মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
পঞ্চম অধ্যায়
দুপৰীয়াৰ পৰাই বৰফ পৰিবলৈ আৰম্ভ
কৰিছিল৷ ইয়াতে বৰষুণ মানেই তুষাৰপাত, কিন্তু কেতিয়াবা কেতিয়াবা অতি কোমল, পাতল তুলাৰ দৰে বৰফ পৰে, তেতিয়া খোজ কাঢ়ি ভাল লাগে, গা নিতিতে৷ আৰু কেতিয়াবা কেতিয়াবা তুষাৰপাতত আকাশ অন্ধকাৰ
হৈ পৰে, চাৰি-পাঁচ হাত দূৰৈৰ বস্তুও মণিব নোৱাৰি৷ তেনেকুৱা তুষাৰপাতৰ সময়ত
বাহিৰলৈ ওলাই যোৱা অসম্ভৱ৷
দুপৰীয়া খোৱা-বোৱা কৰা হোৱাৰ পিছৰে পৰা সন্তু
গম্বুজৰ ভিতৰতে শুই আছিল৷ দিনৰ ভাগতো গম্বুজৰ ভিতৰত পোহৰ কম সোমায়, সেয়ে বেটাৰি-লাইটটো জ্বলাই ৰাখিব লগীয়া
হয়৷ সেই পোহৰতে খুৰাদেউৱে তেওঁৰ কলা ৰঙৰ বহীখনত খচ খচকৈ কি জানো লিখি আছে৷
মাজৰ টেবলখনৰ ওপৰত কাচৰ সেই বক্সটো পৰি
আছে৷ তাৰ ভিতৰত ভেলভেটৰ ওপৰত সজাই ৰখা আছে দাঁতৰ দৰে বস্তুটো৷ সেইটো দাঁত হ'ব নোৱাৰে৷ দেখিবলৈ মানুহৰ দাঁতৰ
নিচিনাই, কিন্তু মানুহৰ দাঁততকৈ ছগুণ মান বেছি ডাঙৰ৷ প্ৰায় দুই ইঞ্চি৷ মানুহৰ
বাদে এনেকুৱা দাঁত অন্য কোনো প্ৰাণীৰ নাথাকে, আৰু কোনো মানুহৰে দাঁত ইমান ডাঙৰ হ'ব নোৱাৰে৷
জোতাৰ দোকানৰ বাহিৰত কেতিয়াবা কেতিয়াবা
প্ৰকাণ্ড জোতা একোযোৰ সজাই থোৱা দেখা যায়৷ এনেকুৱা লাগে, সেইযোৰ জোতা মানুহৰ কাৰণে নহয়, কোনোবা অসুৰৰ কাৰণে বনোৱা৷ তেনেদৰে এই
দাঁতটোও চাগে কোনোবাই ধেমালি কৰি বনাইছে৷
সেইটোৰ পিনে চাই থাকিলে সন্তুৰ প্ৰায়ে
ভাব হয়, বস্তুটোৱে যেন ৰং সলায়৷ কেতিয়া ভাব হয়, সেইটো যেন পাতল হালধীয়া ৰঙৰ, কেতিয়াবা ভাব হয় ফটফটীয়া বগা, আকৌ কেতিয়াবা কেতিয়াবা অকণমান ৰঙাৰ দৰেও
লাগে৷ সঁচাকৈ ৰং সলাই নেকি, নে সেয়া সন্তুৰ চকুৰ ভ্ৰম?
খুৰাদেউৱে লেখা সামৰি পাইপ জ্বলাবলৈ
লওঁতেই সন্তুৱে ক'লে, "খুৰাদেউ, তুমি দাঁতটোৰ কথা কম বুলি কৈছিলা৷"
খুৰাদেউৱে ক'লে, "যিটো বুজিলো, তই আৰু কৌতূহ'ল দমাই ৰাখিব নোৱাৰ হৈছ৷ ভাবিছিলো,
তোক
আৰু কেইদিনমান পিছত ক'ম৷ বাৰু, শুন তেনেহ'লে!"
পাইপত কেবাবাৰো টান মাৰি ধোৱা এৰি
খুৰাদেউৱে সুধিলে, "এইটো দেখি তোৰ মনলৈ কি ভাব আহিছে? মানুহৰ দাঁত নে এইটো?"
সন্তুৱে এবাৰ ক'লে, "হয়" তাৰ পিছত ক'লে, "নহয়!"
খুৰাদেউৱে ক'লে, "পৃথিৱীৰ ডাঙৰ ডাঙৰ বৈজ্ঞানিক সকলো ঠিক
তোৰ দৰেই৷ কোনোবাই কৈছে, এইটো মানুহৰ দাঁত, কোনোবাই কৈছে, হ'বই নোৱাৰে৷ তাকে লৈ বহুত
পৰীক্ষা-নিৰীক্ষাও চলিছে৷ সেয়ে সকলো কথা কোৱাৰ আগতে এজন মানুহৰ কথা কোৱা উচিত৷
তেওঁৰ নাম ৰালফ ফন কোয়েনিংছৱাল্ড৷ এওঁৰ ঘৰ নেডাৰলেণ্ডত, কিন্তু এওঁৰ এটা চখ আছিল, যিবোৰ জীৱ জন্তু পৃথিৱীৰ পৰা বিলুপ্ত
হৈ গৈছে, তাক লৈ গৱেষণা কৰা৷ তাৰ কাৰণে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ঘূৰিছে৷ আমাৰ
ভাৰত-বৰ্ষলৈও আহিছিল, চীন দেশলৈও গৈছে৷ চীন দেশত, পিকিং চহৰৰ ৰাস্তাত...."
সন্তুৱে বাধা দি ক'লে, "এতিয়া সেই চহৰখনৰ নাম বেইজিং...."
খুৰাদেউৱে সন্তুৰ চকুলৈ চাই অলপ পৰ
থমকি ৰ'ল৷ তেওঁৰ কথাৰ মাজতে আন কোনোবাই মাত মতাটো তেওঁ ভাল নাপায়৷
সন্তুৱে সেয়া ধৰিব পাৰি অপৰাধীৰ দৰে তল
মূৰ কৰিলে৷
খুৰাদেউৱে ক'লে, "বাৰু, ঠিক আছে এতিয়া বেইজিং৷ যেতিয়াৰ কথা
কৈছো, সেয়া ১৯৩০ চনৰ৷ তেতিয়া চবে পিকিঙে বলিছিল৷ সেই সময়ত এই পিকিং চহৰৰ
ৰাস্তাত এদল মানুহে নানা ধৰণৰ বস্তু বিক্ৰী কৰিছিল৷ এনেকুৱা আমাৰ ৰাস্তাবোৰত আজি-কালিও
দেখা যায়৷ ফুটপাথত এখন কাপোৰ পাৰি তাৰ ওপৰত নানা ধৰণৰ জীৱ-জন্তুৰ হাড়, জকা, ধনেশ পক্ষীৰ ঠোঁট, এইবিলাক বিক্ৰী কৰে৷ ৰালফ ফন
কোয়েনিংছৱাল্ডে পিকিঙৰ ৰাস্তাত এজন ফেৰিৱালাৰ ওচৰত নানা ধৰণৰ হাড় আৰু চৰাই পাখিৰ
লগতে এনেধৰণৰ তিনিটা দাঁত দেখিবলৈ পালে৷ দেখি তেওঁ স্তম্ভিত! ইমান ডাঙৰ মানুহৰ
দাঁত? ফেৰিৱালাটোক তেওঁ সুধিলে এই দাঁত কেইটা ক'ত পাইছে? সি ঠিক উত্তৰ দিব নোৱাৰিলে৷ সি মাথো ক'লে, পৰ্বতত৷ কোয়েনিংছৱাল্ডে খুবা কম দামত
দাঁত তিনিটা কিনি ল'লে৷"
সন্তুৱে ক'লে, "খুৰাদেউ? এটা কথা সুধো?"
"কি?"
"ফেৰিৱালাই সেই টুকুৰা-টুকুৰ হাড়বোৰ
কিয় বিক্ৰী কৰে? সেইবোৰ কাৰ কামত আহে? ডাক্তৰী পঢ়ি থকা ছাত্ৰৰ?"
"অ'৷ ডাক্তৰী পঢ়ি থকা ছাত্ৰৰ কামত আহে৷
তাৰোপৰি, বহুতৰে ধাৰণা, সেই সময়ত চীন দেশত বিশ্বাস আছিল যে সেইবোৰ
বস্তু গুৰি কৰি খালে বহুত বেমাৰ ভাল হৈ যায়৷ কোনো কোনোৱে আকৌ বিশ্বাস কৰিছিল যে
পুৰণা দিনৰ শক্তিশালী জীৱৰ হাড় গুৰি কৰি খালে গাত শক্তি বাঢ়ে৷ এতিয়াও যেনেকৈ
কিছুমানে ভাবে গঁড়ৰ খৰ্গ খালে গাত শক্তি বাঢ়ে বুলি৷"
"গঁড়ৰ খৰ্গ মানুহে খায়?"
"অঁ, সেই কাৰণেইতো লুকাই লুকাই গঁড় হত্যা
কৰা হয়৷ গঁড় হত্যা কৰা এতিয়া আইন মতে নিষেধ৷ হ'লেও কিছুমান মানুহে লুকাই লুকাই গঁড়
হত্যা কৰি তাৰ খৰ্গটো আৰৱৰ শেখ সকলক বিক্ৰী কৰে৷ একোটা খৰ্গৰ দাম ত্ৰিছ-চল্লিশ
হাজাৰ টকা৷ আৰৱী মানুহে সেই খৰ্গ কেঁচাই কেঁচাই খাই দিয়ে!"
"তাৰ পিছত কোয়েনৱাল্ডে কি কৰিলে?"
"কোয়েনৱাল্ড নহয়, কোয়েনিংছৱাল্ড৷ তেওঁ তাৰ পিছত খবৰ খাতি
কৰি গম পালে যে পিকিং, জাভা, সুমাত্ৰা, বাটাভিয়া, হংকঙ আদিৰ বহুকেইখন ঔষধৰ দোকানত এনেধৰণৰ দাঁত কিনিবলৈ পোৱা যায়৷
সেইবিলাকো ডাঙৰ ডাঙৰ, কিন্তু এই তিনিটাৰ দৰে ইমান ডাঙৰ নহয়৷ মানুহৰ দাঁতৰ ৰোগ হ'লে, এই দাঁত কিনি গুৰি কৰি সেই গুৰিৰে দাঁত
মাজে, আৰু ৰোগ ঠিক হৈ যায়৷ ইমান ডাঙৰ ডাঙৰ দাঁত কি প্ৰাণীৰ, আৰু ক'ত এইবিলাক পোৱা যায়, তাৰ খবৰ খাতি কৰিবলৈ আৰম্ভ কৰিলে
কোৱেনিংছৱাল্ডে৷ অনুবীক্ষণ-যন্ত্ৰৰে তেওঁ ধৰা পেলালে যে এই দাঁত কেইটাৰ গুৰিত অলপ
অলপ হালধীয়া ৰঙৰ ধুলি লাগি আছে৷ সেই ধুলি নি পৰীক্ষা কৰি চোৱা হ'ল, তেনেধৰণৰ হালধীয় ৰঙৰ মাটি পোৱা যায় ইয়োংছি নৈৰ পাৰৰ পাহাৰৰ
কোনো-কোনো গুহাত৷ তেতিয়া তেওঁ ভাবিলে, সেই দাঁত থকা প্ৰাণীবোৰ নিশ্চয় এটা
সময়ত এই ইয়োংছি নৈৰ পাৰৰ পাহাৰৰ গুহাতে আছিল৷ এইকেইটা যদি মানুহৰ দাঁত হয়, তেনেহ'লে সেই মানুহবোৰ অন্ততঃ বিশ-পচিশ ফুট
ওখ হ'ব লাগিব৷ কিন্তু ইমান ডাঙৰ মানুহৰ কথা কেতিয়াও ক'তো শুনিবলৈ পোৱা নাই৷ প্ৰাগ ঐতিহাসিক
যুগতো ইমান ডাঙৰ মানুহৰ দৰে কোনো প্ৰাণী নাছিল৷ যিয়েই নহওঁক, কোৱেনিংছৱাল্ডে সেই দঁতাল কাল্পনিক
প্ৰাণীটোৰ নাম ৰাখিলে জাইগোন্টোপিথিকাছ৷ অৰ্থাৎ দৈত্যৰ দৰে বন মানুহ৷ পৃথিৱীৰ বেছি
ভাগ বৈজ্ঞানিকেই কিন্তু তেওঁৰ কথা বিশ্বাস নকৰিলে৷"
অকণমান ৰৈ খুৰাদেউৱে পাইপ টানিবলৈ
ধৰিলে৷
তাৰ পিছত আকৌ ক'লে, "দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া আৰম্ভ হয়,
তেতিয়া
কোৱেনিংছৱাল্ড জাভাত আছিল৷ তেওঁ বন্দী হ'ল জাপানীজ সকলৰ হাতত৷ তেওঁক বন্দী কৰি
ৰখা হ'ল এটা বেৰেকত৷ তেওঁৰ বস্তু-বাহানি সকলো বাজেয়াপ্ত কৰা হ'ল৷ তাত থাকি থাকিয়েই তেওঁ ৰুগীয়া হৈ
পৰিল, মূৰৰ চুলিবোৰ পকিল৷ বহুতৰে ধাৰণা হ'ল তেওঁ আৰু বেছি দিন বাচি নাথাকিব৷
সেয়ে যুদ্ধ শেষ হোৱাৰ কেইদিনমান আগতেই এৰি দিয়া হ'ল তেওঁক৷ কোনেও ঘুণাক্ষৰেও গম নাপালে
যে তেওঁ তেওঁৰ কঁকালত এটা সৰু থৈলাত বান্ধি সৰ্বক্ষণ নিজৰ লগত ৰাখিছিল কেইটামান মহামূল্যৱান
বস্তু৷ সেই বস্তুকেইটা আন একো নহয়, এই দাঁত তিনিটা৷
"মুক্তি পোৱাৰ পিছত কোৱেনিংছৱাল্ডে নানা
দেশ ঘূৰি ঘূৰি উপস্থিত হ'ল আমেৰিকাত৷ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক
সকলৰ ক্লাৱত এদিন দুপৰীয়া তেওঁ কেবাজনো অধ্যাপকৰ সৈতে একেলগে খাবলৈ বহিছিল৷ কথাই
কথাই প্ৰাচীন কালৰ মানুহৰ প্ৰসংগ ওলাল৷ এজন অধ্যাপকে ঠাত্তা কৰি ক'লে, মিঃ কোৱেনিংছৱাল্ড আপুনি কিন্তু এই
জাইগ্যান্টোপিথিকাসৰ গুজবটো উলিয়াই আমাক খুব আচৰিত কৰি দিছিল৷ দুই ইঞ্চি দীঘল
মানুহৰ দাঁতৰ নিচিনা দাঁত কি প্ৰাণীৰ থাকিব পাৰে? তাৰ মুখখন কিমান ডাঙৰ হ'ব লাগিব?
"বুঢ়া কোৱেনিংছৱাল্ডে এই কথা শুনি খঙত
জ্বলি-পকি উঠিল৷ তেওঁ চকীৰ পৰা উঠি ক'লে --- কি? মিছা কৈছো? চাব? প্ৰমাণ লাগিব? চাওঁক তেনেহ'ল৷
"ওচৰতে খাদ্যৰ প্লেট লৈ পৰিচাৰিকা এজনী
ৰৈ আছিল৷ কোৱেনিংছৱাল্ডে ককালৰ পৰা সেই অকণমানি থৈলাটো বাহিৰ কৰি দাঁত তিনিটা
প্লেটখনত বাকী দি ক'লে -- এইবিলাক তেনেহ’লে কি?
"সেই প্ৰকাণ্ড দাঁত কেইটা দেখি
পৰিচাৰিকাজনীয়ে চিৎকাৰ কৰি উঠিল৷ তাইৰ হাতৰ পৰা প্লেটখন পৰি ভাঙি গ'ল জনজনাই৷ পৰিচাৰিকাজনী লগে লগে অজ্ঞান
হৈ পৰিল৷ বহুত মানুহ দৌৰি আহিল৷ দাঁত তিনিটাও ইফালে সিফালে ছিটিকি গ’ল৷ বহুত বিচৰা-বিচৰি কৰাৰ পিছত দুটা
দাঁত পোৱা গ'ল৷ এটা ক'তো পোৱা নগ'ল৷ তাৰ চকী, মেজ, মজিয়াৰ কাৰ্পেট চব উল্টা-পাল্টা কৰি
চোৱা হ'ল, কিন্তু সেই দাঁতটো যেন অদৃশ্য হৈ গ'ল সম্পূৰ্ণৰূপে৷ দাঁতৰ শোকত বুঢ়া
কোৱেনিংছৱাল্ডে কান্দিবলৈ ধৰিলে শিশুৰ দৰে৷ তাৰ পিছত আৰু বেছি দিন তেওঁ বাচি
নাথাকিল৷"
সন্তুৱে অঙুলিৰে দেখুৱাই সুধিলে,
"এইটোৱেই নেকি সেই তৃতীয় দাঁতটো?"
খুৰাদেউৱে হাঁহি ক'লে, "তোৰ বুদ্ধি আছে দেখিছো৷ ঠিকেই ধৰিছ!
এইটোৱেই সেই তৃতীয় দাঁতটো৷ আন দুটা দাঁতৰ এটা আছে আমেৰিকাৰ "মিউজিয়াম অৱ
নেছনেল হিষ্ট্ৰীত৷" আৰু এটা দাঁত কোৱেনিংছৱেল্ডে নিজেই তেওঁৰ মৃত্যুৰ পূৰ্বে
দি গৈছিল তেওঁৰ বন্ধু মাইকেল ছিপটনক৷ তেওঁৰ বিশ্বাস আছিল, এই দাঁত কেইটাই মানুহৰ সৌভাগ্য কঢ়িয়াই
আনে৷ এই দাঁত কেইটা লগত আছিল কাৰণেই জাপানীজে তেওঁক নামাৰিলে৷ তৃতীয় দাঁতটো এই
হাভাৰ্ড ক্লাৱৰে পৰিচাৰক এটাই চুৰ কৰিছিল৷ গোলমালৰ মাজতে সি মনে মনে পাৰ কৰে৷ তাৰ
বহুদিন পিছত সি সেইটো বিক্ৰী কৰি দিছিল ছাৰ অৰ্থাৰ ৰকটম নামেৰে এজন বৈজ্ঞানীকৰ
ওচৰত৷ এইবাৰ বিলাতলৈ যাওঁতে মই ছাৰ অৰ্থাৰৰ ল'ৰা লেননৰ পৰা এইটো ধাৰ কৰি আনিছো৷ লেনন
মোৰ পুৰণি বন্ধু৷"
সন্তুৰ বাবে এতিয়াও সকলো কথা পৰিষ্কাৰ
হোৱা নাই৷ তেনেহ'লে এই দাঁতটো কিহৰ? দাঁতটো পোৱা গৈছিল পিকিঙত, কিন্তু সেইটো লৈ নেপাললৈ অহাৰ কাৰণ কি?
সি সুধিলে, "এই দাঁতটো তাৰমানে কি য়েটিৰ নেকি,
খুৰাদেউ?"
খুৰাদেউৱে সুধিলে, "য়েটি বুলি কিবা আছে জানো? তই য়েটিৰ বিষয়ে কি জান, কচোন৷"
"হিমালয়ৰ এনেকুৱা ওখ ঠাইত য়েটি নামৰ
এবিধ প্ৰকাণ্ড মানুহ থাকে, সিহঁত বৰ হিংস্ৰ৷"
"কোনোবাই দেখিছে?"
"বহুতে কয় দেখা বুলি৷ অৱশ্যে আজিলৈকে কোনো
মানুহে সিহঁতৰ ফটো তুলিব পৰা নাই৷ মোৰ ধাৰণা ইয়াত য়েটি আছে, কাৰণ ছেৰপা নোৰবু-ভাইয়ে য়েটি পুৱালিৰ
পুতলা বনাইছিল!"
"হয় নেকি? চাব লাগিব তেনেহ'লে৷ তই মন কৰিছিলিনে, পুতলাটোৰ ভৰিত কেইটা আঙুলি আছে?"
"সেইতো মন কৰা নহ'ল৷ কিয়?"
"সকলো বস্তু ভালদৰে চাব লাগে৷ এতিয়ালৈকে
য়েটিৰ যিমানবোৰ ভৰিৰ খোজৰ ছাপ পোৱা বুলি দাবী কৰা হৈছ, সেই আটাইবোৰ ছাপতে আঙুলি কেৱল চাৰিটা৷
মানুহতো দূৰৈৰ কথা, গৰিলা-চিম্পাঞ্জীৰ ভৰিতে পাঁচটাকৈ আঙুলি থাকে৷ ভৰিত চাৰিটা আঙুলি থকা
মানুহৰ নিচিনা প্ৰাণীৰ কথা কল্পনাই কৰিব নোৱাৰি!"
সন্তুৱে মনে মনে ৰ'ল৷ ইমানখিনি কথা সি নাজানিছিল৷
খুৰাদেউৱে আকৌ ক'লে, "যদি য়েটি নামৰ বান্দৰ বা ভালুক জাতীয়
কিবা জন্তু আছেও, সিহঁতো কিন্তু ছয়-সাত ফুটতকৈ বেছি ওখ নহয়৷ যি সকলে য়েটি দেখা বুলি
দাবী কৰে, তেওঁলোকে কিন্তু কোনোদিনে কোৱা নাই যে য়েটি বহুত ওখ৷ গতিকে ইমান ডাঙৰ
দাঁত য়েটিৰ হ'ব নোৱাৰে!"
"তেনেহ'লে?"
"মহাভাৰতৰ ঘটোৎকচৰ কথা মনত আছে? সি ইমান ওখ আছিল যে কৰ্ণৰ বাণত যেতিয়া
সি মাটিত বাগৰি পৰে, তেতিয়া তাৰ দেহৰ চাপতেই মৃত্যু হৈছিল হাজাৰ হাজাৰ কৌৰৱ সৈন্যৰ!
ৰামায়ণ-মহাভাৰত পঢ়িলে ভাব হয়, একালত হাবি-জংঘলত কিছুমান খুব ওখ প্ৰজাতিৰ
মানুহ আছিল৷ সিহঁতক ৰাক্ষস বুলি কোৱা হয়৷ হয়তো তেনেকুৱাই এটা দুটা ৰাক্ষস এতিয়াও
ৰৈ গৈছে!"
"এতিয়াও?"
"ছাৰ অৰ্থাৰ ৰকটমে এই দাঁতটোৰ ওপৰত
মাইক্ৰ-কাৰ্বন পৰীক্ষা কৰিছিল৷ তেওঁৰ মতে, এই দাঁতটো ডেৰশ-দুশ বছৰত কৈ বেছি পুৰণি
নহয়৷ অৰ্থাৎ এই দাঁতটো যাৰ মুখত আছিল, সি ডেৰশ-দুশ বছৰ আগলৈকে জীয়াই আছিল৷
ছাৰ অৰ্থাৰৰ মতে, এয়া কোনো বেলেগ জাতৰ প্ৰাণী নহয়৷ সাধাৰণ মানুহৰেই এজন দুজন কেতিয়াবা
বহুত ওখ হৈ যাব পাৰে, যদি সিহঁতৰ থাইৰয়ড গ্লেণ্ডৰ গণ্ডগোল দেখা দিয়ে৷"
"আমি তেনেকুৱা কোনো মানুহ বিচাৰি আহিছো
নেকি ইয়ালৈ?"
"নাই৷"
"তেনেহ'লে?"
"আচল কাৰণটো তোক এতিয়াই ক'ব পৰা নাযাব৷ যেতিয়ালৈকে সঠিক প্ৰমাণ
পোৱা নাযায় তেতিয়ালৈকে কোৱাৰ কোনো অৰ্থ নাই৷ পিছে, আৰু এটা কাৰণ আছে৷ তোক কৈছিলো নহয়
বুঢ়া কোৱেনিংছৱেল্ডে মৃত্যুৰ আগতে এটা দাঁত দি গৈছিল তেওঁৰ বন্ধু মাইকেল ছিপটনক৷
এই মাইকেল ছিপটনৰে এটা ল'ৰাৰ নাম কেইন ছিপটন৷ তই তেওঁৰ নাম শুনিছ?"
"নাই৷"
"বহুতেই তেওঁৰ বিষয়ে জানে৷ বিখ্যাৎ
অভিযাত্ৰী৷ এক-দুই বছৰ আগতে সকলো কাকত-পত্ৰতে কেইন ছিপটনক লৈ খুব চৰ্চা হৈছিল৷
কেইন ছিপটনে সৰু দল এটা লৈ আহিছিল এভাৰেষ্ট অভিযানলৈ৷ এই গম্বুজটোৰ ওচৰতে তেওঁলোকে
শিৱিৰ পাতিছিল৷ তাৰ পিছত এদিন সন্ধিয়াৰ ভাগত কেইন ছিপটন নোহোৱা হৈ পৰে ফুৰিবলৈ গৈ,
ইয়াৰ
পৰা দুশ তিনিশ গজ দূৰত্বৰ ভিতৰতে৷ তন্ন তন্নকৈ তেওঁক বিচাৰি চালাথ কৰা হৈছিল৷
তেওঁৰ মৃতদেহৰো কোনো সন্ধান পোৱা নগ'ল৷ এয়া চা কেইন ছিপটনৰ ছবি৷"
খুৰাদেউৱে ক'লা বহীখনৰ মাজৰ পৰা এখন ছবি উলিয়াই
দেখুৱালে সন্তুক৷ বাতৰি-কাকতৰ পৰা কটা ছবি৷ এজন ত্ৰিশ-বত্ৰিশ বছৰীয়া চাহাব,
মুখ
ভৰ্তি দাড়ি-গোঁফ৷ তেওঁৰ ডিঙিত এডাল হাৰ ওলমি আছে৷
খুৰাদেউৱে তাত আঙুলি থৈ ক'লে, "এই হাৰডালৰ এটা লকেটত কেইন ছিপটনে
তেওঁৰ দেউতাকৰ বন্ধুজনে দিয়া দাঁতটো ৰাখিছিল৷ তেওঁ এই দাঁতটো সঁচাকৈয়ে সৌভাগ্যৰ
চিন বুলি মানি লৈছিল৷ কিন্তু এই দাঁতটো বুকুত ওলোমাই লৈ আহিছিল কাৰণেই চাগে কেইন ছিপটনৰ
প্ৰাণ গ'ল৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ