*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
দ্বিতীয় অধ্যায়
মুখাৰ্জি চাহাবৰ চেম্বাৰৰ পৰা ওলাই নিজৰ কোঠাৰ
ফালে আগবাঢ়িল তৃষিত। নিজৰ চকীখনত বহি কাগজৰ টুকুৰাটোৰ পিনে কিছুক্ষণ চাই থাকিল সি।
এটা সময়ত নিজৰ কৰ্তব্য স্থিৰ কৰি ৰিচিভাৰটো তুলি ল'লে। ডায়েল কৰিলে কাগজত উল্লেখ থকা ফোন
নম্বৰটো। বেছ কিছু সময় ৰিং কৰাৰ পিছত কোনোবাই ফোন তুলিলে সিটো মূৰত।
"হেল্ল'? এইটো হেমলক কোম্পানীত লাগিছেনে?"
মধ্যবয়সীয়া পুৰুষ কণ্ঠ এটাই সিমূৰৰ পৰা কৈ উঠিল,
"হয়,
হেমলক। কিন্তু
এতিয়া আমাৰ হাতত ষ্টক নাই। এসপ্তাহ পিছত ফোন কৰিব।"
তৃষিতে ক'লে, "নাই, মই ষ্টকৰ বিষয়ে জানিবলৈ ফোন কৰা নাই।
মই কোম্পানীৰ প্ৰপ্ৰাইটৰ মিষ্টাৰ গুপ্তাৰ সৈতে কথা পাতিব বিচাৰিছিলো।"
নিজৰ নাম আৰু পৰিচয় জনালে তৃষিতে।
কেইমুহূৰ্তমানৰ নিস্তব্ধতা। তাৰ পিছত সিমূৰৰ
কণ্ঠস্বৰটোৱে ক'লে, "আপুনি তাৰ মানে সাংবাদিক? ময়েই নীলকণ্ঠ গুপ্ত। কওক কি কথা?"
তৃষিতে ক'লে, "আমাৰ কাকতত শনিবৰীয়া বিনোদনৰ পৃষ্ঠা
এটা আছে। খাদ্য আৰু পানীয়তো বিনোদনৰেই অংশ। সেয়ে সেই পৃষ্ঠাটোৰ বাবে আপোনাৰ এটা
সাক্ষাৎকাৰ ল'ব খুজিছিলো। টেলিফোনততো সকলো কথা পতা সম্ভৱ নহয়। গতিকে এদিন অলপ সময়
দিব পৰা হ'লে
মোক-"
কথাটো শুনি নীলকণ্ঠ গুপ্তই অকণমান ভাৱি ক'লে, "আজি সন্ধিয়া ছটাত আমাৰ অফিচলৈ আহিব
পাৰিব? তেতিয়া
কথা পাতিব পৰা যাব পাৰে। মোৰ অফিচ আগৰৱালা মেন্সন। বেন্টিঙ্ক ষ্ট্ৰীটত।"
তৃষিতে কৈ উঠিল, "ঠেংক ইউ ছাৰ। মই ঠিক ছটাত আপোনাৰ অফিচ
গৈ পাম।"
নীলকণ্ঠ গুপ্তই ঠেংক ইউ বুলি কৈ ফোনটো কাটি
দিলে।
মানুহজনক যে ইমান সোনকালে লগ পোৱাৰ সুযোগ পাব,
ভৱাই নাছিল
তৃষিতে। বেছ উৎসাহিত হ'ল সি। নিজক যে কেনেকুৱা ডিটেক্টিভ ডিটেক্টিভ লাগিল তাৰ। এটা ৰাইটিং
পেড তুলি লৈ কি কি প্ৰশ্ন কৰিব সেয়া লিখিবলৈ ধৰিলে সি। এটা সময়ত প্ৰশ্নমালা
প্ৰস্তুত হৈ উঠিল। সেইবিলাক মগজুত ভৰাই লৈ ঠিক পাঁচবজাত যাবলৈ সাজু হ'ল সি। জাৰকালিৰ দিন। অলপ পিছতে আন্ধাৰ
নামিব।
বেন্টিঙ্ক ষ্ট্ৰীট তাৰ অফিছৰ পৰা কিছূ দূৰৈত
যদিও নিৰ্ধাৰিত সময়তেই গৈ পালে সি। এটা গলিৰ ভিতৰত পাঁচমহলীয়া এটা পুৰণি ঘৰ। সৰু
ডাঙৰ বহুতো কোম্পানীৰ অফিছ আছে তাত। লিফ্টমেনক সুধি লিফ্টত উঠি থাৰ্ডফ্ল'ৰৰ নিৰ্দিষ্ট স্থানলৈ গ'ল সি। এটা কোঠালীৰ অফিছ। দৰ্জাৰ ওপৰত এখন চাইনব'ৰ্ড ওলমি আছে- 'হেমলক ব্ৰেভাৰিজ'। দৰ্জাখন জপাই থোৱা আছিল। তৃষিতে
দুৱাৰত টুকুৰিয়ালে। লগে লগে ভিতৰৰ পৰা এটা কণ্ঠস্বৰ ভাঁহি আহিল, "সোমাই আহক।"
সোমাই গ'ল তৃষিত। মধ্যমীয়া আকৃতিৰ এটা কোঠা।
চাৰিওফালে কেইবাটাও আলমাৰি। কোঠাৰ ঠিক সোঁমাজতে এখন টেবুল। টেবুলখনক আগুৰি কেইখনমান
চকী। সৰু কোম্পানীৰ অফিছবোৰ যেনেকুৱা হয়, ঠিক তেনেকুৱাই।
টেবুলৰ ওপৰত এটা লাইট ওলমি আছে। আৰু ঠিক সেই
লাইটটোৰ তলতেই বহি আছে এজন আদহীয়া ব্যক্তি। মূৰৰ চুলি পাতল। দাড়ি-গোঁফহীন মুখ। গাত
এখন ক'লা
ৰঙৰ চাদৰ মেৰিওৱা। সকলো মিলি গতানুগতিক চেহেৰাৰ এজন ব্যক্তি। তাক দেখি মানুহজনে
সৌজন্যসূচক হাঁহি এটা মাৰি ক'লে, "সাংবাদিক তৃষিতবাবু নহয়নে? ময়েই নীলকণ্ঠ গুপ্ত। বহক।"
হেমলকৰ প্ৰপ্ৰাইটৰ নীলকণ্ঠ গুপ্তৰ মুখামুখি চকী
এখনত বহিল তৃষিত।
তালৈ এবাৰ চকু ফুৰাই লৈ নীলকণ্ঠ গুপ্তই ক'লে, "কওক। কি জানিব বিচাৰিছে?"
তৃষিতে ক'লে, "খাদ্য-পানীয় আদিতো আজিকালি বিনোদনৰেই
অংশ। আপোনালোকৰ হেমলকৰ কথা এতিয়া সকলোৰে মুখে মুখে। আৰু আপুনি হ'ল এই কোম্পানীটোৰ কৰ্ণধাৰ। গতিকে এই
বিষয়ত আপোনাৰ এটা সাক্ষাৎকাৰ চপাব খোজো মই।"
কথাটো শুনি নীলকণ্ঠ গুপ্তৰ মুখত এটা হাঁহি
বিৰিঙি উঠিল। তেওঁ ক'লে, "নিশ্চয় সাক্ষাৎকাৰ দিম। আমি নগণ্য মানুহ। আমাৰো যে সাক্ষাৎকাৰ ল'বলৈ আহিছে সেইটোৱেই ডাঙৰ কথা। তাৰোপৰি
আমিতো বাতৰি কাকতত হেমলকৰ বিজ্ঞাপনো দিব নোৱাৰো। সিমানখিনি সামৰ্থ্য আমাৰ এতিয়াও
হৈ উঠা নাই। এই সাক্ষাৎকাৰটোৱেই বিজ্ঞাপনৰ কাম কৰিব।"
তৃষিতে হাঁহি ক'লে, "সেইটোতো হয়েই। মই আপোনাৰ সাক্ষাৎকাৰটো
মোবাইলত ৰেকৰ্ড কৰি ল'ম।"
তৃষিতে জেপৰ পৰা ফোনটো উলিয়াব খুজিছিল। কিন্তু
গুপ্তই চাদৰৰ তলৰ পৰা বাওঁ হাতখন উলিয়াই তৃষিতক ৰ'বলৈ ইংগিত দিলে। "নালাগে, সেইবোৰ থাকক। আচলতে এই
ৰেকৰ্ডিং-চেকৰ্ডিং কৰিলে মই নাৰ্ভাছ হৈ যাওঁ। ভালদৰে কথা পাতিব নোৱাৰিম। তাতকৈ
এনেকৈয়ে পাতো। আপুনি কথাখিনি লিখি ৰাখিব। চিন্তা নকৰিব। মই মিছা নকওঁ। আৰু এবাৰ
কিবা এটা কথা কোৱাৰ পিছত সেইটো অস্বীকাৰো নকৰো।"
ৰেকৰ্ডিং কৰি ৰাখিব পৰা হ'লে কামটো সহজ হ'লহেঁতেন তৃষিতৰ। কিন্তু মানুহজনে
যিহেতু মানা কৰিলে, সেয়ে তেওঁক আৰু মনাবলৈ চেষ্টা নকৰিলে সি। ক'বতো নোৱাৰি, মানুহজনৰ মনত যদি কিবা সন্দেহ জাগে!
খঙো উঠিব পাৰে তেওঁৰ! সেয়ে কথাটো গমিপিতি চাই তৃষিতে ক'লে, "ঠিক আছে, ৰেকৰ্ডিং বাৰু নকৰো। মৌখিকভাৱেই কথা
পাতো। তেনেহ'লে মই মোৰ প্ৰশ্ন আৰম্ভ কৰো?"
নীলকণ্ঠ গুপ্তই পুনৰ তেওঁৰ হাতখন চাদৰৰ তলত
সুমুৱাই পোন হৈ বহি ল'লে। "অঁ, কৰক।"
"কোনো বিজ্ঞাপন নথকা স্বত্বেও আপোনাৰ
হেমলকৰ নাম মানুহৰ মুখে মুখে বাগৰিছে। কেনেদৰে গঢ়ি তুলিলে এই কোম্পানীটো?"
অলপ সময় মনে মনে থাকি নীলকণ্ঠ গুপ্তই ক'লে, "এতিয়াও সম্পূৰ্ণৰূপে গঢ়ি তুলিব পৰা
নাই। হ'লেও
যিমানখিনি গঢ়ি উঠিছে সেয়া সম্ভৱ হৈছে মোৰ তেজ আৰু পৰিশ্ৰমৰ বিনিময়ত। মই জীয়াই
থাকিবলৈ হ'লে
এই ব্যৱসায়টো থিয় কৰাবই লাগিব, সেই চিন্তাৰ পৰা।"
তেওঁ পুনৰ ক'লে, "জানেনে, আমাৰ বংশটো আছিল কবিৰাজ বংশধৰ। মানে
পৰম্পৰাগত শৈলীৰে চিকিৎসা কৰিছিল মোৰ পূৰ্বপুৰষসকলে। বিভিন্ন গছ-লতিকাৰ পৰা ঔষধ
বনাইছিল। কিন্তু আজিকালিৰ এই তথাকথিত আধুনিক চিকিৎসা পদ্ধতি আৰম্ভ হোৱাৰ পৰা
কবিৰাজিৰ বজাৰখনো কমি আহিল। ইয়াৰ আৰম্ভণি হৈছিল ককাদেউতাৰ দিনৰ পৰা। দেউতাৰ দিনলৈ
আহি একেবাৰে মুখ থেকেচা খাই পৰিল আমাৰ এই পাৰিবাৰিক ব্যৱসায়। সংসাৰ অচল হৈ পৰিল
আমাৰ। পাৰিবাৰিক সূত্ৰে মই কিছু ঔষধপাতিৰ ব্যৱহাৰ শিকি লৈছিলো। দেউতাৰ মৃত্যুৰ
পিছত ময়ো চেষ্টা কৰিছিলো সেইটো ব্যৱসায় কৰাৰ। শিয়ালদহ ষ্টেচনৰ ওচৰতে ঔষধৰ দোকান
এখনেৰে আৰম্ভণি কৰিছিলো। নচলিল। তাৰ পিছতো আৰু কিমান কি কৰা নাই। ট্ৰেইনৰ
কম্পাৰ্টমেন্টতো হজমৰ বৰি বেচিছিলো।
পোন্ধৰ-বিশ বছৰ এনেদৰে কোনোমতে চলি থকাৰ পিছত
এদিন মানুহ এজনৰ মুখত গম পালো যে কলিকতাৰ পৰা অলপ দূৰৈত মাৰোৱাৰী মানুহ এজনে চফ্ট
ড্ৰিংক্সৰ সৰু কাৰখানা এটা খুলিছিল। কিন্তু কিবা কাৰণত উৎপাদন আৰম্ভ নকৰোতেই তেওঁ
সেইটো লীজত দিবলৈ ওলাইছে। পানীয়ৰ ব্যৱসায়ত হেনো বহুত টকা। মই ভাৱিলো ময়ো এবাৰ
চেষ্টা কৰি চাওঁ নেকি? মোৰ তেতিয়া একেবাৰে বেয়া দিন চলি আছিল। সম্পত্তি বুলিবলৈ আমাৰ
কলিকতাৰ পৈতৃক ঘৰটো ভঙা-চিঙা অৱস্থাত পৰি আছে। ভাৱিলো জীৱনত প্ৰথমবাৰৰ বাবে এবাৰ
জুৱাকে খেলি চাওঁ। হয় পুনৰ থিয় হৈ উঠিম, নহ'লে একেবাৰে শেষ হৈ যাম। বিয়া-বাৰু কৰোৱা নাই।
কেইদিনমান আগতে মোৰ শেষ সম্বল মাও ঢুকাইছিল খাদ্যৰ অভাৱত। হেৰুৱাবলৈ আৰু একো বাকী
নাছিল মোৰ। সেয়ে যি হয় হ'ব বুলি ঘৰ-মাটি বেছি দুবছৰ আগতে কাৰখানাটো
লীজলৈ লৈ ল'লো। পাঁচ-ছয়জনমান কাম জনা মানুহ গোটালো। তাৰ পিছত আৰম্ভ কৰি দিলো ক'ল্ডড্ৰিক্সৰ ব্যৱসায়। প্ৰথম-প্ৰথমেতো
মই ভয়েই খাই গৈছিলো। লাভৰ মুখ দেখাই নাপাওঁ। কোম্পানী বন্ধ হোৱাৰ উপক্ৰম হৈছিল।
তাৰ পিছত আকৌ লাহে লাহে..."
তৃষিতে কৈ উঠিল, "তাৰ পিছত পুনৰ লাহে লাহে আপোনাৰ তেজক
পানী কৰি হেমলকক গঢ়ি তুলিলে, নহয়নে?"
নীলকণ্ঠ গুপ্তই শান্তস্বৰে উত্তৰ দিলে,
"হয়।"
তৃষিতে ক'লে, "আপোনাৰ হেমলকৰতো সাংঘাতিক চাহিদা।
একেবাৰে সাধাৰণ মানুহৰ পৰা ডাঙৰ-ডাঙৰ মানুহবোৰো ইয়াৰ প্ৰেমত পাগল। মই কেইদিনমান
আগতে এটা ফিল্ম ষ্টুডিঅ'ত এগৰাকী নায়িকাৰ ইন্টাৰভিউ ল'বলৈ গৈছিলো। তেওঁ হেমলকৰ বটলত চুমুক দি
দি মোক ইন্টাৰভিউ দিলে। যি পানীয়ৰ ইমান চাহিদা তাৰ যোগান নাই কিয়?"
নীলকণ্ঠ গুপ্তই হাঁহি ক'লে, "অঁ, কথাটো ঠিক। চাওঁকচোন, আপুনি আজি ইয়ালৈ আহিছে, অথচ আপোনাকেই হেমলক খুৱাব নোৱাৰিলো।
এটা বটলো নাই। সকলো শেষ। আমাৰ কাৰখানাৰ ফ্ৰীজত হয়তো এটা-দুটা বটল থাকিব পাৰে। আচলতে
হেমলক বনাওতে এটা বস্তুৰ প্ৰয়োজন হয়। সেইটো সকলো সময়তে পোৱা নাযায়। সেয়ে প্ৰডাক্সন
বন্ধ ৰাখিবলগীয়া হয়। হেমলকৰ মানদণ্ডৰ লগততো আৰু আপোচ কৰিব নোৱাৰি।"
তৃষিতে সুধিলে, "আপোনাৰ পানীয়ৰ নাম হেমলক ৰাখিলে কিয়?
হেমলক দেখোন
বিহ।"
নীলকণ্ঠ গুপ্তই হাঁহি ক'লে, "যদিও আজিকালি বাতৰি কাকতত প্ৰায়ে দেখা
যায় যে বহুজাতিক কোম্পানীৰ পানীয়ত কীটনাশকৰ উপস্থিতি পোৱা গৈছে, কিন্তু হেমলকৰ ক্ষেত্ৰত মই বুকু ডাঠি ক'ব পাৰো যে তেনেকুৱা কোনো বিষাক্ত
পদাৰ্থ ইয়াত মিহলোৱা নহয়। অঁ, হেমলক আচলতে বিহ। কিন্তু বিহৰ মাজতেই অমৃত
লুকাই থাকে। বেদনাৰ মাজত লুকাই থাকে আনন্দৰ সোৱাদ। ক'ব পাৰে ধেমালি কৰিয়েই মই এই পানীয়ৰ নাম
হেমলক ৰাখিলো।"
"পাঠকে নিশ্চয় জানিব বিচাৰিব কেনেদৰে
হেমলক বনোৱা হয়? এই বিষয়ে কিবা ক'ব নেকি?" কৌশলেৰে তাৰ চতুৰ্থ প্ৰশ্নটো সুধিলে
তৃষিতে।
তেওঁ হাঁহি উত্তৰ দিলে, "অঁ, জানিব নিশ্চয় বিচাৰিব। যেনেদৰে বাকী
চফ্টড্ৰিংকবোৰ বনোৱা হয়, বিশুদ্ধ পানীৰ সৈতে চেনি, লগতে গোন্ধ আৰু সোৱাদৰ বাবে বিভিন্ন
চিৰাপ বা যৌগ মিহলাই কাৰ্বন-ডাই-অক্সাইডেৰে বটলবোৰ চিল কৰি দিয়া হয়, একেই পদ্ধতিৰেই হেমলকো বনোৱা হয়।"
তৃষিতে ক'লে, "সেই চিৰাপবোৰেই মেইন, নহয়নে?"
অকণমান সময় মনে মনে থাকি নীলকণ্ঠ গুপ্তই ক'লে, "অঁ, সেইবোৰেই মেইন। খাদ্য বা পানীয়
প্ৰস্তুতকাৰক সংস্থাৰ কিছুমান নিজস্ব গোপন ফৰ্মূলা থাকে।"
তৃষিতে বুজিলে অন্য কোনো পানীয় প্ৰস্তুতকাৰীক
এই প্ৰশ্নটো কৰা হ'লে যি উত্তৰ পালেহেঁতেন, নীলকণ্ঠ গুপ্তয়ো স্বাভাৱিকভাৱেই একেই উত্তৰ
দিলে। গোপন ফৰ্মূলানো আৰু কোনে কাক ক'ব?
তৃষিতে ক'লে, "মোৰ শেষ প্ৰশ্ন, হেমলক প্ৰেমীৰ বাবে আপোনাৰ বাৰ্তা কি?"
নীলকণ্ঠ গুপ্তই হাঁহি ক'লে, "হেমলকেই হ'ল জীৱন আৰু জীৱনেই হ'ল হেমলক। হেমলক পান কৰক, জীৱন উপভোগ কৰক।"
প্ৰশ্নোত্তৰ পৰ্ব মোটামুটি শেষ হ'ল। তৃষিতে এইবাৰ তাৰ আচল প্ৰস্তাৱটো
ৰাখিলে। "আপোনাৰ ওচৰত মোৰ এটা অনুৰোধ আছে। আপোনালোকৰ কাৰখানাটো এবাৰ দেখুৱাব
নেকি? আপত্তি
নাথাকিলে দুই এখন ফটো ল'ম। লেখাটোৰ বাবে কিছু সুবিধা হ'ব তেতিয়া।"
কথাষাৰ শুনি নীলকণ্ঠ গুপ্তই সাৱলীলভাৱে ক'লে, "ভাল কথা। আহি যাওক এদিন। আমাৰ
কাৰখানাটো ডায়মণ্ডহাৰবাৰৰ ফালে। এতিয়া অৱশ্যে প্ৰডাক্সন বন্ধ হৈ আছে।
তিনি-চাৰিদিনৰ ভিতৰত যদি মই আপোনাক ফোন কৰো আপুনি নিশ্চয় তালৈ যাব পাৰিব। আচলতে এই
কেইদিন মোৰ ক'ত কি এপইনমেন্ট আছে আগতে এবাৰ চাই ল'ব লাগিব। তাৰোপৰি জানেই নহয়, হঠাতে কেতিয়া কি কাম আহি ওলায় ঠিক নাই।
সেয়ে সঠিক সময়টো এতিয়াই আপোনাক কৈ দিব পৰা নাই।"
"মোৰ কথা নাই। দুই-তিনি ঘন্টাৰহে ৰাস্তা।
আপুনি ফোন কৰিলেই মই গুচি যাম।" তৃষিতে তাৰ ভিজিটিং কাৰ্ডখন আগুৱাই দিলে
নীলকণ্ঠ গুপ্তৰ পিনে।
কাৰ্ডখন হাতত লৈ তেওঁ ক'লে, "মই ফোন কৰিম আপোনাক। মই এতিয়া অফিচ
বন্ধ কৰিব লাগিব। আপুনি হেমলকৰ অফিচলৈ আহিলে আৰু আপোনাক হেমলক খোৱাব নোৱাৰিলো,
সেইটোহে বেছি
বেয়া লাগিছে। আমাৰ ফেক্টৰীলৈ যিদিনাখন যাব, সেইদিনাখন চেষ্টা কৰিম খুৱাবলৈ। বাৰু,
লগ পাম।"
নীলকণ্ঠ গুপ্ত চকীৰ পৰা উঠিল।
নীলকণ্ঠ গুপ্তক নমস্কাৰ জনাই কোঠাটোৰ পৰা ওলাই
লিফ্টৰ পিনে আগবাঢ়িল তৃষিত। প্ৰথম সাক্ষাতত নীলকণ্ঠ গুপ্তক বেছ সহজ-সৰল ব্যক্তি
যেনেই ভাৱ হ'ল তৃষিতৰ। বিশেষতঃ ব্যৱসায়ীসুলভ কোনো আত্ম-অহংকাৰ মানুহজনৰ মাজত নাই।
দুদিন পিছত ৰাতিপুৱা নীলকণ্ঠ গুপ্তই সঁচাকৈয়ে
ফোন কৰিলে, "আজি আহিব পাৰিবনে?"
***