Aug 5, 2016

অসমত Pokemonৰ বিচৰণ ভূমি

ৰাজীৱ ফুকন
কেইদিন মান আগতে মই পোকেমনৰ ওপৰত লিখিছিলোঁ৷ বহুতে গেমটো ইনষ্টল কৰি ক'লে যে, ঘৰৰ বাৰাণ্ডাতে যি এটা পোকেমন ধৰিলোঁ, সেয়াই৷ তাৰপিছত গোটেই টাউনখন ঘুৰিও দ্বিতীয়টো পোকেমন বিচাৰি নাপালোঁ৷
অসমৰ সকলোতে পোকেমন নোলোৱাৰ এটা কাৰণ হ'ল পোকেমনবোৰ সাধাৰণতে pokestopৰ ওচৰে পাজৰেহে থাকে৷ উত্তৰ পূৰ্বাঞ্চলত গুৱাহাটীৰ বাদে আন কোনো ঠাইতে pokestop নাই৷ pokestop বোৰ কিছুমান এনেকুৱা ঠাই, য'ত পোকেমন ধৰিবলৈ pokeball, lure আদি পোৱা যায়৷ lure moodটোৱে পোকেমন বোৰক আকৰ্ষিত কৰে, সেয়ে সেইটো অন কৰি দিয়াৰ লগে লগে পোকেমন বোৰ pokestopটোৰ ওচৰলৈ আহি ভিৰ কৰে৷
গেমটোৰ ডেভলপাৰ সকলে ৰেণ্ডমলি কিছুমান ঠাই pokestop হিচাপে চিলেক্ট কৰে৷ বিশেষকৈ অঞ্চলটোৰ কিছুমান ঐতিহাসিক ঠাই তেওঁলোকে বাচনি কৰি লয়৷ পোকেমনৰ আগত তেওঁলোকে Ingress নামৰ গেম এখন বনাইছিল৷ সেই গেম খনো পোকেমনৰ দৰেই আছিল, তাতে pokestopৰ সলনি portal আছিল৷ আৰু সেই Portal বোৰকেই এতিয়া ডেভলপাৰ সকলে pokestopলৈ উন্নীত কৰিছে৷ খেলুৱৈ সকলে Ingressৰ ৱেবচাইটত নতুন portalৰ কাৰণে আবেদন কৰিব পাৰিছিল৷ ২০১৫চনৰ ছেপ্টেম্বৰত সেই সুবিধাটো বন্ধ কৰি দিয়া হয়৷

এতিয়া Pokemon Goৰ ৱেবচাইটত চাপোৰ্ট বুলি এটা পেজ খুলিছে, য'ত বিপদ সংকুল ঠাইত থকা pokestop বোৰৰ বিষয়ে তেওঁলোকক জনাব পাৰি৷ আৰু নতুন pokestopৰ কাৰণে আবেদন কৰিব পাৰি৷ কিন্তু কেইদিন মানৰ পৰা তেওঁলোকে নতুন আবেদন  গ্ৰহণ কৰাটো বন্ধ কৰি দিছে৷ তলত মই ৱেবচাইটটোৰ লিংক দি দিছোঁ৷ এই সেৱাটো যদি পুনৰ মুকলি কৰে আপোনালোকে আবেদন পঠাব পাৰিব৷


pokestop বোৰ ক'ত ক'ত আছে তাক জানিবলৈ হ'লে www.pokemongomap.info/ নামৰ ৱেবচাইটটোলৈকে যাব লাগিব৷ ৱেবচাইটত এখন মেপ ওলাব, তাত আপোনাৰ অঞ্চলটো চাৰ্চ কৰি ওচৰে পাজৰে ক'ত pokestop আছে জানিব পাৰিব৷ মই তলত গুৱাহাটীৰ মেপ খন দি দিছোঁ৷

Pokestop Guwahati

ইয়াৰ আগৰ পোষ্টটোত মই ভাৰ্ছুৱেল ৰিয়েলিটিৰ কথা কৈছিলোঁ৷ VR boxটো কেনেদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত এটা ভিডিঅ' বনোৱাৰ কথা কৈছিলোঁ৷ সেই ভিডিঅ'টো আমাৰ চেনেলত আপল’ড কৰা হৈছে৷ মই তলত লিংকটো দি দিছোঁ৷ আপোনালোকে চাব পাৰিব৷




আশা কৰো আজিৰ পোষ্টটোৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিলে৷ আপোনালোকৰ কিবা সুধিব লগীয়া থাকিলে মোক কোমেন্টৰ জড়িয়তে সুধিব পাৰিব৷ আমাৰ আন আন পোষ্টবোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself & Rajiv Phukanক চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ৷ ধন্যবাদ৷