Sep 5, 2014

জীৱন্ত উপৱীত - সপ্তম অধ্যায়

ৰাজীৱ ফুকন
Jiwanta Upabit Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*  
সপ্তম অধ্যায়   

মানুহজন গুচি যোৱাৰ পিছত পুনৰ যেন পুৰণা স্মৃতিবোৰে হেঁচি ধৰিলে নৱাৰুণক৷ সেই ভাৱনাৰ পৰা মুক্তি পাবলৈ নৱাৰুণে ভাবিলে, কিতাপকে অলপ পঢ়া যাওক৷ তন্ত্ৰ-মন্ত্ৰৰ বিষয়ে বিশেষ একো জ্ঞান নাই তাৰ৷ দেখা যাওক কিতাপখনত কি লেখা আছে! তাকেই ভাবি কিতাপখন লৈ বিছনাত শুই পৰিল সি৷
 
সঁচাকৈয়ে কিছু সময়ৰ ভিতৰতেই কিতাপখনৰ মাজত ডুব গ'ল সি৷ কি অদ্ভুত বিষয় এইবোৰ! বশীকৰণ, বাণমৰা, প্ৰেতাত্মাক জগোৱা, কত কি পদ্ধতিৰ কথা উল্লেখ আছে ইয়াত৷ কথাবোৰ নৱাৰুণৰ বিশ্বাসযোগ্য যেন নালাগিলেও মনোগ্ৰাহী কাৰণে পঢ়িবলৈ আগ্ৰহ উপজিছিল তাৰ৷ কোনো কোনো ঠাইত তাৰ খুবেই ভাল লাগিছিল৷ এঠাইত যেনেকৈ লিখা আছে যে শগুণৰ কণী পাৰাৰে পূৰ্ণ কৰি মুখত লৈ নিৰ্দিষ্ট মন্ত্ৰোচ্চাৰণ কৰিলে হেনো শুক্লপক্ষৰ শেষ ৰাতি শূন্য মাৰ্গত বিচৰণ কৰিব পাৰি৷ আকৌ মন্ত্ৰোচ্চাৰণৰ জৰিয়তে পানীত খোজ কঢ়াৰ কৌশলো উল্লেখ আছে৷ বিভিন্ন যজ্ঞৰ বাবে, তন্ত্ৰ সাধনাৰ বাবে প্ৰয়োজনীয় নানা উপকৰণৰ কথাও লিখা আছে কিতাপখনত৷
 
শৱ সাধনাৰ বাবে নৰদেহৰ কথাতো আছেই, আছে বিভিন্ন সাধনাৰ বাবে ব্যৱহাৰিত কটা-মূৰৰ উপৰিও বিভিন্ন মানৱ অংগ-প্ৰত্যংগৰ ব্যৱহাৰৰ কথা৷ আছে ক'লা মেকুৰীৰ হাড়, কাউৰীৰ ঠোঁত, বান্দৰৰ চালেৰে সৈতে কটা হাত আদি অদ্ভুত উপকৰণৰ কথা৷ প্ৰকাণ্ড কিতাপখনৰ পাতৰ পিছত পাত লুটিয়াই পঢ়ি যাবলৈ ধৰিলে নৱাৰুণে৷ বাহিৰত ৰাতি গভীৰ হৈ আহিছে৷ স্তিমিত হৈ আহিবলৈ ধৰিছে ৰাস্তাৰ কোলাহল৷
 
কিতাপখন পঢ়ি পঢ়ি এটা সময়ত এটা অধ্যায়ত আহি উপস্থিত হ'ল নৱাৰুণ৷ 'ডাকিনী মহাযজ্ঞ'ৰ কথা আছে তাত৷ এই যজ্ঞচোন আজি কৰিবলৈ ওলাইছে ডাক্তৰ ঘটকৰ অঘোৰ তান্ত্ৰিকে৷ বিষয়টো ভালকৈ জানিবৰ বাবে সি উৎসাহেৰে পঢ়িবলৈ ধৰিলে অধ্যায়টো৷ আৰু তাতেই সি পাই গ'ল জীৱন্ত 'ব্ৰহ্ম উপৱীত'ৰ কথাটো৷ যি হ'ল এই যজ্ঞৰ প্ৰধান উপচাৰ৷ যি ধাৰণ কৰি এই মহাযজ্ঞত বহিব লাগে৷ আৰু সেইখিনি পঢ়িয়েই শুৱাৰ পৰা জঁপিয়াই উঠিল নৱাৰুণ৷ তাৰ চকুৰ আগত মুহূৰ্তৰ ভিতৰতেই স্পষ্ট হৈ পৰিল ঘটনাটো৷ তাৰ কাণত বাজি উঠিল শ্যামা নামৰ ছোৱালীজনীৰ কাতৰ কণ্ঠস্বৰ, "মোক তুমি বচোৱা৷ মোৰ পেটৰ বাচ্চাটো বচোৱা৷" কঁপি উঠিল নৱাৰুণৰ শৰীৰ৷ কিতাপত যি লেখা আছে, তাৰ সংগ্ৰহৰ বাবেই তাৰমানে ছোৱালীজনীক ৰখা হৈছে?
 
মূৰটো ৰিমঝিম কৰিবলৈ ধৰিলে তাৰ৷ তাৰ চকুৰ আগত কেৱল ভাহি উঠিবলৈ ধৰিলে শ্যামাৰ মুখখন৷ আৰু তাৰ পিছতেই তাইৰ মুখখন সলনি হৈ গ'ল মালৱিকাৰ মুখলৈ৷ তাই যেন কৈছে, "তুমি মোক বচোৱা, মোক বচোৱা...!"
 
তাইৰ মাত আৰু সহ্য কৰিব পৰা নাই নৱাৰুণে৷ সি এটা সময়ত চিৎকাৰ কৰি কৈ উঠিল, "অঁ, মই বচাম তোমাক৷ মই গৈছো, মই গৈছো৷ এই ঘটনা মই কোনে কাৰণতে ঘটিবলৈ নিদিওঁ..."
 
ৰূমৰ পৰা পাগলৰ দৰে দৌৰি ওলাই গ'ল নৱাৰুণ৷ তাৰ পিছত কোনো প্ৰকাৰে দুৱাৰখন খুলি নাৰ্ছিংহোমৰ পৰাও ওলাল সি৷ মালৱিকাই যে মাতিছে তাক৷ নৱাৰুণ যাবই লাগিব৷ বচাব লাগিব তাইৰ পেটৰ সন্তানক৷
 
কিন্তু এতিয়া এই ৰাতি কেনেকৈ সি তালৈ যাব? ঘড়ীত এঘাৰটা বাজে৷ মফচল চহৰৰ ৰাতি৷ ৰাস্তা-ঘাট একেবাৰে জনশূন্য হৈ পৰিছে৷ উদ্ভ্ৰান্তৰ দৰে দৌৰি দৌৰি সি এটা সময়ত পাই গ'ল এজন মাতাল ৰিক্সা চালকক৷ নৱাৰুণে জেপৰ পৰা পাঁচশ টকীয়া নোট এখন উলিয়াই দিয়াৰ লগে লগেই সেই স্থানলৈ লৈ যাবলৈ ৰাজী হ'ল মানুহজন৷ গোটেই পৃথিৱী যেন শুই পৰিছে৷ দুই এটা কুকুৰৰ বাদে কোনো ক'তো সাৰে নাই৷ নৱাৰুণে মাথোন মানুহজনক উৎসাহ দিবলৈ ধৰিলে, "আৰু জোৰে চলোৱা, আৰু জোৰে..."
 
উৎসাহ দিয়া সত্বেও প্ৰায় চল্লিছ মিনিট লাগি গ'ল তাৰ সেই ঠাইখন পাওঁতে৷ নাৰ্ছিংহোমৰ পৰা কিছু আঁতৰত তাক নমাই থৈ গুচি গ'ল ৰিক্সাখন৷
 
ভূতচতুৰ্দশীৰ ৰাতি৷ আকাশত জোন নাই৷ এটা অস্পষ্ট পোহৰ মাথোঁ আছে৷ তাৰ মাজতেই ভূতৰ দৰে থিয় হৈ আছে নাৰ্ছিংহোমখন৷ নৱাৰুণ আগুৱাই গৈ গেটৰ সন্মুখত ৰ'ল৷ কোনো শব্দ ঘৰটোৰ ভিতৰৰ পৰা নাহিলেও ডাক্তৰ ঘটকৰ গাড়ীখন অন্ধকাৰত মিলি একাষে ৰৈ আছে৷ তাৰ মানে তেওঁ তাত আছে৷ গেটখন সন্তৰ্পনে খুলি ভিতৰত সোমাল নৱাৰুণ৷ ৰিছেপছনৰ দৰজাও খোলা৷ সি ভিতৰত সোমাই দেখিলে চিৰিৰ মুখৰ কলাপ্সিবল গেটখনো খোলা৷ তাৰ মানে ডাক্তৰ ঘটক ওপৰলৈ গৈছে নেকি? আৰু অকণো সময় নষ্ট নকৰি দ্ৰুত খোজেৰে ওপৰলৈ উঠি যাবলৈ ধৰিলে নৱাৰুণ৷ কম সময়ৰ ভিতৰতে সেই কেবিনটো পালেগৈ সি৷
 
কিন্তু কেবিনটো খালী৷ তাত কোনো নাই৷ খিৰিকিখনো খোলা৷ সি চালে বাহিৰলৈ৷ অন্ধকাৰত ডুবি আছে ফিল্ডখন, কিন্তু সিমূৰৰ গছনিখনৰ মাজত এটা পোহৰ দেখিবলৈ পালে সি৷ তাৰ মানে সিহঁত হয়তো তাতেই আছে৷ পুনৰ দৌৰ মাৰি নামি গ'ল নৱাৰুণ৷ মুহূৰ্তৰ ভিতৰতে পিছফালৰ ফিল্ডখন পালেগৈ সি৷ তাৰ পিছত দেৱালৰ কাষে কাষে সি আগবাঢ়িবলৈ ধৰিলে ফিল্ডখনৰ সিটো প্ৰান্তলৈ৷ অঁ, পোহৰটো সেই গছনিখনৰ মাজৰ পৰাই আহিছে৷ বিজুলী বাটিৰ পোহৰ নহয়, জোৰৰ দৰে কিহবাৰ পোহৰ৷ যজ্ঞাগ্নিও হ'ব পাৰে৷
 
নৱাৰুণ ঠাইখনৰ ওচৰ পালেগৈ৷ সি এবাৰ চালে সেই ঘৰটোৰ পিনে৷ দৰ্জা বন্ধ৷ কিন্তু ভিতৰৰ পৰা অহা এটা অস্পষ্ট গেঙনিৰ শব্দ মুহূৰ্তৰ বাবে যেন কাণত পৰিল তাৰ৷ কথাটো নৱাৰুণৰ মনৰ ভ্ৰমো হ'ব পাৰে৷ নৱাৰুণে গছবোৰৰ ওচৰলৈ গৈ গছৰ আঁৰৰ পৰা জুমি চালে মাজৰ বৃত্তটোলৈ৷
 
বেদিৰ ওপৰত বহি আছে অঘোৰ তান্ত্ৰিক৷ তেওঁৰ শৰীৰৰ নিম্নাংশত ৰঙা বসন৷ দেহৰ উৰ্ধাংশ উন্মুক্ত৷ ডিঙি, বাহুত ৰূদ্ৰাক্ষৰ মালা৷ কপালত ৰঙা ফোঁট৷ তেওঁৰ সন্মুখৰ বেদীত যজ্ঞাগ্নি জ্বলিছে৷ সেই পোহৰ সিঁচৰিত হৈ পৰিছে তন্ত্ৰবৃক্ষই ঘেৰি ৰখা বৃত্তাকাৰ ঠাইখনত৷ য'ত জুই জ্বলিছে তাৰ চাৰিওফালে চাৰিটা লাওখোলা থোৱা আছে৷ বেদিৰ ওপৰত সজোৱা আছে যজ্ঞৰ বিভিন্ন উপকৰণ৷ বেদীৰ কাষতে অঘোৰ তান্ত্ৰিকৰ হাতে ঢুকি পোৱাতে মাটিত গুঁজি থোৱা আছে এপাত ত্ৰিশূল৷ আৰু আনফালে কিছু দূৰৈত অৰ্ধ অন্ধকাৰত বহি আছে তান্ত্ৰিকৰ সেই কুহকিনী৷
 
তান্ত্ৰিকে মাজে মাজে ধূনা ছটিয়াইছে জুইলৈ৷ তাৰ ফলত দপকৈ জ্বলি উঠিছে জুইৰ শিখা৷ আৰু সেই জুইৰ পোহৰতেই তিৰবিৰাই উঠিছে প্ৰাণীটোৰ চকু দুটা৷ কিহবাৰ বাবে যেন সি অপেক্ষা কৰি আছে৷ কিহৰ অপেক্ষাত সেয়া নৱাৰুণে জানে, কিতাপখন পঢ়িয়েই জানিব পাৰিছে সি৷ জুইৰ পোহৰ আহি পৰিছে অঘোৰ তান্ত্ৰিকৰ মুখতো৷ তেওঁ মাজে মাজে সোঁ হাতেৰে জুইত ধূনা ছটিয়াইছে যদিও তেওঁৰ দৃষ্টি সেই ঘৰটোৰ পিনে৷ তেৱো যেন কিহবাৰ অপেক্ষাত ৰৈ আছে৷
 
তেনেহ'লে কি সেই ঘৰটোলৈকেই লৈ যোৱা হৈছে নেকি ছোৱালীজনীক? শ্যামাক? ট্ৰলী-বেডখন সেই বাবেই তালৈকে পঠোৱা হৈছিল নেকি? যাতে অপাৰেছন টেবুলৰ দৰে ব্যৱহাৰ কৰিব পৰা যায়?
 
সি গছৰ আঁৰৰ পৰা ঘৰটোৰ পিনে আগবাঢ়িব খুজিছিল৷ ঠিক তেনেতেই ডাক্তৰ ঘটকে দৰ্জা খুলি দৌৰি ওলাই আহিল৷ তেওঁৰ পিন্ধনতো ধূতিৰ দৰে ৰঙা বসন৷ উৰ্ধাংগ উন্মুক্ত৷ তেওঁ কোলাত লৈ আছে ৰঙা ৰঙৰ এটা বস্তু৷ তেওঁক দেখিয়েই অঘোৰ তান্ত্ৰিকে বহাৰ পৰা উঠি ব্যগ্ৰভাৱে ক'লে, "দিয়া, দিয়া৷ তাৰ মাজত প্ৰাণ থাকোতেই তাক ধাৰণ কৰিব লাগিব৷"
 
শিষ্যৰ হাতৰ পৰা বস্তুটো লৈ কেইমুহূৰ্তমানৰ ভিতৰতেই সেইটো ধাৰণ কৰিলে অঘোৰ তান্ত্ৰিকে৷ ডাকিনী যজ্ঞৰ প্ৰধান উপচাৰ, ব্ৰহ্ম উপৱীত৷
 
অঁ, এই উপৱীতৰ কথাকেই লিখা আছিল সেই কিতাপখনত৷ মাতৃগৰ্ভৰ পৰা পাঁচমহীয়া সন্তান বা ভ্ৰূণক উলিয়াই আনিব লাগিব মাকৰ সৈতে ভ্ৰূণৰ সংযোগ স্থাপনকাৰী নাড়ী বা কৰ্ডসহ৷ সেই নাড়ীডালেই ধাৰণ কৰিব লাগিব উপৱীত বা লগুণৰ দৰে৷ সেই পাঁচমহীয়া ভ্ৰূণটোৰ দেহত তেতিয়াও প্ৰাণ থাকিব৷ স্পন্দিত হ'ব সি৷ তাৰ সৈতে স্পন্দিত হ'ব সেই ব্ৰহ্ম উপৱীত, জীৱন্ত উপৱীত৷ তাৰ কম্পন ৰৈ যোৱাৰ আগতেই ডাকিনী যজ্ঞৰ মন্ত্ৰোচ্চাৰণ আৰম্ভ কৰিব লাগিব৷ আবিৰ্ভাৱ হ'ব ডাকিনীৰ৷ তেওঁক কেৱল দেখিবলৈ পাব ব্ৰহ্ম উপৱীতধাৰীয়েহে৷ ডাকিনীয়ে মনোকামনা পূৰ্ণ কৰিব তান্ত্ৰিকৰ৷ যজ্ঞৰ শেষত প্ৰথমে হোমাগ্নিত সমৰ্পণ কৰিব লাগিব সেই উপৱীত৷ তাৰ পিছত সেই ভ্ৰূণটোৰ অৰ্ধদগ্ধ মঙহ উৎসৰ্গ কৰিব লাগিব কোনো ক'লা মেকুৰীক৷ এইখিনি কথাকে লিখা আছিল কিতাপখনত৷
 
অঁ, সেই যজ্ঞৰ জুইৰ পোহৰত নৱাৰুণে স্পষ্টকৈ দেখিবলৈ পালে সেই নাড়ী বা কৰ্ডডাল লগুণৰ দৰে ডিঙিত আৰি লৈ অগ্নিকুণ্ডৰ সন্মুখত বহি পৰিছে অঘোৰ তান্ত্ৰিক৷
 
এক বীভৎস দৃশ্য৷ তেওঁৰ পেটৰ ওচৰত নাড়ীৰ পৰা লকেটৰ দৰে ওলমি আছে ভ্ৰুণটো৷ স্থিৰ হৈ পৰাৰ আগতে শেষবাৰৰ বাবে থৰথৰাই কঁপিছে সি৷ তাৰ লগে লগে স্পন্দিত হৈছে নাড়ী-ব্ৰহ্ম উপৱীতডালো৷ তাৰ পৰা তেজ নিগৰি পৰিছে অঘোৰৰ সৰ্বাংগত৷ মন্ত্ৰোচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিছে অঘোৰ তান্ত্ৰিকে৷
 
আকাশৰ পিনে জঁপিয়াই উঠিছে জুইৰ লেলিহান শিখা৷ সেই-পোহৰত ভয়ংকৰ দেখা গৈছে অঘোৰ তান্ত্ৰিকৰ মুখখন৷ তেওঁৰ চকু দুটা যেন জ্বলি উঠিছে৷ জ্বলি উঠিছে কুহকিনীৰ চকুও৷ লোলুপ দৃষ্টিৰে তাই চাই আছে সেই উপৱীতৰ পিনে৷ তাৰ লগত দুলি থকা সেই নৰম মাংসপিণ্ডৰ পিনে৷
 
দৃশ্যটো দেখি কেইমুহূৰ্তমানৰ বাবে যেন পাথৰত পৰিণত হৈ গৈছিল নৱাৰুণ৷ তাৰ ধ্যান উভতি আহিল এটা ভয়ংকৰ চিৎকাৰত৷ গছনিখনৰ মাজত দৌৰি দৌৰি প্ৰৱেশ কৰিলে এগৰাকী নাৰী৷ সম্পূৰ্ণ উলংগ তাই৷ কৃষ্ণবৰ্ণ, মূৰৰ চুলি উৰিছে৷ সাক্ষাৎ ৰণচণ্ডী কালীৰ মূৰ্তি যেন৷ তাইৰ পেটৰ কাষত ফাঁক হৈ আছে৷ তেজ নিগৰিছে তাৰ পৰা৷ তাই এখন হাতেৰে লৈ আছে এখন স্ক্যালপল বা অস্ত্ৰোপচাৰৰ ছুৰী৷ যি ছুৰীৰে সম্ভৱত ডাক্তৰ ঘটকে তাইৰ পেট ফালি ভ্ৰূণটো উলিয়াই আনিছিল নাড়ীৰে সৈতে৷
 
সেই নাৰীয়ে চিৎকাৰ কৰি ক'বলৈ ধৰিলে, "দে, দে, মোৰ বাচ্চাটো ঘূৰাই দে৷ মই এইবাৰ আৰু তহঁতক নিবলৈ নিদিওঁ তাক৷" আৰু তাৰ পিছতেই হয়তো শ্যামাৰ চকু গ'ল অঘোৰ তান্ত্ৰিকৰ পিনে৷ সন্তানটো কাঢ়ি আনিবলৈ তাই আগবাঢ়িল বেদীৰ পিনে৷ নিৰন্তৰ মন্ত্ৰোচ্চাৰণ কৰি গৈছে অঘোৰ তান্ত্ৰিকে৷ তাই বেদীৰ ওপৰত উঠিব খুজিছিল৷ তেতিয়াই ৰখাবলৈ গ'ল ডাক্তৰ ঘটক৷
 
কিন্তু আজি আৰু একো বাধা নামানে এই ৰণচণ্ডী নাৰীয়ে৷ ডাক্তৰ ঘটক তাইৰ বাটত বাধা হৈ থিয় দিলে হয়৷ কিন্তু সেই সন্তানহাৰা নাৰীমূৰ্তিয়ে প্ৰচণ্ড আক্ৰোশেৰে তাইৰ হাতৰ স্কেলপলখন চলাই দিলে ডাক্তৰ ঘটকৰ কণ্ঠনলীলৈ লক্ষ্য কৰি৷ চিৰিট কৈ তেজ ওলাই আহিল ডাক্তৰ ঘটকৰ ডিঙিৰ পৰা৷ পিছলৈ গৈ তেওঁ ছিটিকি পৰিল বেদীৰ ওপৰত৷ সিঁচৰিত হৈ পৰিল অঘোৰ তান্ত্ৰিকৰ সন্মুখত সজাই ৰখা যজ্ঞৰ উপচাৰবিলাক৷
 
অগ্নিকুণ্ডৰ পৰা দুই-এটুকুৰা জ্বলন্ত খৰিও ছিটিকি পৰিল ইপিনে-সিপিনে৷ ঘটনাটো দেখি কুহকিনীয়ে আতংকত জাঁপ মাৰিলে বেদীত উঠিবলৈ, তাইৰ প্ৰভুৰ ওচৰলৈ যাবলৈ৷ কিন্তু তাই গৈ পৰিল ঘিঁউৰ পাত্ৰটোৰ ওপৰত৷ ওচৰতে আছিল এডাল জ্বলন্ত খৰি৷ মুহূৰ্তৰ ভিতৰতে জুই লাগি গ'ল কুহকিনীৰ ঘিঁউ লগা নোমাল শৰীৰত৷ এটা জ্বলন্ত অগ্নিপিণ্ডৰ দৰে তাই দৌৰি ফুৰিবলৈ ধৰিলে চাৰিওফালে৷ এইপিনে শ্যামাৰ শৰীৰো অৱসন্ন হৈ আহিছে৷ তাইৰ পেটৰ পৰা ৰক্তক্ষৰণ হৈ আছে৷ বেদীত উঠিবলৈ গৈও তাই আৰু উঠিব নোৱাৰিলে তাত৷ তলং-ভতংকৈ গৈ তাই বেদীৰ একাষত পৰি গ'ল৷ জীৱন চমু চাপি আহিছে তাইৰ৷ হাতৰ পৰা সৰি পৰিল স্কেলপলপাত৷
 
তেতিয়ালৈকে উঠি থিয় হৈছে অঘোৰ তান্ত্ৰিকো৷ এবাৰ তেওঁ চালে দৌৰি ফুৰা সেই অগ্নিপিণ্ডটোলৈ৷ তাৰ পিছতেই আৰ্তনাদ কৰি উঠিল কুহকিনী বুলি৷
 
বেদীৰ পৰা জঁপিয়াই নামিল অঘোৰবাবা৷ তুলি ল'লে ভৰিৰ ওচৰত পৰি থকা স্কেলপলপাত৷ তাৰ পিছত তেওঁ আগুৱাই যাবলৈ ধৰিলে কিছু দূৰৈত মাটিত চিৎ হৈ পৰি থকা ছোৱালীজনীৰ পিনে৷ যাৰ বাবে তেওঁৰ যজ্ঞ পণ্ড হ', যাৰ বাবে তেওঁৰ মৰমৰ কুহকিনীৰ মৃত্যু হ'বলৈ ওলাইছে, তাইক তেওঁ কোনো কাৰণতেই জীয়াই থাকিবলৈ নিদিয়ে৷ আদিম জিঘাংসা এটা ফুটি উঠিছে তেওঁৰ চকু মুখত৷ নুমাই যোৱাৰ আগতে দপদপাই জ্বলিছে সেই অগ্নিকুণ্ড, বেদীৰ ওপৰত পৰি আছে ডাক্তৰ ঘটকৰ কণ্ঠনলী ছিন্ন মৃতদেহ৷ মৃত্যু যন্ত্ৰনাত চিৎকাৰ কৰি কৰি চাৰিওফালে অগ্নিগোলকৰ দৰে ঘূৰি ফুৰিছে কুহকিনী, ওপৰত গছৰ পৰা পাখি কোবাই কোবাই অন্ধকাৰ আকাশৰ পিনে উৰি গৈছে ভয়াৰ্ত চৰাইৰ দল৷ সকলো মিলি এক বীভৎস নাৰকীয় পৰিৱেশ৷ তাৰ মাজতে অস্ত্ৰপাত হাতত লৈ মাটিত পৰি থকা ছোৱালীজনীৰ পিনে এখোজ এখোজকৈ আগবঢ়াইছে এক নৰপিশাছে৷
 
উত্তেজনাৰ বশৱৰ্তী হৈ নৱাৰুণে যে কেতিয়া গছৰ আঁৰৰ পৰা ওলাই বেদীৰ কাষ পালে, সি নিজেও নাজানে৷ অঘোৰ তান্ত্ৰিকেও মন কৰা নাই তালৈ৷ তাৰ পিনে পিঠি দি তেওঁ আগবাঢ়িছে ছোৱালীজনীৰ পিনে৷ শেষ বাৰৰ বাবে এবাৰ উঠি বহিবলৈ চেষ্টা কৰিলে সেই ছোৱালীজনীয়ে৷ অঘোৰ তান্ত্ৰিকৰ ডিঙিত ওলমি থকা তাইৰ সন্তানটোলৈ চাই তাই কৈ উঠিল, "দে, দে, মোৰ বাচ্চাটো ঘূৰাই দে৷"
 
অট্টহাস্য কৰি উঠিল অঘোৰ তান্ত্ৰিকে৷ বীভৎস সেই হাঁহি৷ স্কেলপলপাত তেওঁ দাঙি ধৰিছে তেওঁৰ সন্মুখৰ দেহটো ছিন্নভিন্ন কৰি দিবৰ বাবে৷ তেওঁৰ পৈশাচিক হাঁহি প্ৰতিধ্বনিত হৈছে গছৰ প্ৰাচীৰত৷ শেষ মুহূৰ্তত হয়তো ছোৱালীজনীয়ে দেখিবলৈ পালে বেদীৰ ওচৰত আহি ৰোৱা নৱাৰুণক৷ তালৈ চাই তাই অন্তিম আৰ্তনাদ কৰি উঠিল, "মোক তুমি বচোৱা৷ মোৰ সন্তানটোক তুমি ৰক্ষা কৰা৷"
 
নৱাৰুণে তাইলৈ চাই দেখিলে, আৰে সেয়াচোন মালৱিকা৷ আৰু তাইৰ পিনে শ্বাপদৰ দৰে আগবাঢ়ি গৈছে অঘোৰ তান্ত্ৰিক৷ এইবাৰ আৰু অপেক্ষা নকৰিলে নৱাৰুণে৷ হয়তো এয়া তাৰ দৃষ্টি বিভ্ৰম৷ হ'লেও এইবোৰ ভবাৰ আৰু সময় নাই৷ বেদীৰ ওচৰতেই মাটিত গুঁজি থোৱা আছিল ত্ৰিশূলপাত৷ সেইপাত তুলি ল'লে নৱাৰুণে৷ অঘোৰ তান্ত্ৰিক জঁপিয়াই পৰিবলৈ উদ্যত হৈছিল ছোৱালীজনীৰ ওপৰত৷ ঠিক সেই মুহূৰ্ততে অঘোৰ তান্ত্ৰিকৰ উন্মুক্ত পিঠিলৈ লক্ষ্য কৰি সি দেহৰ সমস্ত শক্তিৰে আঘাত কৰিলে৷ ত্ৰিশূলৰ তিনিওডাল শূলেই ইপাৰ-সিপাৰ হৈ গ'ল অঘোৰ তান্ত্ৰিকৰ পিঠি-বুকু ভেদি৷ মাটিত বাগৰি পৰি স্থিৰ হৈ গ'ল তেওঁৰ দেহ৷ এই প্ৰথম সজ্ঞানে নৰহত্যা কৰিলে নৱাৰুণে৷
 
হয়তো তান্ত্ৰিকৰ কথাই সত্য হ'ল৷ নৱাৰুণ এইবাৰ হাউলি পৰিল সেই ছোৱালীজনীৰ ওপৰত৷ সি বুজি পালে তাই মালৱিকা নহয়, সেয়া শ্যামা৷ তাই এতিয়াও জীয়াই আছে৷ ৰক্তক্ষৰণৰ কাৰণে অজ্ঞান পৰিছে৷ তাইৰ ক্ষতস্থান পৰীক্ষা কৰিলে নৱাৰুণে৷ চিলাই কৰা নাই ডাঃ ঘটকে৷ তাইক মাটিৰ পৰা তুলি ঘৰটোৰ ভিতৰলৈ লৈ গ'ল সি৷ ট্ৰলি-বেডখনত শুৱাই দিলে তাইক৷ ওচৰতে অস্ত্ৰোপচাৰৰ সকলো সৰঞ্জাম আছিল৷ আনকি ব্লাডৰ বটল এটাও৷ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহিছিল ডাক্তৰ ঘটক৷ ক্ষতস্থান পৰিষ্কাৰ কৰি চিলাই কৰি বেণ্ডেজ বান্ধি দিলে সি৷ কাপোৰ এখনেৰে ঢাকি দিলে তাইৰ নগ্ন শৰীৰ৷
 
অলপ পিছতে জ্ঞান ঘূৰি আহিল ছোৱালীজনীৰ৷ মুখৰ ভিতৰতে বিৰবিৰাই ক'লে তাই, "মোৰ বাচ্চাটো৷"
 
নৱাৰুণে এক মুহূৰ্ত তাইৰ মুখলৈ চাই ৰ'ল৷ তাইৰ চকুত সেই একেই কাতৰ দৃষ্টি, যি দৃষ্টি দুবছৰ আগতে সি দেখিছিল মালৱিকাৰ দুচকুত৷ মালৱিকাই সুধিছিল, "কি হ'ব আমাৰ সন্তানটোৰ?"
 
মালৱিকাৰ প্ৰশ্নৰ উত্তৰ নাছিল নৱাৰুণৰ ওচৰত৷ আজিও সি শ্যামাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলে৷ কিন্তু সেই মুহূৰ্তত সি এটা কাম কৰিলে৷ সি দৌৰি বাহিৰলৈ ওলাই গ'ল৷ তাৰ পিছত তান্ত্ৰিকৰ ডিঙিৰ পৰা সি খুলি আনিলে সেই নিৰ্জীৱ ৰক্তাক্ত মাংসপিণ্ডটো৷ কাপোৰ এখনেৰে মেৰিয়াই তুলি দিলে শ্যামাৰ হাতত৷
 
সন্তানটো কোলাত লৈ কান্দোনত ভাঙি পৰিল শ্যামা৷ নৱাৰুণে একো নক'লে৷ কান্দিবলৈ দিলে তাইক৷
 
ৰাতি পুৱাবলৈ আৰু বেছি দেৰি নাই৷ অলপ সময় পিছতে হয়তো কথাবোৰ জনা-জনি হৈ পৰিব৷ পুনৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব নৰপিশাচ, নৰঘাটক নৱাৰুণ গুপ্ত৷ সি এতিয়া যাব লাগিব ইয়াৰ পৰা৷ এই বোৰৰ পৰা বহু বহু দূৰলৈ৷ কিন্তু শ্যামা? তাই কি কৰিব? সি তাইলৈ চালে৷ নাই, সি তাইক অকলে এৰি থৈ যাব নোৱাৰে৷ সি থাকিব৷ সি আৰু নপলায়৷ কাৰণ সি একো অপৰাধ কৰা নাই৷ বৰং সি জীৱন বচাইছে এগৰাকী নাৰীৰ, এটা নৰপিশাচৰ হাতৰ পৰা৷
 
লাহে লাহে বাহিৰলৈ ওলাই আহিল নৱাৰুণ৷ জুইকুৰা নুমাই গৈছে৷ পোহৰ হ'বলৈ আৰম্ভ কৰিছে৷ এটা যেন নতুন প্ৰভাতে আদৰণি জনাবলৈ ৰৈ আছিল তাক।

(কাহিনীটোৰ শেষ অংশত অকণমান সালসলনি কৰা হৈছে৷ মূল সংস্কৰণটো পঢ়িব বিচাৰিলে তলৰ সূচীপত্ৰত পাব৷)

 ***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                                      উপন্যাস সমূহ