*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
তৃতীয় অধ্যায়
ৰাতিপুৱা দহটামানত নীলকণ্ঠ গুপ্তৰ ফোন আহিছিল
তৃষিতলৈ। এঘাৰটামান বজাত সি ওলাই গৈছিল বাইকখন লৈ। অফিছৰ গাড়ী নিলে ড্ৰাইভাৰে
কথাটো গম পাই যাব। আৰু সেইপিনে ট্ৰেইনৰ যোগাযোগো ভাল নহয়। নীলকণ্ঠ গুপ্তই তেওঁৰ
কাৰখানাটো য'ত অৱস্থিত বুলি জনাইছে সেইটো ৰেল ষ্টেচনৰ পৰা চৈধ্য পোন্ধৰ কিলোমিটাৰ
দূৰৈত। ডায়মণ্ডহাৰবাৰ ৰ'দেৰে গ'লেই সুবিধা হয়। সেয়ে বাইকখন লৈয়েই ওলাই গৈছিল তৃষিত।
কলিকতা এৰিয়েই মুকলি ৰাস্তা। শীতৰ কুমলীয়া ৰ'দ পিঠিত লৈ বাইক চলাই গৈ ভালেই লাগিছিল
তৃষিতৰ। ৰাস্তাৰ দুকাষে মুকলি পথাৰ; ধাননি পথাৰ। মাজে মাজে দুই এখন সৰু বজাৰৰ দৰে
ঠাই। প্ৰদূষণমুক্ত এক অনন্য পৰিৱেশ ইয়াত।
নীলকণ্ঠ গুপ্তৰ সেইদিনাৰ কথোপকথন লৈ দুদিন
চিন্তা কৰিছে তৃষিতে। হেমলকৰ ৰেচিপিৰ ক্ষেত্ৰত এটা ধাৰণা মনলৈ আহিছে তাৰ। নীলকণ্ঠ
গুপ্তৰ পূৰ্বপুৰুষ কবিৰাজ আছিল। হয়তো হেমলকৰ সৈতে তেওঁ কিবা বনৌষধ মিহলাই দিয়ে যাৰ
বাবে এই অদ্ভুত সোৱাদটোৰ সৃষ্টি হয়। নীলকণ্ঠ গুপ্তই হেমলকৰ যি কেঁচা মালৰ অভাৱৰ
কথা ক'লে,
সেয়া নিশ্চয়
কোনো দুষ্প্ৰাপ্য গছ বা তাৰ শিপা-চিপা হ'ব। যি হয়তো সহজে উপলব্ধ নহয়।
ক'ল্ড ড্ৰিংকছ কেনেকৈ বনোৱা হয়, এই বিষয়ে ইন্টাৰনেটত বিচাৰিছিল তৃষিতে।
তাত কেঁচামাল হিচাপে যিবোৰ বস্তুৰ কথা উল্লেখ কৰিছে বজাৰত সেইবোৰ সহজলভ্য। তাৰ
অভাৱত উৎপাদন বন্ধ হোৱাৰ কথাই নাহে। তৃষিতৰ সেয়ে ধাৰণা হৈছে যে, সেই কেঁচামাল কোনো দুষ্প্ৰাপ্য
গছ-লতিকাই হ'ব লাগিব।
দুপৰীয়া দুটামানত ঠাইখনৰ ওচৰ পালেগৈ সি।
ৰাস্তাৰ দাঁতিৰ এখন চাহ দোকানত সি চাহ খাবলৈ ৰ'ল। চাহ খোৱাৰ পিছত তৃষিতে বাইকেৰে অলপ
দূৰ গৈ পকা ৰাস্তা এৰি এটা কেঁচা ৰাস্তা ধৰিলে। কেঁচা ৰাস্তাটোৰে কেইমাইলমান যোৱাৰ
পিছত সি পাই গ'ল নীলকণ্ঠ গুপ্তৰ কাৰখানাৰ সন্মুখ ভাগ।
দেৱালেৰে ঘেৰি থকা এবিঘামান মাটিৰ এটা প্লট।
সোঁমাজতে থিয় হৈ আছে হেমলকৰ কাৰখানাটো। পিছে কাৰখানাটো বেছি ডাঙৰ নহয়। টিনৰ চালি
লগোৱা এটা দীঘলীয়া ঘৰ। প্ৰৱেশ পথৰ সন্মুখত চাইনব'ৰ্ডত লিখা আছে 'হেমলক'। মূল গেটখন সামান্য খোলা। গেটৰ ওচৰত
ৰৈ তৃষিতে কেইবাৰমান বাইকৰ হৰ্ণ বজালে। কিন্তু ভিতৰৰ পৰা কোনো ওলাই নহাত তৃষিতে
অকণমান ইতস্ততঃ কৰি গেটৰ ফাঁকেৰেই সোমাই গ'ল। কাৰখানাৰ সন্মুখৰ চোতালখন পকী। তাত সিচঁৰতি
হৈ পৰি আছে হেমলকৰ খালি কাৰ্টন, বটল, নানান ধৰণৰ সৰু ডাঙৰ পাত্ৰ, কনটেইনাৰ ইত্যাদি। চোতালৰ একাষে থকা
সৰু ঘৰ এটাৰ গাত 'অফিছ' বুলি লিখা থকা দেখি তৃষিতে বাইকখন সেইফালে লৈ গ'ল। তেনেতে ঘৰটোৰ ভিতৰৰ পৰা ওলাই আহিল
নীলকণ্ঠ গুপ্ত। আজিও তেওঁৰ গাত সেই একেই ক'লা চাদৰখন। তৃষিতক দেখি গুপ্তই ক'লে, "আহক, আহক, আপোনালৈকেই ৰৈ আছিলো।"
বাইকৰ পৰা নামি সি ক'লে, "ইয়াত আজি কোনো নাই নেকি?"
নীলকণ্ঠ গুপ্তই ক'লে, "প্ৰডাক্সনৰ লগত জড়িত ব্যক্তি মাত্ৰ
চাৰিজন। সৰু ফেক্টৰী যে। ক'বলৈ গ'লে বেছিভাগ কাম মেচিনতেই হয়। এতিয়া প্ৰডাক্সন
বন্ধ। সেয়ে মানুহ-দুনুহো নাই।"
নীলকণ্ঠ গুপ্তৰ পিছে পিছে তেওঁৰ অফিচ কোঠালৈ
সোমাই গ'ল
তৃষিত। কোঠাটোৰ চাৰিওফালে কাগজ-পত্ৰৰে ভৰা আলমাৰি। হেমলকৰ কিছুমান হৰ্ডিং আৰু
বেনাৰো আছে। তাৰোপৰি চকী-মেজটো আছেই। নীলকণ্ঠ গুপ্তৰ চকীখনৰ ওচৰতে দেৱালৰ গাত লাগি
আছে এটা সৰু ফ্ৰীজ। টেবুলৰ দুফালে দুয়ো মুখামুখিকৈ বহি লোৱাৰ পিছত নীলকণ্ঠ গুপ্তই
ক'লে,
"ইমান
দূৰ বাট বাইক চলাই আহিছে, অকণমান জিৰাই লওক। বাটত একো অসুবিধা পোৱা নাই
নহয়?"
তৃষিতে ক'লে, "অসুবিধা নাই পোৱা। ঠাইখন অলপ দূৰ হ'লেও ৰাস্তাটো মোটামুটি পোনেই। ঠাইখন
কিন্তু একেবাৰে প্ৰদূষণ মুক্ত। শান্ত। নিৰিবিলি।"
নীলকণ্ঠ গুপ্তই ক'লে, "অঁ, চাৰিওফালে কেৱল ধাননি পথাৰ। আগতে অহা হ'লে হয়তো দুই এজন মানুহো দেখিলেহেঁতেন
ধাননিৰ মাজত। এতিয়া ধান কাটি লৈ গ'ল। ফেক্টৰী চলাবৰ বাবে ঠাইখন ভাল। কোনো
হাই-উৰুমি নাই।" কথাখিনি কৈ নীলকণ্ঠ গুপ্তই বহি থকা অৱস্থাতেই হাত মেলি
ফ্ৰীজটো খুলি ছয় ইঞ্চি দীঘল এটা হেমলকৰ বটল উলিয়ালে। "এটা বটলেই আছিল।
সিদিনাখন আপোনাক খুৱাব নোৱাৰিলো। আজি খাওক। পিছে অ'পেনাৰ নাই। দাঁতেৰেই খুলিব
লাগিব।"
বটলটো দেখি তৃষিতৰ ভাৱ হ'ল, বটলটো নাখাই লগত লৈ গ'লে বেছি কামত আহিব। প্ৰয়োজন হ'লে তাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিব পৰা
যাব। সেয়ে সি ক'লে, "আপুনি যদি বেয়া নাপায় বটলটো লগত লৈ যাব পাৰিম নে? ওভোতাৰ পথত খাব পৰা যাব। আচলতে অলপ
আগতেই মই ৰাস্তাৰ দাঁতিত ৰৈ চাহ খাইছো। পানীও অনা নাই। বাটত বটলটো কামত
আহিব।"
তৃষিতৰ কথা শুনি নীলকণ্ঠ গুপ্তই ক'লে, "অঁ-অঁ, লৈ যাওক। একো কথা নাই।"
বটলটো জেকেটৰ পকেটত ভৰাই লৈ তৃষিতে ক'লে, "আপোনালোকৰ প্ৰডাক্সন কেতিয়াকৈ আৰম্ভ হ'ব? যোৱাকালি এখন কোল্ডড্ৰিংক্সৰ দোকানত
দেখিলো সৰু ল'ৰা এটাই হেমলক বিচাৰি গৈছিল।"
কেইমুহূৰ্তমান নীৰৱে থাকি তৃষিতৰ পিনে চাই
নীলকণ্ঠ গুপ্তই ক'লে, "কেঁচামাল আহিছে। আশা কৰো, আৰু চাৰি-পাঁচ দিনৰ ভিতৰতেই হেমলকৰ কিছু বটল
বজাৰত এৰিব পাৰিম। চাওঁ, কি হয়!"
তাৰ পিছত দুই-এটা সাধাৰণ কথা-বতৰা পতাৰ পিছত
নীলকণ্ঠ গুপ্তই ক'লে, "ব'লক, আপোনাক এইবাৰ ফেক্টৰীটো দেখুৱাই আনো।"
তৃষিতে ক'লে, "অঁ-অঁ, কিন্তু তাৰ আগতে এবাৰ ইউৰিনেলৰ পৰা
আহিব পাৰিলে ভাল আছিল।"
নীলকণ্ঠ গুপ্তই চকীৰ পৰা উঠি ক'লে, "আহক মোৰ লগত। এই ৰূমটোৰ পিছফালেই এটা
ইউৰিনেল আছে।"
বাহিৰলৈ ওলাই আহিল সিহঁত। নীলকণ্ঠ গুপ্তই
দেখুৱাই দিয়া বাটেৰে ইউৰিনেলত গৈ সোমাল তৃষিত। দৰ্জাখন বন্ধ কৰি লৈ মোবাইল ফোনটো
উলিয়াই ল'লে
সি। ফোনৰ ভিডিঅ' কেমেৰাটো অন কৰি সি সেইটো এনেদৰে
চাৰ্টৰ পকেটত ভৰাই ল'লে যাতে ফোনৰ কেমেৰাৰ অংশটোহে বাহিৰলৈ ওলাই থাকে। কাৰখানাৰ ভিতৰৰ ফটো
তুলি লৈ যাব পাৰিলে নিশ্চয় ভাল পাব চাহাবে। অৱশ্যে কাৰখানাৰ ফটো তোলাৰ অনুমতি
নীলকণ্ঠ গুপ্তৰ পৰা লৈ থৈছে তৃষিতে। হ'লেও কাৰখানাৰ ভিতৰৰ ফটো বা কোনো বিশেষ-বিশেষ
যন্ত্ৰৰ ফটো তুলিব নিদিবও পাৰে নীলকণ্ঠ গুপ্তই। গতিকে এই পদ্ধতিটো ল'বলৈকে ঠিক কৰিলে সি। তৃষিতে ফটা-ফট কাম
সামৰি ইউৰিনেলৰ পৰা ওলাই নীলকণ্ঠ গুপ্তৰ ওচৰলৈ ঘূৰি গ'ল। তেওঁ তাক লৈ আগবাঢ়িল কাৰখানাৰ ফালে।
নীলকণ্ঠ গুপ্তৰ সৈতে কাৰখানাৰ ভিতৰত সোমাল
তৃষিত। প্ৰথম কোঠাটো বহুত ডাঙৰ। ভিতৰত এটা ধাতুৰে গঢ়া প্ৰকাণ্ড গোলকৰ দৰে পাত্ৰ
আছে। দেৱাল আৰু মজিয়া বগাই বিভিন্ন আকৃতিৰ নলী কিছুমান আহি সেই ধাতৱ গোলকটোত
সংযুক্ত হৈছে। নীলকণ্ঠ গুপ্তই ক'লে, "এই কোঠাটোক ফেক্টৰীৰ ফিল্টাৰ বুলিব
পাৰি। এই যে বিশাল গ্ল'বৰ নিচিনা বস্তুটো দেখিছে তাত পানী পিউৰিফাই হয়। কিছু খনিজ লৱণো
মিহলোৱা হয় ইয়াত। তাৰ পিছত মানুহৰ খোৱাৰ উপযোগী বিশুদ্ধ পানী পাইপেৰে গুচি যায়
সিটো কোঠালৈ। সেই কোঠাটোক আমাৰ ফেক্টৰীৰ ৰান্ধনী ঘৰ বা কিচ্চেন বুলি ক'ব পাৰে।"
কোঠাটোৰ সোঁমাজত ৰৈ চাৰিওফালে ঘূৰি ঘূৰি চাবলৈ
ধৰিলে তৃষিতে। আৰু একেটা সময়তে নীলকণ্ঠ গুপ্তৰ অগোচৰে তাৰ চাৰ্টৰ পকেটত লুকাই থকা
কেমেৰাটোত বন্দী হৈ গৈ থাকিল কোঠাটোৰ ছবি।
নীলকণ্ঠ গুপ্তই এইবাৰ তৃষিতক লৈ সোমাই গ'ল তেওঁৰ ৰান্ধনী ঘৰটোলৈ। প্ৰথম কোঠাটোৰ
তুলনাত ইয়াৰ আকৃতি দুগুণেই বুলিব পাৰি। কোঠাটোৰ ভিতৰত বিভিন্ন ধৰণৰ ডাঙৰৰ ডাঙৰ
খোলা পাত্ৰ কিছুমান নলীৰে সংযুক্ত হৈ আছে। সেই নলীবোৰ গৈ লগ লাগিছে এটা ঘূৰ্ণীয়মান
চিলিণ্ডাৰৰ সৈতে। এই কোঠাটোৰ বিশেষত্ব হ'ল, ইয়াত আছে এডাল দীঘল কনভেয়াৰ বেল্ট বা চলমান
ধাতৱ ফিটা। বেল্টডাল কোঠাৰ এমূৰৰ পৰা এটা যন্ত্ৰৰ মাজেৰে পাৰ হৈ সন্মুখৰ আন এটা
কোঠালৈ সোমাই গৈছে দেৱালৰ ফুটা এটাৰে। কনভেয়াৰ বেল্টডালৰ ওপৰত ছয় ইঞ্চিৰ মূৰে মূৰে
খাঁজত বহুৱাই থোৱা আছে হেমলকৰ বটলবোৰ। তাৰোপৰি অন্যান্য সৰু বৰ যন্ত্ৰপাতিতো আছেই
এই কোঠাটোত। অবাক হৈ কোঠাটো ঘূৰিপকি চাবলৈ ধৰিলে তৃষিতে।
নীলকণ্ঠ গুপ্তই ক'লে, "হেমলকৰ নিৰানব্বৈ শতাংশ কাম এই
কোঠাটোতেই সম্পন্ন হয়। সেই খোলা পাত্ৰবোৰ যে দেখিছে, তাতেই হেমলকৰ কেঁচামালখিনি দি দিয়া হয়।
সেইবিলাক কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে গৈ মিহলি হয় চিলিণ্ডাৰটোত ৰখা বিশুদ্ধ পানীৰ
সৈতে। তাৰ পিছত আৰু কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে গৈ কনভেয়াৰ বেল্টডালৰ ওপৰত ৰখা
হেমলকৰ বটলবোৰত বন্দী হয়।"
তৃষিতে অকণমান বুদ্ধি কৰি জানিব বিচাৰিলে,
"কেঁচামাল
মানে?"
নীলকণ্ঠ গুপ্তই ক'লে, "চেনি, কিছুমান বস্তুৰ ৰস, তাৰোপৰি সোৱাদ-গোন্ধ-বৰ্ণৰ বাবে খোৱাৰ
উপযোগী কিছুমান কেমিকেল।"
তৃষিত কনভেয়াৰ বেল্টডালৰ ওচৰলৈ গৈ ৰ'ল। পানীয়ৰে ভৰা শাৰী শাৰী হেমলকৰ
বটলেৰে ভৰি আছে বেল্টডাল। বটলবোৰৰ মুখত পাতল এল্যুমিনিয়ামৰ কাগজৰ চিল। নীলকণ্ঠ
গুপ্তই ক'লে,
"এইবোৰ
মোটামুটি ফিনিছড প্ৰডাক্ট। পিছে চিলবোৰ টেম্প'ৰাৰী। কনভেয়াৰ বেল্টৰ জৰিয়তে এইবোৰ
কাষৰ কোঠাটোলৈ যায়। এটা মাত্ৰ বস্তু তাত মিহলি কৰা হয়। তাৰ পিছত যন্ত্ৰ এটাৰ
জৰিয়তে এই চিলবোৰ খুলি মুখনিবোৰ লগাই দিয়া হয়। আৰু প্ৰস্তুত হৈ উঠে হেমলক।"
হেমলকৰ ৰান্ধনী ঘৰটো তৃষিতে ভালদৰে চাই লোৱাৰ
পিছত নীলকণ্ঠ গুপ্তই ক'লে, "আহক, এইবাৰ আপোনাক ফেক্টৰীৰ শেষৰ কোঠাটো দেখুৱাও।"
নীলকণ্ঠ গুপ্তই তৃষিতক লৈ গ'ল তৃতীয় কোঠাটোৰ ওচৰলৈ। এই কোঠাটোত এখন
ষ্টিলৰ দুৱাৰ লগোৱা আছে। তলা এটাও ওলমি আছে। চাবি এপাত উলিয়াই তলাটো খুলি-খুলি
হেমলকৰ মালিক নীলকণ্ঠ গুপ্তই ক'লে, "এই কোঠাটোত কাকো সোমাবলৈ দিয়া নহয়।
আনকি আমাৰ কৰ্মচাৰীসকলকো। অন্তিমটো কেঁচামাল মই ইয়াতেই মিহলাওঁ। আৰু এইটোৱেই হ'ল আমাৰ গোপন ৰেচিপি। আপুনি ইমান
আগ্ৰহেৰে আমাৰ ফেক্টৰীটো চাবলৈ আহিছে, সেই কাৰণে এই কোঠাটো আপোনাক দেখুৱাবলৈ ঠিক
কৰিলো।"
তৃষিতে ভালেই পালে কথাটো শুনি।
নীলকণ্ঠ গুপ্তৰ পিছে পিছে তৃষিত সোমাই গ'ল কোঠাটোৰ ভিতৰলৈ। খিৰিকিবিহীন এটা
কোঠা। কোঠাটোৰ এটা ফাল প্লেটফৰ্মৰ নিচিনা ওখ। প্লেটফৰ্মৰ ওপৰতেই দেৱালত এখন দৰ্জা
আছিল। হয়তো সেইপিনে আৰু এটা ৰূম আছে। প্লেটফৰ্মখন কাঠেৰে বনোৱা। তাৰ ঠিক তলত আহি
ৰৈছেহি কাষৰ কোঠাটোৰ পৰা দেৱাল ফুটাই ওলাই অহা কনভেয়াৰ বেল্টডাল। প্লেটফৰ্মখনৰ
সোঁমাজতে দেখিবলৈ হাণ্ডীটোৰ দৰে এটা প্ৰকাণ্ড পাত্ৰ। পাত্ৰটোৰ তলৰ অংশটোত এটা
তীক্ষ্ণ জোঙা ফানেল সংলগ্ন হৈ আছে। কনভেয়াৰ বেল্টডাল প্লেটফৰ্মখনৰ তলে তলে গৈ
সিমূৰৰ দেৱালখনৰ ফাঁক এটাৰে বাহিৰলৈ ওলাই গৈছে। ওলাই যোৱা বাটত সৰু যন্ত্ৰ এটা
কনভেয়াৰ বেল্টডালৰ ওপৰত বহুৱাই থোৱা আছে। তৃষিতক লগত লৈ কাঠৰ প্লেটফৰ্মখনৰ ওপৰলৈ
উঠি গ'ল
নীলকণ্ঠ বাবু। সেই হাণ্ডীটোৰ দৰে পাত্ৰটোৰ ওচৰত ৰ'ল তেখেত।
পাত্ৰটো যিডাল ষ্টেণ্ডৰ ওপৰত আছে তাত লাগি থকা
বটন এটালৈ দেখুৱাই নীলকণ্ঠ গুপ্তই ক'লে, "কথাটো আপোনাক বুজাই কওঁ। পাত্ৰটোৰ
ভিতৰত এইবোৰ দাঁত আছে। দেখিছে নহয়। এই বুটামটো টিপি ইয়াত কিবা পেলাই দিলে দাঁতবোৰে
তাক চেপি তাৰ ৰস উলিয়ায়। ৰসবোৰ গৈ তলৰ ফানেলটোত জমা হয়। কনভেয়াৰ বেল্টডাল তেতিয়া
ষ্টাৰ্ট হৈ যায়। কাষৰ কোঠাটোৰ পৰা বেল্টত উঠি অহা বটলবোৰ এই বেজীমুখীয়া ফানেলটোৰ
তলত আহি ৰয়। একেসময়তে ফানেলৰ মুখখন চিলাই মেচিনৰ বেজীটোৰ দৰে উঠা-নমা কৰি থাকে এটা
ছন্দত। বটল এটা আহি তলত ৰোৱাৰ লগে লগেই এটোপাল দ্ৰব্য এলুমিনিয়ামৰ কাগজ ভেদ কৰি
ভিতৰত সুমুৱাই দিয়ে। তাৰ পিছত বটলটো আগবাঢ়ি গৈ সেই সৰু যন্ত্ৰটোৰ ওচৰত ৰয়।
যন্ত্ৰটোৱে বটলটোৰ মুখখন সাঁফৰ মাৰি চিল কৰি দিয়ে। তাৰ পিছত বটলটো গৈ কাষৰ কোঠাটোত
সোমায়। তাত এটা ডাঙৰ বাস্কেট আছে। বটলবোৰ তাত গৈ জমা হয়। তাৰ পৰা সেইবোৰ সংগ্ৰহ
কৰি কাগজৰ বক্সত ভৰাই বজাৰলৈ পঠোৱা হয়। এইটোৱেই হ'ল ক'ল্ড ড্ৰিংক্স বনোৱাৰ সম্পূৰ্ণ
প্ৰক্ৰিয়া।"
তৃষিতে যন্ত্ৰপাতিবোৰৰ ওপৰত চকু ফুৰাই গৈছিল
তন্নতন্নকৈ।
বিশাল হাণ্ডীৰ দৰে পাত্ৰটোৰ ভিতৰলৈ উকি মাৰি
চাইছিল সি। মানুহ এটা গোটে-গোটে সোমাই যাব পৰিব তাৰ ভিতৰত।
নীলকণ্ঠ গুপ্তই তেতিয়াই কৈ উঠিল, "ইয়াত হেমলকত কি মিহলোৱা হয়, আপুনি চাগে তাকেই জানিব বিচাৰিছে,
নহয়নে? সেইটো জনাৰ উদ্দেশ্যেৰেইতো আপুনি ইয়ালৈ
আহিছিল! হেমলকৰ গোপন ফৰ্মূলা!"
কথাষাৰ শুনি
উচপ খাই উঠিল তৃষিত। নীলকণ্ঠ গুপ্তৰ পিনে চালে সি। এটা অস্পষ্ট হাঁহি
বিৰিঙি উঠিছে নীলকণ্ঠ গুপ্তৰ ওঁঠৰ চুকত।
তৃষিতক আচৰিত কৰি তেওঁ এইবাৰ কৈ উঠিল,
"আপোনাৰ
কাকতৰ মালিক আৰু ৰেইনব' ক'ল্ড ড্ৰিংক্সৰ মালিকতো একেজনেই - পৰিতোষ চেতাৰ্জী। নহয় জানো? আৰু তেখেতেই জানো আপোনাক মোৰ ওচৰলৈ
পঠোৱা নাই? এই বিষয়ে অনুসন্ধান কৰিবলৈ? আপোনাৰ জেকেটৰ পকেটত ৰখা মোবাইল ফোনটোত যে এটা
আলোক বিন্দু মাজে মাজে জ্বলি উঠে, সেইটোও মই মন নকৰাকৈ থকা নাই। হয়তো ফোনৰ
কেমেৰাটোৰে আপুনি ৰেকৰ্ড কৰি গৈছে সকলো, নহয়নে?"
***