*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
ষষ্ঠ অধ্যায়
সাতটা মানত টোপনি ভাঙিল নৱাৰুণৰ৷ তাৰ
পিছতো কিছু সময় ধৰি সপোনটো অনুৰণিত হৈ থাকিল তাৰ মনৰ মাজত৷ দুখন মুখ কেনেকৈ যে
মিলি গৈছে তাৰ মনত৷ এটা সময়ত বিছনাৰ পৰা নামি আহিল নৱাৰুণ৷ মুখ ধুই ফিল্ডত নমাৰ
আগতে খিৰিকিখনেৰে এবাৰ চাই ল'লে সি৷ তাৰ পিছত আনদিনাৰ দৰেই খোজ কাঢ়ি কাঢ়ি
ফিল্ডখনৰ সিটো মূৰ পালেগৈ৷
অঘোৰ তান্ত্ৰিকৰ ঘৰৰ দুৱাৰ বন্ধ৷ সি গছনিখনৰ
পিনে আগবাঢ়িল৷ পাতৰ ফাঁকেৰে পোহৰ আহি পৰিছে বেদীটোৰ ওপৰত৷ সেইটো পানীৰে ধুই
পৰিষ্কাৰ কৰা হৈছে৷ বেদী সংলগ্ন মাটিৰ ঘাহ-বনবোৰো কোনোবাই চাফা কৰিছে৷ আজিয়েই অঘোৰ
তান্ত্ৰিকে সেই মহাযজ্ঞ কৰাৰ কথা৷ নৱাৰুণে বুজি পালে সেই কাৰণেই পৰিষ্কাৰ কৰা হৈছে
সেই ঠাইখন৷
কিছুসময় তাত থকাৰ পিছত নৱাৰুণ উভতি আহিল৷
নাৰ্ছিংহোমত সোমোৱাৰ আগে আগে সি দেখিবলৈ পালে শ্যামাক৷ খিৰিকিৰ গ্ৰীলত ধৰি থিয় হৈ
আছে তাই৷ প্ৰভাতী সুৰুযৰ কিৰণ আহি পৰিছে তাইৰ মুখত৷ নৱাৰুণৰ ভাব হ'ল, ঠিক যেন মালৱিকাই বিষণ্ণ চকুৰে চাই আছে
তালৈ৷ তাৰ পিছতেই মনে মনে হাঁহিলে নৱাৰুণে৷ নাই, মালৱিকা আৰু কোনোদিনে উভতি নাহে৷ পিছে
যোৱাৰ আগতে শেষবাৰৰ বাবে তাইক এবাৰ লগ কৰি ভৰসা দি যাব সি, মনে মনে ঠিক কৰিলে নৱাৰুণে৷
কোঠাত সোমাই তাৰ বস্তু-বাহানিবোৰ সামৰি
বেগত ভৰালে সি। তাৰ পিছত গা-পা ধুই সাজু হৈ ন বজাত ৰিছেপছনত আহি বহিল৷ ডাক্তৰ ঘটকো
আহি পাবৰ হৈছে৷ তাৰ আগতে এবাৰ ছোৱালীজনীক দেখা কৰি অহা উচিত, তাকেই ভাবি সি চিৰিৰে ওপৰলৈ উঠি যাব
খুজিছিল৷ কিন্তু তেনেতে সি মূল দুৱাৰৰ বাহিৰলৈ চাই দেখিলে, ডাক্তৰ ঘটকৰ গাড়ীখন
বাহিৰত ৰৈ আছে৷ মানে তেওঁ আহিছে৷ আৰু তাৰ পিছতেই ওপৰৰ পৰা চিৰি বগাই নামি আহিল
ডাক্তৰ ঘটক৷ তেওঁৰ মুখখন যেন ঈষৎ গম্ভীৰ৷ তললৈ নামি আহি তেওঁ প্ৰথমে চিৰিৰ মুখৰ
কলাপ্সিবল গেটখন টানি জপালে৷ তাৰ পিছত জেপৰ পৰা তলা চাবি উলিয়াই তাত এটা তলা
মাৰিলে৷ নৱাৰুণে বুজি পালে, তাৰ ওপৰলৈ যোৱাৰ বাট বন্ধ হ'ল৷ সি ক'লে, "ছোৱালীজনীকচোন খিৰিকি মুখত দেখা যেন
পালো৷ তলা কিয় লগালে?"
ডাক্তৰ ঘটকে কেইমুহূৰ্তমান তাৰ পিনে
স্থিৰ দৃষ্টিৰে চাই থাকি ওলোটাই প্ৰশ্ন কৰিলে, "কালি তুমি কুহকিনী আইক আঘাত কৰিছিলা?"
নৱাৰুণ অলপ আচৰিত হ'ল কথাটো শুনি৷ তেতিয়াতো তাৰ ওচৰে-পাজৰে
কোনো নাছিল৷ কথাটো তেওঁ জানিলে কিদৰে? অকণমান ইতস্ততঃ কৰি সি ক'লে, "অঁ, মেকুৰীজনী ওপৰত উঠিছিল৷ ছোৱালীজনীয়ে
খুব ভয় কৰে তাইক দেখিলে..."
নৱাৰুণৰ কথা শেষ হোৱাৰ আগতেই ডাক্তৰ
ঘটকে অকণমান ভৎসনাৰ সুৰত ক'লে, "কামটো তুমি ভাল কৰা নাই৷ কুহকিনী আইয়ে
গুৰুদেৱক গৈ সকলো কৈ দিছে৷ তেৱেঁই কথাটো কৈছে মোক৷ তেওঁ বেছ ক্ৰোধান্বিত হৈছিল তোমাৰ
ওপৰত৷ মই তোমাৰ হৈ তেওঁৰ ওচৰত ক্ষমা বিচাৰি তেওঁক ঠাণ্ডা কৰিছো৷ নহ'লে অনিষ্ট হ'লহেঁতেন তোমাৰ৷"
ডাক্তৰ ঘটকৰ কথা শুনি নৱাৰুণৰ মনত পৰি
গ'ল যোৱা ৰাতিৰ সেই দৃশ্য৷ খিৰিকিৰ বাহিৰত থিয় হৈ তাৰ পিনে জ্বলন্ত
চকুৰে চাই আছিল অঘোৰ তান্ত্ৰিকে৷ তাৰমানে তেওঁ সেই কাৰণেই দৌৰি আহিছিল? সেই ক'লা মেকুৰীজনীয়ে তেওঁক সঁচাকৈয়ে কথাটো
জনাই দিছিল নেকি? কিন্তু সেইটো কেনেকৈ সম্ভৱ?
ডাক্তৰ ঘটকৰ কথাৰ কি উত্তৰ দিব ভাবি
নাপালে নৱাৰুণে৷ সি মনে মনে থাকিল৷
ডাক্তৰ ঘটকে কিন্তু তাৰ পিছতেই নিজকে
চম্ভালি ল'লে৷ মৃদু হাঁহি এটা মাৰি কোমল মাতেৰে তেওঁ ক'লে, "বাৰু, এইবিলাক কথালৈ আৰু ভাবি নাথাকিবা৷ মই
চম্ভালি লৈছো পৰিস্থিতিটো৷ চিয়েৰ আপ মাই বয়৷ তুমি সাজু নে? এতিয়াই কিন্তু মই তোমাক লৈ যাম৷ আজি
মোৰ বহুত কাম৷ আজি ভূতচতুৰ্দশীৰ ৰাতি ডাকিনী মহাযজ্ঞত বহিব গুৰুদেৱ৷ তাৰ বাবে
গোটেই দিনটো মই বিভিন্ন আয়োজনত ব্যস্ত থাকিব লাগিব৷"
কথাষাৰ কৈ উঠি তেওঁ কোলাপছিবল গেটখনৰ
পিনে চাই ক'লে, "অঁ, তলা লগালো৷ আমিতো চব ইয়াৰ পৰা গুচি যাম৷ দিন কাল ভাল নহয়৷ সেয়ে লগালো৷"
নৱাৰুণে এইবাৰ ক'লে, "এনেদৰে ইয়াত অকলে থাকিব ছোৱালীজনী?
বাকী
দুজন পেছেন্টচোন গুচি গ'ল৷ তাইকো যাবলৈ নিদিলে কিয়?"
ডাক্তৰ ঘটকে ক'লে, "বেছি সময়ৰ বাবেতো নহয়৷ কেইঘন্টামানৰ
বাবেহে৷ মইতো আকৌ আহিমেই ইয়ালৈ৷ তাৰ পিছত গোটেই দিন গোটেই ৰাতি ইয়াতেই থাকিম৷ আৰু
ছোৱালীজনীকচোন তাইৰ গিৰিয়েকে নিবলৈকে নাহিল৷ ক'ৰবাত মদৰ-ঘাটিত পৰি আছে চাগে৷ চাবা আজি
ৰাতি যজ্ঞৰ কাম শেষ হ'লেই তাক বিচাৰি আনি তাইক গিৰিয়েকৰ হাতত তুলি দিম৷"
কথাষাৰ শুনি নৱাৰুণে ক'লে, "কালি সন্ধিয়া মানুহজন আহিছিল৷ আপুনি
মানা কৰি থোৱাত ননীগোপালে তাক ভিতৰত সোমাবলৈ নিদিলে৷"
নৱাৰুণৰ কথা শুনি ডাক্তৰ ঘটক যেন অলপ
আচৰিত হ'ল, "হয় নেকি? মানুহজন আহিলে তাৰ সৈতে ঘৈণীয়েকক পঠাই দিবলৈ কৈ যাব লাগিছিল মই৷
আচলতে মানুহজন মাতাল অৱস্থাত থাকে৷ সেয়ে মই নথকাত ভিতৰত সোমাবলৈ দিবলৈ মানা
কৰিছিলো ননীগোপালক৷ ইয়াৰ আগতে মানুহজনে এবাৰ বেলেগ পেছন্টৰ কেবিনত সোমাই হুলস্থুল
লগাইছিল৷"
কথাষাৰ শেষ কৰি ডাক্তৰ ঘটকে হাতৰ
ঘড়ীটোলৈ চাই ক'লে, "এতিয়া তোমাৰ বেডিং-পত্ৰ কি আছে লৈ আহা৷ আজি মোৰ ধেৰ কাম..."
নৱাৰুণ আৰু নৰ'ল৷ সি ৰূমলৈ গ'ল৷ ৰূমত সোমাই সি বেগটো লৈ খিৰিকিৰে
এবাৰ চালে৷ ননীগোপাল আহি আছে ৷ ফিল্ডখনৰ সিটো মূৰলৈ গৈছিল চাগে৷ মানুহজনে এই
কেইদিন খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল নৱাৰুণৰ৷ সি ইংগিতেৰে মাতিলে তাক৷ তাৰ পিছত
জেপৰ পৰা এশ টকীয়া নোট দুখন উলিয়াই খিৰিকিৰে তাৰ পিনে আগবঢ়াই দি ক'লে, "এইটো লোৱা৷ মই যাওঁ৷ নতুন নাৰ্ছিংহোমত
লগ পাম৷"
ননীগোপালে টকাটো লৈ ফূৰ্ত্তিৰে ক'লে, "আপোনালোক যোৱাৰ পিছত ময়ো যাম৷ এম.ডি.
ছাৰে এখন ট্ৰলি-বেড সাধুবাবাৰ ঘৰত থৈ আহিবলৈ কৈছিল, সেইখনকে থৈ আহিলো৷"
ট্ৰলি-বেড কিয়? তেওঁৰ ঘৰত বিছনা নাই নেকি? প্ৰশ্নটো মনলৈ আহিল নৱাৰুণৰ৷ কিন্তু সি
নুসুধিলে ননীগোপালক৷ কিছু সময়ৰ ভিতৰতেই নাৰ্ছিংহোমৰ পৰা ওলাই ডাক্তৰ ঘটকৰ সৈতে ওলাই
গ'ল নৱাৰুণ৷
চহৰত গৈ সোমাল সিহঁত৷ পিছদিনাখন কালি
পূজা৷ সেয়ে বজাৰত মানুহৰ খুব ভিৰ৷ ঠায়ে ঠায়ে কালি পূজাৰ পেণ্ডেল৷ মাইক বাজিছে৷
ডাক্তৰ ঘটকৰ গাড়ী ৰ’ল চহৰৰ ঠিক প্ৰাণকেন্দ্ৰত অৱস্থিত নাৰ্ছিংহোমখনৰ সন্মুখত৷
জাকজমকীয়া বিশাল পঞ্চ মহলীয়া
নাৰ্ছিংহোম৷ কেবা কোটি টকাৰ প্ৰজেক্ট হ'ব৷ নৱাৰুণে বিস্মিতভাৱে চাই ৰ'ল ঘৰটোৰ পিনে৷ তাক লগত লৈ নাৰ্ছিংহোমত
সোমাই গৈ থাকোতে ডাক্তৰ ঘটকে ক'লে, "এইবোৰ যি দেখিছা, এইবোৰ চব গুৰুদেৱৰ কৃপাত হৈছে৷ তেওঁৰ
ওপৰত বিশ্বাস ৰাখিলে এদিন তোমাৰো এনেকুৱা হ'ব৷"
নৱাৰুণক লগত লৈ ডাক্তৰ ঘটক উপস্থিত হ'ল ঘৰটোৰ পিছ অংশত৷ ডক্তৰছ কোৱাৰ্টাৰ্ছ৷
শাৰী শাৰী এছি লগোৱা ৰূম তাত৷ কেয়াৰটেকাৰ জাতীয় মানুহ এজন আহি চেলুট মাৰিলে
তেওঁলোকৰ আগত৷ তাৰ পিনে দেখুৱাই ডাক্তৰ ঘটকে ক'লে, "ই তোমাৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিব৷
অকণো চিন্তা কৰিবলগীয়া নাই৷ সকলো কৈ থোৱা আছে৷"
এটা ৰূম খুলি দিলে মানুহজনে৷ নৱাৰুণহঁত
সেই ৰূমটোত সোমাল৷ ৱেল ফাৰ্নিছড ৰূম৷ বিছনা-আলমাৰি সকলো আছে৷ ৰূমৰ লগতেই সংলগ্ন
এটা সৰু কিচেন আৰু বাথৰূম৷ তাত সোমাই সৰু-সুৰা দুই এটা কথা পতাৰ পিছত ডাক্তৰ ঘটকে
ক'লে, "মই এতিয়া আহো৷ কালি ৰাতিপুৱা পুনৰ লগ পাম৷ আজি গোটেই ৰাতিটো যজ্ঞ হ'ব৷ সেইটো কাম শেষ হ'লে গুৰুদেৱক ৰাতিপুৱা ট্ৰেইনত উঠাই দি
মই ইয়ালৈ নটা মানত আহি যাম৷" সেইখিনি কথা কৈ নাৰ্ছিংহোমৰ পৰা ওলাই মহাযজ্ঞৰ
প্ৰস্তুতিৰ বাবে ৰাওনা হ'ল ডাক্তৰ ঘটক৷
দুপৰীয়া ঠিক সময়তেই দিনৰ সাঁজ দি গ’ল মানুহজনে। তাৰ পিছত এঘুমুটি মাৰি
নৱাৰুণ যেতিয়া উঠিল তেতিয়া সন্ধিয়া নামিছে৷ খিৰিকিৰ মুখত গৈ ৰ'ল সি৷ নাৰ্ছিংহোমৰ অনুচ্চ প্ৰাচীৰৰ
সিপাৰে ৰাস্তাৰে মানুহে অহা যোৱা কৰি আছে৷ খিৰিকি মুখত ৰৈ ৰাস্তাটোলৈকেই চাই থাকিল
সি৷ এই চহৰখনত নতুন জীৱন আৰম্ভ কৰিবলৈ আহিছে সি৷ লাহে লাহে ইয়াৰ ৰাস্তা-ঘাট,
মানুহ-দুনুহ
সকলোৰে সৈতে চিনাকি হ'ব৷ কলিকতাৰ পৰা বহুত দূৰত ইয়াৰ জনজীৱনৰ সৈতে মিলি যাব সি৷ ৰাস্তাৰ
মানুহৰ অহা-যোৱা চাই চাই এইবিলাকেই ভাবি আছিল সি৷
এটা সময়ত ওচৰৰ পাজৰৰ কেবাটাও ঘৰৰ চাদত
বন্তি জ্বলি উঠিল৷ ভূতচতুৰ্দশীৰ ৰাতি৷ এই ৰাতি হেনো প্ৰেতাত্মা জাগি উঠে৷ আৰু
সেইবোৰ খেদি পঠাবলৈকেই বন্তি জ্বলোৱা হয়, এই কথা শুনিছে নৱাৰুণে৷
তাৰ পিছত ক'ত জানো তাল বাজিবলৈ আৰম্ভ কৰিল৷ নিশ্চয়
ওচৰৰ কোনো পূজাৰ মণ্ডপৰ পৰা ভাহি আহিছে সেই শব্দ৷ কালী পূজাৰ কথা মনলৈ অহাত
নৱাৰুণৰ লাহে লাহে পুনৰ মনত পৰিবলৈ ধৰিলে দুবছৰ আগৰ সেই ৰাতিটোৰ কথা৷ আৰু তাৰ লগে
লগে মনত পৰিবলৈ ধৰিলে মালৱিকাৰ স্মৃতি৷ সন্ধিয়া চাৰে সাতটাত নৱাৰুণৰ ৰূমত ৰাতিৰ
আহাৰ দিবলৈ আহিল কেয়াৰটেকাৰজন৷ সি ক'লে, তাৰ ঘৰত হেনো কিবা কাম আছে, সেয়ে আজি সি অলপ সোনকাল যাবলৈ ওলাইছে৷
পিছদিনা ৰাতিপুৱাই উভতি আহিব৷ যদি নৱাৰুণৰ কোনো কামত বাহিৰলৈ যাবলগীয়া হয় তাৰ বাবে
মূল দুৱাৰৰ চাবি এপাতো দি থৈ গ'ল সি৷ আজি ৰাতিটো এই নতুন নাৰ্ছিংমহোমখনত অকলে
কটাব লাগিব নৱাৰুণে৷
***