মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
ষষ্ঠ অধ্যায়
খুৰাদেউৱে ক'লে, "চাচোন, বৰষুণ এৰিলে নেকি?"
সন্তুৱে গম্বুজৰ লোৰ দৰজাখন খুলি
বাহিৰলৈ উকি মাৰিলে৷
ইয়াত এই কথাটোৱেই অদ্ভুত লাগে৷ যেতিয়াই
তেতিয়াই বৰষুণ দিয়ে, আৰু অলপ পিছতেই জাক-জমককৈ ৰ'দ ওলায়৷ দুপৰীয়া এনেকুৱা তুষাৰ পাত
আৰম্ভ হৈছিল যে ভাব হৈছিল নেৰিবই গোটেই দিনটো৷ কিন্তু এতিয়া আকাশ একেবাৰে
পৰিষ্কাৰ৷ ফটফটীয়া নীলা৷
খুৰাদেউৱে উঠি আহি ক'লে, "ব'ল অকণমান ফুৰি আহো৷"
পেঙৰ ওপৰত ভৰ দি এই বৰফৰ মাজত খোজ কঢ়া
বৰ বিপজ্জনক৷ গুৰি গুৰি বৰফ হোৱা হ'লে সিমান অসুবিধা নাই৷ কিন্তু কোনো কোনো ঠাইত
বৰফ শিলৰ দৰে কঠিন হয়৷ আৰু তাতেই ভৰি পিছলি যায়৷
এটা তম্বুৰ ওচৰত অলস ভাৱে বহি মিংমাই
মাউথ অৰ্গেন বজাই আছিল৷ সিহঁতক দেখি সি উঠি আহিল৷
"ক'ৰবালৈ যায়, চাহাব?"
খুৰাদেউৱে ক'লে, "বোলা, আকাশ যিহেতু ফৰকাল, কালাপাথৰ মানৰ পৰা চাই আহো, এভাৰেষ্ট দেখি নেকি?"
সন্তুৰ পিনে চাই মিংমাই ক'লে, "সন্তু চাহাব, গ্লোভছ ক'ত? গ্লোভছ পিন্ধি আহক৷ সাজ লাগিলেই ঠাণ্ডা
লাগিব৷"
তাকেইতো, সন্তুৱে খালি হাতেৰে ওলাই আহিছিল
পাহৰণিতে৷ ঠাণ্ডাতো লাগিবই, তাৰোপৰি মাজে মাজে এচাৰ খাই পৰি যাব লগীয়া হয়,
তেতিয়া
বৰফ হাতত লাগে৷ খুৰাদেউৱে আগতেই সাৱধান কৰি দিছিল, বেছি ঠাণ্ডাত খালি হাতেৰে বৰফ চুলে
ফ্ৰষ্টবাইট হ'ব পাৰে৷ বৰফে কামুৰে৷ তেনেক্ষেত্ৰত বহু সময়ত আঙুলি কাটি পেলাবলগীয়া
হয়৷
সন্তুৱে উভতি গৈ গ্লোভছ পিন্ধি আহিলে৷
চৌদিশ বৰফেৰে বগা হৈ পৰিছে৷ মিংমা আৰু
খুৰাদেউ আগুৱাই গৈছিল কিছু দূৰ৷ বৰফৰ ওপৰেৰে দৌৰিব নোৱাৰি৷ সন্তুৱে বাকৰ দৰে দীঘল
দীঘল খোজ পেলাই তেওঁলোকৰ কাষ পালেগৈ৷
খুৰাদেউৱে মিংমাক সুধিলে,
"মিংমা, তুমি কেইন ছিপটনৰ নাম শুনিছা?"
মিংমাই ক'লে, "অঁ চাহাব, কোনে নাজানে ছিপটন চাহাবৰ কথা৷ মই
দেখিছো তেওঁক৷ ইমান তজবজীয়া ডেকা, মুখত দাড়ি-গোঁফ৷ বেচেৰা মৰি থাকিল৷"
"তুমি ছিপটন চাহাবৰ দলৰ লগত আহিছিলা
নেকি?"
"নাই, চাহাব৷ তেতিয়া মোৰ অসুখ হৈ আছিল৷ পেটৰ
সাংঘাতিক বিষ৷"
"তোমাৰ চিনাকি কোনোবা আহিছিল ছিপটনৰ
সৈতে? নোৰবু আহিছিল?"
"নাই, চাহাব, নোৰবুও অহা নাই৷ কিন্তু মোৰ লগৰ ছেৰিং
আহিছিল৷"
"ছিপটন কেনেকৈ ঢুকাইছিল তুমি জানা নেকি?"
"অঁ, চাহাব৷ চবেই জানে৷ ইয়াতেইতো আছিল
তেওঁলোকৰ বেছ কেম্প৷ ছিপটন চাহাবক দেখি চবে ভাবিছিল, এইজন চাহাবে এভাৰেষ্টৰ পিকত উঠিহে
এৰিব৷ এনেকুৱাই আছিল তেখেতৰ ব্যক্তিত্ব৷"
"ঢুকাল কেনেদৰে?"
"ভাগ্য বেয়া আছিল৷ বহুত সাহসী আছিল যে,
সেয়ে
অকলে অকলে ঘূৰি ফুৰিছিল৷ পৰ্বতত এয়াই নিয়ম চাহাব, ক'তো কোনেও অকলে যাব নালাগে৷ অকলে
যোৱাটোৱেই ভুল৷ দুজন যাওঁক, একো নহয়৷ ছিপটন চাহাবে সেই কথা নামানিলে৷ অকলে
গ'ল৷ তাৰ পিছত বৰফে ক'ৰবাত তেওঁক টানি নিলে৷"
"তেওঁৰ দেহটোওতো নাপালে?"
"নাপালে৷ চৰকাৰৰ মানুহ আহি কিমান
বিচাৰিলে৷ আমেৰিকাৰ পৰাও আৰু বহু কেইজন চাহাব আহি বিচাৰিছিল৷ অথচ নাপালে৷ ছিপটন
চাহাব, বৰফৰ মাজত হেৰাই গ'ল৷"
"কিন্তু মিংমা, এই বেছ-কেম্পৰ পৰা এজন মানুহে অকলে
অকলে খোজ কাঢ়ি কিমান দূৰ যাব পাৰিব? বেছি দূৰলৈতো যাব নোৱাৰে৷ ইয়াৰ মাজতে কোনো খাদত
পৰি গ'লেও তেওঁৰ দেহটো বিচাৰি নপোৱাৰতো কাৰণ নাই? বহুত ডাঙৰ খাদতো ইয়াত ক’তো নাই৷"
"কেতিয়াবা কেতিয়াবা এনেকুৱা হয়, চাহাব৷ বৰফে মানুহক ভিতৰলৈ টানি নিয়ে৷
হয় চাহাব, বৰফে মানুহক টানি লৈ যায়৷"
সন্তুৱে ক'লে, "ক্ৰিভাছ!"
খুৰাদেউৱে সন্তুৰ পিনে চালে৷ সন্তুক
তেওঁ যিমান সৰু বুলি ভাবে, সি সিমান সৰু হৈ থকা নাই৷ সি বহুত কথা জানে৷
এডভান্সাৰ কিতাপত পঢ়ি সন্তুৱে কথাটো
শিকিছে৷ সি ক'লে, "বৰফৰ মাজত কেতিয়াবা কেতিয়াবা ক্ৰিভাছ গাঁত দেখা যায়, তাত ভৰি পিছল খাই পৰিব লাগিলেই
মৃত্যু৷"
খুৰাদেউৱে ক'লে, "ঠিকেই কৈছ, কিন্তু উচ্চাৰণটো ক্ৰিভাছ নহয়৷ ফৰাচীত
কোৱা হয় ক্ৰভাছ, আৰু ইংৰাজীত ক্ৰেভিছ৷ তই দুয়োটা লগ লগাই এটা বঙালী উচ্চাৰণ বনাই
পেলালি৷"
মিংমায়ো ক্ৰেভিছৰ বিষয়ে জানে৷ চাহাব
সকলৰ মুখত শুনি শুনি শিকিছে৷ সি ক'লে, "নাই চাহাব, ইয়াত ক্ৰেভিছ নাই৷ কিন্তু বৰফে যে
মানুহক টানি নিয়ে৷ সেইটো কিন্তু সঁচা৷"
খুৰাদেউৱে সুধিলে, "এনেকৈ আৰু কোনোবা ঢুকাইছেনে? যাৰ মৃতদেহ পোৱা নাই?"
"প্ৰতিটো অভিযানতে এজন-দুজন মানুহ মৰেই৷
কেতিয়াবা মৃতদেহ পোৱা যায়, কেতিয়াবা পোৱা নাযায়! ছেৰপা মৰে, কুলি মৰে, চাহাবো মৰে! যোৱা বছৰতো ময়ো এবাৰ মৰি
মৰি বাচিছো৷"
সন্তুৱে ক'লে, "ইমান বিপদ, অথচ তোমালোক ইয়ালৈ আহা কিয়?"
মিংমাই গৰ্বেৰে সৈতে ক'লে, "আমি পাহাৰী মানুহ৷ আমি বিচনাত শুই শুই
মৰিব নুখুজো৷ বিচনাত শুই মৰে ভয়াতুৰ আৰু দুৰ্বল বিলাকে৷ আমি পাহাৰত, নহ'লে বৰফৰ মাজত মৰিব খুজো৷ বৰফত মৰাৰ
সুখেই বেলেগ, কি শান্তি!"
মিংমাই বুকুৰ ওপৰত ওপোৰা-ওপৰিকৈ হাত
দুখন থ'লে, যেন ইয়াতেই সি মৰি গ'ল৷
খুৰাউৱে হাঁহি মুখে তালৈ চাই থাকিল৷
তাৰ পিছত খোজ কঢ়িবলৈ আৰম্ভ কৰি ক'লে, "আমি যেনেদৰে আবেলি ওলাইছো, কেইন ছিপটনেও ওলাইছিল আবেলি৷ আবেলি
বেছ-কেম্পৰ পৰা ওলাইনো তেওঁ কিমান দূৰলৈ যাব পাৰিব? যিমানেই সাহসী নহওঁক কিয় অভিযাত্ৰী
হিচাপে ছিপটনে নিশ্চয় জানিছিল যে ৰাতি তম্বুৰ বাহিৰত থকাটো উচিত নহয়৷ গতিকে তেওঁ
সন্ধিয়া হোৱাৰ আগতে উভতি অহিম বুলিয়েই ওলাই গৈছিল নিশ্চয়৷ ছিপটনৰ লগৰ মানুহে কৈছিল
যে একেৰাহে তিনিদিন তেওঁ আবেলি অকলে ওলাই গৈছিল৷ তাৰে এদিন উভতি আহি তেওঁ এটা
অদ্ভুত কথা কৈছিল তেওঁৰ দুজন ঘনিষ্ঠ বন্ধুক৷ সিহঁতৰ কোনেও কথাটো বিশ্বাস নকৰিলে৷
ছিপটনৰ এনেও বনাই বনাই ধেমেলীয়া কথা কোৱাৰ অভ্যাস আছিল৷"
মিংমাই ক'লে, “অঁ, ছিপটন চাহাব খুব ৰঙিয়াল মানুহ আছিল৷ মোৰ লগৰ ছেৰিঙে কৈছিল যে ছিপটন
চাহাবে এনেকুৱা কথা কিছুমান কয় বোলে, হাঁহি হাঁহি পেট বিষাই যাব৷"
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "ছিপটনৰ ডায়েৰী এখন পোৱা গৈছে৷ তাতো
তেওঁ এনেধৰণৰ কথা কিছুমান লিখিছে, এতিয়া সেইবোৰ তেওঁ বনাই বনাই ধেমালি কৰিবলৈকে
লিখিছে নে কি সেইটোহে বুজাত অসুবিধা হৈছে৷ ডায়েৰীত সাধাৰণতে কোনেও মিছা কথা
নিলিখে৷ অথচ তেওঁ যি লিখিছে তাক মানি ল'বও নোৱাৰি৷"
"ছিপটনে কি লিখিছিল, খুৰাদেউ?"
খুৰাদেউৱে তৎক্ষণাত সন্তুৰ কথাৰ উত্তৰ
নিদি মিংমাক সুধিলে, "তুমি কিমান বাৰ এক্সপিডিছনলৈ আহিছা মিংমা?"
মিংমাই মিছিকিয়াই হাঁহি ক'লে, "চাৰে সাত বাৰ, চাহাব৷"
"চাৰে সাত বাৰ মানে?"
"এইবাৰতো আধাও নহ'ল৷"
"ওঃ বুজিলো৷ ইমান বাৰ যে তুমি ইয়ালৈ
আহিছা, কেতিয়াবা কিবা অদ্ভুত দেখিছা নেকি?"
"নাই চাহাব, কেতিয়াও দেখা নাই৷"
"তোমাৰ চিনাকি কোনোবাই দেখিছে?"
"কোনোদিনেতো শুনা নাই!"
"তুমি টেনজিং নোৰগেৰ নাম জানা?"
মিংমাই চালামৰ ভংগিত কপালত হাত লগাই ক'লে, "নিশ্চয়৷ ছেৰপাসকলৰ গুৰু টেনজিং৷"
"সেই টেনজিং নোৰগেই মোক কৈছে যে তেওঁৰ
বিশ্বাস য়েটি বুলি মানুহৰ দৰে প্ৰাণী এবিধ সঁচাকৈ আছে৷ কৰ্নেল হান্টেও তাকেই কয়৷
অৱশ্যে ছাৰ এডমণ্ড হিলাৰিয়ে এই সম্পৰ্কে একো মতামত দিব খোজা নাই৷ সেয়ে তোমালোকৰ
কোনোবাই য়েটিৰ কথা জানানে? নে নামানা সেই বিলাক?"
মিংমাৰ মুখখন যেন শুকাই গ'ল৷ সি একো উত্তৰ নিদি খুৰাদেউৰ পিনে এক
দৃষ্টিৰে চাই ৰ'ল৷
"এইপিনে ইমানবোৰ অভিযাত্ৰীৰ দল আহিছে,
কোনেও
একো দেখা নাইনে?"
"চাহাব, এটা কথা কওঁ?"
"কোৱা৷"
"চাহাব, আপুনি য়েটি বিচাৰি আহিছে, এই কথা যদি কিবাকৈ কুলিবোৰৰ কাণত পৰিব
লাগে, সিহঁত চব পলাই যাব৷ য়েটি কোনেও দেখা নাই, অথচ চবে য়েটিক দেৱতাৰ দৰে ভয় কৰে,
ভক্তিও
কৰে৷"
"হয় নেকি? তুমিও পলায় নযোৱাতো?"
মিংমাই নিজৰ বুকুত চপৰিয়াই ক'লে, "নাই চাহাব৷ মিংমাই কেতিয়াও ভয় নকৰে৷
কাকো ভয় নকৰে!"
"বাঃ ভাল কথা৷ মই পিছে য়েটি বিচাৰি অহা
নাই৷"
ইয়াৰ পিছত স্বভাৱতে গম্ভীৰ খুৰাদেউৱে
সামান্য যেন ঠাত্তাৰ সুৰত ক'লে, "য়েটি বিচৰা জানো মোৰ কাম? মই খোৰা মানুহ, য়েটিয়ে খেদিলে জানো মই পলাব পাৰিম?
মই
আহিছো এভাৰেষ্ট বগাবলৈ৷"
যেন য়েটিয়ে খেদিলে পলোৱাতকৈ এভাৰেষ্ট
বগোৱাতো বহুগুণে সহজ কাম! কথাষাৰ কৈ খুৰাদেউৱে আপোন মনে হাঁহিবলৈ ধৰিলে৷
সন্তুৱে ক'লে, "খুৰাদেউ?"
খুৰাদেউৱে ক'লে, "ছিপটনৰ ডায়েৰীত কি লিখা আছে তাকেই
জানিব খুজিছতো? কৈছো! ছিপটনে লিখি যোৱা মতে, সেই যে সন্মুখত কালাপাথৰ নামৰ সৰু পাহাৰখন
দেখিছ, তাৰ ওচৰতে এদিন সাজ লাগো লাগো পৰত
তেওঁ এটা মানুহ দেখিছিল, নীৰৱে থিয় হৈ আছে৷ সেই মানুহটো ছিপটনতকৈ দুগুণ
ওখ৷ কোদালখনৰ মান ডাঙৰ দাঁত৷ মানে ভাবি চা, ঘটোৎকচৰ দৰে মানুহ৷
"সেই মানুহটোৱে ছিপটনক দেখি খেদিও নাহিল,
কেঁচাই
কেঁচাই খায়ো নেপেলালে, আকৌ পলায়ো নগ'ল৷ সি মাত্ৰ ছিপটনৰ পিনে এবাৰ অবাক হৈ চাইছিল,
আৰু
পিছ মুহূৰ্ততেই অদৃশ্য হৈ গৈছিল৷"
"ওঃ!"
"ছিপটনে তাকেই লিখিছে, তেওঁৰ চকুৰ সন্মুখতেই যেন মানুহটো
বতাহত মিলি গ'ল৷ ছিপটনে চাগে এটা কাহিনী ক'ব খুজিছিল৷ য়েটি সম্বন্ধে যিবোৰ
গল্প-গুজব শুনা যায়, তাৰ মাজৰ এটা অদ্ভুত গুজব হ'ল, বৰফৰ তলত বোলে এবিধ বনৰ দৰে গছ গজে,
য়েটিয়ে
সেইবোৰ বিচাৰি বিচাৰি খায়৷ আৰু তাৰ ফলতেই সিহঁতে যেতিয়াই মন যায় তেতিয়াই নাইকিয়া
হৈ যাব পাৰে৷"
মিংমাই হো-হোৱাই হাঁহিবলৈ ধৰিলে৷ যেন
সি হাঁহি ভৰ সহিব নোৱাৰি বাগৰি পৰিব৷
সন্তুৱে সুধিলে, "ইমান হাঁহিছা কিয়?"
মিংমাই ক'লে, "কি অদ্ভুত কথা! য়েটিয়ে ঘাঁহ খাই ভেনিছ
হৈ যায়৷"
খুৰাদেউৱে ক'লে, "পৰ্বতৰ বহু ওপৰলৈ উঠিলে বহুতে চকুৰে
নানা ধৰণৰ ভুল দেখে৷ বহুত অভিযাত্ৰীয়ে এই বিষয়ে লিখিছে৷ গভীৰ সাগৰত যিয়ে অকলে অকলে
নাওঁ চলায়, সিহঁতেও হেনো দেখিছে, পানীৰ পৰা বিৰাট আকৃতিৰ কোনো দানৱ উঠি আহিছে৷
এয়া বহুখিনি মৰুভূমিত মৰীচিকা দেখাৰ নিচিনা কথা৷"
মিংমাই আকৌ হাঁহি হাঁহি ক'লে, "ঘাঁহ খাই ভেনিছ৷ হে-হে হা-হা৷"
খুৰাদেউৱে ক'লে, "ছিপটনে সেই কথা তেওঁৰ ডায়েৰীত লিখিছে,
তাৰ
পিছত তেওঁ নিজেও অদৃশ্য হৈ গ'ল৷ তাৰ মানে কি তেখেতেও সেই বন বিচাৰি বিচাৰি খাই
চাইছিল নেকি?"
মিংমাই এইবাৰো হাঁহিবলৈ ধৰিলে৷
ছেৰপাবোৰে এবাৰ হাঁহিবলৈ আৰম্ভ কৰিলে পতককে ৰখাব নোৱাৰে৷
সেই সময়তে সন্তুৱে এটা বস্তু দেখিবলৈ
পালে৷ সোঁফালে পোন্ধৰ-কুৰি গজ দূৰৈত এজোপা সৰু সেউজীয়া গছ, তাত এটা বগা ৰঙৰ ফুল ফুলিছে৷ ইয়াত ওচৰে
পাজৰে অন্য গছ নাই৷ হঠাতে বৰফৰ মাজত এজোপা ফুল গছ আহিল ক'ৰ পৰা?
সন্তুৰ বুকুখন ধককৈ উঠিল৷ এইজোপাই চাগে
বৰফৰ মাজৰ সেই বনৰ দৰে গছ, যি খাই য়েটিবোৰ নাইকিয়া হৈ যায়৷
বৰফৰ ওপৰেৰে যে দৌৰিব নালাগে সেই কথা
পাহৰি সি গছজোপাৰ পিনে দৌৰিলে৷ খুৰাদেউ আৰু মিংমা আগুৱাই গৈ থাকিল কথা পাতি-পাতি৷
সন্তুৱে প্ৰায় গছজোপাৰ ওচৰ পাওঁতেই
এছাৰ খাই পৰিল৷ এখন হাত পৰিল গছজোপাৰ ওপৰত৷ লগে লগে এটা অদ্ভুত ঘটনা ঘটিল৷
ঠিক যেন কোনো গাঁতৰ ওপৰত পাতলীয়া বৰফহে
ঢাকি থোৱা আছিল, সন্তুৰ মূৰটো সোমাই গ'ল বৰফৰ মাজলৈ৷ আৰু তেনেকৈয়ে সেমাই গৈ থাকিবলৈ
ধৰিলে তলৰ পিনে৷ সেই অৱস্থাত চিঞৰাৰো কোনো উপায় নাই৷ তাৰ ভৰি দুখন চটফটাবলৈ ধৰিলে
ওপৰত৷
খুৰাদেউ আৰু মিংমাই মন নকৰিলে, তেওঁলোকে কথা পতাত মগ্ন৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ