
সেয়ে সকলোৰে সুবিধা হোৱাকৈ মোৰ ফালৰ পৰাও আৰু দুটামান টিপছ যোগ দি এই টিউট'ৰিয়েলটো বনালোঁ৷ আপোনালোকৰো যদি কিবা সুধিব লগীয়া থাকে, মোক ক'মেন্টৰ জড়িয়তে সুধিব পাৰিব৷ বেছি ভালদৰে বুজিবলৈ তলৰ ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিলোঁ৷ কী-ব'ৰ্ডখন এই লিংকটোৰ পৰা ডাউনল'দ কৰিব পাৰিব৷
মাল্টিলিংগ কী-ব'ৰ্ডখন ডিফ’ল্ট কী-ব'ৰ্ড ৰূপত পাবলৈ হ'লে আপুনি তলৰ
পথটো অনুকৰণ কৰিব লাগিব
Settings->Language and Input->
Current Keyboard
আৰু Current Keyboardত
মাল্টি লিং কী-ব’ৰ্ডখন চিলেক্ট কৰিব পাৰিব৷
![]() |
ডিফ’ল্ট কী-ব'ৰ্ড |
কী-ব’ৰ্ডখনৰ পৰা অদৰকাৰী, মানে চাইনিজ আদি
ভাষাক আঁতৰাই অসমীয়া ভাষাটো ভৰাবলৈ হ'লে
তলৰ পথটো অনুকৰণ কৰক৷
Settings -> Language and Input ->
Mulitling Keyboard -> Languages -> Languages
ইয়াতে আপুনি বেলেগ-বেলগ ভাষাৰ এখন দীঘল তালিকা পাব৷ তাতে অপ্ৰয়োজনীয়
ভাষা বিলাক আনচেক কৰি অসমীয়া আৰু ইংৰাজী ভাষা দুটা চিলেক্ট কৰি ল'লে হ'ল৷
![]() |
অসমীয়া বাচনি কৰিবলৈ |
ইমোজিছৰ কাৰণে আপুনি লেখিবৰ পৰত এন্টাৰ কীটো অলপ পৰ হেঁচি ধৰিব লাগিব৷ বা
সোঁফালে চুকত থকা "123" নামৰ কীটো হেঁচি ধৰিলেও ষ্টিকাৰৰ তালিকা এখন
ওলাব৷
![]() |
Emoji |
লেখিবৰ পৰত এটা ভাষা, আন এটা ভাষালৈ সলনি কৰিবলৈ হ'লে,
স্পেচ কীটো অলপ হেঁচি ধৰক, নাইবা স্পেচ
কীটো সোঁ ফালে বা বাওঁফালে স্লাইদ কৰি দিয়ক৷
![]() |
ভাষা সলাবলৈ |
অসমীয়া বানানৰ বাবে Assamese keyboard নামৰ
plugin এটা ইনষ্টল কৰিব লাগিব৷ প্লাগইনটো আপুনি ইয়াতে ক্লিক কৰি ডাউনল’ড কৰিব পাৰিব৷ এইটো ইনষ্টল
কৰাৰ পিছত কী-ব'ৰ্ডখনে অসমীয়া বানান চাজেষ্ট কৰিবলৈ আৰম্ভ কৰিব৷
মাল্টিলিংগ কী-ব'ৰ্ডৰ থীম সলাবলৈ আপুনি তলৰ
পথটো অনুসৰণ কৰিব লাগিব৷
Settings -> Language and Input -> Mulitling Keyboard -> Themes, sizes and layout -> Keyboard Theme
ইয়াতে আপুনি আপোনাৰ পচন্দৰ থীমটো বাচি ল'ব পাৰিব৷ ৰাতি ব্যৱহাৰ
কৰে যদি ডাৰ্ক থীমটো লগাই ল'লে ভাল৷
![]() |
থীম |
আশা কৰো আজি আগবঢ়োৱা কৌশল খিনিয়ে আপোনালোকক কিছু পৰিমাণে সহায় কৰিব৷ আমাৰ
আন আন পোষ্ট বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself & Rajiv Phukanঅক
চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ৷
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
ধন্যবাদ ফুকন । হচন্তীয়া ত বিচাৰি এই ব্যৱস্হাত হাবাথুৰী খাইছোঁ । কিছুমান যুটীয়া বৰ্ণ ভাগি যায় ।
ReplyDeleteহয়, বহুত অসমীয়া কী-ব'ৰ্ডতে "ৎ", অনুস্বাৰ “ং”, “স্বৰ্গীয়” আদি আখৰ নাথাকে। স্বৰ্গীয়টো কম্পিউটাৰৰ কোনোবা এটা Input Methodঅত পাইছিলোঁ। এতিয়া পাহৰি থাকিলোঁ।
Delete