Jun 21, 2014

চাকিউবাছ - পঞ্চম অধ্যায়

ৰাজীৱ ফুকন
Succubus an Assamese Horror Mystery Novel by Rajiv Phukan  
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

পঞ্চম অধ্যায়

দুদিন পিছত এদিন গভীৰ ৰাতি৷ ধীমানৰ মোবাইল ফোনটো সশব্দে বাজি উঠিল৷  টোপনি ভৰা মাতেৰে ফোনটো ৰিচিভ কৰিলে সি, "কোৱা মিলি৷ ইমান ৰাতিপুৱাই?"
 
মিলি এক মুহূৰ্ত ৰৈ ক'লে, "ধীমানদা, ডঃ পাল ক'ৰবালৈ গুচি গৈছে চাগে৷"
 
"গুচি গৈছে মানে?" ধীমানৰ টোপনিৰ নিচা কাটি গ', "'লৈ?"
 
"নাজানো৷" মিলিয়ে ক'লে, "ভাইটিক এটা দীঘল ই-মেইল দি থৈ গৈছে৷ সেইটো আপোনালৈ ফৰৱাৰ্ড কৰিছো৷ চেক কৰি মোক ফোন কৰিব৷"
 
ধীমানে উল্কাৰ গতিত ফোনত মেইলবক্স খুলিলে৷ আঙুলি ঘঁহাই বাৰে বাৰে ৰিফ্ৰেছ কৰি থাকিল নতুন ইমেইল আগমনৰ নটিফিকেছন পাবলৈ৷
 
অৱশেষত মেইলটো দেখিবলৈ পালে সি৷
 
খৰকৈ চকু ফুৰাই গ'ল তাত৷
 
"প্ৰিয় সঞ্চায়ন,
 
তোমাৰ বাদে তেনেকৈ আন কাৰো লগতে মোৰ দিনৰ বেছিভাগ সময় কটোৱা নহয়৷ তোমাৰ বাদে মোৰ কামৰ ক্ষেত্ৰখনো কোনেও ভালকৈ নুবুজিব৷ সেয়ে সকলো দিশ বিবেচনা কৰি তোমালৈয়ে লিখিলো৷ মোৰ পদত্যাগ পত্ৰখন মই অফিচলৈ ই-মেইল কৰি পঠাইছো৷ তুমি সেইটো অলপ চাবা, যাতে সোনকাল প্ৰচেছ হয়৷ তেতিয়াহ'লে পাবলগীয়া পইছা-পাতিখিনি মোৰ পত্নীয়ে পোৱাত সুবিধা হ'ব৷
 
এতিয়া আচল কথাটো কওঁ, সাত বছৰ আগতে মই এটা চুৰি কৰিছিলো৷ আমাৰ গৱেষণাৰ জগতত ইচ্ছা কৰিয়েই চাইটেচন উল্লেখ নকৰা বা ক্ষমতাৰ জোৰত গাইডৰ নাম পেপাৰত সুমুৱাৰ দৰে দুৰ্নীতি বিৰল নহয়৷ প্ৰায় হৈয়ে থাকে৷
 
কিন্তু মই যিটো কৰিছিলো, সেইটোক চুৰি নুবুলি এক ধৰণৰ ডকাইতিয়েই বুলিব পাৰি৷ কাৰণ তাত ডিঙি চেপি হত্যা কৰা হৈছিল এগৰাকী অসাধাৰণ ছোৱালীক৷ জীৱন শেষ কৰিবলৈ বাধ্য কৰোৱা হৈছিল এগৰাকী মেধাৱী গৱেষকক৷
 
যি জীয়াই থকা হ'লে আজি হয়তো আমাৰ দেশে এক অসাধাৰণ বিজ্ঞানী লাভ কৰিলেহেঁতেন৷
 
পেষ্টাওলোটিঅপছিছ মাইক্ৰ'স্পোৰা নামৰ যিটো প্লাষ্টিক ভক্ষণ কৰা মাচৰুমৰ বাবে মোৰ ইমান খ্যাতি, সেইটো মই আৱিষ্কাৰ কৰা নাই৷ কৰিছিল মোৰেই সহ-গৱেষিকা লিলি মৈত্ৰই৷
 
তাই কেৱল মোৰ কো-ৰিচাৰ্ছাৰেই নাছিল, আমাৰ মাজত বহু দিনীয়া প্ৰেমৰ সম্পৰ্কও আছিল৷ কিন্তু সেই প্ৰেম আছিল একেবাৰেই একপক্ষীয়৷ লিলিয়ে মোক তাইৰ মন-প্ৰাণ দি ভাল পাইছিল৷ আৰু মই নানানটা হিচাপ নিকাচ কৰি নিজৰ স্বাৰ্থৰ বাবে তাইৰ লগত প্ৰেমৰ অভিনয় কৰিছিলো৷
 
আমাৰ দীঘলীয়া দহ বছৰীয়া প্ৰেম পৰ্বত মই কত ধৰণে তাইক ব্যৱহাৰ কৰিছো, তাইৰ পৰা অন্যায়ভাৱে সুবিধা লৈছো, ইচ্ছাকৃতভাৱে তাইক বিপদত পেলাইছো, অপদস্থ কৰিছো, সেইবোৰ ক'বলৈ গ'লে এখন উপন্যাস হ'বগৈ৷ সেয়ে বেছি বিশদলৈ নাযাওঁ৷ শেষৰ ফালে লিলিয়েও বুজি উঠিছিল, মই তাইক কেনেদৰে চাৰিওফালৰ পৰা মুচৰি আনিছিলো, কিন্তু মোৰ প্ৰতি তাইৰ ভালপোৱা ইমানেই গভীৰ আছিল যে তাই মোৰ পৰা আঁতৰি যোৱাতো দূৰৈৰ কথা, কোনো প্ৰতিবাদো কৰিব পৰা নাছিল৷
 
তাইৰ আছিল ঈশ্বৰপ্ৰদত্ত মেধা৷ মই কোনো ফালৰ পৰাই তাইৰ সৈতে পাত্তা পোৱা নাছিলো৷ আৰু তাৰ ফলতেই মোৰ মনটো ভৰি পৰিছিল খং আৰু ঘৃণাৰে৷
 
ছোৱালীবোৰক মই আৰম্ভণিৰে পৰাই হীন দৃষ্টিৰে চাই আহিছো, সদায় বিচাৰিছিলো মোৰ জীৱন-সঙ্গিনী থাকিব মোৰ ভৰিৰ তলত৷ কিন্তু ক্ৰমশঃ সকলো ওলট পালট হৈ গৈছিল৷ এজনী ছোৱালীৰ ওচৰত ক্ৰমাগত পৰাজয়ৰ গ্লানি আৰু মই সহিব পৰা নাছিলো৷
 
সেয়ে, আমাৰ পি.এইচ.ডি.ৰ বছৰবোৰত লিলিয়ে যেতিয়া গোটেই দিন-ৰাতি মুখ গুজি থাকে মাইক্ৰ'স্কোপত, কোনোমতে মেচলৈ গৈ খোৱা-বোৱা কৰিয়েই পুনৰ গুচি আহে লেবলৈ, মোৰ তেতিয়া কামৰ প্ৰতি উৎসাহৰ পৰিবৰ্তে বেছি হ'বলৈ ধৰিছিল খং৷
 
তাই তাইৰ অমানুষিক পৰিশ্ৰমৰ অন্তত পি.এইচ.ডি.ৰ ষষ্ঠ বছৰত এদিন যেতিয়া মোক জনালে, তাই এক আচৰিত মাচৰুম সংকৰণৰ মাধ্যমেৰে প্ৰস্তুত কৰি উলিয়াইছে, যিয়ে গিলি পেলাব প্লাষ্টিক, মই মনে মনে জঁপিয়াই উঠিছিলো৷
 
বুজি উঠিলো, এয়াই মোৰ সুবৰ্ণ সুযোগ৷ ইমান দিনে যিয়ে নহওঁক কিয়, গোটেই বিশ্বৰ পোহৰ মোৰ মুখত পেলোৱাৰ সম্ভৱতঃ এয়াই শেষ সুযোগ৷ এই সুযোগ কোনোপধ্যেই হেৰুৱাব নোৱাৰি৷ এই এটা বস্তুৱেই মোৰ গোটেই জীৱনটোকে সলনি কৰি দিব৷
 
বিদেশী এখন বিখ্যাত জাৰ্ণেলৰ বাবে তাই যেতিয়া তাইৰ গৱেষণা-পত্ৰখন সম্পূৰ্ণ কৰি তুলিছিল, পঠাবলৈ বাকী, খুব স্বাভাৱিক এজন শুভাকাংক্ষী হিচাপে পেপাৰখন এদিন পঢ়ি চাব খুজিলো মই৷ মই তাইৰ প্ৰেমিক, তাই একেবাৰে নিশ্চিন্ত মনে মোৰ হাতত তুলি দিলে তাইৰ সেই অমূল্য সম্পদ৷ অকণমানো অবিশ্বাস জগা নাই তাইৰ মনত৷
 
মই একে ৰাতিৰ ভিতৰতে সেইখন নকল কৰি নিজৰ নামত পঠাই দিলো৷ সাধাৰণতে এই জাৰ্ণেলবোৰত গৱেষণা-পত্ৰ প্ৰকাশৰ বাবে ৰিচাৰ্ছ গাইডৰ ৰিক'মেণ্ডেছনৰ প্ৰয়োজন হয়৷ কিন্তু জনাজনিৰ ভয়ত মই সেইবোৰৰ কাষ নাচাপিলো৷ কাৰণ মই জানিছিলো, আৱিষ্কাৰটো ইমানেই যুগান্তকাৰী, ৰিক'মেণ্ডেচন নাথাকিলও প্ৰকাশিত হ'বই৷
 
লিলি অসাধৰণ মেধাৱী হ'লেও অলপ অলস স্বভাৱৰ আছিল৷ তাই পেপাৰখন ডাকত পঠোৱাৰ আগতেই মোৰ নামত অবিকল চপা হৈ গ'ল সেইখন৷
 
তাই প্ৰথমে সম্পূৰ্ণ কথাটো জানিব পাৰি হতবুদ্ধি হৈ গ'ল৷ ডেৰ বছৰ ধৰি তাই নৰ্মদা নদীৰ পাৰৰ বিভিন্ন অৰণ্যত বিচাৰি বিচাৰি সংগ্ৰহ কৰিছিল বিভিন্ন কাঠ-ফুলা, যাৰ সন্মিলিত পৰীক্ষালব্ধ সংকৰণৰ ফল সেই পেষ্টাওলোটিঅপছিছ মাইক্ৰ'স্পোৰা৷ ইয়াৰ বাবে তাই কিমানদিন ঠিক মতে খোৱা নাই, শুৱা নাই, কোনো আনন্দ-বিনোদনত যোগ দিয়া নাই৷
 
তাইৰ সেই অধ্যৱসায়, পৰিশ্ৰম এক মুহূৰ্ততে ধূলিসাৎ হৈ গ'ল৷
 
নিজৰ প্ৰেমিকৰ ইমান ডাঙৰ প্ৰবঞ্চনাত তাই হতবাক হৈ গৈছিল৷ ঘুণাক্ষাৰেও তাই কল্পনা কৰিব পৰা নাছিল যে মই ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিম৷
 
কিন্তু তাই মোক এই বিষয়ে একো নুসুধিলে৷ সুধিবলগীয়াকৈ অৱশিষ্ট আছিলেই বা কি!
 
মই তেতিয়া বিভিন্ন মিডিয়াত নিজৰ কৰ্মক দাঙি ধৰাত ব্যস্ত৷ জাৰ্ণেলত পেপাৰখন প্ৰকাশ পোৱাৰ পিছৰে পৰাই প্ৰচাৰ মাধ্যমৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছো মই৷
 
কেইদিন মান পিছত বন্ধুবোৰৰ আদ্দাত অতিৰঞ্জিত কৰি মই কৈ আছিলো মোৰ দীৰ্ঘ পৰিশ্ৰম আৰু সফলতাৰ আঁৰৰ কথা৷ মোৰ পুৰণা বন্ধু এজনে আহি খবৰ দিলে, লিলিয়ে তাইৰ মেচৰ ৰূমত আত্মহত্যা কৰিছে৷
 
আজি ভাবি আচৰিত লাগিছে, এজন মানুহৰ সৈতে ইমানবোৰ বছৰ ঘনিষ্ঠভাৱে কটায়ো কথাটো শুনাৰ পিছত মোৰ বৰ এটা প্ৰতিক্ৰিয়া হোৱা নাছিল৷ কিন্তু ভয় লাগিছিল সাংঘাতিক৷ ক'বতো নোৱাৰি, লিলিয়ে যদি চুইচাইড নোটত লিখি থৈ গৈছে মোৰ চুৰিৰ কথা৷ পুলিচৰ জামেলাততো ফঁচিমেই, নিমিষৰ ভিতৰতে মোক খ্যাতিৰ শীৰ্ষৰ পৰা তললৈ ঠেলা মাৰি পেলাই দিব মানুহে৷
 
কিন্তু নাই৷ লিলিয়ে তাইৰ প্ৰেমিকক কোনো ধৰণে অপদস্থ কৰি থৈ যোৱা নাছিল৷ 'মোৰ মৃত্যুৰ বাবে মই নিজেই দায়ী' জাতীয় এটা বাক্যৰ নোট এটা লিখি বচাই থৈ গৈছিল মোক৷
 
মই স্বস্তিৰ নিশ্বাস পেলাইছিলো৷ পথৰ কাইট দূৰ হোৱাত নিশ্চিন্ত মনে প্ৰচাৰ কৰাত লাগি গৈছিলো নিজৰ কামৰ৷
 
ইমান পৰে হয়তো মোৰ প্ৰতি তোমাৰ মনত ঘৃণা উথলি উঠিছে৷ নহয়নে সঞ্চয়ন? ইমান নীচ প্ৰকৃতিৰ এজন মানুহ তোমাৰ পি.এইচ.ডি. গাইড?
 
কি জানা, আমাৰ সমাজ ব্যৱস্থাত বহুদিন বহুধৰণে ছোৱালীক দমাই ৰখা হৈছিল৷ লিখা-পঢ়া শিকিলে অকাল বৈধব্য, গৌৰীদান আদি নানা কুসংস্কাৰ৷ কিমান লাখ লাখ ছোৱালীয়ে যে এনেদৰেই কোঠাৰ অন্ধকাৰৰ মাজত শেষ কৰি দিছে সিহঁতৰ জীৱন৷ তাৰ মাজৰ কিমানৰ বা অসাধাৰণ মেধা আছিল, সেয়াতো জানিবই পৰা নগ'ল৷ কাৰোবাৰ হয়তো আছিল জন্মগত অঁকাৰ হাত, সেই প্ৰতিভা স্ফুৰিত হোৱাৰ সুযোগেই নাপালে৷
 
এনেদৰেই কিমান প্ৰতিভা নষ্ট কৰিছে এই পুৰুষতান্ত্ৰিক সমাজে৷
 
আমাৰ দেশৰ ছোৱালীয়ে ভালকৈ লিখা পঢ়া শিকিবলৈ আৰম্ভ কৰা বৰ বেছি এশ বছৰ হ'ল৷ অথচ চোৱা, ইমান কম সময়তে সিহঁতে সকলো ক্ষেত্ৰতে ফেৰ মাৰিব পৰা হৈছে পুৰুষৰ লগত৷ সংসাৰ চম্ভালি, সন্তান চম্ভালি তাৰে কোনোবা আজি ডাক্তৰ, কোনোবা পাইলট, কোনোবা অধ্যাপক৷
 
কিন্তু আমাৰ দৰে কিছুমান পুৰুষে এতিয়াও সেয়া সহ্য কৰিব নোৱাৰে৷ নিজৰ ব্যৰ্থতা, নিজৰ অযোগ্যতাতকৈ সিহঁতৰ কাষত তেতিয়া ডাঙৰ হৈ উঠে পুৰুষ হোৱাৰ অহংকাৰ৷ এজনী ছোৱালী যে নিজৰেই যোগ্যতাৰ ফালৰ পৰা মোতকৈ ওপৰত হ'ব পাৰে, সেই সহজ সত্যটো হজম কৰিবলৈ কষ্ট হয় আমাৰ৷ তেতিয়া নানা উপায়েৰে টানি আঁজুৰি তললৈ নমোৱাৰ চেষ্টা কৰা হয় ছোৱালীজনীক৷ কেতিয়াবা ভাল পোৱাৰ দোহাই দি, কেতিয়াবা অন্য কোনো ক্ষতি কৰি৷
 
সেই জঘন্য কৰ্মৰ ইমান দিনৰ পিছত লিলিয়ে মোক তাৰ বাবে শিক্ষা দিছে৷ কেনেকৈ, সেয়া আৰু নকওঁ৷
 
মোৰ এই ই-মেইলটো তোমাৰ লগতে মোৰ উকিলকো পঠালো৷ মই সজ্ঞানে স্বীকাৰ কৰিছো, প্লাষ্টিওলোপটিঅছিছ মাইক্ৰ'স্পোৰা মোৰ আৱিষ্কাৰ নহয়, এই মাচৰুমৰ আৱিষ্কাৰ কৰিছিল প্ৰয়াত গৱেষক লিলি মৈত্ৰই৷ গৱেষণা পত্ৰখনো তেৱেই লিখা৷ নিজৰ পি.এইছ.ডি. ডিগ্ৰী লাভ কৰাৰ আগতেই তাই আত্মহত্যা কৰে৷
 
মাচৰুমটোৰ পেটেন্টৰ বাবে আমেৰিকাৰ যিটো কোম্পানীৰ সৈতে মই চুক্তি কৰাৰ কথা আছিল, সেয়াও মই প্ৰত্যাহাৰ কৰিছো৷ মই উকিলক অনুৰোধ কৰিছো তেওঁ যেন উদ্যোগ লৈ লিলি মৈত্ৰৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে৷ তেওঁলোকেই এই স্বত্বৰ প্ৰকৃত মালিক৷
 
মই ক'লৈ যাম, জনাব খোজা নাই৷ মোৰ সন্ধানো নকৰিবা৷ মোৰ শৰীৰটো জীৱন্ত থাকিব নে নাই সেয়া নাজানো, 'লেও স্বাৰ্থপৰ, নাৰীবিদ্বেষী ডঃ অদম্য পাল যে আৰু কেতিয়াও ঘূৰি নাহে, তাৰ নিশ্চয়তা দিব পাৰো৷
 
ভালে থকিবা৷"
 
ধীমানে এটা দীৰ্ঘ নিশ্বাস পেলালে৷ তাৰ পিছত ফোন কৰিলে মিলিক৷
 
মৃদুকণ্ঠে ক'লে, "পঢ়িলো৷"
 
মিলিয়ে ক'লে, "সি যে এনেকৈ সকলো এৰি গুচি যাব, সেইটো আন্দাজ কৰিব পৰা নাছিলো ধীমানদা৷ তাৰ দৰে স্বাৰ্থপৰ মানুহে যে শেষত চব স্বীকাৰ কৰিব..."
 
"স্বীকাৰ কৰিবলৈ বাধ্য হৈছে কাৰণেই কৰিছে৷" ধীমানে ক'লে, "মই অদম্যক চিনি পোৱা আজি বিছ বছৰৰো বেছি হ'ল৷ নিজৰটোৰ বাদে সি একোৱেই নুবুজে৷ লিলিয়ে যে কিমান ভাল পাইছিল তাক, সেয়া মই কলেজ জীৱনৰ পৰা দেখিছো৷"
 
"ময়ো জানো সেইটো৷" মিলিয়ে লাহেকৈ ক'লে, "যদিও মই তেতিয়া বহুত সৰু৷ ভাইটিতো তেতিয়া স্কুলত ভৰ্তি হৈছেহে৷ কিন্তু মনত আছে৷ বাইদেউৱে ঘৰলৈ আহিও দুয়োৰে বাবে এচাইন্টমেন্টবোৰ কৰে৷ অদম্য পালে নিজৰ সকলো কাম বাইদেউৰ দ্বাৰা কৰোৱাই৷"
 
"কি জানা মিলি, অদম্যৰ এই অসুস্থ স্বাৰ্থপৰতাৰ বাবেই তাক এই শিক্ষাটো দিয়া দৰকাৰ আছিল৷ তাৰ মনত নিজৰ পত্নী-সন্তানৰ কাৰণেও আনকি স্থান নাই৷ বিয়াও কৰাইছে হিচাপ কৰি৷ তাৰ শাস্তি পোৱাতো খুবেই জৰুৰী আছিল৷ মোৰ মনত এই খংটো আছিলেই, সেয়ে তুমি আৰু তোমাৰ ভাইটি সঞ্চয়নে আহি যেতিয়া গোটেই কথাটো ক'লা, মই একে আষাৰে মান্তি হৈ গৈছিলো৷"
 
মিলিৰ ডিঙিটো সোপা মাৰি ধৰিছিল, "আপুনি জানে ধীমানদা, ভাইটি জানিছিল যে তাৰ ৰিচাৰ্ছ গাইড কলংকিত হ'লে পিছত সেইটোৱে তাৰ কেৰিয়াৰতো প্ৰভাৱ পেলাব৷ অথচ সি আজিৰ এই দিনটো দেখাৰ বাবেই ডঃ পালৰ অধীনত পি.এইছ.ডি. কৰিবলৈ সোমাইছিল৷ লাহে লাহে ঘনিষ্ঠ হৈছিল ডঃ পালৰ৷ যাতে সি সময়ে সময়ে যাব পাৰে ডঃ ফ্লেটৰ খালী ফ্লেটলৈ৷"
 
"হুম৷ চোৱা, শীঘ্ৰেই তাৰ উকিলে তোমালোকৰ ঘৰৰ লগত যোগাযোগ কৰিব৷" ধীমানে এটা দীৰ্ঘ নিশ্বাস পেলালে, "কিন্তু ইমান দিন ধৰি যে তাক হেলুচিনেছন কৰাৰ ঔষধটো খুৱাই থকা হ', তাৰ পৰা তাৰ একো ক্ষতি নহয়তো?"
 
"নাই৷ সাম্যদাই তেনেকৈয়ে কৈছে৷ দৈনিকতো খুওৱা হোৱা নাই, সকলো মিলি ছয়-সাতবাৰ৷"
 
ধীমানে ক'লে, "বাৰু, ডঃ চট্টৰাজে কি কেৱল এই কাৰণেই সঞ্জীৱনী নাৰ্ছিং হোমত বহে নেকি যে তেওঁ প্ৰথম কৰ্মজীৱন তাতেই আৰম্ভ কৰিছিল?"
 
"নাই৷" মিলিয়ে ক'লে, "বাইদেউ সঞ্জীৱনীৰ ওচৰৰেই মেচ এটাক থকা আছিল৷ জৰী কাটি মাটিত নমোৱাৰ পিছতো কিছু সময় প্ৰাণ আছিল তেওঁৰ দেহত৷ তেতিয়া সঞ্জীৱনীলৈয়ে দৌৰা-দৌৰিকৈ লৈ যোৱা হৈছিল তেওঁক৷ তেতিয়া সাম্যদা সাধাৰণ এম.বি.বি.এছ, তাৰ ৰেচিডেন্স ডাক্তৰ৷ তেওঁৰ চকুৰ আগতেই বাইদেউৰ মৃত্যু হয়৷ সেইটো তেওঁ সহ্য কৰিব নোৱাৰিলে৷"
 
ধীমানে ফোনটো ৰখাৰ পিছত কিছু সময় ধৰি দু-হাতেৰে মুখ ঢাকি বহি ৰ'ল৷ সি আৰু আজি স্কুললৈ নাযায়৷ মনটো একেবাৰে ভাল লগা নাই৷ কেনেকুৱা যে এটা অস্বস্তি লাগিছে৷
 
অদম্য তাৰ ল'ৰালি কালৰে বন্ধু৷ ক্লাছ ফাইভৰ পৰা একেলগে পঢ়িছে দুয়ো৷ অদম্য যিমান বেয়া মানুহ নহ'লেও, ধীমানক সি বন্ধু বুলিয়েই ভাবে৷
 
সি নিজে জানো ভাল কাম কৰিলে?
 
মুহূৰ্ততে মনৰ ভিতৰৰ পৰা কোনোবা এজনে কৈ উঠিল, অদম্যই যি কৰিছিল, তাৰ বাবে তাৰ এই শাস্তি প্ৰাপ্য আছিল৷ লিলিৰ কি দোষ আছিল যে তাই হতাশাৰ চুড়াত উঠি অকালতে গুচি যাবলগীয়া হ'ল৷
 
কিন্তু অথচ ধীমানৰ মনৰ মাজত ইমান অস্বস্তি লাগিছে কিয়?
 
লিলি, মিলি আৰু সঞ্চয়ন তিনিও ভাই-ভনী৷ সিহঁতৰ ঘৰ আছিল দূৰৈৰ এখন মফচল ঠাইত৷ লিলি সৰু ভায়েক-ভনীয়েক হালতকৈ আছিল বহুখিনি ডাঙৰ৷ নিম্ন মধ্যবিত্ত ঘৰৰ ছোৱালী মেধাৰ জোৰত নানা প্ৰতিকূলতাৰ লগত যুঁজি উচ্চমাধ্যমিকৰ পিছত পঢ়িবলৈ আহিছিল কলিকতালৈ৷
 
গাওঁত লিলিহঁতৰ প্ৰতিবেশী সাম্য আছিল লিলিৰেই সমবয়সীয়া৷ সৰুৰে পৰা একেলগে খেলাধূলা কৰা পঢ়াশুনা কৰা লিলিৰ বাবে সাম্যৰ মনত কেতিয়া যে এটা বিশেষ স্থান গঢ় লৈছিল, সেয়া লিলিয়েও জনা নাছিল৷ সাম্যই ডাক্তৰি পঢ়িবলৈ গুচি গৈছিল বৰ্ধমানলৈ, আৰু লিলি আহিছিল কলিকতালৈ৷ সাময়িকভাৱে হেৰাই গৈছিল যোগসূত্ৰ৷
 
কিন্তু সাম্যই পাহৰা নাছিল তাৰ শৈশৱৰ প্ৰেমক৷ লিলিয়ে যেতিয়া গৱেষণা কৰি আছিল, সাম্য তেতিয়া তৰুণ ডাক্তৰ৷ অদম্যৰ ক্ৰমাগত দুৰ্ব্যৱহাৰত অৱসাদগ্ৰস্ত লিলি গাওঁৰ ঘৰলৈ যাওঁতে নতুনকৈ বন্ধুত্ব গঢ়ি উঠিছিল সাম্যৰ সৈতে৷ সাম্যই শুনিছিল কেনেকৈ নিজৰ মন প্ৰাণ সকলো সপি দি গৱেষণাত ডুবি থাকিছিল লিলি৷ জানিছিল লিলিৰ সপোন এনেকুৱা এক মাচৰুম ব্ৰিড কৰা, যাৰ খাদ্যই হ'ব পলিইউৰিথিন, পলিইথিলিন, পলিপ্ৰপিলিনৰ দৰে প্লাষ্টিক৷
 
প্ৰদূষণ মুক্ত হ'ব বিশ্ব৷
 
লিলিৰ হঠাৎ আত্মহত্যা আৰু একে সময়তে সেই বিষয়ত অদম্যৰ গৱেষণাত খ্যাতিলাভ, দুয়ে দুয়ে চাৰি কৰাত অসুবিধা নহ'ল সাম্যৰ৷ প্ৰকৃত বন্ধুৰ দৰে লিলিৰ পৰিয়ালৰ কাষত গৈ থিয় হৈছিল সি৷ খঙে ক্ষোভে প্ৰতিজ্ঞা কৰিছিল প্ৰতিশোধ লোৱাৰ৷ লগত লৈছিল লিলিৰ ভনীয়েক মিলি আৰু ভায়েক সঞ্চয়নক৷ মিলিৰ চাইক''জী পঢ়া বা সঞ্চয়নৰ কেমিষ্ট্ৰী পঢ়া চব তাৰেই পৰামৰ্শত৷ মিলিক সহকাৰী চাইক''জিষ্ট কৰি লৈ ৰচনা কৰিছিল এক দুৰ্দান্ত প্লেন৷
 
এল এছ ডি৷ সম্পূৰ্ণ নাম লিচাৰ্জিক এচিড ডাইথেলামাইড৷ একধৰণৰ ড্ৰাগ, যি শৰীৰত প্ৰৱেশ কৰাৰ কেই ঘন্টামানৰ পিছতেই মানুহক লৈ যায় এখন স্বপ্নৰ জগতলৈ৷ যৌনতা সৰ্বস্ব এখন জগত টোপনিৰ মাজতেই হেলুচিনেট কৰে৷ ষাঠিৰ দশকত এই ড্ৰাগে তোলপাৰ লগাইছিল পশ্চিমীয়া দেশবোৰত৷ হিপিবোৰৰ মাজত সাংঘাতিক জনপ্ৰিয় হৈছিল, তাৰ পিছত মাৰ্কিন মুলুকত নিষিদ্ধ হৈ যায় এল এছ ডি৷ অধিকাংশ দেশত এই ড্ৰাগছ নিষিদ্ধ যদিও পৰ্টুগাল, মেক্সিকোৰ নিচিনা কিছুমান দেশত অকণমান চেষ্টা কৰিলে আজিও পোৱা যায় এই সৰ্বনাশ ড্ৰাগবিধ৷
 
ডঃ সাম্য চট্টৰাজৰ দৰে দেশৰ আগশাৰীৰ এজন চায়কাট্ৰিষ্টৰ বাবে সেইটো যোগাৰ কৰাত বৰ বেছি অসুবিধা নহ'ল৷
 
অদম্য হ'ল ডাইবেটিজ ৰোগী৷ দৈনিক দিনত দু-বাৰকৈ ইনচুলিনৰ ইনজেক্সন ল'বলগীয়া হয়৷ সেই কথাটো ধীমানে কোৱাৰ আগতেই সঞ্চয়নে গম পাইছিল৷ তাৰ পিছত নানা অজুহাতত ছাৰৰ ঘৰলৈ গৈ ইনচুলিনৰ এম্পিউলবোৰৰ মাজৰ কেইটামান বদলাই দিয়াটো তাৰ কাৰণে ডাঙৰ কাম নাছিল৷
 
পিছে অদম্যৰ আতংক বঢ়াবলৈ তাৰ ল'ৰাক পাছৱৰ্ড কৈ দি শুই থকা দেউতাকৰ ফটো তোলাৰ কাম বা অদৃশ্য লিলি মাহীৰ কথা কৈ দেউতাকক ভয় দেখুৱাবলৈ মান্তি কৰোৱাৰ ভাৰ ল'বলগীয়া হৈছিল ধীমানে নিজেই৷ বুল্টু দেউতাকৰ দৰেই বুদ্ধিমান, সুন্দৰকৈ কৰিছিল দুয়োটা কাম৷ মাথোঁ ধীমানে তাক দিবলগীয়া হৈছিল বহু কেইটা চকলেট৷
 
ধীমানে পালন কৰিবলগীয়া হৈছিল পৌৰাণিক লিলিথৰ কাহিনীৰ পৰা লিলিৰ প্ৰসংগ আনি অদম্যৰ মনত ভয়ৰ সঞ্চাৰ কৰাৰ দায়িত্বটোও৷
 
অদম্য ক'লৈ গুচি গ'ল ধীমানে সেয়া নাজানে৷ তাৰ মাজত যদি সঁচাকৈয়ে অনুশোচনাবোধ আহিছে, সি বীৰভূমৰ সেই গাওঁখনলৈ যোৱা উচিত৷ য'ত বিয়াৰ পিছৰে পৰা অপমানিত অৱহেলিত জীৱন কটাইছে তাৰ পত্নীয়ে৷ সতী-সন্তত্বীৰ লগত ভালপোৱাৰ মাজেৰেই আৰম্ভ কৰা উচিত তাৰ নতুন জীৱন৷
 
সকলো ভবা মতেই হ', কিন্তু ক'ৰবাত যেন কিবা এটা থাকি গৈছে৷ সেই সংশয়টো কি ধীমানে একোতে ভাবি উলিয়াব পৰা নাই৷
 
খৰধৰকৈ উঠিল সি৷ অন্যমনস্কভাৱে সন্মুখত পৰি থকা কিতাপখন খুলিল৷ সঁচাকৈ, কেৱল ঘটনা ক্ৰমেই নহয়, প্ৰত্যেকৰে নামতো কি সাংঘাতিক মিল৷
 
প্ৰকৃতিয়ে যেন ঠিক কৰি ৰাখিছিল এনেকৈয়ে প্ৰতিশোধ ল'ব৷ এনেদৰেই প্লাষ্টিক ভক্ষণ কৰা মাচৰুমৰ আৱিষ্কাৰক হিচাপে বিজ্ঞানৰ ইতিহাসত গৱেষক লিলি মৈত্ৰৰ নাম খোদাই কৰিব৷
 
কিতাপৰ পৃষ্ঠাত চকু ফুৰাই থাকোতে আৰু এঠাইত চকু স্থিৰ হৈ গ'ল তাৰ৷
 
হিব্ৰু বাইবেলৰ আটাইতকৈ বিতৰ্কিত চৰিত্ৰ লিলিথে আদমক এৰি চাকিউবাছ হৈছিল হয়, কিন্তু তাৰ পিছতেই গুচি গৈছিল সামায়েলৰ ওচৰলৈ৷
 
আৰু ইয়াতে লিলিয়ে নাপালে তাইৰ সাম্যক৷ হয়তো জীয়াই থকা হ'লে তাই সাম্যৰ সৈতে নতুন জীৱন আৰম্ভ কৰিলেহেঁতেন৷ কিন্তু সেই সুযোগ নাহিল তাইৰ দুদিনীয়া জীৱনত৷
 
বিদ্যুৎ চমকৰ দৰে হঠাৎ এটা সৰু ঘটনা মনত পৰি গ'ল ধীমানৰ৷ মনৰ মাজৰ অস্বস্তিটো মুহূৰ্ততে দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ উঠিল তাৰ চকুৰ আগত৷
 
মিলিয়ে যিদিনা চেম্বাৰত অদম্যক সুধিছিল, তাৰ দেহত সেই বিদেহীৰ সৈতে সংগমৰ ফলত আঁচোৰা বা অন্য কোনো দাগ আছে নে নাই, অদম্যই এক প্ৰকাৰ দুৰ্ব্যৱহাৰ কৰি ওলাই আহিছিল চেম্বাৰৰ পৰা৷
 
কিন্তু গাড়ীত উঠি ঘৰৰ ওচৰ পাওতে দেখুৱাইছিল এঠাইত দাঁতে কামোৰাৰ স্পষ্ট দাগ৷ চেপা মাতেৰে কৈছিল, "ইচ্ছা কৰিয়েই এই কথাটো নক'লো৷ ছোৱালীজনীয়ে আৰু উল্টা-পালটা কয় বুলি৷"
 
তেতিয়া সিমান গভীৰভাৱে কথাটো লোৱা নাছিল সি, কিন্তু আজি মনত পৰাৰ লগে লগেই গাটো সিৰ-সিৰাই উঠিল ধীমানৰ৷
 
সাত বছৰ আগতে আত্মহত্যা কৰা লিলিক ঘূৰাই অনাৰ নাটকহে কৰিছিল সি, মিলি, সঞ্চয়ন আৰু ডঃ সাম্য চট্টৰাজে মিলি৷ ৰাতিৰ সেই শাৰীৰিক সংগমো অদম্যৰ হেলুছিনেছন৷ কিন্তু সেই দাগ? হেলুছিনেছনৰ প্ৰকোপত যদি ধৰিও লওঁ, অদম্যই নিজেই সেয়া কৰিছে, কিন্তু সেই স্থানত নিজে নিজৰ দাঁত বহোৱা কোনোপধ্যেই সম্ভৱ নহয়৷
 
তেনেহ'লে?
 
মেৰুদণ্ডৰে এটা হিম শীতল সোঁত বৈ গ'ল ধীমানৰ৷ এল এছ ডি যিমানেই সাংঘাতিক নহওঁক কিয়, অদম্যই যি নিখুঁতভাৱে সংগমৰ বৰ্ণনা দিছিল, হেলুছিনেশ্যনত জানো সঁচাকৈ তেনেকুৱা বিশদ অভিজ্ঞতা হয়?
 
নে নিজৰ প্ৰতাৰক প্ৰেমিকক শাস্তি দিবলৈ সঁচাকৈয়ে লিলি হাজিৰ হৈছিল চাকিউবাছৰ ৰূপত?
 
সকলোৰে সৈতে অলক্ষিতে হাত মিলাই তায়ো পণ লৈছিল নেকি অদম্যৰ স্বীকাৰোক্তি আদায়ৰ বাবে?
 
উত্তৰ নাপালে ধীমানে কিন্তু শীতৰ ৰাতিপুৱা এচাতি হিম শীতল বতাহে কঁপাই থৈ গ'ল তাৰ অন্তৰাত্মাক৷

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                                      উপন্যাস সমূহ