“বন্ধু বিদায়, পইছা-পাতি চব শেষ। সেয়ে ঘৰলৈ বুলি
দুদিন মান আগতেই ওলালোঁ।”- মোৰ বুকুখন চিৰিংকৈ গ'ল। এনেকুৱা এটা মেছেজ আহিব পাৰে বুলি
আগতেই অনুমান কৰিছিলোঁ। আলিটোৰ সিটো পাৰত বিনাই থকা কুকুৰটোৱে মোৰ
মনটো বেছি গধুৰ কৰি তুলিলে। পৰহিৰ পৰা সেইখিনিতে সি মৃত্যুমুখী যন্ত্ৰনাত
কেঁকাই-গেঁঠাই ৰৌ-ৰৌৱাই আছে।
আন্ধেৰি-ইষ্টৰ সেই ঘোপ-মৰা কোঠাটোত
এদিন নিশা তেওঁক মই সুধিছিলোঁ, লাচ-ভেগাচৰ পিছত তেওঁ ক'লৈ যাব। তেওঁ কৈছিল : “তাৰ পৰা চিধা ঘৰলৈ।” ওঁঠত লাগি আছিল
চিৰ-পৰিচিত তেওঁৰ সেই কৰুণ হাঁহিটো।
সেই কোঠাটোত মই তেওঁক এসপ্তাহৰ কাৰণে
লগ পাইছিলোঁ। জীৱনৰ প্ৰতি থকা কিবা এক মোহত তেওঁ তালৈ গৈছিল। ময়ো গৈছিলোঁ জীয়াই
থকাৰ মোহতে।
“ধৰি লওক আপোনাৰ বয়স পঁচিশ বছৰ। হাতলৈ
অগাধ ধন আহিছে আৰু সম্পূৰ্ণ এটা বছৰ আপোনাৰ সন্মুখত পৰি আছে। আপুনি কি কৰিব?”
-তেওঁ
মোক সুধিছিল।
মই কৈছিলোঁ : “সেই ধনেৰে প্ৰথমতে মই মোৰ ভৱিষ্যতটো
সুনিশ্চিত কৰাৰ চেষ্টা কৰিম। তাৰ পিছত....”
“যদি আপোনাৰ ভৱিষ্যতটো প্ৰথমৰ পৰাই
সুনিশ্চিত হৈ থাকে? আৰু এতিয়াই সাংসাৰিক বান্ধোনত সোমাবলৈ বিচৰা নাই?” তেওঁ মোক বাধা দি প্ৰশ্ন কৰিছিল।
মই কৈছিলোঁ, “মই নাজানো.....বোধহয় লাহ-বিলাস....।”
“মই হ'লে এটা বছৰ চৰম তৃপ্তিত মচগুল হৈ
থাকিবলৈ ভাল পাম। চৰম তৃপ্তি বুলিলে বাৰু আপুনি কি বুজে? আপোনাৰ লাহ-বিলাসে বাৰু নাৰী-সংগকো
আবৰি লয়নে?”
তেওঁ পৃথিৱীখন চাব খুজিছিল। দেশ-বিদেশ
ভ্ৰমিব খুজিছিল। সেই এটা সপ্তাহ তেওঁক মই একেবাৰে নিকটৰ পৰা পাইছিলোঁ, আমাৰ মাজৰ সম্বোধন আপোনাৰ পৰা তুমিলৈ
পৰ্যবসিত হৈছিল আৰু তাৰ এদিন আগৰ পৰাই তেওঁৰ তেজ মোৰ সিৰেৰে ব’বলৈ লৈছিল।
“আগতে হতাশাত ভুগিলে মই স্ব-স্খলনত ৰত
হৈছিলোঁ, এতিয়াৰ পৰা নহ'ও।” তেওঁ মোক তৃতীয় দিনাখন কৈছিল। “এতিয়াৰ পৰা
নাৰী-সংগত ৰত থাকিম।”- নাৰী-দেহৰ প্ৰতিও আছিল তেওঁৰ অগাধ কৌতূহল। হাতলৈ ধন অহাত তেওঁৰ স্খলন ঘটা নাছিল। পুঞ্জীভূত হৈ থকা কামনা-বাসনা বোৰে মাত্ৰ মুক্তি বিচাৰিছিল। সপোনে পূৰ্ণতা
বিচাৰিছিল।
তেওঁৰ মগজুৰ ব্যাধি ঘটিছিল, যি ব্যাধিয়ে শৰীৰ আন আন
অংগ-প্ৰত্যংগবোৰত প্ৰভাব নেপেলায়।
“মগজুৰ ব্যাধি, তেজেৰে সংক্ৰমিত নহয়।” -চিকিৎসক এজনে
কৈছিল।
পেৰিছত থাকোতেও তেওঁ এদিন মোলৈ ফোন
কৰিছিল। সেই দিনাখন তেওঁৰ হেনো ভয় লাগিছিল। হতাশাক পাহৰিবলৈকে তেওঁ দুঘন্টা ধৰি
ফৰাচী ৰমণী এগৰাকীৰ সৈতে দৈহিক তৃপ্তিত বিলীন হৈ আছিল। তাৰ পিচত ভয়ে উক দিছিল। ভয়ক
পাহৰাৰ আন একো উপায় নেদেখি তেওঁ মোলৈ ফোন কৰিছিল। মই তেওঁক মদ খাবলৈ উপদেশ
দিছিলোঁ। স্বভাৱবশতঃ তেওঁ মোৰ ফোন দুদিননৈ ৰিচিভ কৰা নাছিল। আজিও তেওঁ মোৰ ফোন
ৰিচিভ কৰা নাই। তাৰ পিছত এদিন তেওঁক মই ড্ৰাগছ খাবলৈ উপদেশ দিছিলোঁ।
কুকুৰটোৰ বিননি অসহ্যকৰ হৈ পৰিছে। মই
ভাতৰ মখা এটা তালৈ দলিয়াই দিলোঁ, তাৰ বাদে আন কিবা সহায় কৰিবলৈ মই
অপাৰগ। সি এতিয়াও বিনাই আছে।
ৰাতিপুৱা মই তেওঁলৈ পুনৰ ফোন কৰিলোঁ।
ৰিচিভ কৰিলে। সিমূৰৰ পৰা নিশ্বাসৰ শব্দ ভাহি আহিল।
“বিশাল?”-মোৰ মাতটো সামান্য কঁপিছিল।
“মই ডিটেক্টিভ ৰিচাৰ্ডচন।” এটা
গুৰু-গম্ভীৰ কণ্ঠস্বৰ- “আপুনি?”
“অয়ন বৰুৱা, তেখেতৰ বন্ধু।”
তেওঁ জনালে বিশালে আত্ম-হত্যা কৰিছে।
খবৰটো শুনিবলৈ মই সম্পূৰ্ণৰূপে প্ৰস্তুত আছিলোঁ। ডিটেক্তিভজনক মই বুজালোঁ, ক'লো যে বিশাল মগজুৰ এটা জটিল ৰোগত ভুগি
আছিল। মৃত্যু তেওঁৰ সুনিশ্চিত আছিল। ভৱিষ্যত বুলিবলৈ আৰু কেইটামান দিন। মাত্ৰ নকলো, পুঞ্জীভূত হৈ থকা কামনা-বাসনাক মুক্তি
দিবলৈ, তেওঁৰ সপোনক পূৰ্ণতা দিবলৈ তেওঁ যে নিজৰ কিডনি এটা বেছি দিছিল।
ফোনটো লাহেকৈ নমাই থ'লোঁ। মোৰ বুকুৰে উজাই আহিল এটা অশ্ৰু সিক্ত
হুমুনিয়াহ। পেটটোৰ ক’ৰবাত কিবা এটাই বিন্ধা মাৰি ধৰিলে। মই
তলপেটটো চুই চালো। মই নমৰালৈকে তেওঁ জীয়াই থাকিব মোৰ মাজত, তেওঁৰ কিডনিটোৰে সৈতে।
মোৰ জীৱনৰ এটা অধ্যায়ৰ আজি অন্ত পৰিল।
পুৱাটো সাংঘাতিক ভাবে উৰুঙা-উৰুঙা লাগিছে। কুকুৰটোৱেও আজি বিনোৱা নাই। মই খিৰিকীৰে
ডিঙি মেলি চালোঁ। আলি বাটটোৰ সিটো পাৰত সি আজি নাই। যোৱা তিনিদিন ধৰি সি বাগৰি থকা ঠাই
কণ আজি শূন্য। মূৰ ঘুৰাওঁতে দেখিলো- মোৰ জপনা মুখত দাঁত নিকটাই পৰি আছে তাৰ নিথৰ
দেহটো। সি কেনেকৈ আলিবাটটো পাৰ হৈ এই পিনে আহিল আৰু কিহৰ বাবে?
*******
পূৰ্বপ্ৰকাশ : সাতসৰী, মাৰ্চ-২০১৩
Val lagil
ReplyDeleteধন্যবাদ আপোনাক।
Delete