একাদশ অধ্যায়
দাশগুপ্তৰ মনটো আজি একেবাৰে ভাল লাগি
থকা নাই৷ এছ.পি.ৰ ওচৰৰ পৰা অহাৰ পিছৰে পৰাই তেওঁৰ মনটো কেনেবা কেনেবা লাগি আছে৷
সন্ধিয়া ভাগি ৰাতি হৈছে, এতিয়ালৈকে সন্তু আৰু মিঃ ৰায়চৌধুৰীৰ কি অৱস্থা
হৈছে কোনে জানে? জাৰোৱাবোৰে সিহঁতক এতিয়াও নেদেখাকৈ আছে জানো? জাৰোৱাই কাকো নেৰে, দেখা মাত্ৰকে বিষাক্ত কাঁড় মাৰে৷ ইছ,
অকাৰণতে
সিহঁতৰ প্ৰাণ যাব৷ মিঃ ৰায়চৌধুৰীয়ে যে কোনো কথাই নুশুনে৷ জোৰ কৰি নামি গ'ল সেই দ্বীপত৷ মানুহজনৰ ভৰি এখন খোৰা,
অথচ
ইমান সাহস৷ আৰু সন্তুতো সৰু ল'ৰা৷ সিও মৰিব খুৰাকৰ লগত৷ কালি ৰাতিপুৱাই হয়তো
দেখা যাব, সিহঁতৰ মৃতদেহ পানীত ওপঙি উঠিছে৷
আৰু এছ.পি. জনো ইমান আঁকোৰগোজ, কোনো কাৰণতেই সিহঁতক উদ্ধাৰ কৰিবলৈ
যাবলৈ ৰাজী নহ'ল৷ দিল্লীৰ পৰা নিৰ্দেশ
নোপোৱালৈকে তেওঁ নাযায়৷ দিল্লীৰ পৰা নিৰ্দেশ অহালৈকে অন্ততঃ দুই তিনিদিন লাগি যাব,
তাৰ
পিছত আৰু সিহঁতৰ মৃতদেহও বিচাৰি পোৱা নাযাব৷
দাশগুপ্তই খোজ কাঢ়ি কাঢ়ি গৈ টুৰিষ্ট
হ'ম পালে৷ তাৰে ডাইনিং হ'লৰ চকী এখনত তেওঁ বহি পৰিল ধপচকৈ৷ চিঞৰি ক'লে, "কোন আছা? একাপ চাহ দিবাচোন?"
তাৰ বেয়াৰা কড়কড়িয়ে ওলাই আহি ক'লে, "অঁ, দাদা দেখোন, ৰ'ব, চাহ আনিছো৷ আৰু কি খাব?"
দাশগুপ্তই ক'লে, "আৰু কি খাম? তোমাৰ মূৰটো খাম৷"
কড়কড়িয়ে হাঁহি হাঁহি নিজৰ মূৰটোত হাত
ফুৰাই ক'লে, "এইটো খাব নোৱাৰিব দাদা, বহুত টান৷"
দাশগুপ্তই খঙেৰে ক'লে, "এতিয়া ধেমালি কৰাৰ সময় নহয়৷ চাহ লৈ আহা
সোনকাল৷"
"তেওঁলোক দুজন ক'লৈ গ'ল?"
"কোনে জানে? তেওঁলোক আৰু নাহে৷"
"হাৰে? কি কয়? তেওঁলোকৰ বস্তু-চস্তুবোৰ দেখোন চব
ইয়াতেই আছে! সেই ল'ৰাটো আৰু মানুহজন আৰু নাহে? কি হৈছে তেওঁলোকৰ?"
"তেওঁলোকক জাৰোৱাই ধৰি লৈ গৈছে৷"
এইষাৰ কথা শুনাৰ লগে লগে কড়কড়িয়ে
হাউমাউ লগাবলৈ আৰম্ভ কৰিলে৷ মূৰ থপৰিয়াই থপৰিয়াই ক'বলৈ ধৰিলে, "কি হৈ গ'ল! কি হৈ গ'ল!"
কড়কড়িৰ কান্দোন শুনি ৰান্ধনিঘৰৰ পৰা
ওলাই আহিল আৰু দুই তিনিটা মানুহ৷ সিহঁত অবাক৷ যেতিয়া সিহঁতেও শুনিলে যে সন্তু আৰু
খুৰাদেউক জাৰোৱাই ধৰি লৈ গৈছে, খুব দুখ পালে সিহঁতে৷ জাৰোৱাৰ হাতত পৰিলে যে
আৰু নাবাচে, সেয়া সিহঁত চবে জানে৷ সিহঁতে দাশগুপ্তক ঘেৰি ধৰি সকলো কথা শুনিবলৈ
ধৰিলে৷
তেনেতে আকাশত এটা শব্দ হ'ল৷ দাশগুপ্তই উচপ খাই উঠি সুধিলে,
"কি বস্তু? কিহৰ শব্দ?"
কড়কড়িয়ে ক'লে, "এৰোপ্লেন আহিছে দাদা৷"
দাশগুপ্তই চকীৰ পৰা জঁপিয়াই উঠিল,
"প্লেন, এই সময়ত? কিহৰ প্লেন? সন্ধিয়াৰ পিছততো কোনো প্লেন নাহে৷"
বাকীবোৰে তেতিয়াহে কথাটো মন কৰিলে,
হয়তো,
পোৰ্ট
ব্লেয়াৰলৈ প্লেন আহে দুপৰীয়াহে৷ কোনোদিনেতো সন্ধিয়াৰ পিছত ইয়ালৈ কেতিয়াও প্লেন অহা
নাই৷ তেনেহ'লে এইখন কিহৰ প্লেন?
প্লেনখনে আকাশত বোঁ-বোঁকৈ ঘূৰিছে৷ তাৰ
মানে, ইয়াতেই নামিব৷
দাশগুপ্তই কৈ উঠিল, "টেক্সী, মোক এতিয়াই এখন টেক্সী লাগে৷ ফোন কৰা
টেক্সীৰ বাবে৷ নাই, নাই, ফোন কৰিব নালাগে, দেৰি হৈ যাব৷ মই নিজেই যাওঁ৷"
দাশগুপ্তই টুৰিষ্ট হোমৰ বাৰান্দাৰ পৰা
জঁপিয়াই নামি চিধা ৰাস্তাত উঠিল, আৰু দৌৰিবলৈ ধৰিলে৷ অলপ পিছতেই ৰাস্তাৰে এখন
টেক্সী আহি থকা দেখি ৰৈ দিলে ৰাস্তাৰ মাজত৷ টেক্সীখনত দুজন মানুহ আছিল৷ দাশগুপ্তই
হাতযোৰ কৰি ক'লে, "মোৰ বিৰাট দৰকাৰী কাম এটা আছে৷ মই এতিয়াই এয়াৰপোৰ্টলৈ যাব লাগিব৷
যাবই লাগিব৷ আপোনালোকে দয়া কৰি নামি দিয়ক, প্লিজ?"
দাশগুপ্তৰ অৱস্থা দেখি ভাব হ'ল, তেওঁ পাগল হৈ গৈছে৷ মানুহ দুজনে হতভম্ব
হৈ নামি পৰিল৷ দাশগুপ্তই টেক্সীত বহিয়েই ক'লে, "সোনকাল ব'লা৷ সোনকাল৷"
দাশগুপ্ত যেতিয়া এয়াৰপোৰ্ট পালে,
তাৰ
আগতেই প্লেনখন লেণ্ড কৰিছে৷ এয়াৰপোৰ্টত ধেৰ পুলিচ, স্বয়ং এছ.পি. তাত উপস্থিত আছে৷ নিশ্চয়
কোনোবা ডাঙৰ মানুহ আহিছে৷
দাশগুপ্তই এজন পুলিচক সুধিলে,
"কোন আহিছে? কোন তেওঁ?"
পুলিচজনে ক'লে, "হোম চেক্ৰেটাৰী ছাৰ আহিছে৷"
দাশগুপ্তই আনন্দত এবাৰ নাচি উঠিল৷ ইমান
ডাঙৰ সৌভাগ্যৰ কথা ভাবিবই নোৱাৰি৷ এছ.পি.য়ে এই হোম চেক্ৰেটাৰীৰ ওচৰৰ পৰাই অনুমতি
লোৱাৰ কথা কৈছিল৷ সেই হোম চেক্ৰেটাৰীয়েই দিল্লীৰ পৰা খোদ আহি উপস্থিত৷ কিবা
গুৰুত্বপূৰ্ণ কাম আছে হয়তো৷
হোম চেক্ৰেটাৰীজন বৰ ওখ-পাখ মানুহ৷ আদ-বয়সীয়া৷
মূৰৰ চুলি ঘন৷ তেওঁ দীঘল দীঘল খোজ পেলাই এখন গাড়ীত গৈ উঠিল৷ দাশগুপ্তই সেইপিনে
দৌৰি যাব খোজোতেই কেবাজনো পুলিচে বাধা দিলে৷
দাশগুপ্তই তেতিয়া এছ.পি.ক উদ্দেশ্যি
চিঞৰি চিঞৰি ক'লে, "ছাৰ, তেওঁৰ লগত মই এতিয়াই কথা পতিব লাগিছিল৷ সেই কথাটো..."
এছ.পি. মিঃ সিঙে ক'লে, "ৰ'বা, তেওঁক অলপ জিৰাবলৈ দিয়া৷ মানুহজন আহি
পাইছে মাত্ৰ ইমান দূৰৈৰ পৰা..."
দাশগুপ্তই ক'লে, "অকণো সময় নষ্ট কৰিব নোৱাৰি এতিয়া৷
আপুনি ধৰিব পৰা নাই নেকি..."
কিন্তু তেতিয়ালৈকে হোম চেক্ৰেটাৰীৰ
গাড়ী গুচি গৈছিল৷ দাশগুপ্তই চিঞৰি চিঞৰি সেইপিনে খেদি গৈও গাড়ীখন ৰখাব নোৱাৰিলে৷
খঙে দুখে দাশগুপ্তৰ চকুৰে পানী বৈ
আহিল৷ এইবাৰ আৰু এছ.পি.ক তেওঁ ভয় নকৰিলে৷ তেওঁৰ সন্মুখত থিয় হৈ কঠোৰ মাতেৰে ক'লে, "আপুনি ইয়াৰ ফল ভুগিবই লাগিব৷ দিল্লীৰ
পৰা মোক অৰ্ডাৰ দিয়া আছে, মিঃ ৰায়চৌধুৰীৰ যাতে কোনো ধৰণৰ বিপদ নহয় তাৰ
ব্যৱস্থা কৰাৰ৷ কিন্তু আপুনি মোক অকণো সহযোগ কৰা নাই৷ এই কথা মই হোম চেক্ৰেটাৰী
ছাৰক ক'ম৷"
মিঃ সিঙে ক'লে, "ইমান আতুৰ কিয়? হোম চেক্ৰেটাৰী যিহেতু আহি গৈছেই,
এতিয়া
তেওঁৰ পৰা অনুমতি পালেই আমি আপোনাক সহায় কৰিম৷"
দাশগুপ্তই ক'লে, "প্ৰতিটো মিনিট মূল্যৱান৷ এক মিনিট নষ্ট
কৰা মানেই সাংঘাতিক ভুল কৰা৷"
দিল্লীৰ পৰা কোনোবা উচ্চ পৰ্যায়ৰ বিষয়া
আহিলে ইয়াৰ চৰকাৰী অতিথিশালাত থাকে৷ দাশগুপ্তই সেইটো জানে৷ টেক্সীখন ৰৈয়েই আছিল৷
তাত উঠি তেওঁ চিধা সেইপিনে গ'ল৷
অতিথিশালাত দাশগুপ্ত আৰু এছ.পি. মিঃ
সিং প্ৰায় একেটা সময়তে গৈ পালে৷ এছ.পি. সিং গপগপাই সোমাই গ'ল ভিতৰলৈ৷ গেটৰ পুলিচে দাশগুপ্তক
ৰখোৱাত তেওঁ জেপৰ পৰা কাৰ্ড এখন উলিয়াই ক'লে, "এইখন হোম চেক্ৰেটাৰীক দিয়ক, তেওঁ গম পাব৷"
হোম-চেক্ৰেটাৰীৰ নাম কৌশিক ভাৰ্মা৷
তেওঁ তেতিয়া ইজি চেয়াৰ এখনত বহি একাপ চাহ খাই আছিল৷ আৰু এছ.পি. সিঙক কৈ আছিল,
"শুনক, মই ইয়ালৈ আহিছো এটা বিশেষ কামত৷ মই গোপন ৰিপ’ৰ্ট পাইছো, কিছু সংখ্যক বিদেশী গুপ্তচৰ আন্দামনলৈ
নিয়মিত অহা-যোৱা কৰি আছে৷ সিহঁতে কলিকতা আৰু দিল্লীৰ পৰা কিছুমান জালি পাচপোৰ্ট লৈ
ভাৰতীয়ৰ বেশ ধৰি প্লেনেৰে আন্দামানলৈ আহিছে৷ সিহঁতৰ উদ্দেশ্য কি সেইটো আমি জানিব
লাগিব৷ আন্দামানৰ দৰে এখন সৰু ঠাইত বিদেশীবোৰৰ চকু পৰিল কিয়?"
এছ.পি. মিঃ সিঙে ক'লে, "নাই ছাৰ, ইয়ালৈতো কোনো বিদেশী অহা নাই বহুদিন
ধৰি৷ বিদেশী টুৰিষ্ট আহিলে মোৰ অনুমতি অবিহনে ইয়াত নামিবই নোৱাৰে৷"
মিঃ ভাৰ্মাই ক'লে, "সিহঁতে কি টুৰিষ্ট হৈ আহিব নেকি?
সিহঁতে
ভাৰতীয় হৈ গোপনে সোমাইছে৷"
মিঃ সিঙে ক'লে, "নাই ছাৰ, বিদেশী অহা হ'লে মোৰ চকুত পৰিলহেঁতেন৷"
তেনেতে দাশগুপ্ত ভিতৰলৈ সোমাই আহিল,
তেওঁ
ক'লে, "ছাৰ, মই সেই বিদেশী কেইটাৰ কথা জানো৷"
এছ.পি.য়ে ভ্ৰূ কোঁচাই তেওঁলৈ চালে৷ মিঃ
ভাৰ্মাই মূৰ তুলি দাশগুপ্তলৈ চাই সুধিলে, "আপুনি কোন?"
দাশগুপ্তই ক'লে, "ছাৰ, মই আপোনাৰ ডিপাৰ্টমেন্টতেই কাম কৰো৷
দুবছৰ ধৰি আন্দামানত আছো৷ মোৰ কাম হ'ল ইয়াৰ পৰিস্থিতিৰ ওপৰত চকু ৰখা৷ বিদেশী
গুপ্তচৰ কেইটাৰ কথা প্ৰথমে ময়ো বিশ্বাস কৰা নাছিলো৷ কিন্তু মিঃ ৰায়চৌধুৰীয়ে মোৰ
চকুৰ আগতেই প্ৰমাণ কৰি দিছে--"
মিঃ ভাৰ্মাই সুধিলে, "ৰায়চৌধুৰী? কোন ৰায়চৌধুৰী?"
দাশগুপ্তই ক'লে, "সেই যে মিঃ ৰায়চৌধুৰী, যিয়ে আগতে ভাৰত চৰকাৰৰ হৈ কাম কৰিছিল,
এতিয়া
ৰিটায়াৰ্ড, বিভিন্ন ধৰণৰ ৰহস্যৰ সন্ধান কৰি ঘূৰি ফুৰে..."
কৌশিক ভাৰ্মা উচপ খাই উঠিল,
"ও, সেই ৱান-লেগড মেন? সেই ভীষণ সাহসী মানুহজন? ক'ত তেওঁ? তেওঁক মই এতিয়াই লগ পাব খোজো৷"
দাশগুপ্তই ক'লে, "ছাৰ, তেওঁ সাংঘাতিক বিপদত পৰিছে৷ এতিয়ালৈকে
তেওঁ বাচি আছে নে নাই তাকো ক'ব নোৱাৰো৷"
কৌশিক ভাৰ্মাই চেলাউৰি কোঁচাই ক'লে, "কি কয়? কিয়, কি হৈছে তেওঁৰ?"
"তেওঁ জাৰোৱাৰ হাতত পৰিছে৷"
"কি? জাৰোৱাৰ হাতত? কেনেকৈ পৰিবলৈ পালে? আপোনালোকে একো কৰিব নোৱাৰিলে?"
দাশগুপ্তই হাতযোৰ কৰি ক'লে, "ছাৰ, মই স্বীকাৰ কৰো, মোৰো অলপ দোষ আছে৷ মই তেওঁৰ লগতেই
আছিলো৷ কিন্তু তেওঁ মোক ৰিভলভাৰ দেখুৱাই মিডিল আন্দামানৰ দ্বীপ এটাত নামি গ'ল জোৰ কৰি৷ তাৰ পিছত মই ৰেছকিউ পাৰ্টি
পঠাবৰ বাবে পুলিচৰ এছ.পি. ছাৰক অনুৰোধ
কৰিছিলো৷ তেওঁ ৰাজী নহ'ল৷"
কৌশিক ভাৰ্মাই এছ.পি. সিঙৰ পিনে চালে৷
এছ.পি. সিঙে তেতিয়া গোঁফত তাও দি আছিল৷ লগে লগে গোঁফৰ পৰা হাত নমাই ক'লে, "মই ঠিক কামেই কৰিছো৷ মই সকলো কথা জনাই
দিল্লীলৈ টেলিগ্ৰাম পঠাইছো অলপ আগতে৷"
কৌশিক ভাৰ্মাই ক'লে, "দিল্লীৰ পৰা আদেশ আহোতে দুই তিনি দিন
লাগি যায়৷ সিমান দিন আপুনি তেনেকুৱা এজন মানুহক জাৰোৱাৰ হাতত এৰি দিব?"
মিঃ সিঙে ক'লে, "ছাৰ, তাৰ বাদে মই কি কৰিব পাৰো কওঁক?
তালৈ
পুলিচ পঠালে জাৰোৱাৰ লগত যুদ্ধ লাগি যাব৷ গুলীয়া গুলীত বহুত জাৰোৱা মৰিব৷ এটা
জাৰোৱা মৰাৰো অধিকাৰ নাই আমাৰ হাতত৷ তাৰোপৰি যে মিঃ ৰায়চৌধুৰীক বচাব পৰা যাব তাৰো
একো নিশ্চয়তা নাই৷ কোনো নাবাচে তাত৷"
কৌশিক ভাৰ্মাই উঠি ধমক দি ক'লে, "সেই বুলি একো চেষ্টা নকৰিব নেকি?
মিঃ
ৰায়চৌধুৰী কোন জানে? তেনেকুৱা সাহসী মানুহ বিদেশী চাহাববিলাকৰ মাজতহে দেখা যায়, কিন্তু ভাৰতীয়ৰ মাজত কেইজন আছে
তেনেকুৱা সাহসী মানুহ? আমাৰ দেশৰ গৰ্ব তেওঁ৷ তেনেকুৱা এজন মানুহক আমি বচাবলৈ চেষ্টা নকৰিম?
ছিঃ
ছিঃ ছিঃ, এতিয়াই ৰেছকিউ পাৰ্টি পঠোৱাৰ ব্যৱস্থা কৰক৷ মই নিজেই তেওঁলোকৰ লগত
যাম৷"
এছ.পি. সিঙে ক'লে, "এই ৰাতিখন? সেইটোতো প্ৰায় অসম্ভৱ কথা৷"
"কিয়, অসম্ভৱ কিয়?"
"মটৰবোট লৈ ইমান দূৰ গৈ পাওঁতে কমেও
চাৰি-পাঁচ ঘন্টা লাগি যাব৷ জংঘলৰ ভিতৰত ঘিটমিটীয়া অন্ধকাৰ, তাত এতিয়া যিয়ে নামিব, সিয়ে মৰিব লাগিব৷ জাৰোৱাই চৌবিশ ঘন্টাই
লুকাই থাকি পহৰা দিয়ে৷"
কৌশিক ভাৰ্মাই ক'লে, "মটৰবোটত চাৰ্চ লাইট লগাব পৰা নাযায়?
চাৰ্চ
লাইটৰ পোহৰত বহু দূৰলৈকে দেখা যাব৷"
"ছাৰ, আপুনি অলপ চিন্তা কৰি চাওঁক, চাৰ্ছ লাইটৰ পোহৰতনো আৰু কিমান দূৰলৈ
দেখিব? দ্বীপটো বহুত ডাঙৰ৷ তাৰোপৰি জাৰোৱাই যুদ্ধ নকৰাকৈ পিছ নোহোঁহকে৷ ফলত
দুয়োপক্ষৰ বহুত মানুহ মৰিব৷ এইটো আমাৰ নীতিৰ বাহিৰত৷"
কৌশিক ভাৰ্মাই থুঁতৰিত হাত থৈ চিন্তা
কৰিবলৈ ধৰিলে৷
দাশগুপ্তই লাহে লাহে ক'লে, "ছাৰ, মই এটা কথা কওঁনে?"
"কওঁক৷"
"এটা উপায়েৰে এতিয়াই উদ্ধাৰ অভিযানত
নামিব পাৰি৷ নাওৰে নগৈ যদি আমি হেলিকপ্টাৰেৰে যাওঁ, তেনেহ'লে সোনকালেই গৈ পাম৷ হেলিকপ্টাৰেৰে
ওপৰৰ পৰা পোহৰ পেলাই গোটেই জংঘলখন বিচাৰিব পৰা যাব৷ তাৰ ফলত যুদ্ধও নহয়৷ জাৰোৱাই হেলিকপ্টাৰলৈ
কাঁড়ো মাৰিব নোৱাৰিব৷ সিহঁতৰ কাঁড় বেছি ওপৰলৈ নাযায়৷"
কৌশিক ভাৰ্মাই টেবুলত এক থাপৰ মাৰি ক'লে, "ঠিক! বঢ়িয়া৷ সেইটো ব্যৱস্থাই
কৰক৷"
দাশগুপ্তই ক'লে, "লগত প্ৰীতম সিঙক লৈ যাব পৰা হ'লে ভাল আছিল৷"
"প্ৰীতম সিং কোন?"
"প্ৰীতম সিঙে আগতে ইয়াত পুলিচৰ চাকৰি
কৰিছিল৷ তেওঁ জাৰোৱাৰ ভাষা জানে৷ হেলিকপ্টাৰৰ পৰা তেওঁ মাইকেৰে জাৰোৱাৰ লগত কথা
পাতিব পাৰিব৷ মিঃ ৰায়চৌধুৰীক যদি সিহঁতে নামাৰি বন্দী কৰি ৰাখিছে, তেনেহ'লে প্ৰীতম সিঙৰ কথাত হয়তো এৰি দিব৷
প্ৰীতম সিঙৰ বাদেতো আন কোনোৱেই জাৰোৱাৰ লগত কথা পাতিব নোৱাৰে৷"
কৌশিক ভাৰ্মাই অবাক হৈ ক'লে, "তেনেকুৱা মানুহো আছে৷ অথচ আপোনালোকে
অকণো চেষ্টা কৰা নাই৷"
এছ.পি. সিঙে গম্ভীৰভাৱে ক'লে, "অঁ, প্ৰীতম সিঙক মাতি মই তেওঁৰ মতামত
লৈছিলো৷ প্ৰীতম সিঙৰ মতে এতিয়া আৰু কথা পাতি কোনো লাভ নাই৷ প্ৰীতম সিঙক জাৰোৱাই
হাবিত সোমাবলৈ নিদিয়ে৷"
"প্ৰীতম সিঙে হেলিকপ্টাৰৰ পৰা সিহঁতৰ
লগত কথা পাতি আচল খবৰটো অন্ততঃ জানি ল'ব পাৰিব৷ হেলিকপ্টাৰ ক'ত আছে? ব'লক৷"
"আমাৰ হেলিকপ্টাৰ নাই৷"
দাশগুপ্তই পুনৰ ক'লে, "ইয়াত নেভিৰ হেলিকপ্টাৰ আছে, ছাৰ৷ মই ক'লে নিদিব৷ কিন্তু আপুনি অৰ্ডাৰ দিলে
দিব৷"
"মই এতিয়াই অৰ্ডাৰ লিখি দিছো৷"
কৌশিক ভাৰ্মাই তেওঁৰ চেক্ৰেটাৰীক মাতি
তৎক্ষণাৎ অৰ্ডাৰ লিখি দিলে৷ তাৰ পিছত এছ.পি.ক ক'লে, "এজন মানুহৰ হাতত এই চিঠিখন এতিয়াই পঠাই
দিয়ক৷ আৰু তেওঁক জানি আহিবলৈ ক'ব আধাঘন্টাৰ ভিতৰত হেলিকপ্টাৰ পোৱা যাব নে নাই?"
এজন মানুহে চিঠিখন লৈ লগে লগে ওলাই গ'ল৷ কিন্তু অলপ পিছতেই সি উভতি আহিল
বেয়া খবৰ এটা লৈ৷
নেভিৰ মাত্ৰ দুখনেই হেলিকপ্টাৰ৷ এখন
গৈছে নিকোবৰলৈ, সেইখন তিনি-চাৰি দিনৰ আগত ঘূৰি নাহে৷ আৰু এখন বেয়া হৈ পৰি আছে৷ সেইখন
ভাল কৰাৰ চেষ্টা কৰিছে৷
কৌশিক ভাৰ্মাই চিঞৰি উঠিল,
"সেইখন ভাল কৰি তুলিবই লাগিব... যিমান সম্ভৱ সিমান সোনকাল... আধা
ঘন্টা, অন্ততঃ এক ঘন্টাৰ ভিতৰত..."
দাশগুপ্তৰ মুখখন শুকাই গৈছে৷ ইমান
চেষ্টা কৰিও শেষ ৰক্ষা কৰিব পৰা নগ'ল৷ হেলিকপ্টাৰো এই সময়ত বেয়া৷
কৌশিক ভাৰ্মাই দৰজাৰ পিনে আগবাঢ়ি ক'লে, "ব'লক, মই নিজেই সেই হেলিকপ্টাৰখন চাই আহো৷"
***