Jan 30, 2023

যৌৱনে আমনি কৰেৰ পৰা ডক্তৰ বেজবৰুৱা দ্বিতীয়লৈ

ৰাজীৱ ফুকন

Assamese film Dr. Bezbaryah 2 

*লেখকঃ ৰাজীৱ ফুকন* 

কিছুমান চিনেমাই উৎসৱৰ ৰূপ লৈ আহে। চিনেমাখন চোৱাৰ উপলক্ষ লৈয়েই বহুদিনৰ মূৰত মামা-মামী, মহা-মাহী‍‍, খুৰা-খুৰীহঁত আহি লগ হয় আপোনালোকৰ ঘৰখনত।

খুৰাকৰ পুতেক, মোমায়েকৰ পুতেকে দুঘন্টা আগতেই লাইন ধৰিবলৈ যায় ইভিনিং শ্ব'ৰ কাৰণে। পোন্ধৰ মিনিট বিশ মিনিটৰ মূৰে মূৰেই টিকট কাউন্টাৰৰ হুলস্থুলৰ মাজতেই বেচেৰাহঁতে চিঞৰি চিঞৰি জনাই থাকিবলগীয়া হয় টিকট পোৱা নোপোৱাৰ আপডেট। ইমানবোৰ মানুহৰ টিকট কাটোতে কেতিয়াবা দুই এটা বেলেগ বেলেগ চিৰিজতো পৰি যায়। দুই এটা ব্লেকত কাটিও মিলাবলগীয়া হয়।

সাধাৰণতে সময়তকৈ আগতেই চিনেমাহলত উপস্থিত হয় আপোনালোক। অৱশ্যে দুই এজন কেতিয়াবা পিছ পৰি নোযোৱাও নহয়। দোষটো পৰে সেই দৌৰাদৌৰিতে কাণফুলি বিচাৰি নোপোৱা মাহীজনীৰ ওপৰত বা শেষমুহূৰ্তলৈ কাপোৰ ইষ্ট্ৰি কৰিবলৈ ৰৈ থকা খুৰাজনৰ ওপৰত।

চিনেমাহলৰ ভিৰৰ মাজত আপোনালোকে দেখিবলৈ পায় বহুবছৰ আগতে ঘৰলৈ টিউচন শিকাবলৈ অহা শিক্ষকজনক সপৰিয়ালে। দেখিবলৈ পায় স্কুল এৰাৰ পৰা লগ নোপোৱা বন্ধুজনক সপত্নীক। আগৰ অফিছটোত একেলগে কাম কৰা সহকৰ্মীজনৰ পৰিয়ালটোক। হঠাতে আপোনাক পিছফালৰ পৰা চুই আচৰিত কৰি দিয়ে গাঁৱৰ মানুহৰ সৈতে গাড়ী ভাৰা কৰি চিনেমা চাবলৈ অহা আপোনাৰেই কোনোবা পেহী বা খুৰীয়ে।
 
উলহ-মালহ, চিঞৰ-বাখৰৰ মাজেৰেই আপোনালোকে হলত সোমায়। চিনেমা আৰম্ভ হয়। হকে বিহকে চিঞৰা চেঙেলীয়াবোৰৰ কিৰিলিৰে চিনেমা এটা সময়ত শেষো হয়। 

আন্ধাৰ হলটো পোহৰ হৈ পৰে। নিজৰ মতামত দিবলৈ আৰু আনৰ মত শুনিবলৈ উচপিচাই থকা মনটো লৈ আপোনালোক ওলাই আহে বাহিৰলৈ। তাৰ পিছত সন্মুখৰ চাহ দোকানখনত চিনেমাখনক লৈয়ে বহে সৰৱ আড্ডা।

কেতিয়াবা চিনেমাখনে আপোনালোকক পাগল কৰি দিয়ে, কেতিয়াবা চিনেমাখন হয় মধ্যমীয়া আৰু কেতিয়াবা হয়তো আশা কৰাতকৈও বেয়া। কিন্তু সেই বেয়ালগাখিনিয়েও আপোনালোকৰ দুদিনীয়া উৎসৱটোৰ আনন্দ ফূৰ্তিখিনিত ব্যাঘাত জন্মাব নোৱাৰে। কাৰণ অলপ পিছতে আপোনালোকৰ কথাৰ মূল বিষয়টো হৈ পৰিব ৰাতিৰ সাঁজৰ মাংস কোনে বনাব? ভিনদেউৱে নিশ্চয়, নহয় জানো!

এই গোটেই সময়ছোৱাতে আপোনালোকৰ মাজৰ কোনোবাই নহয় কোনোবাই গুণগুণাই থাকে চিনেমাখনৰে এটা গানৰ কলি। আপুনি হয়তো গান গাব নাজানে, বা গাবলৈ লাজ কৰে, অথচ আপোনাৰ ওঁঠযুৰিও মাজে মাজে কঁপি উঠিব খোজে, যদিও আপুনি নিজক সম্বৰণ কৰে।

এই উৎসৱৰ সামৰণি ইয়াতেই নপৰে, পিছদিনা স্কুললৈ যোৱাৰ বাটত, বিয়নি মেলত, নোচোৱা কেইজনৰ আগত কৰা ফুটনিবোৰতো ইয়াৰ গুণগুণনি বহুদিনলৈ শুনিবলৈ পোৱা যায়।

তেনেকুৱা কোনো চিনেমা উৎসৱত নিশ্চয় আপুনিও কেতিয়াবা সেই মাহীয়েক, মোমায়েক, ভাগিনীয়েক বা বায়েকৰ ৰ'লটো কৰিছে।
 
এতিয়া হয়তো পুনৰ আপোনাৰ ফোনটো বাজিবলৈ লৈছে। আপুনিও হয়তো কাৰোবাক কাৰোবাক ফোন কৰিছে এইকেইদিনত। অনুভৱো নিশ্চয় কৰিছে যে পুনৰ তেনেকুৱা এক উৎসৱৰ আয়োজন চলিব ধৰিছে। ফোনকলবোৰেও কঢ়িয়াই লৈ ফুৰিছে তাৰেই বতৰা। ডক্তৰ বেজবৰুৱা ২ নামেৰে এক উৎসৱৰ বতৰা।

এইখিনিতে উল্লেখ কৰো যে ডক্তৰ বেজবৰুৱা ২ চিনেমাখন ভাল হ'ব নে বেয়া হ'ব মোৰ কোনো ধাৰণা নাই। চিনেমাখনৰ লগত মই কোনো প্ৰকাৰে জড়িতও নহয়। মাত্ৰ এজন সাধাৰণ অসমীয়া দৰ্শক হিচাপে "যৌৱনে আমনি কৰে"ৰ পৰা "দাগ", "নায়ক", "ৰামধেনু", "ৰত্নাকৰ" আদি চিনেমাই দি যোৱা অনুভৱখিনিকে লিখিছো। 

চিনেমা এখনে এনেদৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিলে চিনেমাখন নচলাৰ কথা নাথাকে। ভ্ৰাম্যমাণ থিয়েটাৰেও একেই উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বাঁহ পেলোৱাৰ পৰা আৰম্ভ কৰি মঞ্চ সজা, ক'লা কুশলীৰ আগমনলৈকে সকলো সেই উৎসৱৰে অংশ। নাটক ভাল হোৱা, বেয়া হোৱায়ো বিশেষ প্ৰভাৱ নেপেলায় তাৰ পিছত। 

কিন্তু নাটক, চিনেমা ভাল হ'লে তাৰ প্ৰভাৱ চিৰস্থায়ী হয়। যেনে দাগ, নায়ক, দীনবন্ধু আদিয়ে দিয়া অনুভৱ আজিও সজীৱ হৈ আছে আমাৰ মনত। আশা কৰিছো এইবছৰ ডঃ বেজবৰুৱা ২, ৰঘূপতি, ৰাঘৱ আদি চিনেমায়ো আমাক তেনেকুৱা কিছু স্থায়ী অনুভৱেই দি যাব।