ধৰা পৰি গৈছিল তৃষিত। সি কি ক'ব ভাৱি পোৱা নাছিল। তাৰ অৱস্থা দেখি
নীলকণ্ঠ গুপ্তই ক'লে, "আপোনাৰ অৱস্থা মই বুজিব পাৰিছো। লাজ পাবলগীয়া একো নাই। আপুনি যিটো
কথা জানিবলৈ ইয়ালৈ আহিছে, সেইটো কথা আপোনাক মই ক'ম। একেবাৰে আৰম্ভণিৰ পৰাই খুলি ক'ম আপোনাক-"
অকণমান সময় নিশ্চুপ হৈ থাকি তেওঁ ক'বলৈ আৰম্ভ কৰিলে, "আপোনাকতো কৈছোৱেই এই কাৰখানাটো মই
কেনেকৈ লিজত লৈছিলো। লিজতো ল'লো, কামো আৰম্ভ কৰিলো। কিন্তু নামী-দামী
কোম্পানীবোৰৰ সৈতে যুঁজ কৰি বজাৰ দখল কৰিব পৰাটো জানো মুখৰ কথা? তাৰোপৰি বিজ্ঞাপন দিব পৰা সামৰ্থ্য মোৰ
নাছিল। কেইদিনমানৰ ভিতৰতেই বুজি পালো যে এইটো ব্যৱসায়তো মই ডুবিবলৈ ওলাইছো। এটা
সময়ত অৱস্থা এনেকুৱা পৰ্যায় পালেগৈ যে কৰ্মচাৰীবোৰে বেতন নাপাই কাম বন্ধ কৰি দিলে।
তেতিয়া মোৰ সন্মুখত আত্মহত্যা কৰাৰ বাদে আৰু অন্য কোনো পথেই খোলা নাছিল। বজাৰতো
ধাৰ হৈ গৈছিল বহুত। ঠিক তেনেকুৱাতেই সৰু কেটাৰিং পাৰ্টি এটাৰ পৰা এশ বটল হেমলকৰ
অৰ্ডাৰ এটা আহিল। কৰ্মচাৰীয়ে কাম বন্ধ কৰি দিলেও দুশ-তিনিশমান বটল তেতিয়াও প্ৰায়
সাজু হৈ আছিল কাৰখানাত। বাকী আছিল মাত্ৰ গোপন ইনগ্ৰেডিয়েন্টটো মিলাবলৈ।
"অৰ্ডাৰটো ল'ব পাৰিলে যি দুশ-তিনিশ টকা লাভ হ'ব সেয়াই মোৰ কাৰণে তেতিয়া বহুত বেছি।
গতিকে তাৰ লোভতেই এদিন অকলে গুচি আহিলো ফেক্টৰীলৈ। সেই সময়ত মই কিছুমান আয়ুৰ্বেদিক
দ্ৰব্য দিছিলো এই পাত্ৰটোত। সেইটো মোৰ নিজা ৰেচিপি আছিল। দ্ৰব্যবোৰ এই পাত্ৰটোত
মিহলি কৰি আধা মিলিলিটাৰকৈ ভৰাই দিয়া হৈছিল প্ৰতিটো বটলত। তাৰ ফলত পানীয়ত এটা ষ্ট্ৰং
সোৱাদৰ সৃষ্টি হয়। সেইদিনাও বস্তুবোৰ লৈ এই কোঠাটোত সোমালো। মেছিনবোৰ ষ্টাৰ্ট
কৰিলো। কিন্তু আয়ুৰ্বেদিক দ্ৰব্যখিনি ঢালিবলৈ লওতেই অসতৰ্কতাৰ ফলত এটা দুৰ্ঘটনা
সংঘটিত হ'ল।
মোৰ হাতখন ফঁচি গ'ল মেছিনৰ ভিতৰত। আৰু দাঁতবোৰে পিহিবলৈ ধৰিলে মোৰ হাতখন।"
কথাখিনি কওতে সামান্য কঁপি উঠিছিল নীলকণ্ঠ গুপ্ত। মুহূৰ্তৰ বাবে নিশ্চুপ হৈ পৰিল
তেওঁ। সম্ভৱত সেই ভয়ংকৰ স্মৃতিয়েই তেওঁক কঁপাই তুলিছিল।
তৃষিতে বিস্ময়েৰে সুধিলে, "তাৰ পিছত? তাৰ পিছত কি হ'ল?"
নীলকণ্ঠ গুপ্তই পুনৰ ক'বলৈ আৰম্ভ কৰিলে, "কোনোমতে হাতখন ইয়াৰ পৰা উলিয়াই মই
হস্পিতাল পালোগৈ। চাৰিদিনমান তাতেই থাকিবলগীয়া হৈছিল। সাতদিন পিছত মই আকৌ আহিছিলো
ফেক্টৰীলৈ। মেছিনটো চলি থকাত এশটা বটল চিল হৈ গৈছিল। সেইবোৰ মই পঠিয়াই দিলো
কেটাৰিং পাৰ্টিটোলৈ। কেইদিনমান পিছত কেটাৰিং পাৰ্টিৰ পৰা জনালে যে আৰু পাঁচশ বটল
লাগে তেওঁলোকক। হেমলক খাই হেনো চবে ধন্য-ধন্য কৰিছে। আচৰিত কথা নহয়নে? পিছে অকণমান ভাৱোতেই কথাটো স্পষ্ট হৈ
পৰিল মোৰ ওচৰত। এই মেচিনটোৱে যেতিয়া মোৰ হাতখনত চেপিছিল, তেতিয়া তাৰ পৰা যি তেজ ওলাইছিল,
সেয়া আধা মিলিলিটাৰকৈ মিহলি হৈ গৈছিল হেমলকৰ প্ৰতিটো বটলত। হেমলকত থকা পদাৰ্থবোৰৰ সৈতে এই তেজৰ
বিক্ৰিয়াৰ ফলতেই হেমলকৰ বটলত সৃষ্টি হৈছিল সেই অপূৰ্ৱ সোৱাদৰ।"
তৃষিত আচৰিত হ'ল, "কি ক'লে আপুনি?"
নীলকণ্ঠ গুপ্তই শান্ত স্বৰেৰে ক'লে, "যিটো সঁচা, তাকেই কৈছো। হেমলকৰ সোৱাদৰ গোপন ৰহস্য
হ'ল
সেই আধা মিলিলিটাৰ তেজ। কথাটো আপোনাৰ বিশ্বাস হোৱা নাই চাগে? এয়া চাওক-" এই বুলি তেওঁ চাদৰৰ
তলৰ পৰা তেওঁৰ সোঁহাতখন উলিয়াই আনিলে। ক্ষত-বিক্ষত সেই হাতখনৰ মণিবন্ধৰ তল ছোৱা
নাই।
তৃষিত স্তম্ভিত। হতভম্ব।
নীলকণ্ঠ গুপ্তই ক'লে, "আমি যে এক পাউছ বা এক ইউনিট ৰক্তদান কৰো, তাত থাকে ৫০০ মিলিলিটাৰ তেজ। তাৰ মানে এক ইউনিট
তেজেৰে এহাজাৰ বটল হেমলক বনাব পাৰি। মই মিছা নাই কোৱা। প্ৰথম দিনাখনেই আপোনাক
কৈছিলো, হেমলকৰ
সৃষ্টি হৈছে মোৰ তেজ আৰু পৰিশ্ৰমৰ বলত। তাৰ আচল অৰ্থটো আপুনি চাগে সিদিনা ধৰিব
নোৱাৰিলে।"
তৃষিতে নিজৰ চকু-কাণকে যেন বিশ্বাস কৰিব
নোৱাৰিলে। সি ক'লে, "আপুনি চাগে ধেমালি কৰিছে, নহয়নে?"
নীলকণ্ঠ গুপ্তই কোনো উত্তৰ নিদিলে।
"আপুনি তাৰমানে ব্লাড বেংকৰ পৰা তেজ আনি
হেমলকত মিহলায়?"
উত্তৰত নীলকণ্ঠ গুপ্তই যি ক'লে, তাত আৰু আচৰিত হ'ল তৃষিত। তেওঁ ক'লে, "তেনেকৈয়ো চেষ্টা কৰি চাইছিলো প্ৰথমতে।
কিন্তু সতেজ গৰম তেজ নহ'লে হেমলকৰ সোৱাদটো ভালকৈ নাহে। জীৱ-জন্তুৰ তেজততো আৰু নাহে। এটা বেয়া
গোন্ধ ওলায়। দুৰ্ঘটনাটোৰ পিছৰে পৰা মই এই ফেক্টৰীটো অকলে চলাই আহিছো। কেতিয়াবা ক'ৰবাত অঘৰী মানুহ পালে ইয়ালৈ লৈ আহো,
আৰু আপোনাৰ দৰে
অতি উৎসাহী মানুহ কিছুমানো মাজে মাজে ইয়ালৈ আহে। আপোনালোকেইতো হেমলকৰ
দুষ্প্ৰাৰ্প্য কেঁচামাল। মোৰ গোপন ৰেচিপি। যেতিয়া মাল নাপাওঁ প্ৰডাক্সন বন্ধ থাকে।
এজন মানুহৰ শৰীৰত চাৰে চাৰিৰ পৰা পাঁচ লিটাৰ পৰ্যন্ত তেজ থাকে। সাত, আঠ হাজাৰ বটলটো অনায়াসে প্ৰস্তুত হৈ
যায়। প্ৰতিটো বটলৰ বাবদ মাত্ৰ আধা মিলিলিটাৰকৈ তেজৰহে প্ৰয়োজন হয়।" কথাষাৰ কৈ তৃষিতৰ
পিনে বাওঁ হাতখন দাঙি ধৰিলে নীলকণ্ঠ গুপ্তই। তেওঁৰ হাতত এটা পিষ্টল।
তৃষিত স্তম্ভিত হৈ পৰিল। মৃদু কম্পিত স্বৰে সি
কৈ উঠিল, "পি... পিষ্টল কিয় দেখুৱাইছে আপুনি?"
হিংস্ৰ হাঁহি এটা ফুটি উঠিল নীলকণ্ঠ গুপ্তৰ
ওঁঠৰ চুকত। চেপা মাতেৰে তেওঁ ক'লে, "যাতে আপুনি উভতি গৈ এই কাহিনীটো আন
কাকো ক'ব
নোৱাৰে, তাৰ
বাবে। যাতে আৰু কেইহাজাৰমান বটল বজাৰত এৰিব পাৰো, তাৰ বাবে। জানেইচোন হেমলকৰ চাহিদা
কিমান!"
"কি?"
"পিছফালে যে দৰ্জাখন দেখিছে, সেইখন খুলি সোমাই যাওক। চেষ্টা কৰিম
মৃত্যুৰ আগত আপোনাক যিমান পাৰি কম যন্ত্ৰণা দিবলৈ। আপোনাৰ দেহৰ পৰা অলপ অলপকৈ তেজ
নিম। কেইজনমান মানুহকতো মই এই পাত্ৰটোতেই গটা মাৰি পেলাই দিছিলো। মই পাঁচলৈ গন্তি
কৰিম, নহ'লে গুলী চলাম। ফলত আপোনাৰ আয়ুস আৰু
দুটা দিন কমি যাব।"
পাশৱিক হাঁহি এটা ফুটি উঠিছিল নীলকণ্ঠ গুপ্তৰ
মুখত। তেওঁ ৰৈ ৰৈ গণিবলৈ আৰম্ভ কৰিলে, "এক... দুই..."
পিছলৈ খোজ পেলাবলৈ আৰম্ভ কৰিলে তৃষিতে। কিন্তু
তেতিয়াই তৃষিতৰ মনলৈ এটা কথা আহিল। এই মুহূৰ্ততেই হওক বা দুদিন পিছতেই হওক সিতো
মৰিব লাগিবই। গতিকে এতিয়াই এটা শেষ চেষ্টা কৰি চোৱা উচিত জীয়াই থাকিবৰ বাবে।
কিন্তু কেনেকৈ? আৰু তেতিয়াই তাৰ মনত পৰিল জেকেটৰ পকেটত থকা হেমলকৰ বটলটোৰ কথা। এক
মুহূৰ্তও বিলম্ব নকৰি বটলটো উলিয়াই আনিলে সি জেপৰ পৰা আৰু সজোৰে মাৰি পঠিয়ালে
নীলকণ্ঠ গুপ্তক লক্ষ্য কৰি।
এনেকুৱা ঘটনাও যে ঘটিব পাৰে, তাৰ বাবে একেবাৰেই প্ৰস্তুত নাছিল
তেওঁ। বটলটোৱে প্ৰচণ্ড জোৰেৰে আঘাত কৰিলে তেওঁৰ মূৰত। পিষ্টলটো চিটিকি পৰিল তেওঁৰ
হাতৰ পৰা। লগে লগে এটা গুলীও ওলাই গ'ল প্ৰচণ্ড শব্দ কৰি।
কিন্তু নীলকণ্ঠ গুপ্ত ইমান সহজতে হাৰমনা
ব্যক্তি নহয়। কাঁচৰ বটলটোৰ আঘাতত কপাল ফাটি তেজ ওলাইছিল তেওঁৰ। সেইটো অৱস্থাৰেই
হাউলি পৰি মাটিৰ পৰা বুটলি লোৱাৰ চেষ্টা কৰিলে পিষ্টলটো। তাকে দেখি তৃষিতো দৌৰি
আহিল আৰু গাৰ জোৰেৰে গতিয়াই দিলে তেওঁক। তাল চম্ভালিব নোৱাৰি নীলকণ্ঠ গুপ্ত উবুৰি
খাই পৰিল হাণ্ডীৰ দৰে সেই নিষ্পেষক যন্ত্ৰটোৰ ভিতৰত। তাৰ পৰা উঠি অহাৰ চেষ্টা
কৰিছিল তেওঁ। কিন্তু ওপৰলৈ ওলাই থকা ভৰি দুখন মাটিলৈ নমাব খোজতেই কিবা জোঁট-পোট
লাগি হেঁচা খাই গ'ল ষ্টেণ্ডত লাগি থকা চুইচ্ছটোত। ষ্টাৰ্ট হৈ গ'ল যন্ত্ৰটো। লগে লগে তাৰ ধাতৱ দাঁতবোৰে
পিহিবলৈ আৰম্ভ কৰিলে যন্ত্ৰটোৰ গৰ্ভত থকা নীলকণ্ঠ গুপ্তৰ উৰ্দ্ধাংশক। সেই ভয়ংকৰ
যন্ত্ৰটোৰ ঘৰঘৰণিৰ মাজতেই শেষবাৰৰ বাবে শুনা গ'ল নীলকণ্ঠ গুপ্তৰ শেষ আৰ্তনাদ। তাৰ
পিছত তৃষিতৰ চকুৰ আগতেই লাহে লাহে নীলকণ্ঠ গুপ্তৰ সম্পূৰ্ণ দেহটো অদৃশ্য হৈ গ'ল যন্ত্ৰটোৰ গহ্বৰত। মাত্ৰ ভিতৰৰ পৰা
ভাঁহি আহি থাকিল এটা অদ্ভূত মট-মট ধৰণৰ শব্দ। হয়তো হাড়-মূৰবোৰ গুৰি হৈ যোৱাৰ শব্দ।
তৃষিতৰ যেতিয়া সম্বিত ঘূৰি আহিছিল, তেতিয়ালৈকে কনভেয়াৰ বেল্টডালো চলিবলৈ
আৰম্ভ কৰিছিল। বেল্টডালে কঢ়িয়াই আনিবলৈ ধৰিলে কাষৰ কোঠাটোৰ পৰা হেমলকৰ বটলবোৰ।
বটলবোৰ কেইমুহূৰ্তমানৰ বাবে থমকি ৰৈছে হাণ্ডীৰ দৰে যন্ত্ৰটোৰ তলত। যন্ত্ৰটোত
সংলগ্ন বেজীৰ দৰে ফানেলৰ মূৰটো মুহূৰ্তৰ বাবে বটলৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু ওলাই
আহিছে। ভিতৰত মিহলাই থৈ আহিছে আধা মিলিলিটাৰকৈ গাঢ় ৰঙা তেজ। ক্ৰমান্বয়ে ৰাঙলী হৈ পৰিছে
বটলৰ ভিতৰৰ বগা ৰঙৰ পানীয়। তাৰ পিছত বটলবোৰে কনভেয়াৰ বেল্টত উঠি আগ বাঢ়িছে সৰু
যন্ত্ৰটোৰ ওচৰলৈ। যন্ত্ৰটোৱে সাঁফৰ লগাই চিল কৰি দিছে সিহঁতৰ মুখবোৰ। সৰ্বশেষত
দেৱালৰ ফাঁকেৰে বটলবোৰ ওলাই গৈছে আনটো কোঠালৈ।
তৃষিত আৰু তাত নৰ'ল। শেষবাৰৰ বাবে বটল কেইটাৰ পিনে এবাৰ
চাই ওলাই আহিল থৰক-বৰক খোজেৰে। কাৰখানাৰ বাহিৰলৈ ওলাই আহি কোনোমতে বাইকখনত উঠিল
সি। জাৰৰ দিন, সূৰ্য ডুব গৈছে। চৌপাশৰ উন্মুক্ত পথাৰৰ পৰা অন্ধকাৰ আৰু কুঁৱলী ভাঁহি
আহিছে কাৰখানাৰ পিনে। আৰু হয়তো অলপ সময়ৰ পিছতেই অন্ধকাৰত হেৰাই যাব সকলো। বাইকখন
ষ্টাৰ্ট কৰি তৃষিত ৰাওনা হ'ল কলিকতাৰ পিনে। তাৰ পিছফালে পৰি ৰ'ল হেমলকৰ কাৰখানা। তেতিয়াও চাগে হেমলকৰ
প্ৰতিটো বটলত মিহলি হৈ আছিল নীলকণ্ঠ গুপ্তৰ গাঢ় ৰঙা তেজ। হেমলকৰ গোপন
ৰেচিপি। যিয়ে হেমলকক প্ৰদান কৰে এক অতুলনীয় স্বাদ।
*সমাপ্ত*
*গল্পটো আগ্ৰহেৰে পঢ়ি সম্পূৰ্ণ কৰাৰ বাবে সকলোকে আন্তৰিক
ধন্যবাদ জনালো।
***