Apr 3, 2020

ল'কডাউনৰ কেমব্ৰিজ ম'ডেল

ৰাজীৱ ফুকন

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কৰা এটা গৱেষণা মতে ভাৰতৰ নিচিনা দেশ এখনৰ কাৰণে একৈশ দিনীয়া ল'ক ডাউন পৰ্যাপ্ত নহয়৷ তেওঁলোকৰ মতে একৈশ দিনৰ ল'ক ডাউন শেষ হ'লেই ভাৰতত হোৰা-হোৰে COVID-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব৷ সেয়ে তেওঁলোকে দুটা বিকল্প ম'ডেল আগবঢ়াইছে, এটাত কৈছে একৈশ দিন, আঠাইশ দিন আৰু ওঠৰ দিনৰ তিনিটা ল'ক ডাউন দিব পাৰি, প্ৰতিটো ল'কডাউনৰ মাজত পাঁচদিনৰ ব্যৱধান ৰাখি৷ নাইবা একেৰাহে ঊনপঞ্চাশ দিনৰ ল'ক ডাউন দিলে ক'ৰোনাক হয়তো ৰোধ কৰিব পৰা যাব৷

চীনদেশৰ হুবেইতো তেষষ্ঠি দিনৰ ল'ক ডাউন দিয়া হৈছিল, উহানত এতিয়াও ল'ক ডাউন জাৰি আছে৷ কিন্তু হুবেইৰ ল'ক ডাউন উঠাই দিয়াৰ পিছতেই এতিয়া তাত ক'ৰোনাৰ ছেকেণ্ড ৱেভ দেখিবলৈ পোৱা গৈছে বুলি খবৰ আহি আছে৷ হয়তো অতি সোনকালে চীনে দ্বিতীয় ৱেভত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৰাজহুৱা কৰিব৷



ফেচবুকঃ ০৩-০৪-২০২০