Jun 19, 2014

চাকিউবাছ - তৃতীয় অধ্যায়

ৰাজীৱ ফুকন
Succubus an Assamese Horror Mystery Novel by Rajiv Phukan  
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

তৃতীয় অধ্যায়

ছোৱালীজনীয়ে তাইৰ ক'লা চছমাৰ লেন্সৰ মাজেৰে চাই ক'লে, "এই ঘটনাটোৰ ক্ল্যাৰিফিকেছন পোৱা খুব টান নহয় ডঃ পাল৷ আপোনাৰ পত্নীয়েই হয়তো ফটোখন তুলিছিল৷"
 
অদম্যই মূৰ জোকাৰিলে, "ইম্পচিবল৷ মোৰ পত্নী একেবাৰে গাঁৱলীয়া৷ তাই ফটো তোলা দূৰৈৰ কথা, এইবিলাক স্মাৰ্ট ফোনেই চলাব নাজানে৷ আৰু মোৰ ফোনত বিনা অনুমতিত হাত দিয়াৰ সাহস তাইৰ নাই৷"
 
"আপোনাৰ ল'ৰা? আজিকালিৰ ল'ৰা-ছোৱালীবোৰ কিন্তু খুব ইণ্টেলিজেণ্ট হয়৷"
 
অদম্যই ক'লে, "গাঁওৰ স্কুলত পঢ়া ল'ৰা ছোৱালীক কলিকতাৰ ল'ৰা ছোৱালীৰ লগত মিলাবলৈ নাযাব৷ সিহঁত ইমান এক্সপাৰ্ট নহয় এইবিলাকত৷ তাৰোপৰি মোৰ ফোনত পাছৱৰ্ড দিয়া আছে৷ আৰু এনেও মোৰ ল'ৰাই পৰাপক্ষত মোৰ ওচৰলৈ নাহে৷"
 
ছোৱালীজনীয়ে চাগে আৰু ইচ্ছা কৰিয়েই শহুৰেকৰ সম্ভাৱনাটোৰ কথা নুলিয়ালে, গম্ভীৰ মুখৰে নিজৰ চকীত হেলান দিলে৷
 
ধীমানে ক'লে, "কি আচৰিত কথা চাওঁকচোন বাইদেউ৷"
 
অদম্যই মুখ বিকটালে৷ ছোৱালীজনীৰ বয়স খুব বেছি পঁচিশ-ছাবিশ৷ তাক জানো সহায় কৰিব পাৰিব তাই?
 
ইয়াত এঘন্টা বহি এই ছোৱালীজনীৰ লগত বকবকাই থকাটোৱেই অযথা সময় নষ্ট৷ ডঃ সাম্য চট্টৰাজে ছোৱালী এজনীৰ ওচৰলৈ তাক কাউন্সেলিং কৰিবলৈ পঠাব, সেয়া সি ভাবিবই পৰা নাছিল৷ চেম্বাৰলৈ আহি নাম দেখিয়েই সি উভতি যাব খুজিছিল, কিন্তু বাধা দিলে ধীমানে৷
 
"তোৰ এই মিছোগাইনিষ্ট স্বভাৱ আৰু নগ'ল ন' অদম্য৷ ছোৱালী হ'ল কি হ'? ডঃ চট্টৰাজে যেতিয়া পঠাইছে, নিশ্চয় ভালেই হ'ব৷"
 
"ধুৰ!" অদম্যই তেতিয়াও মানিব খোজা নাছিল, "মই নাযাওঁ৷ এজনী ছোৱালীৰ আগত এইবিলাক কথা পতাই অস্বস্তিকৰ৷"
 
"চা৷ তোৰ কাৰণে আজি মই স্কুল এৰি ইয়ালৈ আহিছো৷" ধীমানে তেতিয়া ব্ৰহ্মাস্ত্ৰপাট এৰিলে, "যদি নাযাওঁ, মই আৰু তোৰ লগত কেতিয়াও ক'লৈকো নাযাওঁ, কৈ দিলো৷"
 
অগত্যা ইচ্ছা অবিহনেও অদম্যই ভিতৰত সোমাবলগীয়া হ'ল৷
 
কি জানো নাম লিখা আছিল বাহিৰত? মিলি নে কি জানো?
 
বেজাৰ মুখেৰে অদম্যই ৰুমালেৰে কপালৰ ঘাম মচিলে৷
 
ছোৱালীজনীয়ে ক'লে, "বাৰু, এটা ব্যক্তিগত কথা সুধো৷ বেয়া নাপায় যেন৷ মইতো সকলোখিনি জানিবই লাগিব৷ আপুনি যে এনেদৰে কেবাদিনো চেক্স কৰিছে, বা আপোনাক কৰোৱা হৈছে, আপোনাৰ শৰীৰৰ যি যি পাৰ্টছত আপুনি তাইৰ স্পৰ্শ অনুভৱ কৰিছিল, পিছত তাত ক'ৰবাত দাগ বহা মন কৰিছিল নেকি আপুনি? কোনো কামোৰা বা আঁচোৰৰ দাগ?"
 
কি প্ৰশ্ন সুধিছে এইবোৰ! লাজ-চৰম বুলি একো নাই? অদম্যৰ গা বেজ-বেজাই গ', কঠোৰ চাৱনিৰে সি ধীমানলৈ চালে৷ ছোৱালীজনীৰ চাগে এতিয়াও কোনো সংগমৰ অভিজ্ঞতা হোৱা নাই৷ হোৱা হ'লে বুজিলেহেঁতেন, পাশবিক নহ'লে কোনেও সেইবোৰ কাম নকৰে৷
 
যতচব অকালপক্ক ল'ৰা-ছোৱালী৷
 
মুখত ক'লে, "নাই৷ তেনেকুৱা একো মন কৰা নাই৷"
 
"হুম৷" ছোৱালীজনীয়ে কিছু সময় হাতত থকা পেনটো সন্মুখৰ খোলা কাগজৰ পেডটোৰ ওপৰত বুলালে৷ তাৰ পিছত এটা আচৰিত কথা ক'লে৷
 
"আপুনি চাকিউবাছৰ কথা শুনিছে?"
 
অদম্য মূৰ জোকাৰিলে, "নাই শুনা নাই৷ কি বস্তু সেইটো?"
 
"ইনকিউবাছ? সেইটোও শুনা নাই?"
 
"নাই৷" অদম্যৰ বিৰক্তি ক্ৰমে বাঢ়ি গৈছিল, "এইবিলাক কি? কিবা ঔষধৰ নাম নেকি?"
 
"নাই৷" ছোৱালীজনীয়ে নিৰৱচ্ছিন্নভাৱে আঁক-বাঁক কৰি গৈছিল পেডখনৰ ওপৰত৷ এইবাৰ বন্ধ কৰি ক'লে, "চাকিউবাছ হ'ল এক ধৰণৰ প্ৰেতিনী, যিয়ে জীৱন্ত পুৰুষক শুই থকা অৱস্থাত বা তেনেকুৱা কোনো উদাসীনতাৰ সুযোগ লৈ বিভিন্ন ধৰণে প্ৰলুব্ধ কৰে, উত্তেজিত কৰে৷ তাৰ পিছত তেওঁৰ লগত এক প্ৰকাৰ জোৰ কৰিয়েই সঙ্গম কৰে৷ পুৰুষজনৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও সেই অৱস্থাত তেওঁৰ একো কৰিব পৰা উপায় নাথাকে৷ চাকিউবাছৰ দৰে ইনকিউবাছো হ'ল অশৰীৰী প্ৰেত, যিয়ে জীৱন্ত নাৰীৰ সৈতে সেইবোৰ কাম কৰে৷ মোৰ বোধেৰে, আপোনাৰ ওপৰত কোনো চাকিউবাছৰ নজৰ পৰিছে৷"
 
অদম্যই অবাক হৈ ধীমানৰ পিনে চালে৷ কি ক'ব ভাবি নাপালে৷ এই ছোৱালীজনী এগৰাকী মনোবিজ্ঞানী হৈ এইবিলাক আজ-বাজে কথা কৈছে?
 
অঁ, সিও কেতিয়াবা কেতিয়াবা ক্ষণিক দুৰ্বলতাৰ ফলত যে এইবিলাক কথা ভবা নাই, তেনেকুৱা নহয়৷ কিন্তু এগৰাকী পেচাদাৰী চাইকোলোজিষ্টে কেনেকৈ এইবিলাক কাহিনী ক'ব পাৰে?
 
এই কাৰণেই অদম্যই মনেপ্ৰাণে বিশ্বাস কৰে ছোৱালীবোৰৰ বুদ্ধি আঁঠুত থাকে বুলি!
 
ধীমানে কিন্তু অত্যন্ত চিৰিয়াছভাৱে ক'লে, "কি কয় বাইদেউ? চাকিউবাছ? ইহঁত ক'ত থাকে? মানে ইহঁতে বাছি বাছি অদম্যকহে ধৰিলে যে, কিয়?"
 
"ইহঁত নহয়৷ ই৷ একবচন৷" ছোৱালীজনীয়ে নিৰ্বিকাৰ মুখেৰে ক'লে, "তেনেকৈ ক'ব পৰা নাযায় ধীমান ডাঙৰীয়া৷ খ্ৰীষ্টান সকলৰ বাইবেলত বা ইহুদীৰ জোহাৰতো চাকিউবাছ-ইনকিউবাছৰ কথা উল্লেখ আছে৷ ইহঁতে মৃত্যুৰ পিছত কোনো অতৃপ্তিৰ ফলত এইবিলাক কৰে৷ সাধাৰণতে জীৱিত পুৰুষজন তাই পাবলৈ সক্ষম নোহোৱা প্ৰেমিকজন হয়৷ চাকিউবাছ চিনাৰ সহজ বিধি হ', মিলনৰ সময়ত ভাব হয় কোনো হিমশীতল গহ্বৰত প্ৰবেশ কৰোৱা হৈছে আপোনাৰ পুৰুষাঙ্গক৷"
 
কথাষাৰ শেষ কৰি ছোৱালীজনীয়ে চিধা অদম্যৰ চকুলৈ চালে, "আপোনাৰ আগতে কেতিয়াবা বিয়া হৈছিল নেকি? বা কোনো প্ৰেম? 'ত আপুনি শাৰীৰিক সম্পৰ্কত মান্তি হোৱা নাছিল?"
 
অদম্যৰ মন গ'ল টেবুলত থকা ফুলদানীটো তুলি ছোৱালীজনীৰ মূৰত ধামকৈ মাৰি দিব৷ বহুত কষ্টেৰে নিজক সংযম কৰিলে সি৷
 
গম্ভীৰ মাতেৰে ক'লে, "শুনক বাইদেউ, মলিকিউলাৰ বায়োকেমেষ্ট্ৰিৰ জগতত মই এজন আগশাৰীৰ চায়ন্টিষ্ট৷ দিন ৰাতি গৱেষণাৰ মাজতেই ডুবি থাকিবলগীয়া হয়৷ আপোনাৰ বয়স বহুত কম, ধৰিবই পাৰি, যৌৱনৰ ধৰ্ম মতে আপুনি এইবিলাক কথাত খুব আগ্ৰহী৷ কিন্তু মই তেনেকুৱা মানুহ নহয়৷ দেশ, সমাজ, পৃথিৱীৰ কাৰণে মোৰ বহুত কিবা কিবি কৰিবলগীয়া আছে৷ এইবিলাক চেক্স, প্ৰেম, ভালপোৱাৰ নিচিনা ক্ষুদ্ৰ কথাত ছোৱালীৰ পিছত সময় নষ্ট কৰিবলৈ অদম্য পালৰ জন্ম হোৱা নাই৷"
 
কথাষাৰ শেষ কৰিয়েই থিয় হ'ল অদম্য, "ধীমান, মই যাওঁ৷ তই আহ যদি আহ৷"
 
ধীমানে কোনো প্ৰতিবাদ নকৰিলে৷ উঠি যন্ত্ৰ চালিতৰ দৰে পিছে পিছে ওলাই আহিল৷ ছোৱালীজনীৰ মুখৰ অৱস্থা কেনেকুৱা হৈছে, সেয়া চাবলৈ অদম্যৰ কৌতূহল উপজিলেও সি আৰু ঘূৰি নাচালে৷
 
ওভোতাৰ বাটত গাড়ীত আৰু সিহঁতে বিশেষ কথা নাপাতিলে৷
 
নিজৰ ফ্লেটলৈ গৈ অদম্যই আলমাৰিৰ পৰা এটা বটল উলিয়ালে৷ তাৰ পৰা দুটা গ্লাছত অলপ অলপ পানীয় ঢালি পানী মিহলাই এটা ধীমানৰ পিনে আগবঢ়াই দি ক'লে, "ধৰ৷ যোৱা মাহত স্পেইনৰ পৰা এই হুইস্কিটো আনিছিলো৷ খাবলৈ বৰ ভাল৷ ৰাতিপুৱাৰ পৰা তই মোৰ কাম নষ্ট কৰি যিটো বাঁহ দিলি, তাৰ প্ৰাইজ এয়া৷"
 
ধীমানে অনৱৰতে কিবা নহয় কিবা কৈ থাকে৷ আজি কিন্তু সি বহু সময় ধৰি মনে মনে আছে৷ এইবাৰো বিনা বাক্যই হাত মেলি গিলাচটো ল'লে৷
 
অদম্যই গ্লাছত চুমুক দি তাৰ খোলা টেৰেছৰ চকী এখনত বহিল৷ ইয়াৰ পৰা চহৰৰ বহুখিনি ঠাই একেলগে দেখা যায়৷
 
সেইপিনে চাই ক'লে, "আজি ৰাতিপুৱা ইহঁত গৈছে, অলপ শান্তিত থাকিবলৈ পাম৷ যোৱা দুদিন ইহঁতৰ হুলস্থুলত মূৰ বিষাই গৈছিল৷"
 
ধীমানে এইবাৰো একো নক'লে৷ গ্লাছতো মুখ দিয়া নাই৷ গভীৰ মনোযোগেৰে কি জানো ভাবি আছে সি৷
 
"কিও, কি ভাবি আছ তই?" অদম্যৰ পেটত সামান্য সুধা পৰিলেই বেছ প্ৰগলভ হৈ উঠে সি৷ হাঁ হাঁ কৈ হাঁহি এটা মাৰি সি ক'লে, "সেই ছোৱালীজনীৰ কথা ভাবিছ নেকি? নে সেই চাকু নে কি? কি কৈছিল.. হাঁ হাঁ?"
 
"অদম্য৷" অতি অনুচ্চ মাতেৰে বহু দূৰৈৰ পৰা যেন ক'লে ধীমানে, "তোৰ লিলিৰ কথা মনত আছে?"
 
অদম্যৰ হাঁহি যেন হঠাৎ বন্ধ হৈ গ'ল৷ লাহে লাহে গাঢ় হৈ অহা নিচাৰ আমেজটোও যেন নাইকিয়া হৈ গ'ল৷
 
গ্লাছটো মুঠি মাৰি ধৰি অদম্যই ক'লে, "হঠাৎ লিলিৰ কথা?"
 
"নাই, এনেয়ে৷" ধীমানে দূৰৈৰ আকাশলংঘী অট্টালিকাবোৰলৈ চাই থাকি ক'লে, "ছোৱালীজনীয়ে কিন্তু তোক বহুত ভাল পাইছিল৷"
 
অদম্যই ঘোট-ঘোটকৈ বহুখিনি পানীয় একেবাৰতে গলাধঃকৰণ কৰিলে৷ তিক্ত মাতেৰে ক'লে, "তাতে কি হ'?"
 
"একো হোৱা নাই৷" ধীমানে মূৰ জোকাৰিলে, "কিয় জানো, বহুদিন আগতে পঢ়া গল্প এটা মনত পৰি গ'ল৷"
 
"কি গল্প?"
 
"গল্প ঠিক নহয়, বিদেশী উপকথা বুলিব পাৰ৷ মোৰতো জানই বিভিন্ন দেশ-বিদেশৰ কিতাপ পঢ়াৰ চখ৷" ধীমানে ক'লে, "বাইবেলৰ মতে পৃথিৱীৰ প্ৰথম পুৰুষ আৰু নাৰী কোন আছিল জান?"
 
"হেৰি নহয় জানো? সৰুতেই পঢ়িছিলো৷" অদম্যই ক'লে, "আদম আৰু ইভ নে কি আছিল?"
 
"অঁ, ঈশ্বৰে পৃথিৱীৰ মাটিৰে আদমক সৃষ্টি কৰিছিল৷ তাৰ পিছত আদমৰ কামিহাড়ৰ পৰা সৃষ্টি কৰে ইভক৷ সেই ফালৰ পৰা চালে আমি চব আদম আৰু ইভৰ বংশধৰ৷"
 
"হুম৷ মনত পৰিছে৷ সেই ইডেন বাগিছাৰ আপেল খাই তাৰ মনত কামবোধ জাগিছিল৷" অদম্যই মূৰ দুপিয়াই দুপিয়াই ক'লে৷
 
"অঁ৷" ধীমানে ক'লে, "কিন্তু তাৰ মাজত আৰু এটা সৰু ঘটনা আছিল৷ সেইটো পৰৱৰ্তী কালত কেথলিক চাৰ্চবোৰৰ প্ৰতিবাদত বাইবেলৰ পৰা আঁতৰাই পেলোৱা হয়৷"
 
"কি ঘটনা?"
 
"ঈশ্বৰে প্ৰথমে কেৱল আদমকে সৃষ্টি কৰা নাছিল৷ একেই সময়তে পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছিল এগৰাকী নাৰীকো৷ তাইৰ নাম লিলিথ৷ তায়েই আদমৰ প্ৰথম পত্নী৷ লিলিথ আছিল একেবাৰে স্বাধীনচেতীয়া নাৰী৷ তাইৰ বুদ্ধি আৰু শক্তি দুয়োটাই আছিল আদমতকৈ বেছি৷ তাই আদমৰ আদেশ মানি চলিবলৈ অস্বীকাৰ কৰিলে৷ দুয়োৰে মাজত কাজিয়া লাগিল৷ লিলিথে ঈশ্বৰক স্পষ্টকৈ জনালে, মই আৰু সি আমি দুয়ো মাটিৰে নিৰ্মিত৷ মোৰ বুদ্ধি আৰু শক্তি তাতকৈ বেছি৷ মই কিয় তাৰ কথা মানি চলিম? সি কিয় মোৰ ওপৰত কৰ্তৃত্ব কৰিব? বিছনাতেই বা মই কিয় তাৰ তলত থাকিম? সি মোৰ তলত থাকিব লাগিব৷
 
"এইপিনে কেথলিক নিয়ম মতে, নাৰীয়ে সদায় পুৰুষৰ আদেশ পালন কৰা উচিত, আৰু নাৰীৰ স্থান পুৰুষৰ তলত৷ সেয়ে ঈশ্বৰে তেতিয়া লিলিথক অভিশাপ দিলে৷ লিলিথে তেতিয়া আদমক এৰি থৈ গুচি গ'ল৷ এইপিনে আদমৰ কামনা-বাসনা চৰিতাৰ্থ কৰিব কোনে? তেতিয়া ঈশ্বৰে আদমৰ কামিহাড়ৰ পৰা সৃষ্টি কৰিলে ইভক৷ আদমৰ দেহৰ পৰাই জন্ম লাভ কৰা ইভ প্ৰথমৰ পৰাই হ'ল স্বামীৰ আজ্ঞাবাহী, ঠিক যেনেকুৱা আদমে বিচাৰিছিল৷" ধীমানে এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "হিব্ৰু বাইবেলত এই কথাৰ উল্লেখ আছে৷ অথচ সিংহভাগ মানুহেই লিলিথৰ বিষয়ে নাজানে৷ লিলিথ যেন আমাৰ পুৰুষ শাসিত সমাজত এটা নিষিদ্ধ অধ্যায়৷"
 
"যতচব গল্পগুজব৷" অদম্যই পুনৰ ঘোট-ঘোটকৈ বহুখিনি পানীয় গলাধঃকৰণ কৰিলে, "ডাৰউইনে শুনিলে পাগল হৈ গ'লহেঁতেন৷"
 
"পাগল হ'লহেঁতেন নে কি নাজানো, কিন্তু..." ধীমানে চালে অদম্যৰ চকুলৈ, "লিলিথ আৰু লিলি৷ আদম আৰু অদম্য৷ ইভ আৰু আভা৷ কি আচৰিত মিল৷ নহয়নে?"
 
সন্ধিয়া নামি আহিছিল৷ অস্তাচলত ডুব যোৱা সূৰুযৰ ৰঙা পোহৰ বিবৰ্ণ হৈ ক্ৰমশঃ স্পষ্ট হৈ পৰিছে অন্ধকাৰ৷ সেই ছাঁ-পোহৰৰ মাজতেই ধীমানৰ চকুৰ আগত কেনেকৈ যে সংকুচিত হৈ গ'ল অদম্য৷
 
তাচ্ছিল্য আৰু বিৰক্তিৰ অভিব্যক্তি তল পৰি তাৰ চকুত স্পষ্টৰূপে জিলিকি উঠিল অপৰাধৰ ছাঁ৷
 
আতংকই যেন জপটিয়াই ধৰিলে তাক৷
 
কিন্তু মাত্ৰ কেইটা মান মাইক্ৰ' ছেকেণ্ডৰ কাৰণেহে। তাৰ পিছতেই স্বাভাৱিক ৰূপলৈ ঘূৰি আহিল ডঃ অদম্য পাল৷ এতিয়া তাৰ নিচা সম্পূৰ্ণৰূপে কাটি গৈছে৷ স্পষ্ট মাতেৰে ক'লে, "সন্ধিয়া হৈছে৷ ঘৰলৈ যা৷ মোৰ ফেলো সঞ্চয়ন আহিব অলপ পিছত৷ মোৰ অলপ কাম আছে৷ গুড নাইট৷"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                                 পৰৱৰ্তী অধ্যায়লৈ