Jun 17, 2016

বিটকইন কি আৰু ইয়াক কেনেদৰে আহৰণ কৰিব পাৰি?

ৰাজীৱ ফুকন

Bitcoin by Rajiv Phukan
নমস্কাৰ, মই ৰাজীৱ৷ আমাৰ আজিৰ পোষ্টটোৰ বিষয় বস্তু হ'ল, বিটকইন (Bitcoin) এই কথাখিনি আমাৰ ইউটিউব চেনেলত ভিডিঅ' আকাৰতো পোষ্ট কৰা হৈছে৷ আপোনালোকে ইচ্ছা কৰিলে
কথাখিনি তলৰ  লিংটোত ভিডিঅ' ৰূপতো চাব পাৰে৷



প্ৰথমতে জানো আহক বিটকইন কি? 

বিটকইন হৈছে এবিধ ভাৰ্চুৱেল মুদ্ৰা বা টকা৷ ভাৰ্চুৱেল, মানে যাৰ অৱস্থিতি কেৱল কম্পিউটাৰ ভিতৰত৷ আপুনি তাক হাতেৰে চুব নোৱাৰে৷ কেৱল অনলাইন যোগেহে ইয়াক ব্যৱহাৰ কৰিব পৰিব৷ ইয়াৰ অৰ্থ এইটো নহয় যে বিটকইনেৰে কেৱল অনলাইন চপিঙহে কৰিব পাৰি৷ আজি কালি বাৰ, ৰেষ্টুৰেন্ট, চপিং মল আদিতো বিটকইন একচেপ্ট কৰিবলৈ লৈছে৷ তাৰবাবে লগত আপুনি মোবাইলটো নিব লাগিব৷ তলৰ ফটোখনত দেখোৱাৰ দৰেই  QR ক'ডৰ জৰিয়তে আপুনি এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ বা কম্পিউটাৰলৈ বিটকইন ট্ৰেন্সফাৰ কৰিব পাৰিব৷

QR ক'ড যোগে বিটকইনৰ লেন দেন

২০০৮ চনত চাটোচি নাকামোটো (Satoshi Nakamoto) ছদ্ম নামেৰে কোনোবা প্ৰগ্ৰেমাৰে বিট কইনৰ আবিষ্কাৰ কৰিছিল৷ চাটোচি নাকামোটো এজন মানুহ, নে এটা সংগঠন কোনোৱে নাজানে৷ ২০০৯ চনত বিটকইনক তেওঁ ওপেন চোৰ্চ চফ্টৱেৰ হিচাপে মুকলি কৰি দিয়ে৷ ওপেন চ'ৰ্চ মানে সকলোৰে কাৰণে মুক্ত৷

বৰ্তমান সময়ত এটা বিটকইনৰ বজাৰ মূল্য হৈছে প্ৰায় ৪৮ হাজাৰ ভাৰতীয় টকা৷ যোৱা দুদিন আগতে যাৰ বজাৰ মূল্য আছিল ৩৯ হাজাৰ টকা৷ ইমান বেগেৰে বাঢ়িছে যে কম সময়ৰ ভিতৰতে বিশ্ব অৰ্থনীতিত তোলপাৰ লগাই দিছে৷ BTCX India, Unocoin আদি ৱেবচাইটত টকাক বিটকইনলে সলনি কৰিব পাৰি৷ আৰু বিটকইনক টকালৈ৷


কেবাটাও কাৰণত মানুহ বিটকইনৰ প্ৰতি আকৰ্ষিত হৈছে৷ 


প্ৰথম কথা বিটকইন এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে যাৰ কোনো কেন্দ্ৰ নাই৷ ইয়াৰ কোনো নিৰ্দিষ্ট নিয়ন্ত্ৰক নাই৷ যেনে, বেঙ্ক, চৰকাৰ ইত্যাদি৷  ফলত বিটকইনেৰে লেনদেন কৰিলে কোনো বেং অথবা থাৰ্ড-পাৰ্টিক ট্ৰেঞ্জেক্সচন ফিজ দিবলগীয়া নহয়৷ ইয়াক পিয়েৰ টু পিয়েৰ ট্ৰেঞ্জেক্সন বুলি কোৱা হয়৷ মানে হাতা-হাতি পইচা দিয়াৰ নিচিনা৷
দ্বিতীয়তে ইন্টাৰনেচনেলি যিকোনো দেশতে ইয়াৰ লেনদেন কৰিব পাৰি৷ টকা, ডলাৰ, ইউৰো আদিৰ দৰে বিটকইনৰ বেলেগ বেলগ দেশত বেলেগ বেলেগ ৰূপ নাই৷

তৃতীয়তে বিটকইন ব্যৱহাৰ কৰা জনক কোনেও ট্ৰেক কৰিব নোৱাৰে৷ ফলত ডাৰ্ক-ৱেবৰ অবৈধ বজাৰত ড্ৰাগছ, অস্ত্ৰ-সস্ত্ৰ আদি কিনিবলৈ, বা আন আন ইলিগেল কামত বিটকইনৰ ব্যৱহাৰ কৰা হয়৷ ডাৰ্ক-ৱেবৰ বিষয়ে মই আন এটা ভিডিঅ' আৰু প্ৰবন্ধ অতি শীঘ্ৰেই আপলোড কৰিম৷

চিল্ক ৰ'ড: ডাৰ্ক-ৱেবৰ ড্ৰাগ্ছৰ Amazon
চতুৰ্থতে বিটকইন মাইনিং, যাৰ জড়িয়তে ঘৰতে বহি নতুন বিটকইন সৃষ্টি কৰিব পাৰি৷ বিটকইন মাইনিঙৰ বিষয়ে তলত আলোচনা কৰা হৈছে৷

পাচ নম্বৰত ফৰেক্স ট্ৰেদিং৷ বিটকইনৰ বজাৰ মূল্য ইমান বেগৰে বাঢ়ি গৈছে যে, আপুনি যদি আজি এটা বিটকইন কিনে এসপ্তাহ পিছত তাক প্ৰায় দুগুণ দামত বেচিব পাৰিব৷


বিটকইনৰ চিকিউৰিটি ব্যৱস্থা কেনেকোৱা?
 

বিটকইনৰ আভ্যন্তৰীণ কাৰ্য প্ৰণালী আৰু চিকিউৰিটি ব্যৱস্থাটোৰ বিষয়ে মই আন এটা ভিডিঅ' আৰু লেখাত বিষদভাবে বৰ্ণনা কৰিছোঁ৷ লেখাটো পঢ়িবলৈ ইয়াতে ক্লিক কৰক আৰুিডিঅ'টো তলত উল্লেখ কৰিলোঁ।


 
Bitcoin Security Model and Mining Explained

 
বিটকইন মাইনিং
ইয়াতে মই সহজতে বুজিব পৰাকৈ এইখিনিকে কও যে, বিটকইনৰ চিকিউৰিটিৰ ব্যৱস্থাটোক মাইনিং (mining) কৰা বুলি কোৱা হয়৷এই ব্যৱস্থাটোৰে পৃথিৱীৰ বিভিন্ন চুকত থকা কম্পিউটাৰবোৰক একত্ৰিত কৰি এখন নেটৱৰ্ক সৃষ্টি কৰা হৈছে৷ এই কম্পিউটাৰবোৰক মাইনাৰ(miner) বুলি কয়৷ ইয়াত আপুনিও অংশ গ্ৰহণ কৰিব পাৰে৷ নেটৱৰ্কৰ এই কম্পিউটাৰবোৰে প্ৰথমৰ পৰা আজিলৈ বিটকইনৰ প্ৰত্যেকটো ট্ৰেনজেক্সনৰ ডিটেইল্ছ  এটা ফাইলত ৰেকৰ্ড কৰি গৈছে৷ আৰু এই প্ৰক্ৰিয়াটোৰে বিটকইনক হেক কৰাটো অসম্ভৱ কৰি তুলিছে৷


দিনে দিনে মাইনিঙত অংশ লোৱা কম্পিউটাৰৰ সংখ্যা বাঢ়ি গৈ আছে৷আৰু চিকিউৰিটি চিস্টেমটো ষ্ট্ৰং হৈ গৈ আছে৷ কাৰণ এটা সফল মাইনিংৰ ফলত ২৫টা নতুন বিটকইনৰ সৃষ্টি হয়৷ যাৰ মূল্য বাৰ লাখৰো অধিক৷আৰু এই টকাখিনি মাইনিং কৰা জনে লাভ কৰে৷চাটোচি নাকামোটোৱে বিটকইনৰ চিকিউৰিটি ব্যৱস্থাটো শক্তিশালী কৰিবলৈ, মানুহক মাইনিঙৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই ব্যৱস্থাটো কৰিছিল৷


বিটকইন কেনেকৈ ঘটিব পাৰি৷ 


ওপৰত মই বিটকইন মাইনিঙৰ কথা উল্লেখ কৰিছোঁ৷ মাইনিং শব্দটোৰ অৰ্থই হ'ল খনি খান্দা, খনিজ সম্পদৰ সন্ধান কৰা৷ মাইনিঙৰ জড়িয়তে নতুন বিটকইনৰ সৃষ্টি কৰা হয়৷ আৰু  মাইনিং কৰা জনে সেই টকাখিনি লাভ কৰে৷ মাইনিঙৰ জড়িয়তে ঘৰৰে পৰাই কেনেকৈ বিটকইন ঘটিব পাৰি , সেই বিষয়ে এটা টিউট'ৰিয়েল অতি শীঘ্ৰেই মই আপলোদ কৰি আছোঁ৷

আন এটা বিটকইন ঘটাৰ উপায় হ'ল ফৰেক্স ট্ৰেদিং৷ সহজ ভাষাত কবলৈ গ'লে বিটকইনৰ কিনা বেছা৷ দাম কম থাকোতে বিটকইন কিনিলে দাম বঢ়াৰ লগে লগে বেছি দিলে৷BTC India, Unocoin আদি ৱেবচাইতৰ মাধ্যমেৰে বিটকইনৰ  বেছা কিনা কৰিব পাৰি৷ এই বিষয়েও মই টিউটোৰিয়েল এটা নিশ্চয় বনাম৷


বিটকইনৰ বৈধ নে অবৈধ?


পৃথিৱীৰ বিভিন্ন দেশত বিটকইন বৈধ৷ জাৰ্মানী, ব্ৰাজিল, বুলগেৰিয়া, কানাডা, ফ্ৰেন্স, আমেৰিকা আদি বহুকেইখন দেশত বিটকইনৰ ব্যৱহাৰত কিছু নীতি নিয়ম বান্ধি দি বৈধতা প্ৰদান কৰা হৈছে৷ কানাডাত বিটকইনৰ প্ৰথমটো ATM বহে৷ এতিমটোৰে কানাডিয়ান ডলাৰ ৰুপত বিটকইন ওলাই আহে৷ ভাৰতবৰ্ষত বিটকইন অফিচিয়েল নহয় যদিও ইয়াক অবৈধ বুলিও ঘোষণা কৰা নাই৷ মাজতে ভাৰত চৰকাৰে BTCX  India নামৰ ৱেবচাইতটো বন্ধ কৰিছিলে৷ পিছত পুনৰ মুকলি কৰি দিয়ে৷ বাংলাদেশত বিটকইন সম্পূৰ্ণ ৰূপে নিষিদ্ধ৷ কেনেবাকৈ ব্যৱহাৰ কৰা গম পালে এৰেষ্ট কৰাৰ কথা জনাইছে৷

আশা কৰো এই লেখাটোৰ পৰা আপোনালোকে বিটকইনৰ বিষয়ে কিছু কথা জানিব পাৰিলে৷ আপোনালোকৰ মনত কিবা প্ৰশ্ন আহিলে, বা দিহা পৰামৰ্শ দিবলগীয়া থাকিলে বিনা দ্বিধাই ক’মেণ্ট বক্সত পোষ্ট কৰিব৷ আৰু আমাৰ আন আন টিউটেৰিয়েল আৰু টেক-নিউজ বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল “Me, myself and Rajiv Phukan” চাবস্ক্ৰাইব কৰে যেন আৰু এই ব্ল'গটো  বুকমাৰ্ক কৰি ৰাখে যেন৷ ধন্যবাদ৷








  1. বঢ়িয়া লিখনি ৷ জানিবলগীয়া কথা ৷ 'বিটকইন' মাইনিংৰ বাবে প্ৰয়োজনীয় কম্পিউটাৰ hardware ৰ configuration ৰ বিষয়েও লিখিবচোন ৷

    ReplyDelete
  2. ধন্যবাদ, এই পোষ্টোত ত বিটকইনৰ চিকিউৰিটী ব্যৱস্থাটো কিমান বিশ্বাসযোগ্য, ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰা হয়, আৰু মাইনিঙৰ বিষয়ে সবিশেষ উল্লেখ কৰা হৈছে । বিটিকইনৰ আভ্যন্তৰীণ কাৰ্য প্ৰণালী আৰু ইয়াৰ চিকিউৰিটি ব্যৱস্থা৷

    ReplyDelete