*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
প্ৰথম অধ্যায়
তৃষিতে তাৰ অকণমানি অফিছ কোঠাটোত বহি ৰিপ'ৰ্ট এটা লিখি আছিল। তেনেতে চিফ ৰিপ'ৰ্টাৰ সুপ্ৰকাশদা সোমাই আহিল। তেওঁক
দেখি তৃষিত চকীৰ পৰা উঠিল, "ৰিপ'ৰ্টটো প্ৰায় ৰেডি হৈছেই দাদা। দহ মিনিটৰ ভিতৰত
আপোনাৰ চেম্বাৰত দি থৈ আহিম।"
সুপ্ৰকাশদাই ক'লে, "হ'ব, সেইটো পিছত দিলেও হ'ব। একো দৌৰা-দৌৰি নাই। আচলতে 'চাহাব' মানে আমাৰ মালিক আহিছে। তেওঁ তোমাক
বিচাৰিছেহে।"
কথাটো শুনি তৃষিতৰ অকণমান ভয় লাগিল। মালিক মানে
পৰিতোষ মুখাৰ্জি। অতিপাত গহীন-গম্ভীৰ মানুহ। ৰাজ্যখনৰ এজন অন্যতম উদ্যোগপতি।
তৃষিতৰ মাত্ৰ দুটা বছৰহে হৈছে এই বাতৰি কাকতখনত সাংবাদিক হিচাপে কামত সোমোৱা।
কাকতখনৰ বিনোদনৰ পৃষ্ঠাটো চায় সি। এই দুটা বছৰত সি দুবাৰ নে তিনিবাৰ মালিকৰ সৈতে
মুখা-মুখি হৈছে কেইটামান অনুষ্ঠানত। পিছে সৌজন্য বিনিময় কৰাৰ বাদে বিশেষ একো কথা
পাতি পোৱা নাই আজিলৈ। পাতিবলগীয়া নহয়ো। তাৰ নিচিনা কনিষ্ঠ সাংবাদিকৰ লগত মালিকৰ
বিশেষ কাম নাথাকে। কাকতৰ সম্পাদক আৰু চিফ ৰিপ'ৰ্টাৰৰ বাদে কাৰো লগতেই তেনেকৈ কথা
নাপাতে মালিকে। কামৰ খাতিৰত তৃষিতে মাজে মাজে বিনোদন জগতৰ বিভিন্ন চেলিব্ৰিটিৰ লগত
কথা পাতিবলগীয়া হয়, তেওঁলোকৰ বিষয়ে কাকতত লিখিবলগীয়া হয়। তেওঁলোকৰ মাজৰ কোনোবাই কিবা
অভিযোগ দিলে নেকি মালিকক? তৃষিতে সুপ্ৰকাশদাক ক'লে, "ৰিপ'ৰ্টিঙত ক'ৰবাত কিবা ভুল পালে নেকি? কোনেও একো কমপ্লেইন কৰা নাইতো?"
সুপ্ৰকাশদাই ক'লে, "তেনেকুৱা নহয় চাগে! তেনেকুৱা হোৱা হ'লে তেওঁ প্ৰথম মোৰ পৰাই উত্তৰ
বিচাৰিলেহেঁতেন, আগে-পিছে যেনেকৈ বিচাৰে। কাৰণটো ময়ো ঠিক ধৰিব পৰা নাই। গৈ চোৱাচোন
তেওঁ কি কয়!"
কথাষাৰ কৈ সুপ্ৰকাশদা ওলাই গৈছিল ৰূমৰ পৰা।
তৃষিতেও ৱাছ ৰূমলৈ গৈ যিমান পাৰি ফিটফাট হৈ ল'লে। তাৰ পিছত সি আগবাঢ়িল মালিকৰ
চেম্বাৰৰ পিনে।
চেম্বাৰৰ বাহিৰত এজন বিয়েৰা ৰৈ আছিল। তৃষিতে
তাক চাহাবে মাতিছে বুলি ক'লে। সি ভিতৰলৈ সোমাই গৈ কেইমুহূৰ্তমানৰ ভিতৰতে
ওলাই আহি ক'লে, "যাওক, ভিতৰলৈ যাওক।"
দীঘলকৈ উশাহ এটা লৈ ভিতৰলৈ সোমাই গ'ল তৃষিত। শীত-তাপ নিয়ন্ত্ৰিত এটা বিশাল
কোঠা। সোঁমাজত থকা অ'ক কাঠৰ প্ৰকাণ্ড চেক্ৰেটেৰীয়েট টেবুলখনৰ সিটো মূৰত ৰিভল্ভিং চকী এখনত
বহি আছে মালিক পৰিতোষ মুখাৰ্জি। তৃষিতে তেওঁক উদ্দেশ্যি ক'লে, "গুড আফ্টাৰনুন ছাৰ।"
মৃদু হাঁহি এটা মাৰি সন্মুখৰ চকীখনত বহিবলৈ
ইংগিতেৰে দেখুৱাই দিলে তেওঁ। তেওঁৰ নিৰ্দেশ মানি মুখা-মুখি চকী এখনত তৃষিত বহিল।
নাকলৈ নামি অহা বাইফোকেলযোৰৰ ওপৰেৰে
কেইমুহূৰ্তমান তৃষিতলৈ স্থিৰ দৃষ্টিৰে চাই থাকি তেওঁ ক'লে, "আপুনি 'হেমলক' শব্দটো শুনিছে?"
পৰিতোষ মুখাৰ্জি ষাঠীৰ ঊৰ্ধৰ ব্যক্তি। আৰু
তৃষিতৰ বয়স সাতাইশ বছৰ। বয়সত সি তেওঁতকৈ বহুখিনিয়েই সৰু। অথচ সকলোকে 'আপুনি' বুলিয়েই সম্বোধন কৰাৰ অভ্যাস মুখাৰ্জি
চাহাবৰ।
তৃষিতে উত্তৰ দিলে, "অঁ ছাৰ, শুনিছো।"
"অৰ্থটো জানে? কি কওকচোন।"
তৃষিতে ক'লে, "এক ধৰণৰ উদ্ভিদ। তাৰ বিহ হেমলক,
অত্যন্ত
বিষাক্ত।"
"এই বিষয়ে আৰু কিবা জানে?" আকৌ সুধিলে মুখাৰ্জি চাহাবে।
তৃষিতে উত্তৰ দিলে, "গ্ৰীক দাৰ্শনিক চ'ক্ৰেটিছক এই হেমলকৰ বিহ খুৱাই হত্যা
কৰা হৈছিল।"
"ভেৰি গুড!" প্ৰশংসাসূচক ভাৱে কথাষাৰ কৈ পোন হৈ বহি ল'লে মুখাৰ্জি চাহাব। এইবাৰ ভয়টো অকণমান
পাতলিল তৃষিতৰ। তাৰ ভাব হ'ল মুখাৰ্জি চাহাবে নিশ্চয় গালি পাৰিবলৈ মাতি অনা
নাই তাক।
মুখাৰ্জিয়ে ক'লে, "এই হেমলক শব্দটো শুনি আৰু কিবা মনলৈ
আহিছেনে আপোনাৰ?"
অকণমান ভাবি তৃষিতে ক'লে, "অঁ ছাৰ, এটা চফ্ট ডিংক্সো আছে। হেমলক নামেৰে।
বজাৰত এতিয়া খুব জনপ্ৰিয়।"
"খাই পাইছে কেনেকুৱা?"
প্ৰশ্নটো শুনি অকণমান ইতস্ততঃ কৰি তৃষিতে উত্তৰ
দিলে, "অঁ, ছাৰ। ভালেই। বজাৰত প্ৰচলিত ক'ল্ড ড্ৰিংক্সবোৰতকৈ অকণমান বেলেগ ধৰণৰ। বেছ
টেষ্টি।"
মুখাৰ্জি চাহাবে তৃষিতক ক'লে, "আপুনি জানে নিশ্চয়, 'ৰেইনবো' নামেৰে মোৰো এটা ক'ল্ড ড্ৰিংক্সৰ কোম্পানী আছে। ৰেইনবোতকৈ
হেমলকৰ সোৱাদ বেছিনে? আপুনি নিশ্চয় ৰেইনবো খাইছে?"
তৃষিত এইবাৰ বিমোৰত পৰিল। ৰেইনবোতকৈ হেমলকৰ
সোৱাদ বহুগুণে বেছি। কিন্তু সেইটো কথা খোদ ৰেইনবোৰ মালিকৰ আগত কোৱাটো উচিত হ'ব জানো? ভাবি নাপালে তৃষিতে।
তাক মনে মনে থকা দেখি মুখাৰ্জি চাহাবে তেওঁৰ
ৰিভল্ভিং চকীখন লৰাই-লৰাই ক'লে, "আপুনি মনে মনে থাকিবলগীয়া নাই।
সঁচাটোতো সকলো সময়তে সঁচাই হ'ব। আপোনাৰ হৈ উত্তৰটো ময়েই দিছো বাৰু।
ৰেইনবোতকৈ হেমলকৰ সোৱাদ বেছি। কেৱল ৰেইনবোয়েই নহয়, অন্যান্য যি বিলাক ক'ল্ড ড্ৰিংক্স আমাৰ ইয়াত পোৱা যায়,
সেই
আটাইবোৰতকৈয়েই হেমলকৰ সোৱাদ বেছি। আৰু এই বিষয়তে অলপ আলোচনা কৰিবলৈ আপোনাক মাতি
আনিছো।"
মুখাৰ্জি চাহাবৰ কথা শুনি অকণমান বিস্মিত হ'ল তৃষিত।
পোন হৈ বহি লৈ মুখাৰ্জি চাহাবে ক'বলৈ আৰম্ভ কৰিলে, "আৰু এই সোৱাদৰ বাবেই হেমলকে পিছ পেলাই
দিলে আমাক। ডাঙৰ ডাঙৰ বহুজাতিক সংস্থাৰ ক'ল্ড ড্ৰিংক্সৰ কথা বাৰু বাদ দিলো। কিন্তু আমি
যিসকলে মধ্যমীয়া বা সৰু ক'ল্ড ড্ৰিংক্সৰ ব্যৱসায় কৰো, বহু টকা খৰচ কৰিও আমি কোনোপধ্যেই
হেমলকৰ সৈতে মোকাবিলা কৰিব পৰা নাই। অথচ হেমলকতো বহুজাতিক কোম্পানী নহয়েই, আমাতকৈও সৰু কোম্পানী। কিন্তু কি
সাংঘাতিক চাহিদা তেওঁলোকৰ! চাহিদা অনুযায়ী যোগান ধৰিব নোৱাৰে তেওঁলোকে। যিয়ে এবাৰ
হেমলকৰ সোৱাদ লৈছে, সি অইন কোনো পানীয় মুখলৈ নিব নোৱাৰে।"
মুখাৰ্জি চাহাবে ইমানলৈকে কোৱাৰ পিছত তৃষিতে কৈ
উঠিল, "কিন্তু আপোনালোকে তাক লৈ আশংকা কৰাৰ প্ৰয়োজন ক'ত? ক'লেইচোন সেইটো এটা সৰু কোম্পানী। চাহিদা
অনুসৰি মালেই দিব নোৱাৰে বজাৰত।"
মুখাৰ্জি চাহাবে ক'লে, "এইটো বজাৰত চাহিদা বঢ়োৱাৰ ব্যৱসায়িক
কৌশলো হ'ব
পাৰে। আৰু যদি পুঁজিৰ অভাৱ, তেনেহ'লে বেছিদিনলৈ নাথাকে সেই অভাৱ। বজাৰত তেওঁলোকৰ
বস্তুৰ যিটো চাহিদা, কেইদিনমানৰ ভিতৰতেই পুঁজি সংগ্ৰহ হৈ যাব। নাইবা ঋণ লৈ ব্যৱসায় বঢ়াব।
তেতিয়া মুখ ঠেকেচা খাব লাগিব আমাৰ দৰে মধ্যমীয়া অথবা ক্ষুদ্ৰ কোম্পানীবোৰে।"
ইমানখিনিলৈ কৈ অকণমান ৰৈ মুখাৰ্জি চাহাবে ক'লে, "সেই পানীয়ত নিশ্চয় হেমলক বিহ মিহলোৱা
নাই। তেনেকুৱা হোৱা হ'লে কোনো নাবাচিলেহেঁতেন। পিছে ইমান সোৱাদ কিহৰ বাবে সেইটোহে ধৰিব পৰা
নাই। অঁ, এইটো
ঠিক যে প্ৰত্যেক পানীয় প্ৰস্তুত কৰা সংস্থাৰ নিজা নিজা গোপন ৰেচিপি থাকে। হ'লেও পঁচান্নব্বৈ শতাংশ মিলেই থাকে চফ্ট
ড্ৰিংক্সবোৰৰ ক্ষেত্ৰত। হেমলকৰ ৰেচিপিত এনেকুৱা কি গোপন ৰহস্য লুকাই আছে যে
তেওঁলোকৰ ওচৰত নাপাত্তা হৈ গৈছো আমি? নে প্ৰযুক্তিৰ বিশেষ কোনো ব্যৱহাৰ? বহুক্ষেত্ৰত টেম্পাৰেচাৰ, মিক্সিং আদিৰ অকণমান পৰিৱৰ্তনেও সোৱাদৰ
পাৰ্থক্য সৃষ্টি কৰিব পাৰে। আপুনি এবাৰ তেওঁলোকৰ কোম্পানীলৈ যাব লাগিব। কথা পাতিব
লাগিব মালিকৰ সৈতে।" আচল কথাটো এতিয়াহে উলিয়ালে মুখাৰ্জি চাহাবে।
"মই?" বিস্ময়েৰে চালে তৃষিতে।
মুখাৰ্জি চাহাবে ক'লে, "অঁ, আপুনিয়েই। আমাৰ বিনোদন পৃষ্ঠাৰ বাবে
হেমলকৰ মালিক নীলকণ্ঠ গুপ্তৰ এটা ইন্টাৰভিউ ল'ব লাগিব আপুনি। সম্ভৱ হ'লে ফেক্টৰীটোও ঘূৰি-পাকি চাব। যিমান
পাৰি ফটো ল'বলৈ চেষ্টা কৰিব। নীলকণ্ঠ গুপ্তই যে আপোনাক ৰেচিপিটো জনাব সেইটো আশা
নকৰো। ইমানো বুৰ্বক তেওঁ নিশ্চয় নহয়। কিন্তু তেওঁৰ কথাৰ মাজত এনেকুৱা কিবা সূত্ৰ
পোৱা যাব পাৰে বা তেওঁৰ কোনো যন্ত্ৰাংশৰ ছবিয়ে হয়তো আমাক বুজাই দিব পাৰে ৰহস্যটো
কি। সেইটো আশাতেই আপোনাক তেওঁৰ ওচৰলৈ পঠাইছো। আপোনাক নিৰ্বাচন কৰাৰ আঁৰত দুটা কাৰণ
আছে। বিনোদন মানেতো কেৱল চিনেমা বা থিয়েটাৰেই নহয়, খাদ্য-পানীয়ৰ বিষয়টোও তাৰ লগত জড়িত।
মানুহজনে যদি সতৰ্ক হৈ আগতীয়াকৈ আপোনাৰ ওপৰত অনুসন্ধান চলায়, তেতিয়া তেওঁ দেখিব যে আপুনি একো মিছা
কোৱা নাই। যিহেতু কাকতৰ সেই পৃষ্ঠাটোত আপোনাৰ নামেই থাকে। আৰু দ্বিতীয় কাৰণটো হ'ল, কামৰ ক্ষেত্ৰত মই আপোনালোকৰ দৰে
ডেকাচামৰ ওপৰত বেছি আস্থাশীল। কি কয়? পাৰিবনে কামটো কৰিব?"
তৃষিতে ক'লে, "মই সম্পূৰ্ণ চেষ্টা কৰিম, ছাৰ।"
"ভেৰি গুড," কথাষাৰ কৈ তেওঁ কাগজ এটুকুৰা আগবঢ়াই
দিলে তাৰ পিনে। "বেন্টিঙ্ক ষ্ট্ৰিটত তেওঁৰ অফিছ আছে। ইয়াত তেওঁৰ ফোন নম্বৰ
আছে। লওক, কামত
লাগি যাওকগৈ। আজি ৰাতিৰ ফ্লাইটত মই এসপ্তাহৰ বাবে বাহিৰলৈ যাম। উভতি আহি ৰিপ'ৰ্ট ল'ম। অঁ, আৰু এটা কথা, এই বিষয়ে অফিচৰ কাকো জনোৱাৰ প্ৰয়োজন
নাই। কোনোবাই সুধিলে ক'ব, মোৰ যে চাহৰ ব্যৱসায় এটা আছে, তাৰ কিবাকিবি কামৰ বাবে মই আপোনাক
সাময়িকভাৱে নিযুক্তি দিছো। কথাটো মই চিফ ৰিপ'ৰ্টাৰকো জনাই দিম।"
***