উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
দ্বিতীয় অধ্যায়
আজি ৰাতিপুৱা সি ঘৰৰ পৰা ওলাই যোৱাৰ
আগতেও মাকে ফোন কৰিছিল ককাক থাকোগোপালক। ফোনৰ সিটো মূৰৰ পৰা ককাকৰ গম্ভীৰ গলগলীয়া
মাত সি স্পষ্টকৈ শুনিবলৈ পাইছিল, "তোমাক ইমান ক'লোঁ, অথচ তুমি নুশুনিলা দেৱযানী। সেয়ে তাক
পঠাইছা। যদি কিবা অঘটন ঘটে, তুমি দায়িত্ব ল'বাতো?"
মাকে কৈছিল, "মইতো যোৱা নাই দেউতা। অৰ্ক তোমাৰ
একমাত্ৰ নাতি, তোমাক এবাৰ নিজ চকুৰে নাচাবনে?"
ককাকে অকণো নৰম নহৈ কৈছিল,
"নাপাহৰিবা দেৱযানী, বিপ্ৰতীপৰ সৈতে তোমাৰ বিয়াৰ চৰ্ত কিন্তু
এইটোৱেই আছিল, যে বিয়াৰ পিছত তোমালোক কাৰোৰে সৈতে মই কেতিয়াও দেখা-দেখি নহওঁ।"
মাকে তেতিয়াও মৃদুভাৱে অনুযোগ কৰিছিল,
"নাই মানে কিমান বছৰ পাৰ হৈ গ'ল..."
ৰাতিপুৱাৰ সেই কথোপকথন মনত পৰাত মাকৰ
প্ৰতি থকা অৰ্কৰ খংটো পুনৰ উভতি আহিল।
এনেদৰে আবাঞ্চিত অনিমন্ত্ৰিতৰ দৰে অহাৰ
কিবা অৰ্থ আছে জানো? আশী বছৰ বয়স হৈ গৈছে মানুহজনৰ, এই বয়সতো যাৰ জীয়াই থকাৰ ইমান তীব্ৰ
আকাংক্ষা, যাৰ ইমান পাৰ্থিৱ লোভ, তেওঁৰ প্ৰতি কেনেদৰে শ্ৰদ্ধা আহিব অৰ্কৰ?
বহু বছৰ আগতে ক্লাছ ইলেভেনত লেপটপ ভাঙি
পেলোৱাৰ দিনা ৰাতি দেউতাকে আহি বিছনাত তাৰ ওচৰত বহিছিল। সি তেতিয়াও শুৱা নাই,
জুপুকা
লাগি বহি আছিল।
দেউতাকে তাৰ মূৰত হাত বুলাই বুলাই
কৈছিল, "অৰ্ক, ইতণ্ডাৰ চৌধুৰী পৰিয়ালৰ ওপৰত প্ৰায় ডেৰশবছৰ পুৰণি এক অভিশাপ আছে।
অন্ততঃ তোৰ ককাই সেই বুলি বিশ্বাস কৰে।"
ভিতৰি ভিতৰি খং কৰি থাকিলেও তেতিয়া সি
কৌতূহলী হৈ পৰিছিল, "ডেৰশ বছৰ পুৰণি অভিশাপ? মানে?"
"মই তোৰ মাৰৰ মুখতেই গোটেইখিনি
শুনিছোঁ। তোকতো কৈছোঁৱেই ইতণ্ডা কিমান পুৰণি গাঁও। ডেৰশ বছৰৰ আগতে এজন তান্ত্ৰিকে
সেই সময়ৰ চৌধুৰী পৰিয়ালৰ জমিদাৰজনক খুব অৱমাননা কৰিছিল"
"অৱমাননা কৰিছিল মানে?"
অৰ্ক
খুব আচৰিত হৈছিল।
"তেতিয়া চিপাহী বিদ্ৰোহৰ সময়।
গোটেই দেশতেই প্ৰথমবাৰৰ বাবে মানুহে ব্ৰিটিশ শাসনৰ বিৰুদ্ধে গৰজি উঠিছিল।
চিপাহীসকলে যি বিদ্ৰোহ আৰম্ভ কৰিছিল, তাৰ প্ৰভাৱ গোটেই দেশতে বিস্তাৰিত হৈ পৰিছিল।
তইতো জানই চাগে, দেশৰ জমিদাৰসকলে ব্ৰিটিশৰ পৃষ্ঠপোষকতা কৰিছিল। ব্ৰিটিছ বণিকসকলে
ইতণ্ডা গাঁওক কেন্দ্ৰ কৰি বেহা-বেপাৰ চলাইছিল কাৰণে সেই গাঁৱৰ ক্ৰমশঃ শ্ৰীবৃদ্ধি
হৈ আহিছিল। তেনেক্ষেত্ৰত চৌধুৰীহঁতৰ নিচিনা জমিদাৰ সকলেতো ব্ৰিটিশৰেই সমৰ্থন কৰিব।
সেই সময়ত যিজন জমিদাৰ আছিল, নামটো তোৰ মাৰাই ক'ব পাৰিব, মোৰ এতিয়া মনলৈ অহা নাই, ইতণ্ডা গাঁৱত লুকাই থকা কেইজনমান
বিদ্ৰোহী চিপাহীক তেওঁ তুলি দিছিল ইংৰাজৰ হাতত।"
"তেওঁৰ নাম আছিল নিত্যবিনোদ চৌধুৰী।"
মাক কেতিয়া আহি কোঠাত সোমাইছিল, সিহঁতে
মন কৰা নাছিল।
অৰ্কই সুধিলে, "ইতণ্ডাত কি আৰ্মিৰ কেম্পো আছিল নেকি?"
"নাই নাই। সেই কেইজন চিপাহীয়ে
বাৰকপুৰৰ ছাউনিৰ পৰা পলাই আহি আশ্ৰয় লৈছিল ইতণ্ডাত।" দেউতাকে কৈছিল।
"তাৰ পিছত?"
এইবাৰ দেউতাকৰ হৈ মাকে উত্তৰ দিছিল,
"তেতিয়া গাঁৱৰ বাহিৰৰ জংঘলত আছিল এজন দাম্ভিক তান্ত্ৰিক, তেওঁ চিপাহীসকলৰ সমৰ্থনত গাঁৱৰ জমিদাৰক
বুজাবলৈ আহে যে প্ৰজাপালক হিচাপে জমিদাৰে দেশৰ মানুহক সমৰ্থন কৰা উচিত, তেওঁলোকৰ কাষত থিয় হোৱা উচিত। বিদেশী
বণিকসকলৰ এই সাম্ৰাজ্য বিস্তাৰৰ গ্ৰাসত প্ৰশ্ৰয় দিলে সেয়া বুমেৰাং হৈ নিজৰ গাতে
পৰিব। কিন্তু সেই জমিদাৰে তেতিয়া তান্ত্ৰিকৰ কথাততো গুৰুত্ব নিদিলেই ওলোটাই নিজৰ ল'ৰাৰ সন্মুখতে তেওঁক চৰম অপমান
কৰিলে৷"
কথাবোৰ শুনি অৰ্ক বিভোৰ হৈ পৰিছিল,
"তাৰ পিছত কি হ'ল?"
মাকে এটা নিশ্বাস পেলাই ক'লে, "সেই তান্ত্ৰিকজনে তেতিয়া প্ৰচণ্ড খঙেৰে
নিত্যবিনোদ চৌধুৰীক অভিশাপ দিলে, ল'ৰাৰ সন্মুখত তই মোক এনেদৰে অপমান কৰিছ, এই ল'ৰাই তোক হত্যা কৰিব। কেৱল তয়েই নহয়,
তোৰ
এই চৌধুৰী পৰিয়ালৰ প্ৰতিজন পুৰুষৰ মৃত্যু হ'ব তাৰ নিজৰ উত্তৰপুৰুষৰ হাতত।"
"নিত্যবিনোদে তেতিয়া ভয় খাই গ'ল, তান্ত্ৰিকৰ ভৰিত ধৰি কাকূতি-মিনতি
কৰিবলৈ ধৰিলে। কিন্তু হাজাৰ অনুৰোধৰ পিছতো সেই তান্ত্ৰিকজনৰ মন নুকুমলিল। শেষত
কৈছিল, এই অভিশাপ সেইদিনাহে শেষ হ'ব যিদিনা কোনো অপুত্ৰক জমিদাৰ এই বিশাল
সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব।"
"তেতিয়া নিত্যবিনোদে কি কৰিলে?"
"সেয়া নাজানো অৰ্ক। নিত্যবিনোদ
তাৰ কেইবছৰমান পিছতেই ঢুকায়। তেওঁৰ পুতেকেই হেনো টকা-পইছালৈ কিবা কাজিয়া লাগি
তেওঁৰ কপালত গুলীয়ায়।" মাক একমুহূৰ্ত থমকি ৰ'ল, "সেয়াই আৰম্ভণি। তাৰ পিছৰ পৰা এই ডেৰশ
বছৰত চৌধুৰীগৃহৰ প্ৰতিজন জমিদাৰৰে মৃত্যুৰ কাৰণ হৈছে তেওঁৰ নিজৰ সন্তান।"
"ৰ'বা, ৰ'বা!" অৰ্কই উত্তেজনাত উঠি বহিল
বিছনাত, "ডেৰশ বছৰ মানে প্ৰায় ছয় প্ৰজন্ম। ছয়টা প্ৰজন্মতে ইতণ্ডাত প্ৰতিজন
পিতৃ তেওঁৰ সন্তানৰ হাতত ঢুকাইছে? এইটো বিশ্বাসযোগ্য কথা জানো? আইন-কানুন বুলি একো নাই?"
"চা, বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ। হত্যাই যে হৈছে, তেনেকুৱা নহয়। যেনেকৈ তোৰ ককা ভূমিষ্ঠ
হোৱাৰ সময়ত তেওঁক চাবলৈকে দৌৰি আহোতে দুৱাৰ-গড়িয়াত উজুটি খাই পৰি সংজ্ঞা
হেৰুৱাইছিল তেওঁৰ দেউতাকে। তেওঁৰ সেই সংজ্ঞা আৰু কোনোদিনে ঘূৰি নাহিল। তাৰমানে তোৰ
ককাই নিজ হাতেৰে তেওঁৰ দেউতাকক হত্যা নকৰিলেও তেওঁৰ মৃত্যুৰ কাৰণটো তেৱেই
আছিল।" দেউতাকে ক'লে।
মাকে দেউতাকৰ কথাত হয়ভৰ দিছিল,
"তোৰ দেউতাই ঠিকেই কৈছে।"
দেউতাকে মাকলৈ এবাৰ চাই তাক কৈছিল,
"থাকোগোপাল চৌধুৰী হ'ল প্ৰচণ্ড স্বৈৰাচাৰী স্বভাৱৰ মানুহ। নিজৰ বংশৰ
এই অভিশাপ তেওঁ অকণমান ডাঙৰ হোৱাৰ পিছতেই জানিব পাৰিলে। তেতিয়াই তেওঁ সিদ্ধান্ত লয়,
পুত্ৰসন্তান
তেওঁ কোনো কাৰণতে জন্ম নিদিয়ে।" দেউতাকে অকণমান ইতস্ততঃ কৰি ক'লে, "গৰ্ভস্থ ভ্ৰূণৰ লিংগ নিৰ্ধাৰণ কৰাটোতো
এতিয়াও আমাৰ দেশত অপৰাধ। আগৰ দিনততো জনাও নগৈছিল। তোৰ মাৰৰ আগতে দুবাৰ পুত্ৰ
সন্তান হৈছিল তেওঁৰ।"
মাকে এইবাৰ অলপ বিব্ৰত হৈ ক'লে, "এইবোৰ কথা থাকক আৰু।"
কিন্তু দেউতাকে কৈছিল, "নাই, দেৱযানী। অৰ্ক ডাঙৰ হৈছে। সত্যবোৰ সি
জনা উচিত। নহ'লে মনলৈ বেলেগ বেলেগ ভাব আহি থাকিব, অশান্ত হৈ পৰিব।" তাৰ পিছত
দেউতাকে অৰ্কৰ পিনে চাই কৈছিল, "সেই দুয়োটা ল'ৰাই এবছৰৰ ভিতৰতেই হঠাৎ জ্বৰত পৰি
ঢুকায়।"
"নিজৰ দেউতাকেই সিহঁতক মাৰি
পেলাইছিল?" অৰ্কই বিস্ফাৰিত চাৱনিৰে চাই কৈছিল।
দেউতাকে সেমেনা সেমেনি কৰিছিল,
"সেইটো নাজানো। তাৰ কোনো প্ৰমাণ নাই। তাৰ পিছত তোৰ মাৰৰ জন্ম হয়।
কিন্তু তেতিয়াও তেওঁৰ মৃত্যু ভয় নকমিল। অনবৰতে তেওঁ ভয়ত কাতৰ হৈ থাকে, তান্ত্ৰিকৰ সেই অভিশাপ যদি জীয়ৰীৰ ফালৰ
পৰাও আহে? নাইবা যদি আহে নাতিৰ ফালৰ পৰা? সেয়ে তেওঁ আমাৰ কাৰোৰে লগত যোগাযোগ
নাৰাখে। বুজিলি?"
অৰ্কই কথাবোৰ শুনাৰ পিছত সিদিনা হতভম্ব
হৈ পৰিছিল। সামান্য এটা কাকতলীয়া কুসংস্কাৰৰ চিকাৰ হৈ কোনোৱে নিজৰ সন্তানক মাৰি
পেলাব পাৰে? তাৰোপৰি এই সুদীৰ্ঘ পঁচিশটা বছৰ নিজৰ জীয়েক, নাতিয়েকক নোচোৱাকৈ থাকিব পাৰে! ইমান
আত্মপ্ৰীতি? ইমান স্বাৰ্থপৰতা?
শংকৰ ককাই হঠাতে ক'লে, "আহি পালোঁ অৰ্ক। নামা।"
অৰ্ক উচপ খাই উঠিল, সিহঁতে যে কেতিয়া ইতণ্ডাৰ জমিদাৰগৃহ
পাই গ'ল সি তৰ্কিবই পৰা নাছিল। শংকৰ ককাই ৰিক্সাৰ পৰা নামি চাই আছে তালৈ।
সি খৰধৰকৈ নামি সন্মুখলৈ চাওতেই যিটো
ঘৰ দেখিবলৈ পালে, তেনেকুৱা ঘৰ সি কেৱল ভূতৰ চিনেমাতহে দেখিছে।
এটা বিশাল আকৃতিৰ প্ৰসাদ, কোনোবা যুগত হয়তো বগা বা তেনেকুৱা কোনো
ৰং আছিল। এতিয়া আৰু বুজা নাযায়, প্ৰায় তিনিশবছৰীয়া প্ৰাচীন শৰীৰত খামুচি ধৰিছে
জৰাজীৰ্ণতাই। ঠায়ে ঠায়ে ইটা ভাঙি মূৰ তুলি উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড আহঁতৰ শিপা,
নানান
ধৰণৰ গছৰ পাতে যেন গিলি পেলাইছে সমগ্ৰ ঘৰটোক।
অৰ্কই মুখ মেলি চাই ৰ'ল। এয়াই তেনেহ'লে ইতণ্ডাৰ জমিদাৰগৃহ! তাৰ মাক এই
ঘৰটোৰ একমাত্ৰ উত্তৰাধিকাৰী। অথচ সেই একমাত্ৰ উত্তৰাধিকাৰীৰে থাকোগোপাল চৌধুৰীৰ
জীৱনকালত অহাৰ কোনো অধিকাৰ নাই।
"ব'লা অৰ্ক। সেয়া চোৱা, তোমাৰ ককা ৰৈ আছে।" শংকৰ ককাই ক'লে।
বগা মূল্যৱান পাথৰৰ ওখ চিৰিটো
বাৰান্দাৰ কাষেৰে উঠি গৈছে দালানলৈ, তাত ডাঙৰ ডাঙৰ খুটাৰ মাজত ধকধকীয়া বগা ধুতি
চোলা পৰিহিত যিজন মানুহ থিয় হৈ আছে, তেওঁক দেখিয়েই মাকৰ এলবামৰ পুৰণি ছবিবোৰলৈ মনত
পৰি গ'ল অৰ্কৰ।
এখেতেই তাৰমানে সেই থাকোগোপাল চৌধুৰী।
যাৰ তীব্ৰ আপত্তি সত্বেও কেৱল মাকৰ আদেশ পালন কৰি অৰ্ক আহিছে এইখন ঘৰলৈ।
কিন্তু এওঁৰ যিহে মৃত্যুভয়, এওঁ জানো কথা পাতিব অৰ্কৰ লগত?
***
ককাকে ক'লে, "তোমাক মই সূৰ্যনাৰায়ণ বুলিয়েই
মাতিম।"
অৰ্ক অকণমান আচৰিত হ'ল। সূৰ্যনাৰায়ণ।
"কিয়?"
"তোমাৰ জন্মৰ খবৰ পাই মই সেই
নামটোৱেই পছন্দ কৰি আমাৰ পাৰিবাৰিক জ্যোতিষী বৈদ্যনাথ শাস্ত্ৰী ডাঙৰীয়াৰ অনুমোদন
লৈ পঠাইছিলোঁ।" ককাকে গম্ভীৰ মাতেৰে ক'লে, "কিন্তু নামটো হয়তো আওপুৰণি ধৰণৰ,
সেয়ে
তোমাৰ মা-দেউতাই ৰখাৰ প্ৰয়োজনবোধ নকৰিলে।"
এই ঘৰটোৰ দ্বিতীয় মহলাত আছে এখন
বেলকণি। তাতেই এতিয়া বহি আছে অৰ্ক। ইতণ্ডা গাঁৱলৈ সি আহিছে কালি আবেলি, আৰু আজি ৰাতিপুৱাৰ ভিতৰতে সি গাঁওখনৰ
বহুখিনি ঠাই চাই পেলাইছে। ককাকৰ মাতটো শুনি অৰ্কৰ ভাব হ'ল, তেওঁৰ মাতটো যেন কিবা চিনাকি চিনাকি
লাগিছে। সি ইয়াৰ আগতে কোনোদিনে ফোনতো কথা পতা নাই ককাকৰ সৈতে। মাকে ৰিচিভাৰ লৈ কথা
পতাৰ সময়ত অলপ চলপ যি অস্পষ্টকৈ শুনিবলৈ পাইছিল সেয়াই।
সেই কাৰণেই চিনাকি চিনাকি লাগিছে নেকি?
সি কও নকওকৈ কৈ পেলালে, "অৰ্ক মানেওতো সূৰ্যই।"
ককাকে অকণমান তলমূৰ কৰি নিশ্চুপ হৈ ৰ'ল।
ইয়াতে ককাকে অকলেই থাকে, লগত থাকে কদলী পেহী নামৰ এগৰাকী স্থায়ী
ৰান্ধনী আৰু অনন্ত খুৰা। অনন্ত খুৰাই বজাৰ সমাৰ আৰু ককাকৰ চোৱা-চিতা কৰে। এই
প্ৰকাণ্ড ঘৰটো মাত্ৰ তিনিটা প্ৰাণীৰ বাবে খালি খালি লাগিব লাগিছিল, কিন্তু নালাগে। কাৰণ, গাঁৱৰ বেছিভাগ বয়সস্থ মানুহেই
ৰাতিপুৱা-আবেলি আহি ভিৰ কৰেহি ককাকৰ গাখীৰ বগা মূল্যৱান পাথৰৰ দীঘল বাৰান্দাখনত।
তাতেই মেল মাৰে তেওঁলোকে। কোনোজন স্থানীয় স্কুলৰ প্ৰাক্তন শিক্ষক, কোনোজন গাঁৱৰ বৃদ্ধ চিকিৎসক, কোনোজন আকৌ প্ৰাক্তন পোষ্টমাষ্টৰ।
জমিদাৰবাৰীৰ আয় এতিয়াও ভালেই, বেছিভাগ টকা আহে বেংকৰ জমা ধনৰ সুতৰ পৰা।
তাৰোপৰি পুখুৰীৰ মাছ, বাগানৰ চবজি, এইবোৰো ভৰপূৰ।
আজি ৰাতিপুৱা যেতিয়া সি ৰেডি হৈ
ওলাইছিল, তেতিয়াই বৈঠকখানাত আহি সোমাইছিল শংকৰ ককা। তাক দেখি কৈছিল,
"ক'লৈ যোৱা অৰ্ক?"
"এই অকণমান গাঁওখন চাই
আহোঁ।" অৰ্কই কৈছিল। ককাকৰ সৈতে তেতিয়াও তাৰ ভালকৈ দেখা হোৱা নাই। আগদিনাখন
তাক অহা দেখি দালানৰ পৰাই নিম্নস্বৰত কাৰোবাক কিবা নিৰ্দেশ দি আঁতৰি গৈছিল ককাক।
খঙত গা বেজ বেজাই গৈছিল তাৰ।
শংকৰ সৰকাৰ মানুহজন ভাল, ককাকৰ দৰে নহয়। মাকৰ মুখত সি শুনিছিল,
তেওঁৰ
জীৱনটো হেনো দুখৰ। ঘৈণীয়েকে বহুদিন আগতেই হঠাৎ আত্মহত্যা কৰিছিল, ল'ৰাটো তেতিয়া একেবাৰেই সৰু। সেই ল'ৰাটোৱেও হেনো ডাঙৰ হৈ এতিয়া বিপথে
গৈছে। ঘৰৰ লগত যোগাযোগো নাৰাখে।
ৰাতিপুৱা সি গাঁও চাবলৈ যোৱা বুলি শুনি
শংকৰ ককা সুখী হৈছিল, "সুন্দৰ। ফুৰি আহা। পিছে সন্ধিয়াৰ আগতেই উভতি
আহিবা। আজি শাস্ত্ৰীদেৱ অহাৰ কথা তোমাক চাবলৈ, তাৰোপৰি দিনকাল এতিয়াও ভাল নহয়। ৰাতিৰ
ভাগত সঘনাই ডকাইতি হ'বলৈ লৈছে।"
শংকৰ ককাৰ কথা শুনি সি সুধিছিল,
"ডকাইত? এই গাঁৱত?"
"অ', সামন্তবাৰী আৰু বসুবাৰীত যোৱা দুমাহত
হৈছে। পুলিচ আহি তদন্তও কৰিলে, কিন্তু একো কামত অহা নাই।" শংকৰ ককাই পিছ মুহূৰ্ততে
প্ৰসংগটো সলাই কৈছিল, "বাৰু, ককাৰ লগত বন্ধুত্ব হ'ল নে?"
বন্ধুত্ব! হুঁ! নিজৰ নাতি এই প্ৰথমবাৰ
ঘৰলৈ আহিছে, অথচ যোৱা ৰাতি ককাকে তাৰ সৈতে কথা পতাতো দূৰৈৰ, ভালকৈ মাতেই নিদিলে। দূৰৈৰ পৰাই কেৱল
অনন্ত খুৰা আৰু কদলী পেহীক তাৰ খেয়াল ৰাখিবলৈ নিৰ্দেশ দি ওপৰলৈ গুচি গ'ল। এয়া আকৌ কেনেকুৱা কথা?
যি কি নহওক, সি আজি ৰাতিপুৱা ধুনীয়া মন্দিৰ এটা
দেখিলে ইতণ্ডা গাঁৱৰ বাহিৰৰ ফালে। আৰু সেই মন্দিৰটো চাবলৈ গৈ তাৰ চিনাকি হ'ল বোধনাদৰ সৈতে।
কদলীপেহীয়ে কৈছিল, "অৰ্ক বাবা, তুমি প্ৰথমেই যাবা কেশবাইচণ্ডীতলা
মন্দিৰলৈ। তাৰ পিছত ঘূৰি পাকি গাঁৱৰ ভিতৰত সোমাবা।"
জমিদাৰগৃহৰ সেই বিশাল ৰিক্সাখনো আহি
হাজিৰ হৈছিল অৰ্কৰ বাবে। অৰ্কই প্ৰথমে আপত্তি কৰিছিল, এই ৰঙামাটিৰ ঠাইখনত খোজ কাঢ়ি
ফুৰিবলৈয়েই বেছি ভাল লাগিব। কিন্তু অনন্ত খুৰাই জোৰ কৰাত ৰিক্সাত উঠিবলগীয়া হৈছিল।
ৰিক্সাচালক ফণিয়ে প্ৰথমেই তাক লৈ গৈছিল
একেবাৰে গাঁৱৰ সীমান্তৰ পিনে, য'ত সেউজীয়া ধাননীৰ মাজেৰে সৰু কেঁচা ৰাস্তা এটা
গৈছে। তাত মন্দিৰটো দেখি সি চমকি উঠিছিল।
এইটো কি সংঘাতিক মন্দিৰ!
অৰ্কই ওচৰলৈ গৈ থমকি ৰৈছিল। ভালদৰে
চালে সুপ্ৰাচীন পোৰামাটিৰ ইটাৰ মন্দিৰটো চকুত পৰে। কিন্তু মন্দিৰটোৰ ওপৰৰ ভাগটো
কিয় এনেকুৱা? এনেদৰে এজোপ গছে সাৱটি ধৰিছে যে দেখিবলৈ এনেকুৱা লাগে যেন
মন্দিৰটোৱেই এজোপা গছত পৰিণত হৈ গৈছে।
"এনেকুৱা কেনেকৈ হ'ল ফণিখুৰা?" কাকো ওচৰত নাপাই অৰ্কই ৰিক্সা চালক
ফণিকেই সুধিলে, "গছজোপা এনেকুৱা ভয়ংকৰ কিয়?"
ফণিয়ে গামোছাৰে ঘাম মচি মচি উত্তৰ
দিছিল, "এইটোৱেইতো কেশবাইচণ্ডীতলা মন্দিৰ মালিক। আৰু সেইজোপা জৰি গছ। সেই যে
সতীৰ শৰীৰ অ'ত ত'ত পৰিছিল, ইয়াতে পৰিছিল সতীৰ কেশ। ভয়ানক জাগ্ৰত। প্ৰতি বছৰে মেলা বহে সেই
কাৰণে।"
ফণিয়ে কপাললৈ হাত তুলি প্ৰণাম জনাইছিল।
অৰ্কই খোজ কাঢ়ি মন্দিৰটোৰ পিনে আগুৱাই
গৈছিল, ৰিক্সাখন ৰখাই থৈ মন্দিৰৰ কাষেৰে পিছফাললৈ গৈছিল সি গছৰ গুৰিটো
ভালদৰে চাবৰ বাবে, আৰু তেতিয়াই এটা অদ্ভুত কণ্ঠস্বৰ ভাহি আহিল, "কি পালা?"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ