Oct 4, 2021

জংঘলৰ মাজত এখন হোটেল - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন

 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

হোটেলখনৰ পৰা দুজন টুৰিষ্ট অন্তৰ্ধান হৈছে কেইমাহমান আগতে। বাকী টুৰিষ্টসকলৰ অভিযোগ, ৰাতি তেওঁলোকৰ টোপনি নাহে, কিবা এক অস্বস্তিকৰ অনুভৱ হয়। কি অস্বস্তিকৰ অনুভৱ তেওঁলোকেও ভালকৈ বুজাব নোৱাৰে।
 
অতিকৈ অদ্ভুত এই ঠাইখন। দিনত যদি আপুনি জেব্ৰা-জিৰাফৰ জাক খেদি ফূৰ্ত্তি কৰিছে, ৰাতি হ'লে সিহঁতৰ শ্বাস-প্ৰশ্বাসৰ শব্দই খেদি ফুৰিব আপোনাক। দিনত যিমান মুকলি অনুভৱ কৰিছে, ৰাতি হ'লে সিমানেই ঘোপ মৰা, জয়াল অনুভৱ কৰিব আপুনি ইয়াত।
 
খুৰাদেউ আৰু সন্তুও গৈ উপস্থিত হৈছিল জংঘলৰ মাজৰ সেই বিশেষ হোটেলখনত। আচলতে সিহঁত ফুৰিবলৈহে গৈছিল। কিন্তু ৰহস্যৰ গোন্ধ পাই নামি পৰিল অনুসন্ধানত। যিয়ে সিহঁতক লৈ গ'ল এক ভয়ংকৰ বিপদৰ মাজলৈ।
 

** সূচী **
 
 
 
 
 
 
 
 
 
 
 
 


কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ

সেউজ দ্বীপৰ ৰজা - অভিযানমূলক ৰহস্য উপন্যাস 4.6/5

য়েটি অভিযান - অভিযানমূলক ৰহস্য উপন্যাস 4.6/5

মিছৰ ৰহস্য - অভিযানমূলক ৰহস্য উপন্যাস 3.9/5

মূৰ্তিচোৰ - ডিটেক্টিভ গল্প 3.7/5

Jul 14, 2021

মিছৰ ৰহস্য - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Misor Rahasya an Assamese Adventure Mystery Novel by Rajiv Phukan
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

খুৰাদেউৰ হাতত পৰিছে ইজিপ্তীয় চিত্ৰলিপিৰে অঁকা কেইখন মান ছবি। ছবিকেইখন আঁকিছে এক বৃদ্ধই টোপনিতে। ছবিকেইখনত উল্লেখ আছে তিনিহাজাৰ বছৰ পুৰণি এটা ৰহস্যৰ কথা। তাৰ সন্ধানতেই খুৰাদেউ আৰু সন্তুৱে উৰা মাৰিছে মিছৰলৈ। সন্তুৰ ধাৰণা সেই ছবিত আছে পিৰামিডৰ ভিতৰৰ গুপ্তধনৰ সম্ভেদ। তাৰ লগত জড়িত হৈ পৰিছে এগৰাকী ৰাণীৰ ভৌতিক কাহিনী, বছৰি যাৰ মামীয়ে এবাৰকৈ কফিনৰ ভিতৰত আবিৰ্ভাৱ হৈ পুনৰ অন্তৰ্ধান হৈ যায়। এইপিনে দুটাকৈ উগ্ৰপন্থী সংগঠনে খেদি ফুৰিছে সন্তু আৰু খুৰাদেউক। দিল্লীতে তিনিবাৰকৈ আক্ৰমণ হৈছে খুৰাদেউৰ ওপৰত। তাৰোপৰি ধূলিৰ ধুমুহা, অপহৰণ আৰু কত কি?
 
পাৰিবনে সন্তু আৰু খুৰাদেউৱে ইমানবোৰ বাধা বিঘিনিকো নেওচি এই ৰহস্যৰ সমাধান কৰিবলৈ? সঁচাকৈ গুপ্তধন আছেনে পিৰামিডৰ ভিতৰত? সন্তু আৰু খুৰাদেউৰ সৈতে এক শ্বাসৰূদ্ধকাৰী অভিযানৰ অংশ হ'বলৈ পঢ়ক 'মিছৰ ৰহস্য'।

** সূচী **
 
 
 
 
 
 
 
 
 
 
 

~~~~~~~~~~~

কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ



May 20, 2021

সেউজ দ্বীপৰ ৰজা - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
 
সভ্য মানুহ যিটো দ্বীপৰ ওচৰেৰে যাবলৈও সাহস নকৰে, দ্বীপৰ বৰ্বৰ আদিবাসীৰ ভয়ত৷ সেই দ্বীপটোতে নামি পৰিল সন্তু আৰু খুৰাদেউ৷ যোৱা পঞ্চাছটা বছৰত এই দ্বীপটোত নামিবলৈ বহুকেইজনে চেষ্টা কৰিছে, তাৰে অধিকাংশই বিভিন্ন দেশৰ বৈজ্ঞানিক৷ কি আছে তেওঁলোকৰ বাবে তাত, কোনেও নাজানে, কিন্তু সেই দ্বীপত এবাৰ ভৰি দিলে যে জীৱন্তে ঘূৰি আহিব নোৱাৰে, সেইটো কথা সকলোৱে জানে৷ দুদিন পিছতে সমুদ্ৰত ভাহি উঠে মৃতদেহ। পাৰিবনে সন্তু আৰু খুৰাদেউৱে সেই দ্বীপৰ ৰহস্য উদঘাটন কৰিবলৈ? পাৰিবনে তেওঁলোকে জীৱন্তে ঘূৰি আহিবলৈ? জানিবলৈ ব'লক, সন্তু আৰু খুৰাদেউৰ সৈতে আমিও নামি পৰো এক শ্বাসৰুদ্ধকাৰী অভিযানত৷

 

** সূচী **
 
 
 
 
 
 
 
 
 
 
 
 
 
 

~~~~~~~~~~~

কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ




Apr 14, 2021

মূৰ্তিচোৰ - ডিটেক্টিভ গল্প (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Murtichor Assamese Detective Story Rajiv Phukan 

*মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

হাবিৰ মাজৰ এটা লুঙলুঙীয়া বাট৷ দুয়োফালৰে পৰা গছ-লতাই হেঁচি ধৰিছে, হাতেৰে গুচাই গুচাই আগুৱাব লাগে৷ সন্ধিয়া হৈ আহিছে৷ হ'লেও অলপ অলপ পোহৰ আছে আকাশত৷ আকাশৰ এটা মূৰ ৰঙা আৰু আনটো মূৰ ধূসৰ৷ হাবিৰ মাজত যেন ছাঁ পোহৰে জালি কাটিছে৷

Mar 15, 2021

য়েটি অভিযান - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Yeti Obhijan By Rajiv Phukan 

*মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

দাঁতটো দেখিবলৈ মানুহৰ দাঁতৰ নিচিনাই। পিছে আকৃতিত বহুগুণে ডাঙৰ। খুৰাদেউৰ মতে সেই দাঁতৰ গৰাকীৰ উচ্চতা হ'ব লাগিব কমেও পঁচিশ ফুট ওখ। লগতে তেওঁৰ হাতত পৰিছে এখন পুৰণি ডায়েৰী। ডায়েৰীত উল্লেখ আছে এক অদ্ভুত বিশালকায় জন্তুৰ বৰ্ণনা। ডায়েৰীখন এজন এভাৰেষ্ট আৰোহণকাৰীৰ, যি বহুবছৰ আগতেই সন্ধানহীন হৈ পৰিছিল এভাৰেষ্টৰ বেছ কেম্পৰ পৰা। কি হৈছিল তেখেতৰ? দাঁতটো কাৰ? য়েটিৰ নহয়তো? এইবোৰ ৰহস্য উদঘাটন কৰিবলৈকে সন্তু আৰু খুৰাদেউৱে খোজ পেলাইছে বৰফে ঢকা হিমালয়ৰ ভূমিত।

** সূচী **