
কিন্তু ৰাতি হ'লে এই মোবাইল ফোনটো, সি নিজে নজনাকৈ আমাৰ বাবে ক্ষতি কাৰক হৈ পাৰিব পাৰে৷ কাৰণ বেচেৰা ইমানো স্মাৰ্ত নহয়৷ আৰু আজি মই আপোনালোকলৈ আগবঢ়াম, আপোনালোকৰ মৰমৰ স্মাৰ্ট ফোনটোক অধিক স্মাৰ্ট কৰি তুলিবলৈ কেইটামান কৌশল আৰু দুটামান অতি প্ৰয়োজনীয় এপ।
তলত এই পোষ্টটোৰ কথাখিনি ভিডিঅ' আকাৰতো প্ৰকাশ কৰা হ'ল। এপ কেইটা কেনেদৰে ব্যৱহাৰ কৰা হয় ভিডিঅ'টোত দেখোৱা হৈছে।।
![]() |
নীলাৰ পৰা হালধীয়া |
প্ৰথমটো এপ, ব্লু লাইট ফিল্টাৰ৷ বেলেগ বেলেগ
মোবাইলত ই বেলেগ বেলেগ নামেৰে থাকিব পাৰে৷ মূলত: ইয়াৰ কাম হ'ল মোবাইলৰ স্ক্ৰীণৰ
পৰা ওলোৱা নীলা পোহৰক হালধীয়ালৈ পৰিবৰ্তন কৰা৷ কাৰণ ৰাতি হ'লে নীলা পোহৰ আমাৰ বাবে
অত্যন্ত ক্ষতিকাৰক হৈ পৰে৷ নীলা পোহৰ দেখিলে মগজুৱে দিন বুলি ভুল কৰি মেলেটোনিন
নামৰ হৰম’নটোৰ ক্ষৰণত বাধা দিয়ে৷ যিটো হৰম’নে আমাক টোপনি অহাত সহায় কৰে৷ ইয়াৰ অভাবত নিদ্ৰাহীনতাই
দেখা দিয়ে৷ গতিকে
সাজ লগাৰ লগে লগেই ব্লু লাইট ফিল্টাৰটো অন কৰি লোৱা উচিত৷ আপোনাৰ মোবাইলত যদি
কিনিবৰে পৰা ব্লু লাইট ফিল্টাৰ নাই, ব্লু লাইট ফিল্টাৰ নামৰ এপটো আজিয়ে ইনষ্টল কৰি
লওক৷
![]() |
Bluelight Flter |
দ্বিতীয় সমস্যাটো হ'ল ফোনৰ ব্ৰাইথনেছ৷ প্ৰায়ভাগ
মোবাইল ফোনৰে ব্ৰাইথনেছৰ পৰিমাণ জিৰো কৰি লোৱাৰ পিছতো ৰাতিৰ এন্ধাৰৰ অনুপাতত ই
বহুত বেছি উজ্জল হৈ থাকে৷ ফলত চকুত লাগে৷ মূৰ বিষায় ৷ সেয়ে আৰু অধিক ব্ৰাইথনেছ
কমাবলৈ থাৰ্ডপাৰ্টি এপৰ ব্যৱহাৰ কৰিবলগীয়া হয়৷
![]() |
Night mood |
মই বৰ্তমান নাইটমুড নামৰ এটা এপ ব্যৱহাৰ কৰি
আছোঁ৷ এই এপটোৱে ফোনটোৰ ওপৰত কলা পৰ্দা এখন আৰি দিয়ে৷ আৰু ব্ৰাইথনেছ স্লাইডাৰডালেৰে,
প্ৰয়োজন সাপেক্ষে ইয়াৰ পৰিমাণ কম বেছি কৰিব পাৰি৷ নাইট মুডৰ উপৰিও ব্ৰাইথনেচ
কমাবলৈ, বেলেগ বেলেগ এপ আৰু উইজেড, প্লে ষ্ট'ৰ'ত বিচাৰিলে পাব৷
টুৱাইলাইট নামৰ আন এটা এপ আছে৷ যিয়ে সাজ লগাৰ
লগে লগে অট'মেটিকলি মোবাইলৰ পোহৰ হালধীয়ালৈ পৰিবৰ্তন কৰে আৰু ব্ৰাইথনেছ কমায় বুলি
দাবি কৰে৷ এই এপটো ব্যৱহাৰ কৰি চাব পাৰে৷ মই কিন্তু ইয়াৰ ইউজাৰ ইন্টাৰফেছটো ব্যৱহাৰ
কৰিবলৈ অলপ জটিল পালোঁ৷
এনেকুৱা ধৰণৰ আন কোনো এপ যদি আপোনালোকে ব্যৱহাৰ কৰি আছে৷ কোমেন্টৰ জড়িয়তে মোক জনাবলৈ নাপাহৰিব৷
এই এপ দুটাৰে ৰাতি সন্মুখীন হোৱা প্ৰায় বোৰ সমস্যাৰে
সমাধান হৈ যায়৷ ইয়াৰ উপৰিও ফোনটো ৰাতি ব্যৱহাৰৰ বাবে অধিক উপযোগী কৰি তুলিবলৈ, আন
কিছুমান ব্যৱস্থা হাতত ল’ব পাৰে৷ যেনে, ফোনটোত
ডাৰ্ক ৱাল পেপাৰ লগাব পাৰে৷ হোৱাট্ছ এপ,
হাইক আদিতো ৱাল পেপাৰ সলনি
কৰাৰ সুবিধা আছে৷ যদি
ফোনটোৱে ঠিম চাপোৰ্ট কৰে, ডাৰ্ক ঠিম লগোৱাটো উচিত৷
আজিকলৈ প্ৰায়ভাগ এপতে নাইট মুডৰ সুবিধা থাকে৷
যেনে বহু ৰাতিলৈ ইন্টাৰনেটত পঢ়া সকলে UC Browser ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ নাইট মুডটো অতি
সুন্দৰ৷ কিতাপ পঢ়িবলৈ Moon+ Reader ব্যৱহাৰ কৰিব
পাৰে৷ Acrobat Readerটো নাইট মুডৰ
সুবিধা আছে৷ কিন্তু ব্ৰাইথনেছ কমাব নোৱাৰি৷
![]() |
MultiLing Keyboard |
আমাৰ আটাইতকৈ প্ৰয়োজনীয় এবিধ আহিলা হৈছে কী-ব'ৰ্ড৷
আপোনাৰ কী-ব'ৰ্ডখনৰ চেটিঙত যদি ডাৰ্ক থিমৰ সুবিধা নাই, Google
কী-ব'ৰ্ড বা MultiLing
কী-বোৰ্ড ব্যৱহাৰ কৰিব পাৰে৷ মাল্টি লিং কিব'ৰ্ডে ডাৰ্ক ঠিমৰ উপৰি অসমীয়া ভাষাও চাপোৰ্ট কৰে৷ কেৱল
চাপোৰ্ট কৰাই নহয়, অসমীয়া বানানো চাজেষ্ট কৰে৷
আজিলৈ ইমানেই৷ আশা কৰো আজি আগবঢ়োৱা কৌশোল
খিনিয়ে আপোনালোকক কিছু পৰিমাণে সহায় কৰিব৷ আপোনালোকে যদি ইয়াৰ উপৰিও অন্য কোনো
কৌশল অৱলম্বন কৰে৷ কোমেন্টৰ জড়িয়েতে আমাক জনাবলৈ নাপাহৰিব৷ আমাৰ আন আন পোষ্ট বোৰৰ
কাৰণে প্লিজ আমাৰ এই ব্ল’গটো আৰু
ইউটিউব চেনেলটো চাবস্ক্ৰাইব কৰে যেন।
তলত এপ কেইটাৰ লিংক সমুহ আগবঢ়োৱা হ'ল
MultiLing Keyboard
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
IoT- ইন্টাৰেনট অফ থিংছ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
IoT- ইন্টাৰেনট অফ থিংছ
windows মোৱাইল এটাত এইকেইটা কৰিব পাৰিম নে ?
ReplyDeletewindowsৰ কাৰণে মই তেনেকুৱা এপ বিচাৰি নাপালোঁ।
Delete