"ছোৱালীজনীৰ সৈতে ভজনৰ চিনা-জনা আছিল
নে?"
"আছিল৷ ছোৱালীজনী প্ৰায়ে ভজনৰ গেৰেজত গৈ
বহি থকা আছিল৷ তাই ভজনবাবুক গাড়ী চলাবলৈ শিকাই দিবলৈ কৈছিল৷ আৰু ভজনবাবুৱে মাজে-সময়ে ৰিংকুক গাড়ী চলাবলৈ শিকাইছিলো৷
শুনা মতে, ৰিংকুৱে ভাল গাড়ী চলাব পৰা হৈ উঠিছিল৷"
"বাঃ৷ তেনেহ'লে আৰু কিহৰ সন্দেহ?"
"সন্দেহৰ অৱকাশ বিশেষ নাই৷ কাৰণ ঘটনাৰ
দিনা সন্ধিয়া গেৰেজৰ সন্মুখৰ মানুহ ঘৰৰ সনাতন মল্লিকে ৰিংকুৰ
চাইকেলখন দেখিছিল গেৰেজৰ গেটৰ কাষত ৰখাই থোৱা৷"
"তেনেহ'লেচোন মিলিয়েই গৈছে৷"
"গৈছে৷ কিন্তু ঘটনাটো সন্ধিয়া ঘটা নাই৷
ঘটিছে অলপ ৰাতি৷ অন্ততঃ পোষ্টমৰ্টেমৰ ৰিপ’ৰ্টে তাকেই কয়৷"
"আপুনি কথাবোৰ বৰ ঘূৰাই-পকাই কয়
শৱৰবাবু৷"
"অঁ, সেইটো মোৰ দোষ৷ পিছে আচল কথাটো
উলিয়াবলৈ বেকগ্ৰাউণ্ডটো ভালকৈ বুজাই কোৱা দৰকাৰ মিছেছ আচাৰ্য্য৷"
"মোক প্লীজ মিছেছ আচাৰ্য্য নুবুলিব৷ মোৰ
নাম বিভাৱৰী ভট্টাচাৰ্য৷"
"জানো৷ ডিভোৰ্ছ হোৱা নাই কাৰণে মিছেছ
আচাৰ্য্য বুলি ক'লো৷"
"কোৰ্টৰ ডিভোৰ্ছ নহ'ল কি হ'ল? মনৰ পৰাতো তাক কেতিয়াবাই পৰিত্যাগ
কৰিছো৷"
"সেইটো হয় বাৰু৷ ডিভোৰ্ছৰ প্লেন আছে নে?"
"এই বিলাক শুনি ভাব হৈছে, ডিভোৰ্ছটো লৈ থোৱা হ'লেই ভাল আছিল৷"
"ঠিক কৈছে৷ পিছে ডিভোৰ্ছ হোৱা হ'লেও আমি আপোনাক সাক্ষী হিচাপে ল'লো হয়৷"
"উফ, কি যে মস্কিল৷"
"ছৰী মেডাম৷"
"আপুনি মোৰ প্ৰব্লেমটো বুজিব নোখোজে কিয়
শৱৰবাবু?"
"বুজিছো, বিভাৱৰী দেৱী৷ কিন্তু প্ৰব্লেমটো আমাৰ
চবৰে৷ আপুনি এক্সপোজাৰক ভয় কৰিছে, ক'ৰ্ট-কাছাৰিলৈ যাব খোজা নাই, কিন্তু আমাৰ যে উপায় নাই৷"
"ঠিক আছে, কওঁক৷"
"ৰিংকুৰ চাইকেলখন বৰ দামী আৰু ৰেচিং
মডেলৰ৷ তেনেকুৱা দামী চাইকেল সেই অঞ্চলত কাৰো নাই৷ গতিকে সেই ৰঙা ৰঙৰ চাইকেলখন পটককৈ
চকুত পৰে৷ বুজি পাইছে?"
"পাইছো, সন্ধিয়া চাইকেলখন গেৰেজত থিয়
কৰাই থোৱা আছিল৷"
"হয়৷"
"তেনেহ'লেতো প্ৰমাণ হৈয়েই গ'ল ন' ৰিংকু যে ভিতৰত আছিল৷"
"আপত-দৃষ্টিত তেনেকুৱাই লাগে৷"
"আপত-দৃষ্টিত মানে?"
"আমাৰ পুলিচৰ মন বিলাক বৰ কুটকুটাই
থাকে৷ এই যে মোৰ বাইকখন আপোনালোকৰ ঘৰৰ সন্মুখত ৰৈ আছে, আৰু মই ভিতৰত বহি আপোনাৰ সৈতে কথা পাতি
আছো৷ বাইকখন যিয়ে চিনি পায় সি দেখিয়েই ক'ব পাৰিব যে শৱৰ দাশগুপ্ত এতিয়া বিভাৱৰী
ভট্টাচাৰ্যৰ ঘৰত বহি আছে৷ কিন্তু এনেকুৱাওতো হ'ব পাৰে যে বাইকখন কোনোবাই টানি আনি
ইয়াত থৈ গৈছে, বা ময়েই সেইখন ইয়াতে থৈ বাচত উঠি ঘৰলৈ গুছি গৈছো৷ গতিকে এইটোক ফুল
প্ৰুফ বুলি ক'ব পৰা নাযায়৷"
"আপোনালোকে চিধা কথাটো জটিল কৰিবলৈ ভাল
পায়৷"
"তেনেকুৱা নহয়৷ আচলতে পৃথিৱীত
সহজ-সৰলভাৱে একোৱেই নঘটে৷ তেনেকুৱা হোৱা হ'লে আমাৰ পৰিশ্ৰম কিমান কমি গ'লহেঁতেন আপুনি নিজেই কওঁকচোন৷"
"সেইটো হয় বাৰু৷ অলপ চাহ খাব? তেতিয়াৰে পৰা একেৰাহে কথা কৈ
আছে৷"
"কফি আছে যদি দিয়ক৷ ঘৰত বনোৱা চাহ সাধাৰণতে
ভাল নহয়৷"
"আপুনি সাংঘাতিক স্পষ্টবাদী
দেখিছো!"
"বেয়া চাহ খোৱাৰ তিক্ত অভিজ্ঞতাৰ ফলতেই
স্পষ্টবাদী হ'বলগীয়া হৈছে৷"
"বাৰু৷ কফিয়েই আনিছো৷"
"আনক৷"
বিভাৱৰী ওলাই যোৱাৰ পিছত শৱৰে ঘৰটো
পুনৰ চালে৷ চহকী পৰিয়ালৰ বৈঠকখানা যেনেকুৱা হয়, তেনেকুৱাই৷ চোফাচেট, চেন্টাৰ টেবুল, চাপৰ বুক কেছ, দেৱালত কিছু ৱাল ডেকোৰেছন৷ বুক কেছৰ
ওপৰত বাকুড়াৰ ঐতিহাসিক কাঠৰ ঘোঁৰা৷ তাৰ কাষতে দুখন ষ্টিল ফ্ৰেমেৰে বন্ধা ফটো৷ এখন
ফটো বিভাৱৰীৰ মাক আৰু দেউতাকৰ৷ আনখন হয়তো বিভাৱৰী আৰু তাইৰ দাদাকৰ সৰু কালৰ৷
বিভাৱৰীয়ে ক'লে, "অকল গাখীৰত বনোৱা কফি৷ খায় নহয়?"
শৱৰে এচুমুক দি ক'লে, "বাঃ৷ চেনিটো একেবাৰে পাৰফেক্ট হৈছে৷
চেনিতেই ভুলটো বেছি হয়৷"
বিভাৱৰীয়ে অকণমান হাঁহি ক'লে, "ৰিংকুৰ চাইকেলৰ কাহিনীটো কিন্তু এতিয়াও
শেষ হোৱা নাই৷"
শৱৰে বিভাৱৰীৰ পিনে চালে৷ ছোৱালীজনী
দেখিবলৈ বহুতেই ধুনীয়া৷ বৰ ওখও নহয়, বেছি বগাও বুলিব নোৱাৰি, কিন্তু মুখখন সাংঘাতিক মৰম লগা৷ চকু
দুটা টনা আৰু চাওঁনিটো কি যে মায়াভৰা৷ এট্ৰাক্টিভ৷ হয়, ভেৰি এট্ৰাক্টিভ৷"
"কি চাইছে?"
"ভাবিছো আপোনাৰ দৰে এগৰাকী ধুনীয়া
ছোৱালীৰ ভাগ্যখন সিমান ধুনীয়া নহ'ল কিয়? কি জানো, কথাতে কয় নহয়, বেছি ধুনীয়া হ'লে দৰা নাপায়- নে কি বুলি৷"
বিভাৱৰীয়ে অকণমান লাজকুৰীয়া হাঁহি এটা
মাৰি ক'লে, "মই যদি ধুনীয়া হ'ব লাগে, ক'বই লাগিব, আপুনি ধুনীয়া মানে কি নাজানেই৷"
"হ'ব পাৰে৷ পিছে যি বস্তুৱে চকু জুৰ পেলায়,
মই
তাকেই ধুনীয়া দেখো৷ বাৰু৷"
"উম, একেবাৰে আনইজি চাবজেক্ট৷"
"কি কৈ আছিলো! ৰিংকুৰ চাইকেল৷ অঁ,
গেৰেজত
ৰিংকুৰ চাইকেলখন সন্ধিয়াৰ পৰাই আছিল৷ বা তাতকৈও আগৰে পৰা৷ অন্ততঃ সন্ধিয়াৰ পৰা যে
আছিল, তাত কোনো সন্দেহ নাই৷"
"ৰিংকুক কোনেও গেৰেজত সোমোৱা দেখা নাছিল?"
"ভাল প্ৰশ্ন৷ নাই, এই পৰ্যন্ত আমি কোনো প্ৰত্যক্ষদৰ্শী
পোৱা নাই যিয়ে ৰিংকুক গেৰেজত সোমোৱা দেখিছিল৷ ঠাইখন অলপ নিৰ্জন৷ বিপৰীত ফালে
মল্লিকবাবুৰ ঘৰ, ওচৰে পাজৰে আন কাৰো ঘৰ নাই৷ মানুহৰো বেছি আহ-যাহ নাই৷
ভজনবাবুৰ গেৰেজলৈয়েই মানুহৰ যি অহা-যোৱা৷ সিদিনা দেওবাৰ, গেৰেজ বন্ধ কাৰণে মানুহ-দুনুহ একেবাৰে
নাছিল৷"
"ৰতন নে কি নাম কৈছিল গাৰ্ডটোৰ- সি কি
কয়?"
"ৰতন ডিউটিলৈ আহিছিল ৰাতি নটা
বজাত৷"
"সি চাইকেলখন দেখা নাছিল?"
"দেখিছে৷ কিন্তু ৰিংকু ভিতৰত আছিল নে
নাই সি নাজানে৷"
"কিয়? সিতো খবৰ কৰিব লাগিছিল৷"
"সি কোৱা মতে, সি ৰাতি নটা বজাৰ অলপ পিছত পহৰা দিবলৈ
আহে৷ গেট খোলাই আছিল৷ মাত্ৰ এটা লাইট জ্বলি থকাৰ কাৰণে ঠাইখন অলপ আন্ধাৰ হৈ আছিল৷
গেটৰ কাষৰ পুৰণা গাড়ী এখনত সি বহি আছিল৷ কিছু সময় পিছত হঠাৎ চাইকেলখন তাৰ চকুত
পৰে৷ সেইপিনে ভজবাবুৰ ৰুমৰ দৰজা তেতিয়া বন্ধ৷ সি ভাবিছিল ৰিংকুৱে ভজনবাবুৰ ৰুমত
বহি আদ্দা মাৰি আছে৷"
"ইছ, মানুহজনে যদি তেতিয়াই লগে লগে গৈ দৰজাত
ঢকা দিলেহেঁতেন৷ ছোৱালীজনী হয়তো বাচি গ'লহেঁতেন৷"
"ঢকা নিদিলেও সি হাতত সাৰে ভৰিত সাৰে গৈ
দৰজাৰ কাষত ৰৈছিল৷"
"ওঃ, তাৰ পিছত?"
"সি শুনিলে, ভিতৰত কোনোবা ছোৱালী, বা মাইকী মানুহৰ লগত ভজনবাবুৱে কথা
পাতি আছে৷ কথা বা তৰ্কাতৰ্কি৷"
"তৰ্কাতৰ্কি?"
"হয়, ৰতনে সেই বুলিয়েই কৈছে৷"
"ছোৱালীজনীৰ মাতটো সি নিশ্চয় চিনি
পায়৷"
"নিচিনাৰ কথা নাই৷ কিন্তু সেইটো যে
ৰিংকুৰে মাত সেইটো সি ডাঠি ক'ব পৰা নাই৷"
"ইয়াৰ পিছতো কিবা সন্দেহ আছে শৱৰবাবু?"
"নাই, সন্দেহৰ অৱকাশ নাই৷ কিন্তু সন্দেহ
মানেইতো প্ৰমাণ নহয়৷"
"চাৰকামষ্টিয়েল এভিডেন্স বুলিওতো এটা
কথা আছে৷"
"আছে৷ আৰু সেইটোৱেই আমাৰ ট্ৰাম্প
কাৰ্ড৷"
"ৰতনে ছোৱালীজনী দেখা নাই, মানি ল'লো৷ কিন্তু ৰেপ আৰু হত্যা কৰাৰ পিছত
মৃতদেহটো নি যেতিয়া ফিল্ডত পেলাই থৈ আহিল, তেতিয়াতো সি চকু মুদি থকাৰ কথা
নাহে৷"
"ৰতনে কোৱা মতে, ৰাতি দহ বাজি যোৱাৰ অলপ পিছত ভজনবাবুৱে
দৰজা খুলি ওলাই আহি তাক মাতিলে৷ ৰতন ওচৰ পোৱাৰ আগতেই ভজনবাবুৱে তাক কোকোকলাৰ কেন
আনিবলৈ পঠালে৷ ওচৰত কোকোকলাৰ কেন পোৱা নাযায়৷ সি কিছু দূৰলৈ যাবলগীয়া হৈছিল৷ প্ৰায়
চল্লিশ মিনিট পিছত উভতি আহি সি ভজনবাবুৰ দৰজাত নক কৰে৷ ভজনবাবুৱে দৰজা খুলি
কেনবিলাক নিলে৷ তেতিয়া ৰুমত কোনো নাছিল৷"
"ইয়াৰ মানে কি বুজিলে?"
"দুয়ে দুয়ে যোগ কৰিলে চাৰি হয় মেডাম৷
ধৰি ল'ব পাৰি যে সেই চল্লিছ মিনিটৰ ভিতৰতে হত্যা আৰু পেলাই থৈ অহা দুয়োটা
কামেই কৰা হৈছিল৷"
"হে হৰি! কি সাংঘাতিক মানুহ৷"
"অঁ, বৰ সাংঘাতিক মানুহ৷ আৰু সেই কথাটোকে
আপুনি আদালতত গৈ ক'ব লাগিব৷"
"মই নগ'লেওতো হয়৷ ৰতনেই চোন সাক্ষী আছে৷"
"ৰতন আমাৰ বৰ ইম্পোৰ্টেন্ট সাক্ষী৷
কিন্তু তাৰ এটা কথা গণ্ডগোলীয়া৷"
"কোনটো কথা?"
"যিজনী ছোৱালীৰ মাত সি ভজনবাবুৰ ৰুমত
শুনিবলৈ পাইছিল, সেইটো ৰিংকুৰ হয় নে নহয় সি নিশ্চিতকৈ ক'ব পৰা নাই৷"
"সেইটোতো সৰু কথা৷ দৰজাখন বন্ধ আছিল,
সেই
কাৰণে হয়তো তাইৰ মাতটো ভালকৈ শুনা নাছিল৷"
"সেইটো হ'ব পাৰে৷"
"ভজনৰ সৈতে ৰিংকুৱে কি কথা পাতিছিল?"
শৱৰে অকণমান হাঁহি ক'লে, "জানিব খোজে? এইবিলাক টপ চিক্ৰেট কথা জানো আপোনাক
কোৱা উচিত?"
"উচিত নহ'লে নক'ব৷"
"আৰে খং কৰিছে কিয়? ৰতনে শুনিবলৈ পাইছিল ছোৱালীজনীয়ে প্ৰায়
চিঞৰি কৈছে, কিয় আপুনি মোক বিয়া নকৰায়? আপুনি কৰাবই লাগিব৷ উত্তৰত ভজনবাবুৱে
বেছ উত্তেজিত মাতেৰে কৈছিল, এই বিলাক কি কৈ আছা পাগলৰ দৰে? তোমাক মই কোনোদিনে তেনেকৈ ভবা নাই৷
তুমি ঘৰলৈ যোৱা, মোক এনেদৰে আমনি নকৰিবা৷ উত্তৰত ছোৱালীজনীয়ে কৈছিল, আপুনি এটা কাপুৰুষ, নপুংসক, আপোনাৰ ব্যক্তিত্ব বুলি একো নাই,
ইত্যাদি৷
ডিটেইলছ পুলিচৰ খাতাত লিখি থোৱা আছে৷"
"ও ম্মা! ৰিংকুৱে তাৰ লগত বিয়া হ'ব খুজিছিল?"
"খুজিব পাৰে৷ ভজনবাবুৰ বয়স হয়তো
আঠত্ৰিশ-উনত্ৰিশ, নহয় জানো?"
"সিমান মানেই৷"
"বয়সৰ অলপ ব্যৱধান হ'লহেঁতেন৷ কিন্তু বিয়া হ'ব পাৰে৷"
"হ’ব পাৰে৷ পিছে বিয়া নকৰাই নাই, মাৰিলে কিয়?"
"সেইটোৱেই কথা, আপুনি ক'ব পাৰিব নেকি কিয় মাৰিলে?"
"নাই৷ কিন্তু ভজনে কি কয়?"
"তেওঁৰ মুখৰ পৰা বেছি কথা উলিয়াব পৰা
নাই৷ তেওঁ কৈছে, সিদিনা সন্ধিয়া তেওঁৰ ৰুমত যিজনী ছোৱালী আছিল, তাই ৰিংকু নহয়৷"
"তেনেহ'লে কোন?"
"তেওঁ ক'বলৈ ৰাজী নহ'ল৷"
"ক'ব কেনেকৈ? সঁচা কথা ক'বলৈ গ'লেতো প্ৰমাণেই হৈ যাব৷"
"মোৰ সন্দেহ ছোৱালীজনী ৰিংকুৱেই৷"
"এতিয়াও সন্দেহ?"
"একেবাৰে প্ৰমাণিত নোহোৱালৈকে সন্দেহ
শব্দটো ব্যৱহাৰ কৰাই ভাল৷"
"সেয়া আপোনালোকে কৰি থাকক৷ মই জানো, ছোৱালীজনী ৰিংকুৱেই৷"
শৱৰে অকণমান হাঁহিলে, তাৰ পিছত ক'লে, "ভজনবাবুক ফাঁচী কাঠত ওলোমাবলৈ আপুনি
অলপ বেছিয়েই ব্যস্ত হৈ পৰিছে দেখিছো৷"
"নহ'ম কিয়? এজনী ছোৱালীক ৰেপ কৰি হত্যা কৰিছে,
তাৰ কি ফাঁচী হ'ব নালাগে?"
"ফাঁচীয়েই হওঁক বা যাৱজ্জীৱন কাৰাদণ্ডই
হওঁক, সন্দেহবোৰ সম্পূৰ্ণ ৰূপে প্ৰমাণ কৰিব নোৱাৰিলে জাজেতো আৰু সেই আদেশ
নিদিব৷"
"আপুনি ৰিংকুৰ চাইকেলৰ কথাটো পাহৰি গ'ল নেকি?"
"নাই, মই একোৱেই নাপাহৰো, ৰিংকুৰ চাইকেলখনো এটা ডাঙৰ এভিডেন্স৷
কিন্তু ভজনবাবুৱে কৈছে, চাইকেলখন যে তাত আছিল, তেওঁ জনা নাছিল৷ সেই বিষয়ে তেওঁ একো
নাজানে৷"
"কথা চাওঁক৷"
"অঁ৷ পুলিচে কেছ বনালে ভজনবাবু যে বিপদত
পৰিব তাত সন্দেহ নাই৷ কিন্তু কেছ বনাবলৈকে আমি ফুল প্ৰুফ হোৱা দৰকাৰ৷"
"ফুল প্ৰুফ হ'বলৈকে আৰু কি কি লাগিব?"
"ভাল হ'লহেঁতেন এজন আই উইটনেছ পোৱা হ'লে৷"
"গেৰেজৰ বিপৰীত ফালে যে মানুহ-ঘৰ থাকে,
তেওঁলোকে
একো দেখা নাই?"
"নাই৷ আৰু এটা কথা৷"
"কি কথা?"
"পুলিচৰ কুকুৰ কিন্তু ভজনবাবুৰ গেৰেজৰ
পিনে যোৱা নাই৷"
"ওহ!"
"উম, পিছে বৰষুণৰ বতৰ যে৷ সিদিনা ৰাতিও বৰষুণ
দিছিল৷ গতিকে গোন্ধৰ ট্ৰেলটো মচা যাব পাৰে৷"
"সেইতো সম্ভৱ৷ মোৰ এনেকুৱা লাগিছে,
আপুনি
যেন এইটো কথাক লৈও সিমান নিশ্চিত নহয়৷"
"মোক আপুনি সন্দেহ-পিশাচ বুলিব
পাৰে৷"
"গম পাইছো৷ চব পুলিচ কি এনেকুৱাই নেকি?"
"নাই৷ মইহে এনেকুৱা৷"
"তেনেহ'লে আপুনি ক্ৰিমিনেল ধৰিব কেনেকৈ৷"
"সকলো সময়তে যে ক্ৰিমিনেলক ধৰিব পাৰি,
তেনেকুৱা
নহয়, বহুত সুৰুঙাৰে সিহঁত সৰকি যায়৷ সেই সুৰুঙাবোৰকে মাৰিবলৈ চেষ্টা কৰি
আছো৷"
"মোৰতো এনেকুৱা লাগিছে, এইটো এটা অ'পেন এণ্ড চাট কেছ৷"
শৱৰে মৃদু হাঁহি মাৰি ক'লে, "হোৱা হ'লেতো ভালেই আছিল৷ এতিয়া কথা এটা সুধো,
ভাবি-চিন্তি
উত্তৰ দিব৷"
"নিশ্চয়৷ মইতো এতিয়ালৈ ক'অপাৰেটেই কৰি আছো৷"
"হয়৷ আপুনি নাৰ্ভাছ হোৱা নাই৷"
"এতিয়া প্ৰশ্নটো সোধক৷"
"ফুলশয্যাৰ নিশা ভজনবাবুৰ যিটো পৰিচয়
আপুনি পাইছিল, সেইটো অতি নিকৃষ্ট আৰু ভয়ংকৰ৷"
"অঁ৷"
"কিন্তু তাৰ পিছতো আপুনি আৰু সাত দিন
শহুৰৰ ঘৰত আছিল৷"
"অঁ৷"
"আপুনি ভজনবাবুৰ ৰুমতে শুইছিল নে?
আই
মিন, একেলগে?"
"পাগল নেকি? মই তাৰ ৰুমতে শুইছিলো, হয়৷ কিন্তু সি তাৰ ভায়েকৰ ৰুমত শুইছিল৷
ঘৰৰ মানুহেই এই ব্যৱস্থাটো কৰি দিছিল৷"
"সেই সাতদিনৰ কথা কিবা মনত আছে?"
"কিয় নাথাকিব? মাত্ৰ ডেৰ-দুই বছৰ আগৰ কথা৷"
"সেই অভিজ্ঞতাটো কেনেকুৱা? মানে ৰিগাৰ্ডিং ভজনবাবু৷"
"সি কিন্তু তাৰ পিছত আৰু কোনোদিনে মোৰ
কাষ চাপিবলৈ চেষ্টা কৰা নাছিল, আনকি লাজতে মূৰ তুলিও চোৱা নাছিল৷"
"সেই সাত দিনত আপোনাৰ লগত ভজনবাবুৰ কথা
হৈছিল নেকি?"
"নাই৷ মোৰ কাষলৈকেই অহা নাছিল৷"
"আপুনি সেই সাতদিন শহুৰৰ ঘৰত আছিল কিয়?
মানি
ল'বলৈ চেষ্টা কৰিছিল?"
"নাই৷ প্ৰব্লেমতো মানি ল'ব পৰা বিধৰ নাছিল৷ সাতদিন আছিলো শহুৰৰ
ঘৰৰ মানুহৰ অনুৰোধত৷ তাৰ ভায়েক পূজন আৰু ভনীয়েক দেবাৰতিয়ে মোক বহুত ভাল পাইছিল৷
শহুৰ দেউতা অসুস্থ মানুহ, শয্যাশায়ী আছিল৷ শাহু মাও বেয়া নাছিল৷ অতি ভাল
মানুহ৷"
"সেই সাতদিনত ভজনবাবুৰ অন্য কোনো গুণ বা
বৈশিষ্ট্য চকুত পৰিছিলেনে?"
"নাই৷"
"ভালকৈ মনত পেলাওক৷ দেয়াৰ মে বি এ
ভাইটেল ফেক্ট৷"
"একো মনত পৰা নাই তেনেকুৱা৷ পিছে..."
"পিছে কি? ৰৈ গ'ল কিয়?"
"সি ৰাতিপুৱা সদায় চুবুৰিৰ কুকুৰবোৰক পাউৰুটী
খোৱাইছিল৷"
"বাঃ, এটা নতুন কথা জানিব পাৰিলো৷ আৰু কিবা?"
"নাই, আৰু একো নাই৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ