*মূলঃ দেৱাৰতি মুখোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
প্ৰচণ্ড জোৰত চিৎকাৰ কৰিছিল অদম্যই৷
আৰ্তনাদৰ প্ৰাবল্যত এনেকুৱা লাগিছিল যেন হৃৎপিণ্ডটো ডিঙিৰে ওলাই আহিব বাহিৰলৈ৷
উত্তেজনাৰ প্ৰাবল্যত মস্তিষ্কৰ সিৰবোৰে যেন এতিয়াই বিদ্ৰোহ ঘোষণা কৰিব৷ বিছনা জুৰি
তাৰ শৰীৰটোক লৈ এক পাশৱিক অত্যাচাৰ আৰম্ভ হৈছে৷
কিন্তু প্ৰতিবাৰৰ দৰে এইবাৰো বৃথা সেই
আস্ফালন৷ সামান্যতম চিৎকাৰো মুখৰ পৰা বাহিৰলৈ ওলাই অহা নাই তাৰ৷ প্ৰতিবাৰৰ দৰে
অদম্য ভয়াতুৰ প্ৰেমিকৰ দৰে বিছনাত চিত হৈ পৰি ৰৈছিল৷ অপাৰ্থিৱ সেই নাৰী আছিল
অদম্যৰ ওপৰত, তাই অকলেই ৰাজত্ব চলাইছিল গোটেই সঙ্গম শয্যাত৷
প্ৰতিবাৰৰ দৰেই শৃঙ্গাৰৰ অন্তত শান্ত হ'ল ধুমুহাৰ৷ ৰতিক্লান্ত অদম্য তাৰ
অকলশৰীয়া ফ্লেটত মৃতদেহৰ দৰে পৰি ৰ'ল বিছনাত৷
তাৰ পিছত লাহে লাহে তাৰ চকুৰে বৈ
আহিবলৈ ধৰিলে চকুলো৷
এইবিলাক কি হ'বলৈ ধৰিছে তাৰ লগত? সন্মুখত তাৰ উজ্জল ভবিষ্যত, তাতোকৈয়ো উজ্জল জীৱনটোক উপভোগ কৰাৰ
সুযোগ৷ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞানী হিচাপে মোটা পাৰিশ্ৰমিক লাভ কৰে সি, অহা মাহতেই পেটেন্টৰ স্বত্ব বিক্ৰীৰ
ক্ষেত্ৰত চুড়ান্ত স্বাক্ষৰ কৰিবলৈ উৰি যোৱাৰ কথা আমেৰিকালৈ৷ তাৰ পিছতেই প্লাষ্টিক
খোৱা মাচৰুম পেষ্টাওলোটিঅপচিচ মাইক্ৰ'স্পোৰা বিয়পি পৰিব দেশ-বিদেশৰ প্ৰতিটো চুকে
কোণে৷ আবৰ্জনাৰে ভৰি যোৱা নৈ, প্লাষ্টিকৰে ভৰি উঠা পুখুৰী, বা সমুদ্ৰগৰ্ভত শুই থকা হাজাৰ হাজাৰ
প্লাষ্টিক, এই সকলোবোৰ গিলি পেলাব ডঃ পালৰ যাদুকৰী মাচৰুমে৷
লাহে লাহে উৎসাহিত হৈ পৰিব সকলো দেশৰ
চৰকাৰো৷ তেওঁলোকে চুক্তি কৰিব আমেৰিকান কোম্পানীটোৰে সৈতে৷ দেশৰ পৰা ৰাজ্য,
ৰাজ্যৰ
পৰা জিলা, পেষ্টাওলোটিঅপছিছ মাইক্ৰ'স্পেৰাই চাফা কৰি পেলাব সকলো
প্লাষ্টিকৰ আবৰ্জনা৷
লাহে লাহে আগৰ দৰেই মালিন্যহীন হৈ উঠিব
পৃথিৱী৷
জিলিকি ৰ'ব ভাৰতীয় বিজ্ঞানী ডঃ অদম্য পালৰ নাম৷
পকেট যিমানেই গধুৰ হ'ব, সুনামো সিমানেই বাঢ়িব৷ সকলো ঠিক-থাকে আগবাঢ়িলে অহা পাঁচ বছৰৰ ভিতৰত
অদম্য দুটা কৃতিত্বৰ অধিকাৰী হ'ব৷ এক, পৃথিৱীৰ আগশাৰীৰ ধনী মানুহৰ তালিকাত
নাম অন্তৰ্ভুক্ত৷ দুই, পৰিৱেশ ৰক্ষাৰ যুগান্তকাৰী অৱদানৰ বাবে ডাঙৰ ডাঙৰ পুৰষ্কাৰ৷ ন'বেল পোৱাটোও আচৰিত নহয়৷
সকলো পৰিকল্পনা প্ৰস্তুত হৈ আছে৷ ক'ত কেনেদৰে আগুৱাব লাগিব, কেতিয়া কি চাল খেলিব লাগিব, আন্তৰ্জাতিক ক্ষেত্ৰত কোন লবি ধৰিব
লাগিব৷
ডঃ অদম্য পাল ব্যক্তিগত জীৱনত
স্বাৰ্থপৰ? আত্মকেন্দ্ৰিক? নাৰী বিদ্বেষী? সেইবোৰ কথা আৰু তেতিয়া কোনেও মনত
নাৰাখিব৷ ইতিহাসৰ পাতত অদম্য পালৰ নাম লিখা থাকিব সোণালী আখৰেৰে৷ এজন অসাধাৰণ জনহিতৈষী
বিজ্ঞানী হিচাপে৷
কিন্তু তাৰ আগতে এইবোৰ কি? প্ৰতি নিশা ঘটা এই ঘটানাত ক্ৰমশঃ তাৰ
মানসিক দৃঢ়তা ভাগি যাবলৈ ধৰিছে৷ সি অনৱৰতে অন্যমনস্ক হৈ থাকিবলৈ লৈছে৷ কথা পাহৰা
হৈছে৷ খিংখিঙীয়া হৈ পৰিছে৷
সিদিনা সঞ্চয়ন অহাৰ সময়ত যেনেদৰে এটা
ৰাসায়নিক বিক্ৰিয়াৰ ভুল ব্যাখ্যা কৰি পেলাইছিল সি, সেয়া সাধাৰণ কলেজ ষ্টুডেন্ট এটায়ো ধৰিব
পাৰিব৷ সঞ্চয়নে ইতস্ততঃ কৰি ভুলটো শুধৰাই দিয়াত সি নিজেই অবাক হৈ গৈছিল৷ এনেকুৱা
হৈ থাকিলেতো দেশ-বিদেশৰ বিভিন্ন কনফাৰেন্সত অপদস্থ হ'বলৈ আৰম্ভ কৰিব অদম্য৷
সঞ্চয়নে অৱশ্যে বিশেষ একো নক'লে৷ মাথোঁ এটা অপ্ৰাসংগিক প্ৰশ্ন
কৰিছিল, "ছাৰ, বহুদিনৰ পৰাই এটা কথা সুধো সুধো বুলি ভাবি আছিলো৷ আপুনিতো পাইৰোলিছিছ
প্ৰক্ৰিয়াৰ মাজেৰে প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰাৰ ওপৰত ৰিচাৰ্ছ কৰিছিল৷
যিহেতু গ্ৰাচিফিকেছনতকৈ পাইৰোলিছিছ বহুত কম জটিল আৰু সস্তা৷ হঠাৎ মাচৰুমটো কেনেকৈ
আৱিষ্কাৰ কৰিলে?"
অদম্যই কৈছিল, "পাইৰোলিছিছটো আছিল মোৰ অফিছিয়েল পি.এইছ.ডি.ৰ বিষয় সঞ্চয়ন৷ মোৰ থেচিচ আছিল সেইটো
লৈয়েই৷ মই অকলে নহয়, আমাৰ টিমত আৰু কেবাজনো আছিল৷ আৰু মাচৰুম ব্ৰিডিংটো আছিল মোৰ নিজস্ব
ৰিচাৰ্ছ ইন্টাৰেষ্ট৷ গাইডৰ কোনো সহায় অবিহনে মই অকলে এইটো বিষয়ত কাম কৰিছিলো৷ সেই
কাৰণেই মোৰ ক্ৰেডিটটো আজি ইমান ডাঙৰকৈ দেখিছে সকলোৱে৷'
"একেলগে দুটা সম্পূৰ্ণ ভিন্ন বিষয়ত
গৱেষণা!" সঞ্চয়নে মুগ্ধ দৃষ্টিৰে তাৰ গাইডৰ পিনে চাইছিল, "আপুনি জিনিয়াছ ছাৰ৷"
কিন্তু সঁচাকৈ জানো ডঃ অদম্য পালক
মানুহে আৰু বেছিদিন জিনিয়াছ বুলি ভাবি থাকিব?
শিশুৰ দৰে হুকহুকাই কান্দি কান্দি
অদম্যই নিজৰ খোলা টেৰেছত গৈ বহিল৷ এক মুহূৰ্তৰ বাবে সি ভাবিলে, আভা ইয়াত থকা হ'লে তাইৰ সৈতে নিজৰ সমস্যাৰ কথা পাতি
তাৰ মনটো অলপ পাতল নহ'লহেঁতেননে?
কথাটো মনলৈ অহাৰ লগে লগেই নস্যাত কৰি
দিলে সেই সম্ভাৱনা৷ আভাৰ দৰে এজনী অশিক্ষিত পিছপৰা গাওঁৰ ছোৱালীয়ে এইবিলাক কি
বুজিব? গৰুৰ দৰে নিৰ্বোধ চকু মেলি চাই থাকিব আৰু কান্দিবলৈ আৰম্ভ কৰিব৷
ঠিক তেনেতেই তাৰ মনৰ মাজৰ পৰা কোনোবাই
স্পষ্টকৈ ক'লে, "আৰু লিলি থকা হ'লে?"
লিলিৰ নামটো মনলৈ অহাৰ লগে লগেই অদম্য
চটফটাই উঠিল৷ নিজৰ অস্থিৰ ভাবটো নাইকিয়া কৰিবলৈ এটা চিগাৰেট জ্বলাবলৈ বিচাৰিলে৷
আচৰিত কথা৷ নতুন লাইটাৰটো নজ্বলা হ'ল৷ দুবাৰ, তিনিবাৰ, চাৰিবাৰ৷ খঙত হিতাহিত জ্ঞান হেৰুৱাই
অদম্যই সেইটো মাৰি পঠিয়ালে টেৰেছত লগোৱা কাঁচত৷ পলকৰ ভিতৰতে সেই বহুমূলীয়া কাঁচ
ঝনঝনাই খহি পৰিল৷
নিজৰ মূৰৰ চুলিত নিজে টানিবলৈ ধৰিলে
অদম্যই৷ কি কৰিছে সি? নিজৰ ওপৰত নিয়ন্ত্ৰণ যে সি হাজাৰ প্ৰতিকূলতাৰ মাজতো নেহেৰুৱাই৷
জীৱনত বহুত কঠিন পৰিস্থিতিৰ সন্মুখীন
হৈছে৷ মগজ ঠাণ্ডা ৰাখি সেইবোৰৰ পৰা ওলাই আহিছে অদম্যই৷
কিন্তু আজি?
প্ৰাণপণে নিবিচাৰিলেও তাৰ মনত পৰি গ'ল ধীমানে সিদিনা কোৱা কথাটো৷
"লিলিথ আৰু লিলি৷ আদম আৰু অদম্য৷ ইভ আৰু
আভা৷ কি অদ্ভুত মিল, নহয়নে?"
অদম্যই এটা দীৰ্ঘ নিশ্বাস পেলালে৷ তাৰ
জীৱন দৰ্শনৰ কেইটামান সুনিৰ্দিষ্ট নীতি আছে৷ তাৰ ভিতৰত এটা হ'ল, জীৱনৰ অন্ধকাৰ চুকবোৰত সি কেতিয়াও উকি
নামাৰিব৷
কিন্তু আজি যেন সি সেয়া পৰা নাই৷
কোনোপধ্যেই পৰা নাই সোতৰ বছৰ পিছুৱাই যোৱাৰ পৰা নিজক নিবৃত্ত কৰিবলৈ৷
নিবিচৰাকৈয়ে মনে দুৰ্বাৰ সোতৰ দৰে উটি
গৈছে কলেজৰ প্ৰথম বছৰত দেখা সেই সৰু কেঁকোৰা চুলিৰ ছোৱালীজনীৰ ওচৰলৈ৷
লিলি৷ লিলি মৈত্ৰ৷ অদম্য আৰু ধীমানৰ
কলেজৰ সহপাঠিনী৷ ধীমানৰ যদিও বিষয় ইংৰাজী৷ অদম্য আৰু লিলিৰ বিষয় একে, কেমিষ্ট্ৰী৷ নিজৰ প্ৰচণ্ড নাৰী বিদ্বেষৰ
হেতুকে গ্ৰেজুৱেচনৰ প্ৰথম বছৰ লিলিক ভালকৈ মনেই কৰা নাছিল অদম্যই৷ মাজে মাজে দেখে
সেয়াই৷ ছোৱালীৰ লগত আৰু কি কথা পাতিব? কি জানে সিহঁতে?
কিন্তু প্ৰথম বছৰৰ পৰীক্ষাত কলেজটো
বাদেই, গোটেই বিশ্ববিদ্যালয়ৰ ভিতৰতেই কেমিষ্ট্ৰিৰ অনাৰ্ছত প্ৰথম হৈ এবছৰৰ
ভিতৰতেই লিলি মৈত্ৰ বিখ্যাত হৈ পৰিল৷
চিৰজীৱন স্কুলত প্ৰথম হোৱা ছাত্ৰ
অদম্যই কলেজত দ্বিতীয় স্থান লৈয়েই সন্তুষ্ট থাকিবলগীয়া হ'ল৷
লাগি গ'ল অদম্যৰ পুৰুষালিত৷ কিন্তু আদ্দা,
বিনোদন
সকলো বন্ধ কৰি দি দিন-ৰাত একাকাৰ কৰি গোটেই বছৰটো পঢ়িও পিছৰ বাৰো সি পালে দ্বিতীয়
স্থান৷ আনহাতে লিলি পুনৰ ইউনিভাৰ্চিটিৰ ভিতৰতে প্ৰথম৷
চিনা পৰিচয়টো হৈছিল তৃতীয় বছৰত সোমোৱাৰ
পিছত৷ অদম্যয়ে আগবাঢ়ি গৈ প্ৰথম কথা পাতিছিল৷ ৰঙিয়াল মনৰ, বাহিৰৰ কোনো মফচল ঠাইৰ পৰা চহৰলৈ
পঢ়িবলৈ অহা লিলিয়ে স্বভাৱসিদ্ধভাৱেই বঢ়াই দিছিল বন্ধুত্বৰ হাত৷
তাৰ পিছত, ক'ৰ পৰা জানো কি হৈ গ'ল, লিলি প্ৰেমত পৰিল অদম্যৰ৷
অদম্যই জানো ভাল পাইছিল লিলিক?
ৰাতি ঢিমিক-ঢামাককৈ জ্বলি থকা তৰাবোৰে
লগে লগে কৈ উঠিল, "নাই৷ পোৱা নাছিল৷ মাথোঁ লিলিৰ পঢ়া নষ্ট কৰিব বিচাৰিছিল৷"
সেয়াই৷ অদম্যই বিচাৰিছিল প্ৰেমৰ জালত
ক্ৰমশঃ ফঁচাই লিলিৰ ৰিজাল্ট বেয়া কৰিব৷ যাতে চুড়ান্ত বৰ্ষৰ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে
তাৰ নাম থাকি যায়৷
লিলিয়ে মেচত থাকে৷ সময়ত ক্লাছ কৰে৷
সময়ত গুচি যায় মেচলৈ৷ তাত ৰন্ধা বঢ়া, ধোৱা পখালা চব নিজেই কৰিবলগীয়া হয়৷
সেয়ে অকণো সময় অপচয় নকৰে তাই, প্ৰথম কথা পাতোতেই এই কথা জনাইছিল অদম্যক৷
অদম্যই প্লেন কৰিলে, ছোৱালীজনী মেচত সোমোৱা সময়টোৱেই ইমান
দেৰি কৰি দিব লাগিব যে ৰূমলৈ গৈ কাম বন সামৰি তাই আৰু অকণো পঢ়াৰ সময় নাপায় যেন৷
অদম্যৰ কোনো অসুবিধা নাই, তাক ঘৰত পানীৰ গ্লাচটো পৰ্যন্ত হাতত তুলি দিয়া
হয়, পঢ়া শুনা ঠিকেই হ'ব৷
সেয়াই হ'ল৷ প্ৰতিদিনে ক্লাছৰ পিছত অদম্য আৰু
লিলিয়ে ঘূৰি ফুৰিবলৈ ধৰিলে চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ৷ কোনোবা দিনা যদি ভিক্টোৰিয়া,
কোনোবা
দিনা প্ৰিন্সেপ ঘাট৷ সদ্য-তৰুণী লিলিৰ মনত তেতিয়া প্ৰেমৰ ৰঙীণ চিলা উৰিছে৷ অদম্যৰ
সামান্য প্ৰেম প্ৰেম চাৱনি, অকণমান হাতত ধৰাতেই তাই কাহিল৷ প্ৰেমিকৰ পকেটত
কোনোবাদিনা গুঁজি দিছে নিজৰ স্কলাৰশ্বিপৰ টকা, কোনোবাদিনা দিছে নিজে সযত্নে বনোৱা
ক্লাছৰ নোট৷
ইমানবোৰ কৰি অদম্য সফল হ'ল হয়, কিন্তু কোনোমতেহে৷ সি প্ৰথম হ'ল, লিলি দ্বিতীয়৷ তাকো মাত্ৰ পাঁচ নম্বৰৰ
বাবে৷
লিলি সিদিনা প্ৰেমিকৰ সাফল্যৰ আনন্দত
আত্মহাৰা, কিন্তু অদম্যই একোতে শান্তি পোৱা নাই৷ কিবা এটা পোকে যেন তাৰ ভিতৰখন
খুলি খুলি খাইছে৷
তেনেদৰে পাৰ হ'ল এম.এছ.ছিৰো দুটা বছৰ৷ তাত অদম্যই
প্ৰথম বছৰ জয়ী হ'লেও পিছৰ বছৰ পুনৰ লিলি শীৰ্ষস্থানত৷
ভিতৰি ভিতৰি জ্বলি উঠিছিল অদম্য৷ কেৱল
নিজৰ বিষয়তে নহয়, লিলিৰ সকলো বিষয়তে ভীষণ জ্ঞান৷ তাই যিমান সহজে মানুহৰ লগত মিলি যাব
পাৰে, তেনেকৈয়ে ইতিহাসৰ পৰা ভূগোল, ৰাজনীতিৰ পৰা খেল, সকলো বিষয়তে ঘন্টাৰ পিছত ঘন্টা আলোচনা
কৰি যাব পাৰে৷ সাংস্কৃতিক দিশতো তাই পিছ পৰি থকা নাই৷ কলেজত তাই আছিল কালচাৰেল
চেক্ৰেটাৰী, আকৌ বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেন্টেতো সেয়াই৷
লিলি যেন এটা নক্ষত্ৰ, তাৰ পোহৰত আলোকিত হৈ মামুলি এটা গ্ৰহৰ
দৰে বিচৰণ কৰে অদম্যই৷
তেনেদৰেই সময় যায়৷ এম.এছ.ছিৰ পিছত
আৰম্ভ হ'ল পি.এইছ.ডি.৷ একে গাইডৰ অধীনত৷ একেটাই টিম৷
তেতিয়ালৈকে অদম্যৰ মুখা খহি পৰিছে,
সৰু-সুৰা
কথাতে তেতিয়া তীব্ৰ বাক্যবানৰ আঘাতত শোকৰ বন্যাত জৰ্জৰিত হ'বলগীয়া হৈছে লিলি৷ লিলি আহত হৈছে,
ইমান
দিনীয়া প্ৰেমিকৰ এনেকুৱা ব্যৱহাৰত ৰক্তাক্ত হৈছে তাই৷ কিন্তু ফিনিক্স পক্ষীৰ দৰে
উঠি আহি পুনৰ আঁকোৱালি লৈছে অদম্যক৷ তাৰ বাদে যে এই চহৰত তাইৰ আৰু কোনো নাই৷
লিলিয়ে যিমানেই জোকাৰি পেলাই দিছে
অপমান, অদম্যই সিমানেই হিংস্ৰভাৱে আক্ৰমণ কৰিছে তাইক৷ পাণ্ডিত্য, বু্দ্ধিত লিলিৰ নখৰ যোগ্যও নহয় যে সেয়া
জানিও প্ৰকাশ্যে বন্ধু মহলত বা য'তেই ত'তেই বিদ্ৰূপ কৰিছে তাইক, উপহাস কৰিছে ছোৱালীবোৰৰ অপদাৰ্থতাক লৈ৷
আনপিনে কিন্তু গোপনে নিৰ্বিকাৰে ভাগ ল'বলৈ এৰা নাই লিলিৰ ষ্টাইপেণ্ডৰ টকাৰ,
বা
নোসোধা নোপোচাকৈ লৈ গৈছে তাইৰ দামী কিতাপ-পত্ৰ৷
আজি ইমান বছৰৰ পিছত সেই সময়বোৰৰ স্মৃতি
ৰোমন্থন কৰি চমকি উঠিল অদম্য৷
তাৰ দৰে এটা নাৰী বিদ্বেষী পৰশ্ৰীকাতৰক
লিলিয়ে ভাল পাইছিল কিয়?
কোনে জানে কিয়? প্ৰেমততো মানুহে কাৰণ অবিহনেই পৰে,
অদম্যৰ
দৰে হিচাপ-নিকাচ কৰিতো নপৰে৷
লিলিয়ে যিদিনা আত্মহত্যা কৰিছিল,
অদম্য
সিদিনা ব্যস্ত আছিল বন্ধু মহলৰ আগত দম্ভালি মৰাত৷ তাৰ পেষ্টাওলোটিঅপছিছ মাইক্ৰ'স্পোৰা মাচৰুমৰ আৱিষ্কাৰ সংক্ৰান্ত
পেপাৰখন দুদিন আগতে প্ৰকাশ পাইছিল বিশ্বৰ আগশাৰীৰ এখন ৰিচাৰ্ছ জাৰ্নেলত৷ যিখন
ৰিচাৰ্ছ জাৰ্নেলত ডাঙৰ ডাঙৰ বিজ্ঞানীসকলৰ এখন পেপাৰ ছপা হ'লেই হৈ-চৈ লাগি যায়, তাত এজন তৰুণ গৱেষকৰ এনেকুৱা দুৰ্দান্ত
আবিষ্কাৰৰ কথা ছপা হোৱাত উল্কাৰ গতিত হিৰো হৈ পৰিছিল অদম্য৷
সাত বছৰ হৈ গ'ল লিলি গুচি যোৱা৷ এই সাত বছৰত অমূল
পৰিৱৰ্তন আহিল অদম্যৰ জীৱনলৈ৷ সেই গৱেষণাপত্ৰৰ জোৰত একপ্ৰকাৰ তাক উপযাচি চাকৰি দিছে
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ গৱেষণা সংস্থাই৷ এই সাত বছৰৰ প্ৰায় প্ৰতিটো দিন অদম্য
ব্যস্ত আছিল নিজৰ সন্তানসম সেই মাচৰুমটো যিমান সম্ভৱ অধিক মূল্যত বিক্ৰী কৰিবলৈ দৰ
দাম কৰাত৷
সজোৰে মোবাইল ফোনটো বাজি উঠাত অদম্য
উচপ খাই উঠিল৷ অতীতৰ পৰা মুহূৰ্ততে ঘূৰি আহিল বাস্তৱলৈ৷ ৰূমলৈ গৈ ফোন ৰিচিভ কৰিলে৷
সিটো মূৰে ধীমান৷
"শুইছিলি?"
"নাই৷ ক'৷"
"আজিও হৈছে নেকি?"
অদম্য অকণমান ৰ'ল৷ তাৰ পিছত ক'লে, "হৈছে৷"
ধীমান এইবাৰ নিশ্চুপ হৈ ৰ'ল৷ অলপ সময় পিছত ক'লে, "এটা অদ্ভুত কথা জানিবলৈ পাই তোক ফোন
কৰিলো৷"
"ক'৷" ক্লান্ত মাতেৰে ক'লে অদম্যই৷ তাৰ জীৱনত আজিকালি অদ্ভুত
ঘটনা ইমান সঘনাই ঘটিবলৈ ধৰিছে যে সি পৰিশ্ৰান্ত হৈ পৰিছে৷
"সিদিনা চাইক'ল'জিষ্ট ছোৱালীজনীয়ে ইহুদীৰ প্ৰাচীন
গ্ৰন্থ জোহাৰত ইনকিউবাছ, চাকিউবাছৰ কথা থকা বুলি কৈছিল, মনত আছে?"
"আছে৷"
"সেইবোৰকে ৰাতি খোৱাৰ সময়ত অলপ খুচৰি
চাইছিলো৷ এটা ইন্টাৰেষ্টিং কথা পঢ়িবলৈ পালো৷ কি পালো জান?"
"কি?"
"পৃথিৱীৰ প্ৰথম চাকিউবাছ কোন আছিল জান?"
সাপৰ
ফোচফচনিৰ দৰে ফুচফুচাই ধীমানে ক'লে, "আদমৰ প্ৰথম পত্নী লিলিথ৷ ঈশ্বৰে তাইক
নিৰ্বাসিত কৰাৰ পিছত তাই চাকিউবাছ হৈ যায়৷"
অদম্যৰ মূৰটো ৰিমঝিম কৰিবলৈ ধৰিলে৷ ভাব
হ'ল বাগৰি পৰিব মজিয়াত৷ কোনোৰকমে ক'লে, "তাতে কি হ'ল?"
ধীমানে পুনৰ চেপা মাতেৰে ক'লে, "তোৰ চকুত পৰা নাই ইমানবোৰ মিল?"
ফোনটো কেতিয়া কাটি গৈছে বা কাটিছেই নে
কটা নাই মন কৰা নাই অদম্যই৷ ধলং পলং খোজেৰে গৈ সি বহি পৰিল বিছনাখনত৷
মূৰত পাক-ঘূৰণি খাব ধৰিছে ধীমানৰ
কথাবোৰ৷ লিলিথ, আদমৰ প্ৰথম পত্নীৰ বুদ্ধি আৰু শক্তি দুয়োটাই আছিল আদমতকৈ বেছি৷
লিলিওতো তেনেকুৱাই আছিল৷
লিলিথে দাবী কৰিছিল, বিছনাতো তাই থাকিব স্বামীৰ ওপৰত৷
বিদ্যুৎ চমকৰ দৰে অদম্যৰ মনত পৰিল,
যি
অদৃশ্য কুহকিনীৰ সৈতে সি ইচ্ছাৰ বিৰুদ্ধে ৰাতিৰ পিছত ৰাতি যৌনাচাৰত লিপ্ত হৈছে,
এদিনৰ
বাবেও তাই অদম্যৰ তলত থকা নাই৷ প্ৰতিদিনে বাঘজৰী ৰাখিছে নিজৰ হাতত, অদম্যক উঠোৱা বহোৱা কৰিছে নিজৰ
ইচ্ছামতে৷
বিদ্যুৎ চমকৰ দৰে মনত পৰি গ'ল কেইদিন মান আগৰ এটা কথা৷ যিদিনা ঘৰত
আভাহঁত আহিছিল৷ সি সংজ্ঞাহীন হৈ পৰিছিল, জ্ঞান উভতি অহাৰ লগে লগে শুনিছিল,
পুতেক
বুল্টুৱে কৈছে আৰু অলপ আগতে উঠা হ'লে সি লিলি মাহীৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন৷
লিলি মাহীয়ে হেনো বহু সময় ধৰি ৰৈ ৰৈ গুচি গৈছিল৷
অদম্যই ভয়তে ঘামিবলৈ ধৰিলে৷
কোন এই লিলি মাহী? বুল্টুৱেতো কলিকতাত তেনেকুৱা কাকো চিনি
নাপায়৷
অদম্যই পুনৰ চকুৰে ধোঁৱা-কোঁৱা দেখিলে৷
ধৰিব পাৰিলে যে সি পুনৰ অজ্ঞান হৈ পৰিব৷
জ্ঞান হেৰুৱাৰ আগে আগে তাৰ ভাব হ'ল, লিলিয়ে প্ৰতিশোধ লৈছে নেকি তাৰ ওপৰত?
এফালে
তাই চাকিউবাছ হৈ শেষ কৰিছে অদম্যক, আনফালে কোনো এক অলৌকিক উপায়েৰে আহি প্ৰবেশ
কৰিছে অদম্যৰ ফ্লেটত৷
এনেদৰেই তিল-তিলকৈ অদম্যক শেষ কৰি পূৰণ
কৰিছে প্ৰতিহিংসা?
কিন্তু সেয়া কেনেকৈ সম্ভৱ? লিলিচোন মৃত!
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ
সুন্দৰ, অপেক্ষা কৰিলো
ReplyDeleteধন্যবাদ।
Delete