ওলায়! এই সন্তু কেমেৰা উলিয়া৷"
সন্তুৱে লগে লগে জেপৰ পৰা এটা সৰু
কেমেৰা উলিয়াই ফটাফট ফটো তোলাত লাগি গ'ল৷
খুৰাদেউৱে ক'লে, "ভবেন, তোমাৰ আৰু তোমাৰ এই চোৰাং মালৰ ঘাটিৰ
ফটো থাকিল আমাৰ লগত৷ এই ফটো পুলিচৰ হাতত দিলে ধৰা পৰি যাবাই৷ বনমালীও পলাব নোৱাৰিবা৷ এইবাৰ ব'লা, চাওঁ, ক'ত থাকে তোমাৰ ভগলু!"
তাৰ পৰা ওলাই একেবাৰে আগে আগে গ'ল সন্তু৷ তাৰ পিছত বনমালী, তাৰ পিছত ভবেন৷ খুৰাদেউ শেষত৷ তেওঁ ৰিভলভাৰটো
ভৰাই ল'লে জেপত৷ কেৱল এবাৰ ক'লে, "ভবেন, মাজ ৰাস্তাত পলাব খুজিলে কিন্তু তোমাৰ
এখন ভৰি চিৰদিনৰ কাৰণে খোৰা হৈ যাব৷ তেতিয়া মোক দোষ নিদিবা৷ মোৰ এইম খুব ভাল৷
এটাকৈ গুলীতে তোমাৰ এখনকৈ ভৰি খোৰা কৰিম৷"
জংঘলৰ বাহিৰত ৰৈ আছিল এখন জীপ গাড়ী৷
ড্ৰাইভাৰ শুই পৰিছিল৷ আটাইকেইজন সেই জীপখনত উঠিল৷ সন্তু আৰু বনমালী পিছত৷ ভবেন আৰু
খুৰাদেউ সন্মুখত ড্ৰাইভাৰৰ লগত৷ ভবেনৰ নিৰ্দেশত গাড়ীখন চলি গ'ল৷
খুৰাদেউৱে সুধিলে, "এই ভগলুৰ আচল নাম কি?"
ভবেনে ক'লে, "সেইটো নাজানো ছাৰ৷ চবে ভগলু ভগলু
বুলিয়ে মাতে৷ তাৰ এখন কাঁহী বাটিৰ দোকান আছে৷ কিন্তু তাৰ আচল বিজনেছ মূৰ্তি চালান
দিয়া৷"
"সি কি নিজৰ মানুহৰ দ্বাৰা বিভিন্ন
মন্দিৰৰ পৰা মূৰ্তি চুৰি কৰাই আনে নেকি?"
"নাই ছাৰ৷ এই লাইনত বহুত মানুহ আছে৷
কোঁচবিহাৰৰ এই মদনমোহনৰ মূৰ্তিটো প্ৰথম চুৰি কৰিছিল বিষ্টু দাসে৷ সি পিছদিনাই পাঁচ
হাজাৰ টকাত সেইটো বিক্ৰী কৰি দিয়ে শিলিগুৰিৰ অজিত সিঙক৷ অজিত সিঙে সেইটো পোন্ধৰ
হাজাৰ টকাত বিক্ৰী কৰে শেঠ সুৰষমলক৷
পিছৰ পৰা সন্তুৱে মাত দিলে,
"প্ৰথম চোৰটোৰ নাম বিষ্টু দাস৷ সি কাক বিক্ৰী কৰিছিল?"
সন্তুৱে এখন সৰু বহি মেলি নাম বিলাক
লিখি ল'লে৷
ভবেনে ক'লে, "শেঠ সুৰষমলে মূৰ্তিটো মোৰ ওচৰলৈ
আনিছিল৷ কিন্তু দাম বিচাৰিলে পঁয়ত্ৰিশ হাজাৰ টকা৷ ইমান টকা মই দিব নেৱাৰিলো৷ সেয়ে
ভগলুৱে লৈ লৈছে৷ সি বিলাত আমেৰিকাত পঠাই লাখ লাখ টকা ঘটিব৷"
খুৰাদেউৱে ক'লে, "হু, ইয়াকে কয় চোৰে চোৰৰ ঠেং চিনি পায়৷
তোমালোকে চবে চবকে চিনা পোৱা৷"
প্ৰায় এক ঘন্টা পিছত গাড়ী আহি ৰ'ল শ্ৰীপুৰ নামেৰে এখন সৰু চহৰত৷ ৰেল
ষ্টেচনৰ কাষতেই বজাৰ আৰু কিছু দোকান পাতিৰ বাদে আৰু একো নাই৷ ৰাতি বহুত হৈ গৈছে,
হ'লেও কেইখনমান দোকান খোলা আছিল৷ এখন
কাঁহী বাতিৰ দোকানৰ আগেৰে যেতিয়া জীপখন লাহে লাহে গ'ল, তেতিয়া ভবেনে ক'লে, "সেয়া চাওঁক ছাৰ কাউন্টাৰত ভগলু বহি
আছে৷ বিৰাট ডাঙৰ গোঁফ যে৷"
ভগলুৰ চেহেৰাটো চাবলগীয়া৷ মূৰত এডালো
চুলি নাই, চিকচিকিয়া তপা৷ কিন্তু নাকৰ তলত আছে শিয়ালৰ নেজৰ নিচিনা মোটো গোঁফ
এডাল৷ মুখখন গোল৷ বেশ হৃষ্টপুষ্ট চেহেৰা৷ দোকানত আৰু তিনি চাৰিজন মানুহ আছিল,
দেখিলে
ভাব হয় সিহঁত গ্ৰাহক নহয়, ভগলুৰ দলেৰে মানুহ৷
গাড়ীখনে বজাৰখন এৰি যোৱাৰ পিছত দুটা
দুমহলীয়া ঘৰ চকুত পৰিল, "এই প্ৰথমটো ঘৰ ভগলুৰ আৰু দ্বিতীয়টো তাৰ ভায়েকৰ৷
দুয়োটাই ভগলুৰ ঘৰ বুলিব পাৰি৷"
খুৰাদেউৱে সুধিলে, "চোৰাং মূৰ্তিবোৰ সি ক'ত থয়?"
ভবেনে ক'লে, "সেইটো মই নাজানো ছাৰ৷ হ'লেও আপোনাক মই আৰু এটা খবৰ দিওঁ৷
ওচৰতেই বাংলাদেশৰ সীমা৷ প্ৰত্যেক শনিবাৰে তাত এখন ডাঙৰ হাট বহে৷ সেই হাটৰ দিনা
মানুহৰ ভিৰৰ মাজত ভগলুৱে ভাল ভাল মূৰ্তিবোৰ বাংলাদেশলৈ পাৰ কৰি দিয়ে৷ সেইফালৰ পৰাও
কিছু মাল এইপিনে আহে৷ এই শনিবাৰে যদি চকু ৰাখে মূৰ্তিটো হাতে-লোটে ধৰা পেলাব
পাৰিব৷"
খুৰাদেউৱে ক'লে, "মূৰ্তিটো যদি এতিয়ালৈ চালান দিছেই?"
ভবেনে ক'লে, "নাই, দিয়া নাই৷ মোৰ কাণত চব খবৰে পৰে৷ আৰু
দাম বঢ়াবলৈ ভগলুৱে সেইটো নিজৰ কব্জাত ৰাখিছে৷"
খুৰাদেউৱে ক'লে, "হুঁ৷ ঠিক আছে৷ দেখা যাওঁক! ইয়াত কোনো
হোটেল-চোটেল আছে? ৰাতিটো কটাব লাগিব নহয়!"
ভবেনে ক'লে, "এখন সৰু হোটেল আছে৷ কিন্তু তাত জানো
আপোনালোক থাকিব পাৰিব? হাট বজাৰৰ মানুহবোৰ থাকে৷"
খুৰাদেউৱে ক'লে, "ভালদৰেই থাকিব পাৰিম৷ এটা ৰুম পালেই হ'ল৷"
ভবেনে এইবাৰ হাত জোৰ কৰি ক'লে, "আপোনাক হাত জোৰ কৰিছো ছাৰ, এইবাৰ মোক যাবলৈ দিয়ক৷ ভগলুৰ মানুহে
দেখিলে মোক চিনি পাব, ইয়াত দেখিলেই সন্দেহ কৰিব৷ য'তে ত'তে মানুহ মাৰিবলৈও সিহঁতে পিছ
নুহুকে৷"
বনমালীয়েও কাকূতি মিনতি কৰি ক'লে, "মোকো এৰি দিয়ক ছাৰ৷ নহ'লে ভগলুৱে মাৰি পেলাব৷"
খুৰাদেউৱে ক'লে, "ঠিক আছে, এৰি দিব পাৰো৷ কিন্তু তোমালোকেও এই
চোৰাং মূৰ্তিৰ কাৰবাৰ এৰিব লাগিব৷ তিনি মাহ পিছত আহি মই আকৌ খবৰ কৰিম৷ তেতিয়াও যদি
দেখো, তোমালোকে এইবোৰ ব্যৱসায়কে কৰি আছা, তেনেহ'লে তোমালোকৰ ফটো পুলিচত দি দিম৷ এতিয়া
যোৱা, আঁতৰ হোৱা৷"
ভবেন আৰু বনমালীয়ে জঁপিয়াই জীপৰ পৰা
নামি দৌৰি মিলি গ'ল অন্ধকাৰত৷
হোটেল খন একেবাৰেই সাধাৰণ, কিন্তু নাম তাজমহল হোটেল৷ ৰুম ভাৰা সোতৰ
টাকা৷ ভাত, দাইল, বেঙেনা ভজা আৰু বাট মাছৰ জোল ন টকা৷ তাকেই খাবলৈ বহি খুৰাদেউৱে
মেনেজাৰৰ লগত কথা আৰম্ভ কৰিলে৷ তেওঁ ক'লে চৰকাৰী চাকৰিৰ পৰা ৰিটায়াৰ হৈ এতিয়া
তেওঁ নিৰিবিলিত থাকিব খোজে৷ এই শ্ৰীপুৰত তেওঁ মাটি চাবলৈ আহিছে৷ পচন্দ হ'লে ইয়াতেই ঘৰ বনায় থাকি যাব৷
ৰাতি আৰু একো কৰিবলগীয় নাছিল, দ্বিতীয় মহলাৰ ৰুমটোলৈ আহি সিহঁতে দৰজা
বন্ধ কৰি শুই পৰিল৷
সন্তুৱে ক'লে, "খুৰাদেউ, ইয়াৰে থানাতচোন একো জনোৱা নহ'ল? ভগলুৰতো বহুত মানুহ-দুনুহ আছে৷ পুলিচৰ
সহায় ল'ব লাগিব নিশ্চয়৷"
খুৰাদেউৱে ক'লে, "এতিয়া আৰু থানাত নাযাওঁ৷ কিয় জান?
থানাতো
নিশ্চয় ভগলুৰ মানুহ আছে৷ সৰু ঠাইত চব জনা-জনি হৈ যায়৷ আমি থানালৈ গ'লেই মানুহে আমাক সন্দেহ কৰিব৷ ভগলুৱেও
খবৰ পাই সাৱধান হৈ যাব৷ আগতে চাওঁচোন আমি নিজে কি কৰিব পাৰো৷"
সন্তুৱে ক'লে, "খুৰাদেউ আৰু এটা কথা সোধো? কথাটোৱে কালিৰ পৰা মোৰ মনত খুটখুটাই
আছে৷"
খুৰাদেউৱে ক'লে, "কি কথা? ক'?"
সন্তুৱে ক'লে, "সৰুতেই এবাৰ মামাহঁতৰ ঘৰলৈ গৈছিলো৷ তাত
শিৱৰ এটা মন্দিৰ আছিল৷ এদিন মন্দিৰৰ ভিতৰলৈ প্ৰসাদ ল'বলৈ গ'লো, পুৰোহিতজনে ক'লে, চাবা, যাতে মূৰ্তি নুচুৱা৷ ভগৱানৰ মূৰ্তি
চুলে পাপ হ’ব৷ বাৰে বাৰে শুনি আহিছো ভগৱানৰ মূৰ্তি
চুলে পাপ হয়৷"
খুৰাদেউৱে ক'লে, "হুঁ, সেইটো কথা চবে কয়৷"
সন্তুৱে সুধিলে, "তেনেহ'লে এই যে মানুহবোৰে মূৰ্তি চুৰি কৰিছে,
সিহঁতেওতো
চুইছে৷ সিহঁতৰ পাপ হোৱা নাই?"
খুৰাদেউৱে হাঁহি ক'লে, "পাপ হোৱাতো মনৰ কথা৷ এই বিলাক
চোৰ-ডকাইতৰ আৰু সেই ধৰণৰ মন আছে নেকি? চুৰি কৰা, মানুহ মৰাও মহা পাপ৷ চোৰ-ডকাইতে সেইবোৰ
কথা নাভাবে৷"
সন্তুৱে ক'লে, "আৰু এটা কথা৷ শুনিছো প্ৰায়ভাগ ভগৱানেই
জাগ্ৰত৷ এই যে চোৰ-ডকাইতে ভগৱানৰ মূৰ্তি চুৰি কৰিছে, য'তে ত'তে পেলই থৈছে, জাগ্ৰত ভগৱানে নিজকে ৰক্ষা কৰিব নোৱাৰে?
ভগৱানে
নিজে চোৰবোৰক শাস্তি দিব নোৱাৰে৷"
খুৰাদেউৱে ক'লে, "এইটোও মনৰ কথা, বিশ্বাসৰ কথা৷ এইবিলাক পাথৰৰ বা কাঠৰ
বা মাটিৰ মূৰ্তিতো শিল্পীয়ে বনায়৷ যেনেকৈ ধুনীয়া-ধুনীয়া পুতলাবোৰ বনায়৷ তাৰ পিছত
মন্দিৰত প্ৰতিষ্ঠা কৰাৰ পিছত আমি তাকেই ভগৱান মানিবলৈ আৰম্ভ কৰো৷ শিৱ, বিষ্ণু, দূৰ্গা, গণেশ এওঁলোক সকলোৰে কাহিনী আমি জানো৷
সেয়ে মূৰ্তিবোৰ দেখিলেই আমাৰ সেইবোৰ মনলৈ আহে৷ কিন্তু যিয়ে সেইবোৰ কাহিনী নাজানে,
যেনে
ধৰ, কোনোবা বিদেশী এজনে আহি যদি এনেকুৱা এটা মূৰ্তি দেখে, তেওঁৰ মনত পুতলা যেনেই ভাব হ'ব৷ আৰু আমাৰ মাজৰো যি সকলে পূজা কৰে,
তাৰে
কিছুমানে কেৱল নিয়ম ৰক্ষাৰ বাবেই মূৰ দোৱাই সেৱা কৰি যায়৷ কিছুমানে অতি ভক্তিৰে
পূজা কৰে৷ কিছুমানে ভয়ে ভয়ে পূজা কৰে৷ যাৰ যেনেকুৱা বিশ্বাস৷ যাৰ বিশ্বাস বেছি,
সি
ভাবে এই দেৱতাৰ মূৰ্তিয়ে মানুহৰ উপকাৰ কৰিব পাৰে, অসুখ ভাল কৰিব পাৰে৷ ভগৱানৰ পূজা সঠিক
ভাৱে নকৰিলে বিপদ হ'ব পাৰে৷ সকলো বিশ্বাসৰ কথা৷ আচলতে কিন্তু মানুহৰ উপকাৰ কৰা বা অনিষ্ট
কৰাৰ একো ক্ষমতা নাথাকে কোনো মূৰ্তিৰে৷ নিজকে বচাব নোৱাৰে৷ চোৰ-ডকাইতৰ ভক্তিও নাই,
বিশ্বাসো
নাই, সেয়ে মূৰ্তি বিলাক পুতলা বুলি ধৰি লয়৷"
সন্তুৱে ক'লে, "শুনিছো, বহুত চোৰ-ডকাইতে পূজাও কৰে?"
খুৰাদেউৱে ক'লে, "সেইটোও এটা মজাৰ কথা, আগৰ দিনত ডকাইতে কালি পূজা কৰিহে
ওলাইছিল৷ ডকাইতি কৰিবলৈ গৈ মানুহ হত্যা কৰে৷ যিয়ে মানুহ মাৰে, আনৰ সম্পত্তি কাঢ়ি নিয়ে, কোনো দেৱতাই জানো সিহঁতক সমৰ্থন কৰিব?
আজিকালিও
দেখিবি, যিয়ে খাদ্যত ভেজালী কৰে, দুই নম্বৰী কৰে, দুখীয়াক ঠগে, সিহঁতেই আকৌ ডাঙৰ ডাঙৰ মন্দিৰ বনায়,
ঢাক
ঢোল বজাই পূজা কৰে৷ এই সকলোবোৰ মিছা৷ মানুহক ভালপোৱাই আটাইতকৈ পুণ্যৰ কাম৷"
পিছদিনা ৰাতিপুৱা উঠি খুৰাদেউ আৰু
সন্তুৱে হোটেলৰ সৰু ল'ৰা এটাক লৈ ওলাই গ'ল৷ ল'ৰাটোৰ নাম পৰান৷ সিয়ে চিঞৰি চিঞৰি
সকলোকে জনাই দিলে যে এই খোৰা মানুহজনে ইয়াত মাটি চাবলৈ আহিছে৷ মাটি চোৱাৰ নামত
গোটেই ঠাইখন ঘূৰি-পাকি চোৱা হ'ল৷
শ্ৰীপুৰ ঠাইখন বেছ চাফচিকুন, সুন্দৰ৷ সৰু জান এটাও আছে৷ সৰু হ'লেও জানটো বেগী, সোঁত আছে৷ অলপ দূৰৈত এখন নৈৰ সৈতে লগ লাগিছে৷ ভগলুৰ ঘৰ এই
জানটোৰ পাৰতেই৷ ঘৰৰ পিছ পিনে আন এটা সৰু ঘৰ আছে৷ সেইটো একেবাৰে জানটোৰ ওপৰতেই
বুলিব পাৰি৷
পৰানৰ মুখৰ পৰা ভগলুৰ বিষয়েও কিছু খবৰ
পোৱা গ'ল৷ তাক ইয়াত সকলোৱে ভয় কৰে৷ সি স্থানীয় মানুহ নহয়, বাহিৰৰ ক'ৰবাৰ পৰা আহি ইয়াত ব্যৱসায় আৰম্ভ
কৰিছে৷ এখন কাঁহী-বাটিৰ দোকান দি কেনেকৈ ইমান ধনী মানুহ হৈ গ'ল, সেইটো কোনেও নাজানে৷ চাৰি-পাঁচটা
গুণ্ডা শ্ৰেণীৰ মানুহ অনবৰতে লগত থাকে তাৰ৷ থানাৰ মানুহৰ লগতো তাৰ ভাল, পুলিচবোৰে প্ৰায়ে তাৰ ঘৰলৈ নিমন্ত্ৰণ
খাবলৈ যায়৷
ভগলু নিজেও হেনো মস্ত খকুৱা৷ অকলেই
দুটা কুকুৰা খাই পেলাব পাৰে সি৷ দুই কিলো পাঠাৰ মাংস খায়৷ গোটে-গোটে এটা ৰৌ মাছ নহ'লে তাৰ নচলেই৷ দুপৰীয়া প্ৰায় সদায়ে সি
অকলে অকলে জানৰ পাৰৰ ঘৰটোত বহি খায়৷ খোৱাৰ সময়ত বেলেগ মানুহ ওচৰত থকাতো সি পচন্দ
নকৰে৷ ৰাতি সি এই সৰু ঘৰটোতে শুৱে৷ ৰাতিপুৱা জানত গা ধুই আহি পূজা কৰে৷ পূজাৰ সময়ত
সি চিঞৰি-চিঞৰি মন্ত্ৰ মাতে, গান গায়৷ তাৰ পিছত এই ঘৰটোতে তাক খোৱাবস্তুৰ
যোগান ধৰা হয়৷ ঠিকছে খায়, অলপ শুৱে, তাৰ পিছত আবেলিৰ পিনে সি দোকানত গৈ
বহে৷
গোটেই দিনটো ঘূৰা ঘূৰি কৰি চব চাই-চিতি
ল'লে খুৰাদেউৱে৷ ভগলুৰ ওচৰে-পাজৰে নগ'ল৷
ৰাতি শুই শুই সন্তুক ক'লে, "এটা সমস্যা আছে ও, সন্তু৷ মদনমোহনৰ মূৰ্তিটো ক'ত লুকাই থৈছে, সেইটো বিচাৰি উলিয়াম কেনেকৈ?"
সন্তুৱে ক'লে, "সেই জানৰ পাৰৰ সৰু ঘৰটোত ভগলুৱে ৰাতি
শুৱে৷ বোধ হয়, তাতেই ক'ৰবাত আছে৷ ইমান দামী বস্তু সি নিশ্চয় চকুৰ আগত ৰাখিব৷"
খুৰাদেউৱে ক'লে, "সেইটো অৱশ্যে হয়৷ সৰু ঘৰটোৰ ভিতৰত এবাৰ
সোমাই চাব লাগিছিল৷ কিন্তু মাটিৰ তলত থৈছে নে ক'ত থৈছে সেইটো বিচাৰোতে বহুত সময় লাগি যাব৷
ৰাতি নিশ্চয় তাত কোনোবাই পহৰা দিয়ে৷"
সন্তুৱে ক'লে, "এটা কাম কৰিম৷ ৰাতিপুৱা যেতিয়া ভগলুৱে জানত
গা ধুবলৈ যাব, তেতিয়া এপাকত মই ঘৰটোত সোমাম গৈ৷ তাৰ পিছত দুপৰীয়া সি ওলাই যোৱাৰ
পিছত তন্ন-তন্নকৈ চাম৷"
খুৰাদেউৱে ক'লে, "বিচনাৰ তলত কিমান পৰ লুকাই থাকিবি?
অকণমান
লৰচৰ কৰিলে, বা তোৰ যদি হাঁচি আহি যায় হঠাৎ? গল সুৰ সুৰ কৰে যদি? তেতিয়াই ধৰা পৰি যাবি৷ ভগলুৰ কেনেকুৱা প্ৰকাণ্ড
চেহেৰা দেখিছ নহয়?"
সন্তুৱে তাচ্ছিল্যৰ সুৰত ক'লে, "ধৰা মই নপৰো, ধৰা পৰিলেও সি মোক ধৰি ৰাখিব
নোৱাৰিব৷"
খুৰাদেউৱে ক'লে, "উহু সেইটো নহ'ব৷ ইয়াত ৰিস্ক বেছি, বেলেগ কোনো উপায় ভাবি চাব লাগিব! এতিয়া
শু৷"
ৰাতিপুৱা কিহৰ জানো শব্দত খুৰাদেউৱৰ
টোপনি ভাঙি গ'ল৷ তেওঁ চকু মেলি চাই দেখিলে, সন্তুৱে চোলা পেন্ট পিন্ধি বাহিৰলৈ
যাবলৈ ওলাইছেই প্ৰায়৷
খুৰাদেউৱে সুধিলে, "কি সন্তু, ক'লৈ যাওঁ?"
সন্তুৱে ক'লে, "তুমি একো চিন্তা নকৰিবা, খুৰাদেউ৷ মই ভগলুৰ ওপৰত চকু ৰাখিবলৈ
যাওঁ৷ জানৰ পাৰত বহি থাকিম৷"
খুৰাদেউৱে ক'লে, "তইতো এনেই বহি থকা ভকত নহয়! ভগলুৰ ঘৰত
সোমোৱাৰ চেষ্টা কৰিবি নিশ্চয়৷ ভগলুৱে দুপৰীয়াৰ আগতে সেইটো ঘৰৰ পৰা নোলায়৷ পূজা কৰে
বহু সময় ধৰি৷ খোৱা-লোৱা কৰে৷ তই এই ৰাতিপুৱাই-পুৱাই গৈ ক'ত লুকাই থাকিবি?"
সন্তুৱে ক'লে, "মোৰ আৰু একেবাৰে শুই থাকিবলৈ মন যোৱা
নাই৷ মই কালি এবাৰ সেই ঘৰটোৰ খিৰিকীৰে উকি মাৰি চাইছিলো৷ ভিতৰত এটা ষ্ট'ৰ ৰুমৰ নিচিনা সৰু ৰুম আছে৷ যদি তাত
সোমাব পাৰো, তেনেহ'লে সেই ৰুমটোতে থকাৰ চেষ্টা কৰিম৷ ভগলু ওলাই যোৱাৰ পিছত বিচৰাবিলৈ আৰম্ভ কৰিম৷"
খুৰাদেউৱে ক'লে, "তেতিয়াও চাগে বাহিৰত পহৰা থাকিব৷ ঠিক
আছে তই যেতিয়া ঠেহ ধৰিছ, মোৰ ৰিভলভাৰটো লৈ যা৷ কাকো নামাৰিবি, কেৱল আত্মৰক্ষাৰ খাতিৰত প্ৰয়োজন হ'লে ভয় দেখুৱাবি৷"
ৰিভলভাৰটো পাই সন্তুৱে ফূৰ্তিতে
চটফটাবলৈ ধৰিল৷ খুৰাদেউৱে সাধাৰণতে সন্তুক ৰিভলভাৰত হাত লগাব নিদিয়ে৷ সি ক'লে, "তুমি চিন্তা নকৰিবা, মই আবেলিৰ আগতেই ঘূৰি আহিম৷ তুমি সঠিক
খবৰ পাই যাবা৷"
খুৰাদেউৱে ক'লে, "শুন, তই মদনমোহনৰ মূৰ্তিটোৰ সন্ধান পালেও
আনিবলৈ চেষ্টা নকৰিবি৷ চোৰৰ পৰা চোৰ কৰিবলৈ যোৱাতো ঠিক নহয়৷ ভগলুক হাতে-লোটে ধৰিব
লাগিব৷"
সন্তু প্ৰায় দৌৰাৰ দৰেই ওলাই গ'ল৷
খুৰাদেউ বিচনাত শুই থাকিল৷ অলপ পিছত
এজনে চাহ লৈ আহিল৷ খুৰাদেউৱে চাহ খাই-খাই এখন কিতাপ পঢ়াত লাগিল৷
বেলা বাগৰিবলৈ ধৰিলে৷ এঘাৰ বাজি যোৱাৰ
পিছত আৰু তেওঁ ৰুমত সোমাই থাকিবলৈ মন নকৰিলে৷ ওলাই আহিল হোটেলৰ পৰা৷ প্ৰথমতে
ভাবিলে, জীপখনকে লৈ ওলাই যাব৷ তাৰ পিছত ঠিক কৰিলে, খোজ কাঢ়ি যোৱাই ভাল৷ আকাশ ডাৱৰীয়া আজি,
ৰ'দ নাই, খোজ কাঢ়ি ভালেই লাগিব৷
এখন চিঠি লিখি গাড়ীৰ ড্ৰাইভাৰটোক পঠাই
দিলে তেওঁ থানালৈ৷ তেওঁ যে ইয়ালৈ আহিছে পুলিচক জনাই থোৱা দৰকাৰ৷ কিয় আহিছে সেইটো
জনোৱাৰ প্ৰয়োজন নাই৷ খোজ কাঢ়ি-কাঢি় তেওঁ জানটোৰ পাৰলৈ আহিল৷ জানটো কিন্তু খোজ
কাঢ়ি পাৰ হ'ব নোৱাৰি৷ এঠাইত ঘাট এটা আছে৷ কিন্তু এতিয়া কোনো মানুহ নাই৷
ভগলুৰ ঘৰৰ পিছফালে বাগান৷ তাৰ পিছত
একেবাৰে শেষৰ ফালে জানটোৰ পাৰতে এটা কোঠা৷ ঠিক কোঠা নহয়৷ এটা সৰু ঘৰৰ নিচিনা৷
ঘৰটোৰ ভিতৰত বাথৰুম আৰু আন এটা সৰু ৰুম, বাৰান্দাও আছে৷
সন্তুক ক'তো দেখা পোৱা নগ'ল৷ সেই ৰাতিপুৱাৰ পৰা সি ক'ত আছে? ভগলুৰ ঘৰত সোমালে নেকি?
ওচৰ চাপি গ'লত শুনিবলৈ পালে, এজন মানুহে চিঞৰি-চিঞৰি কিবা যেন কৈছে৷
একঘেয়ামী সুৰ৷ এয়াই নেকি ভগলুৰ পূজা? কোন দেৱতাৰ পূজা কৰে সি? এইবিলাক অদ্ভুত মানুহ! সদায় ৰাতিপুৱা
ভক্তিৰে পূজা কৰে, আকৌ ভগৱানৰ মূৰ্তিৰো ব্যৱসায় কৰে৷
সন্তু নিশ্চয় ধৰা পৰা নাই! নহ'লে ভগলুৱে ইমান নিশ্চিন্ত মনে পূজা
কৰিব নোৱাৰিলেহেঁতেন৷ সন্তু ধৰা পৰা হ'লে ভগলুৱে নিশ্চয় খোজ-খবৰ কৰিলহেঁতেন৷
সন্তুৰ লগত কোন আছে তাকো গম পাই গ'লহেঁতেন৷
আৰু কিছু সময় পিছত এজন মানুহে কেবাটাও
খোৱা বস্তুৰ সাজ লৈ ভগলুৰ কোঠাত সোমাল৷ খুৰাদেউৱে ভাবিলে, সন্তুৱে পুৱাৰ পৰাই একো খোৱা নাই চাগে৷
আবেলিলৈ নখোৱাকৈ থাকিব লাগিব?
সেই মানুহজন ওলাই আহি মূল ঘৰৰ পৰা আকৌ
দুই তিনিটা বাচন ভৰ্তি কৰি কি জানো লৈ গ'ল! তেনেদৰে আকৌ এবাৰ! খাদ্য আহিছে মানে
আহিছে৷
খুৰাদেউৱে এজোপা ডাঙৰ তেঁতেলী গছৰ আঁৰত
লুকাই চাই থাকিল৷ ইমান খাদ্য ভগলুৰ বাবে? এজন মানুহে অকলে কিমান খাব পাৰে?
হঠাৎ তেওঁৰ মূৰত এটা বুদ্ধি খেলি গ'ল৷
মানুহজনে আকৌ এবাৰ যেতিয়া দুটা ডেক্সি
লৈ আহিল, খুৰাদেউৱে তেতিয়া গছৰ আঁৰৰ পৰা ওলাই আহিল৷ মানুহজনৰ পিঠিত এপাত পেং
লগাই দি তেওঁ গম্ভীৰ মাতেৰে ক'লে, "এইটো বন্দুকৰ নলী৷ চিঞৰিলেই প্ৰাণ উৰি
যাব৷ যেনেকৈ গৈ আছা, তেনেকৈ গৈ থাকা৷"
মানুহজনে কাঠৰ পুতলাৰ দৰে এখোজ দুখোজকৈ
গৈ ঘৰত সোমাল৷
খুৰাদেউৱে ভাবিছিল, তেওঁ ঘৰৰ ভিতৰত আৰু দুই তিনিজনক
দেখিবলৈ পাব৷ কিন্তু ভিতৰত ভগলুৰ বাদে আন কোনো নাই৷ টেবুলৰ ওপৰত এখন প্ৰকাণ্ড
কাঁহী, ভগলুৱে বহি অকলে অকলে খাই আছে৷ ঠিক যেন এটা ৰাক্ষস৷ তাৰ কাঁহীৰ কাষত
মাছৰ কাইট আৰু মাংসৰ হাড়েৰে পাহাৰ বনি গৈছে৷ সি এটা প্ৰকাণ্ড মাছৰ মূৰ লৈ চোবাই
আছে৷ জোল বৈ গৈছে মুখৰ দুকাষেৰে৷ সি চাগে দুয়োখন হাতেৰে খায়, দুয়োখন হাতত আঞ্জা লাগি আছে৷
খুৰাদেউক দেখি সি ভ্ৰূ কোঁচাই সুধিলে,
"এয়া কি? অই মংলু, এইটো কি লৈ আহিছ?"
মংলু নামৰ সেই মানুহজনে ক'লে, "কি জানো? মোৰ পিঠিত বন্দুকৰ নলী লগাই
থৈছে৷"
ভগলুৱে দেখিছিল খুৰাদেউৰ হাতত বন্দুক-চন্দুক
একো নাই৷ সি গৰ্জন কৰি উঠিল, "অকৰ্মণ্য! পিছলৈ এবাৰ ঘূৰি চাব নোৱাৰিলি?
ধৰ
তাক৷"
মংলুও বেছ তজবজীয়া যুৱক৷ সি ডেক্সি
দুটা টেবুলৰ ওপৰত থৈয়েই ঘূৰি থিয় হ'ল৷
খুৰাদেউৱে এপাত পেং দাঙি ক'লে, "মাৰ-পিত কৰাৰ দৰকাৰ নাই৷ আগতে মোৰ কথা
শুনা৷ ভগলু, তুমি কোঁচবিহাৰৰ মদমোহনৰ মূৰ্তিটো লুকাই থৈছা কিয়? তাকে লৈ কোঁচবিহাৰত হুলস্থুল লগিছে৷
তুমি নিজে এজন ভক্ত হৈ ভগৱানৰ মূৰ্তিৰ ব্যৱসায় কৰা৷ ছিঃ! সেইটো ঘুৰাই দিয়া৷"
ভগলুৱে ক'লে, "কোনে কৈছে, সেইটো মূৰ্তি মোৰ লগত আছে?"
খুৰাদেউৱে ক'লে, "মই সঠিক খবৰ লৈ আহিছো৷ মূৰ্তিটো আমাক
ঘূৰাই দিয়া৷"
ভগলুৱে ক'লে, "অই মংলু, মানুহটোক ধৰিব পৰা নাই?"
সেই মুহূৰ্ততে আৰু এটা মানুহ ভিতৰত
সোমাল৷ লগে-লগে সি পিছফালৰ পৰা জপটিয়াই ধৰিলে খুৰাদেউক৷ মংলুৱেও জঁপিয়া পৰি
খুৰাদেউৰ পেং দুপাত কাঢ়ি ল'লে৷
ভগলুৱে আনন্দিত হৈ ক'লে, "বাঃ বাঃ বাঃ বাঃ! বেচু, তই ঠিক সময়ত আহি পালি৷ বান্ধ তাক৷ পকেট
চেক কৰ, পিষ্টল-চিষ্টল কিবা আছে নেকি?"
খুৰাদেউৱে দুই হাত তুলি ক'লে, "বন্ধাৰ প্ৰয়োজন নাই৷ মোৰ লগত কোনো
অস্ত্ৰ-সস্ত্ৰ নাই৷ ভগলু তুমি খাই উঠা৷ এইটো তোমাৰ শেষ মাছৰ মূৰা৷ ইয়াৰ পিছত তুমি
দহ বছৰ জেল খাটিব লাগিব৷"
ভগলুৱে ক'লে, "চালা খোৰা, তই মোক জেলত ভৰাবি? হাঁঃ হাঁঃ হাঁঃ হাঁঃ!"
খুৰাদেউৱে ক'লে, "কণাক কণা বুলিব নাপায়, খোৰাক খোৰা বুলিব নাপায়, তুমি নাজানা! জেললৈ তুমি যাবই লাগিব৷
তুমি কি ভাবিছা, মই অকলে তোমাৰ এই বাঘৰ গুহাত সোমাইছো? পুলিচে তোমাৰ ঘৰ ঘেৰি পেলাইছে৷ ইয়াৰে
পুলিচ নহয়৷ কলিকতাৰ পুলিচ৷ দহটা ৰাইফল আছে৷ তোমাৰ সেইটো ঘৰ খান-তালাচ কৰি আহি ইয়াত সোমাব৷ অকল মদনমোহনৰ মূৰ্তিটো পালেই তোমাৰ
অন্ততঃ দহ বছৰ জেল হ'ব৷"
ভগলুৱে উঠি দাঁত কৰছি ক'লে, "মদনমোহনৰ মূৰ্তিটো মই নৈত পেলাই দিম৷
কোনেও বিচাৰি নাপাব৷ তাৰ পিছত মোক কেনেকৈ ধৰে চাওঁ? একো প্ৰমাণ নোহোৱাকৈ৷"
এফালে দেৱলত এখন ডাঙৰ থাপনা৷ তাত আছে
সৰু ৰাধা-কৃষ্ণৰ মূৰ্তি এযোৰ৷ ভগলুৱে ইয়াতেই পূজা কৰে বোধহয়৷
সেই থাপনাখনৰ ঠিক তলত ঠেলি দিওঁতেই
দেৱালৰ এটা অংশ আঁতৰি গ'ল৷ ভগলুৱে তাৰ ভিতৰত হাত ভৰাই বাহিৰ কৰি আনিলে এটা কলা পাথৰৰ মূৰ্তি৷
সেইটো সি দলিয়াই পেলাই দিবৰ কাৰণে দৌৰি গ'ল খিৰিকীখনৰ পিনে৷
খুৰাদেউৱে চিঞৰি উঠিল, "ভগলু, তুমি চুৱা হাতেৰে মূৰ্তিটো চুলা?
সেয়া
জাগ্ৰত ভগৱান, তুমি নাজানা নেকি অপবিত্ৰ হাতেৰে চুলে যে সেই হাতত কুষ্ঠ
ৰোগ হয়৷"
ভগলুৰ মুখেৰে এটা মৃদু আৰ্তনাদ ওলাই
আহিল, "আঁ!"
লগে-লগে তাৰ হাতৰ পৰা মূৰ্তিটো সৰি
পৰিল মাটিত৷
আৰু ঠিক তাৰ লগে লগেই এটা গুলীৰ শব্দ
শুনা গ'ল৷
ওচৰৰ ৰুমটোৰ দুৱাৰ ঠেলি ওলাই আহিল
সন্তু৷ তাৰ হাতত ৰিভলভাৰ৷ চিনেমাৰ নায়কৰ কায়দাত সি ৰিভলভাৰৰ নলীত ফুঁৱাই-ফুঁৱাই ক'লে, "প্ৰথমবাৰ বুলি কাকো মৰা নাই৷ কেৱল ভয়
দেখুৱাইছো৷ ইয়াৰ পিছত কোনোবাই ল'ৰ-চৰ কৰিলেই মূৰত গুলীয়াই দিম৷"
খুৰাদেউৱে আগুৱাই গৈ মূৰ্তিটো তুলি ল'লে৷ টেবুলৰ ওপৰত থকা পানীৰ গিলাচ এটা
লৈ আঞ্জা লগা ঠাইখিনি ভালকৈ ধুলে৷ পকেটৰ পৰা ৰুমাল এখন উলিয়াই মচি-মচি তেওঁ ক'লে, "বাঃ, এতিয়া ঠিক আছে৷ ভগলু এইবাৰ ব'লা৷ সন্তুৰ পৰা কিন্তু সাৱধান! সি ভাল নিচান
লগাব পাৰে৷"
ৰাস্তাৰ মানুহবোৰে অবাক হৈ চাই থাকিল৷
সন্তুৰ নিচিনা এটা সৰু ল'ৰাৰ হাতত ৰিভলভাৰ, আৰু তাৰ আগে আগে মূৰৰ ওপৰত হাত দাঙি গৈ
আছে ভগলু আৰু তাৰ দুই সহচৰ৷ অলপ পিছে পিছে পেঙত ভৰ দি এজন প্ৰৌঢ় ব্যক্তি৷ খোজ
কাঢ়ি কাঢ়ি সিহঁতে থানা পালে গৈ৷
খুৰাদেউৰ জীপখন আহি গ'ল খবৰ পাই৷ অলপ পিছত থানাৰ পৰা ওলাই
সেই জীপত উঠি খুৰাদেউৱে ক'লে, "যেতিয়া দেখিলো ইমান খোৱা বস্তু গৈ আছে
ভগলুৰ ৰুমলৈ, তেতিয়া ভাৱ হ'ল, নিশ্চয় তাত আৰু দুই তিনিজন মানুহ আছে৷
ইমান খাদ্য জানো এজন মানুহে অকলে খাব পাৰে? তাৰমানে তই ধৰা পৰি গৈছ? তোক বান্ধি থৈ ভগলুৱে তাৰ লগৰবোৰৰ লগত
কিবা আলোচোনা কৰিছে খাই খাই৷
সন্তুৱে ক'লে, "মইতো পুৱাৰ পৰাই কাষৰ সেই ৰুমটোত লুকাই
বহি আছিলো৷ ভগলুৱে ভুৱে পোৱা নাছিল৷ কিন্তু মূৰ্তিটো ক'ত থৈছে ধৰিব পৰা নাছিলো৷ বেলেগ এটা
মূৰ্তিৰ পূজা কৰি আছিল৷"
খুৰাদেউৱে ক'লে, "পুলিচৰ কথা কওঁতেই কাম হ'ল, কিন্তু মূৰ্তিটো পানীত পেলাই দিয়া হ'লে সমস্যাই হ'লহেতেন৷ হ'লেও, হাতত কুষ্ঠ হ'ব বুলি কোৱাত কেনেকৈ ভয় খাই গ'ল দেখিলিনে?"
সন্তুৱে ক'লে, "ইহঁতে ভগৱানৰ মূৰ্তিক ভয়ো কৰে, আকৌ বিক্ৰীও কৰে৷"
খুৰাদেউৱে হাঁহি হাঁহি ক'লে, "তাকেইতো৷ কি অদ্ভুত মানুহ এইবিলাক!
ভগৱানৰ প্ৰতি বিশ্বাসো আছে, আকৌ টকাৰ লোভত সেই বিশ্বাসো তল পৰি যায়!"
দুয়োজনে হাঁহিবলৈ ধৰিলে প্ৰাণ খুলি৷
*** সমাপ্ত ***
কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ