Mar 11, 2014

পোহৰৰ ছাঁত -অনুবাদকৰ একাষাৰ

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan

মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
অনুবাদকৰ একাষাৰ 

শৱৰ দাশগুপ্ত - প্ৰসিদ্ধ বাঙালী সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ সৃষ্ট এটা কাল্পনিক ডিটেক্টিভ চৰিত্ৰ৷ এই চৰিত্ৰটোক লৈ তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰিছে৷ চৰিত্ৰটোৰ প্ৰথম আবিৰ্ভাৱ হৈছিল 'ঋণ' নামৰ উপন্যাসখনত৷ ঋণ উপন্যাসখনক পৰৱৰ্তী কালত "এবাৰ শবৰ" নামৰে চলচিত্ৰৰ ৰূপ দিয়ে পৰিচালক অৰিন্দম শীলে৷ এই চৰিত্ৰটোক লৈ তেওঁ এতিয়ালৈ তিনিখন ছবি নিৰ্মাণ কৰিছে৷ 

আনহাতে লেখক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ জন্ম ২ নৱেম্বৰ, ১৯৩৫ চনত, ময়মনসিঙত৷ দেউতাক আছিল ৰেলৰ চাকৰিয়াল৷ সেই সূত্ৰে পূৱ ভাৰতৰ বিভিন্ন স্থানত তেওঁ শৈশৱ পাৰ কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কলকাতা, তাৰ পিছত বিহাৰ, উত্তৰবাংলা, পূৰ্ববাংলা, অসম৷ পঞ্চাছৰ দশকত কোঁচবিহাৰ৷ তেওঁ মাষ্টাৰ ডিগ্ৰী কৰে কলকাতা বিশ্ব বিদ্যালয়ৰ পৰা৷ প্ৰথমতে শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰিছিল, পিছলৈ সাংবাদিকতাৰ ক্ষেত্ৰলৈ যায়৷ তেওঁ 'দেশ' আলোচনীৰ সৈতে জৰিত৷ শৱৰ দাসগুপ্ত চৰিত্ৰটোক লৈ লিখা তেওঁৰ উপন্যাস লানি আনন্দবাজাৰ পত্ৰিকাত প্ৰথম প্ৰকাশ হৈছিল৷

এইখিনিতে অনিচ্ছাকৃত ভাৱে ৰৈ যোৱা ভুল-ক্ৰুটিবোৰৰ কাৰণে পাঠকৰ ওচৰত ক্ষমা বিচাৰিছো৷ পৰৱৰ্তী সংস্কৰণত সেয়া নিশ্চয়কৈ শুধৰোৱাৰ ব্যৱস্থা কৰিম৷

 

১১, মাৰ্চ, ২০২১                               ৰাজীৱ ফুকন, পাঠশালা


 সূচীপত্ৰলৈ                                                 পৰবৰ্তী অধ্যায়লৈ

***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।