*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
তৃতীয় অধ্যায়
ৰাতিটো তেনেকৈয়ে কাটি গ'ল৷ টোপনি নাহিল তাৰ ভালকৈ৷ গোটেই ৰাতি
বিছনাত চটফটাই কটালে সি৷ কাহিলি পুৱাতে সি ওলাই গ’ল বাহিৰলৈ৷
এতিয়াও কোনো উঠাই নাই৷ ঘৰৰ সন্মুখৰ বাগিচাত
বিভিন্ন ধৰণৰ ফুল৷ গেটৰ বাহিৰত আহল বহল এটা ৰাস্তা৷ খুব ধুনীয়া এটা ৰাতিপুৱা,
কিন্তু
সন্তুৰ মনটো বেয়া৷
সন্তুৱে ৰাস্তাটোৰে অলপ খোজ কাঢ়ি ওলাই
গ'ল৷ বেছি দূৰলৈ নগ'ল৷ দিল্লীৰ ৰাস্তা-ঘাট চিনি নাপায় সি৷
নৰেন্দ্ৰ ভাৰ্মা আহিল নটাৰ অলপ পিছত৷
সন্তুৱে তেতিয়া নিজৰ কোঠাত ব্ৰেকফাষ্ট কৰি আছিল৷ ইয়াতে ব্ৰেকফাষ্টত বহুত কিবাকিবি
দিয়ে, ফলৰ ৰস, কৰ্নফ্লেক্স, গাখীৰ আৰু কল, টোষ্ট আৰু আমলেট, আৰু এটা সন্দেশ৷
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "কিহে সন্তু, ইউ আৰ ইন ৱান পিছ? কোনেও তোমাক গুলী কৰা নাই বা কিডনেপ
কৰাৰো চেষ্টা নকৰিলে?"
সন্তুৱে ক'লে, "কোনেও মোৰ লগত এটা কথাও পতা নাই৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ব'লা, কাপোৰ পিন্ধি ওলোৱা৷ ৰাজাই তোমাক লৈ
যাবলৈ কৈছে৷"
সন্তুৰ সাজি-কাচি ওলাওতে পাঁচ মিনিটো
নালাগিল৷
দিনৰ পোহৰত দিল্লী চহৰখন ভালকৈ দেখিবলৈ
পালে সন্তুৱে৷ ৰাস্তাবোৰ যিমান ডাঙৰ ডাঙৰ, সিমানেই পৰিষ্কাৰ, পৰিচ্ছন্ন৷ দুয়োফালে ডাঙৰ ডাঙৰ ঘৰ৷
দিল্লীৰ নাম শুনিলেই মনত পৰে লালকিল্লা আৰু কুতুবমিনাৰৰ কথা৷ কিন্তু সেই দুটা দেখা
পোৱা নাই৷ পিছে এটা প্ৰকাণ্ড ঘূৰণীয়া ঘৰ দেখি সন্তুৱে চিনি পালে৷ চিনেমাত বহুবাৰ
দেখিছে, সেইটোৱেই পাৰ্লিয়ামেন্ট ভৱন৷
নৰেন্দ্ৰ ভাৰ্মাৰ গাড়ীখন গৈ ৰ'ল এখন নাৰ্ছিং হোমৰ সন্মুখত৷ তৃতীয়
মহলাৰ এটা কেবিনৰ দৰজা খোলাৰ লগে লগেই খুৰাদেউৰ মাত শুনা গ'ল৷
সন্তুৱে দেখিলে, খুৰাদেউৰ পেট আৰু বাঁও হাতখন মেৰিয়াই
এটা প্ৰকাণ্ড বেণ্ডেজ৷ চকু-মুখত কিন্তু বেছ তজবজীয়া ভাব৷ কেবিনটো বহুত ডাঙৰ,
হোটেলৰ
চুইটৰ নিচিনা৷ সন্মুখত বহা ঠাই, দুখন চোফা আৰু দুখন চকী পৰা আছে, পিছফালে বিছনা আৰু এখন সৰু টেবুল৷
খুৰাদেউ বহি আছে এখন চোফাত, আনখনত বহি আছে এজন ওখ মানুহ৷ সন্তুৱে চিনি পালে,
এই
মানুহজনকে কলিকতাৰ সিহঁতৰ ঘৰত কেবাদিনো দেখিছে৷ তেওঁলোক দুয়ো মনোযোগেৰে কি জানো
আলোচনা কৰি আছিল৷ সন্তুক দেখি ৰৈ গ'ল৷
খুৰাদেউৱে সন্তুক মাতিলে,
"আহ সন্তু, কালি ৰাতি তই অকলে থাকি বেয়া পোৱা নাইতো?"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "দুজন গাৰ্ড পোষ্টেড আছিল তাৰ ৰূমৰ ওপৰত
চকু ৰাখিবলৈ, সন্তুৱে সেয়া গমেই নাপালে৷"
সন্তু অবাক হ'ল৷ সঁচাকৈয়ে সি একো গম পোৱা নাছিল৷
খুৰাদেউৱে ক'লে, "আৰু একো নহয়৷ মোক কোনে মাৰিবলৈ আহিছিল
গম পোৱা গৈছে৷ এইটো কোনো দল সংগঠনৰ কাম নহয়৷"
নৰেন্দ্ৰ ভাৰ্মাই সুধিলে,
"কোনে?"
খুৰাদেউৱে ক'লে, "সাধাৰণ ডকাইত এটাই৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তোমাক গুলী কৰি পলাল, ঘৰৰ পৰা একো নিনিলে, এইটো জানো সাধাৰণ ডকাইতি কেছ?"
অপৰিচিত মানুহজনে তল মূৰ কৰি বহি আছিল৷
এইবাৰ মূৰ তুলি ক'লে, "আই ফিল গিল্টি!"
খুৰাদেউৱে ইংৰাজীতে ক'লে, "নাই নাই, আপুনি একো গিল্টী ফিল কৰিবলগীয়া নাই৷
মইতো নিজ ইচ্ছাৰে আহিছো৷"
তাৰ পিছত সন্তুলৈ চাই ক'লে, "তহঁতক চিনাকি কৰাই দিওঁ৷ এওঁ হ'ল... এওঁৰ নামটো বহুত দীঘল, গোটেইটো ক'লে মনত নাথাকিব, সকলোৱে এওঁক আল মামুন বুলি মাতে৷ এওঁ
এজন ব্যৱসায়ী৷"
মানুহজনে সন্তুৰ পিনে মূৰ দুপিয়াই ক'লে, "গুড মৰ্ণিং, হাউ ডু ইউ ডু?"
তাৰ পিছত তেওঁ হঠাতে উঠি ক'লে, "আই মাষ্ট গ'৷ মিষ্টাৰ চৌধুৰী, আই উইল গেট ইন টাচ্চ উইথ ইউ৷"
মানুহজন বৰ হুৰমূৰকৈ ওলাই গ'ল৷ স্পষ্ট বুজা গ'ল, তেওঁৰ মুখত এটা ভয়ৰ ছাপ ফুটি উঠিছে৷
নৰেন্দ্ৰ ভাৰ্মাই খুৰাদেউৰ লগত চোৱা
চুই কৰিলে৷ তাৰ পিছত তেৱো ওলাই গ'ল কোঠাটোৰ পৰা৷
খুৰাদেউৱে ক'লে, "সন্তু, তই তেনেকৈ চাই আছ কিয়? এই বেণ্ডেজটো দেখাতহে ডাঙৰ, আচলতে বিশেষ একো হোৱা নাই৷ কামি হাঁড়ত
এটা গুলীয়ে চুই গৈছ, কিন্তু হাড়-চাড় ভঙা নাই একো৷ মানুহে যে কিয় এনেদৰে চকু মুদি গুলী
চলাই! এইম কৰিবলৈকে শিকা নাই৷"
সন্তুৱে একে দৃষ্টিৰে খুৰাদেউৰ পিনে
চাই আছে৷ পেটত গুলী লাগিছে, তাকলৈও তেওঁ ধেমালি কৰিবলৈ এৰা নাই৷
নৰেন্দ্ৰ ভাৰ্মাই অলপ পিছতে উভতি আহি ক'লে, "মোৰ মানুহ লগাই দিছো, তোমাৰ চৰাই ক'ত থাকে জনা যাব৷"
খুৰাদেউৱে হাঁহিলে৷
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "এইবাৰ চব খুলি কোৱাচোন ৰাজা৷ তুমি মোকো
ফাঁকি দিছা কিয়? আমাক লুকুৱাই সেই মানুহটোৰ সৈতে তোমাৰ কি সম্পৰ্ক?"
খুৰাদেউৱে তেনেকৈয়ে হাঁহি হাঁহি ক'লে, "আৰে তেনেকুৱা একো নাই৷ ইয়াত কোনো
ক্ৰাইম বা ষড়যন্ত্ৰ বা ডাঙৰ ৰহস্য নাই৷ সেই মানুহজনে এটা অদ্ভুত কথা কৈছিল,
সেয়ে
মই কৌতূহলী হৈ আহিছো দিল্লীলৈ৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ক্ৰাইম একো নাই? তেনেহ'লে গুলী চলালে কোনে?"
খুৰাদেউৱে ক'লে, "সেইটো অৱশ্যে বেলেগ বিষয়৷ মই যি কাৰণে
দিল্লীলৈ আহিছো, তাৰ লগত হয়তো ইয়াৰ কোনো সম্পৰ্ক নাই৷ আৰু থাকিবও পাৰে৷ বাৰু, মই চব বুজাই কৈছো, সুস্থিৰ হৈ বহা৷"
সন্তুৰ পিনে চাই তেওঁ সুধিলে,
"তই জাননে, হিয়েৰোগ্লিফিক্স মানে কি?"
সন্তুৱে ক'লে, "অঁ৷"
খুৰাদেউ আৰু নৰেন্দ্ৰ ভাৰ্মা দুয়ো অবাক
হৈ পৰস্পৰৰ মুখলৈ চালে৷
খুৰাদেউৱে ক'লে, "তই জান? কচোন কি?"
সন্তুৱে ক'লে, "হিয়েৰোগ্লিফিক্স হৈছে এক ধৰণৰ ছবিৰ
ভাষা৷ মিছৰৰ পিৰামিডত বা আন আন স্মৃতি স্তম্ভত ছবি আঁকি আঁকি বহুত কথা লিখা
হৈছিল৷"
"বহুখিনি মিলিছে৷ এইটো তই কেনেকৈ জানিলি?"
"এখন কমিকছত পঢ়িছিলো৷"
"তেনেহ'লেচোন কমিকছবোৰ যিমান বেয়া বুলি
ভাবিছিলো সিমান বেয়া নহয়৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তুমি যিটো শব্দ ক'লা, মই নিজেই তাৰ অৰ্থ নাজানো৷"
খুৰাদেউৱে ক'লে, "তেনেহ'লে তুমিও কমিকছ পঢ়িবলৈ আৰম্ভ কৰি
দিয়া৷ বাৰু, এইবাৰ তেনেহ'লে কথাটো প্ৰথমৰ পৰা কওঁ৷ এই যে আল মামুন নামৰ
মানুহজনক লগ পালি, এওঁ কলিকতালৈ গৈ মোক কেবাবাৰো লগ কৰিছিল৷ এটা কামত মোৰ সহায় লাগে৷
তেওঁ কেবাখনো দীঘল দীঘল হালধীয়া কাগজ লৈ গৈছিল, তাত ৰঙা ৰঙৰ বহুত সৰু সৰু ছবি অঁকা৷
দেখিলে ভাব হয়, যিয়ে আঁকিছে, তাৰ হাত বৰ কেঁচা, আৰু খুব সম্ভৱ আঁকোতাজন বুঢ়া মানুহ৷
আল মামুনে কৈছিল, এই ছবিবোৰ আঁকিছে তেওঁৰ এজন আত্মীয়ই৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "এই ছবিবোৰ, কি নাম ক'লা, সেই ভাষাত লিখা নেকি?"
সন্তুৱে ক'লে, "হিয়েৰোগ্লিফিক্স৷"
খুৰাদেউৱে হাহাকৈ হাঁহি উঠিল৷ হাঁহি
হাঁহিয়ে ক'লে, "কেইবা হাজাৰো বছৰ আগত লুপ্ত
হৈ গৈছে সেই ভাষাটো৷ এতিয়া আৰু কোনোবাই সেই ভাষাত লিখে জানো? লিখিলেও বুজিব লাগিব সেই মানুহজন
পাগল৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ছবিবোৰ তোমাৰ তালৈ লৈ যোৱাৰ কাৰণ কি?
তুমি
সেই ভাষাৰ এক্সপাৰ্ট নেকি?"
খুৰাদেউৱে ক'লে, "ক'ব পাৰা৷ এসময়ত মই সেই বিষয়ে চৰ্চা
কৰিছিলো৷ তোমাৰ মনত নাই, নৰেন্দ্ৰ? দহ বছৰ আগতে যে মই প্ৰায় ছমাহ ইজিপ্তত
আছিলো৷ মিছৰৰ সকলো হিয়েৰোগ্লিফিক্সৰ পাঠ আজিও উদ্ধাৰ কৰা হোৱা নাই৷ বহুতেই চেষ্টা
কৰিছে৷ মই অলপ চলপ পঢ়িব পাৰো৷ এই বিষয়ে মই লিখা কেইটামান প্ৰবন্ধও বিদেশী কাকতত
ওলাইছে৷"
নৰেন্দ্ৰ ভাৰ্মাই জানিব খুজিলে,
"এই আল মামুন কোন দেশৰ মানুহ?"
"ইজপিছিয়ান৷ ব্যসায়ৰ সূত্ৰে প্ৰায়ে
আহিবলগীয়া হয় ইয়ালৈ৷ ইয়াৰ পৰা তেওঁ চাহপাত, চিলাই মেচিন, চাইকেল, এইবিলাক লৈ যায় নিজৰ দেশলৈ৷"
"এজন ব্যৱসায়ীৰ এনেকুৱা ইতিহাসৰ প্ৰতি
আগ্ৰহৰ কাৰণ?"
"সেইটোও এটা ইন্টাৰেষ্টিং কথা৷ এই
মানুহজনে প্ৰাচীন মিছৰৰ ইতিহাস সম্পৰ্কে একোৱে নাজানে৷ প্ৰথমে মই ভাবিছিলো ছবিবোৰ
হয়তো ইজিপ্তৰ কোনো পিৰামিডৰ দেৱালৰ পৰা কপি কৰা৷ কিন্তু সেয়াও নহয়৷ আল মামুনে কোনো
দিনে পিৰামিড নিজ চকুৰে দেখা নাই৷"
"হেঁ? ইজিপ্টৰ মানুহ হৈ পিৰামিড দেখা নাই?"
"ইয়াতনো আচৰিত হ'বলগীয়া কি আছে? ভাৰতবৰ্ষৰ চবে জানো তাজমহল দেখিছে?
হিমালয়ে
বা দেখিছে কেইজনে? আল মামুনে দূৰৈৰ পৰা হয়তো এটা বা দুটা পিৰামিড দেখিব পাৰে কেতিয়াবা৷
কিন্তু ভিতৰলৈ কেতিয়াও গৈ পোৱা নাই৷ তেওঁ কৈছে যে এই দিল্লীত তেওঁৰ এজন আত্মীয়
থাকে, ছবিবোৰ তেওঁ আঁকিছে৷"
নৰেন্দ্ৰ ভাৰ্মাই বিৰক্ত হৈ ক'লে, "ধেৎ, তুমি এইবিলাক কি ছবি-তবিৰ কথা কৈ আছা,
ইয়াত
মই অকণো ইন্টাৰেষ্ট পোৱা নাই৷"
খুৰাদেউৱে ক'লে, "সেই বাবেইতো তোমাক এইবোৰ ক'ব খোজা নাছিলো৷"
"কিন্তু ইয়াৰ লগত তোমাক মাৰ্ডাৰ কৰাৰ সম্পৰ্ক
কি? মানে ক'ব খুজিছো, হঠাৎ তোমাক মাৰিবলৈ আহিলে কোনে?"
"সম্পৰ্ক এটাই থাকিব পাৰে৷ আল মামুনে এই
ছবিবোৰৰ অৰ্থ ভাঙি দিয়াৰ বিনিময়ত মোক এক লাখ টকা দিব খুজিছিল৷"
নৰেন্দ্ৰ ভাৰ্মাই চিঞৰ মাৰি উঠিল,
"এক লাখ টকা? কেইটামান ছবিৰ অৰ্থ ভাঙি দিয়াৰ বিনিময়ত?
কি
আছে এই ছবিবোৰত? তুমি উলিয়াব পাৰিছিলা?"
"আগতে আৰু এটা কথা শুনা৷ আল মামুনৰ সেই
আত্মীয়জন যে! তেওঁৰ নাম মুফতি মহম্মদ৷ তেওঁ বৰ ধাৰ্মিক মানুহ,
তেওঁৰ
বহুত শিষ্য আছে৷ তেওঁৰ বয়স হেনো সাতান্নব্বৈ বছৰ, গা বেছ তজবজীয়া৷ যোৱা বছৰৰ পৰা তেওঁ
কথা ক'ব নোৱাৰা হৈছে৷ এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰে৷ তেওঁক চিকিৎসাৰ বাবে
অনা হৈছে দিল্লীলৈ৷"
"সাতান্নব্বৈ বছৰ বয়সত? তেওঁৰ আৰু চিকিৎসা?"
"ইয়াৰ পৰা বুজা যায় যে
সন্ন্যাসী-ফকীৰবোৰ দীৰ্ঘজীৱী হয়৷ তেওঁলোকৰ স্বাস্থ্যও ভালে থাকে৷ সাধক মুফতি
মহম্মদৰ কেৱল কথাহে বন্ধ হৈছে৷"
"সাতান্নব্বৈ বছৰ বয়সতো তেওঁ ছবি আঁকে?"
"আল মামুনৰ মুখত শুনামতে, তেওঁ লিখিব নাজানে৷ আগতে কেতিয়াও ছবিও
অঁকা নাই৷ মুছলমান সাধকসকলৰ কোনেও ছবি নাঁকে৷ এওঁ ছবি আঁকিছে টোপনিত৷"
"হেঁ? কি ফাল্টু কাহিনী আৰম্ভ কৰিলা ৰাজা?"
"আৰু অকণমান ধৈৰ্য্য ধৰি শুনা নৰেন্দ্ৰ৷
মই যি শুনিছো, তাকেই কৈছো৷ ধৰ্মীয় গুৰু কাৰণে মুফতি মহম্মদক হস্পিতালত ৰখা হোৱা নাই,
ৰখা
হৈছে বেলেগ এটা ঘৰত৷ কেতিয়াবা কেতিয়াবা মাজৰাতি টোপনিৰ মাজতে উঠি বহি সেই ছবিবোৰ
আঁকিছে৷"
"হালধীয়া কাগজত, ৰঙা চিয়াঁহীৰে? টোপনিৰ মাজত তেওঁ সেইবোৰ পালে ক'ত?"
"ৰঙা চিয়াঁহী নহয়, ৰঙা পেঞ্চিল৷ তেওঁ যিটো কোঠাত থাকে,
তাৰ
কাষৰ কোঠাটোৰ টেবুলত বিভিন্ন কাগজ আৰু পেঞ্চিল থাকে৷ সেইটো আল মামুনৰ অফিচ৷ মুফতি
মহম্মদ চাহাবে টোপনিৰ মাজতেই কাষৰ ঘৰটোলৈ উঠি গৈছিল, বাছি বাছি হালধীয়া কাগজ আৰু ৰঙা
পেঞ্চিলেৰে ছবিবোৰ আঁকিছে৷ ছবিবোৰ যে হিয়েৰোগ্লিফিক্সৰ নিচিনা, তাত অকণো সন্দেহ নাই৷ কিছু কিছু স্পষ্ট
অৰ্থ পোৱা যায়৷"
"কি বুজি পাইছালা?"
"সেইটো এতিয়া ক'ব পৰা নাযাব৷ অতি গোপন কথা৷ সাধক মুফতি
মহম্মদৰ বহুত শিষ্য এই দিল্লীতে আছে৷ আল মামুনে তেওঁলোকক একো জনাব খোজা নাই৷
গুৰুদেৱে কি লিখিছে সেইটো তেওঁ নিজে আগতে জানি ল'ব খুজিছে৷"
"সেই কাৰণে দিব খুজিছিল এক লাখ টকা?
তেওঁ
কি ভাবিছে এইখন গুৰুৰ সা-সম্পত্তিৰ উইল?"
"গুৰুৰ উপদেশো বহুতৰ বাবে
মূল্যৱান৷"
"তুমি তাৰমানে এক লাখ টকা পাই গৈছা৷ আৰু
টকাৰ লোভতেই কোনোবাই তোমাক গুলীয়াবলৈ আহিছিল?"
"সেই টকা পোৱাৰতো প্ৰশ্নই নুঠে৷ এই
কাগজত কি লিখা আছে, সেইটো এতিয়ালৈ মই আল মামুনক কোৱা নাই৷"
"কোৱা নাই? তাকো কোৱা নাই কিয়?"
খুৰাদেউৱে মিছিক-মিছাককৈ হাঁহিবলৈ
ধৰিলে৷
নৰেন্দ্ৰ ভাৰ্মাই পুনৰ সুধিলে,
"এক লাখ টকা দিব খুজিছে, অথচ তুমি তেওঁক দুই চাৰিটা ছবিৰ অৰ্থ কৈ দিয়া
নাই?"
খুৰাদেউৱে ক'লে, "নাই৷ তেওঁক একো কোৱা নাই, তাৰ কাৰণ, এই আল মামুনৰ মই এটা কথাও বিশ্বাস কৰা
নাই৷"
সন্তুৱে ইমান সময়ে কেৱল উশাহ বন্ধ কৰি
শুনি আছিল, এইবাৰ সি এটা দীৰ্ঘ নিশ্বাস পেলালে৷ টকাৰ লোভত যে খুৰাদেউৱে কোনো কাম
কৰিব, সন্তুৱে সেই কথা বিশ্বাসেই কৰিব নেৱাৰে৷
খুৰাদেউৱে পুনৰ ক'লে, "সেই ছবিৰ ভাষাৰ পৰা মই যিখিনি বুজিছো,
সেয়া
এতিয়াৰ কথা নহয়৷ কমেও চাৰে তিনি হাজাৰ বছৰ আগৰ এটা ঘটনাৰ কথা কোৱা হৈছে৷ তাকো
অসম্পূৰ্ণ৷ মই পাইছো মাত্ৰ চাৰিখন হালধীয়া কাগজ৷ ইয়াৰ পিছত যেন আৰু আছে৷ সেই কাৰণে
মই আল মামুনক কৈছিলো, মই গুৰু মুফতি মহম্মদক নিজ চকুৰে চাব খোজো৷ দিল্লীলৈও মই সেই বাবেই
অহিছিলো৷"
নৰেন্দ্ৰ ভাৰ্মাই সুধিলে,
"দেখা কৰিলা?"
খুৰাদেউৱে ক'লে, "নাই৷ সেইটোৱেইতো ধৰিব পৰা নাই৷ ইমান
দিন ধৰি দিল্লীত আহি বহি আছো, অথচ আল মামুনে তাৰ ব্যৱস্থা কৰি দিয়া নাই৷
কেতিয়াবা কয়, তেওঁৰ গুৰুৰ মেজাজ ভালে নাথাকিলে বাহিৰৰ মানুহৰ লগত দেখা কৰিব
নোখোজে৷ আৰু কেতিয়াবা কয়, বাকী শিষ্যবোৰে অনৱৰতে আগুৰি থাকে, সেয়ে সুযোগ পোৱা নাই৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তোমাৰ সেই আল মামুন ক'ত থাকে সেইটো মই আজিয়েই গম পাই যাম৷ মই
তেওঁক ফলো কৰিবলৈ মানুহ লগাই দিছো৷ এইবাৰ কোৱা, তোমাৰ ওপৰত যিটো মানুহে গুলী চলাবলৈ
আহিছিল, সেই মানুহটো কেনেকুৱা? সিও বিদেশী নেকি? তাৰ মুখখন তুমি দেখিছিলানে?"
খুৰাদেউৱে ক'লে, "অঁ, মুখখন দেখিছো, কিন্তু এটা ফালৰ পৰা৷ মোৰ সন্দেহ সি
এটা ভাৰাতীয়া হত্যাকাৰী৷ কোনোবাই তাক টকা দি কৈছে মোক খতম কৰি দিবলৈ৷ জানাই,
মোৰ
ওপৰত বহুতৰে খং উঠি আছে৷ কিমান যে পুৰণা শত্ৰু আছে, তাৰ হিচাপ নাই৷ সিহঁতৰে কোনোবাই মোক
দিল্লীত দেখি চাগে চিনি পালে আৰু খতম কৰি দিবলৈ মানুহ লগাইছে৷ সেইটো কথাত বিশেষ
গুৰুত্ব দিবলগীয়া নাই৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তুমি কি ক'লা ৰাজা? কোনোবাই তোমাক মাৰি পেলাবলৈ চেষ্টা
কৰিছে, আৰু তাত গুৰুত্ব দিব নালাগে? আচৰিত৷ মানুহটো যদি আকৌ আহে? শুনিছা সন্তু, তোমাৰ খুৰাদেউৱে কেনেকুৱা সৰু ল'ৰাৰ দৰে কথা কয়?"
খুৰাদেউৱে হাঁহি ক'লে, "আৰে, সেইবোৰ কথা ভাবি মূৰ ঘমাবলৈ গ'লেচোন একো কামেই কৰা নহ'ব৷"
সন্তুৱে সুধিলে, "মানুহজনে কি ৰাতিৰ ভাগত আহি গুলী
কৰিছিল নেকি?"
খুৰাদেউৱে ক'লে, "তেতিয়া ৰাতি বেছি নহয়, এঘাৰটা বৰ বেছি৷ হোটেলৰ কোঠাত বহি মই পঢ়াশুনা
কৰি আছিলো৷ কোঠাটোৰ ওচৰতেই এখন সৰু বাৰান্দা, তাৰ দুৱাৰখন খোলা৷ এটা শব্দ হোৱাত মূৰ
তুলি চাই দেখো, বাহিৰৰ পৰা বাৰান্দালৈ মানুহ এটা জঁপিয়াই উঠি আহিছে৷ তাৰ হাতত
ৰিভলভাৰ৷ মোৰো গাৰুৰ তলত ৰিভলভাৰ থাকে, তই জান৷ কিন্তু মই বহি আছিলো গাৰুটোৰ
পৰা দূৰৈত৷ হাত মেলি সেইটো লোৱাৰ সময়ে নাপালো৷ মানুহটোৱে একো কথা নকৈ ৰিভলভাৰ
পোনালে মোৰ কপাললৈ লক্ষ কৰি৷ যদি এইম কৰি গুলী কৰিলেহেঁতেন, তেনেহ'লে মই সেই মুহূৰ্ততে শেষ হৈ গ'লোহেঁতেন৷ তেতিয়া বচাৰ এটাই উপায়৷ মই
প্ৰচণ্ড জোৰে চিঞৰি উঠিলো, "ব্লাডি ফুল৷ লুক বিহাইণ্ড৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "কপালৰ আগত ৰিভলভাৰৰ নলী দেখিও তুমি
চিৎকাৰ কৰিব পাৰিলা? তোমাৰ নাৰ্ভ আছে দেখিছো৷"
খুৰাদেউৱে ক'লে, "মই আগতেও এনেদৰে বহুবাৰ চিঞৰি সুফল
পাইছো৷ হঠাৎ বহুত ডাঙৰ শব্দ হ'লে ডাঙৰ ডাঙৰ চিকাৰীৰো লক্ষ্যভ্ৰষ্ট হয়৷ ইয়াতো
তাকেই হ'ল৷ মোৰ ধমক শুনি মানুহটোৰ হাত কঁপি গ'ল অলপ, তাৰ গুলী লাগিল মোৰ কামি হাড়ত৷ মই
সাংঘাতিক আহত হোৱাৰ ভাও জুৰি জঁপিয়াই পৰিলো বিছনাত৷ লগে লগে গাৰুৰ তলৰ পৰা ৰিভলভাৰ
উলিয়াই আনিলো৷ মানুহটোক মই তেতিয়াই গুলীয়াব পাৰিলোহেঁতেন৷ কিন্তু মই চাব খুজিলো
মানুহটোৱে ইয়াৰ পিছত কি কৰে! কিবা বস্তু বাহানি নিব খুজিব নেকি? মানুহটোৱে কিন্তু আৰু একো নকৰিলে৷ সি
ভাবিলে চাগে, এটা গুলীতে তাৰ কাম হৈ গৈছে৷ আৰু পতকৈ বাৰান্দাৰ পৰা নামি পলাই গ'ল৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "উম, ভাৰাতীয়া হত্যাকাৰী যেনেই লাগিছে৷
দিল্লীত এনেকুৱা বহুত আছে৷"
খুৰাদেউৱে ক'লে, "মোৰ সন্দেহ হৈছে যে যিয়ে তাক ভাৰা
কৰিছিল, সি তাক সম্পূৰ্ণ টকা দিয়া নাই৷ ইমান কেঁচা কামৰ বাবে সি পাঁচ টকাৰ
বেছি পোৱা যোগ্য নহয়৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "মানুহটো চাকচেছফুল নহ'ল কাৰণে তোমাৰ আফোচেচ হৈছে যেন
লাগিছে৷"
খুৰাদেউৱে পুনৰ ডাঙৰকৈ হাঁহি উঠিল৷
নৰেন্দ্ৰ ভাৰ্মায়ো হাঁহিবলৈ ধৰিলে৷
সেই সময়তে বাহিৰত ৰাস্তাত হৈ-চৈ আৰু দুম-দাম
শব্দ হ'বলৈ ধৰিলে৷ সন্তুৱে খিৰিকিৰ কাষলৈ গ'ল৷
কি জানো হৈছে বাহিৰত৷ মানুহবোৰে দৌৰা
দৌৰি কৰিছে৷ এখন বাছ জ্বলি আছে৷
নৰেন্দ্ৰ ভাৰ্মাই উঠি গৈ উকি মাৰি চাই
ক'লে, "ওঃ৷ তেনেকুৱা একো নহয়৷ বাচখনে হয়তো কাৰোবাক খুন্দিয়াইছে৷ সেয়ে
পাব্লিকে খঙত বাছখন জ্বলাই দিছে৷ এইবিলাক তোমালোকৰ কলিকতাতো আগতে হৈছিল৷ এতিয়া
আমদানি হৈছে দিল্লীলৈ৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ