"তাক মই ভীষণ ঘিণ কৰো"
"কিয়?"
"সি এটা নৰপশু৷"
"কেনেকৈ জানিলে"
"কি কেনেকৈ? অভিজ্ঞতাৰ পৰা৷"
"আপোনাৰ সৈতে তেওঁৰ বৈবাহিক জীৱন কিমান
দিনৰ?"
"মাত্ৰ সাত দিনৰ৷"
"সাত দিন পিছতেই আপুনি গুচি আহে?"
"বিয়াৰ, মানে ফুলশয্যাৰ পিছদিনাই ৰাতিপুৱা অহাৰ
কথা আছিল৷ নাহিলো৷ লোকলজ্জাৰ ভয়ত৷"
"মানুহজনে আপোনাক শাৰীৰিক টৰ্চাৰ কৰিছিল
নেকি?"
"মানে মাৰধৰ?"
"অঁ৷"
"মাৰধৰতকৈ বহুত বেছি৷"
"আপুনি কি ক'ব খুজিছে, মানুহজনৰ ছেক্সটো অলপ বেছি?"
"অলপ বেছি? অলপ বেছি বুলি ক'লে একোৱেই নুবুজায়৷"
"তাৰমানে বহুত বেছি?"
"মই আৰু একো ক'ব নিবিচাৰো৷ সেইবোৰ কথা কোৱা সম্ভৱ
নহয়৷ সি এটা নৰপশু, এইটোকে জানি থওঁক৷"
"বুজিলো, আপুনি তেওঁৰ দ্বাৰা অত্যাচাৰিত
হৈছে৷"
"অঁ, মই পলাই আহিবলগীয়া হৈছিল৷"
"কিমান দিন আগৰ কথা এইটো?"
"ডেৰ বছৰ?"
"এই ডেৰ বছৰত আৰু কোনো ধৰণৰ যোগাযোগ
হোৱা নাই?"
"তাৰ সৈতে হোৱা নাই৷ হ'লেও তাৰ ঘৰৰ কোনোবা-কোনোবা এতিয়াও আহি
থাকে, মোৰ খা-খবৰ লয়৷ তেওঁলোকে মোক লৈ দুখ কৰে৷"
"মানুহজনৰ সৈতে আপোনাৰ শেষ দেখা তেনেহ'লে ডেৰ বছৰ আগতেই!"
"হয়৷"
"আপুনি ডিভোৰ্ছৰ কথা ভবা নাই?"
"নাই৷"
"কিয়?"
"ডিভোৰ্ছ দিয়েই বা কি হ'ব কওঁকচোন৷ মইতো আৰু বিয়াত নবহো৷"
"কিয় নবহে?"
"এবাৰৰ অভিজ্ঞতাই মোক ইমান ভয় খুৱাই
দিছে যে দুনাই আৰু মই এইবোৰ ভাবিবও খোজা নাই৷"
"আপুনি ভজনবাবুৰ ফালৰ পৰা আৰ্থিক সাহায্য
পায় নে?"
"অঁ, পাওঁ৷ তাৰ ঘৰৰ মানুহখিনি বেয়া নহয়,
তেওঁলোকেই
এটা ব্যৱস্থা কৰি দিছে৷ মাহে-মাহে টকা দি যায়৷"
"ভজনবাবু নিজেই আহে টকা দিবলৈ?"
"নাই নাই৷ তাৰ ইমান সাহস নাই৷ তাৰ ভায়েক
পূজন আহে৷"
"আপুনিতো চাকৰি কৰে?"
"কৰো৷"
"ক'ত?"
"আলফা নেটৱৰ্কৰ মাৰ্কেটিং
ডিভিজনত৷"
"চাকৰিটো কেনেকুৱা?"
"ভালেই৷ মই এক্সিকিউটিভ৷"
"তেনেহ'লে ভজনবাবুৰ সাহায্য নহ'লেও চলে?"
"কিয় নচলিব?"
"আপোনাৰ মাৰ ঘৰৰ অৱস্থাওতো ভালেই
দেখিছো৷"
"বেয়া নহয়৷ মোৰ দেউতা ইঞ্জিনিয়াৰ,
সুৰেকা
ইণ্ডাষ্ট্ৰিৰ ৱৰ্কছ ডাইৰেক্টৰ৷ মোৰ দাদা আমেৰিকাত থাকে৷ কম্পিউটাৰ ইঞ্জিনিয়াৰ৷"
"অথচ আপুনি ভজনবাবুৰ পৰা সাহায্য লয়?"
"কিয় নল'ম? সি মোৰ জীৱনটোকে ধবংস কৰি পেলাইছে৷ তাৰ
কিবা ক্ষতিপূৰণতো সি দিবই লাগিব৷"
"সেইটোতো হয়েই৷ এইবাৰ এটা ডেলিকেট
প্ৰশ্ন?"
"কওঁক৷"
"ইজ হি কেপবল অফ মাৰ্ডাৰ?"
"সেইটো কেনেকৈ জানিম? তাৰ সৈতেতো মোৰ চিনাকি সামান্য৷"
"আপুনিচোন তেওঁক নৰপশু বুলিলে!"
"সেইটোতো কমেই৷"
"আপোনাৰ কি ধাৰণা, মানুহজন অত্যন্ত হিংস্ৰ?"
"অন্ততঃ এটা দিশততো হয়েই৷"
"এটা দিশৰ পৰাওতো বহুখিনি অনুমান কৰিব
পাৰি!"
"আপুনি মোক অসুবিধাত পেলালে৷"
"কিয় কওঁকচোন?"
"মানুহজনক কিন্তু এনেয়ে দেখিবলৈ খুব
নিৰীহ যেন লাগে৷"
"কিয়?"
"মনেমনে থাকে৷ তল মূৰ কৰি থাকে৷"
"তাত কেনেকৈ নিৰীহ বুলি প্ৰমাণিত হ'ল?"
"নাই৷ প্ৰমাণিত নহয়৷"
"তেনেহ'লে?"
"ফুলশয্যাৰ পিছ দিনাখন মোৰ অৱস্থা দেখি
তাৰ ভনীয়েক এজনীয়ে সকলো কথা ঘৰৰ মানুহক কৈ দিছিল৷ তেতিয়া তাৰ ঘৰৰ মানুহে তাক বহুত
গালি পাৰে৷ মানুহজন যেন তেতিয়া অপৰাধবোধত কাতৰ হৈ পৰিছিল৷ অৱশ্যে সেইটো তাৰ
এক্টিঙো হ'ব পাৰে৷"
"মানুহজনৰ হত্যা-চত্যা কৰিব পৰা ক্ষমতা
আছে নে, সেইটো জনাটো মোৰ বাবে খুবেই প্ৰয়োজন৷"
"সেইটো ক'ব নোৱাৰিম৷"
"কথা এটা কওঁ?"
"কওঁক৷"
"হত্যা চবেই কৰিব নোৱাৰে৷ হত্যা কৰিবৰ
কাৰণে এটা বেলেগ ধৰণৰ গুণৰ প্ৰয়োজন৷ এক বিশেষ ধৰণৰ মানসিকতাৰ৷"
"সেইটো হয়৷"
"এই মানুহজনৰ তেনেধৰণৰ মানসিকতাটো আছে
নে নাই, মই সেইটো জানিব খোজো৷"
"কৈছোৱেই ন', মানুহজনক মই ভালকৈ নাজানো৷"
"এটা কথা৷"
"কওঁক৷"
"আপুনি এগৰাকী শিক্ষিত মহিলা, আপোনাৰ পৰিয়ালো বেছ কালচাৰ্ড৷ আপুনি
ভজনবাবুৰ নিচিনা এজন গেৰেজৰ মালিকৰ লগতে বিয়া হ'ল কিয়?"
"গেৰেজৰ মালিক হ'লেও ভজন অট'মোবাইল ইঞ্জিনিয়াৰ৷ এটা সময়ত ভাল গাড়ী
বনোৱা কাৰখানাত কাম কৰিছিল৷ তাৰ পিছত নিজে স্বাধীনভাৱে ব্যৱসায় আৰম্ভ কৰে৷ শুনিছো
তাৰ গেৰেজত নতুন ডিজাইনৰ দুই-তিনিখন গাড়ী বনাই ভাল দামত বিক্ৰীও কৰিছে৷"
"কেৱল সেইটো কাৰণতে?"
"মোৰ দেউতাই স্বাধীন চিতীয়া মানুহ ভাল
পায়৷"
"কেৱল প্ৰফেছনৰ দিশটোৰ বাদে আপোনালোকে
আৰু একো নাচালে?"
"নেগোছিয়টেড বিবাহ আছিল৷ মই দেউতাৰ কথাত
হয়ভৰ দিছিলো মাত্ৰ৷ মানুহজনৰ যিবোৰ বিৱৰণ শুনিছিলো, বেয়া লগা নাছিল৷"
"বিয়াৰ আগতে আপোনালোকে পৰস্পৰক দেখিছিল?"
"উম৷"
"আপোনাৰ পচন্দ হৈছিল?"
"দেখিবলৈ বেয়া লগা নাছিল৷ বিনয়ী ভাবটোও
ভালেই লাগিছিল৷"
"তেওঁৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উঠিছে,
সেইটোতো
জানে চাগে?"
"অঁ৷"
"আপুনি তেওঁৰ গেৰেজলৈ কেতিয়াবা গৈছে?"
"নাই৷ যোৱাৰ সুযোগ নাপালোৱেই৷ বিয়াৰ
পিছতেইতো গুছি আহিলো৷"
"গেৰেজটো ক'ত জানে চাগে?"
"শুনিছো কলিকতাৰ বাহিৰত, বাৰাচাতৰ ওচৰত ক'ৰবাত৷"
"অঁ, হত্যাৰ ডিটেইলছ জানে?"
"নাই, মাত্ৰ শুনিছো এজনী ছোৱালীৰ
মাৰ্ডাৰ হৈছে৷"
"অঁ, তাৰ আগত এটা প্ৰশ্ন কৰিব খোজো৷"
"কৰক৷"
"আপুনি শহুৰৰ ঘৰৰ পৰা আহিবৰ সময়ত
ভজনবাবুৰ বিৰুদ্ধে পুলিচত এখন এজাহাৰ দিছিল৷"
"অঁ, খঙৰ ভমকত দিছিলো৷"
"তেওঁৰ ছেক্সুৱেল ব্ৰুটেলিটিৰ কথা
উল্লেখ আছিল নে তাত?"
"আছিল৷ কিন্তু খঙৰ ভমকত দিয়া এজাহাৰ৷
পিছত উইথড্ৰ কৰিছো৷"
"মই সেইটো জানো৷ পুলিচে ভজনবাবুক ধৰি নি
এৰাতি ৰাখিয়েই এৰি দিছিল আপোনাৰ দেউতাৰ অনুৰোধত৷"
"ঘৰৰ বদনাম হ'ব বুলি আমাৰ চিন্তা হৈছিল৷"
"হত্যাকাণ্ডটোৰ পিছত আপোনাৰ শহুৰৰ ঘৰৰ
পৰা কোনোবা আহিছিলনে আপোনাৰ ওচৰলৈ?"
"নাই৷"
"মাৰ্ডাৰটো হোৱা সাত দিন হৈ গ'ল৷ কোনো অহা নাই এই কেইদিনত?"
"পূজন মাজে-সময়ে আহে, ঘনাই-ঘনাই নহয়৷ যোৱা সাত দিনত কোনো অহা
নাই৷"
"এইবাৰ এটা চেনচিটিভ প্ৰশ্ন৷"
"সোধক৷"
"লাজ নকৰেতো?"
"লাজ কৰিবলগীয়া হ'লে উত্তৰ নিদিওঁ৷"
"ভেৰি গুড৷"
"প্ৰশ্নটো কি?"
"ভাজনবাবু যে ছেক্সৰ ক্ষেত্ৰত চেডিষ্ট
প্ৰকৃতিৰ মানুহ সেইটো আপোনাৰ কথাৰ পৰা স্পষ্টকৈ বুজা গৈছে৷ মোৰ প্ৰশ্নটো হ'ল, যাৰ ছেক্সুৱেল আৰ্জ ইমান বেছি তেওঁতো
নিশ্চয় প্ৰছ-কুৱাৰ্টাৰলৈ যায়৷"
"এই বিষয়ে মই একো নাজানো৷"
"এনে প্ৰকৃতিৰ মানুহে নিজকে সংযত কৰি
ৰাখিব নোৱাৰে৷"
"প্ৰছ-কোৱাৰ্টাৰলৈ যায় যদি যায়৷ মই
কেনেকৈ জানিম কওঁক?"
"একো হিন্ট পোৱা নাছিল?"
"নাই৷"
"সমস্যাটো হ’ল পুলিচে এই এংগলটো ভালদৰে চাইছে,
কিন্তু
তেওঁ যে প্ৰছ-কোৱাৰ্টাৰলৈ যায় তাৰ কোনো প্ৰমাণ উলিয়াব পৰা নাই৷"
"হঠাৎ এইটো প্ৰশ্ন কিয়?"
"প্ৰছ-কোৱাৰ্টাৰলৈ যোৱা হ'লে ভজনবাবুৰ বিৰুদ্ধে কেছটো বেছি
জোৰদাৰ হ'লহেঁতেন৷ তেওঁ যে চেডিষ্ট সেইটো প্ৰমাণ কৰিবলৈ সুবিধা হ'লহেঁতেন৷"
"মইতো কৈছোৱেই মানুহজনক ভালকৈ জনাৰ
সুযোগ মই নাপালো৷ যিজনী ছোৱালীৰ মাৰ্ডাৰ হৈছে, তাই কি প্ৰষ্টিটিউট নেকি?"
"নাই, নহয়৷"
"তেনেহ'লে এইটো প্ৰসংগ ওলাল কিয়?"
"ছোৱালীজনীক হত্যা কৰাৰ আগতে ব্ৰুটেলি
ৰেপ কৰা হৈছিল৷"
"ওহ৷"
"ইজ ইট জাষ্ট লাইক ভজনবাবু?"
"মই কেনেকৈ কওঁ? মোকতো মাৰ্ডাৰ কৰা নাই৷"
"মাৰধৰ কাৰ, হাত মুচৰি দিয়া, লেতেৰা গালি পৰা, এইবিলাক?"
"প্লীজ, মোক এইবিলাক কথা নুসুধিব৷ মোৰ পক্ষে
ডিটেইলছ কোৱা সম্ভৱ নহয়৷ এইবোৰ মোৰ ৰুচিৰ বাহিৰত৷"
"ছৰী৷ কিন্তু আপুনিতো জানে যে এইটো এটা
মাৰ্ডাৰ কেছ৷"
"জানো, কিন্তু মোৰ বাবে ইয়াতকৈ বেছি কোৱা
সম্ভৱ নহয়৷"
"কিন্তু ক'ৰ্টত যে আপোনাক এইবোৰ অস্বস্তিকৰ
প্ৰশ্ন কৰিব৷"
"কোৰ্টত? কোৰ্টত আকৌ মই কিয় যাম?"
"আপোনাক পুলিচে সাক্ষী হিচাপে
মাতিব৷"
"মই নোৱাৰিম৷"
"ভয় লাগিছে?"
"ভয় নহয়, এইবিলাক জঘন্য বিষয়ক লৈ প্ৰশ্ন কৰিলে
মই একো উত্তৰ দিব নোৱাৰিম৷"
"সেইটো আপোনাৰ ইচ্ছা৷ কিন্তু আপোনাৰ
সাক্ষৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিছে৷"
"কি নিৰ্ভৰ কৰিছে?"
"ম'টিভ অফ মাৰ্ডাৰ৷"
"মোৰ ওপৰত নিৰ্ভৰ কিয় কৰিব? মোৰ সৈতেতো মানুহজনৰ কোনো সম্পৰ্ক
নাই৷"
"সম্পৰ্ক কিয় নাই, তাৰ কাৰণটোৱেইতে আমাক লাগে৷ ভজনবাবু যে
এজন চেডিষ্ট সেইটো প্ৰমাণ কৰিব পাৰিলে পুলিচৰ কাম সহজ হয়৷"
"প্লীজ, মোক এৰি দিয়ক৷ হত্যা যদি সি কৰিছে,
সেইটো
পুলিচে প্ৰমাণ কৰক৷ মোক কিয় মাজত টানিছে?"
"পুলিচে তেওঁলোকৰ কাম কৰিব৷ পুলিচক সহায়
কৰা আমাৰ কৰ্তব্য৷"
"ছোৱালীজনী কোন?"
"ভাল প্ৰশ্ন৷ এই প্ৰশ্নটো আপুনি বহুত
আগতেই সুধিব পাৰিলেহেঁতেন৷"
"আপুনি মোক ইমানে প্ৰশ্ন কৰি আছে,
মই একো
সুধাৰ সুযোগেই পোৱা নাই৷"
"ছৰী মেডাম৷ এইবোৰ ঘটনা ঘটিলে মানুহক
আমনি নকৰি আৰু উপায় নাথকে৷"
"বুজিছো৷ এতিয়া কওঁক, ছৱালীজনী কোন?"
"এজনী টিন এজাৰ৷ বয়স ষোল্ল-সোতৰৰ বেছি
নহ'য়৷ অত্যন্ত চঞ্চল আৰু ভয়-ভীত নোহোৱা ছোৱালী৷ ভজনবাবুৰ গেৰেজৰ ওচৰতে
এখন খেল পথাৰ আছে৷ তাইৰ ঘৰ সেই পথাৰখন পাৰ হৈ৷ তাইৰ নাম ৰিংকু৷ বৰ মডাৰ্ণ ধৰণৰ
ছেৱালী৷ দেউতাকৰ শিঙৰা মাছৰ ব্যৱসায় আছে৷ মোটামুটি ধনী মানুহ৷ ছোৱালীজনীয়ে এখন
চাইকেল লৈ চুবুৰিটোত ইফালে-সিফালে ঘূৰি ফুৰে৷ কাপোৰ-কানিও পিন্ধে অলপ উগ্ৰ ধৰণৰ৷
কেতিয়াবা ছৰ্টছ আৰু কামিজ, কেতিয়াবা জিন্স আৰু টি চাৰ্ট৷"
"ছোৱালীজনী কেনেকুৱা?"
"যিমান খিনি জানিব পাৰিছো উচ্ছৃংখল আছিল৷
দেউতাক ডিভোৰ্ছি৷ মাক আন কাৰোবাৰ সৈতে বিয়া হৈ বাহিৰত ক'ৰবাত থাকে৷ ছোৱালীজনী থাকে দেউতাকৰ
লগত৷"
"একমাত্ৰ ছোৱালী?"
"অঁ৷ বোধহয় বৰ মৰমৰো৷ দেখাতো বেয়া
নাছিল৷ যিয়ে দেখিছে চবে কৈছে বিৰাট এট্ৰাক্টিভ আছিল হেনো। আৰু সেইকাৰণে ল'ৰাবোৰো তাইৰ পিছে-পিছে ঘূৰি ফুৰিছিল৷
ৰিংকুৰ বদনাম আছিল, ল'ৰাৰ সৈতে ফ্ৰীলি মিলামিছা কৰাৰ কাৰণে৷ দেউতাকৰ শাসন নাছিল একেবাৰে৷
নিজৰ কাম লৈয়েই ব্যস্ত থাকে, ছোৱালীৰ পিনে মন-কাণ দিবলৈ সময় নাই৷"
"ঘৰত আৰু কোনো নাই?"
"ৰিঙ্কুৰ ককাক আৰু আইতাকো ঘৰতে থাকে৷
তেওঁলোক ঘৰত থকাক লৈয়ে ৰিংকুৰ মাক দেউতাকৰ মাজত খকা-খুন্দা আৰম্ভ হৈছিল, পিছত অশান্তি বাঢ়ি-বাঢ়ি গৈ ডিভোৰ্ছৰ পৰ্যায়
পায়গৈ৷"
"ৰিংকুৰ দেউতাকে আৰু বিয়া নকৰালে?"
"নাই৷ তেৱোঁ আপোনাৰ দৰেই৷ এবাৰ বিয়া
কৰাই যি তিক্ত অভিজ্ঞতা পালে, আৰু বিয়া নকৰালে৷ সেই বুলি তেওঁৰ বিয়াৰ বয়স পাৰ
হৈ যোৱা নাই৷ হি ইজ অনলি ফ'ৰ্টি-ফোৰ৷"
"এতিয়া মোৰ কৰণীয় কি কওঁকচোন৷ সাক্ষী
দিব লাগিব বুলি শুনি মোৰ বিৰাট ভয় লাগিছে৷"
"ভয় কিহৰ?"
"সাক্ষী দিবলৈ গ'লেতো জনাজাত হ'ব, পুৰণা কথাবোৰ আকৌ ওলাব৷"
"সেইবোৰতো ওলাবই৷"
"সেই কাৰণে ভয় লাগিছে৷ এই ঘটনাটোৰ লগততো
মোৰ কোনো সম্পৰ্ক নাই৷ অথচ কিয় যে মোক আপোনালোকে ইনভ’ল্ভ কৰিব খুজিছে?"
"উপায় নাই কাৰণে৷"
"সি কি এতিয়াও জেলতে আছে?"
"পুলিচ কাষ্টডিত৷ আপুনি বিচাৰিলে তেওঁক
লগ কৰিব পাৰিব৷"
"লগ কৰিম? কি কথা কয়? মই কিয় তাক লগ কৰিবলৈ যাম?"
"মানুহজনে আপোনাক হয়তো কিবা ক'ব পাৰে৷"
"প্লীজ, মোক এইবোৰত নাসাঙুৰিব৷ মই তাৰ ছাঁটোও
চাব নোখোজো৷"
"মেডাম, কামটো অপ্ৰীতিকৰ হ'লেও মোৰ অলপ কৌতূহল আছে৷"
"মই নোৱাৰিম৷ ক্ষমা কৰিব৷"
"আগতে অকণমান শুনি লওঁক৷ সাত দিন আগতে
ঘটনাটো ঘটিছিল৷ ভজনবাবুৰ গাড়ীৰ গেৰেজৰ কাষৰ পথাৰখনত ছোৱালীজনীৰ ডেডবডিটো পোৱা যায়
ৰাতিপুৱাৰ ভাগত৷ পথাৰখনৰ কিছু অংশ জংঘল, তাতেই পোৱা গৈছিল৷ ছোৱালীজনী ঘৰলৈ
নোযোৱাত ঘৰৰ মানুহ আৰু পুলিচে গোটেই ৰাতি তাইক বিচৰা-বিচৰি কৰিছিল৷ নাপালে৷"
"শুনিয়েই মোৰ বেয়া লাগিছে৷ ডেডবডি
শব্দটো শুনাৰ পিছত মনটো যে কেনেকুৱা লাগি গ'ল৷ ইমান সৰু ছোৱালী এজনীক কোনোবাই
মাৰিব পাৰে?"
"মানুহৰ মাজত দুই-এটা পশুতো থাকেই৷ আৰু
সেই পশুটোক ধৰিবলৈকে আপোনাৰ সহায়ৰ প্ৰয়োজন৷"
"পশুটো ভজন নেকি?"
"তেনেকুৱাই লাগিছে৷"
"আপোনালোকৰ হাতত প্ৰমাণ নাই?"
"একেবাৰে প্ৰমাণ অবিহনেতো তেওঁক ধৰা
হোৱা নাই৷"
"প্ৰমাণ যদি আছেই, তাক শাস্তি দিলেই হ'ল৷ মোৰ সহায় কিয় লাগে?"
"প্ৰমাণ আছে, আৰু নাইও৷"
"মানে?"
"ভজনবাবুৰ গেৰেজটো অকণমান জনশূন্য ঠাইত৷
প্ৰায় এক বিঘা মাটিৰ গেৰেজ৷ বহুত চফিষ্টিকেটেড যন্ত্ৰপাতি আছে৷ ডিজাইনাৰ গাড়ী
বনাবৰ বাবে ভজনবাবুৱে কিছু অৰ্ডাৰো পাইছিল৷ দেশী-বিদেশী গাড়ীৰ ইঞ্জিন লৈও চাগে
এক্সপেৰিমেন্ট কৰিছিল৷ গেৰেজটো আৰু ডাঙৰ কৰাৰ উদ্দেশ্যে কাষৰ পথাৰখনো কিনাৰ
চেষ্টাত আছিল৷"
"মই এইবিলাক নাজানো৷ অৱশ্যে পূজনে কৈছিল,
তাৰ
গেৰেজটো ডাঙৰ কৰিছে৷"
"অঁ৷ বহুত ডাঙৰ গেৰেজ৷"
"তাৰ বহুত টকা নেকি?"
"অঁ, আপোনাৰ সৈতে তেওঁৰ এৰা-এৰিতো ডেৰ বছৰেই
হ’ল?"
"এক বছৰ, আঠ মাহ৷"
"যোৱা ডেৰ বছৰত ভজনবাবুৱে যথেষ্ট টকা
কৰিছে৷ আৰু বোধহয় সেই কাৰণেই তেওঁৰ পিছত তাৰ স্থানীয় ক্লাৱ আৰু দাদাবোৰ লাগি
গৈছিল৷ সিহঁতে টকা বিচাৰে, তেওঁ নিদিয়ে৷"
"এইবোৰ মই জনা নাছিলো৷"
"আপুনি জানিবলগীয়া কথা নহয়ো৷ পিছে ছমাহ
মান আগতে ভজন বাবুৰ ওপৰত আক্ৰমণ হয়, তেওঁ কেবাটাও গুণ্ডা ল'ৰাৰ হাতত মাৰ খায়৷"
"অঁ, তেনেকুৱা কিবা এটা কথা পূজনৰ মুখত
শুনা-শুনা যেন লাগিছে৷ বেছি মূৰ ঘমোৱা নাই৷"
"ভজনবাবু মানুহজন বৰ
বাস্তৱবুদ্ধিসম্পন্ন ব্যৱসায়ী নহয়৷ তেনেকুৱা হোৱা হ'লে গুণ্ডা দাদাবোৰক অলপ চান্দা-পাতি দি
হাতত ৰাখিব পাৰিলেহেঁতেন৷ সেই পথ নলৈ তেওঁ কনফ্ৰন্টেছনৰ পন্থা লৈছিল৷ দেখিবলৈ
নিৰীহ যদিও বৰ আঁকোৰগোজ আৰু জেদী, নহয়নে?"
"সেইটোতো হয়েই৷"
"যি হওঁক, এই ঘটনাটোৰ পিছত গেৰেজটো প্ৰায় উঠি
যোৱাৰ উপক্ৰম হ'ল৷ ভজনবাবুৱে মিটমাট কৰিবলৈ ৰাজী নহ'ল, টকাও নিদিলে৷ তেওঁ পুলিচকো হাত কৰিবলৈ
চেষ্টা নকৰিল, গতিকে প্ৰটেক্সনো নাপালে৷"
"এইবিলাক জানি মই কি কৰিম?"
"মানুহজনৰ চাৰিত্ৰিক আউটলাইনটো আপুনি
ভালকৈ নাজানে কাৰণে কৈছো৷"
"তেনেহ'লে কওঁক৷"
"মানুহজনে বিপদৰ ৰিস্ক লৈয়েই তাত গেৰেজ
চলাই যাব ধৰিলে৷ ভজনবাবুৱে এটা ৰিভলভাৰ কিনিছিলে৷ লাইচেন্সো আছিল৷ আৰু তেওঁৰ
গেৰেজৰ কৰ্মাচাৰীবোৰ, কিয় নাজানো, তেওঁৰ খুবেই অনুগত৷ সিহঁতেও তেওঁক প্ৰটেক্সন
দিবলৈ ধৰিলে৷ ফলত গেৰেজৰ সৈতে লোকেলিটিৰ এটা শত্ৰুতা আৰম্ভ হৈ গৈছিল৷ গেৰেজত
কেবাবাৰো বোমা দিয়া হৈছে, জুই লগাই দিয়াৰ চেষ্টা কৰা হৈছে, মানুহক উচটাই অৱৰোধ কৰাৰ চেষ্টা কৰা
হৈছে, আৰু আটাইতকৈ ডাঙৰ কথা পলিটিকেল প্ৰেছাৰো আছিল তেওঁৰ বিৰুদ্ধে৷
জনসাধাৰণৰ অভিযোগ, সেই গেৰেজটোত চুলাই বনোৱা হয়, অবৈধ কাম কৰা হয়, ইত্যাদি৷"
"সঁচাকৈয়ে হয় নেকি?"
"হয়তো নহয়৷"
"তেনেহ'লে আপুনি কি ক'ব খুজিছে?"
"ক'ব খুজিছো যে ভজনবাবুৰ শত্ৰুৰ অভাৱ
নাই৷"
"হ'ব পাৰে৷"
"আৰু শত্ৰুতা আছিল কাৰণেই ভজনবাবুৱে
আজিকালি গেৰেজত থাকিবলৈ লৈছিল৷ গেৰেজৰ ভিতৰত তেওঁৰ যে অফিচ ৰুমটো আছে, তাত পাৰ্টিচন দি বিছনা পাৰি লৈছিল৷
ৰন্ধা-বঢ়াও নিজেই কৰা কৰিছিল৷ তেওঁৰ জবানবন্দী মতে গেৰেজৰ ৰক্ষণাবেক্ষণৰ বাবেই
তেওঁ গেৰেজত থকাটো প্ৰয়োজনীয় হৈ পৰিছিল৷ মানুহজনক সাহসীয়েই বুলিব লাগিব৷ নহয়নে?"
"মই কি ক'ম! আপোনাৰ মতে যদি হয়, হ'বও পাৰে৷"
"গেৰেজৰ দুজন কৰ্মচাৰীয়ে ৰাতি পহৰা দিয়ে,
আৰু
ভজনবাবু নিজেতো থাকেই সপ্তাহত চাৰি পাঁচদিন৷ যিদিনাখন ঘটনাতো ঘটিছিল সিদিনাও ভজনবাবু
গেৰেজতে আছিল৷"
"গাৰ্ড দুজনো আছিল নে?"
"দুখৰ কথা সিদিনা দিবাকৰ নামৰ যিজন
কৰ্মচাৰীৰ ডিউটি পৰিছিল, সি চুটি লৈছিল তাৰ মাকৰ অসুখ বুলি কৈ৷ আছিল ৰতন
নামৰ দ্বিতীয় গাৰ্ডটো৷"