ত্ৰিবেদী হঠাৎ ৰৈ যোৱাত উত্তেজিত হৈ পৰিল ঈশান। তেওঁ ক'লে, "তাৰ পিছত? তাৰ পিছত?"
ত্ৰিবেদীৰ মুখখন যেন উত্তেজনাত ৰঙা পৰি গৈছে। বতাহত কস্তুৰীৰ গোন্ধ হঠাৎ আৰু বাঢ়িবলৈ আৰম্ভ কৰিছে। ঈশানৰ কথাৰ কোনো উত্তৰ নিদি ত্ৰিবেদীয়ে কেৱল আঙুলিটো দাঙি দেখুৱালে সন্মুখলৈ। সেইপিনে চাই ঈশানে দেখিলে, সৰল গছৰ আঁৰৰ পৰা ওলাই আহি জোনৰ পোহৰত সেই ঢিপটোৰ ওপৰত থিয় হৈ আছে এটা সৰু জন্তু। জন্তুটো দেখিবলৈ বহুখিনি ছাগলীৰ দৰে। কস্তুৰী মৃগ।
ঈশানে চাই ৰ'ল সেইপিনে। চাওঁতে চাওঁতেই এটাৰ পিছত এটাকৈ মুঠ তিনিটা হৰিণা আহি ৰ'ল ঢিপটোৰ ওপৰত। ঈশানৰ প্ৰথমে এনেকুৱা লাগিল যেন সিহঁতে মাটিখিনি শুঙিব ধৰিছে। তাৰ পিছতেই সিহঁতে সিহঁতৰ সৰু সৰু শিং আৰু ভৰিৰ খুৰাৰে মাটি খন্দাত লাগিল। যেন মাটিৰ তলত কিবা এটা আছে আৰু সেইটো খান্দি উলিয়াবলৈ চেষ্টা কৰিছে কস্তুৰী মৃগৰ দলটোৱে। ঈশানে বিস্মিতভাৱে চাই ৰ'ল সেই দৃশ্যটো। মিঠা গোন্ধটো যেন ক্ৰমশঃ উগ্ৰ হৈ পৰিছে আৰু তাৰ লগে লগেই যেন ক্ৰমশঃ উন্মাদ হৈ পৰিছে হৰিণাৰ দলটো। শিঙেৰে, খুৰাৰে তীব্ৰ আঘাত কৰিবলৈ ধৰিছে ঢিপটোত। উফৰি পৰিছে মাটি, ঘাঁহ-বন। যেন মাটিৰ তলত পোত খাই থকা কিবা এটা বাহিৰলৈ উলিয়াই আনিবই লাগিব সিহঁতে।
এই অদ্ভুত কাণ্ডটো দেখি ঈশানে চেঁপা মাতেৰে সুধিলে, "ইহঁতে কিয় এনেকুৱা কৰিছে? আৰু ইহঁতচোন হৰিণীহে, হৰিণা ক'ত?"
তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নোপোৱাত ঈশানে কাষলৈ চাই দেখিলে ত্ৰিবেদী তেওঁৰ কাষত আৰু বহি থকা নাই। কোন তলকত উঠি থিয় হৈছে সি গমেই পোৱা নগ'ল। জোনৰ পোহৰ পৰিছে তাৰ মুখত। ৰঙা-চিঙা পৰি গৈছে তাৰ মুখ মণ্ডল। নাক আৰু মুখেৰে ব'বলৈ আৰম্ভ কৰিছে লেলাউটি। চকু দুটা যেন কোটৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। এমুঠি গোন্ধহীন সতেজ বতাহ ল'বলৈ যেন ফুলি উঠিছে নাকৰ ৰন্ধ্ৰ। শৰীৰটো থৰথৰকৈ কঁপিছে তাৰ। ত্ৰিবেদীৰ এনেকুৱা ভয়ংকৰ অৱস্থা দেখি ঈশানে উত্তেজিতভাৱে উঠি থিয় হৈ ক'লে, "কি হৈছে? কি হ'ল আপোনাৰ? এনেকুৱা কিয় কৰিছে?"
ঠিক তেতিয়াই এটা অদ্ভুত ঘটনা ঘটিল। উত্তেজিত ঈশানৰ কণ্ঠ যেন কাণত পৰিল হৰিণীকেইজনীৰ। লগে লগেই সিহঁতে ঢিপটোৰ পৰা জঁপিয়াই নামি খেদি আহিল ঈশানহঁতৰ ফালে। হৰিণীকেইজনীক দেখিয়েই ত্ৰিবেদীয়ে এটা আৰ্তনাদ কৰি দৌৰ মাৰিলে মন্দিৰৰ ধ্বংসাৱশেষৰ দিশে। পিছে পিছে খেদি গ'ল হৰিণীৰ দলটো। হয়তো আত্মৰক্ষাৰ খাতিৰতেই ত্ৰিবেদী লুকাই পৰিল থিয় হৈ থকা ভঙা দেৱালখনৰ আঁৰত। হৰিণীৰ জাকটোও দেৱালৰ পিছফাললৈ গ'ল তাক বিচাৰি। কেইমুহূৰ্তমান পিছতেই হৰিণীৰ জাকটো দোৱালখনৰ আনটো মূৰেৰে ওলাই আহিল কাৰোবাৰ পিছ লৈ। ঈশানৰ এইবাৰ আচৰিত হোৱাৰ পাল। কামাৰ্ত হৰিণীকেইজনীয়ে যাৰ পিছ পিছে খেদি আহিছে সেয়া ত্ৰিবেদী নহয়, হৰিণীকেইজনীতকৈ আকৃতিত ডাঙৰ এটা মতা হৰিণা। জোনৰ পোহৰত তাৰ দীঘল দাঁত দেখা গৈছে! কস্তুৰী মৃগ! হতভম্ব, বিস্মিত ঈশানৰ চকুৰ আগেৰেই দৌৰ মাৰি কেইমুহূৰ্তমানৰ ভিতৰতেই সৰল গছৰ আঁৰত হেৰাই গ'ল সেই কস্তুৰী মৃগটো। পিছে পিছে কামনাত দগ্ধ হৰিণীৰ জাকটো। জোনৰ পোহৰত অকলে থিয় হৈ ৰ'ল বিস্ময়ত হতভম্ব ঈশান।
বেছ কিছু সময় লাগিল ঈশানৰ সম্বিত ঘূৰি আহিবলৈ। ত্ৰিবেদীক বিচাৰি তেওঁ দেৱালখনৰ পিছলৈ গ'ল। নাই, তাত কোনো নাই। কেইবাৰমান তেওঁ নাম ধৰিও মাতিলেও ত্ৰিবেদীক। কিন্তু কোনো সঁহাৰি নাহিল তাৰ পৰা। জোনৰ পোহৰত সেই উন্মুক্ত ঠাইখনত ত্ৰিবেদী উভতি অহাৰ আশাতে আৰু কিছু সময় থিয় হৈ ৰ'ল ঈশান। কিন্তু সি উভতি নাহিল। এটা সময়ত প্ৰচণ্ড ঠাণ্ডা লাগিবলৈ ধৰিলে ঈশানৰ। অৱশেষত তেওঁ উভতি তললৈ নামি আহিল।
ঈশানৰ চকুলৈ আৰু টোপনি নাহিল সেইদিনা ৰাতি। চকুৰ আগত কেৱল ভাঁহি থাকিল সেই অদ্ভুত দৃশ্যবোৰ। ত্ৰিবেদীৰ জানো কি হ'ল? ঈশানক অকলে এৰি থৈ ক'ত বা লুকাল সি? সেইবোৰকে ভাবি থাকোতেই এটা সময়ত তম্বুৰ ভিতৰলৈ সোমাই আহিল ৰাতিপুৱাৰ পোহৰ।
পোহৰ ওলোৱাৰ অলপ পিছতেই ঈশানে তেওঁৰ সংগীবোৰৰ সৈতে যাত্ৰা আৰম্ভ কৰিলে পাহাৰটোৰ ওপৰৰ সেই ঠাইখনলৈ। সেই ঢিপটোৰ তলত কিবা আছে নেকি চাব লাগিব। এটা সময়ত ঢিপটোৰ ওচৰত উপস্থিত হ'ল সকলো। ঈশানে দেখিলে ঢিপটোৰ ওচৰে-পাঁজৰে অ'ত ত'ত সিঁচৰতি হৈ আছে উভালি পেলোৱা ঘাঁহ। তাৰ মানে ৰাতিৰ দৃশ্যটো মিছা নহয়। হৰিণীকেইজনীৰ শিং আৰু খুৰাৰ চিহ্ন অংকিত হৈ আছে মাটিৰ বুকুত। ঈশানে ঠাইখিনি খান্দিবলৈ নিৰ্দেশ দিলে।
কোদাল আৰু চিপৰাঙৰ আঘাতত প্ৰথমে মাটিৰ তলৰ পৰা ওলাবলৈ ধৰিলে পঁচা কাঠৰ টুকুৰা। তাৰ লগে লগে যেন মাটিৰ তলৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ ধৰিলে কস্তুৰীৰ মিঠা গোন্ধ। কাঠৰ টুকুৰাবোৰলৈ চাই এজনে ক'লে, ইয়াতে চাগে এসময়ত এটা কাঠৰ ঘৰ আছিল।
ত্ৰিবেদীৰ মুখত শুনা সেই গড়াঁলটো? ঈশানে স্থিৰদৃষ্টিৰে চাই ৰ'ল ঠাইটুকুৰাৰ ফালে। গাঁতটো যিমানেই গভীৰ হ'বলৈ ধৰিলে সিমানেই তীব্ৰ হ'বলৈ ধৰিলে সেই গোন্ধ। মাটি খন্দা লোককেইজনো অবাক হৈ পৰিছে ঘটনাটোত। পাঁচ হাতমান মাটি খন্দাৰ পিছতেই হঠাৎ চিপৰাঙৰ আঘাতত মাটিৰ তলৰ পৰা ওলাই পৰিল এটা নৰকংকালৰ কিছু অংশ। তাৰ পিছত সাৱধানে খান্দি উলিওৱা হ'ল সম্পূৰ্ণ নৰকংকালটো। কস্তুৰীৰ গোন্ধ তেতিয়া তীব্ৰতৰ হৈ উঠিছে। মিঠা গোন্ধ যদিও তাৰ তীব্ৰতাত নাক জ্বলিবলৈ আৰম্ভ কৰিছে ঈশানৰ। নাকত ৰুমালেৰে হেঁচি ধৰি ঈশানে চাই ৰ'ল নৰকংকালটোৰ পিনে। তাৰ পিছত আৰু দুটা বস্তু উদ্ধাৰ হ'ল কংকালটোৰ শৰীৰৰ পৰা। সোণৰ লকেট সংযুক্ত এডাল হাৰ আৰু মামৰে ধৰা এখন ছুৰীৰ অংশবিশেষ।
বিস্মিতভাৱে ঈশানে সুধিলে, "এইটো কাৰ কংকাল? এইবোৰ ইয়ালৈ কেনেকৈ আহিল?"
বৃদ্ধ বশিৰে ক'লে, "মাটিৰ তলত কস্তুৰীও আছে। সেইবাবে ইমান গোন্ধ। কথাটো মই ধৰিব পাৰিছোঁ। কস্তুৰীৰ নাভি সংগ্ৰহ কৰিবলৈ গৈ মৃত্যু হৈছিল এই মানুহটোৰ। যেনেদৰে বহুতো অনভিজ্ঞ মানুহৰ মৃত্যু হয়, নাভি সংগ্ৰহ কৰিবলৈ নজনাৰ দোষত। কস্তুৰীয়েতো মৃত্যুকো মাতি আনে। অকণমান অসতৰ্ক হ'লেই মৃত্যু নিশ্চিত।"
ঈশানে সুধিলে, "মৃত্যু মাতি আনে মানে?"
বশিৰ স্থানীয় মানুহ। এইবোৰ বিষয়ত সি বহু বেছি জ্ঞাত। সি ক'লে, "অঁ, মৃত্যু মাতি আনে। সেয়ে কস্তুৰীৰ নাভি সংগ্ৰহ কৰাৰ সময়ত বহুত সাৱধান হ'বলগীয়া হয়। হৰিণৰ দেহৰ পৰা ছিন্ন কৰাৰ সময়ত তিতা কাপোৰেৰে নাক-মুখ ভালদৰে বান্ধি ল'ব লাগে। এটা পাত্ৰত পানী ৰাখিবই লাগিব। কাৰণ গ্ৰন্থিটো শীৰৰ পৰা ছিন্ন কৰাৰ লগে লগেই এক তীব্ৰ মিঠা গোন্ধৰ সৃষ্টি হয়। সেই গোন্ধই মগজুত ভয়ংকৰ প্ৰভাৱ পেলায়। ফলত নাকে-মুখে লেলাউটি ব'বলৈ আৰম্ভ কৰে। তাৰ কিছু সময় পিছতেই মগজুৰ ৰক্তক্ষৰণ হৈ থিতাতে মৃত্যু হয় মানুহজনৰ। সেই কাৰণে নাক-মুখ ভালদৰে তিতা কাপোৰেৰে বান্ধি লৈ মুহূৰ্তৰ ভিতৰতে কস্তুৰীৰ গ্ৰন্থিটো চিঙি পানী ভৰ্তি পাত্ৰটোত বুৰাই দিব লাগে। আৰু লগে লগে পাত্ৰটোৰ মুখখন এনেদৰে বন্ধি পেলাব লাগে যাতে ভিতৰৰ পৰা অকণো বতাহ ওলাব নোৱাৰে। এই ক্ষেত্ৰত সামান্য ভুল হোৱা মানেই মৃত্যু নিশ্চিত। এই ভুলটোৱেই কৰিছিল মানুহজনে। দেখিছেনে মাটিৰ তলত কিমান বছৰ ধৰি পৰি আছে অথচ আজিও তাৰ গোন্ধ কমা নাই।"
বশিৰৰ কথা শুনি ত্ৰিবেদীয়ে কোৱা এষাৰ কথা মনত পৰি গ'ল ঈশানৰ। সন্ন্যাসীজনে ত্ৰিবেদীক কৈছিল, "তই পলাই সাৰিব নোৱাৰিবি। মৃত্যু হ'ব তোৰ।" কাৰণ কস্তুৰীৰ গ্ৰন্থি সংগ্ৰহ কৰাৰ পদ্ধতিটো ত্ৰিবেদীৰ জ্ঞাত নাছিল।
কামাৰ্ত হৰিণীকেইজনীয়ে কিয় মাটি খান্দিছিল সেইটো আৰু বুজাত অসুবিধা নহ'ল ঈশানৰ। মাটিৰ তলৰ পৰা ওলাই অহা কস্তুৰীৰ গোন্ধত সিহঁতে মাটিৰ তলত থকা সিহঁতৰ সংগীক বিচৰাৰ চেষ্টা কৰিছিল। কামনাৰ তাড়নাত বলিয়া হৈ পৰিছিল সিহঁত।
বশিৰৰ কথা শুনাৰ পিছত বিস্ময়ত বাকৰূদ্ধ ঈশানৰ চকুত ভাঁহি উঠিবলৈ ধৰিলে আগৰাতি দেখা দৃশ্যবোৰ- পাগলৰ দৰে মাটি খান্দিছে কামাৰ্ত হৰিণীৰ দলে, ত্ৰিবেদীৰ চকু-মুখেৰে বৈ আহিছে লেলাউটি, জোনৰ পোহৰত দেখা এটা কস্তুৰী মৃগৰ পিছ লৈ সৰল গছৰ আঁৰত হেৰাই গৈছে হৰিণীৰ জাক... মৃত্যুৰ সময়ত যি মিঠা মৃত্যুৰ গোন্ধ ত্ৰিবেদীৰ শৰীৰত লাগিছিল- সিয়ে তাক পৰিণত কৰিছিল এটা অভিশপ্ত কস্তুৰী মৃগত।
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ মোডাছ অ'পাৰেণ্ডি(প্ৰিভিউ)
'কামিনী কাঞ্চন ৰহস্য' কিতাপখনত সন্নিৱিষ্ট উপন্যাস 'মোডাছ অ'পাৰেণ্ডি'ৰ প্ৰিভিউ পঢ়িবলৈ ইয়াত ক্লিক কৰক।