May 27, 2014

কেদাৰনাথ কাণ্ড - পঞ্চম অধ্যায়

ৰাজীৱ ফুকন
Kedarnath Kanda Assamese Detective Novel
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
পঞ্চম অধ্যায়

পাণ্ডাসকলৰ ৰুমত ৰাতিটো কটাই পুৱা পাঁচটাতে উঠি আমি তিনিওজন বাহিৰলৈ ওলাই আহিলো৷

ইমান ৰাতিপুৱাই-পুৱাই বিভিন্ন দেশৰ যাত্ৰীৰে ভৰি পৰিছে ঠাইখন, নেদেখিলে বিশ্বাসেই নহয়৷ তাৰ মাজত বঙালীৰ সংখ্যাই আটাইতকৈ বেছি, সিহঁতৰ প্ৰায় সকলোৱেই দল বান্ধি আহিছে৷ দল বুলিলে অৱশ্যে পৰিয়ালো বুজায়৷ সত্তৰ বছৰীয়া ককাকৰ সৈতে পাঁচ বছৰীয়া নাতিনী পৰ্য্যন্ত, তাৰ লগত মাহী পেহীও যে নাই, তেনেকুৱা নহয়৷ 

ভিৰৰ মাজত হঠাৎ কেমেৰাৰে সৈতে পৱনদেৱক দেখি অৱাক হ'লো৷ তেওঁ ঘোঁৰা ভাৰা কৰিছে দুটা, এটা নিজৰ বাবে আৰু এটাৰ পিঠিত সৰঞ্জাম নিব৷ আমাক দেখি ক'লে, সোণপ্ৰায়গত হেনে কিছু ইন্টাৰেষ্টিং ছবি ল'ব লগীয়া আছিল, সেয়ে কালি আহি পাওতে ৰাতি হৈ গ'ল৷ তেওঁ হেনো ৰৈ ৰৈ ছবি তুলি যাব৷ কেমেৰা আৰু চাউণ্ডৰ সৰঞ্জাম থাকিব নিজৰ লগত৷ ফিল্ম, অৰ্থাৎ কেঁচা মাল থাকিব আনটো ঘোঁৰাৰ পিঠিত৷

ফেলুদাই সৰু কোঁৱৰৰ ওচৰৰ পৰা আঁতৰি আহি ক'লে, "ৰহস্যৰ শেষ নাই৷ তেওঁ তাত মানুহ লগাইছে নেকি উপাধ্যায়ক বিচাৰি উলিয়াবলৈ?"

যি হওঁক, এইবোৰ ভবাৰ সময় এতিয়া আৰু নাই, কাৰণ আমৰ যোৱাৰ সময় হৈছিল৷

"আপুনি তেনেহ'লে দৃঢ় সংকল্প যে খোজ কাঢ়িয়েই যাব?" ফেলুদাই লালমোহনবাবুক আকৌ সুধিলে৷

"ইয়েছ ছাৰ৷" ক'লে জটায়ুই, "সেই বুলি আপোনালোকৰ সৈতে তাল মিলাই খোজ কাঢ়িব পাৰিম নে নাই সেই বিষয়ে..."

"সেই বিষয়ে আপুনি একো চিন্তা নকৰিব৷ আপুনি আপোনাৰ নিজৰ ক্ষমতা অনুযায়ী খোজ কাঢ়িব৷ গন্তব্য যিহেতু এক, ৰাস্তা যিহেতু এক, গতিকে পিছ পৰিলেও কোনো কথা নাই৷ লওঁক, এইটো হাতত লওঁক৷"

আমাৰ তিনিজনৰ বাবে তিনিদাল লাঠি কিনি লৈছো৷ তলৰ অংশটোত জোঙা লোহা লগোৱা৷ এনেকুৱা লাঠি এতিয়া প্ৰত্যেকজন পদযাত্ৰীৰ হাতত৷ ইয়াৰ দাম দুটকা, উভতি আহি ঘূৰাই দিলে একটকা ঘূৰাই পোৱা যায়৷ তাৰেই এডাল ফেলুদাই লালমোহনবাবুক দিলে৷ 

আমি ঘড়ী চাই ছটাত ৰাওঁনা হ'লো৷ লালমোহনবাবুৱে যেনেদৰে চিঞৰি "জয় কেদাৰ" বুলি তেওঁৰ প্ৰথমটো
খোজ পেলালে, মোৰতো ভাৱ হ'ল, তাতেই তেওঁৰ আধা এনাৰ্জি গুছি গ'ল বুলি৷

পাহাৰৰ গাত পাথৰ বন্ধোৱা ৰাস্তা৷ কেৱল যে ঠেক তেনেকুৱা নহয়, কোনো কোনো ঠাইত এজনৰ বেছি লগা লগিকৈ যাব নোৱাৰি৷ এফালে পাহাৰ, এফালে খাদ, খাদৰ তলেৰে বৈ গৈছে মন্দাকিনী৷ দুয়োফালেই মাজে মাজে ডাঙৰ ডাঙৰ গছ থকাৰ ফলত যাত্ৰী সকলৰ মূৰৰ ওপৰত ছাঁ পৰিছে৷ হ'লেও বেছিভাগ ঠাইতে গছ গছনি নাই৷ কেৱল শুকান ঘাঁহ আৰু পাথৰ৷ যিয়ে খোজকাঢ়ি গৈছে, তেওঁলোকৰ অসুবিধা হৈছে, অশ্বাৰোহী আৰু ডাণ্ডিবাহীৰ বাবে প্ৰায়ে তেওঁলোকে বাট এৰি দিব লগীয়া হৈছে৷ ইয়াৰ নিয়মতো হ'ল, পাহৰত আউজি বাট এৰি দিয়া, খাদৰ ফালে গৈ বাট এৰি দিলে পদস্খলনৰ সম্ভাৱনা৷

যোগাসন কৰো কাৰণে চাগে আমি দুটাৰ বৰ এটা কষ্ট হোৱা নাছিল৷ লালমোহনবাবুৰ পক্ষে কামটো কষ্টকৰ হ'লেও তেওঁ চেষ্টা কৰিছিল যাতে সেয়া বাহিৰত প্ৰকাশ নাপায়৷ ওপৰলৈ উঠি থকা সময়ত কথা পাতিব পৰা নাযায়, সেয়ে অলপমান সমতল ৰাস্তা পোৱাত আমাৰ ওচৰ পাই তেওঁ ক'লে, "টেনজিং নোৰকেৰ মহাত্ম্য কোনখিনিত, সেইটো আজিহে উপলব্ধি কৰিব পাৰিছো৷"
বিশ মিনিটমান যোৱাৰ পিছত এটা ঘটনা ঘটিল, যিটোৱে আমাৰ কেদাৰ পাওঁতে আৰু আধা ঘন্টা পিছুৱাই দিলে৷

এটা বেছ ডাঙৰ পাথৰৰ টুকুৰা পাহাৰ গাৰে হঠাৎ বাগৰি আহিল ফেলুদাৰ পিনে৷ ঘটনাটো সম্বন্ধে সচেতন হওঁতে যি কেইটা মুহুৰ্ত্ত গ'ল, তাতেই কিছু ডেমেজ হৈ গ'ল৷ পাথৰৰ ঘঁহনি খাই ফেলুদাৰ হাতৰ এইচ এম টি ঘড়ীটো ভাঙি চুৰা মাৰ হৈ গ'ল, আৰু আমাৰ কাষৰ এগৰাকী প্ৰৌঢ় যাত্ৰীৰ লাঠিডাল হস্তচ্যুত হৈ ওচৰৰ খাদলৈ পাথৰৰ সৈতে ধুমুহাৰ বেগত নামি গ'ল মন্দাকিনীক লক্ষ কৰি৷

ফেলদু অকণমান হতভম্ভ হৈ পৰিলেও সেয়া মুহূৰ্ত্তৰ কাৰণে৷ তেওঁৰ শৰীৰ যে কিমান মজবুট আৰু ষ্টেমিনা যে কি সাংঘাটিক, সেইটো বুজি পালো ইমানখিনি ওখ পথ খোজ কঢ়াৰ পিছতো তেওঁ থিয় পাহাৰৰ গা বগাই ওপৰলৈ উঠি গ'লত৷ ময়ো তেওঁৰ পিছে পিছে গৈছিলো, কিন্তু যেতিয়াই তেওঁৰ ওচৰ পালো, তাৰ আগতেই তেওঁ এটা মানুহৰ কলাৰত ধৰি তাক এজোপা গছত হেঁচি ধৰিছে৷ মানুহটোৰ বয়স পঁচিছৰ বেছি নহয়৷ তাৰ চেহেৰা শেঁতা পৰি গৈছিল, লগতে সি স্বীকাৰ কৰিলে যে পাথৰ পেলোৱাৰ ক্ষেত্ৰত সি আন এজনৰ আদেশ পালন কৰিছিল৷ জেপৰ পৰা দহখন খমখমিয়া দহ টকীয়া নোট উলিয়াই দেখুৱাই সি ক'লে কিয় সি এনেকুৱা এটা কাম কৰিবলৈ ৰাজি হৈছিল৷

কোনে তাক টকা দিছে সোধোতে ক'লে, সিহঁতৰ জাতৰে এজন অচিনাকি মানুহে৷ বুজা গ'ল আচল মানুহ সি নহয়, সি কেৱল দালালৰ কাম কৰিছে৷

সদ্যহতে ফেলুদাই মানুহজনৰ গাৰ পৰা এখন পশেমৰ চাদৰ খুলি, সেই খনেৰেই তাৰ দুহাত পিছপিনে লগ কৰি গছ এজোপাৰ সৈতে বান্ধি দিলে৷ ক'লে যাত্ৰী সকলৰ মাজে মাজে কনষ্টেবল ঘূৰি থাকে, তাৰে কাৰোবাক ল'গ পালে তাৰ ওচৰলৈ পঠিয়াই দিব৷

লালমোহন বাবুৰ ভাষাত পাথৰ পেলোৱাৰ আঁৰৰ অন্তৰ্নিহিত কাৰণটো সঁচাই ভাবিব লগীয়া৷ তেওঁ ক'লে, "গম পোৱা গৈছে, কোনোবাই বা কিছুমানে কেদাৰত আপোনাৰ উপস্থিটো প্ৰিভেন্ট কৰিবলৈ উঠি পৰি লাগিছে৷"

গৌৰীকুণ্ড আৰু কেদাৰৰ মাজত এখন ঠাই আছে, যাৰ নাম ৰামোৱাৰা৷ সকলোৱে তাত বিশ্ৰামৰ বাবে ৰয়৷ অতিথিশালা আছে, ধৰমশালা আছে, চাহৰ দোকান আছে৷ লালমোহনবাবুক আমি ইয়াতে আধাঘন্টা জিৰণি দিবলৈ ঠিক কৰিলো৷ ইয়াৰ উচ্চতা আঢ়ৈ হাজাৰ মিটাৰ, অৰ্থাৎ প্ৰায় আঠ হাজাৰ ফুট৷ চৌপাশৰ দৃশ্য ক্ৰমে ফেন্টাষ্টিক হৈ আহিছে৷ লালমোহনবাবু একেবাৰে মহাভাৰতৰ মুদলৈ গুছি গৈছে; আনকি এনেকৈও কৈছে যে যাত্ৰাকালত যদি তেওঁৰ পতনো হয়, তেতিয়াও কোনো আক্ষেপ নাথাকিব, কাৰণ এনেকুৱা গ্ল'ৰিয়াছ মৃত্যু সকলোৰে ভাগ্যত নিমিলে৷

ফেলুদাই ক'লে, "আপুনি কিন্তু পাব্লিকক যিমান গাঁজাখুৰি মৰা কাহিনী পঢ়ুৱাইছে, আপোনাৰ নৰকভোগ নকৰাকৈ যোৱাৰ আশা কম৷"

"হেঃ", ক'লে লালমোহনবাবুৱে, "যুধিস্থিৰেই ৰক্ষা পোৱা নাই মহাশয় নৰকভোগৰ হাতৰ পৰা, আৰু লালমোহন গাঙ্গুলী৷"

বাকী চাৰে তিনি মাইলৰ ভিতৰত এটা উল্লেখযোগ্য ঘটনা ঘটিল৷ এঠাইৰ পৰা হঠাৎ কেদাৰৰ মন্দিৰৰ চূৰা দেখা যোৱাত সকলো যাত্ৰীয়ে, জয় কেদাৰ বুলি কোনোবাই শিৰ নত হৈ, কোনোবাই হাত জোৰ কৰি, কোনোবাই সষ্টাংগ হৈ প্ৰণাম জনালে৷ কিন্তু আকৌ খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে মন্দিৰৰ চূৰা লুকাই পৰিল পাহাৰ আঁৰত, আকৌ ওলাল একেবাৰে কেদাৰ পোৱাৰ পৰত৷ পিছত জানিছিলো সেই বিশেষ ঠাইখনৰ পৰা সেই বিশেষ দৰ্শনক এওঁলোকে কয়, "দেওঁ-দেখ্নী৷"

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ