ভজন ওলায় যোৱাৰ পিছত বিভাৱৰীয়ে উমান
পালে তাইৰ শৰীৰৰ কঁপনি আৰু দুৰ্বলতাৰ কথা৷ ধপচকৈ চকী এখনত বহি পৰিল তাই৷ উশাহ তাইৰ
চুটি হৈ আহিল৷
"লগ কৰিলে মেডাম?"
বিভাৱৰীয়ে মূৰ তুলি চালে শৱৰৰ পিনে৷
তাই ক'লে, "আপোনালোকৰ বিৰুদ্ধে কেছ দিয়া উচিত৷"
শৱৰে হাঁহিলে, "দিয়ক আকৌ৷"
"কিয় মাৰিব পুলিচে? মাৰাটো বে-আইনী৷"
"নিশ্চয়৷ কিন্তু ভজনবাবুৰ বেছিভাগ আঘাত
পাব্লিকৰ উপহাৰ, পুলিচৰ নহয়৷"
"সিহঁতক ধৰা নাই কিয়?"
"কিমানক ধৰিম কওঁক৷ গোটেই লোকেলিটিটোৱেই
ইনভল্ভ আছিল৷"
"ছিঃ শৱৰবাবু৷"
শৱৰে পুনৰ অকণমান হাঁহিলে৷ ক'লে, "পাব্লিকৰ হৈ আপোনাৰ গৰিহণাটো ময়ে কান্ধ
পাতি লৈছো মেডাম৷ ছৰী৷ এক্সট্ৰিমলি ছৰী৷"
"আপুনি মোক কোৱা নাছিল, তাৰ যে এই অৱস্থা হৈছে৷"
"শুনাতকৈ দেখাটো বহুত বেছি এফেক্টিভ৷ ব'লক, আপোনাক থৈ আহো৷"
বিভাৱৰী উঠিল৷ শৰীৰ আৰু মনৰ মাজত এটা
বিকলতাৰ উমান পাইছে তাই৷ ভৰি দুখন গধুৰ হৈ পৰিছে৷ মূৰটো অলপ অলপ ৰিমঝিম কৰিবলৈ
ধৰিছে৷ জীপত বহি তাই ক'লে, "আপোনাৰ কিবা দৰকাৰী কাম আছে নেকি এতিয়া?"
"নাই৷"
"তেনেহ'লে মোক এবাৰ তাৰ গেৰেজলৈ লৈ ব'লক৷"
"বাৰু৷ কিন্তু গৈ কি কৰিব?"
"এনেয়ে৷ কৌতূহল৷"
"ঠিক আছে মেডাম৷ এনিঠিং ইউ চে৷"
গেৰেজটো এটা উপকণ্ঠ অঞ্চলত৷
সেৰেঙা-সেৰেঙ ঘৰ, মুকলি পথাৰ, হাবি-জঙ্গল, পুখুৰী৷
অলপ দূৰ গৈ বাওঁ ফালে বাঁহৰ জেওৰা দিয়া
এটা ডাঙৰ কম্পাউণ্ড৷ গেটৰ মুখত দুজন চিপাহীয়ে গাড়ীৰ চিট এটা পাৰি বহি আছে৷ সিহঁতক
দেখি থিয় হ'ল৷
"এইটোৱেই ভজনবাবুৰ গেৰেজ৷"
"ভিতৰত সোমাব পৰা যাব?"
"কিয় নোৱাৰিব?"
শৱৰৰ ইংগিতত চিপাহী দুজনে গেটৰ তলা
খুলি দিলে৷ বিকল গাড়ী মটৰ, নানান যন্ত্ৰপাতি, হাইড্ৰলিক প্ৰেছ আদি পাৰ হৈ সৰ্বশেষত
ভজনৰ ৰুম৷ চিপাহী দুজনে দৰজা খুলি দি আঁতৰি গ'ল৷
"আহক মেডাম৷"
কোঠাত এখন সৰু বিছনা৷ এফালে
চেয়াৰ-টেবুল৷ কিতাপৰ ৰেকত অজস্ৰ টেকনিকেল কিতাপ, কিছু সংখ্যক পেপাৰবেক উপন্যাস, কেইখন মান আলোচনী৷ বাওঁ ফালে মজিয়াত
এটা বায়'গেছৰ চৌকা৷ অলপ বাচন-পত্ৰ৷
"বহক মেডাম৷"
বিভাৱৰী চকীত বহিল৷ তাৰ পিছত কোঠাটো
ভালদৰে চালে৷ চাবলগীয়া বিশেষ নাই৷ মতা মানুহৰ কোঠা৷
শৱৰে ক'লে, "আপুনি যিখন চকীত বহি আছে, সম্ভৱত সেইখন চকীতেই সিদিনা ৰিংকু
বহিছিল৷"
"কেনেকৈ জানিলে?"
"সম্ভাৱনাৰ কথা কৈছো৷"
"ছোৱালীজনী যে ৰিংকুৱেই আছিল, সেইটো কেনেকৈ জানিলে?"
"আপুনি কি ভাবে?"
"সিতো ৰিংকু নহয় বুলিয়ে কৈছে৷"
"তেনেহ'লে কোন হ'ব পাৰে মেডাম?"
"কেনেকৈ ক'ম? আপুনি ক’ব পাৰিব?"
শৱৰে এটা মৃদু হাঁহি মাৰিলে৷ ক'লে, "ৰিংকুও হ'ব পাৰে৷ ৰিংকুৱেতো ভজনবাবুক ভাল পাইছিল
যেনেই লাগে৷"
"আপুনি কিবা লুকুৱাইছে৷"
শৱৰে পুনৰ হাঁহিলে, "সদ্যহতে কিছু কথা গোপন হৈয়েই
থাকক৷"
"বাৰু, ভজনৰ সৈতে মই কি কথা পাতিলো, সেই বিষয়েতো আপুনি একো নুসুধিলে৷"
শৱৰে মিচিক-মাচাককৈ হাঁহি আছিল,
ক'লে, "পিছত জানি লোৱা হ'ব৷"
"তাৰ মানে আপোনাৰ জনাৰ আগ্ৰহ কমি গৈছে৷"
"তেনেকুৱা নহয়৷ ভজনবাবু এতিয়া বৰ বেছি
কথা ক'ব পৰা মুডত নাই৷ সেই কাৰণে অনুমান কৰিছো, আপোনালোকে হয়তো বেছি কথা পাতিব নৱাৰিলে৷
কিন্তু--"
"কিন্তু কি?"
"আপেনাৰ যদি অসুবিধা নহয়, তেওঁক কেইদিনমান পিছত আকৌ এবাৰ লগ কৰিব?"
"কৰিম৷"
"ঠেংক ইউ৷ হি নিডছ এ চিম্পেথিক
হিয়াৰিং৷"
"তাৰ মানে?"
"তেওঁৰ মনটো অদ্ভুত৷ জোৰ কৰিলে বা ফোৰ্ছ
এপ্লাই কৰিলে তেওঁ ভিতৰৰ দুৱাৰখন জপাই দিয়ে৷ কোনো কনফেছনেই তেতিয়া আদায় কৰা
সম্ভৱ নহয়৷ কিন্তু এই কেছটোৰ সাঁথৰ ভাঙিবলৈ হ'লে তেওঁ মুখ খোলা দৰকাৰ৷ আমি যিটো পৰা
নাই, আপুনি সেইটো পাৰিবও পাৰে৷"
"চেষ্টা কৰিম৷"
"কাইণ্ড অফ ইউ৷"
"এতিয়া কি যাবনে?"
"অঁ মেডাম৷ ব'লক৷"
ওভোতাৰ পথত বিভাৱৰীয়ে বিশেষ কথা কোৱা
নাছিল৷ বিভোৰ হৈ আছিল ভাবত৷ আজি তাই ভীষণ শ্ব’ক খাইছে ভজনক দেখি৷ মানুহজনক আৰু তাই
ঘিণ কৰিব পৰা নাই, তাইৰ ঘিণ উপজিছে সেইখিনি মানুহৰ ওপৰত, যিয়ে তাৰ এই অৱস্থা কৰিছে৷
"শৱৰবাবু৷"
"কওঁক৷"
"মোৰ মনে নকয় ভজনে যে সেইটো কাম কৰিছে৷"
"কিয় তেনেকৈ ভাবিলে?"
"যি কাৰণে ভাবিছে৷"
"মই কি ভাবিলো?"
"আপুনিও ভাবিছে বা অনুমান কৰিছে যে
কামটো ভজনে কৰা নাই৷"
"কি আচৰিত কথা৷ এয়াচোন ডিটেক্টিভৰ ওপৰত
ডিটেক্টিভগিৰী৷"
"উম, হয়৷"
***
"ৰতন, তোমাৰ সৈতে অলপ কথা আছে৷"
"কওঁক ছাৰ৷"
"তুমি পুলিচক জনোৱা মতে, মাৰ্ডাৰৰ দিনা
ৰাতি ভজনবাবুৱে ছোৱালী এজনীৰ সৈতে কথা পাতি থকা তুমি শুনিছিলা৷"
"হয় ছাৰ৷"
"তুমি ক'ব পাৰিবা নে দুয়োজনৰ কোনে কাক আপুনি আৰু তুমি বুলি সম্বোধন কৰিছিল?"
"ছাৰ, পুলিচকতো কৈছোৱেই৷"
"কথাটো অত্যন্ত ইম্পোৰ্টেন্ট৷ ভাল দৰে
ভাবি আকৌ এবাৰ কোৱা৷"
"এইবোৰ মাৰ-পিত কাজিয়া-পেচালৰ মাজত
মগজটো একেবাৰে খেলি-মেলি হৈ গৈছে ছাৰ৷"
"সেই কাৰণেই কৈছো ভালকৈ ভাবি-চিন্তি
কোৱা৷ বহু ক্ষেত্ৰত দিন যোৱাৰ লগে লগে স্মৃতি বিলাক পৰিষ্কাৰ হৈ আহে৷ যেতিয়া তুমি জবানবন্দী
দিছিলা সেই সময়ত তুমি ভয় খাই আছিলা৷ গতিকে.."
"হয় ছাৰ৷"
"..এতিয়া ঠাণ্ডা মগজুৰে ভালকৈ ভাবি
কোৱা৷"
"দুই মিনিট সময় দিব ছাৰ? চকু মুদি ভাবিম৷"
"দুই-মিনিট, পাঁচ-মিনিট যিমান সময় লাগে লোৱা৷ মাত্ৰ
আচল কথাটো কোৱা৷"
ৰতনে দুই মিনিটৰ বেছি নাভাবিলে৷ চকু
মেলি হাঁহি ভৰা মুখেৰে ক'লে, "মনত পৰিছে ছাৰ৷ ছোৱালীজনীয়ে বাবুক তুমি
বুলিছিল, বাবুৱে আপুনি বুলি মাতিছিল৷"
"ভালকৈ মনত পেলাই কোৱা৷"
"নাই ছাৰ৷ মনত পৰি গৈছে৷"
"তুমি কিন্তু পুলিচৰ আগত ওলোটাকৈ
কৈছিলা৷"
"খেলি-মেলি হ'ব পাৰে ছাৰ৷ তেতিয়া যি অৱস্থা৷ বাবুৰ
ফাঁচী হ'লেতো চাকৰিটোও যাব ছাৰ৷ বাবু মানুহজন বেয়া নাছিল৷"
"ফাঁচী নহ'বও পাৰে৷"
অকণমান উজ্জলি উঠি ৰতনে ক'লে, "তাৰমানে বাবুৱে ৰেহাই পাব নেকি ছাৰ?"
"সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিছে৷"
"কি ক'ব লাগিব কওঁক৷"
"সিদিনা ৰাতি তুমি গেৰেজৰ ওচৰে পাজৰে
কোনো গাড়ী বা টেক্সী ৰৈ থকা দেখিছিলা?"
"অঁ ছাৰ৷ গেৰেজৰ ঠিক মুখে মুখে নহয়,
সেই
পশ্চিমফালে এখন এম্বেছাদৰ ৰখাই থোৱা আছিল৷ ডাৰ্ক কালাৰৰ৷"
"আৰু কিবা?"
"নাই ছাৰ৷ গেৰেজলৈ আহিছে নেকি জানিবলৈ ড্ৰাইভাৰক
মই সুধিছিলো, 'কিহে, গেৰেজলৈ আহিছে নেকি?' সি ক'লে, 'নাই, মানুহ আনিছো৷'"
"প্ৰাইভেট গাড়ী?"
"এ মাৰ্কাৰ গাড়ী ছাৰ, ভাৰা মাৰে সিহঁতে৷"
"গাড়ীখন কেতিয়া দেখিছিলা?"
"ডিউটিলৈ অহাৰ সময়ত৷ তাৰ পিছত যেতিয়া
বাবুৰ কাৰণে কোক লৈ আহিলো, তেতিয়া গাড়ীখন নাই, গুচি গৈছে৷"
"বাঃ, ভেৰি গুড৷"
"আৰু কিবা ক'ব লাগিব ছাৰ?"
"তুমি জানা নে তোমাৰ বাবুক বাৰাচাতত
গেৰেজ খোলাত কোনে সহায় কৰিছিল?"
"সেইটো ভালকৈ নাজানো৷ কিন্তু শুনিছিলো
বাবুৰ কোনোবা বন্ধুৱে৷"
"তেওঁৰ নামটো কি জানা?"
"সুবীৰ-টুবিৰ কিবা হ'ব৷ মোৰ ইমান মেম'ৰী নাই ছাৰ৷"
"সুজিত হ'ব পাৰে নেকি?"
"ৰাখলে জানিব৷ সি পুৰণা মানুহ৷"
"ৰিংকুক কেতিয়াবা মাতাল অৱস্থাত দেখিছা?"
"নাই ছাৰ৷"
"কেতিয়াও দেখা নাই? ভালকৈ ভাবি কোৱাচোন?"
"নাই ছাৰ৷ ৰিংকুৰ বন্ধুবোৰে হয়তো
খায়৷"
"কোন সিহঁত?"
"বহুত আছিল৷ কেইদিনমানৰ পৰা--" ৰতন
ৰৈ গ'ল৷
"ৰ'লা কিয়?"
"ক'বলৈ ভয় লাগিছে ছাৰ৷ কথাটো বাহিৰ হ'ব লাগিলে মোৰ প্ৰাণ যাব৷"
"নহয় বাহিৰ৷ কোৱা৷"
"কেইদিনমানৰ পৰা ৰিংকুৱে হাবু জগুহঁতৰ
লগ লাগিছিল৷ সিহঁত বিৰাট খেচেৰা মানুহ৷"
"কিয় সিহঁতৰ লগ লাগিছিল?"
"ক'ব নোৱাৰো ছাৰ৷ পিছে এদিন ৰিংকুৱে
গাড়ীৰ বনেটত বহি কুল খাই খাই কৈছিল, তোমালোকৰ গেৰেজত আৰু কোনেও কেতিয়াও আক্ৰমণ নকৰে
চাবা৷ মই হাবু আৰু জগুক হাত কৰিছো৷"
"তুমি তেতিয়া কি ক'লা?"
"মই কৈছিলো, খবৰদাৰ সিহঁতৰ কব্জালৈ নাযাবা৷ তোমাক
সিহঁতে শেষ কৰি পেলাব৷"
"ৰিংকুৱে কি ক'লে?"
"হাঁহিলে, পাত্তা নিদিলে৷ ৰিংকুৱে ছাৰ, কাৰো কথা নুশুনিছিল৷ বাবুৰ সৈতে বিয়াখন
হোৱা হ'লে বাচি গ'লহেঁতেন৷"
"বিয়া? বিয়াৰ কথা ওলাইছিল নেকি?"
"নাই ছাৰ৷ মোৰ এনে লাগে দুয়োকে যেন মিলিলেহেঁতেন৷"
"কিয় তোমাৰ তেনেকুৱা লাগে?"
"কিয় জানো লাগে!"
"ৰিংকুৱে ভজনবাবুক ভাল পায় যেন লাগিছিল
নেকি তোমাৰ?"
"অঁ ছাৰ, তেনেকুৱাই লাগিছিল৷ ৰিংকুৱে মাজে মাজে
বাবুৰ বাবে খোৱা বস্তু লৈ আহিছিল, কিতাপ আনিছিল, আৰু বাবুক কাষত পালে বৰ হাঁহি-মাতি থকা
আছিল৷"
"আৰু ভজনবাবু?"
"বাবুতো ছাৰ, অনবৰতে কাম লৈয়ে ব্যস্ত থাকে৷ অনবৰতে
নানানটা চিন্তা৷ বাবুৱে কেতিয়াবা-কেতিয়াবা ৰিংকুক ধমকিও দিছিল৷"
"কি কৈছিল?"
"কৈছিল, কিয় আদ্দা মাৰি সময় নষ্ট কৰি আছা,
পঢ়া
শুনা কৰাগৈ যোৱা৷ কেতিয়াবা কৈছিল, ইমান চঞ্চল হ'লে জীৱনত একো কৰিব নোৱাৰিবা৷ কি এই
বিলাক?"
"ভজনবাবুৰ ওচৰলৈ আৰু কোনোবা ছোৱালী বা
মাইকী মানুহ আহিছিল নেকি?"
"গাড়ী ভাল কৰিবলৈতো বহুতেই
আহিছিল৷"
"তাৰ বাদে?"
"নাই ছাৰ, বাবুৰ ছোৱালী-তোৱালীৰ ধান্দা বৰ এটা
নাছিল৷"
"তোমাৰ বাবু ঘনে-ঘনে ট্যুৰলৈ গৈ থকা
আছিল নেকি?"
"কেতিয়াবা-কেতিয়াবা গৈছিল ছাৰ৷"
"বাৰু৷"
***
"আপোনাৰ বিয়া কিমান বছৰ বয়সত হৈছিল
শ্যামলী দেৱী?"
"কিয় সুধিছে কওঁকচোন? এইবিলাকো তদন্তৰ কামত লগা হৈছে নেকি?"
"কোনে জানে কেতিয়া কোনটো কামত লগে৷ ক'ব যদি নোখোজে..."
"মোৰ বিয়া ষোল্ল বছৰ বয়সত হৈছিল৷"
"ইমান কম বয়সত?"
"দেখিবলৈ ভাল আছিলো কাৰণে মোৰ
শাহু-শহুৰে লগে লগে পচন্দ কৰে৷ পিছত নাপাব বুলি দৌৰা-দৌৰি কৈ বিয়াখন পাতি পেলায়৷
আৰু সেই বিয়খনেই মোৰ জীৱনৰ চব সৰ্বনাশৰ মূল৷"
"সৰ্বনাশ কিয়?"
"ষোল্লত বিয়া, সোতৰত ছোৱালীৰ মাক, যৌৱনৰ এই সুন্দৰ সময়ছোৱা অনুভৱ কৰাৰ
সুযোগেই নাপালো৷ ক'ত ফঁচি গ'লো চাওঁকচোন৷ সেই কাৰণেই ইহঁতৰ ওপৰত মোৰ ইমান
খং৷"
"সুজিতবাবুৰ সৈতে আপোনাৰ চিনাকি কেতিয়াৰ?"
"প্ৰায় জন্মৰ পৰাই৷ সি মোতকৈ এবছৰ ডাঙৰ৷
আমাৰ ঘৰো ওচৰা-ওচৰি৷"
"আপুনি কেতিয়া তেওঁৰ প্ৰেমত পৰিছিল?"
"এইবিলাক জানি কি লাভ হ'ব আপোনাৰ?"
"প্লিজ৷"
"আপোনাৰ কথা-বতৰা পুলিচৰ দৰে নহয়,
আৰু
আপোনাক বুদ্ধিমান যেন লাগে৷ সেই কাৰণে হয়তো আপুনি বেছি বিপদজনকো৷ অথচ আপোনাক মোৰ
বৰ বেয়া লগা নাই৷ সেই কাৰণে কৈছো, আমাৰ প্ৰেম শৈশৱৰ৷"
"আপুনি সুজিতবাবুক কেতিয়াবা আপোনাৰ
ভালপোৱাৰ কথা কৈছিল?"
"ক'বলগীয়া কিটো আছে? আমি দুয়ো দুয়োকে ভাল পাইয়ে ডাঙৰ
হৈছো৷"
"বিয়াৰ সময়ত সুজিতববুৰ ৰিয়েক্সন
কেনেকুৱা আছিল?"
"কি আৰু হ'ব? সি তেতিয়া সোতৰ বছৰীয়া ল'ৰা৷ লগৰ চবে কলেজত নাম লগাইছে৷ তাৰ
বাবে জানো মোক বিয়া কৰোৱা সম্ভৱ?"
"আপুনি?"
"মই! মই কান্দি-কাতি বিছনা চাদৰ তিয়াই
পেলাইছিলো৷ কিন্তু প্ৰতিবাদ কৰিব পৰাকৈ তেতিয়াও প্ৰস্তুত হৈ উঠা নাছিলো৷"
"আপুনি ভজনবাবুক জানে?"
শ্যামলীয়ে হঠাৎ স্থিৰ চকুৰে চাই ক'লে, "হঠাৎ এইটো প্ৰশ্ন কিয়?"
"কোৱাত আপত্তি আছে নেকি?"
"তাক মই কেনেকৈ চিনি পাম?"
"ক'বতো নোৱাৰি৷"
"মই আঠ বছৰ আগতে গুচি গৈছিলো, সি তেতিয়া ইয়ালৈ অহাই নাছিল৷"
"সেইটো জানো৷ ভজনবাবুৰ গেৰেজ যিখিনি
মাটিত আছে, সেই মাটিখিনৰ মালিক আছিল সুজিতবাবুৰ খুৰাক বৰুণ গুণ৷"
"হ'ব পাৰে৷"
"কথাটো হ'ল, সুজিতবাবুৱেই ভজন আচৰ্যক মাটিখিনি
কিনাত সহায় কৰিছিল৷"
"মই ইমান নাজানো৷"
"সুজিতবাবু আৰু ভজনবাবু পুৰণা বন্ধু
আছিল৷"
"মই সেইবোৰ খবৰ ৰখা নাই৷"
"ভজনবাবু আপোনালোকৰ কানপুৰৰ ঘৰলৈ
কেবাবাৰো গৈছে৷"
শ্যামলী স্তব্ধ হৈ পৰিল৷
"একো নকয়?"
শ্যামলীয়ে অকণো ভয় নকৰি তাৰ পিনে
তীক্ষ্ণ দৃষ্টিৰে চাই ক'লে, "গৈছিল যদি গৈছিল, তাতে কি হ'ল?"
"ক'ৰ পৰা যে কি হৈ যায়, নহয় জানো?"
"ভজনক মই আগৰে পৰা জানিছিলো৷ এতিয়া কি
ফাঁচী দিব নেকি মোক?"
"নাই, ফাঁচীৰ জৰীডাল ভজনবাবুৰ বাবেই থাকক৷
আপুনিতো তেওঁক নিজ হাতেৰে মাৰিব খুজিছিল৷"
"এতিয়াও বিচাৰো৷"
"যদি ভজনবাবু নিৰ্দোষী বুলি প্ৰমাণিত হয়?"
"তেতিয়াও..." কৈয়েই ৰৈ গ'ল শ্যামলী৷ সুৰ সলাই ক'লে, "তেতিয়া বেলেগ কথা৷ কিন্তু তাৰ বাদে আৰু
বেলেগ কালপ্ৰিট নাই৷"
"ডাঠি ক'ব পাৰিব?"
"পাৰিম৷"
"মাৰ্ডাৰৰ দিনাখন ৰাতি আপুনি ক'ত আছিল?"
"মানে?"
"কৌতূহল৷"
শ্যামলী কিছুপৰ নিশ্চুপ হৈ থাকি ক'লে, "কলিকতাত৷ তিলজাত আমাৰ এটা ফ্লেট
আছে৷"
"ৰিংকুৰ মৃত্যুৰ খবৰ আপুনি কেতিয়া পাইছিল
আৰু কেনেকৈ?"
"প্ৰথমতে বাতৰি কাকতত৷ তাৰ পিছত
টেলিগ্ৰাম পাই কানপুৰৰ পৰা সুজিতেও ফোন কৰে৷"
"তাৰ পিছতো আপোনাৰ বাৰাচাতলৈ আহোতে দুদিন দেৰি লাগিল কিয়? জীয়েকৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত কোনোবা মাকে জানো দেৰি কৰিব পাৰে?"
"পাৰে, যদি অজ্ঞান হৈ পৰে বা অসুস্থ হৈ
পৰে৷"
"কোৱাইট পছিবল৷ বা হয়তো এনেকুৱাও হ'ব পাৰে, আপুনি যে কলিকতাত আছে সেই কথা
শচীনন্দনবাবুক জনাব খোজা নাছিল৷ আৰু আপুনি ডিভোৰ্ছি স্বামীৰ ঘৰতহে থাকিবলৈ পালেনে?"
"তাত কি মহাভাৰতখন অশুদ্ধ হ'ল?"
"অশুদ্ধ নহয়, কিন্তু প্ৰট’কলত নপৰে চাগে৷"
"বাৰাচাতত মোৰ থাকিবলৈ ঠাই নাই৷ মাৰ ঘৰ
বা সুজিতৰ ঘৰৰ লগত মোৰ সম্পৰ্ক নাই৷ তাৰোপৰি এই ঘৰটো যথেষ্ট ডাঙৰো, তলৰ মহলাৰ এই পোৰছনটো মোৰ কাৰণেই
বেলেগকৈ বনোৱা হৈছিল, ঘৰৰ অশান্তি কমক বুলি৷"
"বুজিছো৷ এটা কথা আপোনাক জনোৱা
দৰকাৰ৷"
"কি কথা?"
"ৰিংকুৰ পেটত এলকহল পোৱা গৈছে৷"
"কোনে ক'লে?"
"পোষ্টমৰ্টেমত ওলাইছে৷ অলপ ডিলেইড
ৰিপোৰ্ট৷"
"তাৰ মানে কি কোনোবাই তাইক মদ খুৱাই ৰেপ
কৰিছিল?"
"সেইটোৱে সন্দেহ কৰা হৈছে৷"
"ওঃ৷"
"জানে চাগে, ভজনবাবুৱে মদ নাখায়৷"
"তাৰ পৰা একো প্ৰমাণ নহয়৷"
"ভজনবাবুৰ ফাঁচীটো দেখিছো এটা পপুলাৰ
ডিমাণ্ড হৈ পৰিছে৷"
***
"কোন বে চালা? কোন চুৱাৰৰ বাচ্চা?"
"পুলিচ৷ দৰজা খোলা৷"
"ফুত চালা পুলিচ৷ ফুত বাঞ্চোৎ, কুকুৰ পোৱালি৷"
লগত মদন নামৰ যিটো চিপাহী আছিল,
সি
চেপা মাতেৰে ক'লে, "ছাৰ, ই ডেঞ্জাৰাছ মাল৷ মদ খালে হুচ নাথাকে৷ ফোৰ্ছ ননাকৈ অহাটো ঠিক হোৱা
নাই৷ ব'লক ফোৰ্ছ লৈ আহো৷"
"নাই মদন৷ গোন্ধ পালে চৰাই উৰি
যাব৷"
ৰুমটোৰ পৰা জঘন্য লেতেৰা ভাষা উফৰি
উফৰি আহিছিল৷
শৱৰে কাঠৰ দুৱাৰখনত এটা গোৰ মাৰিলে৷
বোমা ফুটাৰ দৰে শব্দ কৰি দুৱাৰৰ তলৰ ফলিখনৰ কিছু অংশ ফাটি গ'ল৷
বাহিৰত কিনকিনীয়া বৰষুণ৷ আন্ধকাৰ ৰাতি৷
শব্দ শুনি ওচৰ পাজৰৰ ঘৰবোৰৰ পৰা "কি হৈছে, কি হৈছে" বুলি মাত ভাহি আহিল৷
দুই-এখন দুৱাৰ খুলি টৰ্চ মাৰিলে কোনোবাই কোনোবাই৷
"ছাৰ, এই চুবুৰিটো কিন্তু ভাল নহয়৷ এন্টিচ'ছিয়েল মানুহৰ বস্তি৷ চবে ঘেৰি ধৰিলে
বিপদ হ'ব৷"
শৱৰে নিস্পৃহ মাতেৰে ক'লে, "একো নহয়৷ ভয় নকৰিবা৷ এইকণ সাহস লৈ
পুলচিত কি কৰিবলৈ আহিছা?"
ভিতৰৰ গালি গালাজ বান্ধ হৈছে৷ এইবাৰ
দুৱাৰৰ কাষৰ পৰা এগৰাকী নাৰী কণ্ঠই মাত লগালে, "কোন?"
"দৰজা খোলক৷"
"কিয় খুলিম?"
"তেনেহ'লে আঁতৰি দিয়ক৷ দৰজা ভঙা হ'ব৷"
"হাবু ঘৰত নাই৷"
শৱৰৰ দ্বিতীয়টো গোৰত দুৱাৰৰ খিলি উৰি গ'ল৷ দুৱাৰখন খোলাৰ লগে লগেই হাতত টৰ্চ
লৈ সোমাই পৰিল শৱৰ৷
মুখৰ আগত এজনী ছোৱালী৷ বয়স বেছি নহয়,
উনৈছ-বিছ৷
"তুমি কোন?"
"মই শেফালী, হাবুৰ ভনী৷ দাদা ঘৰত নাই৷"
"চাওঁ, বাট এৰি দিয়া৷"
শৱৰে দ্ৰুত খোজেৰে দুটা ৰুম পাৰ হৈ পিছ
চোতালত উঠিলগৈ৷ পিছ চোতাল পাৰ হৈ এটা খালী প্লট৷ শৱৰে মদনলৈ চাই ক'লে, "ঘৰটো চাৰ্চ কৰা৷ সি পলাইছে, কিন্তু সাৱধানৰ মৰণ নাই৷"
"ঠিক আছে ছাৰ৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ