*মূলঃ হুমায়ূন আহমেদ*
*অনুবাদঃ ৰাজীৱ ফুকন*
মই মৰিছো, নে মৰিবলৈ ওলাইছো - এতিয়াও ধৰিব পৰা
নাই৷ বোধহয়, মৰিছো৷ মৃত-অৱস্থাৰ পৰা যি অলৌকিকভাৱে জী উঠে, তেওঁলোকে মৃত্যু-অভিজ্ঞতা লাভ কৰে৷ ইয়াক
কোৱা হয় এনিডয় (নিয়াৰ ডেথ এক্সপেৰিয়েন্স)৷ তেওঁলোকে দেখে, দীঘল সুৰঙ্গ এটাৰ মাজেৰে তেওঁলোক গৈ
আছে৷ সুৰঙ্গটোৰ শেষত চকু চাত মাৰি ধৰা পোহৰ৷ এই পোহৰৰ চুম্বকৰ দৰে আকৰ্ষণী শক্তি৷
প্ৰবল আকৰ্ষণৰ ফলত অন্ধৰ দৰে আগবাঢ়ি যাবলগীয়া হয় সেই পোহৰৰ দিশত৷
মই কোনো সুৰঙ্গ দেখা নাই৷ নাই দেখা
সুৰঙ্গৰ মুখত পোহৰো৷ অথচ নিজকে দেখিছো৷ জীৱিত অৱস্থাত কোনো মানুহৰেই (আয়নাৰ
সন্মুখৰ বাদে) নিজক দেখাৰ উপায় নাই৷ মই যিহেতু নিজক দেখিছো, গতিকে ধৰি ল'ব পৰা যায়, মই মৰিছো৷ নিজকে দেখি মোৰ মায়া উপজিছে৷
হস্পিতালৰ কেবিনত সোঁফালে মুখ কৰি মই শুই আছো৷ নাকত অক্সিজেনৰ নলী৷ বাঁও হাতত
কেনুলা লগোৱা৷ কেনুলাৰেই ধমনীলৈ চেলাইন গৈ আছে৷ চেলাইনৰ লগত এন্টিবায়'টিক৷ নাভিৰ ওচৰত এটা ফুটা কৰা হৈছে৷
কিয় কৰিছে, কোনে জানে৷
মোবাইল ফোনৰ শব্দ হৈছে৷ মই যিপিনে মুখ
কৰি শুই আছো, শব্দটো আহিছে তাৰ বিপৰীত ফালৰ পৰা৷ ৰুবিনাৰ মোবাইল ফোন৷ মই মূৰ
নঘূৰোৱাকৈয়ে ৰুবিনাক দেখিছো৷ ৰোগীৰ এটেন্দেন্টৰ ডিভানখনত তাই শুই আছে৷ ডিভানখন
সৰু৷ তাইৰ এখন ভৰি ডিভানৰ বাহিৰত৷ আনখন কোঁচ খাই আছে৷ বেচেৰীয়ে গাৰু অবিহনে শুব
লগীয়া হৈছে৷
ৰুবিনাই শুই থাকিয়েই ক'লে, "কোন?"
সিমূৰৰ পৰা ক'লে, "মই ৰজনী৷ দাদা কেনে আছে?"
"ভালে আছে৷ তোমাৰ দাদাৰ ভাল৷"
"দাদা শুইছে নেকি?"
"শুইছে, শুইছে৷ ৰাখো, কেনেকুৱা? আই লাভ ইউ৷"
ৰুবিনাই ফোন হাতত লৈয়েই শুই পৰিল৷
টোপনি যোৱাৰ আগ মুহূৰ্তত ক'লে, "সদায় ৰাতি তিনাটাত ফোন৷ দিনত কি কৰি
থাকে? ফাক ইউ বিচ!"
ৰুবিনাৰ ফোনৰ বাৰ্তালাপ শুনাৰ পিছত
কেইটামান কথা স্পষ্ট হ'ল৷ টেলিফোনৰ সিটো মূৰৰ পৰা যিয়ে কথা কয়, মৃত ব্যক্তিয়ে তেওঁৰ মাত স্পষ্টকৈ
শুনিবলৈ পায়৷ কোনোবাই মুখৰ ভিতৰত কিবা ক'লেও, তাকো শুনিবলৈ পায়৷ সেই বাবেই "ফাক
ইউ বিচ" ইমান স্পষ্টকৈ শুনা গৈছে৷
এই ৰাতিখন ৰজনী নামৰ কোনে ফোন কৰিলে?
চিনি
পোৱা নাই চোন!
নতুন পৰিৱেশত নিজকে খাপ খোৱাবলৈ চেষ্টা
কৰিছো৷ জীৱিত অৱস্থাত মোৰ চৌপাশৰ পৃথিৱীখন যেনেকুৱা আছিল, এতিয়া একে থকা নাই৷ গুণগত দিশৰ পৰা
কিছু পৰিৱৰ্তন হৈছে৷ পোহৰ বহুখিনি স্নিগ্ধ হৈ পৰিছে৷ লেন্সত পাতল জেলি লগাই ফটো
তুলিলে, ফটোবৰ যেনেকুৱা স্নিগ্ধ দেখা যায়, তেনেকুৱা৷ ৰুবিনা যিখন ডিভানত শুই আছে,
তাৰ
চাইডটো কোমল৷ ইংৰাজীত সহজকৈ ক'বলৈ গ'লে- "নো ছাৰ্প এজেছ৷"
টুপ কৈ শব্দ এটা হ'ল৷ ৰুবিনাৰ হাতৰ পৰা ফোনটো মজিয়াত সৰি
পৰিছে৷ য'ত পৰিছে, তাৰ ওচৰতে ৰাশিফলৰ কিতাপ এখন৷ কিতাপখনৰ নাম চান চাইন৷ লেখিকা লিণ্ডা
গুডমেন৷ টোপনি যোৱাৰ আগে আগে ভৰি লৰাই লৰাই এই কিতাপখন তাই পঢ়ি আছিল আৰু কৈছিল,
"আচৰিত, চব মিলি গৈছে৷ কি লিখিছে পঢ়ি শুনাম?"
মই কৈছিলো, "নালাগে৷"
মোৰ বুকুত তেতিয়া তীব্ৰ চাপ অনুভৱ
কৰিছো৷ উশাহ নিশাহত কষ্ট পাইছো৷ কাণ দুখন তাল মাৰি ধৰিছে৷ প্লেন বহুত ওপৰলৈ উঠিলে
কাণ দুখন যেনেকৈ তাল মাৰি ধৰে, ঠিক তেনেকৈ৷ মই ঘনে ঘনে ঘোট গিলি কাণ তাল মাৰি
ধৰা ভাবটো আঁতৰাবলৈ চেষ্টা কৰিছো, এনেকুৱা সময়ত ৰাশিফল শুনিবলৈ মন নাযায়৷
মোৰ 'নালাগে' কথাষাৰে কামত নিদিলে৷ ৰুবিনাই পঢ়িবলৈ
আৰম্ভ কৰিলে, "লিব্ৰানচ লাভ পিপল, বাট দে হেট লাৰ্জ ক্ৰাউডছ৷ অই, শুনিছা?"
"শুনিছো৷"
"মই মানুহ ভাল পালেও, জন সমাগম ভাল নাপাওঁ৷ আৰু শুনা,
লিব্ৰা
ইজ অল লাভ এণ্ড বিউটি এণ্ড চুইটনেছ এণ্ড লাইট৷" পঢ়ি পঢ়ি ৰুবিনাই চিগাৰেট
জ্বলালে৷ এনেই উশাহ ল'ব পৰা নাই, তাতে চিগাৰেটৰ জঘন্য গোন্ধ৷ মই ক্লান্ত মাতেৰে
ক'লো, "চিগাৰেট নুমুৱা৷"
ৰুবিনাই ক'লে, "দুই টান মাৰিয়েই পেলাই দিম৷"
"টয়লেটলৈ যোৱা, টয়লেটৰ দৰজা বন্ধ কৰি খোৱাগৈ৷"
ৰবিনাই কিতাপখন হাতত লৈয়েই টয়লেটলৈ গ'ল৷ মই ক'লো, "দৰজাখন বন্ধ কৰা, প্লিজ৷"
ৰুবিনাই ক'লে, "নোৱাৰিম৷"
কিছু সময়ৰ পিছত তাইৰ হাঁহিৰ শব্দ শুনা
গ'ল৷ ৰাখিফলৰ কিতাপত এনেকুৱা কি থাকিব পাৰে যে তাই খিলখিলাই হাঁহিছে!
টয়লেটৰ পৰা চিগাৰেটৰ দুৰ্গন্ধ আহিছে, তাৰ লগত যোগ হৈছে ফেনাইলৰ গোন্ধ৷ টয়লেটৰ বেচিনৰ
এটা টেপ বেয়া, নিৰন্তৰ টোপটোপকৈ পানী পৰি থাকে৷ পানী পৰাৰ শব্দটো আগতে বেয়াকৈ কাণত
লাগিছিল৷ ভাব হৈছিল, যেন কোনোবাই ব্লেকব'ৰ্ডত নখেৰে আঁচুৰিছে৷
এতিয়া পৰিস্থিতি বেলেগ৷ এতিয়াও বেচিনৰ
টেপৰ পৰা পানী পৰি আছে, মই তাৰ শব্দ শুনিছো৷ শব্দটোৱে মোক কষ্ট দিয়া নাই, বৰঞ্চ শুনিবলৈ ভালহে লাগিছে৷ যেন পানীৰ
টোপাল পৰা শব্দৰ আঁৰত গোপন কাহিনী লুকাই আছে৷ কাহিনীটো কি ভাবোতেই মনত পৰিল৷
কাহিনীটোৰ নাম "ফুৰুত"৷ পানীৰ টোপাল পৰিছে আৰু ফুৰুতকৈ শব্দ হৈছে৷ ল'ৰালি কালৰে কথা, দেউতাই কাহিনী কৈ আছিল, মই সন্মুখত কুকুৰৰ দৰে আঁঠু কাঢ়ি বহি
আছো৷ মুগ্ধ হৈ কাহিনী শুনিছো--
এখন দেশত হাজাৰ-হাজাৰ, লাখ-লাখ, কোটি-কোটি চৰাই আছিল৷ চৰাইৰ উৎপাতত
অতিস্থ হৈ এদিন ৰজাই আদেশ দিলে, "আটাইবোৰ চৰাই জাল পাতি ধৰা৷ এখন
প্ৰকাণ্ড জাল বনোৱা৷" ৰজাৰ আদেশত প্ৰকাণ্ড জাল বনোৱা হ'ল৷ জালেৰে আটাইবোৰ চৰাই ধৰি পেলোৱা হ'ল৷ জালখনৰ এটা চুকত এটা ছিদ্ৰ আছিল,
সেইটো
কোনেও মন কৰা নাছিল৷ ছিদ্ৰটোৰে এটা হালধীয়া চৰাই ফুৰুতকৈ বাহিৰলৈ ওলাই গ'ল৷
সেইখিনিতে দেউতা ৰোৱাত মই সুধিলো,
"তাৰ পিছত?"
দেউতাই ক'লে "ফুৰুত৷"
মই ক'লো, "কি ফুৰুত?"
দেউতাই ক'লে, "ফুৰুতকৈ আন এটা চৰাই উৰি গ'ল৷"
মই ক'লো, "তাৰ পিছত?"
দেউতাই ক'লে, "ফুৰুত৷"
"তাৰ পিছত কি হ'ল?"
"ফুৰুত৷"
মই বেছ কিছু সময় অপেক্ষা কৰি সুধিলো,
"তাৰ পিছত?"
দেউতাই ক'লে, "ফুৰুত৷"
মই সুধিলো, "আটাইবোৰ চৰাই কেতিয়া ওলাই যাব?"
দেউতাই ক'লে, "যিদিনা তই মৰিবি, সিদিনাই৷ তাৰ আগতে নাযায়৷"
মই মৰিছো৷
দেউতাৰ কথা মতে আটাইবোৰ চৰাই জালৰ পৰা
ওলাই গৈছে৷ অথচ সিহঁতৰ ফুৰুতকৈ উৰি যোৱা শব্দটো থৈ গৈছে৷ টয়লেটৰ টেপে ফুৰুত ফুৰুত
কৰিয়েই থাকিল৷ শব্দটো ভাল লাগিছে৷ গছৰ পাতৰ পৰা নিয়ৰ সৰাৰ দৰে৷ পোহৰ যেনেকৈ
স্নিগ্ধ হৈ পৰিছে, শব্দটোও শুৱলা হৈ পৰিছে৷ যিমানে সময় গৈ থাকিব, সিমানেই চাগে শুৱলা হৈ গৈ থাকিব৷
পোহৰ আৰু শব্দ -- দুয়োটাই
ইন্দ্ৰিয়গ্ৰাহ্য৷ মৰা মানুহৰ ইন্দ্ৰিয় ক'ত? পোহৰ কেনেকৈ দেখিছো? শব্দই বা কেনেকৈ শুনিছো? মোৰ পৃথক অস্তিত্বও নাই৷ মই এখন ঠাইৰ
পৰা আন এখন ঠাইলৈ যোৱা নাই৷ জীৱিত অৱস্থাত ভুত-প্ৰেতৰ ছবি ৰুবিনাৰ সৈতে চাইছো৷ হ'ৰৰ ছবি তাই ভাল পায়৷ দ্য হুইপ অ্যাণ্ড
দ্য ফ্লেছ, ওমেন, ফ্ৰাইডে দ্য থাৰ্টিনথ-- এইবিলাক ছবিত ভূত-প্ৰেতৰ পৃথক অস্তিত্ব আছে৷
সিহঁতে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে৷ সিহঁতৰ গাত কাপোৰ থাকে৷ নাঙঠ ভূত-প্ৰেত
কেতিয়াও দেখা নাই৷
এতিয়া ধৰিব পাৰিছো, সেই কথাবোৰ শুদ্ধ নহয়৷ যাৰ কোনে
অস্তিত্ব নাই, তাৰ কাপোৰ-কানি পিন্ধাৰো প্ৰয়োজন নাই৷
ডিভানখনত খচমচনি শব্দ হ'ল৷ ৰুবিনা উঠি
বহিছে৷ চকু মোহাৰিছে৷ মজিয়াত পৰি থকা মোবাইল ফোনটো তুলি লৈ হামিয়াই হামিয়াই কি
জানো চালে৷ সময় চাইছে৷ ডাঙৰকৈ হামি এটা মাৰি শুব খুজিও তাই নুশুলে, টয়লেটৰ পিনে গ'ল৷ হাতত চিগাৰেটৰ পেকেট৷
চিগাৰেটৰ গোন্ধ পাইছো৷ আগতে যেনেকৈ
মূৰত ধৰিছিল, এতিয়া ধৰা নাই; বৰং ভালহে লাগিছে৷ ৰুবিনাই আপোন মনে কথা কৈ
আছে৷ তাইৰ অকলে অকলে কথা কোৱাৰ অভ্যাস আছে৷ তাই কৈছে, "গাধটোক কাণ মলা দিব লাগে৷ গাধৰ পুৱালি
গাধ৷ চৈধ্য গোষ্ঠী গাধ৷"
ৰুবিনাই বিশেষ কাৰোবাক গাধ বুলিছে,
নে
এনেই কিবা কিবি কৈ আছে? ধৰিব পাৰিছো, ৰুবিনাই গাধ বুলিছে কাদেৰক৷ কাদেৰ আমাৰ ঘৰৰ
কেয়াৰটেকাৰ৷ সি হয়তো চোৰ, পিছে গাধ নহয়৷ গাধই চুৰি কৰিব নোৱাৰে৷
মৰা মানুহে আনৰ মনৰ ভাব পঢ়িব পাৰিব,
এইটো
জনা নাছিলো৷ টেলিপেথি লৈ বহুত আলোচনা-বিলোচনা হয়৷ আমেৰিকাৰ এখন ইউনিভাৰ্ছিটিততো
টেলিপেথিৰ ওপৰত গৱেষণা কৰিবলৈ পৃথক ডিপাৰ্টমেন্টেই আছে৷ গৱেষণাৰ ফলাফল শূন্য৷
সিহঁতে ক'বলৈ বাধ্য হৈছে, মানুহৰ টেলিপেথিক ক্ষমতা নাই৷ এতিয়া ধৰিব
পাৰিছো, টেলিপেথি মৃত্যুৰ পিছৰ বস্তু৷
দৰজা খুলি এজনী নাৰ্ছ সোমাল, তাই চকু-মুখ কোঁচাই ক'লে, "কোনে চিগাৰেট খাইছে?"
বাথৰূমৰ পৰা ৰুবিনাই ক'লে, "মই খাইছো৷"
"কেবিনত চিগাৰেট খাব নোৱাৰিব৷"
"কেবিনততো খোৱা নাই৷ টয়লেটতহে
খাইছো৷"
"টয়লেটতো খাব নোৱাৰিব৷ চিগাৰেট খাব
বিচাৰিলে হস্পিতালৰ বাহিৰত গৈ খাব লাগিব৷"
ৰুবিনাই ক'লে, "ৰাতি তিনিটা পঞ্চল্লিশত মই হস্পিতালৰ
বাহিৰত ক'ত যাম! কোনোবাই ধৰি নি যদি মোক ৰেপ কৰে, তেতিয়া কি হ'ব?"
এই নাৰ্ছজনীয়ে ডিউটিলৈ আজি প্ৰথম আহিছে,
ৰুবিনাৰ
কথা কোৱা ভংগিৰ সৈতে তাই পৰিচিত নহয়৷ নাৰ্চজনী সামান্য হতবাক হৈ পৰিল৷ মই লাইটাৰ
জ্বলোৱা শব্দ শুনিলো৷ ওপৰা-উপৰিকৈ দুটা চিগাৰেট ৰুবিনাই নাখায়৷ দ্বিতীয় চিগাৰেটটো
তাই জ্বলালে নাৰ্ছজনীৰ খং তুলিবলৈ৷ ৰুবিনাই উচ্চ কণ্ঠেৰে ক'লে, "চিষ্টাৰ, এটা কাম কৰক, মোৰ বিৰুদ্ধে কমপ্লেইন এটা দি দিয়ক৷"
নাৰ্ছজনীয়ে কঠোৰ মুখেৰে মোৰ বিছনাৰ
পিনে আগুৱাই আহিল৷ কেনুলা চালে, চেলাইনৰ টিউবটো লাৰি-চাৰি চাই তাই চিঞৰি উঠিল,
"মেডাম, ৰোগী বোধহয় ঢুকাইছে!"
ৰুবিনাই এই আৰ্তচিৎকাৰৰ কোনো উত্তৰ
নিদিলে৷ নাৰ্ছে পুনৰ ক'লে, "মেডাম, আহক৷ ৰোগী ঢুকাইছে চাগে৷"
ৰুবিনাই ক'লে, "কি চাগে চাগে কৰি আছে? ডিউটিত থকা ডাক্তৰক মাতি আনক৷ ডাক্তৰে
চাই ক'ব৷"
নাৰ্ছে দ্ৰুতবেগেৰে ৰূমৰ পৰা ওলাই
যাওঁতে দৰজাত খুন্দা খালে৷ টয়লেটৰ পৰা ৰুবিনাই ক'লে, "কালাচ লেডি! দৰজা-খিৰিকি ভাঙি থৈ
গৈছে৷"
মই অলপ স্বস্তি পালো৷ মোৰ অৱস্থা এতিয়া
চবে জানিব৷ বেলেগ ধৰণৰ উত্তেজনা, বেলেগ ধৰণৰ ক্ৰিয়াকলাপ আৰম্ভ হ'ব৷
ৰুবিনা মোৰ সন্মুখত ৰৈ আছে৷ মই তাইক
দেখি মনে মনে বহুবাৰ কোৱা কথা এষাৰ পুনৰ ক'লো, "ইমান ধুনীয়াও কোনাবা হ'ব পাৰে জানো?"
এই অতীব সুন্দৰীৰ সৈতে মোৰ বিয়া ঠিক
কৰিছিল ডাঙৰ মামা হাবিবুৰ ৰহমানে৷ মগবাজাৰত তেওঁৰ এখন ফাৰ্মাচী আছে৷ ফাৰ্মাচীৰ
লগতে মোবাইল ফোনৰ ব্যৱসায়৷ এই ফাৰ্মাচীতে ৰুবিনাই এদিনা সন্ধিয়াপৰত আহি ক'লে, "বিশটা কাঢ়া স্লিপিং টেবলেট
দিয়কচোন৷"
ডাঙৰ মামাই সুধিলে, "ইমানবোৰ স্লিপিং টেবলেটেৰে কি কৰিবা?"
ৰুবিনাই ক'লে, "চুইচাইড কৰিম৷ বিশটাৰে হ'ব ন'?"
"ইমানবোৰ স্লিপিং টেবলেট দিব
নোৱাৰিম৷"
"এটা দিবা পাৰিব? এটা দিয়ক৷ বিশখন ফাৰ্মাচীলৈ যাম,
চবৰে
পৰা এটাকৈ কিনিম৷ কষ্ট হ'ব অলপ, উপায়তো নাই? ৱৰ্ক ফৰ ডেথ৷ কৰ্মৰ বিনিময়ত মৃত্যু৷
আপুনি ইমান অবাক হৈছে কিয়? নে এটা স্লিপিং টেবলেটো বিক্ৰী নকৰে?"
ডাঙৰ মামাই এটা টেবলেট দিলে৷ ৰুবিনাই
টেবলেট মুখত ভৰাই তেওঁৰ আগতেই পানী অবিহনে গিলি পেলালে৷ টেবলেটৰ দাম দি নগ'ল৷ ৰুবিনা পিছদিনা নিজেই আহিল টেবলেটৰ
দাম দিবলৈ৷
ডাঙৰ মামাই যিকোনো মানুহৰ সৈতে পতককৈ
ঘনিষ্ঠতা গঢ়িব পাৰে৷ ৰুবিনাৰ সৈতে ঘনিষ্ঠতা গঢ়োতে তেওঁৰ মুঠেই সময় নালাগিল৷
মাজে-মাজে চকুত চানগ্লাছ লগাই তাই মামাৰ দোকানত বহি থাকে৷
মামাৰ ফাৰ্মাচীতেই ৰুবিনাৰ সৈতে মোৰ
প্ৰথম দেখা-দেখি৷ প্ৰথমবাৰ দেখোতে বুকুত ধাক্কা মৰাদি মাৰিছিল৷ কাউন্টাৰৰ পিছপিনে
বহি আছে এজনী হালধীয়া পৰী৷ মই তধা লাগি ৰৈ আছো৷ ৰুবিনাই সুধিলে, "কি লাগিব, কওঁক?" তাইৰ প্ৰশ্নত মোৰ তধা লগা ভাৱ নাভাঙিল,
বৰং
বাঢ়িলহে৷ মই গৈছিলো মামাক বিচাৰি৷ মামা ফাৰ্মাচীত নাই৷ এই হালধীয়া পৰীজনীক কি
বুলি কওঁ? ডাঙৰ মামাক বিচাৰি আহিছো? 'ডাঙৰ মামা' বুলি ক'লে জানো তাই চিনি পাব? নে ডাঙৰ মামাৰ নাম ক'ম? মোৰ মূৰৰ ভিতৰখনত ইমানেই আউল লাগি গ'ল যে কোনোপধ্যেই ডাঙৰ মামাৰ নামটো মনত
পেলাব নোৱাৰিলো৷
ৰুবিনাই ক'লে, "একো কাম নাই যদি ফাৰ্মাচীৰ আগত মুখ
মেলি থিয় হৈ নাথাকিব৷ ধুনীয়া ছোৱালী দেখিলে বুলি যে চাই থাকিব লাগিব, তেনেকুৱা একো নাই৷" কথাষাৰ কৈ
ৰুবিনাই হামিয়ালে৷ হামিয়ালে পৃথিৱীৰ চবকে কুৎচিত দেখি৷ এই ছোৱালীজনীৰ ক্ষেত্ৰত এনে
লাগিল, তাই হামিওৱাটোও যেন এক নান্দনিক দৃশ্য৷
এই হালধীয়া পৰীজনীৰ সৈতে ডাঙৰ মামাই মোৰ
বিয়াৰ সম্পৰ্ক কেনেকৈ আগবঢ়ালে, সেইটো ভালকৈ নাজানো৷ বিয়াৰ কথা-বতৰা বহুখিনি
আগবঢ়াৰ পিছত ৰুবিনাৰ সৈতে এদিন চাইনিজ ৰেষ্টুৰেন্ট এখনত খাবলৈ গ'লো৷ ৰুবিনাই চুপত চুমুক দি মুখ বিকটাই
ভ্ৰূ কোঁচাই বহুসময় ধৰি বাটিটোৰ পিনে চাই থাকি ক'লে, "চুপত পঁইতাচোৰাৰ গোন্ধ পাইছে?"
মই ক'লো, "নাই৷"
"পতককৈ নাই পোৱা বুলি কৈ দিলে যে?
পঁইতাচোৰাৰ
গাৰ গোন্ধ কেনেকুৱা আপুনি জানে?"
"নাই৷"
ৰুবিনাই হামি এটা মাৰি ক'লে, "যদি সঁচা-সঁচি আপোনাৰ সৈতে মোৰ বিয়া হয়,
তেনেহ'লে পঁইতাচোৰা ধৰি তাৰ গোন্ধ আপোনাক
শুঙুৱাম৷"
"বাৰু৷"
"আপোনাৰ সৈতে মোৰ বিয়া হোৱাৰ সম্ভাৱনা
খুবেই কম৷ বহুতৰে সৈতে মোৰ বিয়াৰ কথা হৈছিল৷ কেবাবাৰো এংগেজমেন্ট পৰ্যন্ত হৈ গৈছে,
কিন্তু
বিয়া নহ'ল৷ ময়ো সিহঁতৰ আঙুঠি ঘূৰাই দিয়া নাই৷ এই যে আঙুঠিটো পিন্ধি আছো,
এইটো
এংগেজমেন্টৰে আঙুঠি৷ পাথৰ টুকুৰা হীৰা৷ কিমান ডাঙৰ হীৰা, দেখিছেনে?"
"হুঁ৷"
"আচল হীৰা নহয়৷ নকল হীৰা৷ আমেৰিকান
ডায়মণ্ড৷ কি কাৰবাৰ, আপুনিচোন পঁইতাচোৰাৰ গোন্ধ ওলোৱা চুপ খাই শেষ কৰি পেলালে৷ আৰু এবাটি
খাব? মোৰ খিনিকে খাওঁক৷"
"নাই৷"
"নাখায় কিয়? মই মুখ লগাইছো, সেই কাৰণে? আপুনি কি ভাবিছে, মোৰ গাৰ বীজাণু আপোনাৰ তালৈ যাব?"
মই মনে মনে থাকিলো৷ ৰুবিনাই ক'লে, "এগৰাকী স্বামীয়ে তেওঁৰ পত্নীক যেতিয়া
গ্ৰহণ কৰে, তাইৰ বীজাণুসহ গ্ৰহণ কৰে৷ মোক বিয়া কৰাব খুজিলে, মোৰ বীজাণুসহই গ্ৰহণ কৰিব লাগিব৷ ৰাজী
আছে?"
"অঁ, ৰাজী আছো৷"
"তেনেহ'লে মই মুখ লগোৱা চুপখিনি খাই পেলাওঁক৷
গোটেইখিনি খাব নালাগে৷ কেই চামুচমান খালেই হ'ব৷"
মই চুপৰ চামুচত মুখ দিলো৷ হঠাৎ ৰুবিনাৰ
ওপৰত চকু পৰাত দেখিলো তাই এক অদ্ভুত দৃষ্টিৰে মোলৈ চাই আছে৷ ইমান অদ্ভুত দৃষ্টিৰে
আমি সাধাৰণতে ইজনে আনজনলৈ নাচাওঁ৷
***
সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ