May 30, 2014

কেদাৰনাথ কাণ্ড - অষ্টম অধ্যায়

ৰাজীৱ ফুকন
Kedarnath kanda assamese thriller detective adventure novel
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
অষ্টম অধ্যায়

ফেলুদাই কালি ৰাতি কেতিয়া উভতি আহিছিল নাজানো৷ সেইবিষয়ে আৰু তেওঁক সোধা নাই, যিহেতু তেওঁ চাৰে চাৰিটাৰ আগতেই ৰেডি হৈ ৰৈ আছিল৷

দহ মিনিটৰ ভিতৰত ৰেডি হৈ আমি ওলাই গ'লো৷ বাহিৰত ঈষৎ ৰাতিপুৱাৰ পোহৰ, ৰাস্তাৰ বন্তিবোৰ এতিয়াও জ্বলি আছে ঢিমিক ঢামাক কৈ৷

কেদাৰনাথৰ মন্দিৰ পাৰ হৈ অলপ মুকলি ঠাই পোৱাত ফেলুদাই হঠাৎ সুধিলে, "তই যে জিভা আৰু দাঁতৰ ফাকেৰে খুব জোৰেৰে সুহুৰি বজোৱা আছিলি, এতিয়াও পাৰনে?"

মই অলপ অৱাক হৈ ক'লো, "অ', পাৰো, তাতে কি হ'ল?"

ফেলুদাই ক'লে, "মই যেতিয়াই কওঁ, তেতিয়াই বজাবি৷"

আমি তিনিওজনেই লগত লোহাৰ স্পাইক লগোৱা লাঠি আনিছিলো, নহ'লে অ'ত ত'ত বৰফে ঢকা এই শিলাময় পথেৰে খজ কঢ়া অসম্ভৱ৷ আৰম্ভনিতেই মন্দাকিনীৰ ওপৰেৰে টক্তা-পৰা সেতু এখন পাৰ হ'ব লগীয়া হৈছে আমাৰ৷ নদীখন ইয়াতে সৰু নলাৰ নিচিনা৷ তিনিওফালে আগুৰি আছে তুষাৰ শৃঙ্গই, তাৰে কোনো এটাৰ নাম এতিয়ালৈ আমি জানিব পৰা নাই৷ তাৰ ভিতৰত যিকেইটা আটাইতকৈ ওখ, তাৰ শিখৰত গোলাপী আভা দেখা গৈছে৷ শীত প্ৰচণ্ড, তাৰ মাজতেই কঁপা কঁপা মাতেৰে লালমোহনবাবুৱে হঠাৎ প্ৰশ্ন কৰিলে, "তো হ হ প সে, তুমি সু হু ৰি বজাবা, মোৰ ভু হ হ মিকাতো...?"

ফেলুদাই ক'লে, "আপুনি আপোনাৰ হাতৰ সেই লাঠিডাল প্ৰয়োজনত এনেকৈ ঘূৰাব, মূৰৰ ওপৰত, তাতেই আপোনাৰ শক্তি সামৰ্থ একেলগে প্ৰকাশ পাব৷"

"বু হ জি ই ছো৷"

আৰু আধা ঘন্টা খোজ কঢ়াৰ পিছত দেখা গ'ল দূৰৈত এখন চাই ৰঙৰ মসৃন সমতল৷ চৌদিশৰ শিলৰ মাজত সেইখনেই যে চোৰাবালিতল বা গান্ধী সৰোবৰ, সেইটো বুজাত অসুবিধা নহ'ল৷ হ'লেও মই ফেলুদাৰ পিনে চাই সুধিলো, "সেয়াই নেকি...?" ফেলুদাই মূৰ দুপিয়াই হয়ভৰ দিলে৷

হ্ৰদৰ পশ্চিম পাৰত শিলৰ টিলা এটা আছে, তাত অনায়সে এটা গুহা থাকিব পাৰে৷ গোটেই ঠাইখন এতিয়াও আমাৰ পৰা অন্ততঃ আঢ়ৈশ গজ দূৰত৷ 

আমি যিফালেৰে গৈছো তাত মাটিত সৰু সৰু শিলৰ বাদেও প্ৰকাণ্ড প্ৰকাণ্ড শিলাখণ্ড আছে৷ তাৰোপৰি বৰফ জমা হৈ আছে চৌদিশে৷

কিছু সময় ধৰি লক্ষ কৰি আছো ফেলুদাৰ চাৱনি ইপিনে সিপিনে ঘূৰিছে, তেওঁ যেন কিবা এটা বিচাৰিছে৷ এবাৰ দৃষ্টি এঠাইত স্থিৰ হ'ল৷

তেওঁৰ দৃষ্টি অনুসৰণ কৰি দেখিলো আমাৰ সোঁফালে এটা পাথৰৰ আঁৰৰ পৰা ওলাই আছে কেমেৰাৰ ট্ৰায়পদৰ এটা ঠেং৷ 

ফেলুদায় প্ৰায় নিশব্দে সেইপিনে আগুৱাই গ'ল, আমি তেওঁৰ পিছ পিছে গ'লো৷
পাথৰটোৰ ওচৰ পালত দেখা গ'ল সৰু কোঁৱৰ পৱনদেৱ কেমেৰাত চকু লগাই ৰৈ আছে৷ লেন্সখন দেখিয়েই বুজা গৈছে সেইখন টেলিফ'টো, মানে টেলিস্কোপৰ কাম কৰিব৷ 

সৰু কোঁৱৰৰ ওচৰ পালত তেওঁ ক'লে, "স্পষ্ট দেখা গৈছে গুহাটো, কিন্তু এতিয়াও তেওঁ ওলোৱা নাই৷"

এইবাৰ ক্ৰমে ফেলুদা আৰু মই চকু লগাই চালো৷

হ্ৰদৰ পানী স্থিৰ, তাত আকাশৰ অস্পষ্ট গোলাপী ৰঙ প্ৰতিফলিত হৈছে৷ বাওঁ ফালে কেমেৰা ঘূৰাওতে দেখা গ'ল গুহাটো৷ গুহাটোৰ কাষতে শিলৰ ফাঁকত এখন গেৰুৱা ৰঙৰ পতকা গুজি থোৱা আছে৷ 

আমাৰ চৌপাশে থকা ওখ শৃঙ্গবোৰত এতিয়া গোলাপী ৰ'দ পৰিছে৷ পূবে এটা ওখ শৃঙ্গ, তাৰ পিছ পিনে আকাশৰ ৰং ৰঙা দেখি ভাৱ হৈছে সূৰ্য্য সেইপিনেই ওলাব৷

কেইমিনিট মান পিছতেই পূবৰ শৃঙ্গটোৰ আঁৰৰ পৰা চকু চাট মাৰি ধৰা সূৰ্য্য দেৱতাই উকি মাৰিলে, লগে লগে গান্ধী সৰবোৰ ৰ'দে ধুই পেলালে৷

তেতিয়াই দেখিলো, গুহাৰ গাত ৰ'দ পৰিছে আৰু এক আশ্চৰ্য্য প্ৰাকৃতিক পৰিবেশত এগৰাকী সন্যাসী ওলাই আহিল গুহাৰ পৰা৷ তেওঁৰ দৃষ্টি চিধা পূব দিশত৷ যেন নতুন সূৰ্য্যক স্বাগতম জনাইছে৷ 

"তোপছে, আগুৱাই যা!" ফুচফুচাই আদেশ দিলে ফেলুদাই৷

"মই কেমেৰাতে আছো," ক'লে সৰু কোঁৱৰে৷

আমি তিনিওজনে দ্ৰুততৰে আগবাঢ়ি গ'লো গুহাৰ পিনে পাথৰৰ আঁৰ লৈ লৈ৷ 

পোহৰ হৈছে, কিন্তু কোনো শব্দ নাই৷ প্ৰকৃতিয়ে যেন ৰুদ্ধশ্বাসে কোনো এটা বিশেষ ঘটনাৰ বাবে অপেক্ষা কৰিছে৷

এইবাৰ গুহা, সন্যাসী, পতকা সকলো স্পষ্ট দেখিছো৷ আমি উত্তৰফালে আগুৱাই গৈছো৷ সন্যাসী আমাৰ পিনে পিঠি দি পূৱলৈ চাই আছে, তেওঁৰ গেৰুৱা বসনৰ ওপৰত এখন বাদামী ৰঙৰ পশমি চাদৰ৷

এইবাৰ এটা আচৰিত বস্তু লক্ষ কৰিলো৷ গুহৰ পূব দিশৰ পাথৰৰ টিলাৰ গাত এটা পোহৰ লৰ চৰ কৰিছে৷ সেইটো যে কোনো ধাতব বস্তুৰ পৰা প্ৰতিফলিত, তাত কোনো সন্দেহ নাই৷ এইবাৰ গুহাৰ টিলাটোৰ পিছফালৰ পৰা এজন মানুহ ওলাই আহিল৷ তেওঁৰ ওভাৰকোটৰ কলাৰ উঠোৱা, সেয়ে মুখখন ধৰিব পৰা নাই৷ মানুহজনৰ মূৰত পশমৰ টুপি, আৰু হাতত যিটো বস্তু চিকমিকাইছে সেইটো ৰিভলভাৰৰ বাদে আন একো নহয়৷ 

সন্যাসীয়ে সেই একেই ধৰণে সন্মুখলৈ চাই আছে, সূৰ্য্যৰ পোহৰ পৰিছে তেওঁৰ মুখত৷

ফেলুদাই এইবাৰ চেপা মাতেৰে ক'লে, "মই গৈছো, তহঁতে এই পাথৰৰ আঁৰৰ পৰা চাই থাক৷ ৰিভলভাৰৰ শব্দ শুনিলেই তই সুহুৰি বজাবি৷"
ফেলুদাই নিঃশব্দে আগুৱাই গ'ল গুহাটোৰ পিনলৈ৷ অলপ দূৰলৈ গৈ তেওঁ এটা শিলৰ আৰত এনেদৰে লুকালে যাতে সমস্ত ঘটনা দেখা যায়৷ আমি আছো তেওঁৰ বিছ গজ পিছত, অথচ আমিও দেখিবলৈ পাইছো নাটকৰ সকলো চৰিত্ৰ৷ 

ফেলুদাই জেপৰ পৰা ৰিভলভাৰ উলিয়াই ল'লে৷

এইবাৰ সন্যাসীয়ে দৃষ্টি ঘূৰালে তেওঁৰ বাওঁ ফালে, মানে অভাৰকোটেৰে মুখ ঢকা মানুহজনৰ পিনে৷

পিছমুহূৰ্ততেই ঠাইখনৰ এই অপাৰ্থিৱ নৈশব্দ চুৰমাৰ কৰি এটা ৰিভলভাৰ গৰজি উঠিল৷ লগে লগে অভাৰকোট পিন্ধা মানুহজনে বাওঁ হাতেৰে সোঁ হাতৰ মনিবন্ধত ধৰি বৰফৰ ওপৰত বহি পৰিল৷ তাৰ হাতৰ ৰিভলভাৰটোও চিটিকি পৰিছিল বৰফৰ ওপৰত৷

লগে লগে মোৰ মনত পৰিল ফেলুদাৰ নিৰ্দেশ৷ শুহুৰিৰ শব্দ হোৱাৰ লগে লগেই অ'ৰ ত'ৰ শিলৰ আঁৰৰ পৰা ওলাই আহিল পুলিচ৷

"তোপছে, তহত আহ৷"

আমি দুয়ো দৌৰি আগুৱাই গ'লো ঘটনাস্থলিৰ পিনে৷ এক মিনিটৰ ভিতৰতে পালো গৈ সাধুৰ গুহাৰ সন্মুখ৷ 

সৌম্যমূৰ্তি গেৰুৱাধাৰী সন্যাসীজনে এতিয়াও যেন গোটেই ঘটনাটো অনুধাৱন কৰিব পৰা নাই৷ সকলোৰে পিনে ঘূৰি ঘূৰি অৱাক হৈ চাইছে৷ আৰু যিজন মাটিত বহি আছে হাতৰ গাঁঠিত ধৰি, এতিয়া তাৰ মুখখন দেখা গৈছে৷ সেয়া আন কোনো নহয়, সেয়া হ'ল সাংবাদিক মিঃ ভাৰ্গৱ৷

এজন কনিষ্টবল যেন ফেলুদাৰ পৰা নিৰ্দেশ পাবলৈকে ৰৈ আছিল৷ ফেলুদাই ক'ল, "প্ৰথমতে তেওঁৰ দাৰি খিনি টানি এৰুৱাওক চোন৷"

ভাৰ্গৱৰ দাৰিখিনি টানি এৰুৱাত যিখন মুখ ওলাই পৰিল, সেই মুখখন মেজিকৰ দৰে আচৰিত ধৰণে চিনাকি চিনাকি লাগিল, তেতিয়া ফেলুদাই নিজে গৈ একে টানে মূৰৰ টুপিটো খুলি দিলে৷

"আচৰিত কথা.." ক'লে ফেলুদাই, "কেৱল যে ইয়াৰ কাণৰ লটি দেউতাকৰ নিচিনা, তেনেকুৱা নহয়, ই সেওঁতাও ফালে দেউতাকৰ দৰে সোঁফালে, আৰু সেই কাৰণে ইয়াক দেখি মোৰ ইমান অস্বস্তি লাগিছিল৷"

ইয়াৰ অৰ্থ হ'ল, এওঁ উমাশঙ্কৰ পুৰীৰ ল'ৰা দেবীশঙ্কৰ পুৰী৷

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ