শৱৰে তাৰ হোমৱৰ্ক কৰিয়েই আহিছিল৷ হাবুৰ
সকলো বুদ্ধি তাৰ জনা আছে৷ প্লটটো পাৰ হৈ সি সোঁ-ফালৰ কেঁচা ৰাস্তাটোত উঠিল৷
ৰাস্তাটো পাৰ হৈ ৰেল-আলি৷ ৰেল-আলি পাৰ হৈ এখন পথাৰৰ মাজেৰে সি স্বাভাৱিক বেগেৰে
খোজ কাঢ়ি যাবলৈ ধৰিলে৷
পাঁচু হালদাৰৰ ঘৰটো এমহলীয়া৷ আগ ফালে
ঘাঁহনি আছে৷ ঘাঁহনিখন পাৰ হৈ দুৱাৰৰ ওচৰত ৰ'ল শৱৰ৷
পাঁচুৱে এইবাৰ পাৰ্টিৰ নমিনেছন পাইছে৷
ইলেক্সন খেলিব৷ ক্ষমতাশালী ব্যক্তি৷
ভিতৰত পাঁচুৰ মাত শুনা গ'ল,
"তই আকৌ ইয়ালৈ কিয় আহিছ?"
"ক'ত যাম?"
"বৃন্দাবনৰ তালৈ যা৷ পলা
পিছফালেৰে৷"
"ইমান খৰখেদা কৰিছে কিয়? যাম নহয়৷ পুলিচ জানো আপোনাৰ ইয়ালৈ আহিব?"
"যত চব গলগ্ৰহৰ বাহ৷ এতিয়া গৈ লুকাই থাক গৈ,
কালি
পুৱা দেখা যাব৷"
"মিছাতে মোক বিচাৰি আহিছে
পাঁচুদা৷"
"এতিয়া যা৷ কালি পুৱা দেখা যাব৷ যা৷"
এখন দৰজা খোলা শব্দ শুনা গ'ল পিছপিনে৷
পিছফালখন পৰিত্যক্ত৷ কেইজোপা মান ডাঙৰ
ডাঙৰ গছ আছে৷ হাবুৱে দৌৰিছিল প্ৰাণপণে৷ মাটি পিছল, বিপদজনক, মগজুত তাৰ মদৰ ক্ৰিয়া, বেলেন্স নাই শৰীৰৰ৷
পিছফালৰ পৰা ছায়া মূৰ্তিটো কেতিয়া
আগুৱাই আহিল সি ততকে নাপালে৷ এখন শক্তিশালী হাতে তাৰ চোলাটো খামুচি ধৰিলে কান্ধৰ
ওচৰত৷ তাৰ পিছত মাৰিলে এক প্ৰবল আঁজোৰ৷ স্বতঃস্ফূৰ্ত ভাৱেই পেন্টৰ পকেটলৈ হাত গুছি
গৈছিল হাবুৰ৷ ৰিভলভাৰটো ধৰিছিলো৷ কিন্তু উলিয়াব নোৱাৰিলে৷ তাৰ আগতেই এটা বিদ্যুৎ
বেগী প্ৰচণ্ড ঘোচাই বগৰাই দিলে তাক৷
দহমিনিট পিছত দুয়ো মুখা মুখিকৈ বহি আছে
বৰষুণৰ মাজত৷ মাটিৰ ওপৰত৷ তিতিবুৰি জুৰুলি-জুপুৰি দিছে দুয়ো।
শৱৰে শান্ত মাতেৰে ক'লে, "এতিয়া কোৱা৷"
"কি ক'ম? তাই আমাৰ ওচৰলৈ অহা আছিল৷ বন্ধুত্ব
কৰিব খুজিছিল৷ আমি কি কৰো?"
"বন্ধুত্ব কৰিব খুজিছিল কিয়?"
"তাই বিচাৰিছিল আমি যাতে ভজন আচাৰ্যৰ
পিছত আৰু লাগি নাথাকো৷"
"তাইৰ ইন্টাৰেষ্ট ক'ত?"
"কি হ'ব আৰু? মহব্বত৷"
"বুজিছো৷ কৈ যোৱা৷"
"বাৰে বাৰে আহিছিল তাই৷"
"টকা পইছা দিছিল?"
"নাই৷"
"তোমালোকে তাইক কিডনেপ কৰি বাপেকৰ পৰা
টকা আদায় কৰাৰ প্লেন কৰিছিলা?"
"নাই৷ সেই বিলাক আমাৰ লাইনৰ
বাহিৰত৷"
"বাৰু৷"
"মোৰ তাইক ভাল লাগিছিল৷ তাইক কাষত পাব
বিচাৰিছিলো৷"
"বুজিছো৷ কৈ যোৱা৷"
"মদ খালে মোৰ হুঁচ নাথাকে৷ সিদিনা
আবেলিও গেৰেজৰ কাষত তাই মোক ৰৈ থাকিবলৈ কৈছিল৷"
"কিয়?"
"সিদিনা তাই পাঁচুদাৰ তালৈ যোৱাৰ কথা
আছিল৷"
"কিয় যায়?"
"গেৰেজটো লৈ লোকেলিটিত যি সমস্যা হৈছে,
তাৰ
এটা মিত-মাতৰ কাৰণে৷"
"সেইটো কথা ভজনবাবুৱে জানিছিল?"
"বোধহয় জনা নাছিল৷ ভজন মদগৰ্বী মানুহ,
বেলেগৰ
সহায় ল'ব নুখুজে৷ ছোৱালীজনীক পাত্তা নিদিছিল, তাই কিন্তু পাগল আছিল তাৰ বাবে৷"
"কৈ যোৱা৷"
"মই স্কুটাৰ লৈ আবেলি পাঁচটা বজাত ৰৈ
আছিলো৷ ৰিংকুৱে চাইকেলত আহি চাইকেলখন গেৰেজত থৈ মোৰ স্কুটাৰত উঠে৷
"কোনেও তোমালোকক দেখা নাছিল?"
"নাছিল কিজানি৷ গেৰেজটো পাৰ হৈ বাওঁফালে
এখন জংঘল দেখিছে নহয়৷ সেইপিনেৰে চৰ্টকাট হয়৷"
"ৰিংকুক মদ খোৱালে কোনে?"
"তাই নিজে খাব খুজিছিল৷ মোৰ লগত বটল এটা
আছিল৷"
"তাই খায় নেকি মাজে-মাজে?"
"অঁ, খোৱা কৰিছিল৷"
"ক'ত খাইছিল সিদিনা?"
"সেই হাবিখনত বহি৷"
"পাঁচুবাবুৰ ঘৰলৈ নগ'লা?"
"পঁচুদা সিদিনা নাছিল৷ কলিকতালৈ
গৈছিল৷"
"ৰিংকুৱে জানিছিল নে সেইটো কথা?"
"নাই৷ মই তাইক কাষত পাব
বিচাৰিছিলো৷"
"ক'ত লৈ গৈছিলা?"
"তাতেই৷"
"ৰিংকুৱে বাধা দিয়া নাছিল?"
"অঁ৷ খুব চিঞৰ-বাখৰ কৰিছিল, আঁচুৰিছিল৷ কিন্তু মই তেতিয়া পাগল হৈ
গৈছিলো৷"
"কেতিয়া মাৰিলা?"
"প্ৰথমে আমি তাত বহি-বহি দুই তিনি ঘন্টা
ড্ৰিংক কৰিছিলো৷ বহুত কথা পাতিলো৷"
"প্ৰেমৰ কথা?"
"তেনেকুৱাই৷ তাই মোক কৈছিল, তাই ভজনবাবুক ভাল পায়, গতিকে মোক ভাল পাব নোৱাৰিব৷ হ'লেও মোৰ কথা তাই মনত ৰাখিব৷
এইবিলাক৷"
"কৈ যোৱা৷ ৰেপ কেতিয়া কৰিছিলা?"
"ৰাতি নটা চাৰে নটা মান বাজিছিল চাগে৷
যেতিয়া চিঞৰ-বাখৰ কৰিলে, তেতিয়া মুখত টেপা মাৰি ধৰিবলগীয়া হৈছিল৷"
"হুম৷"
"তাই কৈছিল, তাই চব কথা কৈ দিব৷ মই তাইক বহুত
মনাবলৈ চেষ্টা কৰিছিলো৷ কিন্তু চালা ময়োতো তেতিয়া মাতাল৷ মোৰো
টেমা চুটি গ'ল৷"
"ডিঙি চেপি?"
"কিজানি! কি হৈছিল, কি কৰিছিলো একো মনত নাই৷ তাত বহি-বহি
আৰু বহু দেৰিলৈ মদ খালো৷ ৰাতি এটা মানত বৰষুণ দিলে৷ তেতিয়া নি ফিল্ডত পেলাই থৈ
আহো৷"
"মৃতদেহটো স্থানান্তৰ কৰিলা কিয়?"
"ভয় লাগিছিল পুলিচৰ কুকুৰে তাত মোৰ
গোন্ধ পাব বুলি৷ মদৰ বটলটোও আন্ধাৰত ক'ৰবাত দলিয়াইছিলো৷ সেইটো পাব লাগিলে
সৰ্বনাশ৷"
"পুলিচৰ আগত কনফেছ কৰিবা?"
"নকৰিলে?"
"কৰিলে তোমাৰ শাস্তি হ'ব৷ যদি বাইচান্স তুমি ৰেহাই পাই যোৱা,
তেনেহ'লে মোৰ হাতৰ পৰা বাচিব নোৱাৰিবা৷ মইতো
তোমাক মাৰিমেই৷"
"যদি শাস্তি হয়?"
"তেতিয়া আৰু মোৰ কৰিবলগীয়া একো
নাথাকিব৷"
"মোক ৰাতিটো ভাবিবলৈ দিয়ক৷"
শৱৰে হাঁহিলে, "পলাবা নে পাঁচুবাবুৰ ঘৰলৈ যাবা?
যিয়েই
নকৰা কিয়, মোৰ হাতৰ পৰা ৰেহাই নপোৱা৷ শুনি লোৱা, মোতকৈ ডাঙৰ গুণ্ডা আজিলৈ এই পৃথিৱীত জন্মাই নাই। থানালৈ ব'লা৷"
"এতিয়াই?"
"অঁ৷ পাঁচুবাবুৱে যদি তোমাক বচাবলৈ কালি
পুৱা থানালৈ আহে, তেনেহ'লে তাক ক'বা, মোৰ হাতত তাৰ নিৰ্ঘাত মৃত্যু হ'ব৷ কোনেও বচাব নোৱাৰিব৷"
"আপোনাৰ নাম শুনি তেওঁ ভয় খাই
গৈছিল৷"
"ভাল কথা৷ ব'লা এতিয়া৷"
"সময় দিব নেকি অলপমান?"
"নিদিওঁ।"
***
"আপোনাক আজি অলপ বেলেগ বেলেগ লাগিছে৷
কিয় জানো!"
"কেনেকুৱা?"
"চেড এণ্ড ক্ৰেষ্টফলেন৷ বোধহয়
কন্দা-কটাও কৰিছে৷"
"আপুনি মোৰ লগত কিয় ইমান ডাঙৰ অন্যায়
কৰিলে, শৱৰবাবু?"
"অন্যায়? কেতিয়া? কি কৰিলো মই?"
"মানুহজনক পাহৰি গৈছিলো৷ শান্তিত আছিলো৷
কিয় আপুনি মোক তাৰ ওচৰলৈ লৈ গ'ল?"
"মেডাম, এইবিলাক ৰুটিন ৱৰ্কৰ বাদেতো একো
নহয়৷"
"কিমান দিন যে মই ৰাতি শুব পৰা নাই,
অনৱৰতে
মনটো কেনেকুৱা অস্থিৰ অস্থিৰ লাগি থকা হৈছে৷"
"কিয়?"
"সেই মাৰ খোৱা চেহেৰা, তেনেকৈ ভাঙি পৰা, আৰু হাতযোৰ কৰি মোক ক্ষমা খোজা --
এইবোৰ কেনেকৈ পাহাৰো! কিমান বাৰ মন গৈছে অকলে গৈ লগ কৰো তাক, পুলিচৰ বিৰুদ্ধে মোকৰ্দমা কৰো, কি কি কথাবোৰ যে মনলৈ আহিব
ধৰিছে৷"
"আৰু কান্দিছেও৷"
"অঁ৷"
"কান্দিবলগীয়া কি আছে?"
"ভালেই কৰিছো, কান্দিছো৷ যিকোনো মানুহেই
কান্দিলেহেঁতেন৷"
শৱৰে হাঁহিলে, "আৰু কি হ'ল কওঁক৷ কিবা সিদ্ধান্ত ল'লে নে পিছে?"
"কি আৰু সিদ্ধান্ত ল'ম? আপোনালোকৰ কেছ কিমান দূৰ আগবাঢ়িছে?"
"শেষৰ পিনে৷"
"তাৰ মানে কি চাৰ্জছিট দিয়া হৈ গ'ল?"
"চাৰ্জছিট ৰেডি হৈছে৷"
"তেনেহ'লে সি আৰু ৰেহাই নাপাব নেকি?"
"নাই৷ তেওঁ ৰেহাই পালেই বা আপেনাৰ কি
আহে যায়?"
"সেইটো হয়৷ কিন্তু..."
"কিন্তু কি?"
"মোৰ বৰ কষ্ট হৈছে৷"
"হ'ব পাৰে৷ কিন্তু সেই বুলিতো এটা ক্ৰিমিনেলক
এৰি দিব পৰা নাযায়৷"
"ক্ষমা কৰিব নোৱাৰিলে নালাগে৷ অপৰাধ
কৰিছে যদি শাস্তি পাওঁক৷ কিন্তু তেনেকৈ মাৰিছে কিয়?"
"মানিছো, মৰাটো অলপ বেছি হৈছে৷ আন কোনোবা হোৱা হ'লে হয়তো মৰিয়েই থাকিলহেঁতেন৷ কিন্তু
ভজন আচৰ্য বৰ কঠিন ধাতুৰে গঢ়া৷ হান্ড্ৰেড পাৰ্চেন্ট৷"
"স্বাস্থ্য ভাল বুলি ক'ব খুজিছে?"
"নাই৷ তেওঁৰ মনৰ জোৰটোহে শলাগিবলগীয়া৷ এ
কাৰেজিয়াছ মেন৷"
"লাভ কি তাৰ পৰা?"
"লাভ অৱশ্যে একো নাই৷"
"কি শাস্তি হ'ব তাৰ? ফাঁচী?"
"যাৱজ্জীৱন হ'ব পাৰে৷"
"যাৱজ্জীৱন মানেতো চৈধ্য বছৰ, নহয়নে?"
"অঁ, পিছে ভাল বিহেভ কৰিলে ম্যাদ কিছু কমি
যায়৷"
"কিমান কমিব?"
"চাৰি-পাঁচ বছৰো কমিব পাৰে৷"
"তেতিয়াও দহ বছৰ৷ দহ বছৰ কম জানো?"
"অঁ৷ জীৱনৰ আটাইতকৈ প্ৰচপেৰাছ সময়ছোৱাতে
দহ বছৰ জেলত বন্দী হৈ থাকিবলগীয়াটো বৰ দুখজনক৷"
"তাৰ দোষ জানো সন্দেহাতীতভাৱে প্ৰমাণিত
হৈছে?"
"কিছুতো সুৰুঙা থাকিবই৷ হ'লেও প্ৰমাণিত হৈ যাব৷"
"মই ঠিক কৰিছো, আপোনালেকে মোক সাক্ষী হিচাপে মাতিলে মই
তাৰ বিৰুদ্ধে একো নকওঁ৷"
"কি কয় মেডাম! আপুনি এটা ইম্পোৰ্টেন্ট
উইটনেছ৷"
"সেই কাৰণেই মই উল্টা কথা ক'ম৷"
"কি যে মচকিল৷ আপোনাৰ সৈতে তেওঁক লগ
কৰাই দিয়াটোৱেই মোৰ ভুল হ'ল৷"
"লগ কৰাই দিছিল কিয়? মোৰ যে পৃথিৱীখনেই ওলত-পালত হৈ গ'ল৷"
"মানুহজনক ক্ৰিমিনেল যেন নালাগে নেকি
আপোনাৰ?"
"সেইটো ক'বলৈ যোৱা নাই৷"
"তেনেহ'লে কি কৈছে?"
"কি কৈছো ময়ো ধৰিব পৰা নাই৷ সেই
ছোৱালীজনী ৰিংকুৱে আছিল জানো?"
"কোনজনী ছোৱালী?"
"ৰতনে যে মাত শুনিছিল তাৰ ৰুমত!"
"ডাউটফুল৷"
"তেনেহ'লে এটা লুপ হ’লতো দেখ-দেখকৈয়ে থাকি গ'ল৷"
"সেইটো হয়৷ মই জিপ লৈ আহিছো৷ আজি যাবনে?"
হঠাৎ মুখখন উজলি উঠিল বিভাৱৰীৰ৷ ক'লে, "অঁ৷ মোক দুই মিনিট সময় দিয়ক৷"
"দুই মিনিট মাত্ৰ? দৌৰা-দৌৰি একো নাই৷ ছোৱালী মানুহে
সাজি-কাচি ওলাওতে অলপ সময় লাগে, জানো৷ টেক ইয়'ৰ টাইম, মই বহিছো৷"
"সাজি-কাচি ওলাম? কিয় সাজি-কাচি ওলাম, শৱৰবাবু? জাষ্ট কাপোৰযোৰ সলাই আহিছো৷"
দুই মিনিটেই লাগিল৷ মুখত পাউদাৰকণো
নঘঁহাকৈ ওলাই আহিল বিভাৱৰী, "ব'লক৷"
জিপত শৱৰে ক'লে, "আপোনাৰ মাজত এটা ভিজিবল চেঞ্জ দেখা
গৈছে৷"
"হয় নেকি, ভাল কথা৷"
"দেটছ গুড৷"
"সি এতিয়া কেনে আছে?"
"বেটাৰ৷ মাচ বেটাৰ৷"
"তাৰ যদি যাৱজ্জীৱন কাৰাদণ্ড হয় তেতিয়া
গেৰেজটোৰ কি হ'ব?"
"আপোনালোকৰ যিহেতু ডিভোৰ্ছ হোৱা নাই,
গেৰেজটোৰ
ওপৰত আপোনাৰো অধিকাৰ আছে৷"
"যাঃ৷"
"আইনেতো তাকেই কয়৷"
"মই কি কৰিম গেৰেজেৰে? গাড়ীৰ কথা একোৱেই নাজানো৷"
"তেনেহ'লে বেছি দিব পাৰে৷ বহুত গ্ৰাহক আছ৷ ভাল
দাম পাব৷"
"পাগল! ইমান আশাৰে গেৰেজটো বনাইছে সি৷
বেছিম কিয়?"
"সেইটোও ঠিক৷ তেনেহ'লে নেবেচিব৷"
"মোৰ কথা কিবা কৈছে নে সি?"
"অঁ৷"
"কি কৈছে?"
"আপোনাক এই জঘন্য কেছটোৰ মাজলৈ টানি
অনাৰ বাবে ভজনবাবু অলপ অসন্তুষ্ট হৈছে মোৰ ওপৰত৷"
"ওহ!"
"তেওঁ চাগে আপোনাক এতিয়াও ভাল
পায়৷"
"কি যে কয়!"
"ভুলো ক'ব পাৰো৷ মইতো নিৰস মানুহ৷"
"মই ধৰিবই পৰা নাই, ৰিংকুক কিয় ৰিফিউজ কৰিলে সি! আৰু
ৰিফিউজ কৰি উঠি ৰেপেই বা কিয় কৰিব? হত্যাই বা কৰিব কিয়?"
"আপুনিয়েই কওঁক৷"
"আপোনালোকে ভাল দৰে তদন্ত কৰা
নাই৷"
"আপোনাৰ ইনষ্টিংক্টে কি কয়?"
"সি নহয় যেন লাগে৷"
"আজি তেওঁ বহুখিনি সুস্থ৷ তেওঁকে সুধি
চাব৷"
"মোক কিয় ক'ব?"
"নোকোৱাৰ কোনো কাৰণ নাই৷ ক'ব চাগে৷"
"মই কিন্তু আদালতত একো নকওঁ তাৰ
বিৰুদ্ধে৷"
"মচকিল...!"
"কোনোপধ্যেই নকওঁ৷"
"তেনেহ'লেতো সাক্ষী হিচাপে আপোনাক বাদ দিব
লাগিব৷"
"কিয় বাদ দিব? মোৰোতো ক'বলগীয়া আছে৷"
"আপুনি যে কেছটো ওলোটাই দিব৷"
"দিমেইতো৷"
"মিছ ভট্টাচাৰ্য, আপুনি বাৰু ভজনবাবুৰ প্ৰতি চফ্ট হৈ
পৰিছে নেকি?"
"মই চিম্পেথেটিক৷ তাক মোৰ ক্ৰিমিনেল যেন
লগা নাই৷"
"লজিকটো কি?"
"তাকেইতো ক'লো, তাৰ লগত যদি তাই বিয়াই হ'ব খুজিছে, তাইক সি বিনাকৰাণত ৰেপ কৰি
মাৰ্ডাৰ কৰিবলৈ যাব কিয়?"
"গুড লজিক৷ কিন্তু এনেকুৱাওতো হ'ব পাৰে, সিদিনা ৰাতি অহা ছোৱালীজনী ৰিংকু
নাছিলেই৷"
"হ'ব পাৰে! আপোনালোকে ঠিক মতে তদন্ত
নকৰিলে যে!"
শৱৰে অকণমান হাঁহিলে৷
"হাঁহিলে যে?"
"ইউ হেভ এ লজিকেল মাইণ্ড৷"
"তাৰ মানে?"
"ছোৱালীজনী হয়তো ৰিংকু নাছিল৷"
"প্ৰমাণ পাইছে?"
"যদি পোৱা বুলি কওঁ?"
"কিয় কথাবোৰ ঘূৰাই-পকাই থাকে কওঁকচোন৷
ছৱালীজনী কোন, কওঁক?"
শৱৰে গাড়ী চলাই চলাই ক'লে, "হয় কোনোবা৷"
"তাইৰ কিবা নাম-চামতো আছে৷"
"আছে৷ শ্যামলী৷"
"এইজনী আকৌ কোন?"
"শুনিলে শ্বকড হ'ব৷"
"প্লিজ! কওঁকনা৷"
"শুনাৰ আগতে সন্মুখৰ হেণ্ডেলডালত ধৰি
লওঁক ভালকৈ৷"
"বাপৰে, কিয়?"
"জিপ খোলা গাড়ী৷ শ্বক-তক খাই পৰি যায়
যদি৷"
"আঃ..! এই সময়তো কোনোবাই ধেমালি কৰে
নেকি? কওঁকনা কোন৷"
"অবিশ্বাস্য৷"
"কওঁক৷"
"ছোৱালীজনী, মানে মহিলাগৰাকী ৰিংকুৰ মাক৷"
"অ্যাঁ..."
"ইটছ এ ফেক্ট৷"
"যাঃ, আপুনি ধেমালি কৰিছে৷"
"মিছ ভট্টাচাৰ্য, শুনিবলৈ অদ্ভুত হ'লেও কথাটো সঁচা৷"
"কেনেকৈ?"
"দীঘল কাহিনী৷ সংক্ষেপতে ক'বলৈ গ'লে শ্যামলী এগৰাকী দুৰ্ভগীয়া মহিলা৷ কম
বয়সতে বিয়া হৈছিল আৰু মাকো হৈছিল৷ গিৰিয়েকক ভাল নাপাইছিল৷ সংসাৰ ভাল নাপাইছিল৷
সুজিতৰ সৈতে বিয়াৰ আগৰ প্ৰেমটোৱেও তেওঁক জ্বলাই মাৰিছিল৷ কিন্তু যেতিয়া সুজিতৰ
সৈতে পলাই গ'ল, তেতিয়া সপোনটো আকৌ ভাঙি থাকিল৷"
"কিয়, কি হৈছিল?"
"সুজিতৰ সৈতে মনোমালিন্য৷ খবৰ কৰি গম
পাইছো, সুজিতবাবুৰ এগৰাকী মাৰাঠী মহিলাৰ সৈতে সম্পৰ্ক আছে৷ কোনো এটা সময়ত
সুজিতবাবুৰ বন্ধু ভজনৰ প্ৰেমত পৰি যায় তেওঁ৷ পুনৰ এটা ভুল পদক্ষেপ৷ তেওঁ ভজনক
কলিকতাত আহি লগ কৰে, বিয়া কৰোৱাৰ কথা কয়৷"
"সুজিতৰ সৈতে ডিভোৰ্ছ হৈছে?"
"নাই৷ তেওঁলোকৰ বিয়াই হোৱা নাছিল৷
ডিভোৰ্ছৰ কথাই নাহে৷ দে ৱেৰ লিভিং টুগেডাৰ ইন কানপুৰ৷ সুজিতবাবুৱে বিয়া নকৰোৱাৰ
কাৰণে তেওঁ ইনচিকিউৰিটি ফিল কৰিছিল৷ সেই দিনা ৰাতি তেওঁ কিবা এটা হেস্ত-নেস্ত কৰিব
বুলি ভজনবাবুৰ গেৰেজত গৈ ওলায়৷"
"আৰু সিদিনাই ৰিংকু..."
"অঁ, কোৱাইট কো-ইন্সিডেন্স৷"
"মহিলাগৰাকীৰ কি হ'ব?"
"মহিলাগৰাকীৰ বিৰুদ্ধেতো কোনো চাৰ্জ
নাই৷"
"ভজনে শেষত স্বীকাৰ কৰিলে মানে?"
"অঁ৷ আমি আহি পালো৷"
"ইমান সোনকালে?"
"অঁ৷ আহক৷"
পুনৰ সেই ধুনীয়া বাংলোটোতে সোমাল
বিভাৱৰী৷ পুনৰ সেই ডাইনিং হল৷
"সি কেতিয়া আহিব?"
"এতিয়াই৷ আমি আজি কোনো লগত নাথাকো৷ ভয়
নকৰে নহয়?"
ভ্ৰূ কোঁচাই বিভাৱৰীয়ে ক'লে, "আপুনি অনৱৰতে জোকাই থাকে ন?"
শৱৰে হাঁহি মাৰি গুচি গ'ল৷
আজি মাত্ৰ এজন চিপাহীয়ে দৰজাখন খুলি দি
থিয় হৈ ৰ'ল৷ দুই পেঙত ভৰ দি খুব লাহে লাহে কোঠাত সোমাল ভজন৷ তলমূৰ কৰি আহিছে৷
আজি পুনৰ ভুল নকৰিলে বিভাৱৰীয়ে৷ উঠি গৈ
তাই চকী এখন টানি উলিয়লে৷ ভজনক ধৰি নি বহুৱালে৷ পেংযোৰ তাৰ হাতৰ পৰা নি দেৱালত আঁউজাই
থৈ আহি তাৰ কাষত বহিল৷
"কেনে আছা?"
ভজনে তললৈ মুখ কৰি থাকিয়েই ক'লে, "ভাল৷"
অকণমান ভালেই দেখিলে বিভাৱৰীয়ে৷ চকুৰ
বেণ্ডেজটো নাই৷ ষ্টিকিং প্লাষ্টাৰো খুলি পেলোৱা হৈছে৷ কেৱল মূৰৰ বেণ্ডেজ আৰু ভৰিৰ
প্লাষ্টাৰ আছে৷ মাতটোও স্বাভাৱিক যেনেই লাগিছে৷
"শুনিলো সেই মানুহগৰাকী বোলে ৰিংকুৰ
মাক৷"
ভজন নিশ্চুপ হৈ ৰ'ল৷
"তোমাৰ ওপৰেৰে কিমান ডাঙৰ ধুমুহা এজাক
পাৰ হৈ গৈছে৷ তোমাৰ বাবে সঁচাকৈ বহুত কষ্ট পাইছো মই৷"
"ঘৃণা?"
"নাই, অকণমানো ঘৃণা নাই এতিয়া৷ সিদিনা তুমি
কিয় তেনেকৈ ক্ষমা বিচাৰিছিলা?"
"মন গৈছিল৷"
"যিমান বাৰেই দৃশ্যটো ভাবিছো, সিমান বাৰেই চকু পানী টুকিছো৷"
ভজন নীৰৱে ৰ'ল৷
"তোমাৰ কি হ'ব কোৱাচোন৷"
ভজনে লাহে লাহে তাৰ ম্লান, কৰুণ, শোকাতুৰ মুখখন দাঙি চালে৷
"দুখ নকৰিবা৷ ভুল মোৰেই৷"
"তোমাৰ ভুল? নে পুলিচে এনেয়ে দোষী সজাইছে তোমাক?"
"মিছাটোতো আৰু সঁচা কৰিব নোৱাৰে৷"
"মানে?"
"পুলিচে হত্যাকাৰীক ধৰিছে৷"
"কি?"
"হাবু নাম ল'ৰাটোৰ৷'
"কিয়, মোকতো শৱৰবাবুৱে একো কোৱা নাই৷"
ভজনে অকণমান হাঁহিলে, "চাৰ্প্ৰাইজ দি ভাল পায় চাগে৷"
ভজনৰ হাত দুখন চেপি ধৰি বিভাৱৰীয়ে
উত্তেজিত মাতেৰে সুধিলে, "সঁচা কৈছা? সঁচাকৈ কৈছা তুমি?"
"অঁ, অঁ৷"
হঠাৎ কান্দোনত ভাগি পৰিল বিভাৱৰী৷
টেবুলত উবুৰি খাই পৰি ফেকুৰি-ফেকুৰি কান্দিবলৈ ধৰিলে৷
অকণমান অবাক হৈ চাই ৰ'ল ভজনে৷ কি কৰিব ভাবি নাপালে৷
ছাঁৰ দৰে নিঃশব্দে কোঠাত প্ৰবেশ কৰিলে
শৱৰে৷
"মেডাম, হ'ব আৰু৷"
চকুপানীৰে লেটিপেটি হোৱা মুখখন দাঙি
তীব্ৰ দৃষ্টিৰে চাই বিভাৱৰীয়ে ক'লে, "আপুনি কিয় কোৱা নাছিল মোক?"
"আপুনি দেখিছো এজন একেবাৰে
এন্টিৰোমান্টিক মানুহক বিয়া কৰাইছে৷ আপোনাক পতাবলৈ কি সুন্দৰ সুযোগ পাইছিল তেওঁ৷
পতাব ক'ত, মুখখন মেলি চাই আছে৷"
বিভাৱৰীয়ে জাঙুৰ খাই উঠি ক'লে, "এনেকৈয়ে ভাল৷"
"ভজনবাবুৱে ৰিলিজ পাইছে৷ এতিয়া বোলক মিছ
ভট্টাচাৰ্য৷"
"হ'ব, আৰু জোকাই থাকিব নালাগে৷"
"কি জোকালো?"
"আপুনি এতিয়াৰ পৰা মোক মিছেছ আচাৰ্য
বুলি মাতিব পাৰে৷"
শৱৰে হাঁহি দিলে৷
**সমাপ্ত**
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ