Mar 1, 2015

পোহৰৰ ছাঁত - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন

Pohoror Sat Assamese Detective Novel by Rajiv Phukan

মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
প্ৰথম অধ্যায়

"ইয়াকে কয় লোনলিনেছ, বুজিছা? এবচলিউট লোনলিনেছ!"
 
"অকলশৰে থাকি আপুনি ভাল পায় নেকি?"
 
"কেতিয়াবা পাওঁ৷ কেতিয়াবা নাপাওঁ৷ এনিৱে, আই হেভ টু বিয়েৰ ইট৷"
 
"কিয়? আপোনাৰতো সকলো আছে৷"
 
"আছে জানো?"
 
"পত্নী, 'ৰা-ছোৱালী, আনকি মাও আছে৷"
 
"তেওঁলোক আছে৷ অথচ কোনো নাই৷"
 
"মই কথাটো বুজা নাই৷"
 
"বুজিনো কি কৰিবা? আনৰ ব্যক্তিগত প্ৰব্লেম বেলেগে সকলো সময়তে বুজিব নোৱাৰে৷"
 
"প্ৰব্লেমটো চৰ্ট আউট কৰিব পৰা নাযায় জানো?"
 
"যায়৷ পৃথিৱীৰ সকলো প্ৰব্লেমৰে চলিউচন থাকে৷"
 
"তেনেহ'লে?"
 
"চলিউছনটো বিচাৰি পালে প্ৰব্লেমটো চোল্ভ হৈ যাব৷"
 
"এনেকুৱা লাগিছে৷ চলিউছনটো আপুনি জানে৷"
 
"নাই৷ জনা হ'লে নিৰ্বাসন লওঁ জানো?"
 
"ইয়াতে সময়বোৰ কেনেদৰে কটাই আপুনি? বোৰ নহয়?"
 
"বোৰদমো আছে৷ হ'লেও ৰাতিপুৱাটো ভাল লাগে৷"
 
"ৰাতিপুৱা বোৰ নালাগে মানে?"
 
"নাই৷ ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ৷ জনবিৰল ঠাই৷ খোজ কাঢ়িবলৈ ধুনীয়া৷"
 
"তাৰ পিছত?"
 
"উভতি আহি ছবি আঁকো৷ তেতিয়া জ্ঞান নাথাকে৷"
 
"সদায়?"
 
"সদায়৷ ছবিয়েই মোক জীয়াই ৰাখিছে৷"
 
"আগতে বছৰত আঠ দহখন আঁকিছিল৷ এতিয়াও আঁকেনে?"
 
"নাই, এতিয়া সংখ্যাটো বহুত বাঢ়িছে৷"
 
"গ্ৰাহক কি ইয়ালৈ আহে? কিনিবলে?"
 
"খুব কম৷ মোৰ ছবি এজেন্টৰ জড়িয়তেই বেছি বিক্ৰী হয়৷"
 
"আজিকালি এক্সিবেছন নকৰে ন'?"
 
"নাই৷ ছবি বেছিভাগ বিক্ৰীয়ে হৈ যায়৷ এক্সিবিছন-টেক্সিবিছন প্ৰাইমাৰী ষ্টেজ৷ আজি কালি ছবি জমাই নাথকা হ'ল৷"
 
"আপোনাৰতো এতিয়া সাংঘাতিক ডিমাণ্ড!"
 
"হাৱাই বুলিব পাৰা৷ যিয়ে ছবি কিনে তেওঁলোকে জানো ছবি বুজি পায়?"
 
"সেইটো হয়৷"
 
"যি আঁকে তেওঁলোকেও নুবুজে৷"
 
"ৰাতিপুৱা তেনেহ'লে অকল ছবিকে অাঁকে?"
 
"উম৷ পুৱাৰ ভাগত পোহৰটো ভাল পোৱা যায়৷ মনটোও ভালে থাকে৷"
 
"দুপৰীয়া শুৱে?"
 
"নাই৷ শুৱাৰ অভ্যাসটো কম৷ দুপৰীয়া কিতাপ পঢ়ো৷"
 
"গল্পৰ কিতাপ?"
 
"পঢ়ো৷ কিন্তু ইতিহাস আৰু বিজ্ঞানৰেই বেছি৷"
 
"ইয়াৰে মানুহ দুনুহে আপোনাক লগ কৰিবলৈ আহেনে?"
 
"মইতো আনচোচিয়েল৷ বেছি মিলা মিছা নকৰো কাৰো সৈতে৷ হ'লেও দুই চাৰিজনক চিনো৷"
 
"'বলৈ গ'লে আদ্দা মাৰিবলৈ আপুনি বেয়া পায়, নহয় জানো?"
 
"নাই, আগতে খুব আদ্দা মাৰিছিলো৷ তেতিয়া বয়স কম আছিল৷"
 
"কফি হাউছত?"
 
"কফি হাউছত, লগৰ ল'ৰাৰ মেছত, বসন্ত কেবিনত৷"
 
"সেই দিনবোৰৰ কথা মনত পৰেনে?"
 
"পৰে৷ কিন্তু বৰ সুখৰ স্মৃতি নহয়৷"
 
"তেতিয়াৰ বন্ধু বৰ্গৰ লগত সম্পৰ্ক আছেনে নাই?"
 
"নিজেই ৰখা নাই৷ ৰাখি কি হ'?"
 
"আদ্দাততো বিভিন্ন বিষয়কলৈ আলোচনা চলে!"
 
"হয়৷ হ'লেও আদ্দাৰ বেছিভাগ কথা বতৰাই লাইট৷ মই আজি কালি সেইবোৰ পচন্দ নকৰো৷"
 
"আবেলিৰ ফালে আমনি নালাগে?"
 
"নাই৷ ভালেই লাগে৷"
 
"ৰাতি ছবি আঁকে?"
 
"নাই নাই, কনো দিনে অঁকা নাই৷ ইয়াত খুব ল'ডশ্বেডিং হয়৷ কাৰেণ্ট থাকিলেও ভল্টেজ কম৷ ৰাতি একো কামেই কৰিব নোৱাৰি৷ ইয়াতে বাধ্যতামূলক হ'ল আৰ্লি টু বেড৷"
 
"ইমান ডাঙৰ ঘৰটোত অকলে থাকে, ভয় নালাগে?"
 
"কিয় লাগিব? মইতো ভূত-প্ৰেতক ভয় নকৰো৷"
 
"চোৰ-ডকাইতৰ ভয়?"
 
"নাই, কি নিব? ভেলুৱেবলতো একো নাই৷"
 
"ছবিতো নিব পাৰে?"
 
"ইয়াৰ চোৰ-ডকাইত ইমান শিক্ষিত নহয় যে ছবি চুৰি কৰিব৷ ছবিৰ বজাৰ মূল্যও সিহঁতে নাজানে৷"
 
"'লেওতো ইয়াত আছে৷"
 
"আছে বুলি শুনিছো৷ কিন্তু এই ঘৰটোত এতিয়ালৈ হাত দিয়া নাই৷"
 
"ছবি আঁকি যে আপুনি যথেষ্ট ধন ঘটে, সেই কথা সিহঁতে নাজানে নেকি?"
 
"সেয়া মই ক'ব নোৱাৰিম৷ ছবি আঁকি ধন ঘটাৰ কথাটো শিক্ষিত সমাজৰ মানুহে জানে৷ ইহঁত ইমান জ্ঞাত নহয় চাগে৷ নগদ ধন অৱশ্যে মই ঘৰত নাৰাখো৷"
 
"বাৰু৷ কলকাতাত যেতিয়া আছিলে তেতিয়া বহুত ছাত্ৰ ছাত্ৰী আপোনাৰ ওচৰলৈ ছবি অঁকা শিকিবলৈ আহিছিল৷"
 
"', শিকাবলৈ মোৰো ভালে লাগে৷"
 
"ইয়াত কোনোবাই শিকেনে?"
 
"তেনেকৈ নাই৷ ছবি লৈনো কোনে মূৰ ঘমায়? এজন দুজন আহে৷"
 
"আপুনি শিকায়?"
 
"ইয়াত যিয়ে শিকিবলৈ আহে, সিহঁতৰ হাত খুব কেঁচা৷ কেৱল ড্ৰয়িং শিকাওঁ৷ সেইটোও ভালকৈ আয়ত্ব কৰিব নোৱাৰে৷"
 
"আপুনি ইয়াত আৰু কি কৰে?"
 
"সন্ধিয়া মদ খাওঁ৷ নিয়মিত৷ আৰু বিশেষ কিবা কৰো বুলিতো মনলৈ অহা নাই৷"
 
"এইবাৰ আপোনাক এটা অস্বস্তিকৰ প্ৰশ্ন কৰো৷ খং নকৰেতো?"
 
"আৰে নাই৷ খং কৰিবলগীয়া কি আছে?"
 
"আপোনাৰ বয়স বোধহয় সাতচল্লিশ৷"
 
"সেইটো চাৰ্টিফিকেট এজ৷ আচলতে উনপঞ্চাছ৷"
 
"যি হওঁক৷ আপোনাৰ এটা শাৰীৰিক প্ৰয়োজনৰ কথা আছে৷"
 
"ওহ!"
 
"খং উঠিছে?"
 
"আৰে নাই৷ কথাটো হ', অভাৱেই আবিষ্কাৰৰ মূল৷"
 
"মানে?"
 
"মাজে মাজে মাইকী মানুহ এজনী আহে৷"
 
"নিজে আহে?"
 
"আই ড'ন্ট ফোৰ্ছ দেম৷ টকা অফাৰ কৰো৷"
 
"নিজে আহে নেকি বুজি নাপালো!"
 
"মোৰ এজন হেল্পাৰ আছে৷ অড জব মেন৷ এই ক্ষেত্ৰত সিয়ে সহায় কৰিছিল৷"
 
"এজনীয়ে আহে নে?"
 
"হয়৷ ইয়াৰে এজনী দুখীয়া ঘৰৰ তীৰোতা৷ গিৰীয়েক নাই৷ সঘনাই নাহে৷ সপ্তাহত এদিন বা বৰ বেছি দুদিন৷"
 
"আপুনি আকৌ বিয়া কৰোৱাৰ কথা ভবা নাই?"
 
"পাগল নেকি?"
 
"এনেদৰেই কটাই দিব তাৰমানে?"
 
"চাওঁ৷ ক'ত কেতিয়া কি হয়! সেইবোৰ ভাবি থাকিলে কি হ'?"
 
"কলকাতাত এটা গুজব ওলাইছে যে আপুনি ইয়ালৈ আহি এটা স্পিৰিছুয়েল জীৱন কটাইছে৷ ধৰ্ম চৰ্ম লৈ ব্যস্ত আছে৷"
 
"মানুহৰ অনুপস্থিতিততো কিমান কথাই নোলায়!"
 
"আপুনি আগতে নাস্তিক আছিল? এতিয়াও আছে নে?"
 
"নাথাকিম কিয়? মোৰ নাস্তিক্য ভাঙিব লগাকৈ একোতো হোৱা নাই৷"
 
"দীৰ্ঘ সময় ধৰি নিৰ্জন ঠাইত অকলে অকলে থকাৰ ফলত ঈশ্বৰ চিন্তা জাগিব পাৰে!"
 
"নাই৷ মই নাভাবো, ঈশ্বৰ চিন্তা তেনেকৈ বিনাকৰণত আহে বুলি৷ মোৰ ঈশ্বৰৰ প্ৰয়োজন নাই৷ ৰং, তুলিকা আৰু পৃথিৱীৰ ৰূপ এইবোৰেই মোৰ ঈশ্বৰ৷"
 
"বাৰু, আপোনাৰ ইমান দেশজোৰা খ্যাতি, ইমান টকা, এইবিলাকতো আপুনি ভোগো নকৰে৷ ইয়াতেতো দেখিছো একেবাৰে স্পাৰ্টান লাইফ লিড কৰিছে৷ ফ্ৰিজ, টিভি আছে নে নাই?"
 
"পাগল! সেইবিলাকেৰে কি হ'? অকলশৰীয়া মানুহ, ফ্ৰিজেৰে কি কৰিম? মদ খোৱা বৰফ কাম কৰা ল'ৰা বান্টাই আনি দিয়ে৷ পিছে কিউব নহয়, চপৰা৷ তাৰেই চলি যায়৷"
 
"চিনেমা তিনেমা চাবলৈ মন নাযায়?"
 
"কোনোদিনে যোৱা নাছিল৷ চিনেমা মই খুব কমেই চাওঁ৷ এতিয়াতো আৰু মন নযোৱা হৈছে৷"
 
"আপোনাৰ ফুলনিতো ৰাপ নাই দেখিছো৷ সন্মুখৰ ফুলনিখন জংঘলেৰে ভৰি আছে৷"
 
"সেইটোৱেতো মোৰ ভাল লাগে৷ তোমালোকৰ কাৰণে জংঘল হ'ব পাৰে, মোৰ বাবে নহয়৷ সজোৱা বাগিচাতকৈ এই ৱাইল্ডনেছ, এই হেফজাৰ্ড গছ-গছনিবোৰ মোৰ বেছি প্ৰিয়৷ সেইটো এটিটিউডৰ ওপৰত নিৰ্ভৰ কৰে৷"
 
"হয় কথাটো৷ আপোনাৰ ৰং, তুলিকা, কেনভাছ সকলো কলিকতাৰ পৰাই আহে?"
 
"হয়৷ মোৰ এজন্টে দি যায়৷ মই অৱশ্যে আজি কালি বিদেশৰ পৰাই ৰং আনো৷ ইয়াৰ ৰঙৰ কোৱালিটি মোৰ পচন্দ নহয়৷"
 
"উম৷ এণ্ড ইউ কেন এফোৰ্ড ডেট৷ ঘৰৰ খবৰ-চবৰ পাই থাকে?"
 
"বিশেষ নাই৷ মায় হয়তো মনতে পেলাই থাকে, সেয়ে ছোৱালী দুজনীয়ে মাজে মাজে চিঠি লিখে৷ পোষ্ট কাৰ্ডত৷"
 
"আপুনি উত্তৰ দিয়ে?"
 
"এক লাইন দুই লাইন লিখো৷ মই ভালে আছো বুলি নুশুনিলে মা হয়তো গুছিয়ে আহিব খবৰ ল'বলৈ৷ মাকবোৰকতো জানাই৷"
 
"আপুনি মাক মিছ নকৰে?"
 
"নাই, মিছ কৰা বোলাটো মাত্ৰাধিক৷ হ'লেও মাৰ কথা কেতিয়াবা মনত পৰে৷"
 
"অপুনি নিশ্চয় ঘৰলৈ টকা পঠিয়াই?"
 
"নপঠাওঁ৷ পঠাবলগীয়া নহয়৷ মোৰ পত্নী আৰু মোৰ জইন্ট একাউন্টত টকা জমা হৈ যায়৷ ছবি বেছি পোৱা টকাৰ উপৰিও মোৰ পত্নীৰ চাকৰি আছে৷ গতিকে ধৰিব পাৰিছাই..."
 
"উম, মই জানো দে আৰ ভেৰি ৱেল অফ৷"
 
"সিহঁতক আভিজাতেই বুলিব পাৰা তুমি৷ বেহালয়ত ইমান ডাঙৰ ঘৰ, গাড়ী, অল চৰ্টছ অৱ ষ্টেটাছ চিম্বলছ!"
 
"ছোৱালী কেইজনী বা ল'ৰাটোক মিছ নকৰে?"
 
"নাই৷ সিহঁততো ডাঙৰেই হ'ল৷ দে আৰ বিজি উইথ দেয়াৰ ষ্টাডিজ এণ্ড কেৰিয়াৰছ৷"
 
"বৌৰ কেনেকুৱা এটিটিউড আপোনাৰ প্ৰতি?"
 
"ভেৰি ক'ল্ড, ভেৰি পেছিভ৷ যেনেকুৱা আছিল৷"
 
"তেওঁ আপোনাক ওভোতাই নিবলৈ চেষ্টা কৰা নাই?"
 
"দুবছৰ আগতে মোৰ খুলশালী এটাক পঠাইছিল৷ সি গুণ গুণকৈ কি জানো কৈছিল৷ চব সংসাৰতে অশান্তি থাকে, স্বামী-স্ত্ৰীৰ মাজত খুট খাট লাগিয়েই থাকে..."
 
"আপুনি তাক পাত্তা নিদিলে নহয় জানো? কি ক'লে তাক?"
 
"'লো, ঘৰলৈ যোৱা৷ দুনীয়াখন গোলগাপ্পা নহয়৷ চব বুজিব পৰাকৈ তোমাৰ মগজুও নাই৷ খেদি পঠালো৷"
 
"বৌৱে কি চিঠি পত্ৰ নিদিয়ে নেকি কেতিয়াও?"
 
"নাই৷ চি ইজ অলছো এ হাৰ্ড নাট টু ক্ৰেক৷"
 
"আপুনি আজিকালি তেওঁক ভাল নাপায় নেকি?"
 
"কোনোদিনে পোৱা নাছিলো৷"
 
"অথচ চবেই জানে আপোনালোকৰ লাভ মেৰেজ৷"
 
"লাভ মেৰেজ বস্তুটোৱেই এটা ভণ্ডামি৷"
 
"কিয়?"
 
"ভাল পাই যিবিলক বিয়া হয়, সেই ভালপোৱাবোৰৰ বেছি ভাগেই স্কিন ডিপ৷ আই নিয়েভাৰ লাভড হাৰ৷ সাময়িক এটা মোহ আৰু জেদৰ ফলত বিয়া হৈছিল৷ এনিৱে ছি ইজ নাথিং টু লেমেন্ট ফৰ৷"
 
"এয়াই নেকি সেই ফ্ৰিডম?"
 
"একধৰণৰ ফ্ৰিডমেই৷ অন্ততঃ বোণ্ডেডতো নহয়৷"
 
"এনেকুৱাওতো হ'ব পাৰে যে আপুনি এদিন অনুতপ্ত হৈ উভতি যাব৷"
 
"নাযাওঁ৷ গ'লোহেঁতেন, যদি আত্মসন্মান ত্যাগ কৰিব পাৰিলোহেঁতেন৷ এইটো ইমান সহজ কথা নহয়৷ মই পত্নীৰ সংগ কোনোদিনেই উপভোগ কৰা নাই৷ কোনো টানো নাই তাইৰ প্ৰতি৷ ল'ৰা ছোৱালীৰ প্ৰতিও নাই৷ আই নিয়েভাৰ ৱাজ এ গুড ফাদাৰ৷ হ'লেও ল'ৰা ছোৱালী কেইটা ভালে থাকক, তাকেই কামনা কৰো৷"
 
"আপুনি তেনেহ'লে এনেকৈয়ে সুখী?"
 
"দেখাতো পাইছাই৷ একো দুখত নাই৷ সুখত থকাটো নিৰ্ভৰ কৰে কিছুমান ফেক্টৰৰ ওপৰত৷ ভাল স্বাস্থ্য, ভাল এটিটিউদ, চেটিছফেক্টৰি কাম..."
 
"এণ্ড ছেক্স?"
 
"অলছো ছেক্স৷"
 
"আৰু একো নালাগে? যেনে গুড কোম্পেনী?"
 
"কোম্পেনী নহ'লেও চলে৷ সেইটো এটিটিউদৰ ওপৰত নিৰ্ভৰ কৰে৷"
 
"তেনেহ'লে কি ক'ব আপুনি ইয়াতেই প্ৰকৃতপক্ষে জীৱনক উপোভোগ কৰিছে?"
 
"নাই, সেইটো ক'লে মিছা কোৱা হ'ব৷ জীৱনটো জানো মই আগতে কেতিয়াও উপোভগ কৰা নাই? ভাল ছবি এখন আঁকিলে, ভাল এটা গান শুনিলে, ধুনীয়া দৃশ্য এটা দেখিলে মোৰ জীয়াই থকাটো সাৰ্থক বুলিয়েইতো ভাবিছো বহুবাৰ৷ মনত আছে পেৰিছলৈ প্ৰথম গৈয়েই মই পুৰা পোন্ধৰ দিন লুভৰ মিউজিয়ামত ঘূৰি ফুৰিছিলো৷ কেনেকুৱা যে ষ্টাণ্ড এণ্ড হিপনোটাইজড৷ সেয়াওতো উপোভোগ!"
 
"আৰু এতিয়া?"
 
"এতিয়াও একেই৷ মাজে মাজে উপভোগ কৰো৷"
 
"আপুনি গানৰ কথা ক'লে৷ আপোনাৰ টেপ ৰেকৰ্ডাৰ আছে?"
 
"নাই৷ কেছেট বজাই গান শুনিবলৈ মই ভাল নাপাওঁ৷"
 
"তেনেহ'লে আৰু গান উপভোগ কৰা নহয়?"
 
"তোমাক এটা আচৰিত কথা কওঁ?"
 
"কওঁক৷ শুনিবলৈকে আহিছো৷"
 
"তুমি হয়তো বিশ্বাস নকৰিবা৷ কিন্তু কথাটো সঁচা৷"
 
"কওঁক শুনো৷ বিশ্বাস নকৰো বুলি কোনে গেৰান্টী দিব পাৰে?"
 
"এই ঠাইখনতো দেখিছাই৷ ভীষণ নিৰ্জন৷"
 
"উম৷"
 
"ইয়াতে দিন-দুপৰতে জিলিৰ মাত শুনা যায়৷ গোটেই দিনটো হয়তো মানুহৰ মাত এটা শুনিবলৈ পোৱা নাযায়৷ এই যে নিৰ্জনতা৷ মাজে মাজে ইয়াৰ শব্দহীনতাই মোক অভিভূত কৰি তোলে৷"
 
"বুজিছো৷"
 
"মাজে মাজে কি হয় জানা? গভীৰ নিস্তব্ধতাত ডুবি মনে মনে বহি থাকোতে ভাব হয় এই নিস্তব্ধতাৰ তলে তলে যেন এটা সুৰৰ লহৰে খেলা কৰিছে৷ খুব গভীৰ যেন এক অশ্ৰুশিক্ত সংগীত৷ এইটো ঠিক বুজাই ক'ব নোৱাৰিম৷ কাণেৰে শুনা বস্তু নহয়৷ কিন্তু অনুভূতিত যেন ধৰা দিয়ে৷"
 
"এনেকুৱা প্ৰায়ে হয় নে?"
 
"নাই নাই৷ খুব কম৷ বহুদিনৰ মূৰত৷"
 
"এনেকুৱা হোৱাতো কিন্তু আচৰিত কথা নহয়৷ ডাঙৰ ডাঙৰ ওস্তাদৰ হয় হেনো!"
 
"মই ওস্তাদ নহয়৷ গানতো মোৰ সাধনা নহয়৷"
 
"'লেও আপুনিতো সূক্ষ্ম অনুভূতিৰ মানুহ৷ ধ্যানস্থ মানুহ৷"
 
"এইটো বেছি হৈ গ'ল৷ তেনেকুৱা কমপ্লিমেন্ট মই পাবলগীয়া নহয় কিন্তু৷"
 
"এইটো কমপ্লিমেন্ট নহয়৷ এইটো এক্সপ্লেনছন মাত্ৰ৷"
 
"ঠেংক ইউ৷"
 
"এতিয়া আপুনি কি বিষয়ক লৈ ছবি আঁকি আছে?"
 
"মূলতঃ এই ঠাইখনক লৈ৷ চৰাই, ফুল, পোক-পৰুৱাকলৈও আঁকো৷ আকৌ ভিজনৰ পৰাও আঁকো৷ এদিন সপোনত এখন জাহাজ দেখিলো৷ কলা সাগৰৰ ওপৰত ভাঁহিছে৷ অদ্ভুত জাহাজ৷ সাংঘিতক ওখ, সাংঘাতিক ডাঙৰ৷ সেই জাহাজখন ডাঙৰ কেনভাছত প্ৰায় এমাহ ধৰি আঁকিলো৷ কিন্তু মনোমত নহ'ল৷"
 
"ছবিখন আছেনে?"
 
"নাই৷ বিক্ৰী হৈ গ'ল৷"
 
"আগতে আপুনি ছবিবোৰৰ ফটো তুলি ৰাখিছিল৷ আজি কালি নাৰাখে?"
 
"নাই৷ কি হ'ব ৰাখি? মোৰ এজেন্টে ৰাখে চাগে৷"
 
"এটা ৰেকৰ্ড থকা ভাল৷"
 
"বয়স কম থাকোতে ময়ো তেনেকৈয়ে ভাবিছিলো৷ এতিয়া আৰু মায়া নাই যে৷ আঁকো, বিক্ৰী কৰো, তাৰপিছত পাহৰি যাওঁ৷"
 
"আপুনি এসময়ত ক্ৰিটিকছ সকলৰ ওপৰত বহুত নাৰাজ আছিল৷ এবাৰ এজন আৰ্ট ক্ৰিটিকক মাৰ-ধৰো কৰিছিল৷ তেওঁৰ নাম নৱ দাস, মনত আছেনে?"
 
"ভালকৈয়ে আছে৷ তেতিয়া বৰ ৰিএক্সন হোৱা আছিল৷"
 
"আজি কালি নহয়?"
 
"কেনেকৈ হ'? আমাৰ ইয়ালৈ কাকত-পত্ৰ নাহেই৷ আহিলেও নপঢ়ো৷ যাৰ যি মন লিখক৷"
 
"নপঢ়া কাৰণে ৰিএক্ট নকৰে? পঢ়া হ'লে কৰিলেহেঁতেন?"
 
"নাই, পঢ়িলেও নকৰো৷ আচলতে কি জানা, মই আজি বুজিছো, আৰ্ট ক্ৰিটিক্সে ছবি নুবুজে৷ এই সাংঘাতিক সত্যটো বুজাৰ পিছত মই সংযত হৈছো৷"
 
"বুদ্ধিজীৱী সকলে জানো এই কথা মানিব? আপুনি সৰ্বজিৎ চৰকাৰ- কিমান নাম আপোনাৰ৷"
 
"এইবিলাক চব হাৱাতে উৰি থকা কথা৷ আৰ্টৰ জগতখনত এটা মস্ত ফাঁকিবাজি চলি আছে৷"
 
"আপুনি সেইটো জানেই যদি আঁকে কিয়?"
 
"অঁকাৰ নিচাত৷ কিবাতো কৰিছো৷ ড্ৰয়িং জানো, তুলিকা বুলাব জানো, ৰং বুজো, পেটাৰ্ন বুজো৷ এইবিলাকক লৈয়ে এটা খেল৷"
 
"ছবিৰ কোনো ফিল'ছফি নাই বুলি ক'ব খুজিছে?"
 
"সচেতন ভাৱে নাই৷ হ'লেও কোনোবাই কিবা অৰ্থ উলিয়াই ল'ব পাৰিলে ভাল কথা৷"
 
"এইটোতো বৰ সাংঘাতিক কথা ক'লে৷"
 
"সাংঘাতিক কথা৷ অথচ বহুখিনি সত্যও৷ হ'লেও এটা কথা আছে৷"
 
"কি কথা?"
 
"এজন প্ৰকৃত আৰ্টিষ্টে যিয়েই নাঁকক লাগিলে ছবিখনৰ মাজত কিন্তু এটা সৌন্দৰ্য্য থাকিবই৷ থাকিব সূক্ষ্ম চিমেট্ৰিকেল নক্সা৷ থাকিব কিছু অনুভূতিও৷ চব পেলাই দিব নোৱাৰি৷ পিকাছোৱে বহুত অৰ্থহীন, আবোল-তাবোল ছবি আঁকিছে৷ কিন্তু তাৰ মাজতো চাবা, কিবা এটা আছে৷ যিটো আছে, সেইটো সেই আৰ্টিষ্ট জনেও বুজাব নোৱাৰিব৷"
 
"বাঃ, এপ্ৰিছিয়েতো কৰিছে দেখিছো৷"
 
"স্ববিৰেধী কথা ক'লো নেকি শৱৰ?"
 
"অলপ কনফ্লিক্টিং৷ কিন্তু আৰ্ট বস্তুটো চাগে তেনেকুৱাই৷ একো নাই, অথচ নাথাকিও আছে৷"
 
"চাহ খাবা?"
 
"নাই৷ মই চাহ নাখাওঁ৷"
 
"তাকেইতো, তোমাৰচোন একোৱে নিচা নাই৷ পাহৰিয়ে গৈছিলো৷"
 
"আপোনাৰ মন গৈছে যদি খাব পাৰে৷"
 
"নাই৷ এতিয়া দিনৰ এঘাৰটা বাজে৷ এই সময়ত চাহ খাব নোৱাৰি৷"
 
"মই আপোনাক অঁকাত বাধা দিয়া নাইতো৷"
 
"নাই, আজি ৰবিবাৰ৷ ৰবিবাৰে ছুটি লওঁ৷"
 
"আপোনাৰতো সদায়ে ছুটি৷"
 
"', সেয়ে এদিন বেলেগকৈ ছুটিৰ মেজাজ বনাই ল'ব লগীয়া হয়৷ এইবাৰ আচল কথাটো কি ক'বা?"
 
"আচল কথা? আচল কথা আকৌ কি?"
 
সৰ্বজিতে হাঁহিলে৷ ক'লে, "শৱৰ, তুমি এজন অত্যন্ত চতুৰ পুলিচ অফিছাৰ৷ কেৱল আৰ্ট লৈ আলোচনা কৰিবলৈ কলিকতাৰ পৰা ইমান দূৰলৈ নাহা৷ মই জানো৷"
 
শৱৰে লাহেকৈ হাঁহি ক'লে, "মই শিল্পী নহ'লেও আৰ্ট লৈ লিৰিকি-বিদাৰি চোৱাৰ অভ্যাস এটা আছে৷"
 
"জানো৷ তোমাৰ আৰ্ট লৈ লিৰিকি-বিদাৰি চোৱাটোও বোধহয় ক্ৰাইম ডিটেক্সনৰ বাবেই৷"
 
"হয় নেকি?"
 
"তুমি এবাৰ কৈছিলা, এটা কাৰ জানো ছবি দেখুৱাই তুমি এটা মাৰ্ডাৰ কেছ চোল্ভ কৰিছিলা৷"
 
"ঠিক তেনেকুৱা নহয়৷ হ'লেও চাম টাইম ইট হেল্পছ৷"
 
"তুমি মোক কিবা ক্ৰাইমৰ বাবে ধৰিবলৈ অহা নাইতো শৱৰ?"
 
"আৰে নাই৷ কি যে কয়!"
 
"ঘৈনী আৰু ল'ৰা-ছোৱালী কেইটাক এৰি থৈ অহাৰ বাদে মোৰ সিমান একো অপৰাধ নাইও৷ কিন্তু হয়, নৱ দাসক মাৰিছিলো৷ সেইটোও এটা ক্ৰিমিনেল এক্ট৷ হ'লেও নৱ পুলিচলৈ নগ'ল৷ মই তাৰ ওচৰত ক্ষমাও বিচাৰিছলো৷"
 
"চবে জানে৷"
 
"তেনেহ'লে এতিয়া আচল কথাটো কোৱা৷"
 
"বাৰু, আপুনি আজি কালি ন্যুদ আঁকেনে?"
 
"ন্যুদ, আঁকো চাগে মাজে মাজে৷ কিয়?"
 
"সদ্যহতে আপুনি একেলগে কেবাখনো ন্যুদ আঁকিছে নেকি?"


 সূচীপত্ৰলৈ                                                 পৰবৰ্তী অধ্যায়লৈ

***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।


asdfgh