Aug 1, 2016

৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ

ৰাজীৱ ফুকন














ধুনীয়া ছবি এখন দেখিলে, প্ৰায়ে ভাৱ হয়, ছবিখনলৈ সোমাই যাব পৰা হ'লে, সৌ পাহাৰৰ টিলাটোত উঠি চিঞৰিব পাৰিলে, ঘাঁহনিখনত দৌৰিব পৰা হ'লে বা ঘাঁহ বোৰ এবাৰ চুই চাব পাৰিলে,  আহ! মুৰৰ ওপৰৰে পাৰ হৈ যোৱা চৰাই জাক, সিহঁতৰ কিৰীলি, পাখীয়ে কোবাই যোৱা বতাহ আৰু বতাহত ভাঁহি অহা বনৰীয়া ফুলৰ সুবাস৷ মাত্ৰ এবাৰ সোমাই যাব পৰা হ'লে সেই ছবিখনত, সৌ কাঠৰ দলং খনতে বহি থাকিলোঁ হেতেন, সূৰ্য্যটো অস্ত নোযোৱালৈকে৷
  
কিতাপ এখন পঢ়ি গ'লেও মনলৈ তেনেকুৱা ভাৱ বোৰেই আহি থাকেচোন, কমল সৰবোৰ বা কাঞ্চনমতীৰ পাৰত বহিব পৰা হ'লে, গৌৰীৰ লগত একেলগে মহ যুঁজ চাব পৰা হ'লে বা জয়াৰ বাৰীৰ জামু গছৰ তলিৰে চম্পাৰ সৈতে ঘোঁৰা চেকুৰাব পৰা হ'লে, বা চম্পা আৰু মোৰ শৈশৱৰ সেই গানটো, বৈতৰণীৰ পাৰত বহি একেলগে পুনৰ বাৰ গাব পৰা হ'লে৷
আপোনালোকে হয়টো ভাবিছে মই বলিয়া হ'লো বুলি৷ নাইবা সপোন দেখিছোঁ বুলি৷ মই বলিয়া হোৱা নাই৷ সপোনো নাই দেখা৷ কিন্তু দিঠকো নহয়৷ অথচ অলপ আগতে মই কাষৰ সৌ ছবিখনৰ পৰাই ফুৰি আহিলোঁ৷ ছবি খনত সোমাই সূৰ্যোদয়ৰ দিশত চাই থাকিলে, সেই চৰাই জাককো আপুনি লগ পাব৷ আজিয়ে গৌৰীৰ সৈতে একেলগে বিহু মেলা চাব নোৱাৰিলেও তলৰ সেই ল'ৰা কেইটাৰ সতে একেটা কোঠাত বহি মন্ত্ৰ পাঠ কৰিব পাৰিব, হাজাৰ হাজাৰ দৰ্শকৰ মাজত থিয় হৈ একেলগে Tomorrow Landৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব বা খেল পথাৰৰ মাজত থিয় হৈ খেল চাব পাৰিব৷ চম্পাৰ বৈতৰণীৰ পাৰলৈ আজিয়ে আপোনাক লৈ যাম৷ হয়টো এদিন গৌৰীকো লগ পাব৷ আৰু যদি আপুনি বিশেষ ধৰণৰ হাত মৌজা এযোৰ পিন্ধে, বিচৰা প্ৰতিটো বস্তু স্পৰ্শ কৰিও চাব পাৰিব৷ Feel Real মাস্কখন পিন্ধি ল'লে গোন্ধ, বতাহ সকলো অনুভৱ কৰিব পাৰিব৷ গোন্ধ, বতাহ আৰু স্পৰ্শৰ অনুভৱ যদি আপোনাক নালাগে ৩৮০ টকাতে সেই ছবি বোৰৰ মাজৰ পৰা আজিয়েই এপাক ঘুৰি আহিব পাৰিব৷ আহক, আজি মই আপোনালোকক পৰিচয় কৰাই দিও, বিজ্ঞানৰ শ্ৰেষ্ঠতম আবিষ্কাৰ এটাৰ লগত৷  


Interactive ParanormalActivity

কম্পিউটাৰ বিজ্ঞানত আমি প্ৰায়ে শুনি থকা এটা শব্দ হ'ল ভাৰ্ছুৱেল৷ ভাৰ্ছুৱেল হ'ল এনেকুৱা এটা ধাৰণা, বাস্তৱত যাৰ অস্তিত্ব নাই৷ কিন্তু ই কল্পনাও নহয়৷ মোবাইলৰ  ডিসপ্লেখনত দেখিবলৈ পোৱা কিতাপখনটো কল্পনা হ'ব নোৱাৰে৷ কিন্তু প্ৰকৃততে জানো ই এখন কিতাপ৷ ই এটুকুৰা কাঁচৰ বাদেটো একো নহয়৷ তেনেহ'লে সেই কাঁচ টুকুৰাত দেখিবলৈ পোৱা কিতাপখনৰ অস্তিত্ব ক'ত? 


সহজ ভাষাত বুজিবলৈ হ'লে, কম্পিউটাৰৰ ভিতৰৰ জগত খনেই হৈছে ভাৰ্ছুৱেল জগত আৰু ইয়াৰ ভিতৰত দেখিবলৈ পোৱা প্ৰতিটো বস্তুৱেই ভাৰ্ছুৱেল৷ আৰু আজি মই আপোনালোকক ভাৰ্ছুৱেল কিতাপ, কী-ব'ৰ্ড আদিৰ কথা নকওঁ৷ আজি কম ভাৰ্ছুৱেল ৰিয়েলিটিৰ কথা৷ ৰিয়েলিটি মানে বাস্তৱ, মানে যিটো একে বাৰে সত্য৷ বাস্তৱকে যদি ভাৰ্ছুৱেলী নিৰ্মাণ কৰা হয়, কেনেকুৱা হ'ব?

Virtual Realityত তাকেই কৰাৰ চেষ্টা কৰা হৈছে৷ ভাৰ্ছুৱেলী আমাৰ চৌপাশে বাস্তৱ পৃথিৱী এখনৰ অৱস্থিতিৰ অনুভৱ কৰাবলৈ চেষ্টা কৰা হৈছে৷ আৰু সেই অনুভৱৰ সোৱাদ ল’বলৈ হ'লে, আপোনাক লাগিব এটা ভাৰ্ছুৱেল ৰিয়েলিটি হেডছেট৷ এই হেডছেটটো মূৰত এবাৰ পিন্ধি লোৱাৰ পিছত আপোনাৰ বাস্তৱ জগত খনৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়া হৈ যাব৷ আৰু আপুনি যি পিনেই ঘূৰে, সেই পিনেই দেখিবলৈ পাব এখন কম্পিউটাৰ নিৰ্মিত জগত৷ সেই অভিজ্ঞতাক আৰু সজীৱ কৰি তুলিবলৈ হ'লে, আপুনি VR mask আৰু VR glove এযোৰো কিনি ল'ব পাৰে৷ কিন্তু আজি মই VR Headsetৰ কথাহে কম৷



চিনেমাহলৰ পৰ্দাই হওক বা টেলিভিছনৰ স্ক্ৰীণখন, একোখন চাৰিকোণীয়া খিৰিকী, যাৰ সহায়ত আমি ইমান বছৰে ভাৰ্ছুৱেল জগতখনক চোৱাৰ চেষ্টা কৰি আহিছিলোঁ৷  কিন্তু এতিয়া Virtual Realityয়ে সেই খিৰিকীখনৰ সলনি আমাক এখন দুৱাৰ খুলি দিলে, যাৰ সহায়ত আমি এইখন পৃথিৱীৰ পৰা ওলাই গৈ ভাৰ্ছুৱেল জগতখনত ভৰি দিব পৰা হ'লো৷ খিৰিকী এখনৰ সীমাবদ্ধতাই আমাৰ দৃষ্টিক এতিয়া বাধা দিব নোৱাৰে৷ ছবি এখনৰ মাজত থিয় হৈ আমি এতিয়া চাৰিওফালে চকু ফুৰাব পৰা হ'লোঁ৷


এয়া সম্ভৱ হৈ উঠিছে ৩৬০ ভিডিঅ'ৰ বাবে৷ এই ভিডিঅ'বোৰ আমাৰ নৰ্মেল ফটো বা ভিডিঅ’ৰ দৰে চাৰিকোণীয়া নহয়৷ ই গোলাকাৰ৷ ত্ৰিমাত্ৰিক৷ এই ভিডিঅ'বোৰত এক বিশেষ কৌশলৰ সহায়ত কেমেৰাটোৰ চৌপাশ ৰেকৰ্ড কৰি ৰখা হয়৷ আৰু চাওঁতা জনে কেমেৰাটোৰ স্থানত থিয় হৈ চাৰিওপিনে ঘুৰি পাকি চাব পাৰে৷ আপোনাৰ চৌপাশে এখন গোলাকাৰ ডিসপ্লেৰ কথা ভাবি চাওক চোন৷ কেনেকুৱা অনুভৱ হ'ব৷ সেই একেই অভিজ্ঞতা লাভ কৰিব পাৰিব এটা VR headsetৰ সহায়ত৷
Ocolus নামৰ কোম্পানী এটাই প্ৰথমতে এনেকুৱা ধৰণৰ হেডছেট নিৰ্মাণ কৰিছিল৷ পিছত গুগুলে Cardboard নামেৰে এটা বস্তু উলিয়াই, যাৰ সহায়ত এনড্ৰইডৰ ফোনবোৰকেই একোটা VR হেডছেটলৈ পৰিবৰ্তন কৰি মূৰত পিন্ধি ল'ব পৰা হ'ল৷ গুগুল কাৰ্ডব'ৰ্ডটো ডাঠ কাগজৰ সহায়ত ঘৰতে বনাই ল'ব পাৰি৷ তলত মই নক্সাখন দি দিছোঁ৷ আৰু মই আজি ব্যৱহাৰ কৰি থকাটো গুগুল কাৰ্ডবোৰ্ডৰ আৰ্হিতে নিৰ্মাণ কৰা এটা প্ৰফেছনেল হেডছেট৷ নাম ভাৰ্ছুৱেল ৰিয়েলিটি বক্স৷ আপুনি এইটো ৩০০ৰ পৰা ৫০০টকাৰ ভিতৰত অনলাইন যোগে কিনিব পাৰিব৷ কাৰ্ডবোৰ্ডত কৈ এইটো ব্যৱহাৰ কৰাই উচিত বুলি মই ভাবোঁ৷ কাৰণ ইয়াতে ফোনটো ওলাই পৰাৰ ভয় নাথাকে৷ দ্বিতীয়তে এইটো পিন্ধিবলৈও আৰাম দায়ক আৰু বাস্তৱ জগতৰ পৰা আপোনাক আঁতৰাই নিয়াত, ই গুগুল কাৰ্ডবোৰ্ডতকৈ বেছি সফল হ'ব৷ ইয়াৰে এটা নতুন মডেলো ওলাইছে৷ চেমচাঙৰো এটা VR হেডছেট আছে৷


এতিয়া কথা হ'ল, ৩০০ টকীয়া এই বাকচটোৰ ভিতৰত কি থাকে?বাকচটোৰ ভিতৰত আচলতে বিশেষ একো নাথাকে, দুয়োটা চকুৰ সন্মুখত দুখন লেন্স থাকে আৰু চাৰিওফালে পোহৰ সোমাব নোৱাৰাকৈ ফোমৰ এটা তৰপ থাকে৷ এই লেন্স দুখনৰ কাৰণে মোবাইলৰ স্ক্ৰীণখন চাৰি পাছ গুণ ডাঙৰ দেখি আৰু হেডছেটটোৰ ভিতৰলৈ পোহৰ সোমাব নোৱাৰে কাৰণে চাওঁতা জনৰ বহিঃ জগতৰ লগত সম্পৰ্ক নাইকিয়া হৈ যায়৷ যদি আপুনি 3D ভিডিঅ' চলায়, আপুনি লেন্স দুখনৰ বাবে সুন্দৰ 3D এক্সপেৰিয়েন্স লাভ কৰিব৷


চাবলৈ গ'লে বক্সটোৰ কাম ইমানখিনিয়েই৷ কিন্তু ভাৰ্ছুৱেল ৰিয়েলিটিৰ আচল মেজিকটো আছে আপোনাৰ মোবাইলটোৰ ভিতৰত৷ তাৰ বাবে আপোনাৰ মোবাইলটোত Gyroscope থাকিবই লাগিব৷ নহ'লে VR boxটোৰ জড়িয়তে কেব’ল 3D চিনেমা চোৱাৰ বাদে আন একো কৰিব নোৱাৰিব৷ Gyroscopeৰ কাম হ'ল, আপুনি ফোনটো কোন পিনে ঘুৰাইছে তাৰ খবৰ ৰখা৷ আপুনি যেতিয়া VR boxটোৰ সহায়ত ৩৬০ ভিডিঅ এটা চাব, আপুনি যি ফালেই মূৰ ঘুৰাব, ফোনটোৱে Gyroscopeৰ সহায়ত আপোনাৰ মুভমেন্টটো অনুসৰণ কৰি ভিডিঅ'টোৰ সেইটো ফালেই আপোনাক দেখোৱাব৷


এই 360 ফটো আৰু ভিডিঅ'ৰ সহায়তেই আজি ৩৮০টকাতে পৃথিৱী পৰিভ্ৰমণ সম্ভৱ হৈ উঠিছে৷ তাৰ বাবে বিভিন্ন স্থানৰ ৩৬০ ভিডিঅ' ডাউনল’ড কৰি ল'লে হ'ল৷ আৰু ৩৬০ প্লেয়াৰৰ সহায়ত সেই অঞ্চলবোৰ ঘুৰি পাকি চাব পাৰিব৷ Discoveryৰ ৱেবচাইটত ৱাইল্ড লাইফৰ ওপৰত নিৰ্মাণ কৰা যথেষ্ট সংখ্যক ৩৬০ ভিডিঅ' পাব৷ যাৰ সহায়ত আপুনি অৰণ্যৰ মাজত বা পানীৰ তলত থকাৰ নিচিনা অভিজ্ঞতা লাভ কৰিব পাৰিব৷ Discovery VR বুলি এপ এটাও আছে৷ 

ইয়াৰ উপৰি কিছুমান এপ আছে, যাৰ সহায়ত আপুনি পৃথিৱী ভ্ৰমণ কৰিব পাৰিব৷ তেনেকুৱা এটা এপ হ'ল Sites in VR৷ এই এপটো আপোনালোকে এতিয়াই ডাউনল'ড কৰি লোৱা উচিত৷ ইয়াত প্ৰায়ভাগ অঞ্চলৰে ৩৬০ ফটো আছে৷ এই এপটো চলাবলৈ হ'লে আপোনাক ইন্টাৰনেটৰ প্ৰয়োজন হ'ব৷ এপটোৰ চেটিঙছটো কেনেদৰে মিলাই ল'ব, আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব তলৰ ফটোখনত মই দেখোৱাই দিছোঁ৷ এই এপটো চকুৰে নিয়ন্ত্ৰণ কৰিব পাৰি৷ লোকেচন এটাৰ পৰা ওলাই মেইন মেনুখন পাবলৈ হ'লে আপুনি অলপ সময় তলমূৰ কৰি থাকিব লাগিব৷ বৃত্ত এটা ঘুৰিবলৈ আৰম্ভ কৰিব৷ সেইটো সম্পূৰ্ণ হ'লে স্ক্ৰীণ খন কলা হৈ যাব, তাৰ পিছত ওপৰ মুখ কৰিলে আপুনি মেইন মেনুখন দেখিবলৈ পাব৷ এপটো ইয়াতে ক্লিক কৰি ডাউনল’ড কৰিব পাৰিব৷

Sites in VR

পোষ্টটোত উল্লেখ কৰা এপ বোৰৰ লিংক মই তলত দি দিছোঁ৷ আৰু মই এতিয়ালৈকে চাই ভালপোৱা ভিডিঅ' কেইটামানৰ লিংকো তলত দি দিছোঁ৷ নতুন নতুন ভিডিঅ' আৰু এপছ পালে মই লিষ্টখনত সংযোগ কৰি গৈ থাকিম৷ গতিকে মাজে মাজে এই পেজটো চেক কৰি থাকিবলৈ অনুৰোধ কৰিলোঁ৷


VR Boxটো কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত আমি এটা ভিডিঅ’ বনাইছিলোঁ। লিংকটো তলত আগ বঢ়ালোঁ।





৩৬০ ভিডিঅ' চলাবলৈ হ'লে আপোনাক ৩৬০ প্লেয়াৰ লাগিব৷ মই তলত কেইটামান ভিডিঅ' প্লেয়াৰৰ নাম আৰু লিংক দি দিছোঁ৷

VarVR playerএই প্লেয়াৰটোকে মই বৰ্তমান ডিফল্ট প্লেয়াৰ হিচাপে ব্যৱহাৰ কৰি আছোঁ৷ এই প্লেয়াৰটো আপুনি চকুৰেই নিয়ন্ত্ৰণ কৰিব পাৰিব৷ তাৰ বাবে আপুনি চেটিংছটো তলৰ ফটোখনৰ দৰে মিলাই ল'ব লাগিব। প্লেয়াৰটোত মই এটাই অসুবিধা পাইছোঁ, ই ভিডিঅ' বিলাক বেছি জুম কৰি দিয়ে, ফলত কেতিয়াবা ৰিয়েলিষ্টিক যেন নালাগে৷ প্লেয়াৰটোৰ চেটিংছবোৰ খেলি মেলি নকৰিবলৈ অনুৰোধ কৰিলোঁ৷



VRTV:  যদি আপুনি নৰ্মেল 3D বা 2D চিনেমা এখন চিনেমাহলত বহি চোৱাৰ দৰে আমেজ ল'ব খোজে৷ তেনেহ'লে এইটো প্লেয়াৰ আপোনাৰ বাবে ঠিক হ'ব৷ ই আপোনাক এটা ভাৰ্ছুৱেল ছবিঘৰৰ ভিতৰলৈকে লৈ যাব৷ য'ত খালি চকীবোৰৰ মাজত বহি আপুনি চিনেমাখন উপভোগ কৰিব পাৰিব৷ এইটোও চকুৰে নিয়ন্ত্ৰণ কৰিব পাৰিব৷

VRGesture player: Air tapingৰ কথা শুনিছে নিশ্চয়৷ ইয়াৰ দ্বাৰা বতাহতে ক্লিক কৰি মোবাইল, কম্পিউটাৰ আদি নিয়ন্ত্ৰণ কৰিব পাৰি৷ এই ভিডিঅ প্লেয়াৰটোত air tapingৰ সুবিধা আছে৷ বতাহতে ক্লিক কৰি আপুনি ভিডিঅ' প্লেয়াৰটো কন্ট্ৰ'ল কৰিব পাৰিব৷ কেমেৰাটোৰ সহায়ত ই হাতখনৰ ইনপুট বোৰ গ্ৰহণ কৰে৷ কিন্তু এনেদৰে কন্ট্ৰ'ল কৰাটো যথেষ্ট কষ্টকৰ৷

VR boxৰে ভিডিঅ' চোৱাৰ পদ্ধতিটো কিছু বেলেগ৷ নৰ্মেল ভিডিঅ' এটা, নৰ্মেল প্লেয়াৰ এটাত চলাই VR Boxৰে চালে আপুনি খেলি মেলি দেখিব৷ কাৰণ ফোনটো একেবাৰে চকুৰ ওচৰত থাকে৷ তাৰোপৰি দুয়োটা চকুৰ সন্মুখতে দুখন লেন্স থাকে৷ আৰু এই লেন্স দুখনৰ মাজত এখন ডিভাইদাৰ থাকে৷ গতিকে দুয়োটা চকুক বেলেগ বেলেগকৈ ইনপুট দিব লগীয়া হয়৷ তাৰবাবে ডিসপ্লেখন দুভাগত ভাগ কৰি দুয়োফালে ভিডিঅ’টো চলাব লাগিব৷ কাষত দেখোৱা ফটোখনৰ দৰে৷ তলত মই কেইটামান বেলেগ বেলগ ধৰণৰ ভিডিঅ' চলাই দেখুৱাইছোঁ৷


VR boxৰ কাৰণে নিৰ্মাণ কৰা ভিডিঅ' বোৰো বেলেগ বেলগে ধৰণৰ থাকে৷ কোনোবাটো পথালিকৈ ভাগ কৰা, কোনোবাটো ঠিয়কৈ বা কোনোবাটো নৰ্মেল৷ ভিডিঅ'টো কেনেকুৱা ধৰণৰ তাকে জানিবলৈ হ'ল নৰ্মেল ভিডিঅ প্লেয়াৰ এটাত চলাই চালে হ'ল৷


১) 3D Video extreme




এইটো ভিডিঅ' প্ৰথমৰ পৰাই দুভাগত ভাগ হৈ আছে৷ গতিকে ইয়াক যিকোনো প্লেয়াৰত চলালেই হ'ল৷ এইটো এটা নৰ্মেল 3D ভিডিঅ'৷ ৩৬০ ভিডিঅ' নহয়৷ ইয়াক VaR VR playerত চাব খুজিলে তলৰ পথটো অনুসৰণ কৰক

 

২)  360° Preview of Vrse 





এইটো এটা 3D ৩৬০ ভিডিঅ'৷ ইয়াক আপুনি দুভাগত ভাগ কৰি ল'ব লাগিব৷ তাৰ বাবে আপুনি Var VR Playerটো খুলি ফটোখনত দিয়া পথটো অনুসৰণ কৰিব লাগিব৷ এইটো ভিডিঅ'ত আপুনি চৰাই জাকক লগ পাব৷ চম্পাৰ সৈতে ঘোঁৰা চেকুৰোৱাৰ অভিজ্ঞতা নহ’লেও, নিউয়ৰ্ক চহৰত চাইকেল চলোৱাৰ অভিজ্ঞতা আপুনি ইয়াতে লাভ কৰিব পাৰিব৷ ইয়াতে ক্লিক কৰি ভিডিঅ'টো ডাউনল’ড কৰিব পাৰিব।


৩) Back to Nature - Rainforest বা চম্পাৰ বৈতৰণী৷





 এই ভিডিঅ'টো পথালিকৈ দুটা ভাগত ভাগ হৈ আছে৷ আপুনি তাক থিয়কৈ ভগাই ল'ব লাগিব৷ তাৰ বাবে তলৰ পথটো অনুসৰণ কৰক৷ভিডিঅ'টো ইয়াতে ক্লিক কৰি ডাউনল’ড কৰিব পাৰিব।




৪) আপুনি যদি নৰ্মেল 2D বা 3D চিনেমা এখন VR বক্সত চাব খোজে৷ তলৰ পথটো অনুসৰণ কৰক৷




তলত মই কেইটামান ভিডিঅ'ৰ লিংক আগ বঢ়ালোঁ৷

NFL International Series , খেলপথাৰমাজৰ পৰা খেল চাবলৈ

Interactive ParanormalActivityল'ৰা কেইটাৰ সৈতে একেলগে মন্ত্ৰপাঠ কৰিবলৈ৷



তলত House of Terror নামৰ ভিডিঅ' গেম এটাৰ লিংক  দিলোঁ৷ এটা ভুতৰ ঘৰ৷ তাত আপুনি কিবা এটা বিচাৰি উলিয়াব লাগিব৷ ঘৰটোৰ ভিতৰত খোজ কাঢ়িবলৈ, ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যাবলৈ এটা ৰিম'ত লাগে৷ মই অৰ্ডাৰ দিছোঁ৷ আহি পোৱা নাই৷ সেয়ে খেলিব পৰা নাই৷ ৰিম'টটোৰ দাম ২৫০ টকা৷ VRৰ বাবে বহুতো ভিডিঅ' গেম আছে৷ virtual reality আচল মজা ভিডিঅ' গেমতেই৷ কাৰণ আপুনি তত ঘুৰি ফুৰিব পাৰিব৷


এতিয়া মই ৩৬০ ভিডিঅ'ৰ এটা সমস্যাৰ কথা কওঁ৷ এই ভিডিঅ'বোৰত আপুনি মঞ্চ খনৰ মাজত থাকি চাব লগীয়া হয়৷ ভাবি চাওঁকচোন গেলেৰীৰ পৰা খেল চাবলৈ ভাল নে খেলপথাৰৰ মাজত বহি৷ গতিকে শ্বুটিং কৰিবৰ পৰত কেমেৰাৰ পজিছনটো ঠিক ঠাইত নাৰাখিলে চাবলৈ যথেষ্ট অসুবিধা হয়৷ আপুনি এফালে চাই থাকিব, পিছ ফালে ভুতটো ওলাব৷ গতিকে এয়াৰ ফোন লগাই ল'লে কিছু ক্ষেত্ৰত সুবিধা হ'ব৷ অন্ততঃ শব্দটো কোনফালৰ পৰা আহিছে অনুমান কৰিব পাৰিব৷


মই যিটো VR বক্স বৰ্তমান ব্যৱহাৰ কৰি আছোঁ, সেইটো মোৰ বন্ধু ভৃগুমনিৰ (পাঠশালাৰ ভৃগু)৷ সি মোক এইটো টেষ্ট কৰিবলৈ দিয়াৰ কাৰণে এইখিনিতে তাক ধন্যবাদ জনালোঁ৷ এইটো হ'ল VR boxৰ পুৰণা মডেল৷ ইয়াত কিছুমান অসুবিধা আছে৷ যেনে ফোনটো ভিতৰৰ প্লেটখনত বৰ কষ্ট কৰি লগাব লগীয়া হয় আৰু ভিতৰৰ লেন্স দুখনো প্লাষ্টিকৰ৷ গতিকে বেছি সময় চাই থাকিলে মূৰ বিষায়৷ আৰু ইয়াক প্ৰায়ে চাফা কৰি থাকিব লগীয়া হয়৷ আশা কৰো ইয়াৰে নতুন মডেলটোত এইবিলাক সমস্যা নাথাকিব৷ নতুনটো মই অৰ্ডাৰ দিছোঁ৷ আহি পালে আপোনালোকক নিশ্চয় জনাম৷ আপোনালোকে যদি একেবাৰে প্ৰফেছনেল মানদণ্ডৰ VR box বিচাৰে৷ চেমচাঙৰ Gear VR বা HTC Vive ব্যৱহাৰ কৰিব পাৰে৷ কম দামী VR বক্সবোৰ একেৰাহে বহু সময় ধৰি চলাই থাকিব নোৱাৰে৷ তাৰোপৰি লেন্স খন মিলোৱাটোও বৰ কষ্টকৰ৷
এইখিনিতে এটা কথা কওঁ, ফেচবুকে কেইবছৰমানৰ পৰা  ভাৰ্ছুৱেল ৰিয়েলিটিৰ ওপৰত যথেষ্ট গুৰুত্ব দি আছে৷ তেওঁলোকে কোনোবা দিনাই প্ৰথমটো VR headset নিৰ্মাণ কৰা কোম্পানী oculusক কিনিছে, অলপতে ফেচবুকে এটা ৩৬০  কেমেৰা এটা উলিয়াই৷ যাৰ সহায়ত ফেচবুকে আমাক অতিশীঘ্ৰেই Telepresence  সুবিধা দিব বুলি আশা কৰিব পাৰি৷ তেতিয়া আমি আৰু চাটিং কৰিব নালাগে, মুখা মুখিকৈ একেটা কোঠাত বহি কথা পাতিব পাৰিম৷

আশা কৰো এই পোষ্টটোৰ পৰা আপোনালোকে ভাৰ্ছুৱেল ৰিয়েলিটিৰ কিছু আভাস পালে৷ কিন্তু কেৱল পঢ়িয়ে আপোনালোকে ইয়াৰ প্ৰকৃত আমেজ লাভ কৰিব নোৱাৰিব৷ তাৰ বাবে ইয়াক নিজে ব্যৱহাৰ কৰি চাব লাগিব৷ ইয়াৰ পিছৰ পোষ্টোত মই আপোনালোকক বিজ্ঞানৰ আন এটা শ্ৰেষ্ঠ আৱিষ্কাৰৰ কথা কম৷ সেইটো হ'ল Augmented Reality ভাৰ্ছুৱেল ৰিয়েলিটিৰে এটা এডভান্সড ৰূপ বুলি ধৰি ল'ব পাৰে৷ ভাৰ্ছুৱেল ৰিয়েলিটিতকৈও এডভান্সড এই বিষয়টোৰ বিষয়ে জানিবলৈ হ'লে আমাৰ এই ব্লগটো আপোনালোকে চেক কৰি থাকিব লাগিব৷ লগতে আমাৰ ইউটিউব চেনেলটো চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ।


লিংক সমূহ:








VR Box (Amazone & Flipkart)

VR Box Price:  380.00+49.00 (মই ব্যৱহাৰ কৰি থকাটো)

Virtual Box, 2nd , Price: 150.00+390.00 (delivery charge)

VR Box + Remote control  Price: 575.00 + 55.00 (Delivery charge)

Samsung Gear VR  Price: 11,805.00