Aug 5, 2016

অসমত Pokemonৰ বিচৰণ ভূমি

ৰাজীৱ ফুকন
কেইদিন মান আগতে মই পোকেমনৰ ওপৰত লিখিছিলোঁ৷ বহুতে গেমটো ইনষ্টল কৰি ক'লে যে, ঘৰৰ বাৰাণ্ডাতে যি এটা পোকেমন ধৰিলোঁ, সেয়াই৷ তাৰপিছত গোটেই টাউনখন ঘুৰিও দ্বিতীয়টো পোকেমন বিচাৰি নাপালোঁ৷
অসমৰ সকলোতে পোকেমন নোলোৱাৰ এটা কাৰণ হ'ল পোকেমনবোৰ সাধাৰণতে pokestopৰ ওচৰে পাজৰেহে থাকে৷ উত্তৰ পূৰ্বাঞ্চলত গুৱাহাটীৰ বাদে আন কোনো ঠাইতে pokestop নাই৷ pokestop বোৰ কিছুমান এনেকুৱা ঠাই, য'ত পোকেমন ধৰিবলৈ pokeball, lure আদি পোৱা যায়lure moodটোৱে পোকেমন বোৰক আকৰ্ষিত কৰে, সেয়ে সেইটো অন কৰি দিয়াৰ লগে লগে পোকেমন বোৰ pokestopটোৰ ওচৰলৈ আহি ভিৰ কৰে৷
গেমটোৰ ডেভলপাৰ সকলে ৰেণ্ডমলি কিছুমান ঠাই pokestop হিচাপে চিলেক্ট কৰে৷ বিশেষকৈ অঞ্চলটোৰ কিছুমান ঐতিহাসিক ঠাই তেওঁলোকে বাচনি কৰি লয়৷ পোকেমনৰ আগত তেওঁলোকে Ingress নামৰ গেম এখন বনাইছিল৷ সেই গেম খনো পোকেমনৰ দৰেই আছিল, তাতে pokestopৰ সলনি portal আছিল৷ আৰু সেই Portal বোৰকেই এতিয়া ডেভলপাৰ সকলে pokestopলৈ উন্নীত কৰিছে৷ খেলুৱৈ সকলে Ingressৰ ৱেবচাইটত নতুন portalৰ কাৰণে আবেদন কৰিব পাৰিছিল৷ ২০১৫চনৰ ছেপ্টেম্বৰত সেই সুবিধাটো বন্ধ কৰি দিয়া হয়৷

এতিয়া Pokemon Goৰ ৱেবচাইটত চাপোৰ্ট বুলি এটা পেজ খুলিছে, য'ত বিপদ সংকুল ঠাইত থকা pokestop বোৰৰ বিষয়ে তেওঁলোকক জনাব পাৰি৷ আৰু নতুন pokestopৰ কাৰণে আবেদন কৰিব পাৰি৷ কিন্তু কেইদিন মানৰ পৰা তেওঁলোকে নতুন আবেদন  গ্ৰহণ কৰাটো বন্ধ কৰি দিছে৷ তলত মই ৱেবচাইটটোৰ লিংক দি দিছোঁ৷ এই সেৱাটো যদি পুনৰ মুকলি কৰে আপোনালোকে আবেদন পঠাব পাৰিব৷


pokestop বোৰ ক'ত ক'ত আছে তাক জানিবলৈ হ'লে www.pokemongomap.info/ নামৰ ৱেবচাইটটোলৈকে যাব লাগিব৷ ৱেবচাইটত এখন মেপ ওলাব, তাত আপোনাৰ অঞ্চলটো চাৰ্চ কৰি ওচৰে পাজৰে ক'ত pokestop আছে জানিব পাৰিব৷ মই তলত গুৱাহাটীৰ মেপ খন দি দিছোঁ৷

Pokestop Guwahati

ইয়াৰ আগৰ পোষ্টটোত মই ভাৰ্ছুৱেল ৰিয়েলিটিৰ কথা কৈছিলোঁ৷ VR boxটো কেনেদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত এটা ভিডিঅ' বনোৱাৰ কথা কৈছিলোঁ৷ সেই ভিডিঅ'টো আমাৰ চেনেলত আপল’ড কৰা হৈছে৷ মই তলত লিংকটো দি দিছোঁ৷ আপোনালোকে চাব পাৰিব৷




আশা কৰো আজিৰ পোষ্টটোৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিলে৷ আপোনালোকৰ কিবা সুধিব লগীয়া থাকিলে মোক কোমেন্টৰ জড়িয়তে সুধিব পাৰিব৷ আমাৰ আন আন পোষ্টবোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself & Rajiv Phukan চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ৷ ধন্যবাদ৷