Apr 20, 2014

প্ৰজাপতিৰ মৃত্যু আৰু পুনৰ্জন্ম - তৃতীয় অধ্যায়

ৰাজীৱ ফুকন
Projapotir Mrityu aru Punarjanma by Rajiv Phukan   
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

তৃতীয় অধ্যায়

"নমস্কাৰ সনাতনবাবু৷"
 
"আৰে, নমস্কাৰ, নমস্কাৰ। আহক, আহক৷"
 
"অকণমান আমনি কৰিবলৈ আহিলো৷"
 
"কিহৰ আমনি? আপোনালোক আইনৰ ৰক্ষক, আপোনালোকক সহায় কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথা৷"
 
শৱৰ সনাতনবাবুৰ মুখা-মুখি চকীখনত বহিল৷
 
"চাহ-কফি কিবা?"
 
"নাই, ধন্যবাদ৷"
 
"ঠাণ্ডা খাব?"
 
"নাই নাই, সেইবিলাক একো নালাগে, আই এম অলৰাইট৷"
 
"তেনেহ'লে কওঁক৷"
 
"ভজনভাবুৰ সৈতে আপোনাৰ চিনা-পৰিচয় কেনেকুৱা?"
 
"বিশেষ এটা নাই ডাঙৰীয়া৷ যৎসামান্য৷ ঘৰৰ আগতে গেৰেজটো থকাৰ কাৰণে বৰ ডিষ্টাৰ্ব পাই থাকো৷ পুৱাৰ পৰা ৰাতিলৈকে কেৱল ধুম-ধুম, ধাম-ধাম শব্দ কৰি থাকিব, যন্ত্ৰপাতিও চলে, মিস্ত্ৰীবোৰেও হৈ-হাল্লা কৰি থাকে৷"
 
"আপুনি গেৰেজটো উঠাই দিব লাগে বুলি কমপ্লেইন এটা কৰিছিল নহয়?"
 
"ঠিক কমপ্লেইন নহয়৷ মোৰ পত্নী হাৰ্টৰ পেছেন্ট, বেছি ডাঙৰ শব্দ তেওঁৰ কাৰণে বেয়া৷ সেইটো জনাই পুলিচত এটা ৰিপ’ৰ্ট দিছিলো৷ ভজনবাবুলৈ উকিলৰ নটিছ এখন যায়৷"
 
"তাৰ আগতে ভজন বাবুৰ লগত কথা পাতিছিল নে?"
 
"পাতিছিলো৷"
 
"কেনেকুৱা কথা?"
 
"প্ৰথমতেতো মানুহজনক ভাল যেনেই লাগিছিল৷ মই তেওঁক মাজে-সময়ে কৈছিলো লোকেলিটিৰ মাজত গেৰেজ থকাৰ কাৰণে চুবুৰিৰ মানুহৰ অসুবিধা হৈছ, তেওঁ যেন হাইৱেৰ ফালে গেৰেজটো লৈ যায়৷"
 
"তেওঁ কি কয়?"
 
"কোৱা নাই একো৷ মনে মনে শুনি থৈছিল৷"
 
"তাৰ পিছতেই কাজিয়া লাগে?"
 
"কাজিয়া ঠিক তেওঁৰ লগত লগা নাই৷"
 
"তেনেহ'লে কাৰ লগত?"
 
"ভজনবাবুৰ এজন কৰ্মচাৰী আছে, তাৰ নাম ৰাখল৷"
 
"ওখকৈ যে?"
 
"অঁ, সিয়েই৷ সি হ'ল সাত ঘাটৰ চেঙেলী৷"
 
"কাজিয়া লাগিল কিয়?"
 
"এদিন দুপৰীয়া সিহঁতে গাড়ীৰ বডি এটা বনাইছিল৷ কি প্ৰচণ্ড ধুম-ধাম শব্দ৷ মোৰ পত্নীয়ে দুপৰীয়া শুব পৰা নাই, শব্দ শুনি ভীষণ অসুস্থ হৈ পৰিছে৷ মই অফিচৰ পৰা আহি কথাটো শুনি গেৰেজলৈ যাওঁ৷ তেতিয়া ৰাখলৰ সৈতে কথা হ'ল৷"
 
"কি কথা?"
 
"মই ক'লো, এনেকৈ হ'লে নচলিব৷ ৰাখলেও মুখে-মুখে উত্তৰ দিলে৷ তাৰ পিছতে অলপ কাজিয়াৰ নিচিনা হ'ল৷"
 
"তেতিয়া ভজনবাবু গেৰেজত আছিল নে?"
 
"নাই৷"
 
"কাজিয়াখন কিমান দূৰ পাইছিল?"
 
"আমি মান-সন্মান থকা মানুহ ডাঙৰীয়া৷ সেইবিলাক মানুহৰ লগত আমি আৰু তৰ্কত বলে পাৰোনে? ৰাখলে মোক চাই ল’ম বুলি ধমকি দিছিল৷"
 
"আপুনি কি কৰিলে?"
 
"চুবুৰিৰ নাগৰিক সমিতিক গৈ জনালো৷ সিহঁতে পিছদিনা গৈ ভজনবাবুক ধৰিলে৷"
 
"ফলাফল কি হ'?"
 
"ভজনবাবুৱে ৰাখলক মোৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে৷ ৰাখলেও ক্ষমা খুজিলে৷ কিন্তু গেৰেজৰ শব্দটোৰ যি সমস্যা আছিল, তাৰ একো সমাধান নহ'ল৷ ভজনবাবুৱে ক'লে, আপোনালোকে এটা টাইম বান্ধি দিয়ক, আমি সেইটো টাইমতে গাড়ীৰ বডিৰ কাম কৰিম, বেলেগ টাইমত নকৰো৷"
 
"তেনেহ'লে তেওঁ কো-অপাৰেট কৰিব খুজিছিল৷"
 
"'ব পাৰে৷ কিন্তু সেইটো আই ৱাছ৷ গেৰেজততো অনৱৰতে শব্দ হৈ থাকে৷ বডিৰ কামতেইতো অকল নহয়৷"
 
"আপোনাৰ এজনী ছোৱালী আছে, নহয় জানো?"
 
"অঁ, তাইৰ বিয়া হৈছে৷"
 
"আপোনাৰ জোঁৱাই ঠিকাদাৰ?"
 
"আপুনি দেখিছো চব জানে।"
 
"জানো৷ জনাটোৱেইতো আমাৰ কাম৷"
 
সনাতন বাবুৱে হাঁহি হাঁহি ক'লে, "আপোনালোকে নাজানিলেনো কোনে জানিব?"
 
"আপোনাৰ জোঁৱাই বিজয়বাবু চাঁপাডালিৰ চ'কত থাকে৷"
 
"হয়৷"
 
"আপুনি বিচাৰে আপোনাৰ জী-জোঁৱাই আপোনালোকৰ ঘৰৰ ওচৰতে ক'ৰবাত থাকক, যাতে বিপদে আপদে সিহঁতে আপোনালোকক চোৱাচিতা কৰিব পাৰে৷"
 
"কি আচৰিত! হয়, সেইটোৱেই৷ আপুনি সঁচাকৈ..."
 
"', আগতে শেষ কৰিবলৈ দিয়ক, তাৰ পিছত হয়তো আপোনাৰ সিমান এটা ভাল নালাগিব৷"
 
"আৰে কওঁক না৷ ভাল নালাগিবলগীয়া কি আছে?"
 
"আপুনি জী-জোঁৱাইৰ কাৰণে এই চুবুৰিটোতে এটা ডাঙৰ প্লট বিচাৰি আছে, নহয় জানো?"
 
"হয়, হয়৷"
 
"ভজনবাবুৰ মাটিখিনি আপোনাৰ জোঁৱাইৰ আটাইতকৈ বেছি পচন্দ হৈছিল৷ কিন্তু ভজনবাবুৱে মাটি বেচিবলৈ ৰাজী নহ'ল৷"
 
"মোৰ জোঁৱাই তেওঁক দুগুণ দাম দিব খুজিছিল৷ অথচ ৰাজী নহ'ল৷ ইয়াততো একো অপৰাধ হ'ব নালাগে৷"
 
"আৰে নাই৷ অপৰাধ কিহৰ? পিছে ভজনবাবুৰ গেৰেজটো উঠাব পাৰিলে আপোনালোকৰ বহুত সুবিধা হয়৷"
 
সনতান মনে-মনে থাকিল৷
 
"এতিয়া ঘটনটোৰ দিনালৈ আহো৷"
 
"কওঁক না কি ক'ব লাগিব৷ পুলিচক এবাৰ কৈছো৷"
 
"যিদিনা ৰাতি ৰিংকুক হত্যা কৰা হৈছিল..."
 
"হয়, ডাঙৰীয়া৷ কি যে ভয়ংকৰ ঘটনা৷ ইমান মৰম-লগা ছোৱালীজনী, চুবুৰিটোত ঘূৰি ফুৰিছিল বুকু ফিন্দাই৷ তাইক তেনেকৈ কোনোবাই মাৰ্ডাৰ কৰিছে! মানুহজনক ফাঁচী নহয় ডাঙৰীয়া, শূলত দিব লাগে৷"
 
"সেইটো বাৰু বুজিলো৷ কিন্তু শূলত দিবলৈ হ'লে কিছু সাক্ষী প্ৰমাণৰ প্ৰয়োজন৷"
 
"চিধা কেছ ডাঙৰীয়া, আমি চবে জানো৷"
 
"কি জানে?"
 
"ৰেপ আৰু মাৰ্ডাৰ সেই ভজনেই কৰিছে৷"
 
"কেনেকৈ জানিলে?"
 
"ৰিংকুৰতো অহা-যোৱা আছিলেই তাৰ গেৰেজলৈ৷ সিদিনা সন্ধিয়াৰ পৰাই তাইক আবদ্ধ কৰি ৰাখিছিল৷ পিছত ৰেপ কৰি উঠি মাৰি পেলায়৷"
 
"কেনেকৈ জানিলে? কিবা চিঞৰ-বাখৰ শুনিছিল?"
 
"চিঞৰ-বাখৰ! নাই, তেনেকুৱা একো শুনা নাই৷"
 
"এই ঠাইখন অতি নিৰ্জন৷ ৰাতি আৰু নিৰ্জন হৈ পৰে৷ সামান্য শব্দ হ'লেও শুনা পাব লাগে!"
 
"সেইটো হয়৷ পিছে আমাৰ ঘৰত বহুত ৰাতিলৈকে টিভি চলি থাকে৷ মোৰ শাহুআই ইনছ'মেনিয়াৰ পেছেন্ট৷ তেওঁ সন্ধিয়াৰ পৰাই টিভি চলাই বহি থাকে৷ টিভিৰ শব্দত..."
 
"বুজিছো৷ ৰিংকুক আপুনি সিদিনা গেৰেজত সোমোৱা দেখিছিল?"
 
"নাই, দেখা নাই৷ পিছে চাইকেলখন দেখিছো৷"
 
"সেইটো জানো৷ ৰিংকু কি সঘনাই আহি থকা আছিল নেকি গেৰেজলৈ?"
 
"উম, সদায়ে আহিছিলি৷"
 
"আপোনাৰ কি ধাৰণা ছোৱালীজনী ভজনবাবুৰ সৈতে ইনভলভ্ড আছিল?"
 
"ছোৱালীজনী অলপ উতনুৱা স্বভাৱৰ আছিল৷ আৰু ভজনবাবুতো বাজে মানুহ৷ শুনিছো তেওঁৰ চৰিত্ৰৰ দোষতেই ঘৈনীয়েকেও এৰি থৈ গৈছে৷"
 
"ভজনবাবুৰ সৈতে ৰিংকুৰ ঘনিষ্ঠতা কেনেকুৱা আছিল জানে?"
 
"গাড়ী চলাবলৈ শিকাইছিল, সনাপিটিকাও আছিল দুয়োৰে মাজত, গেৰেজত বহি আদ্দা মাৰি থাকে৷ তাক লৈও কিমান অশান্তি গৈছে৷"
 
"কেনেকুৱা অশান্তি?"
 
"চুবুৰিৰ ল'ৰাবোৰৰ সৈতে কেবাবাৰো তৰ্কাতৰ্কি গৈছে ভজনবাবুৰ।"
 
"কিয়?"
 
"ৰিংকুৰ সৈতে তেওঁৰ বেয়া সম্পৰ্ক আছে বুলি৷"
 
"ৰিংকুৰ দেউতাকে ভজনবাবুক কেতিয়াবা কিবা কৈছে?"
 
"শচীনন্দন? সি এটা মানুহ নেকি? দিনটো শিঙৰা মাছৰ গাদীত পৰি থাকে৷ জগতখন উটি-ভাহি গ'লেও ক'ব নোৱাৰে সেইবিলাক মানুহে৷ অলপ সচেতন হোৱা হ'লেই ছোৱালীজনীৰ আজি এই অৱস্থা নহয়৷"
 
"ৰিংকুৰ চাইকেলখন হত্যাৰ পিছদিনাখনো গেৰেজতে আছিল, নহয় জানো?"
 
"অঁ৷"
 
"আপুনি আগদিনা গম পাইছিলনে ৰিংকু হেৰুৱা বুলি?"
 
"নাই৷ মোৰ কাণত পৰা নাছিল৷"
 
"চুবুৰিৰ ল'ৰাবোৰে যিহেতু জানেই, ৰিংকু প্ৰায়ে ভজনবাবুৰ গেৰেজলৈ আহে, তেনেক্ষেত্ৰত সিহঁতে প্ৰথম গেৰেজত খবৰ নকৰিলে কিয়?"
 
"নাজানো ডাঙৰীয়া৷ তাতেইতো প্ৰথম বিচৰা উচিত আছিল৷"
 
"ৰিংকু আপোনালোকৰ ঘৰলৈ আহিছিল নে কেতিয়াবা?"
 
"নাই৷ আমাৰ ইয়াত তাইৰ লগৰ কোনো নাই, কিয় আহিব?"
 
"সিহঁতৰ পৰিয়ালটোক আপুনি কিমান ভালকৈ জানে?"
 
"ভালকৈয়ে জানো৷ আমি এই কেইঘৰমান মানুহেই ইয়াত প্ৰথম মাটি কিনি ঘৰ বনোৱা৷ শচীনন্দন মোতকৈ বয়সত বহুত সৰু৷ হ'লেও ভাল সম্পৰ্কই আছে৷"
 
"অহা-যোৱা আছে?"
 
"কাচিৎ৷ চব নিজৰ নিজৰ কামত ব্যস্ত, সময় ক'? শচীতো ইয়াত নাথকেই৷ মাছৰ গাডীতে পৰি থাকে৷"
 
"সিদিনা ৰাতি অস্বাভাৱিক চিৎকাৰ বা তেনে কোনো ডাঙৰ শব্দ শুনা নাই সঁচাকৈ?"
 
"নাই ডাঙৰীয়া, মনতচোন পৰা নাই৷"
 
"ভালকৈ ভাবি চাওঁকচোন, ৰাতি দহটাৰ পৰা বাৰটাৰ ভিতৰত কোনোবা এটা সময়ত ঠিকছে কুকুৰে ভুকিছিল নেকি?"
 
সনাতন মল্লিকে ভ্ৰূ কোঁচাই অলপ সময় ভাবিলে, তাৰ পিছত উৎসাহেৰে কৈ উঠিল, "অঁ অঁ, হয় হয়, এঘাৰটাৰ পিছত সিদিনা কুকুৰে ঠিকছে ভুকিছিল৷ সিহঁতে সদায় ভুকে, কিন্তু সিদিনা যেন অলপ বেছি ভুকিছিল৷"
 
"আৰু কিবা অস্বাভাৱিক শব্দ?"
 
"নাই, মনত পৰা নাই৷"
 
"ৰিংকুৰ আন কোনো ল'ৰা বন্ধু আছিল নেকি?"
 
"সেইটো মই কেনেকৈ জানিম! চুবুৰিৰ ল'ৰা কেইটাক সুধি চাওঁক৷ সিহঁতে জানিব পাৰে৷"
 
"আপুনি কি ভাবে? ভজনবাবুৱে মাৰ্ডাৰ কৰিব পাৰে?"
 
"সেই বিলাক মানুহে নোৱাৰা কথা কিবা আছে নেকি?"
 
"আপোনাৰ পত্নীৰ অসুখটো বহুত জটিল নেকি?"
 
"হাৰ্ট প্ৰব্লেম৷ এনজাইনা৷"
 
"আপোনাৰ শাহুআইতো গোটেই ৰাতি সাৰে থাকে৷"
 
"অঁ৷"
 
"তেওঁ সিদিনা মাজ ৰাতি কিবা শুনিছিল নেকি?"
 
"নাই৷ পুলিচে তেওঁক বহুত সোধ-পোছ কৰিছে৷ সেই ভয়তে তেওঁ মধ্যমগামৰ ডাঙৰজনী জীয়েকৰ তালৈ গুচি গৈছে৷"
 
"আপোনাৰ পত্নী ঘৰতে আছে?"
 
"আছে৷"
 
"তেওঁক মাতক৷"
 
"তেওঁকো জেৰা কৰা হৈছে৷"
 
"জানো৷ মই দুই এটা প্ৰশ্ন কৰিম মাত্ৰ৷"
 
"মাতিছো৷"
 
সনাতনবাবুৱে ভিতৰলৈ গৈ ঘৈণীয়েকক মাতি আনিলে৷ আদ-বয়সীয়া সাধাৰণ চেহেৰাৰ মহিলা৷ চকুত বুদ্ধিৰ চাপ আছে৷
 
"ক্ষমা কৰিব৷ আপুনি অসুস্থ, অথচ আমনি কৰিবলগীয়া হৈছে৷"
 
"অসুস্থতা সিমান একো নাই৷ প্ৰশ্ন কৰিব পাৰিব৷"
 
"ভজনবাবু কেনেকুৱা মানুহ?"
 
"ভাল নহয়৷ গেৰেজটোৰ কাৰণে আমাৰ বৰ অসুবিধা হৈছে৷ তেওঁক কৈ দিছো মাটি বেছি বেলেগ জেগাত গেৰেজ বনাবলৈ৷"
 
"গেৰেজৰ শব্দত আপোনাৰ অসুবিধা হয়, সেইটো বুজিলো৷ ভজনবাবুক কিমান ভালকৈ জানে?"
 
"জানো অলপ চলপ৷ দেখি থাকো প্ৰায়েই৷"
 
"দেখি কি ভাব হয়?"
 
"কি আৰু ভাব হ'? দেখাত বেয়া নহয় ৷ এখন মাৰুতি গাড়ীত অহা যোৱা কৰে৷ আজি-কালিতো ইয়াতেই থকা কৰিছে৷"
 
"কেতিয়াও মাত-কথা হোৱা নাই?"
 
"কিয় নহ'?"
 
"কি বিষয়ে?"
 
"আমাৰ চাৰি বছৰ মান হ'ল এই নতুন ঘৰটো বনোৱা৷ ভজনবাবুৱে তাৰ এবছৰ মান আগতেই ইয়াত গেৰেজ খুলিছিল৷ ঘৰ বনোৱা সামগ্ৰীবোৰ আমি তেওঁৰ গেৰেজতে থৈছিলো৷ তেতিয়ালৈকে তেওঁৰ বিজনেছ ডাঙৰ হোৱা নাই৷"
 
"তেওঁৰ ক্লায়েন্ট কেনেকুৱা?"
 
"এতিয়াতো দেখিছো ধনী-ধনী মাৰোৱাৰী মানুহবোৰেই বেছি আহে৷ শুনা মতে তেওঁৰ বেছি ভাগ গ্ৰাহকেই ধনী৷"
 
"ঘটনাৰ দিনা কৈ হৈছিল মনত আছে?"
 
"নাথকিবনো কিয়? পিছ আমি একো দেখাও নাই, শুনাও নাই৷"
 
"ৰিংকুক যে সন্ধিয়াৰ পৰা বিচাৰি থকা হৈছিল, সেইটো কথা জানিছিল?"
 
"নাই, আমাক কোনেও কোৱা নাছিল৷ ৰিংকুহঁত অলপ দূৰত থাকে৷ ফিল্ডখনৰ সিটো পাৰে৷ সিহঁতৰ চুবাটো বেলেগ৷"
 
"ৰিংকুকতো জানে?"
 
"অঁ, সৰুৰ পৰাই দেখিছো৷ তাইৰ মাক যেতিয়া ইয়াত আছিল, তেতিয়া প্ৰায়ে গৈছিলো সিহঁতৰ ঘৰলৈ৷ তাইৰ মাকো আহিছিল৷"
 
"মাক কেনেকুৱা আছিল?"
 
"বেয়াতো দেখা নাছিলো একো৷ দেখাত ধুনীয়া আছিল, আৰু পিন্ধন উৰণত অলপ চৌখিন আছিল৷"
 
"আৰু কিবা?"
 
"নাই৷ আৰু কি ক'?"
 
"ভজনবাবু সম্পৰ্কে আৰু কিবা ক'ব পাৰিব?"
 
"নাই৷"
 
"ৰিংকু ছোৱালীজনী কেনেকুৱা আছিল?"
 
"ভাল নহয়৷ অত্যন্ত চঞ্চল৷"
 
"তাই কি ভজনবাবুৰ তালৈ প্ৰায়ে গৈছিল?"
 
"উম৷ সদায়৷ দুয়োৰে মাজত বৰ সনাপিটিকা আছিল৷"
 
"কেনেকুৱা সনাপিটিকা?"
 
"মিলামিছা আছিল বহুত৷"
 
"অস্বাভাৱিক কিবা মন কৰিছিল?"
 
"দুয়ো গাড়ীৰ চিটত বহি গাত গা লগাই ঘূৰি ফুৰা দেখিছিলো৷"
 
"ৰিংকুৰ বহুত ল'ৰা বন্ধু আছিল নেকি?"
 
"অজস্ৰ৷"
 
"ভজনবাবুৰ ওপৰত সিহঁতৰ হিংসা লগা নাছিল?"
 
"লাগিছিল বোধহয়৷ গেৰেজতচোন কেবাবাৰো বোমা দিছে, আক্ৰমণ কৰিছে৷ কিহক লৈ এইবোৰ কাজিয়া লাগি থাকে কোনে জানে?"
 
"সেই আক্ৰমণবোৰৰ লিডাৰছিপ কাৰ আছিল, জানে?"
 
"নাই৷ কাজিয়া-পেঁচাল লাগিলে আমি দৰজা খিৰিকী মাৰি থওঁ৷ গেৰেজটোৰ কাৰণে আমাৰ বহুত অশান্তি হৈছে৷"
 
"গেৰেজটো উঠি গ'লে আপোনালোকৰ সুবিধা হয়?"
 
"নহ'ব কিয়? বিৰাট সুবিধা হয়৷ দিয়ক না উঠাই৷"
 
"ভজনবাবু কনভিক্টেড হ'লে গেৰেজটো উঠি যাবও পাৰে৷"
 
"সেয়া হ'লেই হয়৷ এই কেইদিন গেৰেজটো বন্ধ বুলি কমখন শান্তিত আছোনে?"

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ