*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
দ্বিতীয় অধ্যায়
বাইদেউৰ বান্ধৱী স্নিগ্ধাবাৰ গিৰিয়েক
সিদ্ধাৰ্থদাই কলেজত শিক্ষকতা কৰাৰ কাম এৰি ফৰেন চাৰ্ভিছত যোগ দিছে৷ আজিকালি বাহিৰত
থাকে৷ সেই যে সেইবাৰ কাশ্মীৰত কণিষ্কৰ মুণ্ড উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বহুত সহায়
কৰিছিল, তাৰ পিছৰ পৰা বহুদিন ধৰি সিদ্ধাৰ্থদাৰ সৈতে সন্তুৰ দেখা হোৱা নাই৷
সিদ্ধাৰ্থদাহঁত কেইবছৰ মান থাকিল বেলজিয়ামত, তাৰ পিছত তাৰ পৰা গ'লগৈ কানাডালৈ৷ এতিয়া আকৌ হেনো ক'ৰবালৈ বদলি হৈছে, তাৰ সুযোগতে ফুৰিবলৈ আহিছে কলিকতালৈ৷
স্নিগ্ধাবা এদিন আহিছিল সন্তুহঁতৰ
ঘৰলৈ৷ বাইদেউতো ইয়াত নাথাকেই, তাই থাকে ভূপালত৷ মাকৰ লগত বহু সময় ধৰি কথা
পতাৰ পিছত স্নিগ্ধাবাই সন্তুক নিমন্ত্ৰণ জনালে তেওঁলোকৰ ঘৰলৈ৷
সিদ্ধাৰ্থদাই আকৌ যাদু দেখুৱাই বৰ ভাল
পায়৷ খোৱা-বোৱা হোৱাৰ পিছত সিদ্ধাৰ্থদাই যাদু দেখুৱাবলৈ ধৰিলে কেইটামান৷ সন্তুৱে
বহুত মেজিকৰ কিতাপ পঢ়িছে, সিদ্ধাৰ্থদাৰ আটাই কেইটা মেজিকেই সি ধৰিব
পাৰিছে৷ কিন্তু যাদু প্ৰদৰ্শনৰ সময়ত সেইবোৰ কৰা উচিত নহয় কাৰণে সি মনে মনে ৰ'ল৷ শেষৰ পিনে এটা টাচৰ মেজিকত
সিদ্ধাৰ্থদাই অকণমান ভুল কৰি পেলোৱাত সন্তুৱে আৰু নহঁহাকৈ থাকিব নোৱাৰিলে৷
সিদ্ধাৰ্থদাই ক'লে, "এই, তুমি হাঁহিছা কিয়? চাবা, তোমাৰ চাৰ্টৰ পকেটৰ পৰা মই এটা কুকুৰাৰ
কণী উলিয়াই আনিম৷"
স্নিগ্ধাবাই ক'লে, "আহা, তোমাৰ যিহে মেজিক, সন্তুৱে ঠিকেই ধৰি পেলাইছে৷"
সিদ্ধাৰ্থদাই চেলাউৰি কোঁচাই সন্তুৰ
মুখৰ পিনে চাই থাকি ক'লে, "সন্তু মানে? দা গ্ৰেট এডভেঞ্চাৰাৰ? মইতো তাক চিনিয়েই পোৱা নাছিলো, বহুত ডাঙৰ হৈ গ'ল৷"
যাদু দেখোৱা বন্ধ কৰি সিদ্ধাৰ্থদাই
সন্তুক ওচৰলৈ মাতি নি বিভিন্ন কথা আৰম্ভ কৰি দিলে৷ এটা সময়ত তেওঁ ক'লে, "জানা সন্তু, কানাডাৰ আমাৰ এম্বেছিৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে এদিন 'সেউজ দ্বীপৰ ৰজা' চিনেমাখন দেখুওৱা হ'ল৷ তুমি আৰু খুৰাদেউ যে একেবাৰে
আন্দামানৰ জাৰোৱাবোৰ মাজলৈ গুচি গৈছিলা, মইতো জনাই নাছিলো! তুমিতো সাংঘাতিক কাম
কৰি পেলাইছিলা৷ মই একেবাৰে থ্ৰিল্ড৷"
সন্তুৱে লাজ লাজ কৰি থাকিল৷
সিদ্ধাৰ্থদাই সুধিলে, "তাৰ পিছত আৰু ক'ৰবালৈ গৈছিলা?"
সন্তুৱে সিহঁতৰ অভিযানৰ কাহিনী শুনাবলৈ
লাজ কৰে৷ সি ক'লে, "এনেই, আৰু দুই এখন ঠাইলৈ.."
সিদ্ধাৰ্থদাই ক'লে, "এইবাৰ মোৰ পোষ্টিং ক'ত জানা নহয়? ইজিপ্তত৷ খুৰাদেউক নোকোৱা কিয়, তালৈকে এবাৰ আহিবলৈ৷ তাতোতো বহুত
ৰহস্যময়ী বস্তু আছে, পিৰামিড, স্ফিংকছ, মৰুভূমি..."
স্নিগ্ধাবাই ক'লে, "অঁ, আহি যোৱা, খুব ভাল লাগিব, আমিও থাকিম৷"
সন্তুৱে ক'লে, "কেৱল মই যাব খুজিলেইতো নহ'ব৷ খুৰাদেউৱে বেলেগ এটা কাম লৈ এতিয়া
ব্যস্ত হৈ আছে৷"
কেইদিন মান আগতে খুৰাদেউ গ'লগৈ দিল্লীলৈ৷ সন্তুক লগত নিয়া-নিনিয়াৰ
কথা একো নক'লে৷ যাবৰ দিনাখন সন্তুৱে নিজে সুধিছিল, "খুৰাদেউ, মোক লৈ নোযোৱা?"
খুৰাদেউৱে কৈছিল, "নাই ও, তই গৈ কি কৰিবি? মই যাম চৰকাৰী কামত৷ প্লেনত যাম,
প্লেনত
আহিম, একো অসুবিধা নহয়৷"
কিন্তু সন্তুৰ সন্দেহ হৈছিল, দিল্লীৰ পৰা খুৰাদেউ আৰু ক'ৰবালৈ যাব৷ সেই ওখকৈ বগা বয়সস্থ
মানুহজনে এয়াৰপোৰ্টলৈ যোৱাৰ সময়ত নিবলৈ আহিছিল খুৰাদেউক৷ সন্তুৰ বহুত বেয়া
লাগিছিল৷
সন্তুৰ আকৌ মন বেয়া লাগিল, যেতিয়া শুনিলে যে স্নিগ্ধাবাৰ ভনীয়েক
ৰিণিও পৰহি ইজিপ্তলৈ যাব৷ ৰিণি সন্তুতকৈ মাত্ৰ এবছৰ সৰু, এইবাৰ মেট্ৰিক দিছে৷ বায়েক-ভিনিয়েকৰ
লগত ফুৰিবলৈ যাব তাই৷ তাই সন্তুতকৈ আগতেই বিদেশলৈ যাব? সন্তুৱে এই পৰ্যন্ত বিদেশ বুলিলে
নেপাললৈহে গৈ পাইছে৷ অৱশ্যে নেপালো ধুনীয়া ঠাই৷ সন্তুৰ আকৌ যাবলৈ মন যায়৷
(নেপালৰ পটভূমিত ৰচিত 'য়েটি অভিযান' পঢ়িবলৈ ইয়াত ক্লিক কৰক)
ৰিণিয়ে ক'লে, "সিদ্ধাৰ্থদা, ইজিপ্তৰ পৰাতো গ্ৰীচ বেছি দূৰ নহয়৷ মোক
এবাৰ গ্ৰীচখন দেখুৱাই আনিবানে?"
সিদ্ধাৰ্থদাই ক'লে, "অঁ, গ্ৰীচ চাই আহিব পাৰি৷ ইচ্ছা কৰিলে
ৰোমলৈকো যাব পাৰি৷ আমাৰ ৰোমলৈও যোৱা হোৱা নাই৷"
গ্ৰীচ, ৰোম এইবিলাক নাম শুনিলে সন্তু
ৰোমাঞ্চিত হৈ পৰে৷ আলেকজেণ্ডাৰ, জুলিয়াছ ছিজাৰ আদিৰ কথা মনলৈ আহে৷
সন্তুৱে আৰু তাত বেছি দেৰি নাথাকিল৷
ঘৰলৈ গুচি আহিল৷
ঘৰ পাই সন্তুৱে দেখিলে এজন অচিনাকি
মানুহ বহি আছে সিহঁতৰ ড্ৰয়িং ৰূমত৷ দেউতাকে তেওঁৰ লগত কথা পাতি আছে৷
সন্তুৱে পিছফালৰ বাৰান্দাখনেৰে উঠি
গৈছিল ওপৰলৈ, ভৰিৰ শব্দ পাই দেউতাকে মাতিলে, "কোন অ’? সন্তু নেকি? এইপিনে আহ..৷"
"গৈছো," সন্তুৱে পুনৰ নামি আহিল৷
দেউতাকে ক'লে, "এই মানুহজনে তোকেই ল'গ কৰিবলৈ ৰৈ আছে৷ ল', ৰাজাই চিঠি পঠাইছে তোলৈ৷"
সন্তুৱে লগে লগে খুৰাদেউৰ চিঠিখন
খুলিলে৷ চিঠিখন আহিছে দিল্লীৰ পৰা৷ খুৰাদেউৱে লিখিছে৷
মৰমৰ সন্তু,
এটা কামৰ বাবে দিল্লীলৈ আহিছিলো৷ দুই
চাৰিদিনৰ ভিতৰতে ঘূৰি যোৱাৰ কথা আছিল৷ কিন্তু পৰহিৰ পৰা খুব জ্বৰ৷ বৰ দুৰ্বল হৈ
পৰিছো৷ কামটো শেষ নকৰাকৈ যাব খোজা নাই৷ ভাবিছিলো এইবাৰ তোৰ সহায়ৰ প্ৰয়োজন নহ'ব৷ কিন্তু এতিয়া ভাব হৈছে, তোক লগত লৈ অহা হ'লেই ভাল আছিল৷ দহ দিন মানৰ বাবে কলিকতা
এৰি আহিলে তোৰ পঢ়াশুনাত ক্ষতি হ'ব নেকি? দাদা আৰু বৌক সুধিবি৷ যদি একো অসুবিধা
নহয় অহাকালিয়েই গুচি আহিব লাগিব৷ যিজন মানুহৰ হাতত চিঠি দিছো, তেখতেই প্লেনৰ টিকত যোগাৰ কৰি দিব৷
দিল্লী এয়াৰপোৰ্টত ৰিচিভ কৰিবলৈ মানুহ থাকিব৷ দাদাকো বেলেগকৈ চিঠি দিছো৷ ইতি
খুৰাদেউ
পুনশ্চঃ তোৰ এখন পাচপ’ৰ্ট বনোৱা হৈছিল
নহয়! সেইখন লগত লৈ আহিবি৷
চিঠিখন পঢ়ি থাকোতেই সন্তুৱে আনন্দত
একেবাৰে জঁপিয়াই উঠিব খুজিছিল৷ ইমান সময়ৰ মন বেয়া লগা নিমিষতে উধাও হৈ গ'ল৷
দেউতাকৰ পিনে চোৱাৰ লগে লগেই ক'লে, "অঁ, যাগৈ৷ জ্বৰ হৈছে বুলিছে, অকলে অকলে আছে৷ কেনেকুৱা জ্বৰ তাকো লিখা
নাই৷"
আগন্তকজনে ক'লে, "মই তেনেহ'লে টিকটৰ ব্যৱস্থা কৰো৷ কালি সন্ধিয়াৰ
ফ্লাইটত..."
ওপৰলৈ আহি সন্তুৱে খুৰাদেউৰ চিঠিখন যে
কেইবাৰ পঢ়িলে তাৰ হিচাপ নাই৷ অতি সাধাৰণ চিঠি, হ'লেও দুটা কথা বুজা নগ'ল৷ খুৰাদেউ কি কামত দিল্লীলৈ গৈছিল?
আৰু
পাচপ’ৰ্ট নিয়াৰ কথা কিয় ক'লে? দিল্লিলৈ যাবলৈতো পাচপ’ৰ্ট নালাগে৷
প্লেনত উঠা সন্তুৰ বাবে নতুন কথা নহয়,
হ'লেও আগতে কেতিয়াও সি অকলে ক'লৈকো যোৱা নাই৷ এয়াৰবাছখন ভৰি আছে মানুহেৰে। সন্তুৰ পৰিচিত ব্যক্তি এজনো নাই৷ বেছ কিছু সংখ্যক বিদেশীও আছে৷
সময় কটাবলৈ সন্তুৱে এখন কিতাপ আনিছে
লগত, কিন্তু কিতাপত তাৰ মন বহা নাই৷ সি যাত্ৰীবোৰকেই লক্ষ্য কৰি থাকিল৷
বিমানখন আকাশলৈ উৰা মৰাৰ অলপ পিছত বহুতেই চিট বেল্ট খুলি ঘূৰা-ঘূৰি আৰম্ভ কৰিছে৷
কিছুমানৰ ভাৱভঙ্গি দেখিলে ভাব হয় প্লেনত উঠা সিহঁতৰ বাবে ভাতৰ লগত পানী খোৱা ধৰণৰ
কথা৷ মিনি বাছত উঠি সদায় অফিচলৈ যোৱাৰ দৰে প্লেনত উঠি সদায় দিল্লী বা বোম্বেলৈ যায়
সিহঁত৷
কেইদিন মান আগতে শ্ৰীনগৰত এখন প্লেন
হাইজেক হৈছে৷ এয়াৰপোৰ্টলৈ দেউতাক আহিছিল সন্তুক উঠাই দিবলৈ, তেওঁ বাৰম্বাৰ এই কথা কৈছে৷ দেউতাকৰ ভয়
লাগিছিল, হঠাৎ যদি প্লেনখন হাইজেকিং হৈ যায়, তেনেহ'লে সন্তুৱে অকলে অকলে কি কৰিব?
সন্তুৰ কিন্তু হাইজেকিঙকলৈ একেবাৰে ভয়
নাই৷ বৰং মনে মনে এটা ইচ্ছাহে হৈছে, তেনেকুৱা কিবা এটা হোৱা হ'লে বেয়া নহ'য়৷ এতিয়া সি যাত্ৰীবোৰৰ মুখ চাই জানিবৰ
চেষ্টা কৰিছে এওঁলোকৰ মাজৰ কোন কোন হাইজেকাৰ হ'ব পাৰে? বাথৰূমৰ ওচৰত ল'ৰা তিনিটা থিয় হৈ আছিল, তাৰ মাজৰ দুটাৰ মুখত দাড়ি, এটাই পিন্ধি আছে চামৰাৰ ক'ট৷ সিহঁতে যিকোনো মুহূৰ্ততে ৰিভলভাৰ
উলিয়াব পাৰে৷ চকুৰ দৃষ্টিও বেছ সন্দেহজনক৷
আধাঘন্টা তেনেকৈয়ে গ'ল৷ সন্তুৱে খিৰিকিৰে বাহিৰলৈ চাই
থাকিল৷ পাতল-পাতল ডাৱৰৰ বাদে আৰু চাবলগীয়া একো নাই৷ ডাৱৰৰ ওপৰেৰে ভাহি গৈছে সি,
কথাষাৰ
ভাবিলে যে মনটো কেনেকুৱা পাতল পাতল লাগে৷
সন্তু অকণমান অন্যমনস্ক হৈ পৰিছিল,
হঠাৎ
মাইক্ৰ'ফোনত কিবা এটা ঘোষণা কৰাত সি উচপ খাই উঠিল৷ তেনেহ'লে কি এতিয়াহে আচল নাটক আৰম্ভ হ'ল নেকি?
নাই, তেনেকুৱা একো নহ'ল৷ যাত্ৰীসকলক অনুৰোধ কৰা হৈছে চিটবেল্ট
লগাই ল'বলৈ৷ বাহিৰত ধুমুহা বলিছে৷
সন্তুৱে ঘূৰি চাওঁতে সেই সন্দেহজনক ল'ৰা তিনিটাক নেদেখিলে৷ খিৰিকিৰে চালেও
বাহিৰৰ ধুমুহা ধৰিব নোৱাৰি৷
শেষ পৰ্যন্ত প্লেনো হাইজেক নহ'ল, ধুমুহাৰ বাবে কোনো বিপদো নহ'ল৷ বিমানখন নিৰাপদে আহি লেণ্ড কৰিলে
দিল্লীত৷
প্লেনৰ পৰা নামি সন্তুৱে লাউঞ্জলৈ আহি
অলপ সময় ৰোৱাৰ পিছতেই পাইলটৰ দৰে পোছাক পিন্ধা মানুহ এজন আহি ক'লে, "আহা মোৰ লগত৷"
সন্তু অলপ অবাক হ'ল৷ মানুহজনক সি চিনি নাপায়৷ মানুহজনে
তাৰ নামো নুসুধিলে৷ কিন্তু মানুহজনে ইমান জোৰ দি কৈছিল কথাষাৰ যে অমান্যও কৰিব
নোৱাৰি৷ সন্তু গ'ল তেওঁৰ পিছে পিছে৷
মানুহজনে একেবাৰে এয়াৰপোৰ্টৰ বাহিৰলৈ
ওলাই যোৱা দেখি সন্তুৱে ক'লে, "মোৰ ছুটকেছ? সেইটো ল'ব লাগিছিল নহয়?"
মানুহজনে ক'লে, "হ'ব৷ সকলো ব্যৱস্থা হ'ব৷"
বাহিৰত আন এজন মানুহক হাত বাউলি মাতি
পাইলটৰ দৰে মানুহজনে ক'লে, "ইয়াক নি গাড়ীত বহাই দে, মই ইয়াৰ ছুটকেছটো পঠাই দিছো৷"
সন্তুৱে এইবাৰ ক'লে, "ৰ'ব, আপোনালোকক কোনে পঠাইছে? আপোনালোকে মোৰ নাম জানে?"
প্ৰথম মানুহজনে এইবাৰ ঘূৰি চাৰিওফালে
এবাৰ চাই লৈ ক'লে, "নাম-চাম কোৱাৰ প্ৰয়োজন নাই৷ তোমাক তোমাৰ খুৰাদেউৰ কথা মতে উঠাই দিয়া
হৈছে৷ সোনকালে গাড়ীত গৈ বহা৷"
খুৰাদেউৰ কথা শুনি সন্তুৱে আৰু আপত্তি
নকৰিলে৷ দ্বিতীয় ব্যক্তিজনৰ পিছে পিছে গৈ এখন ফিয়েট গাড়ীত উঠি বহিল৷ অলপ সময়ৰ
পিছতেই ছুটকেছটো দি গ'ল এজনে, গাড়ী ষ্টাৰ্ট দিলে৷
বহুদিন আগতে কাশ্মীৰলৈ যাওঁতে সন্তুহঁত
দিল্লীত নামিছিল এদিনৰ বাবে৷ সেইবাৰ দিল্লী ভালকৈ দেখা নহ'ল৷ দিল্লীত কত কি চাবলগীয়া আছে৷ কিন্তু
এতিয়া ৰাতি হৈছে, ৰাস্তাত বিশেষ একো চকুত পৰা নাই৷
গাড়ীত যিজন মানুহৰ লগত গৈছে, সেই মানুহজনে এটা কথাও কোৱা নাই সন্তুৰ
সৈতে৷ বঙালী নে কি তাকো গম পোৱা নাই৷
সন্তুৱে নিজে উপযাচি কথা পাতিব নোৱাৰে
অপৰিচিত ব্যক্তিৰ লগত৷ সিও মনে মনে থাকিল৷ কিন্তু কিবা এটা অস্বাভাৱিক বোধ হৈছে৷
সি এয়াৰপোৰ্টত ভালকৈ নামিবলৈ নাপাওঁতেই যেন খৰখেদাকৈ লৈ অহা হ'ল তাক৷ পাইলটৰ দৰে পোছাক পিন্ধা
মানুহজনে কেনেকৈ চিনি পালে সন্তুক? তেওঁ কিয় ক'লে, কোনো নাম কোৱাৰ দৰকাৰ নাই?
বহুত ৰাস্তা ঘূৰি, এটা অভিজাত চুবুৰিৰ পাঁচ মহলীয়া ঘৰৰ
সন্মুখত গাড়ীখন ৰ'ল৷ গাড়ীৰ চালকজনে নিজে নানামি ক'লে, "আপ উতৰিয়ে৷"
সন্তুৱে গাড়ীৰ পৰা নমাৰ লগে লগেই
হুচকৈ গুচি গ'ল গাড়ীখন৷ সন্তুৱে চিঞৰি উঠিল, "আৰে, মোৰ ছুটকেছটো৷"
ঘৰৰ ভিতৰৰ পৰা মানুহ এজন ওলাই আহি ক'লে, "আপ অন্দৰ আইয়ে৷"
সন্তুৱে ক'লে, "হামাৰা ছুতকেছ লেকে ভাগ গেয়া৷"
মানুহজনে হাঁহি ক'লে, "ফিকৰ মত কিজিয়ে, ছুটকেছ পৌছে জায়গা৷"
মানুহজনৰ হাঁহিৰ মাজত এটা ভৰসা আছিল৷
সেয়ে সন্তুৱে আৰু একো নকৈ গুচি গ'ল তেওঁৰ লগত৷ লিফ্টেৰে পাঁচ মহলাত উঠি মানুহজনে
এটা কোঠাৰ বন্ধ দুৱাৰত টুকুৰিয়ালে৷
দৰজা যিজন ব্যক্তিয়ে খুলিলে, তেওঁক দেখি সন্তুৰ মুখখন আনন্দৰে উপচি
পৰিল৷ যি কি নহওঁক, ঠিক ঠাইতে আহি পাইছে সি৷ ছুটকেছৰ বাবে আৰু চিন্তা কৰিবলগীয়া নাই৷
খীণ ওখ মানুহজনৰ নাম নৰেন্দ্ৰ ভাৰ্মা৷
দিল্লীত চি বি আইৰ এজন উচ্চ পদস্থ বিষয়া৷ খুৰাদেউৰ বহুত পুৰণা বন্ধু৷ সন্তুকো তেওঁ
ভালদৰে চিনি পায়৷ যোৱা বছৰেইচোন তেওঁ ত্ৰিপুৰালৈ গৈছিল খুৰাদেউক সহায় কৰিবলৈ৷
নৰেন্দ্ৰ ভাৰ্মা কলিকতাত পঢ়িছিল কাৰণে বাংলা মোটামুটি ভালকৈয়ে ক'ব পাৰে৷
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "আহা সন্তু৷ কেনে আছা? বাটত একো অসুবিধা হোৱা নাইতো? টায়াৰ্ড?"
সন্তুৱে মূৰ জোকাৰি ক'লে, "নাই, অকণো টায়াৰ্ড নহয়৷ আপোনাৰ ভালনে?"
নৰেন্দ্ৰ ভাৰ্মাই চেলাউৰি কোঁচাই ক'লে, "ভাল কেনেকৈ হ'ব? তোমাৰ খুৰাই দিল্লীলৈ আহি যি হাহাকাৰ
কৰিলে, অথচ মই একোৱে নাজানো৷ মোক আগতে খবৰেই দিয়া নাই! এইবিলাক কেনেকুৱা কথা
কোৱাচোন?"
সন্তু আকাশৰ পৰা সৰি পৰিল৷ সিতো এইবোৰ
একো নাজানে৷
কোঠাটোৰ চাৰিওফালে চাই সি সুধিলে,
"খুৰাদেউ ক'ত?"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ইয়াত নাই৷ চেফ ঠাইতে আছে৷ বাৰু সন্তু,
তুমি
কোৱাচোন, এ কেট হেজ নাইন লাইভছ৷ তোমাৰ খুৰাদেউৰ কেইটা জীৱন?"
"কিয়, আকৌ কি কৰিছে তেওঁ?"
"আৰে ভাই, দেলহিলৈ অহাৰ আগতে মোক এখন চিঠি নিদিলে,
ইয়ালৈ
আহিও খবৰ দিয়া নাই৷ মই খবৰ পালো মাৰ্ডাৰ এটেমপ্ট হোৱাৰ পিছত৷"
"কি? মাৰ্ডাৰ এটেমপ্ট? কাৰ ওপৰত?"
"তোমাৰ খুৰাদেউৰ ওপৰত৷ আৰুনো কাৰ ওপৰত?
কিয়,
তোমাক
চিঠি দিয়া নাই?"
"চিঠিতচোন লিখিছে তেওঁৰ জ্বৰ
হৈছে৷"
"হাঁ হাঁ, সেইটোৱেইতো লিখিব৷ আচল কথা লিখা হ'লে তোমাৰ মা-দেউতা দুশ্চিন্তাত
পৰিলেহেঁতেন যে! এইবাৰ ডাঙৰ ইনজুৰি হৈছে, ভাগ্যে বাচিছে৷"
"মই খুৰাদেউৰ সৈতে এতিয়াই দেখা কৰিব
খোজো৷"
"সেইটো সম্ভৱ নহয়৷ তোমাৰ খুৰাদেউৱেই
কৈছে, তোমাক সাৱধানে ৰাখিবলৈ৷ কোনে মাৰিলে সেইটো গম পোৱা যোৱা নাই৷ তোমাৰ
খুৰাদেউৰ ধেৰ শত্ৰু, হ'লেও কোনে বাৰু হঠাৎ দিল্লীলৈ আহি আক্ৰমণ কৰিব? ৰাজাই মোক কৈছে, তোমাকো সাৱধানে ৰাখিবলৈ৷ তোমাৰ ওপৰতো
এটেমপ্ট হ'ব পাৰে৷ ৰাজাৰ ওপৰতো পুনৰ এটেক হ'ব পাৰে৷"
সন্তুৰ কান্ধত হাত থৈ নৰেন্দ্ৰ ভাৰ্মাই
ক'লে, "বেছি চিন্তা নকৰিবা৷ এতিয়া তেওঁ ভালে আছে৷ এইবাৰ কোৱাচোন, কি কেছত আহিছে দিল্লীলৈ?"
সন্তুৱে ক'লে, "আপুনিয়েই নাজানে, মই কেনেকৈ জানিম? মোকতো একো কোৱা নাই৷"
"গভাৰ্ণমেন্টৰ কিবা কেছ হোৱা হ'লে মই গম পাই গ'লোহেঁতেন৷ তেনেকুৱা কেছ নহয়৷ শুনিলো
এজন আৰবীৰ সৈতে তোমাৰ খুৰাদেউৰ বৰ বন্ধুত্ব গঢ়ি উঠিছে৷"
"আৰবী?"
"অঁ, মিডিল ইষ্টৰ কোনো দেশৰ ব্যক্তি৷
ব্যক্তিজনক মই লগ পোৱা নাই এতিয়াও৷ ৰাজায়ো একো খুলি কোৱা নাই মোক৷ কৈছে, এইবিলাক তোমালোকৰ গভাৰ্ণমেন্টৰ কাম
নহয়৷"
"কলিকতাতো খুৰাদেউৰ ওচৰলৈ এজন মানুহ অহা
দেখিছিলো৷ যাক দেখাত ইংৰাজ যেনো নালাগে, ভাৰতীয় যেনো নালাগে৷"
"প্ৰোবেবলি ডেট ই আৱাৰ মেন৷ মানুহজনক
ধৰিব লাগিব৷ কি জঞ্জালত ফঁচাইছে তোমাৰ খুৰাদেউক৷"
সন্তুৰ চেলাউৰি কোঁচ খাই গৈছে৷ দিল্লীলৈ
আহি খুৰাদেউৰ সৈতে দেখা নহ'ব, এইটো সি ভাবিবই পৰা নাছিল৷
সি সুধিলে, "নৰেন্দ্ৰ খুৰা, মই আজি ইয়াতেই থাকিম নেকি?"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "নাই, এঘন্টা পিছত তোমাক আন এটা গেষ্ট হাউছলৈ
লৈ যোৱা হ'ব৷ চাব লাগিব, তোমাক কোনোবাই ফলো কৰিছে নেকি৷ আনটো গেষ্ট
হাউছত তোমাৰ ছুটকেছ পাই যাবা৷"
"খুৰাদেউৰ সৈতে এবাৰ ফোনত কথা পাতিব পৰা
নাযায় নেকি?"
"আজি অসুবিধা আছে৷ কালি পৰা যাব৷ আজি
শুৱা৷"
এঘন্টা মান পিছত আন এখন গাড়ীত বহি
সন্তুৱে পুনৰ যাবলগীয়া হ'ল আন এটা ঘৰলৈ৷ এইটো এটা প্ৰকাণ্ড গেষ্ট হাউছ৷
নৰেন্দ্ৰ ভাৰ্মাই নিজে সন্তুক থৈ গ'ল এটা ৰূমত৷ তাত আগৰে পৰাই তাৰ ছুটকেছটো আছিল৷
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তোমাৰ ৰাতিৰ খানা ইয়াতে দি যাব৷ আৰু
কিবা লাগিলে বেল বজাই বেয়াৰাক মাতিবা৷ পইছাৰ চিন্তা নকৰিবা৷ আৰু, আজি ৰাতি অকলে বাহিৰলৈ নাযাবা৷"
নৰেন্দ্ৰ ভাৰ্মা যোৱাৰ পিছত সন্তুৱে
বিছনাৰ ওপৰত অকলে বহি ৰ'ল মনে মনে৷ এখন অচিন ঠাইত সি একেবাৰে অকলশৰীয়া৷ খুৰাদেউৱে চিঠি দি
তাক মতাই আনিলে৷ অথচ খুৰাদেউৰ সৈতে দেখা নহ'ল৷
যোৱাকালি এইখিনি সময়তে সি
স্নিগ্ধাবাহঁতৰ ঘৰত আছিল আৰু এতিয়া সি দিল্লীত এটা গেষ্ট হাউছত৷ অহাকালি বা আকৌ কি
হয় কোনে জানে!
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ