*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
১
ৰিজ'ৰ্টৰ লনত থিয় হৈ দূৰৈৰ হাবিখনলৈ দেখুৱাই
ৰুস্তমে সুধিলে, "সৌ তাত কি আছে? ইয়াত চাবলগীয়া কিবা আছেনে নাই?"
পুলকে কথাটো শুনি নিৰাশাৰ ভংগীৰে ক'লে, "যাঃ, চাবলগীয়া তেনেহ'লে একোৱেই নাই।"
পুলকৰ কথা শুনি মেনেজাৰজনে অলপ পৰ মনে মনে থাকি
সামান্য ইতস্ততাৰে ক'লে, "সেই হাবিখনৰ মাজত কাউৰী-বাবাৰ আশ্ৰম আছে। যদি সাধু-সন্ত এইবোৰত
বিশ্বাস কৰে তেনেহ'লে তেওঁক এবাৰ দেখা কৰি আহিব পাৰে। পিছে গ'লে দিনে-পোহৰেই যোৱা ভাল। সন্ধিয়া নমাৰ
পিছত সাধুবাবাই আৰু সময় দিব নোৱাৰিব। জানৰ পাৰলৈ গৈ ধ্যানত বহে তেওঁ।"
সাধু-সন্তৰ ওপৰত বিশ্বাস-আস্থা ৰুস্তম বা পুলক
এজনৰো নাই। পিছে মেনেজাৰজনৰ কথা শুনি পুলকে হাঁহি ক'লে, "কাউৰী-বাবা! অদ্ভূত নামচোন! কিয় হ'ল এনেকুৱা নাম?"
মানুহজনে ক'লে, "বাবাৰ চাৰিটা ঢোঁৰা কাউৰী আছে।
পোহনীয়া। সিহঁতে বাবাৰ কথা শুনে। বাবাই 'কাউৰী শাস্ত্ৰ' জানে। ভূত-ভৱিষ্যত কৈ দিব পাৰে। তেওঁৰ
সেই কাউৰী কেইটাৰ কাৰণেই মানুহে তেঁওক কাউৰী বাবা বোলে। কাউৰী বাবা প্ৰেতসিদ্ধ
সাধু।"
সাধুবাবাই কাউৰী পোহে - কথাটো শুনি ৰুস্তম আৰু
পুলকে একেলগে হাঁহি উঠিল। তাকে দেখি মানুহজনে চাগে ভাবিলে যে সাধু-চাধুৰ ওপৰত এই
চহৰীয়া ল'ৰা
দুটাৰ অলপো বিশ্বাস নাই। এইবিলাক কথা সিহঁতক কোৱা উচিত নহয়। সেয়ে সাধুবাবাৰ প্ৰসংগ
আৰু নবঢ়াই মানুহজনে ক'লে, "এতিয়া মই আহো ছাৰ। আপোনালোকৰ দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিবলগীয়া
আছে।" তাকে কৈ ৰিজ'ৰ্টৰ ভিতৰলৈ সোমাই গ'ল মানুহজন।
পুলক আগনিশা আহি পাইছে। যোৱা কেইটামান দিন
অফিচত কামৰ চাপ বহুত বেছি আছিল তাৰ। ভাগৰি পৰিছিল সি। সেয়ে মনটো ঠিক কৰি ল'বলৈ দুদিনমান ক'ৰবাৰ পৰা ফুৰি অহাৰ, অকণমান নিৰিবিলিত থকাৰ প্ৰয়োজন বোধ
কৰিছিল সি। ইন্টাৰনেটত এই ঠাইখনৰ সন্ধান পাই চিধা কলিকতাৰ পৰা গাড়ী লৈ গুচি আহিল
ইয়ালৈকে। ৰুস্তমো আহিছে কলিকতাৰ পৰা গাড়ী লৈ। পিছে যোৱা নিশা নহয়, আজি কাহিলী-পুৱাতে আহি পাইছে। সিহঁত
দুয়োৰে চিনাকি এই ৰিজ'ৰ্টখনতেই। দুয়ো সমবয়সীয়া। বয়স ত্ৰিশৰ ওচৰে পাজৰে। গতিকে কম সময়ৰ
ভিতৰতে গাঢ় হৈ উঠিছে সিহঁতৰ বন্ধুত্ব। তিনি ঘন্টাৰ ভিতৰতেই আপুনিৰ পৰা তুমিলৈ
পৰ্যবসিত হৈছে সিহঁতৰ সম্বন্ধ। তাৰোপৰি সিহঁত দুয়োৰে বাদে কথা পাতিবলৈকো অইন কোনো
মানুহ ইয়াত নাই। এইটো টুৰিষ্ট চিজন নহয়। সেয়ে কৰ্মচাৰীবোৰো নাই। মেনেজাৰজনে অকলেই
মেনেজাৰ, ৰান্ধনী,
গেটমেন সকলোৰে
কাম কৰিবলগীয়া হৈছে।
মেনেজাৰজন গুচি যোৱাৰ পিছত ৰুস্তমে জনশূন্য ৰিজ'ৰ্টখন আৰু তাৰ চাৰিওফালৰ নিৰ্জন
পৰিৱেশটোলৈ চাই ক'লে, "ইছ, ঠাইখন ইমান জনপ্ৰাণীহীন বুলি আগতে জনা হ'লে লগত কাৰোবাক লৈয়ে আহিলোহেঁতেন।
কথাটো এবাৰ নভৱাও নহয়। পিছত ভাৱিলো, বাদ দে, থাকক। আজিকালি যেতিয়াই-তেতিয়াই য'তে-ত'তে মানুহেৰে গিজগিজাই থাকে। ক'ৰবাত চিনাকি মানুহৰ মুখা-মুখি হৈ গ'লে দিগদাৰ হৈ যাব।"
ৰুস্তমৰ কথাটো ভালকৈ বুজি নাপাই পুলকে সুধিলে,
"কাক
অনাৰ কথা ভাবিছিলা?"
পুলকৰ কথাৰ উত্তৰত ৰুস্তমে তাৰ ডিঙিৰ সোণৰ
চেইনডালত হাত বুলাই বুলাই কোনো লুক-ঢাক নকৰাকৈয়ে ক'লে, "ছোৱালী এজনী। কালি ৰাতি ইয়ালৈ আহি
থাকোতে ধাবা এখনত ৰৈছিলো, চাহ খাবলৈ। তাত এজনী ছোৱালী ৰৈ আছিল। ট্ৰাক
ড্ৰাইভাৰৰ আশাত। কোৱা হ'লে নিশ্চয় ইয়ালৈ আহিলহেঁতেন। যোৱাৰ সময়ত আকৌ আগৰ জেগাত নমাই থৈ যাব
পাৰিলোহেঁতেন।"
ৰুস্তমৰ কথা শুনি অকণমান আচৰিত হ'ল পুলক। কথাটো ধৰিব পাৰিয়েই চাগে
ৰুস্তমে ক'লে, "চোৱা ভাই, জীৱন সম্পৰ্কে মোৰ ধাৰণা স্পষ্ট।
পৰলোকত মোৰ বিশ্বাস নাই, সেয়ে পাপৰ প্ৰতি ভয়ো নাই। মই মাত্ৰ ইহলোকত
বিশ্বাসী। যিমানদিন জীয়াই আছো জীৱনটো ইচ্ছামতে উপভোগ কৰিব খোজো। জীৱনৰতো একো
নিশ্চয়তা নাই। কেতিয়া কাৰ কি হয় কোনে ক'ব পাৰে? এই যে মোৰ বাওঁ ভৰিখনৰ আজি এই অৱস্থা।
কিয় আজি মই লেঙেৰাই-লেঙেৰাই খোজ কাঢ়িবলগীয়া হৈছে জানা? চান্দনী চোকত ৰৈ আছিলো এদিন, হঠাতেই এখন টেক্সী ৰাস্তাৰ পৰা
ফুটপাথলৈ উঠি আহি মোৰ ভৰিৰ পতাৰ ওপৰেৰে পাৰ হৈ গ'ল! অলপ ইফাল-সিফাল হ'লেই সকলো শেষ হৈ গ'লহেঁতেন। কালি যে মোৰ জীৱনলৈ আকৌ
মৃত্যু নাহিব কোনে ক'ব পাৰে? তেতিয়া মোৰ ইমান ডাঙৰ ইলেক্ট্ৰনিক্সৰ ব্যৱসায়, বেংকৰ জমা টকা কিবা কামত আহিব? বিয়া-বাৰু কৰোৱা নাই, মা-দেউতাও কোনোবা কালতে ঊৰ্ধ্বগামী
হৈছে। অকলশৰীয়া মানুহ। সেয়ে যি কেইটা দিন জীয়াই আছো জীৱনটো পূৰাদমে উপভোগ কৰিব
খোজো।" - একে উশাহতে কথাখিনি কৈ ৰৈ গ'ল ৰুস্তম।
পুলকে সংক্ষিপ্ত উত্তৰত ক'লে, "বুজিছো।"
ৰুস্তমে তাৰ পিছত দূৰৈৰ গছেৰে ভৰা ঠাইখনলৈ চাই
ক'লে,
"ৰূমতনো
আৰু কিমান সোমাই থাকিবা? বটল অনাত আনিছিলো, পিছে মই দিনত মদ নাখাওঁ। তাতকৈ ব'লা সেই ঠাইখনকে এপাক চাই আহো।"
পুলকে ক'লে, "তাত গাড়ী নোসোমাব। খোজকঢ়াত অসুবিধা নহ'ব তোমাৰ?"
ৰুস্তমে ক'লে, "নাই তেনেকুৱা একো নাই। তাৰোপৰি
ডক্তৰেতো মোক নিয়মিত খোজ কাঢ়িবলৈ কৈছে। অপাৰেছনৰ পিছত যাতে ভৰিৰ পেশীবোৰ ৰিক'ভাৰ হয় তাৰ বাবে। খোজ কঢ়াৰ বাবেইতো
যোৱা ছমাহত ভৰিখন বহুখিনি ঠিক হৈ উঠিছে।"
তাৰ পিছত পুলক আৰু ৰুস্তম ওলাই গ'ল ৰিজ'ৰ্টৰ পৰা।
২
লাহে লাহে খোজ কাঢ়ি কাঢ়ি গছেৰে আগুৰি থকা ঠাইখন
পালেগৈ সিহঁত। এটা লুংলুঙীয়া বাট ভিতৰলৈ সোমাই গৈছে। সিহঁতে অনুমান কৰিলে, এই বাটটোৱেই চাগে হাবিখনৰ মাজেৰে
জানটোৰ পাৰলৈ গৈছে। বাটটোৰে সোমাই গ'ল সিহঁত। কিন্তু তাত সোমোৱাৰ পিছতেই সিহঁতৰ
অনুভৱ হ'ল,
সিহঁত যেন
বিচ্ছিন্ন হৈ পৰিল বহিঃজগতৰ পৰা। চাৰিওফালে বিশাল বিশাল প্ৰাচীন গছ। তাৰ
ডাল-পাতবোৰে যেন হাতে হাতে ধৰি মূৰৰ ওপৰত গছ-পাতৰ চাদৰ মেলিছে। যদিও ৰাতিপুৱা দহটা
বাজি গৈছে, অথচ সেই প্ৰখৰ ৰ'দেও মূৰৰ ওপৰৰ আচ্ছাদন ভেদ কৰি ভিতৰত প্ৰৱেশ
কৰিব পৰা নাই। ছাঁৰে আৱৰা শীতল পৰিৱেশ চাৰিওফালে। বিভিন্ন ধৰণৰ গছ।
আম-জাম-শিমলু-বট-আহঁত। গৈ থাকোতে হঠাৎ এজোপা বটগছৰ মূৰৰ পিনে আঙুলিৰে দেখুৱাই
ৰুস্তমে ক'লে,
"সেয়া
চোৱা।"
পুলকে দেখিলে সেই গছজোপাত ওলমি আছে প্ৰকাণ্ড
প্ৰকাণ্ড বাদুলী। কলিকতাৰ চিৰিয়াখানৰ এজোপা গছতো তেনেকৈ বাদুলী ওলমি থকা দেখা যায়।
আৰু ক'ৰবাত
ক'ৰবাত
ইয়াৰ আগতে বাদুলী ওলমি থকা দেখিছে সি। কিন্তু ইমান ডাঙৰ বাদুলী আগতে সি কেতিয়াও
দেখা নাছিল। চৌপাশে যে কেনেকুৱা গা চমচমাই যোৱা পৰিৱেশ। কিছুমান গছৰ ফোপোলা
গুৰিবোৰ দেখিলে মানুহৰ মুখখনৰ দৰে লাগে। যেন আঁ কৰি মুখ মেলি ৰৈ আছে কোনোবা।
চাৰিওফালে চকু ফুৰাই পুলকে হাঁহি ক'লে, "তন্ত্ৰ-মন্ত্ৰ সাধনাৰ বাবে একেবাৰে
আদৰ্শ জেগা যেন লাগিছে।"
ৰুস্তমেও হাঁহিলে। "ঠিকেই কৈছা।
সাধু-সন্যাসীবোৰে শ্মশান বা এনেকুৱা নিৰ্জন ঠাইত বাহৰ পাতে সাধাৰণ মানুহক
স্থানমাহাত্ম্যৰ দ্বাৰা প্ৰভাৱিত কৰিবলৈ।"
কিছুদূৰ আগবঢ়াৰ পিছতেই মূৰৰ ওপৰৰ গছ-পাতৰ চালিখন
কিছু সেৰেঙা হৈ গ'ল। হাবিৰ মাজত অকণমান মুকলি ঠাই। তাৰ পৰা পুনৰ বাটটো আগবাঢ়িছে সিটো
পাৰৰ হাবিখনৰ মাজেৰে। পিছে সেই মুকলি ঠাইখনৰ একাষত থিয় হৈ আছে ঢাৰিৰ বেৰ আৰু খেৰৰ
চালিৰে এটা জুপুৰি ঘৰ। তাৰ কাঠৰ দুৱাৰখন অকণমান খোলা। জুপুৰিটোতে লাগি আছে বেদীৰ
দৰে এটুকুৰা ঠাই। তাত এডাল ত্ৰিশূল পোতা। ঘৰটো চকুত পৰাৰ লগে লগেই ৰৈ গ'ল সিহঁত। কিন্তু কোনো সাধুবাবা বা
কাউৰী-চাউৰী চকুত নপৰিল সিহঁতৰ।
ঘৰটোৰ ফালে চাই ৰুস্তমে ক'লে, "এইটো চাগে সেই কাউৰী-বাবাৰে ঘৰ হ'ব। ব'লা এবাৰ মানুহজনক দেখা কৰি যাওঁ।
তেওঁ চাগে ভিতৰতেই আছে।"
তাৰ কথা শুনি পুলকে অকণমান আচৰিত হৈ ক'লে, "তুমি তেওঁৰ পৰা কিবা ভাগ্যফল-চাগ্যফল
জানিব খুজিছা নেকি?"
ৰুস্তমে ক'লে, "ধুুৰ, এনেই কৌতূহল। মানুহজন আৰু তেওঁৰ
কাউৰীকেইটা এবাৰ চাবৰ মন আছিল। তাৰোপৰি তেওঁৰ তাত যদি ভাং পোৱা যায়, দুই টান মাৰিবও পাৰিলোহেঁতেন। কলেজ
লাইফত তামাম চিলিম টানিছিলো। বহুদিন খোৱা হোৱা নাই।"
পুলকে ক'লে, "বাৰু ব'লা।"
জুপুৰিটোৰ পিনে আগবাঢ়িল সিহঁত।
ঘৰটোৰ কাষ পাই আকৌ এবাৰ একাষৰ ত্ৰিশূল পোতা
বেদীটোৰ পিনে চালে সিহঁতে। মাটিৰে নিৰ্মিত বেদীটোৰ ওপৰত ত্ৰিশূলডালৰ সন্মুখত
কেবাটাও মানুহৰ লাওখোলা আৰু শুকান জৱা ফুল পৰি আছে। সেন্দুৰেৰে অঁকা চিহ্নও আছে
ঠাইখনত। ভালদৰে চাই লৈ পুলকে চেপা মাতেৰে ক'লে, "পাঁচটা লাওখোলা আছে। শুনা মতে তন্ত্ৰ
সাধনাত পঞ্চমুণ্ডিৰ আসন বুলি কথা এষাৰ আছে। য'ত বহি শৱসাধনা কৰা হয়। এইটো সাধুবাবাৰ
সাধনাস্থল যেন লাগিছে।"
তাৰ পিছত কেইখোজমান আগবাঢ়ি গৈ জুপুৰিটোৰ
দুৱাৰদলিত উপস্থিত হ'ল সিহঁত। পুলকে এটা কথা মন কৰিলে, ঘৰৰ দৰ্জা আৰু তাৰ চাৰিওফালৰ মাটিত বগা
ৰঙৰ বিষ্ঠা সিঁচৰতি হৈ পৰি আছে। কাউৰীৰে গু নে কি কোনে জানে? জুপুৰিটোৰ ভিতৰতো একো সাৰি-শব্দ পোৱা
নগ'ল।
সেয়ে অলপ ইতস্ততঃ কৰি সিহঁতে উকি মাৰি ভিতৰলৈ চালে।
দুৱাৰৰ বিপৰীত ফালৰ পৰা এখন খিৰিকিৰে পোহৰ
সোমাইছে কোঠাটোত। স্পষ্ট দেখা গৈছে ভিতৰখন। এফালে এখন খাটিয়াৰ ওপৰত খেৰৰ বিছনা।
মজিয়াত পৰি আছে মাটিৰ বটুৱা, চৰিয়া আৰু সৰু-সুৰা বস্তু দুই এপদ। পিছে
সাধুজনক নেদেখিলে ঘৰৰ ভিতৰত। কিন্তু জুপুৰিটোৰ এচুকত এটা বস্তুৰ ওপৰত সিহঁতৰ
দৃষ্টি ৰৈ গ'ল। তাত ঢাৰিৰ বেৰত আউজাই মাটিত বহুৱাই থোৱা আছে এটা নৰকংকাল। মূৰত
সেন্দুৰ সনা। গাত ৰঙা পাৰিৰ বগা শাৰী। হয়তো কোনোবা তিৰোতাৰ কংকাল। সাধুবাবাৰ
সাধনাৰ কামত লাগে হয়তো কংকালটো।
কোঠাৰ ভিতৰত কাকো নেদেখি ৰুস্তমে অকণমান
নিৰাশাৰ সুৰত ক'লে, "মানুহজন চাগে ক'ৰবালৈ গৈছে। যাওতে চাই যাব লাগিব আহে নেকি?
ব'লা এতিয়া জানটোৰ ফালৰ পৰা আহো।"
পুনৰ হাবিৰ মাজেৰে বাট উলিয়াই আগ বাঢ়িল সিহঁত।
অলপ সময়ৰ পিছতে সিহঁত উপস্থিত হ'লগৈ জানটোৰ পাৰত।
অকণমানি জানটো বৈ গৈছে কুলুকুলুকৈ। পাৰত কচু,
ঢেকীয়া আৰু
ধতুৰাৰ জংঘল। সিটো পাৰে পুনৰ ডাঙৰ ডাঙৰ গছৰ হাবি। সূৰ্যৰ পোহৰত জলমল কৰিছে তাৰ
পানী। ক'তো
কোনো শব্দ নাই। পানীৰ পৰা কিছু আঁতৰত এডোখৰ ঠাই উলিয়াই সিহঁত বহিল। ৰুস্তমে
চিগাৰেট জ্বলালে। বিভিন্ন ধৰণৰ কথা বতৰা চলি থাকিল দুয়োৰে মাজত।
বহু সময় পাৰ হৈ গ'ল কথাৰ চলতে। সূৰ্য প্ৰায় মূৰৰ ওপৰ
পালে। এটা সময়ত গৰম লাগিবলৈ ধৰাত পুলকে ক'লে, "ব'লা, ৰিজৰ্টলৈকে উভতি যাওঁ।"
বহাৰ পৰা উঠিল সিহঁত দুয়ো। আৰু লগে লগেই অলপ
আঁতৰত কৰ্কশভাৱে কিৰিলিয়াবলৈ ধৰিলে এজাক কাউৰীয়ে। সামান্য উচপ খাই উঠি সেই পিনে
চাওতেই এটা দৃশ্য চকুত পৰিল সিহঁতৰ। অকণমান আঁতৰত এটা জোপোহাৰ আঁৰত এটুকুৰা মুকলি
ঠাই এঢলীয়া হৈ পানীলৈ নামি গৈছে। তাত একঁকাল পানীত থিয় হৈ গা ধুই আছে এজনী
গাভৰুৱে। আৰু পাৰত তাইৰ ওচৰতে ৰৈ আছে চাৰিটা ঢোঁৰা-কাউৰী। মাজত জোপোহাৰ আঁৰ থকাত
কোনেও কাকো মন কৰা নাছিল। এতিয়া পুলকহঁত উঠি থিয় হোৱাত সিহঁতক দেখিয়েই হয়তো চিঞৰি
উঠিল কাউৰীকেইটাই। হয়, সিহঁতৰ পিনে চায়েই চিঞৰিছে কাউৰীকেইটাই।
তাৰ পিছত সেই স্নানৰত গাভৰুজনীয়েও ঘূৰি চালে
সিহঁতৰ পিনে। বেছ অস্বস্তিবোধ কৰিলে পুলকে। কোনে জানে ছোৱালীজনীয়ে হয়তো ভাৱিছে যে
জোপোহাৰ আঁৰত লুকাই লুকাই ইমান পৰে তাইকেই গা ধোৱা চাই আছিল সিহঁতে। সিহঁতক দেখাৰ
পিছতেই দুহাতেৰে পানী ফালি ফালি পাৰলৈ উঠি আহিল ছোৱালীজনী। পিন্ধনত মাত্ৰ এখন
শাৰী। বগা ৰঙৰ তিতা শাৰীখন লিপিট খাই ধৰিছে ছোৱালীজনীৰ দেহত। পূৰ্ণ যৌৱনা দেহৰ
প্ৰতিটো অংগ, শৰীৰৰ প্ৰতিটো ভাঁজ স্পষ্ট হৈ উঠিছে সূৰ্যৰ পোহৰত।
ছোৱালীজনীয়ে পাৰলৈ উঠি আহি পুনৰ এবাৰ ভালদৰে
চাই ল'লে
দুই যুৱকৰ পিনে। দুচকুত কোনো লজ্জাবোধ নাই। অস্পষ্ট এটা হাঁহি যেন ফুটি উঠিল তাইৰ
ওঁঠৰ কোণত। নদীৰ পাৰৰ পৰা ধীৰ খোজেৰে তাই আগবাঢ়িল জংঘলৰ পিনে। আৰু কাউৰীকেইটাই
মাটিৰ ওপৰেৰেই জঁপিয়াই জঁপিয়াই তাইৰ পিছে পিছে গৈ অদৃশ্য হৈ পৰিল হাবিৰ মাজত।
ৰুস্তমে ক'লে, "সাধুবাবাৰ কাউৰী যেন লাগিছে!
ছোৱালীজনীও তাতেই থাকে নেকি?"
নদীৰ পাৰৰ পৰা উঠি এইবাৰ সিহঁতেও উভতাৰ বাট
ধৰিলে।
হাবিখনৰ মাজত সোমাই কিছুদূৰ গৈয়েই সিহঁতে পুনৰ
দেখিলে সেই ছোৱালীজনীক। সিহঁতে যি বাট ধৰিছে সেই বাটেৰেই অলপ আগে আগে গৈ আছে
ছোৱালীজনী। উন্মুক্ত পিঠিত মূৰৰ চুলিৰ পৰা পানী নিগৰি পৰিছে। তিতা শাৰী লিপিট খাই
ধৰিছে তাইৰ ছন্দোবদ্ধ শৰীৰত। আৰু কাউৰীকেইটাইও একেদৰেই জঁপিয়াই জঁপিয়াই তাইৰ পিছে
পিছে গৈ আছে।
ছোৱালীজনীৰ পিছে পিছে গৈ সিহঁতে এটা সময়ত
সাধুবাবাৰ জুপুৰিৰ ওচৰ পালেগৈ। ছোৱালীজনীয়ে প্ৰথমে প্ৰৱেশ কৰিলে মুকলি ঠাইখনত ঢোঁৰা-কাউৰীৰ
দলটোৰ সৈতে। এইবাৰ আন এজন ব্যক্তি দেখিবলৈ পালে সিহঁতে। এজন জঁটাধাৰী পুৰুষ।
পিন্ধনত ৰঙা কাপোৰ এখন লুঙিৰ দৰে পিন্ধি লৈছে। উন্মুক্ত বক্ষ আৰু বাহুত ৰূদ্ৰাক্ষৰ
মালা বন্ধা। কাউৰী-বাবা।
ছোৱালীজনী তেওঁৰ ওচৰ পোৱাত বাবাই তাইলৈ চাই
হাঁহি মাৰি ক'লে, "কাউৰীকেইটাই কোনোপধ্যেই তোক নেৰে দেখিছো।"
তাৰ উত্তৰত ছোৱালীজনীয়ে জানো কি ক'লে শুনা নাপালে পুলকহঁতে। আৰু তাৰ
পিছতেই গছৰ আঁৰৰ পৰা মুকলি ঠাইখনত প্ৰৱেশ কৰিলে সিহঁত দুটাই।
সাধুজনেও এইবাৰ দেখিলে দুয়োকে। সিহঁতলৈ চাই
তেওঁ সুধিলে, "তোমালোক কোন?"
ছোৱালীজনীয়েও ঘূৰি চালে সিহঁতৰ পিনে।
পুলকহঁত আগুৱাই গ'ল সাধুজনৰ ওচৰলৈ। সিহঁতৰ পৰা অলপ
আঁতৰতেই ৰৈ আছে ছোৱালীজনী। ৰুস্তমে উত্তৰ দিলে, "আমি ইয়ালৈ ফুৰিবলৈ আহিছো।"
সাধুবাবাই পুনৰ প্ৰশ্ন কৰিলে, "কলিকতাৰ পৰা আহিছা?"
ছোৱালীজনীলৈকে চাই থাকিয়েই ৰুস্তমে উত্তৰ দিলে,
"অঁ,
কলিকতাৰ
পৰা।"
ৰুস্তমৰ চকুৰ চাৱনিৰ পৰা সাধুবাবাই বুজি পালে
যে ছোৱালীজনীৰ তিতা শৰীৰটোলৈ চাই আছে সি। সাধুৱে ছোৱালীজনীলৈ চাই ক'লে, "যা তই ভিতৰলৈ যা।"
ছোৱালীজনীয়ে তেওঁৰ কথা শুনি খিলখিলাই হাঁহি ক'লে, "ভিতৰলৈ কিয় যাব লাগে? গাৰ কাপোৰবোৰ আগতে শুকাই লওক।"
তাইৰ উত্তৰ শুনি সাধুবাবাই ধমকৰ সুৰত ক'লে, "তোক ভিতৰলৈ যাবলৈ কৈছো। ভিতৰলৈ যা। কথা
নবঢ়াবি।"
তেওঁৰ কথাৰ উত্তৰত ছোৱালীজনীয়ে খঙেৰে ক'লে, "ইয়াত থাকিলে কি হয়? তোমাৰ কেৱল সন্দেহ। ঠিক আছে গৈছো,
কিন্তু অলপ
পিছতে আকৌ মই জানৰ পৰা পানী আনিবলৈ যাব লাগিব।"- তাকে কৈ ছোৱালীজনীয়ে
স্পষ্টকৈয়ে ৰুস্তম আৰু পুলকৰ উদ্দেশ্যে চকুৰে ইংগিত এটা দি হাঁহি হাঁহি সাধুবাবাৰ
কাষেৰেই আগবাঢ়ি গ'ল জুপুৰিটোৰ পিনে। কাউৰী কেইটায়ো তাইৰ পিছে পিছে গ'ল জঁপিয়াই জঁপিয়াই। তাই ঘৰত সোমোৱাৰ
লগে লগেই কাউৰীকেইটাই উৰি গৈ ঘৰটোৰ চাপৰ চালিখনৰ ওপৰত পৰিল।
ছোৱালীজনী ঘৰৰ ভিতৰত নোসোমাৱালৈকে সিহঁতৰ
নিচিনাকৈয়ে সাধুবাবায়ো চাই ৰৈছিল সেইপিনে। তাৰপিছত পুলকহঁতলৈ চাই ছোৱালীজনী দেখি
যে পুলকহঁত বিস্মিত হৈছে সেয়া অনুমান কৰিয়েই হয়তো তেওঁ ক'লে, "ছোৱালীজনী মোৰ ভাৰ্যা, মোৰ সাধনা-সংগিনী।"
তন্ত্ৰ সাধকৰ সাধনা-সংগিনী থাকে বুলি শুনিছে
পুলকে। কিন্তু ছোৱালীজনীক তেওঁৰ ভাৰ্যা বুলি কোৱাত আচৰিত হ'ল সিহঁত। সাধুবাবাৰ বয়স কমেও সত্তৰ বছৰ,
আৰু ছোৱালীজনীৰ
বয়স কোনোমতেহে বিশ-বাইছ বছৰ হ'ব।
কাউৰীবাবাই এইবাৰ পুলকহঁতৰ পিনে চাই ক'লে, "তোমালোকৰ কিবা সুধিবলগীয়া আছে?"
ৰুস্তমে ক'লে, "নাই, তেনেকুৱা বিশেষ নাই। এজনৰ মুখত শুনিলো
এই কাউৰীকেইটা হেনো আপোনাৰ পোহনীয়া? আপোনাৰ কথা শুনে।"
অলপ পৰ মনে মনে থাকি কাউৰীবাবাই প্ৰথমে ক'লে, "অঁ, তেনেকৈয়ে ক'ব পাৰা। আচলতে সিহঁত মোতকৈ মোৰ
পত্নীৰহে বেছি অনুগত।" তাৰ পিছত তেওঁ ক'লে, "ঠিক আছে। তোমালোক এতিয়া যোৱা।"
ৰুস্তম আৰু পুলক উভতিবলৈ লওতেই সাধুবাবাই পুনৰ
ক'লে,
"আৰু
এটা কথা শুনি যোৱা।"
তেওঁৰ মাতত থমকি ৰৈ ৰুস্তমে সুধিলে,
"কি?"
স্থিৰ দৃষ্টিৰে তাৰ পিনে চাই থাকি কাউৰী-বাবাই
ক'লে,
"পৰস্ত্ৰীৰ
ওপৰত চকু দিয়াটো কিন্তু পাপ। ক্ষতি হয় তাৰ পৰা।"
ৰুস্তমে তেওঁৰ কথাত বৰ এটা গুৰুত্ব নিদিলে।
যাবলৈ খোজ আগবঢ়ালে সি। পুলকে অনুসৰণ কৰিলে তাক। হাবিৰ মাজে মাজে কিছুদূৰ যোৱাৰ
পিছত ৰুস্তমে মুখ খুলিলে। সি ক'লে, "সাধুবাবাই কাউৰী-শাস্ত্ৰ জানে নে নাই
নাজানো, পিছে
কাম-শাস্ত্ৰ চাগে ভালকৈয়ে জানে তেওঁ। নহ'লে এই বুঢ়া বয়সত সেইহেন গাভৰু ছোৱালী এজনীক
নিজৰ কৰি ৰাখিব পাৰে? হ'লেও ভয় আছে তাৰ মনত। নাৰীৰ মন দেৱতায়ো বুজিব নোৱাৰিলে, সাধুবাবা নো কি! সেই কাৰণেই আহিবৰ সময়ত
সেইফাকি জ্ঞান বিলালে।"
পুলকে হাঁহিলে ৰুস্তমৰ কথাত।
এটা সময়ত হাবিৰ পৰা ওলাই আহিল সিহঁত। বেছ কিছু
দূৰৈত দেখা গৈছে সিহঁতৰ ৰিজৰ্টখন। ৰিজৰ্টৰ পিনে কেইখোজমান গৈয়েই হঠাৎ ৰুস্তম থমকি ৰ'ল। সি ক'লে, "তুমি ৰিজ'ৰ্টলৈকে গৈ থাকা। মোৰ কাম এটা আছে।
সামৰি গৈ আছো।"
পুলকে জানিব বিচাৰিলে, "কি কাম?"
ৰুস্তমে উত্তৰ দিলে, "চাওঁ কামটো কৰিব পাৰো নে নাই। পাৰিলে
গৈ তোমাক ক'ম।"
বাধ্য হৈ পুলকে অকলেই ৰাওনা হ'বলগীয়া হ'ল ৰিজৰ্টৰ পিনে।
৩
ৰিজৰ্টলৈ আহি গা-পা ধুই খোৱা-বোৱা সামৰি
দুটামান বজাত শুই পৰিছিল পুলক। ৰুস্তম তেতিয়াও অহা নাই। সন্ধিয়া সাতটামানত
মেনেজাৰৰ মাতত টোপনি ভাঙিল তাৰ। তালৈ চাহ লৈ আহিছে তেওঁ। পুলকে তেওঁক সুধিলে,
"ৰুস্তম
আহিলনে?"
মানুহজনে ক'লে, "অঁ, দুপৰীয়া তিনিটামানত আহিছে। খাই-বৈ
ৰূমলৈ যোৱাৰ আগতে কৈ গৈছে যে ৰাতি ভাত নোহোৱালৈকে যেন তেওঁক নামাতে। যোৱা ৰাতি
অকণো নুশুলে হেনো। গোটেই ৰাতি গাড়ী চলাই আহিছে। সেয়ে ভালকৈ এঘুমটি মাৰি ল'ব।"
পুলক আৰু বাহিৰলৈ ওলাই নগ'ল। বাহিৰলৈ যোৱাৰ বিশেষ প্ৰয়োজনো নাই।
সেয়ে ৰূমৰ ভিতৰতে পাৰ কৰি দিলে সন্ধিয়াটো। ৰাতি চাৰে আঠটামানত মেনেজাৰ আকৌ আহিল
ৰাতিৰ আহাৰ লৈ। পুলকে তেওঁক পুনৰ সুধিলে, "আপোনাৰ সিজন আলহীৰ টোপনি ভাঙিলনে?"
মেনেজাৰে ক'লে, "নাজানো ছাৰ। তেওঁৰ ৰূমটো ভিতৰৰ পৰা
বন্ধ। আগতে আপোনাৰ ওচৰলৈ আহিলো। এতিয়াহে তেওঁৰ ৰূমলৈ যাম।"
মানুহজনে তাৰ পিছত ক'লে, "আজি ৰাতি মই ৰিজ'ৰ্টত নাথাকিম ছাৰ। মানুহজনীৰ গা ভাল
নহয়। ৰাতি ঘৰলৈ যাব লাগিব। ৰাতিপুৱা ছটা নাবাজোতেই আহি যাম।"
পুলকে সুধিলে, "আমাৰ একো অসুবিধা নহয়তো?"
মানুহজনে ক'লে, "নাই-নাই, ইয়াত চোৰ-ডকাইতৰ কোনো উপদ্ৰৱ নাই।
পিছে..."
"পিছে কি?" সুধিলে পুলকে।
তাৰ প্ৰশ্নটো শুনি মানুহজনে অলপ ইতস্ততঃ কৰি ক'লে, "ৰাতি ৰিজৰ্টৰ পৰা ওলাই বাহিৰলৈ নাযাব।
আপোনালোক চহৰৰ মানুহ, জানো বহুত কথা আপোনালোকে বিশ্বাস নকৰে! কিন্তু ৰাতি কাউৰী-বাবাৰ
সেইপিনে নাযাব। তাত পঞ্চমুণ্ডিৰ আসন আছে। ৰাতি ঠাইখন ভাল নহয়।"
পুলকে মানুহজনৰ কথা শুনি হাঁহিলে। আহাৰ টেবুলত
থৈ গুচি গ'ল
তেওঁ।
তাৰ এঘন্টামান পিছতহে ৰাতি আহাৰ খালে সি। খাই
থাকোতেই পুলকে শুনিবলৈ পালে মেনেজাৰৰ মটৰচাইকেলৰ শব্দ। ৰিজৰ্টৰ পৰা ওলাই বাহিৰলৈ
গুচি গৈছে।
খোৱা-বোৱা সামৰি শুৱাৰ আগতে অলপ পায়চাৰি কৰাৰ
পিছত পুলকৰ মনলৈ আহিল, ৰুস্তমেচোন আহি তাক লগেই নকৰিলে। এবাৰ তাক লগ কৰা উচিত। তাকেই ভাৱি
পুলক বাহিৰলৈ যাবলৈ ওলাইছিল, কিন্তু তেনেতেই ৰুস্তম আহি নিজেই তাৰ কোঠাত সোমাল।
পুলকৰ পিনে চাই সি হাঁহি মাৰি ক'লে, "আজি গোটেই ৰাতি সাৰে থাকিব লাগিব। সেয়ে
দিনটো শুই ল'লো। যিটো কামলৈ গৈছিলো কামটো হ'ল।"
পুলকে সুধিলে, "কি কাম?"
ৰুস্তমে হাঁহি ক'লে, "ছোৱালীজনীক মনালো। মানে, কাউৰী-বাবাৰ সুন্দৰীক। বুঢ়া ৰাতি
জুপুৰিত নাথাকে। আজি ৰাতিটো তাৰ সুন্দৰীৰ লগত তাৰ জুপুৰিতে কটাম মই।"
তাৰ কথা শুনি পুলকে সুধিলে, "কেনেকৈ মনালা তাইক?"
ৰুস্তমে ক'লে, "তোমাক ৰিজ'ৰ্টলৈ পঠাই দি গছৰ আঁৰে আঁৰে জানৰ
পাৰলৈ গৈ তাত পৰ দি আছিলো। ছোৱালীজনীয়ে পানী নিবলৈ আহোতেই তাইক ধৰিলো। ৰাজি হৈ গ'ল তাই। পিছে যাবৰ সময়ত ভুলতে মানিবেগখন
মই ৰূমতে থৈ গৈছিলো। সেয়ে তাইক মনাবলৈকে ডিঙিৰ চেইনডালকে দি থৈ আহিলো। যদিও
সেইডালৰ দাম বহুত বেছি। কিন্তু কিনো আৰু কৰিবা? আজিৰ ৰাতিটোওতো কম মূল্যৱান নহয়!"
পুলকে বিস্মিতভাৱে ক'লে, "তুমি তাৰমানে সঁচাকৈয়ে তালৈ যাবা?"
ৰুস্তমে ক'লে, "অ'। সেয়ে তোমাক জনাবলৈ আহিলো। কালি ৰাতি
নুপুৱাওতেই গুচি আহিম। গুডনাইট।" পুলকক আৰু একো কোৱাৰ সুযোগ নিদি ৰুস্তম ৰূমৰ
পৰা ওলাই গুচি গ'ল।
ঘটনাটোত পুলক ইমানেই বিস্মিত হ'ল যে বেছ কিছু সময়লৈকে সি ধৰিবই
নোৱাৰিলে যে ৰুস্তমক সি বাধা দিয়া উচিত আছিল নে নাই! যদিও ৰুস্তমক বাধা দিবলৈ সি
কোনো নহয়, হ'লেও এটা সময়ত পুলকৰ ভাৱ হ'ল, ৰুস্তমক এবাৰ সি বাধা দিয়া উচিত আছিল।
কিজানি ৰুস্তমে শুনিলেইহেঁতেন তাৰ কথা। সি যি কৰিবলৈ ওলাইছে সেইটো ভাল কথা নহয়।
তাৰ পিছতেই তাৰ মনত পৰিল মেনেজাৰে কৈ যোৱা কথাকেইটা। যদিও পুলকে ভূত-প্ৰেত আদিত
বিশ্বাস নকৰে, হ'লেওতো অন্য কিবা বিপদ ঘটিব পাৰে। সাপ-চাপেওতো খুঁটিব পাৰে। অকলে গুচি
গ'ল ল'ৰাটো। তাৰোপৰি সি ভালকৈ খোজো কাঢ়িব
নোৱাৰে। কথাটোৰ বাবে এক অস্বস্তিত ভুগিবলৈ ধৰিলে পুলক।
ঘড়ীটোলৈ চালে সি। ৰুস্তম যোৱা পোন্ধৰ-বিশ মিনিট
মান হৈছে। এতিয়া ওলাই গ'লেও হয়তো জুপুৰিটো পোৱাৰ আগতেই তাক ধৰিব পৰা যাব। এবাৰ চেষ্টা কৰি
চোৱাই যাওক তাক ৰখাব পাৰি নেকি! কথাটো ভাৱি অকণমান হেহোঁ-নেহোঁ কৰি থাকি এটা সময়ত
কোঠাৰ পৰা ওলাই আহিল পুলক। প্ৰথমতে ৰিজ'ৰ্টৰ লন, তাৰ পিছত কম্পাউণ্ড ত্যাগ কৰি ৰাস্তাত
ভৰি দিলে সি।
আকাশত পূৰ্ণিমাৰ জোন। ধূলি-প্ৰদূষণহীন ঠাই
কাৰণে জোনটো বেছি ডাঙৰ দেখা গৈছে। আৰু জোনাকৰ পোহৰত ফটফটীয়া হৈ আছে চৌদিশ। সকলো
স্পষ্ট দেখা গৈছে।
পুলকে দ্ৰুতবেগেৰে আগবাঢ়িল হাবিখনৰ পিনে।
আধামান বাট অতিক্ৰম কৰাৰ পিছতেই পুলকে যেন দেখিলে এজন ব্যক্তি হাবিখনত প্ৰৱেশ
কৰিছে। নিশ্চয় ৰুস্তমেই হ'ব। পুলকে খোজৰ বেগ বঢ়াই দিলে। এটা সময়ত সি পাই
গ'ল
হাবিত প্ৰৱেশ কৰা সেই লুংলুঙীয়া বাটটো।
ঠাইডোখৰত উপস্থিত হৈ হাবিত প্ৰৱেশ কৰাৰ আগতে এক
মুহূৰ্তৰ কাৰণে থমকি ৰ'ল পুলক। ভিতৰত সোমোৱাটো জানো ঠিক হ'ব? কিন্তু পিছ মুহূৰ্ততে সি ভাবিলে,
কিনো আৰু হ'ব? ৰুস্তমে যদি সাহস কৰি ৰাতি হাবিত সোমাব
পাৰিছে, সি
কিয় নোৱাৰিব? পুলক সোমাই গ'ল হাবিৰ মাজলৈ।
হাবিৰ মাজত ঠাহ খাই আছে ঘন-ঘোৰ অন্ধকাৰ। মাজে
মাজে ক'ৰবাত
ক'ৰবাত
গছৰ ডাল-পাতৰ সুৰুঙাৰে জোনৰ পোহৰ প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে। সেই পোহৰতেই অনুমানৰ
ওপৰত ভিত্তি কৰি-কৰি আগুৱাই গৈ থাকিল পুলক। এটা সময়ত সি সেই মুকলি ঠাইখন পাই গ'ল।
মূৰৰ ওপৰত গছৰ ডাল-পাতৰ চালিখন নথকাত জোনৰ
পোহৰত জলজল-পটপট হৈ আছে ঠাইডোখৰ। বৰং ক'ব পাৰি আকাশৰ পৰা জোনাক গলি-গলি যেন নামি আহিছে
এই সৰু মুকলি ঠাইখণ্ডলৈ। হয়তো চাৰিওফালৰ পৰা অন্ধকাৰ হাবিয়ে আগুৰি থকা কাৰণেই
ঠাইখন বেছি আলোকিত যেন লাগিছে।
কাউৰী-বাবাৰ পঞ্চমুণ্ডিৰ আসন, তেওঁৰ জুপুৰিৰ চালত বহি থকা কাউৰীকেইটা,
সকলো স্পষ্ট
দেখা গৈছে। কিন্তু চাৰিওফালে চকু ফুৰায়ো ৰুস্তমক ক'তো দেখা নাপালে সি। পুলকে ভালদৰে চালে
ঘৰটোৰ পিনে। দুৱাৰখন খোলা। ৰুস্তম তাৰমানে আহি পালেই নেকি? তেনেহ'লেতো আৰু পুলকৰ একো কৰিবলগীয়া নাই। সি
উভতি যোৱাই ভাল।
কিন্তু যাম বুলি ভাবিও উভতি যাব নোৱাৰিলে পুলক।
ফৰিংফুটা জোনাকত থিয় হৈ থকা জুপুৰি ঘৰটোৰ দুৱাৰখনে যেন হাত বাউলি মাতিবলৈ ধৰিলে
তাক। কোনো নিষিদ্ধ জৈৱিক দৃশ্য দেখাৰ তাৰণা, নে আন কিবা আকৰ্ষণ সেয়া পুলকে ধৰিব
নোৱাৰিলে। সেই আহ্বানক আওকাণ কৰিবলৈ যেন অপাৰগ সি। উভতি যোৱাৰ পৰিৱৰ্তে এক প্ৰকাৰ
সন্মোহিতৰ দৰেই ধীৰ খোজেৰে আগুৱাই গ'ল সি জুপুৰিটোৰ পিনে।
জুপুৰিটোৰ ওচৰ পাই ৰৈ গ'ল পুলক। দুৱাৰৰ ঠিক ওপৰতেই চালিখনত
চাৰিটা ঢোঁৰা-কাউৰী বহি আছে। ঠিক যেন পাথৰ বা মাটিৰে নিৰ্মিত মূৰ্তি সিহঁত। অকণো
সাৰ-সুৰ নাই। সিহঁতৰ ক'লা পাখি আৰু ঠোঁটবিলাক চিকচিকাই আছে জোনৰ পোহৰত। দুৱাৰৰ ওচৰত ৰৈ
পুলকে শুনিবলৈ পালে, ঘৰৰ ভিতৰৰ পৰা যেন ভাঁহি আহিছে এক অস্পষ্ট খচমচনিৰ শব্দ। এক অদ্ভূত
আদিম আকৰ্ষণে পুলকক যেন বাধ্য কৰিলে ভিতৰলৈ উকি মাৰি চাবলৈ।
ডিঙি মেলি ভিতৰলৈ চাই পঠিয়ালে সি। বিপৰীত ফালৰ
খিৰিকিখনেৰে সোমোৱা জোনৰ পোহৰত আলোকিত হৈ আছে ভিতৰখন। সেই পোহৰত পুলকে দেখিলে,
খেৰৰ বিছনাখনৰ
ওপৰত ৰতিক্ৰিয়াত মগ্ন হৈ আছে এহাল পুৰুষ-মহিলা। দৃশ্যটোলৈ কেইমুহূৰ্তমান চায়েই
সম্বিত ঘূৰি আহিল তাৰ। নাই, এয়া চোৱা উচিত নহয়। দুৱাৰৰ ওচৰৰ পৰা আঁতৰি আহিব
খুজিলে সি। ঠিক তেনেতেই তাৰ হাতত লাগি কেৰেমেৰাই উঠিল দুৱাৰখন। আৰু সেই শব্দ
শুনিয়েই হ'বলা
মিলনৰত অৱস্থাতেই দুৱাৰৰ পিনে ঘূৰি চালে মানুহজনীয়ে। জোনৰ পোহৰত স্পষ্ট দেখা গ'ল তাইৰ মুখখন।
মুখখন দেখিয়েই হিম হৈ গ'ল পুলকৰ সৰ্বশৰীৰ। এয়া কি দেখিছে সি?
ভয়াৰ্ত চিৎকাৰ
কৰি উঠিল ৰুস্তমেও। সিও যেন প্ৰাণপণে চেষ্টা কৰিলে বিছনাৰ পৰা নামি আহিবলৈ। কিন্তু
নোৱাৰিলে। তাই সাৱটি ধৰি ৰাখিছে তাক। আৰু তাৰ চিৎকাৰৰ লগে লগেই চালিত বহি থকা
কাউৰী কেইটায়ো ৰাতিৰ নিস্তব্ধতা ভাঙি বিকট শব্দেৰে চিঞৰিবলৈ ধৰিলে পুলকৰ মূৰৰ
ওপৰত। কি যে ভয়ংকৰ কৰ্কশ উন্মাদ ধ্বনি সিহঁতৰ মাতত। যেনে এনেকুৱা কোনো মুহূৰ্তৰ
অপেক্ষাতেই ইমানপৰে নিশ্চুপে অপেক্ষা কৰি আছিল সিহঁত।
মুহূৰ্তৰ ভিতৰতে এক বুজাব নোৱাৰা ভয়ংকৰ পৰিৱেশৰ
সৃষ্টি হৈ গ'ল জুপুৰিৰ ভিতৰে-বাহিৰে। পুলকে কোনোমতে নিজকে চম্ভালি দৌৰিবলৈ ধৰিলে।
তাৰ পিছফালে জুপুৰিৰ ভিতৰৰ পৰা ভাঁহি আহিল নাৰী কণ্ঠৰ খিল খিল হাঁহি। আৰু চালৰ
ওপৰৰ পৰা কাউৰী কেইটাৰ হৰ্ষোল্লাস।
8
ৰূমলৈ আহি গোটেই ৰাতি উজাগৰে কটালে পুলকে। মাজে
মাজে তাৰ চকুৰ আগত ভাঁহি উঠে কাউৰী-বাবাৰ জুপুৰিৰ ভিতৰৰ সেই দৃশ্য। লগে লগেই আতংকত
হিম হৈ যায় তাৰ সৰ্বশৰীৰ। এটা সময়ত ৰাতি পুৱাবলৈ আৰম্ভ কৰিলে। পোহৰে বহু সময়ত ভয়ক
খেদি পঠিয়ায়। লাহে লাহে প্ৰকৃতস্থ হ'বলৈ আৰম্ভ কৰিলে পুলকো।
ৰাতিপুৱা আঠমান বজাত চাহ আৰু ব্ৰেকফাষ্ট লৈ
প্ৰৱেশ কৰিলে মেনেজাৰ। তেওঁ হাঁহি সুধিলে, "ৰাতি কোনো অসুবিধা পোৱা নাইতো ছাৰ?"
আগ নিশাৰ ঘটনাটো তেওঁক জনোৱাটো উচিত হ'ব বুলি নাভাৱিলে পুলকে। হয়তো সি যি
দেখিছিল সেয়া তাৰ মনৰ ভুল! আৰু যদি ঘটনাটো সঁচাও, ৰুস্তমৰ যদি সঁচাকৈয়ে কিবা বিপদ হৈছে,
তেনেক্ষেত্ৰত
সেইবোৰ কথা মেনেজাৰক জনাবলৈ গৈ মিছামিছি ঝামেলাত সোমাবলৈ তাৰ মন নাই। সেয়ে
মেনেজাৰক মাথোঁ সি সুধিলে, "ৰুস্তম টোপনিৰ পৰা উঠিলনে?"
মেনেজাৰে ক'লে, "তেওঁৰ কোঠাৰ দুৱাৰ বন্ধ দেখিছো। বোধহয়
মৰ্ণিং ৱাকলৈ গৈছে। নাইবা জানৰ পাৰৰ ফালে ফুৰিবলৈও যাব পাৰে।"
তেওঁৰ কথাৰ পৰা পুলকে বুজিলে যে আগনিশাৰ কথা
মেনেজাৰে একোৱেই নাজানে। স্বস্তিৰ নিশ্বাস পেলালে সি। আজিয়েই পুলক কলিকতালৈ উভতি
যোৱাৰ কথা। সি মেনেজাৰক ক'লে, "বিল ৰেডি ৰাখিব। দহটামানত মই ৰূম এৰি
দিম।"
বাৰু ছাৰ বুলি কৈ মেনেজাৰজন গুচি গ'ল।
বাহিৰত ৰৌদ্ৰজ্বোল পৰিৱেশ। সেই ৰ'দৰ পোহৰেই চাগে লাহে-লাহে তাৰ মনৰ সকলো
ভয় উৰুৱাই লৈ গ'ল। পুলকৰ ভাৱ হ'বলৈ ধৰিলে যে যোৱা নিশা সি যি দেখিছিল সেয়া
হয়তো সঁচা নাছিল। সেয়া চাগে আছিল ছাঁ-পোহৰৰ খেলা। পৰিৱেশ-পৰিস্থিতিয়ে বহু সময়ত
দৃষ্টি বিভ্ৰম ঘটায়। কালিৰ ক্ষেত্ৰতো তেনেকুৱাই কিবা ঘটিছিল নিশ্চয়। হ'লেও তাৰ মনটো খূদুৱাই থাকিল। এটা সময়ত
সি ঠিক কৰিলে যে কলিকতালৈ যোৱাৰ আগতে এবাৰ সি কাউৰী-বাবাৰ তালৈ যাব। দিনৰ পোহৰততো
আৰু ভয় কৰিবলগীয়া একো নাই। মনৰ খূদুৱনি দূৰ কৰি আহিবই লাগিব সি। ক'বতো নোৱাৰি ৰুস্তমৰ সৈতে মুখা-মুখিও হৈ
যাব পাৰে। হয়তো সেইফালেই ক'ৰবাত আছে সি। সুস্থ অৱস্থাতেই আছে। সুন্দৰীৰ
আকৰ্ষণে কিজানি আবদ্ধ কৰি ৰাখিছে তাক।
গা-পা ধুই যাবৰ বাবে সাজু হৈ দুপৰীয়া দহ মান
বজাত ৰূমৰ পৰা ওলাল পুলক। ৰিছেপচনলৈ গৈ ৰিজৰ্টৰ প্ৰাপ্য পৰিশোধ কৰি মেনেজাৰক সি
সুধিলে, "সি আহিলনে?"
মেনেজাৰে ক'লে, "নাই অহা। বোধহয় তেওঁ জানৰ পাৰলৈকেই
গৈছে। এইটো সময়ত জানৰ পাৰটো খুব ভাল লাগে।"
তেওঁৰ কথাৰ উত্তৰত পুলকে ক'লে, "সি আহিলে ক'ব মই কলিকতালৈ গুচি গ'লো বুলি।"
লনৰ একাষে ৰৈ আছে পুলকৰ গাড়ীখন। ওচৰতে
ৰুস্তমৰখন। পুলক উঠি বহিল তাৰ নিজৰ গাড়ীখনত। তাৰ পিছত গাড়ী ষ্টাৰ্ট কৰি ৰিজৰ্টৰ
পৰা ওলাই গ'ল। চৌপাশ জলমলাই আছে ৰ'দৰ পোহৰত। ক'তো অকণো মলিনতাৰ চিন নাই। অলপ সময়ৰ
ভিতৰতেই পাই গ'ল সি হাবিৰ মাজলৈ সোমাই যোৱা লুঙলুঙীয়া বাটটোৰ মুখখন। গাড়ীৰ পৰা নামি
সি খোজ কাঢ়ি সোমাই গ'ল হাবিৰ মাজলৈ।
হাবিখন আজিও সেই একেই অন্ধকাৰচন্ন। অথচ কোনো
ভূত-প্ৰেতৰ ভয়ে আমনি কৰা নাই তাক। চাগে দিনৰ পোহৰৰ মাহাত্ম্য এয়া। সি ভাবিলে,
যোৱা ৰাতি সি যি
দেখিছিল সেয়া নিশ্চয় তাৰ ভ্ৰমেই আছিল। হাবিৰ মাজে মাজে খোজকাঢ়ি গৈ থাকি এসময়ত সি
উপস্থিত হ'লগৈ
সেই মুকলি ঠাইখনত।
মূৰৰ ওপৰত উন্মুক্ত আকাশ। সূৰ্যৰ পোহৰত জলমলাই
আছে চৌদিশ। ক'তো অকণো অন্ধকাৰৰ লেশমাত্ৰাও নাই। উজ্জ্বল পোহৰত থিয় হৈ আছে
সাধুবাবাৰ জুপুৰিটো। কিন্তু চাৰিওফালে চকু ফুৰায়ো সাধুবাবা, তেওঁৰ সুন্দৰী পত্নী অথবা ৰুস্তম;
কাকোৱেই
নেদেখিলে সি। পিছে সাধুবাবাৰ কাউৰীকেইটা দেখিবলৈ পালে। মকুলি ঠাইখণ্ডৰ একাষে বহি
আছে সিহঁত।
কাউৰী চাৰিটা দেখি ভিতৰি-ভিতৰি হাঁহি উঠিল
পুলকৰ। যোৱা নিশা এই কাউৰী কেইটাৰ চিৎকাৰেও পৰিৱেশটো কম ভয়ানক কৰি তোলা নাছিল!
নিশ্চয় পুলকক দেখি ভয়তে তেনেকৈ চিঞৰিছিল সিহঁতে। ফলত আৰু বেছি ভয় খাই গৈছিল পুলকে।
জুপুৰিটোৰ দুৱাৰখন আগৰ দৰেই খোলা। সাধুবাবা বা
তেওঁৰ পত্নী ভিতৰতেই আছে নেকি? বিশেষকৈ সেই গাভৰুজনীক এবাৰ দেখা পালেই সি
প্ৰায় নিশ্চিত হ'ব পাৰিব যে যোৱা ৰাতি সি যি দেখিছিল সেয়া সঁচা নাছিল। জুপুৰিটোৰ পিনে
আগুৱাই গ'ল
সি। দুৱাৰখনৰ ওচৰ পোৱাত চাই পঠিয়ালে ভিতৰলৈ। নাই, সাধুবাবা, তেওঁৰ সুন্দৰী পত্নী অথবা ৰুস্তম কোনো
নাই ভিতৰত। পিছে কালিৰ সেই কংকালটো এতিয়াও আছে। অৱশ্যে যোৱাকালি ৰাতিপুৱাৰ দৰে ঘৰৰ
চুকত আউজাই থোৱা নাই তাক। আজি সেইটো বিছনাখনৰ ওপৰত বেৰত আউজাই বহুৱাই থোৱা আছে।
পিন্ধনত সেই একেই ৰঙা পাৰিৰ বগা শাৰী। ভালদৰে সেইটোলৈ চাওঁতে এটা অদ্ভূত বস্তু মন
কৰিলে পুলকে, কংকালটোৰ ডিঙিত ওলমি আছে এডাল সোণৰ হাৰ। ৰুস্তমৰ ডিঙিৰ হাৰ। সেইডাল
দেখি পুলক অলপ বিস্মিত হ'লেও মনক এই বুলি প্ৰবোধ দিলে যে সুন্দৰীয়ে
নিশ্চয় তাইৰ ডিঙিৰ হাৰডাল কংকালটোৰ ডিঙিত পিন্ধাই থৈ গৈছে।
কাকো লগ নাপাই এটা সময়ত পুলক যাবলৈ ওলাল।
দুৱাৰৰ ওচৰৰ পৰা কেইখোজমান আঁতৰি আহোতেই সি দেখিলে যে জানৰ ফালৰ গছ এজোপাৰ আঁৰৰ
পৰা ওলাই আহিছে সাধুবাবা। মুকলি ঠাইখনৰ মাজভাগতে দুয়ো মুখা মুখি হৈ গ'ল। সাধুবাবাই তাক সুধিলে,
"তুমি
ইয়ালৈ কিয় আহিছা?"
পুলকে অকণমান ইতস্ততঃ কৰি উত্তৰ দিলে,
"যোৱাকালি
যে ল'ৰা
এটা আহিছিল মোৰ লগত। সি এইপিনে আহিছে নেকি চাবলৈ আহিছিলো।"
তাৰ কথা শুনি স্থিৰ দৃষ্টিৰে কিছুসময় তালৈ চাই
ৰ'ল
সাধুবাবাই। তাৰ পিছত অলপ আফচোচৰ সুৰত ক'লে, "মই তোমাৰ সংগীক সাৱধান কৰি দিছিলো।
কিন্তু সি নুশুনিলে। মই ৰাতি জানৰ পাৰত ধ্যানত বহো। যি ঘটিবলগীয়া আছিল ঘটি গ'ল। মই তাইৰ কামনা পূৰাব নোৱাৰো। মোৰ
অবৰ্তমানত তাই তাইৰ কামনা পূৰালে।"
তেওঁৰ কথা শুনি পুলকে বিস্মিত কণ্ঠে সুধিলে,
"কি
ঘটি গ'ল?"
সাধুবাবাই মুখেৰে একো নকৈ এফালে আঙুলিয়াই
দেখুৱালে। তেওঁৰ আঙুলিৰ নিৰ্দেশ অনুসৰণ কৰি পুলকে চাই দেখিলে, অলপ আঁতৰত মাটিৰ ওপৰত এটা ঢোঁৰা-কাউৰী
বহি আছে। পুলকৰ পিনেই চাই আছে সি।
কাউৰীটোলৈ চাই সাধুবাবাই এটা দীৰ্ঘনিশ্বাস
পেলাই ক'লে,
"এতিয়া
আৰু মই একো কৰিব নোৱাৰিম। প্ৰেত-সংগম কৰি প্ৰেতযোনী প্ৰাপ্ত হ'লে মানুহ ঢোঁৰা-কাউৰীত পৰিণত হয়। কাউৰীৰ
সংখ্যা আৰু এটা বাঢ়িল। চাৰিৰ পৰা পাঁচ হ'ল। আচলতে ঢোঁৰা-কাউৰীবোৰ মোৰ নহয়, মোৰ পত্নীৰ। তেওঁ মোৰ পত্নী কাৰণে
কাউৰীবোৰে মোৰ কথাও শুনে।"
সাধুবাবাৰ কথা শেষ হোৱাৰ লগে লগেই জুপুৰিটোৰ
ফালে এটা শব্দ শুনা গ'ল। পুলকে সেইপিনে চাই দেখিলে যে ঘৰৰ পৰা ওলাই আহিছে কাউৰী-বাবাৰ
সুন্দৰী পত্নী। পিন্ধনত ৰঙা পাৰিৰ বগা শাৰী। ডিঙিত জিকমিকাই আছে সোণৰ হাৰ! তাকে
দেখি উচপ খাই উঠিল পুলক! এই মাত্ৰচোন ঘৰৰ ভিতৰখন চাই আহিছে সি!ভিতৰততো সেই
কংকালটোৰ বাদে আন কোনো নাছিল। সেইটোৰ পিন্ধনতো আছিল এই একেই বগা শাৰী, একেই সোণৰ হাৰ।
লয়লাস ভংগীৰে থিয় হৈ পুলক আৰু সাধাুবাবাৰ পিনে
চাই খিলখিলাই হাঁহি উঠিল সুন্দৰীয়ে। তাকে দেখি ধপধপাই উঠিল চাৰিটা কাউৰীৰ পাখি।
সিহঁতলৈ চাই সুন্দৰীয়ে ক'লে, "আহা আহ। জানলৈ গা ধুবলৈ যাওঁ। মোক
নেচাওঁ তহঁতে?"
তাই খোজ আগবঢ়ালে জানৰ ফালে যোৱা বাটটোলৈ।
কিন্তু অকণমান গৈয়েই তাই পিছলৈ ঘূৰি চালে। পুলকৰ পৰা কিছু আঁতৰত তেতিয়াও চুপ-চাপ
বহি আছিল পঞ্চম কাউৰীটো। তাৰ পিনে চাই সুন্দৰীয়ে হাঁহি মাৰি ক'লে, "আহ আহ। তয়ো আহ। খোঁৰা কাৰণে অলপ কষ্ট
পাইছ বুজিছো।"
বাকী চাৰিটা কাউৰী তেতিয়ালৈ গুচি গৈছিল তাইৰ
ওচৰলৈ।
তাইৰ কথা শুনি পঞ্চম কাউৰীটোৱে মুখেৰে মৃদু শব্দ
এটা কৰি পুলকলৈ চালে। হয়তো সি পুলকক উদ্দেশ্যি ক'ব খুজিছিল, "যাওঁ।"
তাৰ পিছত লেঙেৰীয়াই-লেঙেৰীয়াই জঁপিয়াই-জঁপিয়াই
সিও আগবাঢ়িল সেই নাৰীৰ আহ্বানক সহাৰি জনাই।
মুহূৰ্তৰ বাবে পুলকৰ চকুৰ আগত ভাঁহি উঠিল
আগনিশাৰ সেই দৃশ্য। ৰুস্তমক আলিংগন কৰি আছে এটা নৰকংকালে! সাধুবাবাৰ পত্নী,
তেওঁৰ
সাধনা-সংগিনীয়ে!
পাঁচোটা কাউৰী লগত লৈ সুন্দৰী অদৃশ্য হৈ গ'ল হাবিৰ মাজত। আৰু লগে লগে পুলকেও উভতি
খোজ দিলে যিমান সম্ভৱ সিমান সোনকালে সেই ঠাই পৰিত্যাগ কৰিবলৈ। কোনে জানে সাধুবাবাৰ
পত্নীয়ে যে তাকো টানি নিনিব ঢোঁৰা-কাউৰীৰ সংখ্যা আৰু এটা বঢ়াবলৈ! এতিয়াই এই ঠাই
এৰি পলাব লাগিব সি।
**সমাপ্ত**