May 4, 2014

মৃত্যু অভিজ্ঞতা - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Mrity Obhigyata by Rajiv Phukan  
*মূলঃ হুমায়ূন আহমেদ
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

দ্বিতীয় অধ্যায়  

এই মুহূৰ্তত ৰুবিনা মোৰ সন্মুখত৷ তাইৰ চকুত সিদিনাৰ সেই অদ্ভুত দৃষ্টিটো৷ কিছু কৌতূহল, কিছু বিস্ময়, বহুখিনি শোক৷ ৰুবিনাই মোৰ কপালত হাত থলে৷ হাতখন চেঁচা, নে তপত, ধৰিব নোৱাৰিলো৷ মৃত মানুহৰ চাগে স্পৰ্শানুভূতি নাথাকে৷ কথাটো মোৰ কাৰণে স্পষ্ট নহ'ল৷ মৃত মানুহে যদি দেখিব পাৰে, শুনিব পাৰে, তেনেহ'লে স্পৰ্শানুভূতি কিয় নাথাকিব? মইতো গোন্ধও পাইছো৷ কপালৰ ওপৰত থোৱা তাইৰ হাতখনৰ পৰা চিগাৰেটৰ গোন্ধ আহিছে৷
 
ৰুবিনাই বিৰ-বিৰাই ক'লে, "অলগৰ্ধ নাৰ্ছ৷ কয়, ঢুকাইছে চাগে৷ মানুহজনে শান্তিত অলপ শুইছে৷ এই নাৰ্ছজনীক কাপোৰ খুলি তপিনাত লাথ মাৰি হস্পিতালৰ পৰা বাহিৰ কৰি দিয়া উচিত৷"
 
ৰুবিনাৰ কথা শেষ হোৱাৰ আগতেই নাৰ্ছজনী ডাক্তৰ লগত লৈ সোমাল৷ ডাক্তৰে মোৰ নাড়ী পৰীক্ষা কৰিলে৷ তেওঁক সিমান বিচলিত হৈ পৰা যেন নালাগিল৷ মোৰ চকুৰ পতা মেলি চকুৰ মণিত তেওঁ টৰ্চ মাৰিলে৷ চকুত টৰ্চ মাৰিলে আমি পোহৰৰ বাদে একোৱেই নেদেখো৷ কিন্তু মোৰ দেখাত অসুবিধা হোৱা নাই৷ নাৰ্ছৰ ভীত বিহ্বল মুখ দেখিছো, ৰুবিনাৰ কৌতূহলী মুখ দেখিছো, ডাক্তৰৰ নিৰ্বিকাৰ মুখ দেখিছো৷
 
ডাক্তৰজন মোৰ বিছনাৰ কাষত বহি আছিল, তেওঁ উঠিল৷ এপ্ৰোনৰ পকেটৰ পৰা ষ্টেথিস্কোপ বাহিৰ কৰি পুনৰ ভৰাই থ'লে৷ অলপ ইতস্ততঃ কৰাৰ নিচিনা কৰি ক'লে, "বাইদেউ, পেচেন্ট আৰু নাই৷"
 
ডাক্তৰে হয়তো ৰুবিনাৰ পৰা আৰ্তচিৎকাৰ আশা কৰিছিল৷ তেনেকুৱা একো নেদেখি তেওঁ বিস্মিত হ'ল৷
 
ৰুবিনাই চিগাৰেটৰ পেকেট খুলি খুলি ক'লে, "মই চিগাৰেট খাব লাগিব৷"
 
ডাক্তৰে ক'লে, "খাওঁক, চিগাৰেট খাওঁক৷ অসুবিধা নাই৷"
 
ৰুবিনাই ক'লে, "তেওঁৰ চকুৰ পতা দুখন জপাই দিয়ক৷ দেখিলে এনেকুৱা লাগে, মোলৈকে চাই আছে৷"
 
নাৰ্ছে চকুৰ পতা জপাই নিদিলে, পিছে চাদৰেৰে মোৰ গাটো সম্পূৰ্ণৰূপে ঢাকি দিলে৷ তাৰ ফলত পিছে মোৰ দেখাত অসুবিধা হোৱা নাই৷ সকলো আগৰ দৰেই দেখি আছো৷ ইয়াৰ অৰ্থ, মই চাবলৈ চকুৰ ব্যৱহাৰ কৰা নাই৷ ৰুবিনাই চিগাৰেট জ্বলাই কাহি-কাহি ক'লে, "টাইম কিমান হৈছে চাওঁকচোন ডাক্তৰ ডাঙৰীয়া? কেতিয়া ঢুকালে, চবে জানিব বিচাৰিব৷"
 
"তিনিটা ছয়চল্লিশ৷"
 
"কিমান সময় আগতে ঢুকাইছে বুলি ভাবে?"
 
ডাক্তৰে ক'লে, "বেছি সময় আগত নহয়৷ অলপ আগত৷"
 
ৰুবিনাই সুধিলে, "এনেকুৱা কিবা সম্ভাৱনা আছে নেকি যে তেওঁ চাদৰ গুচাই উঠি বহিব আৰু এগিলাচ পানী খাব বিচাৰিব?"
 
ডাক্তৰ-নাৰ্ছে মুখলৈ চোৱা-চুই কৰিলে৷ ৰুবিনাই ক'লে, "আপোনালোক যাওঁক, মোক অলপ অকলে থাকিবলৈ দিয়ক৷"
 
ডাক্তৰে ক'লে, "ডেডবডি নিয়াৰ ব্যৱস্থা কৰো৷"
 
ৰুবিনাই ক'লে, "নালাগে৷"
 
নাৰ্ছে সুধিলে, "আমি গ'লে আপোনাৰ ভয় লাগিব নেকি?"
 
ৰুবিনাই ক'লে, "ভয় কিয় কৰিম? জীৱিত মানুহক ভয় কৰিবলগীয়া থাকিব পাৰে৷ মৰা মানুহক কিহৰ ভয়? তেওঁ যদি উঠি কয়, এগিলাচ পানী খাম, মই একেবাৰে স্বাভাৱিক মাতেৰেই সুধিম, ঠাণ্ডা পানী দিম নে নৰ্মেল?"

 
ডাক্তৰে ক'লে, "আপোনাৰ আত্মীয় স্বজন কাৰোবাক খবৰ দিম নেকি?"
 
ৰুবিনাই ক'লে, "খবৰ ময়ে দিম৷ আপোনালেকে ডেথ চাৰ্টিফিকেটৰ ব্যৱস্থা কৰক৷"
 
ডাক্তৰ আৰু নাৰ্ছ পিছ দিয়াৰ লগে লগেই ৰুবিনাই মোৰ মুখৰ ওপৰত থকা চাদৰখন গুচাই দিলে৷ পানীৰ বটলৰ পৰা পানী খালে৷ বিৰক্ত মাতেৰে ক'লে, "এতিয়াও চেলাইন গৈ আছে৷ এইবিলাক খোলা নাই কিয়? অলগৰ্ধ নাৰ্ছ, অলগৰ্ধ ডাক্তৰ৷"
 
ৰুবিনাই মোবাইলটো হাতত লৈ তাইৰ ডিভানখনত আধা শোৱাকৈ বহিল৷ তাইৰ হাতত চিগাৰেটৰ পেকেট৷ নতুন ষ্টিক এডাল আঙুলিৰ ফাঁকত লৈ আছে, এতিয়াও জ্বলোৱা নাই৷
 
"হেল্ল'৷ কাদেৰ, কাদেৰ? মোৰ মাতত ধৰিব পৰা নাই, মই কোন? অযথা কোন কোন কৰি আছা কিয়? তোমাৰ মোবাইলতচোন মোৰ নামটো উঠিব লাগিছিল৷ নামটো উঠিছে নে নাই চোৱা৷"
 
"বাইদেউ, উঠিছে৷"
 
মই দুয়োৰে মাত স্পষ্টকৈ শুনিছো৷ কাদেৰৰ মাত শুনি ভাব হৈছে, তাৰ টোপনি এতিয়াও ভঙা নাই৷
 
"কাদেৰ, মন দি শুনি আছানে?"
 
"আছো, বাইদেউ৷"
 
"তোমাৰ ছাৰ ঢুকাইছে৷"
 
"কি কয়! ইন্না লিল্লাহি ৱা ইন্না ইলাইহে ৰাজিউন৷ কেতিয়া ঢুকালে?"
 
"কেতিয়া ঢুকাইছে, সেইটো ইম্পোৰ্টেন্ট নহয়৷ ঢুকাইছে সেইটো ইম্পোৰ্টেন্ট৷ তুমি গাড়ী পঠোৱা, মই গৈ আছো৷ পানী গৰম কৰি থ'বা, হট শ্বাৱাৰ কৰিম৷"
 
"চবকে খবৰ দিম নেকি বাইদেউ?"
 
"ইমান ৰাতি কাকো জনোৱাৰ প্ৰয়োজন নাই৷ চব শুইছে৷ ৰাতিপুৱা চাৰে আঠটা বজাৰ পিছত খবৰ দিবলৈ আৰম্ভ কৰিবা৷"
 
"', বাইদেউ৷"
 
"চবে ঘৰলৈ আহিব খুজিব৷৷সিহঁতক কৈ দিবা, ডেডবডি ঘৰত নাই৷"
 
"হস্পিতাললৈ যাবলৈ ক'?"
 
"নহয়৷ ক'বা, কবৰ দিয়া হ'ব তোমাৰ ছাৰৰ দেউতাকৰ কবৰৰ কাষত৷ ডেডবডি লৈ গাড়ী ৰাৱনা হৈ গৈছে৷"
 
"বহুতে যাব খুজিব৷"
 
"যিয়ে যাব খোজে, সিহঁতে নিজে ব্যৱস্থা কৰি যাব৷ বুজিছা?"
 
"পলিন মাইনাক খবৰ দিম?"
 
"পলিন শুৱা নাই?"
 
"শুইছে৷"
 
"পলিন বৰ স্বাভাৱিক ছোৱালী নহয়, সেইটো তুমি জানা৷ টোপনিৰ পৰা জগাই তাইক দুঃসংবাদ দিবলগীয়া কি আছে? এনেকুৱা এটা কথা শুনাৰ পিছত তাই কি কৰিব, সেইটো তুমিও নাজানা, ময়ো নাজানো৷ ৰাতিপুৱা নটা বজাত তুমি ৰবিক ফোন কৰিবা৷ সি নটাৰ আগত নুঠে৷ ডেডবডি লৈ গাওঁৰ ঘৰলৈ যোৱা, কবৰৰ ব্যৱস্থা কৰাৰ দায়িত্ব তাৰ৷ মই এতিয়া মোৰ ফোন অফ কৰিছো৷ ড্ৰাইভাৰক এতিয়াই পঠাই দিয়া৷"
 
"', বাইদেউ৷"
 
"কান্দিছা নেকি? কান্দিবলগীয়া একো নাই৷ জন্মিলে মৰিব লাগিবই৷ তুমিও মৰিবা, ময়ো মৰিম৷ তোমাৰ গোটেই গোষ্ঠী মৰিব, মোৰো গোটেই বংশ গোষ্ঠী মৰিব৷ নহয় জানো?"
 
"হয়, বাইদেউ৷"
 
"মোৰ বেডৰূমৰ এচি চলাই ৰূমটো ঠাণ্ডা কৰি থ'বা৷ ঘৰলৈ গৈ মই অলপ ৰেষ্ট কৰিম৷"
 
"', বাইদেউ৷"
 
 

 
ৰুবিনাই সম্পূৰ্ণ নগ্ন হৈ কাপোৰ সলাইছে৷ মই এজন মৃত মানুহ, অথচ ভয়ত অস্থিৰ হৈ পৰিছো৷ দৰজাত লক কৰা নাই৷ যিকোনো সময়ত কোনোবা কেবিনলৈ সোমাই আহিব পাৰে৷ মই চকু মুদিবলৈ চেষ্টা কৰিলো৷ চকু মুদা নগ'ল৷ চব মোৰ চকুৰ আগতেই হৈ আছে৷ জীৱিত অৱস্থাত কিবা চাব নুখুজিলে চকু বন্ধ কৰিব পাৰিছিলো, এতিয়া সেইটো সম্ভৱ নহয়? সকলো চাবলগীয়া হ'ব নেকি?
 
কেবিনৰ দুৱাৰ খুলি নাৰ্ছজনী সোমাল৷ বাচি গ'লো, ইতিমধ্যে ৰুবিনাৰ কাপোৰ সলোৱা হৈ গৈছিল৷ কাপোৰ সলোৱা কামটো তাই বৰ খৰকৈ কৰিব পাৰে৷
 
নাৰ্ছে সুধিলে, "আপুনি যাব ওলাইছে নেকি?"
 
"অঁ৷"
 
"ডেডবডি লৈ নাযায়?"
 
ৰুবিনাই ক'লে, "নাই, আপোনালোকেই ৰাখি দিয়ক৷"
 
নাৰ্ছে হতাশ চাৱনিৰে চালে৷ তাইক হতাশ অৱস্থাতে এৰি ৰুবিনা ওলাই গ'ল৷ মোৰ ক'বলৈ মন গৈছিল, "চিষ্টাৰ, মোৰ পত্নীৰ ব্যৱহাৰত আপুনি বেয়া নাপাব৷ তাই তেনেকুৱাই৷ ডেডবডি তাই পেলাই থৈ নাযায়৷ যথাসময়ত লৈ যাব৷ তাই এতিয়া ঘৰলৈ গৈছে৷ হট শ্বাৱাৰ কৰি অলপ পৰ এচি ৰূমত জিৰণি ল'ব৷ তাৰ পিছত সকলো ব্যৱস্থা কৰিব৷"
 
মই ক'ব খুজিছো, কিন্তু ক'ব পৰা নাই৷ এইটোতো ঠিক কথা হোৱা নাই৷ মোক কঠা শুনাৰ ক্ষমতা দিয়া হৈছে, কথা কোৱাৰ ক্ষমতা কিয় নিদিব?"
 
কেবিনত আৰু দুজন সোমাল৷ ইহঁত ৱাৰ্ডবয় বা তেনেকুৱা৷ হাতৰ কেনুলাৰ পৰা পাইপ উলিয়াইলে, বেডখন টানি লৈ গ'ল৷ ক'লৈ লৈ গৈছে, কোনে জানে৷ মই বৰ অস্থিৰবোধ কৰিলো, বেডৰ লগে লগে ময়ো যামনে? নে মই এই কোঠাটোতে থাকি যাব লাগিব৷ মোৰ পৃথক কোনো শৰীৰ থকা হ'লে, বা হাত ভৰি থকা হ'লে, মোৰ ডেডবডিটো য'লৈকে নিছে, খোজ কাঢ়ি কাঢ়ি তালৈকে গুচি গ'লোহেঁতেন৷ মোৰতো শৰীৰ নাই, যি আছে, সেয়া খুব সম্ভৱ চেতনা৷ চেতনা জানো এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে? নে মোৰ চেতনা এই কোঠাটোতে সীমাবন্দী? ইয়াতে যি হ', কেৱল সেয়াহে মই জানিব পাৰিম৷ বাহিৰৰ একো গম নাপাম, এইটোতো ঠিক কথা নহয়৷ ভেৰি আনফেয়াৰ৷
 
যি ভয় কৰিছিলো, তাকেই হ', মই কেবিনৰ ভিতৰতে আবদ্ধ হৈ ৰ'লো৷ ৱাৰ্ডবয় দুজনে কোঠাটো পৰিষ্কাৰ কৰি আছে৷ মপেৰে মচিছে৷ কোঠাটো স্প্ৰে কৰিছে৷ বাঠৰূম ধুইছে৷ মৃত্যু জানো অপবিত্ৰ বস্তু? 'ত কাৰোবাৰ মৃত্যু হয়, সেই ঠাইখন কি অপবিত্ৰ হৈ যায়?
 
ৱাৰ্ডবয় দুজনে নিজৰ মাজতে কথা পাতিছে৷ দুয়োজনৰ মাত গলগলীয়া৷ কথা পাতিও বৰ ফূৰ্ত্তি পাইছে৷ কথাৰ বিষয়বস্তু হ', সিহঁতৰ ছাৰৰ এটা ভিডিঅ' মোবাইলত বাহিৰ হৈছে৷ ভিডিঅ'টো বৰ স্পষ্ট নহয়, 'লেও সিহঁতৰ ছাৰক ধৰিব পাৰি৷ কিন্তু ছোৱালীজনী কোন ধৰিব পৰা নাই৷ নাৰ্ছৰ কাপোৰ পিন্ধা ছোৱালী৷ তাইৰ মুখখন এবাৰো ওলোৱা নাই৷
 


এজনে ক'লে, "ভিডিঅ'টো ভালকৈ কৰিব নাজানিলে৷ প্ৰথমেই সিহঁতৰ মুখ দুখন দেখুৱাই ল'ব লাগিছিল৷ বাকীখিনি পিছত দেখুৱালেও হ'লহেঁতেন৷"
 
দ্বিতীয়জনে ক'লে, "কেমেৰাও ঠিকমতে ধৰিব জনা নাই, হাত কঁপিছে৷"
 
"ছোৱালীজনীয়ে ভে-ভেকৈ কান্দিছে৷ কিয় জানো, বুজি নাপালো৷ প্ৰথমতেতো হাঁহি ফূৰ্ত্তিয়েই কৰি আছিল৷"
 
"হাঁহি-ফূৰ্ত্তি কৰা বুলি কেনেকৈ জানিলা? মুখখনচোন দেখুওৱা নাই৷"
 
"হাঁহিৰ শব্দ নুশুনিলা?"
 
"বোধহয় প্ৰথমতেও কান্দিছিল৷ মুখ নেদেখিলে হাঁহিৰ শব্দ, কান্দোনৰ শব্দ, চব একে শুনি৷"
 
"এইষাৰ কি ক'লা?"
 
"অঁ৷ এবাৰ মোৰ ল'ৰাটোৰ কান্দোনৰ মাত শুনি দৌৰি গৈ দেখিলো, সি হাঁহি আছে৷"
 
"জটিল কথা কৈ দিলা৷ হঁহা আৰু কন্দাৰ মাত একে৷"
 
সিহঁতে মূল কথাৰ পৰা ফালৰি কাটি গৈছে, হাঁহি কান্দোনৰ এনালাইচিছত লাগিছে৷
 
আচৰিত কথা, সিহঁতৰ ছাৰৰ ভিডিঅ'টো চাবলৈ মন গৈছে মোৰ৷ ভিডিঅ'টো চাই ছোৱালীজীয়ে হাঁহিছে নে কান্দিছে সেইটো জানিবলৈ মন৷ মৃত্যুৰ পিছতো যৌন স্পৃহা থাকি যায় নেকি? নিশ্চয় থাকে৷ নথকা হ'লে মোৰ অশ্লীল ভিডিঅ' চোৱাৰ আগ্ৰহ নাজাগিলহেঁতেন৷ কোনো গৱেষণাতে মৃত্যুৰ পিছৰ যৌন স্পৃহাৰ বিষয়টো গ্ৰহণ কৰা হোৱা নাই৷ পুৰুষে নাৰীৰ প্ৰতি শাৰীৰিক আকৰ্ষণ অনুভৱ কৰে, তাৰ কাৰণ প্ৰকৃতিয়ে বিচাৰে মানৱজাতিৰ অস্তিত্ব তিষ্ঠি থাকক, সিহঁতে বংশ বিস্তাৰ কৰক৷
 
এগৰাকী মৃত পুৰুষে এগৰাকী মৃত নাৰীৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ নকৰে৷ কাৰণ, সিহঁতে বংশ বিস্তাৰ কৰাৰ কথা নাহে৷ শৰীৰেই য'ত নাই, বংশ বিস্তাৰ বহু পিছৰ কথা৷
 
ৱাৰ্ডবয় দুজন গুচি গ'ল৷ মই কেবিনত বন্দী হৈ পৰি থকিলো৷ মোৰ শৰীৰটো ক'ত নাজানো৷ ৰুবিনাই ক'ত কি কৰিছে, তাকো নাজানো৷
 
মৃত্যুৰ পিছত একেবাৰে অচিনাকি এখন জগতত মই সোমাই পৰিছো৷ প্ৰথম বিদেশ ভ্ৰমণৰ সৈতে ইয়াৰ কিছু মিল আছে৷ বিদেশতো ঘৰ-দুৱাৰ আছে, মানুহ-দুনুহ আছে, কিন্তু চবেই অলপ বেলেগ৷ সিহঁতৰ ভাষা বেলেগ, নীতি-নিয়ম বেলেগ৷ ৰাস্তা-ঘাট সকলো বেলেগ৷


 
বিদেশ ভ্ৰমণত এজন গাইডৰ খুবেই প্ৰয়োজন৷ যিয়ে সকলো চিনাই দিয়ে৷ ৰাস্তা-ঘাট চিনাই দিয়ে, চাবলগীয়া ঠাইবোৰ দেখুৱাই দিয়ে৷ মৃত্যুৰ পিছতো আমাক এজন গাইডৰ প্ৰয়োজন৷ মই জনা মতে, মৃত্যুৰ সময়ত মৃত আত্মীয় স্বজনে চাৰিওফালে ভিৰ কৰে৷ তেওঁলোকৰ মূল চেষ্টা অপৰিচিত জগতখনলৈ মৃতকৰ যাত্ৰা সহজ কৰি তোলা৷
 
মোৰ আটাইতকৈ সৰু পেহীদেউজনী কেন্সাৰত ঢুকাইছিল৷ প্ৰচণ্ড বিষত দিনে ৰাতি জন্তুৰ দৰে চিঞৰিছিল৷ বিষ কমোৱা কোনো ঔষধে তেওঁক কাম দিয়া নাছিল৷ তেওঁৰ যন্ত্ৰনা বৰ্ণনাতীত৷ মৃত্যুৰ এঘন্টামান আগতে হঠাৎ তেওঁৰ সকলো বিষ-যন্ত্ৰণা নাইকিয়া হৈ গ'ল৷ তেওঁৰ মুখখন আনন্দত উজলি উঠিল৷ মই আৰু ডাঙৰ মামা তেতিয়া তেওঁৰ ৰূমত৷ পেহীদেউৱে ডাঙৰ মামাৰ পিনে চাই ক'লে, "মোৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ সকলোৱে মোক এৰি গৈছে, কোনেও মোৰ ৰূমত সোমাব নোখোজে৷ কেৱল আপুনি দিনৰ পিছত দিন আহিছে, ঘন্টাৰ পিছত ঘন্টা বহি আছে, মোৰ কষ্ট দেখি চকু পানী টুকিছে৷ আপোনাৰ লগত এই পাগলটো আহিছে৷ পাগল যা দৌৰি মাৰি গৈ মোলৈ এটা বৰফ লৈ আহ৷ ৰঙা ৰঙৰ আনিবি৷ ( সৰু পেহীদেউৱে সৰুৰে পৰা মোক পাগল বুলিয়েই মাতে৷)
 
ৰঙা ৰঙৰ বৰফ কিনি আনি দেখিলো পৰিস্থিতি সম্পূৰ্ণ বেলেগ৷ মানুহেৰে ঘৰ ভৰি পৰিছে৷ কোনোবা এজনে ডাঙৰ ডাঙৰকৈ কালেমা পাঠ কৰিছে৷ সৰু পেহীদেউ বাওঁফালে কাটি হৈ শুই আছে৷ তেওঁ বিস্ফোৰিত চকুৰে ইপিনে সিপিনে চাইছে৷ হঠাতে বিস্ময়ত অভিভূত হৈ পৰাৰ দৰে ক'লে, "মা আহিছে৷ মোক নিবলৈ মা আহিছে৷"
 
কালেমা পাঠ বন্ধ হ'ল৷ সকলোৰে দৃষ্টি পেহীদেউৰ ওপৰত৷ পেহীদেউৱে এফালে চাই জানিব খুজিলে, "মা, আপুনি অকলে আহিছে? আৰু কোনো অহা নাই?"
 
পেহীদেউৰ মৃত মাকে হয়তো উত্তৰ দিলে, আমি সেই উত্তৰ শুনা নাপালো৷ পেহীদেউৱে ক'লে, "অঁ, দেখিছো, এতিয়া চবকে দেখিছো৷ অঁ মা, এওঁলোকক চালাম দিবলৈ পাহৰি গৈছিলো৷ আচছালমু আলাইকুম৷"
 
হঠাৎ পেহীদেউৱে আতংকিত মাতেৰে ক'লে, "মা, এই ছোৱালীজনী কোন? মোৰ ভয় লাগিছে, মোৰ ভয় লাগিছে৷ এইজনী কোন?"
 
ডাঙৰ মামাই ক'লে, "তেওঁক কাবা শৰিফৰ পিনে মুখ কৰাই শুৱাই দিয়ক৷ চবে কালেমা পাঠ কৰক, কওঁক, লা ইলাহা ইল্লাল্লাহু মুহাম্মদুৰ ৰাসুলুল্লাহ৷"
 
সৰু পেহীদেউক নিবলৈ চব আহিছিল৷ তেওঁৰ অপৰিচিত মহিলা এগৰাকীও আহিছিল৷ মোক নিবলৈ কোনো নাহিল৷ মৃতকক পথ দেখুৱাই নিবলৈ হয়তো কোনো নাহে৷ সকলো অসুস্থ মানুহৰ মনৰ কল্পনা৷ মই কেবিনৰ মজিয়াত তিনিটা পঁইতাচোৰাৰ বাদে আন কাকো নেদেখিলো৷ এটাৰ গাৰ ৰং কুৎসিত বগা৷ ৰুবিনাই এই পঁইতাচোৰাটো দেখা হ'লে জঁপিয়াই বিচনাত উঠিলহেঁতেন৷ তাইৰ মতে, পৃথিৱীৰ আটাইতকৈ কুৎচিত, আটাইতকৈ লেতেৰা, আটাইতকৈ জঘন্য, আটাইতকৈ ভয়ংকৰ প্ৰাণীটোৰ নামেই পঁইতাচোৰা৷
 
ৰুবিনাৰ ধাৰণা, মৃত্যুৰ পিছত তাই নিশ্চিতৰূপে নৰকলৈ যাব৷ তাইৰ নৰকত জুই নাথাকিব৷ কিলবিলাই থাকিব অসংখ্য পঁইতাচোৰা৷ তাৰ মাজৰ কিছুমান থাকিব বগা ৰঙৰ৷ এই পঁইতাচোৰাবোৰে তাইৰ গা বগাই ফুৰিব৷
 
মজিয়াৰ পঁইতাচোৰাবোৰলৈ চাই থাকোতেই হঠাৎ দেখিলো মই বাৰাণ্ডত আহি উপস্থিত হৈছো৷ দীঘল বাৰাণ্ডাখন মোৰ চকুৰ সন্মুখত৷ কেবিনৰ পৰা কেনেকৈ ওলাই আহি বাৰাণ্ডা পালোহি, সেয়া ধৰিব নোৱাৰিলো৷
 
বাৰাণ্ডাখন উকা, পুলিচ অফিচাৰ এজনক দেখিছো, তেওঁৰ হাতত ৱাকি-টকি৷ তেওঁ মোৰ ডাক্তৰজনৰ সৈতে কথা পাতি পাতি এইপিনেই আহি আছে৷ আচৰিত কথা, পুলিচ অফিচাৰজনে মোৰ কথাকে কৈ আছে৷


***