মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
চতুৰ্থ অধ্যায়
সন্তুৱে চকুত দূৰবীণ লগাই প্ৰথমতে একো
নেদেখিলে৷ কেৱল অন্ধকাৰ৷
আকাশ ইয়াত কোনো দিনে ফৰকাল হৈ
নাথকে৷ অনবৰতে ডাৱৰে ঢাকি থাকে৷ অৱশ্যে
তাৰ ফাঁকেৰেই কেতিয়াবা কেতিয়াবা জোনৰ পোহৰ অকণমান সৰকে৷
সন্তুৱে খুব মনোযোগেৰে চালে৷ ক'তা, একোচোন নাই৷ দুডোখৰ ঠাইত বৰফৰ ওপৰত
জোনাক পৰি জিকমিকাইছে৷ আৰু কিছু দূৰৈত কালাপাথৰ নামৰ সৰু পাহাৰখন৷ সেইখন একেবাৰে
ঘিটমিটয়া আন্ধাৰ হৈ আছে৷
খুৰাদেউৱে ফুচফুচাই সুধিলে,
"দেখিছ?"
"নাই দেখা৷"
"একেবাৰে চিধা নহয়, অলপ সোঁফালে চাচোন৷"
সন্তুৱে সোঁফালে বাওঁফালে চব ফালে
দূৰবীণটো ঘূৰাই ঘূৰাই চালে৷ ক'তো একো নাই৷ খুৰাদেউৱে কি চোৱাৰ কথা কৈছে?
এই
বৰফৰ দেশত এটা চৰাই পৰ্যন্ত নাই!
"এতিয়াও নাই দেখা?"
"নাই, খুৰাদেউ!"
খুৰাদেউৱে সন্তুৰ হাতৰ পৰা দূৰবীণটো
কাঢ়ি নি নিজৰ চকুত লগালে৷ তাৰ পিছত বিৰবিৰাই কোৱাদি ক'লে, "হয়তো, এতিয়া আৰু দেখা নাই৷ অলপ আগতেতো স্পষ্ট
দেখা যেন লাগিছিল! বহু সময় ধৰি একেৰাহে চাই থকাৰ কাৰণে মোৰেই কিবা চকুৰ ভুল হ'ল নেকি!"
"খুৰাদেউ, কি থাকিব পাৰে তাত?"
"ভালদৰে নেদেখিলেনো কেনেকৈ জানিম?"
আৰু কিছু সময় ধৰি চকুত দূৰবীণটো লগাই
চাই থাকিল খুৰাদেউৱে৷ তাৰ পিছত এটা সময়ত হতাশ ভাৱেৰে ক'লে, "নাই, আজিলৈ আৰু থাকক৷ ব'ল শোওঁ গৈ৷"
চিৰিৰে নামি আহি সন্তুৱে খৰধৰকৈ কোট
খুলি স্লিপিং বেগৰ ভিতৰত সোমাই পৰিল৷ খুৰাদেউ নামি আহিল লাহে ধীৰে, কিন্তু লগে লগে শুই নপৰিল৷ এটা কলা ৰঙৰ
বহীৰ পাত লুতিয়াই লুতিয়াই কি জানো পঢ়িবলৈ ধৰিলে৷
সন্তুৱে ভাবিলে, খুৰাদেউৰ কি ঠাণ্ডা-চাণ্ডা নাই নেকি!
অলপ সময় স্লিপিং বেগৰ বাহিৰত থাকোতেই তাৰ কঁপনি উঠি গৈছিল৷
বিলাতি লাইটটো ইমানেই উজ্জল যে চকুত
লাগে৷ পোহৰটো কমোৱা বঢ়োৱা কৰিব পাৰি৷ পোহৰটো অকণমান কমি যোৱাত সন্তুৱে বুজি পালে,
খুৰাদেউ
শুব লৈছে৷
খুৰাদেউৱে এটা শব্দ কৰিলে,
"আঃ!"
এই "আঃ" শব্দটো শুনিলেই গম
পোৱা যায়, আজিলৈ খুৰাদেউৰ সকলো কাম শেষ৷ এই শব্দটো কৰাৰ ঠিক আধা ঘন্টাৰ ভিতৰত
খুৰাদেউ শুই পৰে৷
এবাৰ টোপনি ভঙাৰ পিছত সন্তুৰ আৰু সহজতে
টোপনি নাহে৷ বিচনাত শুলে টোপনি নাহিলে ইকাটি-সিকাটি কৰি থাকিব পাৰি৷ কিন্তু
স্লিপিং বেগৰ ভিতৰত মন গলেই বাগৰ সলাব নোৱাৰি৷
সন্তুৱে সুধিলে, "খুৰাদেউ, আমি এভাৰেষ্টলৈ সঁচাকৈ যাম নে?"
খুৰাদেউৱে গম্ভীৰ ভাৱে ক'লে, "দৰকাৰ হ'লেতো যাবই লাগিব!"
সন্তুৱে ভাবিলে, দৰকাৰ আৰু কি? দৰকাৰৰ হ'লেহে কোনোবা এভাৰেষ্টলৈ যায় নেকি?
খুৰাদেউৰ
বহুত কথাৰে অৰ্থ বুজা টান৷
"আমি এভাৰেষ্টত উঠিব পাৰিম জানো,
খুৰাদেউ?"
"কিয় নোৱাৰিম? ইচ্ছা কৰিলে চব পাৰি৷"
খুৰাদেউ খোৰা আৰু কোনো খোৰা মানুহৰ
পক্ষে ইমান ওখ পৰ্বত বগোৱাটো জানো সম্ভৱ! এই কথাটোৱে অনবৰতে তাৰ মূৰত পাক ঘূৰণি
খাই থাকে৷ কিন্তু এই কথাটোতো আৰু খুৰাদেউক মুখ ফুঁটাই ক'ব নোৱাৰি৷ তেওঁৰ ধাৰণা, তীব্ৰ ইচ্ছা আৰু মনৰ জোৰ থাকিলে মানুহৰ
পক্ষে চব কামেই সম্ভৱ৷
পেঙত ভৰ দি তেওঁ পৰ্বতীয়া বাটেৰে
চলা-ফুৰা কৰিব পাৰে৷ কাশ্মীৰতো ঘূৰিছে৷ ইয়াতো ছিয়াংবোচিৰ পৰা তেখতে উঠা-নমা
পৰ্বতীয়া বাটেৰেই খোজ কাঢ়ি আহিছে৷ দুই এবাৰ অৱশ্যে ভৰি পিছলি নপৰা নহয়৷ কিন্তু
তাতো তেওঁ ক্ষান্ত হোৱা নাই৷
সেই বুলি এভাৰেষ্টত উঠাটো জানো
তেনেকুৱা কথা? সি ছবিত দেখিছে, এভাৰেষ্ট আৰোহণকাৰীসকলে কঁকালত জৰি
বান্ধি, হাতত লোহাৰ হাঁকুটিৰ নিচিনা কিবা এটা লৈ থিয় পৰ্বত বগাই, জেঠীৰ নিচিনাকৈ৷
খুৰাদেউৱে জানো সেইবোৰ কৰিব পাৰিব?
যিমানেই
মনৰ জোৰ নাথাকক কিয়, খোৰা মানুহৰ কাৰণে জানো সেইবোৰ সম্ভৱ! কেৱল মনৰ জোৰেই নহয়, খুৰাদেউৰ গাৰ জোৰো কম নহয়, কিন্তু তেওঁৰ এখন ভৰি যে পঙ্গু৷ এটা দুৰ্ঘটনাত
তেওঁৰ সেই ভৰিখন পঙ্গু হৈছিল৷
সন্তুৰ আৰু এটা কথা মনত পৰিল৷ কলিকতাত
সিহঁতৰ ঘৰলৈ টেনজিং নোৰগে আহিছিল৷ বহু সময় ধৰি গোপনে কথা পতাৰ পিছত, বিদায় ল'বৰ পৰত টেনজিঙে খুৰাদেউৰ হাতত ধৰি
কৰমৰ্দন কৰি কৈছিল, "গুড লাক৷ আই উইছ ইউ ছাক্সেছ, মিঃ ৰায়চৌধুৰী আপুনি পাৰিব...৷"
এইষাৰ কথা সন্তুৱে নিজ কাণেৰে শুনিছিল৷ খুৰাদেউক খোৰা বুলি জানিও টেনজিঙে কিয়
কৈছিল, আপুনি পাৰিব? এভাৰেষ্টত উঠাতো জানো ইমান সহজ কথা?"
এইবোৰ ভাবি ভাবি সি কেতিয়া শুই পৰিল,
গম
নাপালে৷
পিছদিনা সাৰ পাই উঠি দেখিলে, খুৰাদেউ ইতিমধ্যে উঠিছে৷ টোপনিৰ পৰা
উঠিয়েই তেওঁৰ পঢ়া-শুনা কৰে, তেওঁ লাগিলে য'তেই নাথকক কিয়৷ আজিও তেওঁ পঢ়িবলৈ
বহিছে, সেই ক'লা ৰঙৰ বহীখন উলিয়াই লৈ৷ কিবা-কিবি লিখিছেও মাজে মাজে৷
তেনেতে গম্বুজৰ লোৰ দৰজাখনত শব্দ হ'ল ধাম-ধামকৈ৷
খুৰদেউৱে ক'লে, "সন্তু, উঠিছ? দুৱাৰখন খুলি দেচোন!"
স্লিপিং বেগৰ পৰা ওলাই, খৰ-ধৰকৈ অভাৰ ক'টটো গাত আঁৰি লৈ সন্তুৱে দুৱাৰখন খুলি
দিলে৷
বাহিৰত ৰৈ আছে মিংমা৷ তাৰ হাতত এটা
ফ্লাক্স৷ ভিতৰলৈ সোমায়েই সি ক'লে, "দুৱাৰখন জপাই দিয়া, সন্তু চাহাব!"
সন্তুৱে দুৱাৰখন জপাই দিয়াৰ আগতেই এচাটি
ঠাণ্ডা বতাহ সোমাই আহিল৷ ইমানবোৰ গৰম কাপোৰ ভেদ কৰিও বতাহজাকে হাড় পৰ্যন্ত কঁপাই
দিলে৷
মিংমাই দুটা প্লাষ্টিকৰ গ্লাছত চাহ
বাকিলে ফ্লাক্সৰ পৰা৷ ঐ গ্লাছবোৰ পতককে গৰম হৈ যায়৷ কলিকতাত এইবোৰ গ্লাছত চাহ খোৱা
বৰ অসুবিধা, কিন্তু ইয়াতে গৰম গ্লাছটো দুহাতেৰে চেপি ধৰিও ভাল লাগে৷
খুৰাদেউৱে ক'লে, "তুমিও এগিলাছ চাহ নখোৱা কিয়, মিংমা! আৰু কোৱা, আজি বতাহ কেনেকুৱা?"
পোন হৈ বহি লৈ মিংমাই ক'লে, "আজি বতাহ বহুত কম, চাহাব! স্কাই পুৰা ক্লিয়াৰ! ওৱেদাৰ
ফাৰ্ষ্ট কিলাছ!"
খুৰাদেউৱে ক'লে, "বাঃ!"
মিংমাই উৎসাহেৰে ক'লে, "চাহাব, আজি তম্বু খুলিম নেকি? আগুৱাব নেকি আজি?"
খুৰাদেউৱে ক'লে, "নাই! আৰু কেইদিনমান থাকিব লাগিব
ইয়াত!"
মিংমা আৰু সন্তুৱে ইজনে আনজনৰ চকুলৈ
চালে৷ দুয়োৰে মনত একেটাই প্ৰশ্ন, ইয়াত থাকিবলে কিটো আছে?
খুৰাদেউৱে ক'লে, "আৰু অলপ চাহ দিবাচোন, আছে যদি?"
কিছু সময় পিছত ৰ'দ ওলালত সন্তু ওলাই আহিল বাহিৰলৈ৷
মিংমাৰ বাদে যে আন এজন ছেৰপা আছে, তাৰ নাম নোৰবু৷ সি অলপ গহীন-গম্ভীৰ ধৰণৰ,
মিংমাৰ
দৰে ফু্ৰ্টিবাজ নহয়৷ কিন্তু সি বৰ ধুনীয়া পুতলা বনাব জানে৷ ইয়াত যিহেতু এইকেইদিন
একো কাম-বন নাই, সেয়ে তম্বুৰ বাহিৰত বহি সি কাঠৰ টুকুৰা কাটি-কাটি বিভিন্ন ধৰণৰ পুতলা
বনোৱাত লাগিছে৷ সন্তুক সি এটা ভালুকৰ পুতলা উপহাৰ দিছে৷
মালবাহক কেইজনে ৰাতিপুৱাৰ পৰাই ৰন্ধা-বঢ়াত
লাগি যায়৷ বেলেগ কৰিবলগীয়াতো একো নায়েই৷ খোৱাটোৱেই এতিয়া একমাত্ৰ কাম৷ মালবাহক
কেইজনে ৰন্ধা-বঢ়া কৰি আছে, আৰু ওচৰতে বহি নৰবুৱে এটা পুতলা বনাই আছে৷
সন্তুৱে তাৰ কাষতে ৰৈ চোৱাত লাগিল৷
পুতলাটো প্ৰায় সম্পূৰ্ণ হৈ আহিছে৷ কিন্তু এইটো কিহৰ পুতলা? কেনেকুৱা যে অদ্ভুত দেখিবলৈ৷ বহুখিনি
বান্দৰৰ নিচিনা, কিন্তু পিঠিখন ভাজ খোৱা আৰু হাত দুখন ইমান দীঘল যে প্ৰায় মাটিত লগা৷
সন্তুৱে সুধিলে, "নৰবু-ভাই, এইটো কি?"
নৰবুৱে মূৰ নোতোলাকৈয়ে ক'লে, "টিজুটি!"
সন্তুৱে বুজি নাপালে৷ সি আকৌ সুধিলে,
"টিজুটি? সেইটো আকৌ কি?"
নৰবুৱে ক'লে, "টিজুটি মানে টিজুটি৷"
গম্ভীৰ স্বভাৱৰ নৰবুৰ পৰা ইয়াতকৈ বেছি
আশা কৰি লাভ নাই৷
সি আগুৱাই গ'ল সন্মুখৰ পিনে৷ কিছু দূৰৈত অকলে অকলে
বহি মিংমাই মাউথ অৰ্গান বজাই আছে৷ সি তেনেকৈয়ে সময় কটায়৷
সন্তুৱে তাৰ ওচৰলৈ গৈ সুধিলে,
"মিংমা ভাই, টিজুটি মানে কি?"
বজোৱা বন্ধ কৰি মিংমাই হাঁহি মাৰি
সুধিলে, "কিয়, হঠাৎ টিজুটিৰ কথা ওলাল যে?"
"নৰবু ভাইয়ে এটা পুতলা বনাই আছে৷ ক'লে, সেইটো হেনো টিজুটি!"
মিংমাই ক'লে, "সৰু বাচ্চা, তোমাতকৈও অলপ সৰু, তাক কোৱা হয় টিজুটি৷ আৰু তাতকৈ ডাঙৰটো,
মানে
আমাৰ মান যিটো, তাৰ নাম মিটি! আৰু যিটো বহুত ডাঙৰ, আমাতকৈও বহু গুণে ডাঙৰ, তাৰ নাম য়েটি৷"
সন্তুৰ হৃৎপিণ্ডটো যেন জপিয়াই উঠিল৷
য়েটি মানে কি সেই য়েটি? তাৰ মানে খুৰাদেউৱে ইয়ালৈ য়েটিৰ সন্ধানত আহিছে? নিশ্চয় আহিছে৷ নহ'লেনো ৰেঞ্জ দূৰবীণেৰে কি চাই থাকে ৰাতি
ৰাতি? কাচৰ বাকচত থকা বস্তুটো তেনেহ'লে কি য়েটিৰ দাঁত নেকি?"
তাৰ মনত পৰিল, বহুদিন আগতে সি "টিনটিন ইন
টিবেট" বুলি এখন কিতাপ পঢ়িছিল৷ সি টিনটিনৰ এডভান্সাৰ-কিতাপবোৰৰ ডাঙৰ ভক্ত৷
"টিনটিন ইন টিবেট" নামৰ কিতাপখনত টিনটিনে য়েটিৰ সন্ধান পাইছিল৷ কিন্তু
সেয়া দেখোন তিব্বতত আছিল!
তাৰ পিছত তাৰ আকৌ মনত পৰিল৷ টিনটিনেতো
সেই গল্পটোত পাটনাৰ পৰা নেপাল হৈ তাৰ পৰা তিব্বতৰ পিনে গৈছিল৷ এনেকুৱাওতো হ'ব পাৰে যে ইয়ালৈকেই আহিছিল টিনটিন৷
সি উত্তেজনাতে মিংমাৰ হাতত খামুচি ধৰি
সুধিলে, "মিংমা ভাই, তুমি য়েটি দেখিছা?"
মিংমাই কান্ধ জোকাৰি ক'লে, "নাই!"
সন্তুৱে অকণমান নিৰাশ হৈ সুধিলে,
"দেখা নাই? তেনেহ'লে সিহঁত তিনি প্ৰকাৰৰ থাকে বুলি কেনেকৈ জানিলা? টিজুটি, মিটি আৰু য়েটি?"
মিংমাই ক'লে, "মানুহে তেনেকৈয়ে কয়!"
"তুমি নেদেখিলেও, আন কোনোবাই দেখিছে নিশ্চয়? কোনোবা ছেৰপা, নাইবা তোমালোকৰ গাওঁৰ কোনোবাই?
"নাই, সন্তু চাহাব! কোনেও দেখা নাই৷ দুই এজন
মানুহে এনেয়ে দেখা বুলি কয়৷ কিন্তু কোনো ছেৰপাই নাই দেখা৷ আমাৰ দেউতাৰ এজন বহুত বয়সীয়াল
খুৰাক আছিল, তেওঁ হেনো দেখিছিল, কিন্তু তেখত ঢুকোৱা বহু বছৰ হ'ল৷"
"নৰবু ভাইও দেখা নাই? তেনেহ'লে সি টিজুটিৰ পুতলা কেনেকৈ বনালে?"
মিংমাই হাঁ হাঁ কৈ হাঁহি উঠিল৷ সন্তু
অলপ বিৰক্ত হ'ল৷ ইয়াতে হাঁহিবলৈ কিটো আছে - কোনো বস্তু নেদেখিলে তাৰ পুতলা বনাব
পাৰি নেকি?
মিংমাই ক'লে, "বহুত মানুহে টিজুটিৰ পুতলা আগতেও
বনাইছে, নৰবুৱেও সেইবোৰ চাইয়েই বনাইছে৷"
সন্তুৱে ক'লে, "আগতে যিয়ে বনাইছে, সিহঁতৰ কোনোবাই দেখিছে নিশ্চয়!
নেদেখিলে নিজে ভাবি ভাবি তেনেকুৱা অদ্ভুত মূৰ্তি এটা কোনোবাই বনাব পাৰে নেকি?"
মিংমাই ক'লে, "সন্তু চাহাব, কিমান মানুহেচোন কাৰ্তিক, গনেশ, লক্ষ্মীৰ মূৰ্তি বনায়, সিহঁতে জানো সেই দেৱ দেৱী সকলক নিজ
চকুৰে দেখিছে! গণেশৰ যে হাতীৰ নিচিনা মূৰ, সেয়া কোনোবাই কেতিয়াবা দেখিছে জানো?"
কথা বিলাক তাৰ বৰ এটা পচন্দ নহ'ল৷ আগৰ দিনত দেৱ-দেৱতা সকল পৃথিৱীলৈ
নামি আহিছিল! তেতিয়া নিশ্চয় দেখিছিল বহুতে৷ তেনেকৈয়ে তেওঁলোকৰ মূৰ্তি বনাইছিল,
সেইবোৰ
দেখি এতিয়াৰ মানুহে বনাই আছে৷
খুৰাদেউৱে যদি য়েটি আৱিষ্কাৰ কৰিব পাৰে,
তেনেহ'লে সাংঘাতিক কথা হ'ব৷ পৃথিৱীত আজিলৈকে কোনেও মৃত বা জীৱিত
য়েটিৰ ফটো ল'ব পৰা নাই৷ সন্তুৰ লগত কেমেৰা আছে, সি যদি কিবা প্ৰকাৰে এটা য়েটিৰ ফটো
তুলিব পাৰে!
সন্তুৱে মিংমাক সুধিলে, "ইয়াৰ পৰা তিব্বত কিমান দূৰ জানা?
এই
ফালেৰে তিব্বতলৈ যাব পাৰিনে?"
মিংমাই ক'লে, "অঁ, কিয় যাব নোৱাৰি? তোমালোক যিটো ৰাস্তাৰে আহিছা, তাত যে নামছে বাজাৰ বুলি যে ঠাইখন আছো,
জানানে?
টাউনৰ
দৰেই অলপ!"
সন্তুৱে ক'লে, "অ', জানো৷ নামচেবাজাৰ ছিয়াংবোচিৰ আগত পৰে,
নহয়
জানো?"
"অ', সেই নামছেবাজাৰৰ পৰা যদি বাওঁফালে যোৱা,
তাৰ
পিছত থামছিক বুলি গাওঁ এখন পাবা৷ সেই গাওঁখন পাৰ হৈ গ'লে চব ডাঙৰ ডাঙৰ পৰ্বত দেখিবা, আটাইতকৈ ডাঙৰ পৰ্বতখন হ'ল কাংটেগা৷ কিয় কাংটেগা নাম জানা?
কাংটেগা
মানে হ'ল, বগা ঘোঁৰা৷ ঠিক বগা ঘোঁৰাৰ দৰে দেখি সেই পৰ্বতখন৷ সেই পিনেই আছে
নাংপা পাছ৷ সেই নাংপা পাছেৰে চিধা গুছি যাবা, বচ, তিব্বত পাই যাবা৷"
সন্তুৱে প্ৰায় জপিয়াই উঠিল৷ তেনেহ'লেচোন টিনটিনৰ গল্পৰ সৈতে মিলি গৈছে৷
নেপাল হৈয়েইতো টিনটিন আৰু কেপ্টেন হ্যাডেক গৈছিল, তিব্বতলৈ৷
মিংমাক আৰু একো নকৈ সন্তুৱে দৌৰ দিলে
গম্বুজৰ পিনে৷ অলপ মান গৈছিলেহে, এছাৰ খাই পৰি গ'ল ধপাচ কৈ৷
মিংমাই আহি তাৰ হাতত ধৰি উঠাই দি ধমকিৰ
সুৰত ক'লে, "সন্তু চাহাব, কিমান বাৰ কৈছো, বৰফৰ ওপৰত একেবাৰে দৌৰিবি নালাগে,
কেতিয়াও
দৌৰিব নালাগে, লাহে লাহে যাব লাগে!"
সন্তুৱে অকণমান লাজ পালে৷ পিছে এটা কথা,
বৰফৰ
ওপৰত পৰিলে বিশেষ দুখ নাপায়৷
সি স্থিৰ হৈ থাকিব নোৱাৰিলে উৎসাহতে৷
সাৱধানে দীঘল দীঘল খোজ পেলাই গম্বুজটোৰ পিনে গ'ল৷
খুৰাদেউৱে তেতিয়া সাজ-পোচাক পিন্ধি
বাহিৰলৈ ওলাই আহিবলৈ যো যা কৰিছিল৷ সি ভিতৰত সোমায়েই ভীষণ উৎসাহেৰে ক'লে, "খুৰাদেউ, আমি ইয়াত য়েটি বিচাৰি আহিছো, নহয়নে?"
খুৰাদেউৱে অলপ পৰ সন্তুৰ মুখলৈ চাই
থাকিল৷ তাৰ পিছত মিছিকিয়া হাঁহি এটা মাৰি শান্ত মাতেৰে ক'লে, "য়েটি বুলি জানো কিবা আছে?"
সন্তুৰ উৎসাহ ম্লান পৰি গ'ল৷ য়েটি বুলি একো নাই? খুৰাদেউ য়েটিৰ সন্ধানত অহা নাই?
কাচৰ বাকচটোৰ পিনে দেখুৱাই সি সুধিলে,
"তেনেহ'লে দাঁতৰ দৰে সেইটো কি?"
খুৰাদেউৱে ক'লে, "এই দাঁতটোক লৈ তোৰ বৰ কৌতূহল হৈছে,
নহয়নে?
বাৰু,
আগতে
অলপমান ফুৰি আহো৷ তাৰ পৰা আহি তোক আজি এই দাঁতটোৰ ইতিহাস কম৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ